বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি দিন হাজিৰা কৰি খোৱা লোকক অসম বিধানসভাৰ অধ্যক্ষ, পানেৰীৰ বিধায়ক বিশ্বজিত দৈমাৰীৰ নিৰ্দেশত বৃহস্পতিবাৰে খালিংদুৱাৰ মণ্ডল কমিটিৰ অধীনত পানেৰী বিধানসভা সমষ্টিৰ লগতে খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ বিজেপি কাৰ্যকৰ্তাসকলে আৰ্থিকভাৱে জুৰুলাপ্ৰায় অৰ্ধ শতাধিক লোকক টিন-পাট বিতৰন কৰে। বাৰিষাৰ সময়ছোৱাত দুখীয়া দৰিদ্ৰ লোকসকলে আৰ্থিক ভাবে দুৰ্বলতাৰ বাবে থকা নিজৰ ঘৰটোৰ মেৰামতি কৰিব নোৱাৰা সময়ত বিজেপি দলৰ কাৰ্যকৰ্তা সকলে ঘৰে -ঘৰে পদূলিৰ সন্মূখত গৈ ১ বানকৈ টিনপাট দিয়াত সন্তুষ্টি প্ৰকাশ কৰে। আনহাতে, পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, অসম বিধানসভা অধিবেশন চলি থকা হেতুকে নিজে সমষ্টিত উপস্থিত থাকিব নোৱাৰা সত্বেও, বৰ্তমান ক’ৰনা মহামাৰীৰ ফলত সাধাৰণ তথা দুখীয়া-দৰিদ্ৰ লোকসকলৰ মাজত আৰ্থিক দুৰ্যোগ সৃষ্টি হোৱা সময়ছোৱাত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে সমষ্টিবাসীয়ে বিধায়ক গৰাকীৰ লগতে দলৰ কাৰ্যকৰ্তা সকলক কৃতজ্ঞতা জ্ঞাপন কৰে।
বিশ্বনাথত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ, ট্ৰাক সহ চালক আটক
শুক্ৰবাৰে পূৱতি নিশা অৰুণাচল বান্দৰদোৱাৰ পৰা গুৱাহাটী অভিমুখী এখন আলু ভৰ্তি ট্ৰাকত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ চাৰিআলি আবকাৰী বিভাগ। জানিব পৰা মতে,পূৱতি নিশা প্ৰায় ১ মান বজাত বান্দৰদোৱাৰ পৰা অহা ডি আৰ ০১ জি কে৫০৮১ নম্বৰৰ আলু ভৰ্ত্তি ট্ৰাক খন বিশ্বনাথ চাৰিআলিত আবকাৰী বিভাগে ৰখাইছিল, যদিও ট্ৰকাখন নাৰাখি পাৰ হৈ যায়। পিছত ট্ৰাকখন আবকাৰী আৰু আৰক্ষীয়ে খেদি খেদি কুসুমটোলাত ধৰিবলৈ সক্ষম হয়। ট্ৰাকখনৰ চালক মহম্মদ হুছেইনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। গাড়ীখনত আলু বস্তাৰ ভিতৰত ১৬৯ কেচ অৰুণাচলী সুৰা আৰু ৪০বস্তা আলু উদ্ধাৰ কৰে বিভাগটোৱে। ট্ৰাকখন বিহাৰলৈ গৈ থকা বুলি জানিবলৈ দিয়ে বিশ্বনাথ মহকুমা আকৱকাৰী বিভাগৰ উপ অধীক্ষক দ্বীপেন বৰা আৰু বিশ্বনাথ মহকুমা আৱকাৰী পৰিদৰ্শন শৰৎ তমুং, চতিয়া চাৰ্কোলৰ সহ পৰিদৰ্শক জয়ন্ত বৰাই ।
বিশ্ব হিন্দু পৰিষদ :মাজবাট প্ৰখণ্ডৰ নতুন সমিতি গঠন
