Home Blog Page 2929

সাংস্কৃতিক নগৰী যোৰহাটত দেখা গল সম্প্ৰীতিৰ আন এক নিদর্শন : নামঘৰলৈ মছজিদ সমিতিৰ অনুদান

 “মোৰ মনত ভেদ -ভাৱ নাই অ আল্লা, মোৰ মনত ভিন্ন পৰ নাই অ আল্লা, হিন্দু কি মুছলমান একেই আল্লাৰ ফৰমান মোৰ মনত একেইটি ভাৱ “” আজান ফকীৰৰ এই বিখ্যাত জিকিৰ ফাঁকিৰ ভাবধৰা পুনৰ দেখিবলৈ পোৱা গল সাংস্কৃতিক ৰাজধানী যোৰহাটত । যোৱা ৪ জুলাইত  যোৰহাটৰ ঐতিয্যমণ্ডিত দুই ধৰ্মীয় অনুষ্ঠানৰ প্ৰতিনিধিৰ মহামিলন দেখিবলৈ পোৱা গল যোৰহাটৰ খাজুৰি গুৰিৰ শকাইমুখীয়া গাঁৱৰ বৰনামঘৰত । এই ঐতিয্যমণ্ডিত বৰনামঘৰৰ পুনৰ নিৰ্মাণৰ কাম চলি থকা বুলি জানিব পাৰি যোৰহাটৰ ঐতিয্যমণ্ডিত ন – মছজিদৰ ডেৰশ বছৰীয়া উদযাপন সমিতিৰ অধ্যক্ষ সম্পাদক সহ এটা প্ৰতিনিধি দল উক্ত বৰনামঘৰত উপস্থিত হৈ নামঘৰৰ নিৰ্মাণৰ কাম চোৱা চিতা কৰাৰ লগতে নামঘৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে আলোচনা কৰি নামঘৰৰ নিৰ্মাণ বাবে ১২,৭০০ টকাৰ ( বাৰ হাজাৰ সাত শ ) টকাৰ চেক যোগে অনুদান আগবঢ়ায় । ইয়াৰ পূৰ্বে উক্ত নামঘৰটোৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল শইকীয়া , সম্পাদক অৰুণ শইকীয়া সদস্য হৰিশ শইকীয়াৰ লগতে পৰিচালনা সমিতিৰ কেইবাজনো বিষয়ববীয়া ই  মছজিদ সমিতিৰ প্ৰতিনিধি দলটোৰ সদস্য সকলৰ লগতে   সাংবাদিক নেকিব আহমেদকো গামোচাৰে সম্বৰ্ধনা জনাই আদৰণি জনোৱা দেখা গৈছিল । কভিড নীতি নিয়ম অনুসৰি নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা আলোচনা সভাখনত  নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল শইকীয়া , সম্পাদক অৰুণ শইকীয়া আৰু সদস্য হৰিশ শইকীয়াই চমু বক্তব্য প্ৰদান কৰাৰ লগতে ন, মছজিদৰ ডেৰশ বছৰীয়া উদযাপন সমিতিৰ অধ্যক্ষ আলহাজ তৌফিকুল হুছেইন , সম্পাদক তাহমিদুৰ ৰহমানে চমু বক্তব্য আগবঢ়াই । উক্ত অনুষ্ঠানটোত সমাজ কৰ্মী অমৰ বৰুৱা, মছজিদ সমিতিৰ সদস্য জেহিৰ কেৰিমকে প্ৰমুখ্যে কৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত আছিল । উল্লেখ্য যে যি সময়ত একাংশ ৰাজনৈতিক নেতাৰ লগতে গোড়ামী ধৰ্মীয় নেতাসকলে নিজৰ লাভালাভৰ বাবে ধৰ্মীয় দোহাই দি সমাজখনক ভাগ ভাগ কৰিবলৈ কলুষিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ঠিক তেনে সময়তে এনেবোৰ  কৰ্মই সমাজখনৰ বাবে আৰ্দশমূলক বাৰ্তা কঢ়িয়াই আনিব সচেতন মহলে উল্লেখ কৰিছে ।

