বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত দিকৰাইৰ মনাই চাহ বাগিচাত বেচৰকাৰী সংস্থা ‘চেভেন ছিষ্টাৰ ডেভল্পপমেন্ট অচিষ্টেন’ (চেষ্টা)ৰ উদ্যোগত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ শ্ৰেণীৰ লোক সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। ক’ভিড পৰিস্থিতিত লকডাউনৰ ফলত সৰ্ব্বস্বান্ত হোৱা পৰিয়াল সমুহক কিছু সকাহ দিয়াৰ উদ্দেশ্যে মনাই চাহ বাগিচা অঞ্চলৰ প্ৰায় এক হাজাৰ পৰিয়ালক আটা,মিঠাতেল,বুট মাহ,বিস্কুট,নিমখ,আলু আদিৰ একোটাকৈ খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ অনুষ্ঠানত চতিয়া আঞ্চলিক পঞ্চায়ত সভাপতি তথা যুৱ নেতা লক্ষী কান্ত বৰা,নাগশংকৰ জিলা পৰিষদ সদস্য হিতেষ বৰুৱা আৰু চতিয়া উন্নয়ন খণ্ড আচনি পৰিচালক মনিষ বৰকাকতী উপস্থিত থাকে। বৰ্তমানে উত্তৰ পূৰ্বাঞ্চলৰ অসম,মেঘালায় আৰু ত্ৰিপুৰাত বিভিন্ন কল্যাণ মূলক কাৰ্যকলাপৰ জৰিয়তে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা ‘চেষ্টা’ৰ বিশ্বনাথ জিলা কাৰ্যবাহী প্ৰতিনিধি ৰজত হাজৰিকা আৰু বিশ্বনাথ মণ্ডল ব্যক্তি তাঞ্জিমা আহমেদে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে যে উত্তৰ পূৰ্ব্বাঞ্চলৰ এক সৰ্ব্ব বৃহৎ বেচৰকাৰী সংস্থা ‘চেষ্টা’ অৰ্থাৎ চেভেন চিষ্টাৰ ডেভ্ল্পমেন্ট এচিষ্টেন্টে বিশেষকৈ সমাজখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণীৰ সহায়ক হিচাপে ভিন্ন ক্ৰীয়া কলাপ যেনে কৃষি কৰ্ম,দক্ষতা নিৰূপণৰ প্ৰশিক্ষণ,শিশুৰ বৌদ্ধিক বিকাশৰ পদক্ষেপ আৰু মহিলা সৱলীকৰণৰ হকে কাম কৰি আহিছে বুলি জানিবলৈ দিয়ে। জিলাখনৰ ইটাখোলাস্থিত মনাই অঞ্চলৰ পিচপৰা দূখীয়া শ্ৰেণীৰ ৰাইজক সংস্থাটোৱে কিছু খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত বিশেষ ভাবে উপস্থিত থাকে বিশ্বনাথ জিলা আটছাৰ শিক্ষাও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰ নদুৱাৰ আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁতিসহ কেইবা গৰাকী আটছাৰ বিষয়ববীয়াৰ লগতে স্থানীয় বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ক’ভিড মহামাৰীৰ ফলত সাধাৰণ জনতাই দূৰ্ভোগ ভূগীবলগীয়া হোৱাৰ সময়ত ‘চেষ্টা’ই এনেদৰে ৰাইজক খাদ্য সামগ্ৰী প্ৰদান কৰা কাৰ্যক স্থানীয় ৰাইজে শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছে।
কাজিৰঙাৰ ৰাজপথৰ ওপৰেৰে নিৰ্মাণ হ’ব উৰণীয়া সেঁতুঃ কাজিৰঙা উদ্যান কতৃপক্ষৰ আনুষ্ঠানিক অনুমতি প্ৰদান