ওদালগুৰি জিলাৰ মাজবাটস্থ হনুমান মন্দিৰ প্রাংগনত ১৫জুলাইত দিনৰ ১১:০০ বজাত বিশ্ব হিন্দু পৰিষদ মাজবাট প্ৰখণ্ডৰ এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে বিশ্ব হিন্দু পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি নিপেন শৰ্মায়। সভাত পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। নতুন সমিতিত বিশ্ব হিন্দু পৰিষদ মাজবাট প্রখণ্ডৰ সভাপতি হিচাপে প্রদীপ শৰ্মা , উপ সভাপতি হিচাপে দুৰ্গা ভট্টৰায়, সম্পাদক ফনি শৰ্মা , প্রচাৰ সম্পাদক সন্তোষ পাটোৱাৰী, সৎ সংঘ প্রমোখ উমেশ দাস, গো ৰক্ষা প্রমুখ ৰঞ্জন বসুমাতাৰী আদিক লৈ এক শক্তিশালী সমিতি গঠন কৰে। আজিৰ সভাত ওদালগুৰি জিলা বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তা পুলকেশ ৰাভা, সুভাষ চন্দ্র বিশ্বাস, বিৰেন নাৰ্জাৰী, মাজবাট প্রখণ্ড বজৰং দলৰ দিপেন বসুমতাৰী, ফনিন্দ্র উপাধ্যায় আদি উপস্থিত থাকে।
চেঙাৰ কাছুমাৰা-কাশিমপুৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত। খহনীয়া প্ৰতিৰোধৰ বাবে নেদেখা জনৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা
নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী দক্ষিণ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাছুমাৰা-কাশিমপুৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে। কাছুমাৰা-কাশিমপুৰ গাওঁৰ প্ৰায় তিনিশ পৰিয়াল গৃহহীন হোৱাৰ লগতে শ শ বিঘা ভূমি জাহ গৈছে নদীৰ বুকুত। ইতিমধ্যে নদীত বিলীন হৈছে চৰকাৰী-বেচৰকাৰী বিদ্যালয়। দুই তিনিশ বছৰীয়া বসতি প্ৰধান গাওঁ খন বছৰে বছৰে খহাই গৃহহীন কৰিলে বহু পৰিয়াল। গৰাখহনীয়াৰ কবলত পৰি নিজৰ সপোনৰ ঘৰ দুৱাৰ ভাঙি নাৱেৰে লৈ যাবলগীয়া হয় নিৰাপদ স্থানলৈ। চৰকাৰ তথা স্থানীয় বিধায়িকৰ কোনো গুৰুত্ব নেদেখাত উপায়ান্তৰহৈ বৃহস্পতিবাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নদীৰ পাৰত কেইবা শতাধিক লোক একগোট হৈ নেদেখা জনৰ ওচৰত সমূহীয়াভাৱে মোনাজাত-প্ৰাৰ্থনা কৰিলে। গোৱালপাৰা জিলাৰ পৰা মুফতি আবুল হাসেমক মাতি আনি কৰিলে দোৱা প্ৰাৰ্থনা। নেদেখা জনৰ ওচৰত মুফতি আবুল হাসেমৰ লগতে কণ কণ শিশু, অঞ্চলবাসীয়ে কান্দি কান্দি কৰিলে প্ৰাৰ্থনা। নদীৰ পাৰত তিনিটা স্থানত ইটাৰ সৈতে কোৰাণৰ কালিমা লিখি নদীৰ গৰাত ইটা স্থাপন কৰি বান্ধি দিলে কেইবাটাও নীতি। গৰাখহনীয়াত সৰ্বস্বান্ত পৰিয়ালে নেদেখা জনক প্ৰাৰ্থনা জনোৱাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰকো ব্যৱস্থা গ্ৰহণৰ দাবী জনালে।
মৰিগাঁও কৃষি বিভাগৰ বানাক্ৰান্ত অঞ্চলৰ কৃষকক সকাহ দিয়াৰ চেষ্টা।