অলিম্পিকৰ গেম ভিলেজত ক’ভিডৰ আতংক

বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকলৈ মাজত মাথোঁ দুটা সপ্তাহ বাকী থকা অৱস্থাত টকিঅ’ অলিম্পিকৰ গেম ভিলেজত ক’ভিড–১৯এ আতংকৰ সৃষ্টি কৰিছে৷ স্থানীয় উদ্যোক্তা কমিটীয়ে  প্রকাশ কৰা অনুসৰি গেম ভিলেজৰ তত্ত্বাৱধানৰ সৈতে জড়িত দুগৰাকী কর্মী ক’ভিড–১৯ত আক্রান্ত হৈছে৷ তেওঁলোকৰ শৰীৰত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছত সকলো কর্মীৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছে৷ অৱশ্যে আন কোনো কর্মী ক’ভিড পজিটিভ হোৱা নাই৷ উগাণ্ডা আৰু ছার্বিয়াৰ এগৰাকী প্রশিক্ষক আৰু এগৰাকী এথলিট ক’ভিড পজিটিভ হোৱাৰ পিছত অলিম্পিকৰ গেম ভিলেজৰ দুগৰাকীকৈ কর্মী ক’ভিডত আক্রান্ত হোৱাটো আয়োজক মণ্ডলীৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰিছে৷

বিধায়কৰ কাম কেৱল আইন প্ৰণয়ন নহয়, চৰকাৰক নিয়ন্ত্ৰণ কৰে বিধায়কে : মুখ্যমন্ত্ৰীক উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে

বৃহস্পতিবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰথমবাৰলৈ সংবাদমেল সম্বোধন কৰে বিধায়ক তথা দলটোৰ সভাপতি অখিল গগৈয়ে।  সভাপতি হিচাপে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত বিশেষ মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে।

শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়কৰ কাম কেৱল বিধানসভাতহে বুলি কৰা মন্তব্যক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কয় যে,  ‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিধায়কৰ কাম কেৱল বিধানসভাতহে বুলি মন্তব্য কৰিছে। কাৰ্যপালিকাত ভুমিকা নাই বুলি কৈছে।  ভাৰতীয় সংবিধানে ৰাজ্যবোৰৰ বিধানসভাৰ কাৰ্যৱলী সম্পৰ্কে ব্যাখ্যা কৰিছে।সংবিধানত বিধায়কৰ কাম-কাজ সম্পৰ্কে লিপিবদ্ধ নাই যদিও এই বিষয়ে সংসদ, ন্যায়ালয়ত চৰ্চা হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে,  বিধায়কে DC,SP, SDO আদিক কোনো নিৰ্দেশ দিব নোৱাৰে।  কিন্তু এজন বিধায়কৰ চাৰিটা ক্ষমতা থাকে, Legislative, Financial, Executive আৰু Electoral।’

উচ্চতম ন্যায়ালয়ৰ এক ৰায়দানত উদ্ধৃতি দি অখিল গগৈয়ে লগতে কয় যে, ‘২০১৭ বৰ্ষত উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এটা ৰায়দান দিছিল য’ত এজন নিৰ্বাচিত বিধায়কৰ গণতন্ত্ৰত ব্যাপক ভুমিকা থাকে। সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ ভুমিকা আছে। এই ৰায়দানৰ পিছত আৰু একো ক’ব লগা নাথাকে। অসমৰ মুখ্যমন্ত্ৰীয়ে বিধায়কৰ দায়িত্ব কমাবলৈ গৈ ন্যায়ালয়, প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহৰ কথাক নস্যৎ কৰিছে। কি আইনৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে এয়া কৈছে সেয়া জনাব লাগে, প্ৰত্যাহ্বান জনাইছো ৷ যদি নোৱাৰে তেন্তে ক্ষমা খুজিব লাগে। বিধানসভাত এই বিষয় উত্থাপন কৰি কৈফিয়ৎ বিচৰা হ’ব। মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ বাবে সকলো বিধায়কে মাত মাতিব লাগে, প্ৰতিবাদ কৰিব লাগে।’