এইবাৰ কাজিৰঙাৰ ৰাজপথৰ ওপৰেৰে নিৰ্মাণ হ’ব ফ্লাই অভাৰ অৰ্থাৎ উৰণীয়া সেঁতু ৷ যদি তেনে হয়, আপুনি-মই আচৰিত হ’ব লগা একো নাই ৷ সকলো জল্পনা-কল্পনা অন্ত পেলাই এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে নিৰ্মাণ হ’ব লগা ফ্লাই অভাৰ অৰ্থাৎ উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে আনুষ্ঠানিক অনুমতি প্ৰদান কৰিছে ৷ বিভিন্ন বিতৰ্কৰ অন্ত পেলাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ আপত্তি বিহীন পত্ৰৰ পাছতেই ফ্লাই অভাৰ বা উৰণীয়া সেঁতু নিৰ্মাণৰ কামত আগবাঢ়িছে ৰাজ্যৰ লোকনিৰ্মাণ বিভাগ ৷ পশ্চিমে জখলাবন্ধাৰ আমগুৰিৰ পৰা পূবে বোকাখাতৰ বৰজুৰিলৈকে ৯ টা এনিমেল ক’ৰিডৰ সামৰি ৩৫ কিলোমিটাৰ পথত তিনিটা স্থানত তিনিখন ফ্লাই অভাৰ নিৰ্মাণ কৰিব ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে ৷ প্ৰথমখন ফ্লাই অভাৰ জখলাবন্ধাৰ আমগুৰিৰ পৰা ডেওপানীলৈকে ১৮ কিলোমিটাৰ দৈঘ্যৰ, দ্বিতীয়খন বাগৰিৰ আৰক্ষী চকীৰ পৰা হাতীখুলি চাহ বাগিচাৰ কলঘৰলৈকে ১২ কিলোমিটাৰ দৈঘ্যৰ আৰু তৃতীয়খন কাজিৰঙাৰ গেলেকী এন আৰ এল পে’ট্ৰল পাম্পৰ পৰা বৰজুৰীলৈকে ৫ কিলোমিটাৰ দৈঘ্যৰ ফ্লাই অভাৰ অৰ্থাৎ উৰণীয়া সেঁতু নিৰ্মাণ হ’ব ৷ প্ৰথমটো ক’ৰিডৰত ৫ টা এনিমেল কৰিডৰ সামৰি লোৱাৰ বিপৰীতে দ্বিতীয় কৰিডৰত চাৰিটা এনিমেল কৰিডৰ আৰু তৃতীয়টোত এটা এনিমেল কৰিডৰ সামৰি লোৱা হ’ব ৷ ইতিমধ্যে লোক নিৰ্মাণ বিভাগে ফ্লাই অভাৰ নিৰ্মাণৰ যাৱতীয় কামকাজ আৰম্ভ কৰিছে ৷ কিন্তু চৰকাৰে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে নিৰ্ধাৰিত বাজেট মুকলি কৰি দিলেই ফ্লাই অভাৰ নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব ৷ ৯ টা এনিমেল কৰিডৰত ফ্লাই অভাৰ নিৰ্মাণ হ’লে কাজিৰঙাৰ বন্য জীৱজন্তু সমূহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিব বুলি মন্তব্য কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে ৷ আনহাতে কাজিৰঙাৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ পাৰে নগাঁও জিলাৰ জখলাবন্ধাৰ পৰা গোলাঘাট জিলাৰ বাদুলিপাৰলৈকে ৰে’ল লাইন নিৰ্মাণ কৰিবলৈ জৰীপ সম্পৰ্কত অৱগত নহয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকগৰাকী ৷ এই সন্দৰ্ভত সঞ্চালকগৰাকীৰে কোনেও যোগাযোগ কৰা নাই বুলি তেওঁ জানিবলৈ দিয়ে ৷ কাজিৰঙাৰ কাষেৰে ৰে’ল লাইন নিৰ্মাণ হ’লে বন্য জীৱজন্তুৰ ভীষণ সমস্যাৰ সন্মুখিন হ’ব বুলি অৱগত কৰাৰ বিপৰীতে শব্দহীন বা সুৰংগ পথৰ মাজেৰে ৰে’ল লাইন নিৰ্মাণ কৰিলে বন্য জীৱজন্তুৰ কোনো অসুবিধা নহয় বুলি জানিবলৈ দিয়ে সঞ্চালকগৰাকীয়ে ৷ কিন্তু সুৰংগ পথেই হওক বা উৰণীয়া সেঁতুৰেই হওক, ৰে’ল লাইন নিৰ্মাণৰ ক্ষেত্ৰতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ আপত্তিবাহীপ প্ৰমাণ পত্ৰ কেন্দ্ৰীয় চৰকাৰৰ ৰে’ল মন্ত্ৰালয়ে লাভ কৰিব পাৰিব ৷ ইফালে ৰে’ল লাইন নিৰ্মাণৰ ক্ষেত্ৰত বোকাখাতৰ সচেতন মহলে পোষকতা কৰিছে ৷ কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ইক’ চেনটিটিভ’ জ’ন আৰু নুমলীগড় তেল শোধনাগাৰৰ বাবে ন’ ডেভেলপমেন্ট জ’ন ঘোষণা কৰাৰ পাছত বোকাখাত নগৰৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেণ্ড যুক্ত পথলৈ উন্নীতকৰণ নহ’ল ৷ তাৰোপৰি এই ঘোষণাৰ পাছত বোকাখাতত কোনো ডাঙৰ উদ্যোগ নিৰ্মাণত নিষেধাজ্ঞা জাৰি হৈ আছে ৷ এনে সন্ধিক্ষণত জখলাবন্ধাৰ পৰা বাদুলিপাৰলৈ ৰে’ল লাইনটো নিৰ্মাণ হ’লে বহু নিৱনুৱা স্বাৱলম্বী হোৱাৰ লগতে যাতায়তৰ ক্ষেত্ৰতো সুচল হ’ব ৷ কিন্তু ৰে’ল লাইন নিৰ্মাণৰ ক্ষেত্ৰত এতিয়া সকলো নিৰ্ভৰ কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ ওপৰত ৷
৩ ছেপ্টেম্বৰত শুভ নাট্যাৰম্ভ উদয়ন থিয়েটাৰৰ
ক’ৰোনা মহামাৰীয়ে জুৰুলা কৰা সংস্কৃতিৰ পথাৰখন সজীব কৰাৰ প্ৰয়াসেৰে ভ্ৰাম্যমাণ নাট্যজগতত নৰূপেৰে পাঠশালাৰ পৰা আত্মপ্ৰকাশ কৰিবলৈ সাজু হোৱা জ্যোতিপদ তালুকদাৰৰ প্ৰযোজিত উদয়ন থিয়েটাৰে ইতিমধ্যে প্ৰস্তুতি সম্পূর্ণ কৰিছে । কৰোনা ভাইৰাছৰ আতংক আৰু চৰকাৰী নীতি নিৰ্দেশনাৰ বাবে যোৱা বৰ্ষৰ নাট্যযাত্রা বাতিল হোৱাৰ পিছত নতুন উদ্যম আৰু এবুকু আশা বুকুত বান্ধি আগন্তুক 21-22 নাট্যবৰ্ষৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নাট্যদলটিয়ে। নাট্যপ্ৰেমী ৰাইজক সুস্থ ৰুচিসম্পন্ন নাটক দিয়াৰ প্ৰতিশ্ৰুতিৰে আত্মপ্ৰকাশ কৰা উদয়ন থিয়েটাৰৰ মঞ্চত আগন্তুক নাট্যবৰ্ষত দেখিবলৈ পোৱা যাব তিনিজন নাট্যকাৰৰ তিনিখন ভিন্ন ৰসৰ নাটক। ইতিমধ্যে অভিনেতা, নাট্যকাৰ চম্পক শৰ্মাৰ “সীতাৰ অগ্নিপৰীক্ষা” নাটকখনৰ এটি ভিডিঅ গীত মুকলি কৰি নাট্যপ্ৰেমী ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে নাট্যদলটোৱে । তাৰোপৰি আন দুখন নাটক হৈছে নাট্যকাৰ ৰাজদ্বীপৰ “বুকুৰ মাজত তুমি” আৰু নাট্যকাৰ, পৰিচালক অভিজিত ভট্টাচাৰ্য্যৰ “মৰমৰ দালাল”। আনহাতে আগন্তুক নাট্যবৰ্ষত উদয়নৰ মঞ্চত বহুতো ন পুৰণি অভিনেতা অভিনেত্রীৰ অভিনয়ৰ সমাহাৰ ঘটিব যত অভিনয় কৰিব বলিষ্ঠ অভিনেতা মৃদুল বৰুৱা,নব বৰুৱা, চন্দন ডেকা, অঞ্জন জ্যোতি বেজ , দেব ৰয়, অভিনেত্রী অৰ্চনা বৰা, ভায়োলিনা বৰুৱা, প্ৰনীতা নাথৰ লগতে বোলছবি জগতৰ সুদৰ্শন অভিনেতা অৰুপ বৰা আৰু সৰুপৰ্দাৰ মোহময়ী অভিনেত্রী দেবাশ্ৰী গগৈ। যোগেন মহন্ত আৰু যতীন দুৱৰাই প্ৰতিনিধিত্ব কৰা উদয়ন থিয়েটাৰৰ সম্পাদকৰ দায়িত্বত আছে দীপু দাস। নাট্যদলটোৰ প্ৰতিষ্ঠাপক প্ৰযোজক শশী শক্তি ডেকা আৰু মূখ্য পৃষ্ঠপোষক পুতুলী ডেকা। আনহাতে নাটকৰ নাম প্ৰকাশৰ দিনৰে পৰা বিশেষ চৰ্চা লাভ কৰা উদয়ন থিয়েটাৰৰ আগন্তুক নাট্যবৰ্ষকলৈ যথেষ্ট আশাবাদী প্ৰযোজক পৰিচালক তথা শিল্পী কলাকুশলী সকল। আনহাতে প্ৰযোজকে জানিব দিয়া মতে ৩ ছেপ্টেম্বৰ পাঠশালাস্হিত উদয়ন থিয়েটাৰৰ আখৰা গৃহত শুভ নাট্যাৰম্ভ কৰিব উদয়ন থিয়েটাৰে।