মৰিগাঁও জিলা খন প্ৰতি বছৰে বানত ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হয়। বিশেষকৈ কৃষক সকল অধিক ক্ষতিগ্ৰস্ত হয় বানত। বছৰি বানত বুৰ গৈ কৃষি পথাৰ সমূহৰ কৃষি সমূহ বাৰে বাৰে বিধ্বস্ত কৰে বানে। ফলত জিলা খনৰ কৃষক সকল প্ৰতি বছৰে মুখামুখী হয় ধানৰ কঠিয়াৰ সমস্যাত। এনে সমস্যাৰ বাবে অৱশেষত চন পৰি থাকে পথাৰ। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা কৃষি বিভাগৰ তত্বাৱধানত জিলা খনৰ বিভিন্ন প্ৰান্তৰ লগতে নিজ গেৰুৱা কৃষি খণ্ড এলেকাৰো তাপতলা, বানমুৰী, হাতীমুৰীয়া আদি অঞ্চলত পথাৰ পৰিচালনা সমিতি, বিভিন্ন আত্মসহায়ক গোট বা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ধানৰ কঠিয়া পেলোৱাৰ পাছত আজি কৃষিখণ্ড টোৰ এলেকাৰ জামাদাৰী গাঁৱৰ পথাৰতো প্ৰায় চাৰি বিঘা মাটিত বাহাদুৰ স্বাৱ – ১ সঁচৰ ধানৰ কঠিয়া পাৰা হয়। যোৱা কালি সমূহীয়া কঠিয়া পাৰা কাৰ্যসূচীত ADO নীলকমল বৰা, নিজগেৰুৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী বুদ্ধেশ্বৰী বৰদলৈ, সহকাৰী কৃষি পৰিদৰ্শক দেৱকান্ত ভৰালি, এ ই এ পংকজ বৰদলৈকে প্ৰমোখ্য কৰি বহু কেইজন আদৰ্শ কৃষক উপস্হিত থাকি কঠিয়া পাৰা কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। সহকাৰী কৃষি পৰিদৰ্শক দেৱকান্ত ভৰালিয়ে জানিব দিয়া মতে বৰ্তমানলৈ গেৰুৱা কৃষি চক্ৰটোত সৰ্বমুঠ পাঁচ হেক্টৰ মাটিত বাহাদুৰ স্বাৱ – ১ জাতৰ ধানৰ কঠিয়া সিচা হৈছে আৰু ইয়াৰ দ্বাৰা অঞ্চলটোৰ বহু কৃষক উপকৃত হব। তদুপৰি বাহাদুৰ স্বাৱ – ১ জাতৰ ধানৰ কঠিয়া বা ধান গছ বাৰিষাৰ পানীত ১৫ দিন পৰ্যন্ত বুৰ গৈ থাকিলেও নষ্ট নহয়। ফলত এনে জাতৰ ধানৰ সচে বানাক্ৰান্ত অঞ্চলৰ কৃষকক যথেষ্ট লাভাম্বিত কৰিব বুলিও ভৰালিয়ে জানিব দিয়ে।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ বিফলতা
ওদালগুৰি জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টংলা সংমণ্ডলৰ অধীনত থকা ওৰাং বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ জড়িয়তে দীৰ্ঘ দিন ধৰি ওৰাং অঞ্চলবাসী ৰাইজক ঘৰে ঘৰে পাইপৰ মাধ্যমেৰে বিশুদ্ধ খোৱা পানী যোগান ধৰি আহিছিল ৷ যদিও কেইবা বছৰ ধৰি বিশুদ্ধ খোৱা পানীৰ অভাৱত জ্বলা কলা খাব লগা হৈছে অঞ্চলবাসী ৰাইজে । জানিব পৰা মতে ওৰাং স্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত পানী যোগান আঁচনিৰ ৮০ দশকত গ্ৰাউণ্ড ৱাটাৰ উঠাবলৈ ৬ ইঞ্চি মানৰ চম্বাৰৰ্চেবল পাম্প বহুওৱা হৈছিল । ওৰাং অঞ্চলৰ ৰাইজক সেই ৪০ বছৰ আগতে বহুওৱা পাম্পৰ জৰিয়তে আজিলৈ খোৱা পানী যোগান ধৰি অহা হৈছিল । এতিয়া সেই ৪০ বছৰ পুৰণি পাম্পৰ সতে সম্পূৰ্ণ পানীৰ বৰিং টো অচল হৈ পৰাত ওৰাং অঞ্চলৰ ৰাইজ লাগতিয়ালও প্ৰতি মুহূৰ্ততেই প্ৰয়োজন হোৱা পানীৰ সমস্যাক লৈ চিন্তিত হোৱা পৰিলক্ষিত হৈছে । জানিব পৰা মতে এতিয়া নতুনকৈ আগৰ দৰে চাম্বাৰচেবল পাম্পৰ সলনি সৰু আৰু বহু কম পানী উঠাব পৰা কেপাচিটিৰ পাম্প বহুৱাই ৪০ বছৰৰ আগতে বহুওৱা বৰিংৰ জড়িয়তে কোনো মতে ঠেকাৰ কাম চলাই অহাটো দেখিবলৈ পোৱা গৈছে । বিশেষ সূত্ৰে জানিব পৰা মতে যিটো বৰিংৰ দ্বাৰা পানী উঠাই থকা হৈছে সেই বৰিং টোৰ মাটিৰ তলত বহুওৱা ফিল্টাৰ পুৰণি হোৱাৰ বাবে একেবাৰে বিকল হোৱা সত্ত্বেও কোনো মতে দিনৰ দিনটো পানী উঠোৱাৰ পিছতো ৰাইজৰ ঘৰে ঘৰে উপযুক্ত পৰিমাণে পানী দিয়াত ব্যৰ্থ হৈছে ওৰাং পানী যোগান আঁচনি ।ওৰাং অঞ্চলৰ ৰাইজে অভিযোগ দিয়া মতে পানী যোগান আঁচনিয়ে নিয়মিত আৰু সময় মতে পানী দি আহিছে কিন্তু আগৰ তুলনাত নানান সমস্যাৰ বাবে বহু কম পৰিমাণে পানী দিয়াত বহু কষ্টৰ সন্মুখীন হব লগা হৈছে ওৰাং বাসী ৰাইজৰ । ৰাইজে জানিব দিয়া মতে চাকৰিয়াল , ঠিকাদাৰ , ধনী ধনী লোকৰ ঘৰত পানী ষ্ট’ক কৰা পানী টেংকী সমূহ নিজ নিজ ঘৰত লগোৱা পানী মটৰৰ জৰিয়তে ৰাইজৰ সুবিধাৰ্থে পাইপত অহা পানীখিনি টানি টেংকী ভৰাই আহিছে৷ যিসকলৰ ঘৰত মটৰ নাই তেওঁলোকৰ ঘৰত পানী পাইপেৰে যোৱাত বাধা পোৱাৰ ফলত পানী নোপোৱা বা অতি কমকৈ পানী ওলোৱা আদি ন ন ধৰণৰ সমস্যাই দেখা দিছে । ঘৰে ঘৰে দিয়া পানীৰ পাইপৰ পৰাই মটৰ লগাই টেংকী ভৰোৱা আৰম্ভ কৰাত অঞ্চলৰ অইন অইন ঘৰত পানী প্ৰেচাৰ নোহোৱাত পানী নোপোবাটো পৰিলক্ষিত হৈছে । ওৰাং অঞ্চলৰ সচেতন মহলে অতি সোনকলে তেওঁলোকৰ সমস্যা সমাধানৰ দাবী তুলিছে । এই সংক্ৰান্তত মাজবাটৰ অন্যতম বিজেপি যুৱ নেতা কিশোৰ শৰ্মাই মন্তব্য কৰি কয় যে ৰাইজৰ ৰাইজে কেইবছৰ মান ধৰি যি ধৰণৰ কিছু অসুবিধাৰ সন্মুখীন হব লগা হৈছে বুলি আক্ষেপ কৰিছে ৷ অনতিপলমে ওৰাং পানী যোগান আচঁনিটোত এটা বৃহৎ অভাৰ হেড টেংকী নিৰ্মাণ কৰি বিশুদ্ধ খোৱো পানীৰ পৰা বঞ্চিত গাওঁ অঞ্চল,এলেকাৰ সমুহত পানী যোগান ধৰাৰ সুব্যৱস্থা গ্ৰহন কৰিবলৈ চৰকাৰ ,সংশ্লিষ্ট বিভাগ কতৃপক্ষক ৰাইজে আহ্বান জনাইছে ৷ এই আচনিটো সংশ্লিষ্ট বিভাগে আজিলৈ কোটি কোটি টকা খৰচ কৰাৰ পিছতো সমগ্ৰ ওৰাং অঞ্চল বাসীক আবশ্যক অনুসৰি বিশুদ্ধ খোবা পানী যোগান ধৰিব পৰা নাই ৷এই আচঁনিটোৰ অধীনত ১৯৯৯ চনতে স্থাপিত ওৰাং গৃহ সংযোগ পানী যোগান উপদেষ্টা সমিতি নামেৰে এটা অকৰ্মণ্য ,অপদাৰ্থ এখন সমিতি আছে ৷যদিও এই সমিতিৰ সভাপতি আৰু সম্পাদকৰ স্বেচ্ছাচাৰীতা,অৰাজকতা , চুড়ান্ত হেমাহি গাফিলতি আদিৰ বছৰ বছৰ ধৰি কোনো এখন সভা আহ্বান নকৰি কুম্ভকৰ্ণৰ গভীৰ নিন্দ্ৰাত সম্প্ৰতি নাক বজাই শুই থকা দেখিবলৈ পোৱা গৈছে ৷গতিকে ঘৰে ঘৰে পানী যোগান সমিতিখন অতি সোনকালে ভংগ কৰি এখন নতুন কাৰ্যকৰী সমিতি গঠন কৰিবলৈ ৰাইজে দাবী জনাইছে ৷