ইফালে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে আৰম্ভ কৰা বুলি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে,  ‘মুখ্যমন্ত্ৰীয়ে মিছা কথাৰে জাতিটোক ভুল পথে লৈ যাব বিচাৰিছে। এনে নিৰক্ষৰ মুখ্যমন্ত্ৰীৰ পৰা সকলো সাৱধানে থাকিব লাগে।’

শিৱসাগৰক নতুন ৰূপ দিয়াৰ চেষ্টা কৰা হ’বঃ অখিল গগৈ

নিজ সমষ্টি শিৱসাগৰৰ উন্নয়নৰ সন্দৰ্ভতো অখিল গগৈয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। গগৈয়ে কয় যে,  ‘কলাক্ষেত্ৰ স্থাপন, ৰংঘৰ-তলাতল ঘৰ আদিক নতুন ৰূপ দিয়াৰ চেষ্টা কৰিম।
শিৱসাগৰৰ নতুন ৰূপ চাবলৈ অসমবাসীক আহ্বান জনাইছো। পুঁজি লাভ কৰাৰ লগে লগে প্ৰতিটো পথ-উপপথ, ট্ৰেফিক চিগনেল আদি ঠিক কৰা হ’ব। যদি হিমন্ত বিশ্ব শৰ্মাই বাধা নিদিয়ে তেন্তে শিৱসাগৰৰ উন্নয়ন চাব পাৰিব।’

ৰাজ্যিক কেবিনেটত লোৱা কিছুমান গুৰুত্বপুৰ্ণ সিদ্ধান্ত

৮জুলাই, বৃহস্পতিবাৰে জনতা ভৱনত কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকাৰ সংবাদমেল সম্বোধন। মন্ত্ৰী গৰাকীয়ে বাখ্যা কৰা কেবিনেটৰ সিদ্ধান্ত সমূহ ক্ৰমান্নয়ে-
• নিবনুৱা যুৱক যুৱতী সকলৰ সুবিধাৰ্থে নিয়োগ বিনিময় কেন্দ্ৰ(Employment Exchange)ত শাৰী নপতাকৈ ঘৰত বহিয়ে পঞ্জীয়ন কৰিব পৰা ব্যৱস্থা প্ৰদানৰ সিদ্ধান্ত।

• অসমত স্থাপন কৰা হ’ব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়। গাঁওবুঢ়া সকলক গাঁওপ্ৰধান হিচাপে নামাকৰণৰ সিদ্ধান্ত কেবিনেটৰ।

• গাঁওপ্ৰধান সকলৰ বয়স নূন্যতম ৩০ বছৰ আৰু সৰ্বোচ্চ ৬৫ বছৰ হব পাৰিব।

• প্ৰাকৃতিক দুৰ্যোগৰ ফলত একচনীয়া অথবা চৰকাৰী অবন্টন যোগ্য ভূমিত বসবাস কৰা খিলঞ্জীয়া লোক সকলক ঘৰ তথা আন চৰকাৰী সুবিধা লাভ কৰিব। অৱশ্যে বেদখলকাৰী তথা বনাঞ্চলৰ মাটিত বাস কৰা লোকে এই সুবিধাৰ পৰা বঞ্চিত হ’ব।

• চিপাঝাৰত মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে বিধায়ক পদ্ম হাজৰিকা দেৱৰ নেতৃত্বত কৃষি কাৰ্য্য কৰিবলৈ লোৱা ৭৭ হাজাৰ বিঘা ভূমিৰ সমীপত অৱস্থিত ঢলপুৰ শিৱ মন্দিৰক পৰ্যটন স্থলীলৈ পৰ্যবেক্ষিত কৰি সংৰক্ষণ কৰাৰ বাবে মন্দিৰ কৰ্তৃপক্ষক ১৮০ বিঘা ভূমি প্ৰদানৰ সিদ্ধান্ত লোৱা হয় কেবিনেটত।