নাজিৰা মহকুমা প্ৰশাসনৰ গৃহ প্ৰৱেশ সমাৰোহ সম্পন্ন
কেন্দ্ৰীয় চৰকাৰৰ গৃহ প্ৰৱেশ সমাৰোহৰ লগত সংগতি ৰাখি নাজিৰা মহকুমাত প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত নাজিৰা পৌৰসভা এলেকাত তিনিটা চৰকাৰী গৃহ আৰু শিমলুগুৰিত দুটা চৰকাৰী গৃহৰ প্ৰৱেশ কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ এই উপলক্ষে আয়োজন কৰা গৃহ প্ৰৱেশ কাৰ্যসূচীত ২০১৭-২০১৮ বিত্তীয় বৰ্ষত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা গৃহ কেইটাৰ শুভ উদ্বোধন কৰে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে৷ নাজিৰা পৌৰসভাৰ নাজিৰা নগৰৰ মাজমজিয়াৰ দেউধাই পথৰ শ্ৰী শ্যাম দাসৰ বাসগৃহ, ১০ নং ৱাৰ্ডৰ ৰবি কুমাৰ সূত্ৰধৰৰ বাসগৃহ আৰু নাজিৰা নগৰৰ ৮ নং ৱাৰ্ডৰ চৈয়দ আকিলুৰ ৰহমানৰ বাসগৃহটি শুভ উদ্বোধন কৰা হয়৷ তদুপৰি শিমলুগুৰি পৌৰ সভাৰ স্বচ্ ভাৰত অভিযানৰ অধীনত জৈৱিক সাৰ প্ৰস্তুত কৰা যন্ত্ৰৰ শুভ উদ্ধোধন কৰা হয়।অনুষ্ঠানত উপস্থিত থাকি মহকুমাধিপতি সব্যসাচী কাশ্যপে কয় যে “গৃহ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা হিতাধিকাৰীলৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। অৱশ্যে ইয়াৰ ওপৰ-ইঞ্চি খৰচ কৰিব বিচাৰিলে হিতাধিকাৰীয়ে নিজাববীয়াকৈ সেই ধন খৰচ কৰিব লাগিব। এই অনুষ্ঠানত উপস্থিত থাকে সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱাল, নগৰ আৰু গাওঁ পৰিকল্পনা বিভাগৰ উপ-সঞ্চালক শংকৰ প্ৰসাদ বিশ্বাস ত আৰু শিমলুগুৰি পৌৰ সভাৰ বিষয়া তথা কৰ্মচাৰী আৰুু আমন্ত্ৰিত অতিথিসকল৷
এন.ই.ফ’কাচ ডট কমৰ পঞ্চম বৰ্ষপূতি অনুষ্ঠানত মিৰ্জাৰ সাংবাদিক জীতুমণি দাসক সম্বৰ্ধনা : দল-সংগঠনৰ অভিনন্দন
এন. ই. ফ’কাচ ডট কম নামৰ গুৱাহাটীৰ ৱেব পৰ্টেলটোৰ ৫ বছৰীয়া বৰ্ষপূতি কালি অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানটিত জন্মলগ্নৰে জড়িত থকাৰ লগতে নিষ্ঠা-সততাৰে সংবাদ পৰিৱেশন কৰা বাবে দক্ষিণ কামৰূপৰ বিজয়নগৰৰ যুৱ সাংবাদিক জীতুমণি দাসক ফুলাম গামোচা, চেলেং চাদৰ, প্ৰশস্তি পত্র উষ্ম সম্বৰ্ধনা জনাই । দিশপুৰৰ হোটেল ৰেচিডেন্সীত অনুষ্ঠিত এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰী অতিৰিক্ত সঞ্চালক প্ৰফুল্ল