চুলাই ঘাটি উৎখাত ওৰাং আৰক্ষীৰ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চুলাই ঘাটিৰ পৰাই ক’ৰোনাৰ গন সংক্ৰমণ হোৱাৰ নিশ্চিত তথ্য লাভ কৰাৰ পাছত ৰাজ্য খনত অবৈধ ভাৱে চলি থকা চুলাই মদৰ ঘাটি সমুহ উৎখাত কৰিবলৈ জৰুৰী নিৰ্দেশ জাৰি কৰিছিল । মুখ্যমন্ত্ৰীৰ এই জৰুৰী বাৰ্তা পোৱাৰ পাছতে ওদালগুৰি জিলা আবকাৰী বিভাগে স্থানীয় প্ৰশাসনৰ সহযোগত ভিন্ন অঞ্চলত ইটোৰ পিছত সিটো চুলাই মদৰ ঘাটি উৎখাত কৰিছে । ওৰাং আৰক্ষীয়ে একেৰাহে আজি কেবাদিন ধৰি এই চুলাই মদৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলাই চমুৱা গাওঁ,ভোগদল আন কেইবাঠাইতো অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ কৰি শ ,শ লিটাৰ চুলাই মদ নষ্ট কৰি পেলোৱাৰ লগতে বিশাক্ত চুলাই মদ তৈয়াৰ কৰা বহু নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰিছে । ওৰাং আৰক্ষীৰ এই চুলাই মদৰ ঘাটি উচ্ছেদ অভিযান নিতান্তই প্ৰসংশনীয় পদক্ষেপ যদিও ওৰাং আৰক্ষী থানা এলেকা ধনশ্ৰীঘাট, দফলাপোট, পাউৰীপোট,ওৰাং চাহ বাগিছাৰ ১ নং গেট আৰু হাবিগাওঁতো অবাধে চলি আছে চুলাই মদৰ ৰমৰমীয়া বেহা । ইফালে মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত মেৰাবিল,মণ্ডল চক,ফুলগুৰি, মহলীযাপাৰা,নাহৰঝাৰ,লামাবাৰী চেন্টাৰ ইত্যাদি অঞ্চলত চুলাই মদৰ অবাদ বেহা চলি থকাৰ উপৰিও মাজবাট, লামাবাৰী,বাহিপুখুৰী ,বেটেৰি, বেটিবাৰী, ধনশ্ৰী আৰু ওৰাং চাহ বাগিছা সমুহতো চাহ বাগিছাৰ পৰিচালকৰ সহযোগতে একাংশ লোকে চুলাই মদৰ ঘাটি স্থাপন কৰি অঞ্চল সমুহত সমাজিক, শৈক্ষিক, অৰ্থনৈতিক পৰিৱেশ বিনষ্ট কৰি আহিছে ।অতি শীঘ্ৰে এই চুলাই মদৰ ঘাটি সমুহ উৎখাত কৰিবলৈ আবকাৰী তথা স্থানীয় প্ৰশাসনক অনুৰোধ জনাইছে মাজবাট বাসী ৰাইজে ।
ভৰাশিঙৰীত মহাবাহুৰ খহনীয়া অব্যাহতঃ ব্যৱস্থা গ্ৰহণৰ দাবী কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যৰ
সমাগত বাৰিষা আজিও উন্মুক্ত অৱস্থাতে পৰি আছে ৰাজ্যৰ অধিকাংশ নদ-নদীৰ মথাউৰি৷বাৰিষাৰ আৰাম্ভনিতে নদ-নদী সমূহৰ গৰা-খহনীয়াই কালৰূপ ধাৰণ কৰিছে৷সমান্তৰালভাৱে মহাবাহু ব্ৰহ্মপুত্ৰ নদীয়ে বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ ভৰাশিঙৰীত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে৷ব্ৰহ্মপুত্ৰ নদীৰ গৰা-খহনীয়াই কালৰূপ ধাৰণ কৰাত শোণিতপুৰ জিলাৰ বৰছলা বিধান সভা সমষ্টিৰ গৰুডোবাৰ তেলীয়াগাওঁ আৰু ভৰাশিঙৰীত ৰাইজৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে৷ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়াৰ ফলত