• এটা গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ হিচাপে পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগক আৰু প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগক সংযোজন কৰাৰ সিদ্ধান্ত গ্ৰহণ।

• এতিয়াৰে পৰা জলসিঞ্চন বিভাগৰ চিভিল,ইলেক্ট্রিকেল আৰু মেকানিকেল বিভাগক সংযোজন কৰা হ’ব। লগতে ডিভিজন সমূহ সমষ্টি কেন্দ্ৰিক হ’ব। যাৰ দ্বাৰা প্ৰজেক্ট সমূহ সোনকালে সম্পূৰ্ণ কৰি অসমৰ কৃষক সকলক উপকৃত কৰিব পৰা যাব।

• গো সুৰক্ষাৰ সন্দৰ্ভত অতিশীঘ্ৰে কঠোৰ আইন প্ৰণয়নৰ সিদ্ধান্ত কেবিনেটৰ।

• ৰাজ্যৰ সীমান্তবৰ্তি অঞ্চল সমূহত অন্য ৰাজ্যৰ দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা অপ্ৰীতিকৰ ঘটনাৰ পাছত দুষ্কৃতিকাৰী সমূহে অসমৰ বিষয়া কৰ্মচাৰী সকলৰ বিৰুদ্ধে নিজৰ ৰাজ্যত মোকর্দমা কৰিলে তাৰ সমূহ খৰছ অসম চৰকাৰে বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ।

বিধায়ক পোনাকণ বৰুৱাক পুৰণি পেঞ্চন নীতি পুনৰ বলবৎকৰণৰ বাবে দাবী

ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ আহ্বান চাবুৱা আঞ্চলিক সমিতিৰ

সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ অধীনস্থ চাবুৱা আঞ্চলিক সমিতিৰ উদ্যোগত জিলা সমিতিৰ যুটীয়া সম্পাদক দেৱজীত শইকীয়াৰ নেতৃত্বত যোৱা এক দহজনীয়া এটা সঁজাতি দলে চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱাক সাক্ষাৎ কৰি এখনি ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সাক্ষাৎ কালত আগন্তুক বিধান সভাৰ প্ৰথম অধিবৱেশনত অসমৰ চৰকাৰী কৰ্মচাৰীৰ শংকা সৃষ্টিকাৰী নতুন পেঞ্চন ব্যৱস্থাৰ দৰে এটা অতি গুৰুত্বপূৰ্ণ বিষয়  উপস্থাপন কৰা হ’ব বুলি অৱগত কৰে। পোনাকন বৰুৱাৰ পদক্ষেপক চাবুৱা আঞ্চলিক সমিতিয়ে  আদৰণি জনাইছে। উল্লেখ্য যে প্রশ্ন উত্থাপন কৰাৰ বাবে যাৱতীয় অনুমোদন লাভ কৰিছে বুলি বিশেষ সূত্রে জানিব পৰা গৈছে। বিধায়ক পোনাকন বৰুৱাৰ উদ্যোগে সমগ্র অসমৰ এন পি এছ কৰ্মচাৰীৰ মনলৈ আশাৰ সঞ্চাৰ কৰিছে। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি নন্দৰাম তাঁতী আৰু সাধাৰণ সম্পাদক অংকুৰ দত্তই সম্বৰ্ধনা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে বিষয়টোৰ গুৰুত্ব বুজি বিধান সভাৰ অধ্যক্ষই অধিৱেশনৰ প্ৰথম কালছোৱাতে বিধায়ক বৰুৱাক বিষয়টো উপস্থাপনৰ সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনায়। লগতে বিধান সভাৰ সকলো বিধায়কে মন্ত্রীকে বিষয়টোৰ গুৰুত্ব বুজি অসমৰ লাখ লাখ এন পি এছ কৰ্মচাৰীক পুৰণি পেঞ্চন নীতিৰ সুবিধা প্ৰদান কৰাৰ বাবে আইন প্ৰণয়নৰ ব্যৱস্থা ল’বলৈ জিলা সমিতিৰ বিষয়ববীয়া দেৱজীত শইকীয়াই অনুৰোধ জনায়। আনহাতে কা আন্দোলনৰ সময়তে কোনো দুস্কৃতিকাৰীয়ে ধ্বংস কৰা চাবুৱা উপ কোষাগাৰটোৰ কাম কাজ ডিব্ৰুগড়ৰ মুখ্য কোষাগাৰত চলি থকাত অঞ্চলবাসী বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। গতিকে পুনৰ কোষাগাৰটোৰ কাম কাজ চাবুৱাতে পৰিচালনা কৰিবলৈকো আজি সঁজাতি দলটোৱে অনুৰোধ জনায়।Attachments area