কুমাৰ শইকীয়া, অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত, সমাজসেৱক দিলোৱাৰ হুছেইন, বিশিষ্ট চিকিৎসা ক তথা সৰ্প দৰ্শনৰ সামাজিক কৰ্মকৰ্তা ডাঃ সুৰজিৎ গিৰি, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়া, এন. ই. ফ’কাচৰ সম্পাদিকা সংগীতা শইকীয়া আদি উপস্থিত আছিল। জীতুমণি দাসক ৱেব পৰ্টেলটোৰ পৰা সম্ভাষণ জনোৱাত ৰাজ্যৰ সমন্বয়- সংহতিৰ অনুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ প্রধান সম্পাদক দীপক শৰ্মাই কয়- “জীতুমণি দাসে নিজৰ একাগ্রতা আৰু ঐকান্তিক প্ৰচেষ্টাৰ ফলত আজি সম্বৰ্দ্ধিত হ’ব পাৰিছে। এদিন তেওঁ সফলতাৰ শীর্ষত আৰোহণ কৰিব পাৰিব। লগতে এন.ই.ফ’কাচ ডট কমৰ উজ্বল ভৱিষ্যত কামনা কৰে।” জীতুমণি দাসক পাৰদৰ্শিতাতাক শলাগ লৈছে মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি ৰক্ষা সমিতি, অসমৰ সম্পাদক যুগল নাথ, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি গৌৰীকান্ত নাথ, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে।
ৰাজীৱ গান্ধীৰ নাম প্রত্যাহাৰ কৰি ‘ওৰাং ৰাষ্ট্ৰীয় উদ্যান’ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান অৰণ্য সুৰক্ষা সমিতিৰ
‘ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান’ৰ নাম সলনি কৰি ‘ওৰাং ৰাষ্ট্ৰীয় উদ্যান’ কৰাৰ দাবীত ১৩আগষ্টত অৰণ্য সুৰক্ষা সমিতিয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্বশর্মাক এক স্মাৰক পত্ৰ প্ৰদান কৰে। সমিতি খনৰ সচিব প্রধান ড.হচিৰণ দাসে এই স্মাৰক পত্ৰ প্ৰদান কৰি কয় যে- ১৯৮৫ চনতে ওৰাং অভয়াৰণ্যৰ নামটো সলনি কৰি ৰাজীৱ গান্ধী অভয়াৰণ্য নামেৰে নামকৰণ কৰা হয় । ১৯৯৬ চনত জন্ম লাভ কৰা অৰণ্য সুৰক্ষা সমিতিয়ে ওৰাং অভয়াৰণ্য নামটো ঘূৰাই দিয়াৰ দাবীত আৰু অভয়াৰণ্য খন ৰাষ্ট্ৰীয় উদ্যানৰূপে উন্নীতকৰণ কৰা এক আন্দোলন চলায়। এই আন্দোলনৰ অংশ ৰূপে এক গণ স্বাক্ষৰ সংগ্ৰহৰ অভিযান চলোৱা হয় । এই গণ স্বাক্ষৰ অভিযানত বিশিষ্ট সাংবাদিক, লেখক ক্রমে কীৰ্ত্তিনাথ হাজৰিকা, তিলক হাজৰিকা, হোমেন বৰগোহাঞি, নিৰূপমা বৰগোহাঞি, হাইদৰ হুছেইন, অজিত কুমাৰ ভুঞা, ৱাছবিৰ হুছেইন, প্রশান্ত ৰাজগুৰু, প্ৰণয় বৰদলৈ , প্ৰমুখ্যে বিশিষ্ট লোকে স্বাক্ষৰ দান কৰিছিল। এনে দাবীৰ প্রতি সম্মান জনাই উদ্যান খন ওৰাং ৰাষ্ট্ৰীয় উদ্যান নামেৰে নামাকৰণ কৰি উন্নীতকৰণ কৰে। কিন্তু ২০০১ চনত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰ খনে গান্ধী পৰিয়ালক তৈলমর্দন কৰিব গৈ ‘ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান’ নামেৰে নামাকৰণ কৰে। যিটো নামে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ক্ষেতত ৰজিতা নাখায়। ওৰাং এক ঠাইৰ নামেই নহয় ই চাহ জনগোষ্ঠী -আদিবাসী সমাজৰ এক জনগোষ্ঠীৰ এটা উপাধিও হয়।