ভৰাশিঙৰীৰ ছটি পাহাৰত অৱস্থিত ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক হৰ’গৌৰী দেৱালয়লৈ তীব্ৰ ভাবুকি আহি পৰিছে৷খহনীয়াৰ কবলত পৰা উক্ত ভৰাশিঙৰী অঞ্চলত আজি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সজাতি দল এটাই উপস্থিত হৈ ৰাইজৰ ক্ষয়ক্ষতিৰ বুজ লয়৷উক্ত খহনীয়াগ্ৰস্ত স্থান পৰিভ্ৰমণ কৰি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ আগত চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই চৰকাৰ তথা স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় গৰা-খহনীয়া ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ, ৰাজ্যৰ জলসম্পদ বিভাগ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস তথা স্থানীয় বিধায়ক গনেশ কুমাৰ লিম্বুৱে বিগত দিনবোৰত কোনো ধৰণৰ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈছে৷চৰকাৰৰ নীৰৱতা আৰু জলসম্পদ বিভাগৰ দায়িত্বহীনতা ফলত বৰ্তমান ৰাইজে দিকবিদিক হেৰুৱাই এক দুৰ্বিষহ জীৱন কটাইছে৷আনকি বিগত দিনবোৰৰ পৰাই ৰাইজে নিজৰ গাঠিৰ ধন খৰচ কৰি বাহ,গছ আদিৰে ব্ৰহ্মপুত্ৰ নদীৰ গৰা-খহনীয়া ৰোধ কৰাৰ আপ্ৰাণ চেষ্টা চলাই আহিছে৷খহনীয়াৰ কবলত পৰা উক্ত ভৰাশিঙৰী অঞ্চলৰ লগতে ঐতিহাসিক হৰ’গৌৰী দেৱালয়ৰ চৌপাশ এনেদৰে বাহ,গছ আদিৰে বচোৱাটো সম্ভৱপৰ নহয় বুলি কৃষক শ্ৰমিক নেতা বৈশ্যই কয় ৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই লগতে কয় উক্ত ভৰাশিঙৰী অঞ্চলৰ গৰা-খহনীয়া প্ৰতিৰোধৰ বাবে সংগঠনটোৱে দীৰ্ঘদিনৰে পৰা চৰকাৰক প্ৰবল দাবী জনাই আহিছে৷সংগঠনৰ দাবীৰ প্ৰতি সহাৰী জনাই ৰাজ্যৰ জলসম্পদ বিভাগ তথা জলসম্পদৰ মন্ত্ৰী পিয়ুষ হাজৰিকা নিজে উপস্থিত হৈ কিছুদিন পূৰ্বে প্ৰায় ৫০ লাখ টকা মোকলাই দিছিল যদিও কামৰ ঠিকা লাভকৰা ঠিকাদাৰগৰাকীয়ে কিছু কাম কৰিয়েই বাকী সমুদায় ধন কৌশলেৰে আত্মহাৎ কৰাৰ ফান্দ পাতিছে৷সেয়েহে এই ক্ষেত্ৰত কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী জনাইছে৷লগতে ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ জলসম্পদ বিভাগে ততকাল ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই দাবী জনাইছে৷অন্যথা আগন্তুক দিনত ৰাইজৰ স্বাৰ্থত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে গণতান্ত্ৰিক ভাবে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ জৰিয়তে সকীয়াই দিয়ে৷
বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতালৈ ‘ওদালগুৰি ৰত্ন’ ২০২০বঁটা