ভাৰতৰ প্ৰাক্তন প্ৰধানৰূপে তেওঁৰ নাম ইতিহাসত এনেই জিলিকি ৰব । কিন্তু ওৰাং নামটোৰ ঐতিয্য এই ৰাষ্ট্ৰীয় উদ্যান খনৰ লগত কেৱল সাঙোৰ খায়েই থকা নাই অঞ্চলটোৰ এক ইতিহাস ঐতিহ্যও কঢ়িয়াই আনিছে । অসমৰ জাতীয় ঐক্য আৰু ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত উদ্যান খনৰ নাম পুনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰিবলৈ স্মাৰক পত্ৰ যুগে অৰণ্য সুৰক্ষা সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় ।
SBKF আন্ত: ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিক্সত সোণৰ পদক লাভ কুঞ্জলতা বড়োৰ
নেপালত অনুষ্ঠিত হোৱা ২০২১ বৰ্ষৰ আন্ত: ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিক্স, (SBKF) প্ৰতিযোগীতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰা ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত কেইবাখনো দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা খেল খনত ভাৰতৰ হৈ ৰিপ্ৰেজেণ্ট কৰা ওদালগুৰি জিলাৰ কলাইগাঁৱৰ নিবাসী কুঞ্জলতা বড়োয়ে প্ৰথমস্থান দখলৰে স্বৰ্ণ পদক লাভ কৰি ভাৰত তথা অসমলৈ সোণাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিবেগ সীমাবদ্ধতা আৰোপ
পথ দুৰ্ঘটনাৰ তথ্য পৰ্যালোচনা কৰিল্ দেখা যায় যে ২০১৯ৰ বছৰটোত অসমত ৮২৫০টা পথ দুৰ্ঘটনা সংঘটিত হয়। একেদৰে ২০২০ত ৬৫৯৩টা আৰু ২০২১ত(৩১ জুলাইলৈকে ) ৪৩২৮ টা পথ দুৰ্ঘটনা সংঘটিত হয়। আনহাতে, ২০১৯ত পথ দুৰ্ঘটনাত ৩২০৭ জনৰ, ২০২০ত ২৬২৯ জনৰ আৰু ২০২১ (৩১ জুলাইলৈকে)-ত ১৭৮৯জন লোকৰ মৃত্যু হয়। পথ দুৰ্ঘটনাৰ কাৰণ বিশ্লেষণ কৰিলে দেখা যায় যে পথ দুৰ্ঘটনাৰ প্ৰধান কাৰণ হৈছে অধিক বেগত গাড়ী চলোৱা ৷ অসমত ২০১৮ৰ মুঠ দুৰ্ঘটনাৰ ৫৪.৭০শতাংশৰ কাৰণ অত্যধিক বেগ ৷ একেদৰে ২০১৯ত অসমত সংঘটিত ৮৪.৪০ শতাংশ দুৰ্ঘটনাৰ কাৰণ অতিৰিক্ত বেগ। ইয়াৰ বিপৰীতে ২০১৯ত ৰাষ্ট্ৰীয় ভিত্তিত ৭১.১০শতাংশ পথ দুৰ্ঘটনাৰ কাৰণ আছিল যান-বাহনৰ অত্যধিক বেগ।পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এটা বিবৃতিত কয়, “ ২০২০ত পথ দুৰ্ঘটনাত ২৬২৯টা মৃতৰ ঘটনাৰ ৭৫.