সুস্থ প্ৰগতিশীল আৰু এখন নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত বিভিন্ন জনে একনিষ্ঠভাৱে সমাজলৈ সেৱা আগবঢ়াই আহিছে।তেখেত সকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু কৰ্মৰাজিক সন্মান প্ৰদৰ্শন কৰিবলৈ ওদালগুৰি জিলা সাহিত্য সভাই প্ৰতি দুবছৰত জিলাখনৰ এগৰাকী মহান বিশিষ্ট ব্যক্তিক “ওদালগুৰি ৰত্ন বঁটা”ৰে সন্মানিত কৰি আহিছে।এইবেলি ২০২০বৰ্ষৰ এই বঁটাৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰৰ একনিষ্ঠ সাধক ওদালগুৰি জিলাৰ বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ,শৰণাচাৰ্য তথা ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতালৈ প্ৰদান কৰা হব বুলি ওদালগুৰি জিলা সাহিত্য সভাই ঘোষনা কৰিছে।আজি ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক ড° পবিত্ৰ শৰ্মাই জনোৱা মতে- অহা ১৮ জুলাইত দিনৰ ১১ বজাত ডিমাকুছিস্থ বৰঙাজুলি সত্ৰত ওদালগুৰি জিলা সাহিত্য সভাই দ্বিবাৰ্ষিক ভাবে প্ৰদান কৰা ‘ওদালগুৰি ৰত্ন বঁটা২০২০’ সন্মানটি আনুষ্ঠানিকভাবে এইবেলি এই সন্মান আগবঢ়োৱা হ’ব বৰঙাজুলি সত্ৰৰ প্ৰতিস্থাপক সত্ৰাধিকাৰ, ‘সত্ৰভূষণ’, ‘ভকত শিৰোমণি’ হৰেকৃষ্ণ মহন্ত আতাক৷ তেখেতৰ শেহতীয়া শাৰিৰীক অসুস্থতা আৰু ক’ৰনা মহামাৰীৰ চৰকাৰী বিধিৰ প্ৰতি লক্ষ্য ৰাখি অতি অনুষ্ঠুপীয়াকৈ(মাত্ৰ এঘণ্টা) কাৰ্যসূচীৰে ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷তেওঁ লগতে উল্লেখ কৰি কয়- সময়ৰ নাটনিৰ বাবে অনুষ্ঠানলৈ সকলোকে আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিব পৰা নগ’ল যদিও উক্ত দিনা নিৰ্দিষ্ট সময়ত ভক্তপ্ৰাণ ৰাইজক উপস্থিতি থাকি সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে।উক্ত বঁটা প্ৰদান অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক শৰ্মা, বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰ,জিলা উপায়ুক্ত ডা: পি উদয় প্ৰবীন উপস্থিত থাকিব। ষাঠিৰ দশকতে বৰঙাজুলি সত্ৰৰ দায়িত্ব গ্ৰহন কৰি অবিভক্ত দৰং জিলাত(বৰ্তমান ওদালগুৰি জিলা)ধৰ্মীয় ৰীতি-নীতি,সামাজিক,শৈক্ষিক অৰ্থনৈতিক সকলো দিশৰ উন্নয়নৰ বাবে আত্মনিয়োগ কৰা আতা হৰেকৃষ্ণ মহন্তদেৱক ওদালগুৰি জিলা সাহিত্য সভাই এই বঁটাৰ বাবে মনোনীত কৰাত সমূহ ভক্তপ্ৰাণ ৰাইজে উৎফুল্লিত হৈ উঠিছে।অসম চৰকাৰে ২০০৬ৰ ২৬ জানুৱাৰীত মহন্ত বাপক শিল্পী পেন্সন আগবঢ়াইছিল।ইয়াৰ উপৰিও ২০০৬ত “ভকত শিৰোমণি”,২০০৯ত “আতা পুৰুষ”, “সত্ৰ ৰত্ন”, ২০১৩ত “সত্ৰ ভূষণ” আৰু “শংকৰজ্যোতি”আদি বিভিন্ন উপাধি লাভ কৰা মহন্ত আতাই ২০১১ত নতুন দিল্লীৰ পৰা “ভগৱান বুদ্ধ নেশ্যনেল ফেল’শ্বিপ এৱাৰ্ড,২০১২ত “অপূৰ্ব প্ৰেৰণা বঁটা”, গড়মূৰীয়া পীতাম্বৰদেৱ গোস্বামী ৰাষ্ট্ৰীয় বঁটাৰ উপৰিও ২০২০ত অসম চৰকাৰৰ কালিচৰণ ব্ৰহ্ম বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্যে যে,ওদালগুৰি জিলা সাহিত্য সভাই আগবঢ়োৱা ওদালগুৰি ৰত্ন’২০১৮ৰ বঁটাৰ এই সন্মান লাভ কৰিছিল ওদালগুৰি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক,বিশিষ্ট সাহিত্যিক তথা ,কৃতী শিক্ষক ক্ষীতেশ্বৰ শৰ্মাই ৷
আজি ৰাজ্যত প্ৰথমবাৰলৈ বাজেট দাখিল কৰিব মহিলা বিত্তমন্ত্ৰীয়ে, অজন্তা নেওগে ৰচিব ইতিহাস।
আজি অসম বিধানসভাত দাখিল কৰা হ’ব ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট (Assam Budget 2021-22)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Cm Himanta Biswa Sarma) চৰকাৰৰ এইখন প্ৰথম বাজেট। কিন্তু এই ববাজেটখনৰ সবাটোকৈ আকৰ্ষণীয় দিশটো হ’ল ৰাজ্যত প্ৰথমবাৰৰ বাবে আজি বাজেট দাখিল কৰিব এগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে। এই অভিলেখৰ গৰাকী হৈছে বিত্তমন্ত্ৰী অজন্তা নেওগে (Ajanta Neog)। ৰাজ্যৰ প্ৰথম
ইতিমধ্যে দিন-ৰাতি একাকাৰ কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰস্তুত কৰিছে বাজেট। আজি বিয়লি ৩ বজাত সদনৰ মজিয়াত অজন্তা নেওগে বাজেট দাখিল কৰিব।
এইবাৰ বাজেটত মূলত কোৰোণা প্ৰতিৰোধেই হ’ব চৰকাৰৰ মূল বিষয়। কোৰোণা প্ৰতিৰোধৰ বাবে হাস্পতালৰ উন্নয়ন, ভেকচিন সংগ্ৰহ আৰু প্ৰদান, কোৰোণা সৃষ্ট লকডাউন, সান্ধ্য আইন আদিয়ে ভাঙি পেলোৱা অৰ্থনীতিৰ পুনৰুত্থান, আক্ৰান্ত আৰু ক্ষতিগ্ৰস্তসকলৰ বাবে বিশেষ পেকেজৰ ঘোষণাৰ সম্ভাৱনা আছে।
একে সময়তে কৃষি, পশুপালন, দুগ্ধ, মীন পালন আদিকে ধৰি গুৰুত্বপূৰ্ণ অৰ্থনৈতিক খণ্ড আৰু উৎপাদনমুখী উদ্যোগ ক্ষেত্ৰক অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনা আছে।
গো সুৰক্ষাৰ বিষয়টোৱে ৰাজ্য চৰাকৰৰ সকলো কাম কাজতে অগ্ৰাধিকাৰ পোৱালৈ চাই গো সুৰক্ষাৰ বাবে বিশেয আঁচনি ঘোষণাৰ আশা আছে এই বাজেটত।
আৰক্ষীৰ আধুনিকীকৰণ এইবাৰৰ বাজেটত বিশেষ ভূমিকা লোৱাৰ সম্ভাৱনা আছে। মািক্ৰ’ফািনেন্সৰ ঋণ ৰেহইৰ প্ৰসংগ নিশ্চিতভাবে থাকিব এইবাৰৰ বাজেটত।
আনহাতে শিক্ষাক্ষেত্ৰত ডিজিটেল আৰু অনলাইন ব্।ৱস্থাৰ ব্যাপক পৰয়োজনীয়তা আহি পৰাৰ বাবে শিক্ষা বিভাগৰ বাবে বিশে, চিন্তা চৰ্চা কৰিব পাৰে বাজেটত। ইকিমধ্যে চৰকাৰী বিদ্যালয়ৰ দৰিদ্ৰ শিক্ষাৰ্থীক স্মাৰ্টফোন দিব পৰা যায় নেকি তেনে এক প্ৰস্তাব প্ৰেণ কৰিছিল শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।