৩০ শতাংশৰ কাৰণ যানবাহনৰ অত্যধিক বেগ আছিল ৷ অথচ ক’ভিড মহামাৰীৰ বাবে যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰা হৈছিল ৷ পথ দুৰ্ঘটনাত মৃত এই ২৬২৯ জন ব্যক্তিৰ ভিতৰত ৪৮শতাংশৰ মৃত্যু অসমত থকা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাৰ ফলত হয় ৷ সেয়ে ঘাইপথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে ৷“ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিবেগত সীমাবদ্ধতা আৰোপৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এন এইচ এ আই)-এ লয়, ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে নলয়৷ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিবেগ ঘণ্টাত ৪০-১০০ কিলোমিটাৰৰ ভিতৰত কৰা হৈছে ৷ দুৰ্ঘটনাপ্ৰৱণ, দুৰ্ঘটনাৰ দিশৰ পৰা স্পৰ্শকাতৰ আৰু ‘ব্লেক স্পট’ সমূহত গতিবেগৰ সীমা তললৈ নামিব ৷ কিন্তু আন স্থানসমূহত যান-বাহনে ঘণ্টাত এশ কিলোমিটাৰ পৰ্যন্ত গতিবেগত চলাচল কৰিব পাৰিব ৷ এন এইচ এ আয়ে লোৱা সিদ্ধান্ত মৰ্মে জৰিমনা বিহা হৈছে ”, পাটোৱাৰীয়ে লগতে কয় ৷
ৰাজ্যখনত পথ দুৰ্ঘটনা তথা দুৰ্ঘটনাত হতাহতৰ সংখ্যা হ্ৰাসৰ উদ্দেশ্য যান-বাহনৰ গতিবেগ ট্ৰেফিক ইণ্টাৰচেপ্টৰ বাহনৰ জৰিয়তে নিৰীক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে পৰিবহণ বিভাগে ৷ এন এইচ এ আই আৰু লোক নিৰ্মাণ বিভাগ (পি ডব্লিউ ডি)-এ ঘাইপথসমূহৰ বিভিন্ন স্থানত আৰু ৰাজ্যিক পথসমূহৰ দুৰ্ঘটনাপ্ৰৱণ স্থানত যান-বাহনৰ গতিবেগ সীমাৱকৰণৰ ফলক অঁৰাৰ ব্যৱস্থা কৰিছে ৷
এনে যানবাহনৰ গতিবেগ সীমাবদ্ধকৰণৰ ফলক স্কুল, হাস্পতাল, ব্যস্ত বজাৰ অঞ্চল, পথৰ সংযোগস্থল, টি এণ্ড ৱাই সংযোগস্থল, চাৰিআলি আদিতো লগোৱাৰ ব্যৱস্থা কৰা হৈছে ৷
এই কথা উল্লেখ কৰাটো প্ৰাসংগিক হ’ব যে কেৱল কেতবোৰ নিৰ্দিষ্ট স্থানতহে যান-বাহনৰ গতিবেগত সীমাবদ্ধতা আৰোপ কৰাটো প্ৰযোজ্য হৈছে ৷ সমগ্ৰ পথ নেটৱৰ্কৰ ক্ষেত্ৰত কৰা হোৱা নাই ৷
যোৱা মাহৰ পৰা এই গতিবেগ সীমাৱদ্ধকৰণ আৰু অতিৰিক্ত বোজা কঢ়িওৱা গাড়ীক লৈ গ্ৰহণ কৰা ব্যৱস্থাৱলী কাৰ্যকৰী কৰা হৈছে ৷ এনে ব্যৱস্থা গ্ৰহণৰ ফলত পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত হতাহতৰ সংখ্যা হ্ৰাস পাইছে ৷
ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিবেগৰ ওপৰত আৰোপিত এই সীমাবদ্ধতা মানি চলিবলৈ আৰু অসম চৰকাৰৰ পৰিবহণ বিভাগক যান-বাহনৰ গতিবেগত সীমাৱদ্ধতা বলবতৰ ক্ষেত্ৰত সহযোগ কৰি মূল্যবান জীৱন ৰক্ষা কৰিবলৈ ৰাইজৰ প্ৰতি মন্ত্ৰী পাটোৱাৰীয়ে অনুৰোধ জনাইছে ৷
সৰুপথাৰত সমাগত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি
গোলাঘাট জিলাৰ সৰুপথাৰত ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত সৰুপথাৰ ৰাজহুৱা খেলপথাৰত চলিছে সমাগত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি । সম্পুৰ্ণ কভিদ নীতি নিয়মৰ মাজেৰে পালন কৰা হব এইবাৰৰ স্বাধীনতা দিৱস। ইতিমধ্যেপেৰেডৰ আখৰাকে ধৰি খেলপথাৰখন সজাই পৰাই তুলাৰ কাম চলি আছে ।ক’ৰনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ স্বাধীনতা দিৱস সীমিত সংখ্যক অনুষ্ঠানৰ মাজেৰেই অনুষ্টুপীয়াকৈ পালন কৰা হব বুলি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়ে । 15 আগষ্টৰ পেৰেদ সমাৰোহৰ দিনা মহকুমা আৰক্ষী বিভাগ, চি আৰ পি এফ আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেইবাটাও সীমিত সংখ্যক দলে অংশ গ্ৰহণ কৰিব । ইফালে দিনে নিশাই সস্তম হৈ পৰিছে ধনশিৰি মহকুমাৰ আৰক্ষী প্ৰশাসন । মহকুমাটোৰ বৰপথাৰ, গেলাবিল, সৰুপথাৰ, উৰিয়ামঘাট, নাওজান, চুঙাজান, আদি সকলো ঠাইতে আৰক্ষীৰ কটকটীয়া তালাচী অভিযান অব্যাহত আছে । কোনো দুস্কৃতিকাৰীয়ে যাতে কুটাঘাটমুলক কায্যত লিপ্ত হব নোৱাৰে তাৰ বাবেই আৰক্ষী প্ৰশাসন আৰু অসামৰিক বাহিনী দিনে নিশাই সষ্টম হৈ থকা দেখিবলৈ পোৱা গৈছে ।
ৰঙিয়াস্থিত এছ এছ বিৰ মুখ্যকাৰ্যালয়ত ৰক্ত দান শিবিৰ
ৰক্তদান মহৎ দান । এই লক্ষ্য আগত ৰাখি ৰঙিয়াৰ হাহাৰাস্থিত এছ এছ বি কেম্পৰ ছেক্টৰ হেডকোৱাটাৰত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় । আগন্তুক ৭৫ তম্ স্বাধীনতা দিৱস উপলক্ষে এছ এছ বিয়ে গ্ৰহণ কৰা কেইবাটাও কাৰ্যসূচীৰ ভিতৰত অন্যতম ৰক্তদান শিবিৰত এছ এছ বিৰ অৰ্ধ শতাধিক বিষয়া, জোৱানে ৰক্তদান কৰে । এছ এছ বিৰ ডিজিপি জগদীপ পাল সিঙে উদ্বোধন কৰা ৰক্তদান শিবিৰটোত এই সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ব্লাড বেঙ্কৰ ভাৰপ্ৰাপ্ত অধীক্ষক দীপাংকৰ বৰুৱাই । চিকিৎসক দীপাংকৰ বৰুৱাই জোৱানসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে মত বিনিময় কৰে । শিবিৰটো উদ্বোধন কৰি ডিজিপি জগদীপ পাল সিঙে কয় যে – ৰক্তদানে মানুহৰ জীৱন ৰক্ষা কৰাত সহায় কৰে । বিশেষকৈ ঠেলাছেমিয়া ৰোগী আৰু দুৰ্ঘটনাৰ সময়ত প্ৰায়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিভিন্ন ব্যক্তিৰ বাবে পৰিয়ালৰ লোকে ৰক্ত বিচাৰি হাহাকাৰ কৰিব লগা হয় । এনে ক্ষেত্ৰত ৰক্তদানৰ দৰে মহান সেৱাই দুৰ্গতজনৰ জীৱন ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলিও দোহাৰে ডিজিপি সিঙে। ইয়াৰোপৰি এই শিবিৰত অৰ্ধ শতাধিক এছ এছ বিৰ বিষয়া, জোৱানে আগবাঢ়ি আহি ৰক্তদান কৰাটো এক শুভ লক্ষণ বুলি কয় । লগতে এই শিবিৰত উপস্থিত লোকসকলে সু-স্বাস্থ্যৰ শপত গ্ৰহণ কৰে। এই শিবিৰ অনুস্থিত কৰাত ৰঙিয়া মডেল হস্পিতালৰ কৰ্মীয়ে সহযোগীতা আগবঢ়াই । এছ এছ বিৰ এনে মহৎ উদ্দেশ্যেৰে আয়োজন কৰা কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰে ৰঙিয়াৰ ৰাইজে ।