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ আলী খলিফাক হত্যাৰ ভাবুকি।

দলগাও আৰক্ষী থানাত গোচৰ

এবিএমছুৰ প্ৰাক্তন সভাপতি তথা সংগ্ৰামী নেতা লাফিকুল ইছলামৰ দৰে ঘটনা পুণৰ সংঘটিত হব নেকি ৰাজ্যখনত। জাতিৰ হৈ কৰা সংগ্ৰামী সত্বা দমন কৰাৰ বাবেই এইবাৰ আন তিনিজন নেতাক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে এজন দুৰ্বৃত্তই। জীৱনৰ প্ৰতি ভাবুকি হৈ পৰিছে নেতা কেইজনৰ।
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ আলী খলিফাৰ লগতে প্ৰাক্তন সাধাৰণ সম্পাদক আবু বক্কৰ ছিদ্দিক আৰু কান্ধুলিমাৰী আঞ্চলিকৰ ক্ৰীড়া সম্পাদক আবুশামা খান্তাজক হত্যা কৰাৰ ভাবুকি দিয়ে।ঘটনা সংক্ৰান্তত দলগাও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কলে কেন্দ্ৰীয় সভাপতি মহম্মদ আলী খলিফাই।এজাহাৰত উল্লেখ কৰা মতে যোৱা বুধবাৰে নিশা 9746983038 ফোন নম্বৰৰ পৰা WHASHAPত SMS যোগে হত্যাৰ ভাবুকি প্ৰদান কৰে সংগ্ৰামী নেতা কেইজনক। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তিনিজন নেতাক এছ এম এছ যোগে হত্যাৰ ভাবুকি দিয়া ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে অঞ্চলখনত।আমছুৰ এজন প্ৰাক্তন কৰ্মীৰ বিৰূদ্ধে বিভিন্ন ধৰণৰ মন্তব্য দিয়াৰ বাবেই সংগ্ৰামী নেতা তিনিজনক হত্যা কৰাৰ বিনিময়ত দহ লাখ টকা লোৱা বুলি দাবী কৰ দুৰ্বৃত্তজনে।বিষয়টো তৎক্ষণাত জিলা আৰক্ষী অধীক্ষকক অৱগত কৰোৱাৰ লগতে বৃহস্পতিবাৰে দলগাওঁ আৰক্ষী থানাত মহম্মদ আলী খলিফাই সেই মোবাইল নম্বৰৰ বিৰূদ্ধে এখন এজাহাৰ দাখিল কৰে। ঘটনা সংক্ৰান্তত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি জনে ।

ওৰাঙত পত্নীক মৰিয়াই মৰিয়াই হত্যা : হত্যাকাৰী স্বামীক শ্মশানৰ পৰা গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ

এক হৃদয় বিদাৰক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ওৰাঙত ।ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত চমুৱা গাওঁত সংগঠিত হৈছে এই জঘন্য কান্ড । পাষাণ স্বামীয়ে নিজৰ পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰিছে । গাওঁ খনৰ প্ৰতিবেশীৰ পৰা জানিব পৰা মতে চমুৱা গাওঁৰ প্ৰয়াত মোহন ৰাভাৰ পুএ দিগন্ত ৰাভা    (৩৬) ই বিগত প্ৰায় ৮ বছৰ আগতে  মাজবাটত আৰক্ষী থানাৰ অন্তৰ্গত মাজগাঁওৰ  মঙ্গল সিং গয়াৰীৰ কন্যা কেউলী গয়াৰীৰ (৩৫)সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু এটি পুত্ৰ সন্তান জন্ম হোৱাৰ পাছৰে পৰা সংসাৰত লাগিছিল জ্বই । হৃদয়হীন স্বামী দিগন্ত ৰাভা  ( ৰেবা)ই  প্ৰতিদিনে  সুৰাপান কৰি পত্নীক  অকথ্য নিৰ্যাতন চলাই আহিছিল । ফলত শশাৰীৰিক ভাবে অতি দুৰ্বল হৈ পৰিছিল কেউলী । অইন দিনাৰ দৰে  দেওবাৰেও পাষণ্ড স্বামী দিগন্তই পত্নীক মৰিয়াই মৰিয়াই গুৰুলা গুৰুলকৈ মাৰপিট কৰাত মুমূৰ্ষু অবস্থাত  কেউলী গয়াৰী পিতৃ গৃহই প্ৰথমে ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লৈ আহে ।কিন্তু অবস্থা সংকট জনক হোৱাত ততাতৈয়াকৈ চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰিছিল ।যদিও ৬ জুলাই মঙলবাৰে ৰাতিপুৱা কেউলীৰ মৃত্যু হৈছিল । পৰিয়ালৰ লোকে লগে লগে স্থানীয় প্ৰশাসনৰ সৈতে  যোগাযোগ কৰি  গুৱাহাটী চিকিৎসা  মহাবিদ্যালয়ত মৰনোওৰ পৰীক্ষা কৰি  ওৰাং আৰক্ষী থানাত  স্বামী দিগন্তৰ ৰাভাৰ বিৰুদ্ধে পিতৃ গৃহৰ পৰা ৭ জুলাইত এখন এজাৰ দাখিল কৰে । প্ৰথমে উক্ত ঘটনাটো দিগন্তই  গাপ দিবলৈ চেষ্টা কৰি  পত্নীক  শ্মশানত লৈ গৈছিল  । যদিও ৭ জুলাই বুধবাৰে ১২ মান বজাত ওৰাং আৰক্ষীয়ে  হত্যাকাৰী দিগন্তক শ্মশানৰ পৰাই আটক কৰে । পাছত ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসে পিতৃ গৃহৰ এজাহাৰ ভিত্তিত পাষাণ স্বামী জনৰ বিৰুদ্ধে গোচৰ নং ৮৮/ ৩০২ ভাৰতীয দণ্ডবিধি আইনৰ অধীনত এটি গোচৰ ৰুজু কৰি  কালিয়েই ওদালগুৰি জেল হাজোতলৈ প্ৰেৰন কৰে । হত্যাকাৰী দিগন্ত ৰাভা ওৰফে ৰেবাক উপযুক্ত শাস্তি দিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে ।

বকোৰ মন্দিৰাত জলজলী নৈত পৰি শিশু সন্ধানহীন

কামৰূপ জিলাৰ বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মন্দিৰা এনছি গাঁৱত আজি এগৰাকী শিশু নৈত পৰি সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে গাঁৱ খনৰ ছাবেদ আলীয়ে দিনৰ প্ৰায় এক বজাত নিজ গৃহৰ কাষত থকা জলজলী নৈ পাৰত মৰাপাট খেতি চাবলৈ যায় আৰু পিতৃৰ অগোচৰে পিছে পিছে তেওঁৰ তিনি বছৰীয়া কনমাণি পুত্ৰ কদ্দুছ আলীয়ে নদীৰ পাৰে গৈ থকা অৱস্থাত হঠাৎ জলজলী নৈত পৰি সন্ধানহীন হৈ পৰে। এই ঘটনা স্থানীয় একাংশ প্ৰত্যক্ষদৰ্শীয়ে লক্ষ্য কৰি চিঞৰ বাখৰ লগোৱাত গাঁৱ খনত এক হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয়।পিছত গাঁৱ খনৰ একাংশ ৰাইজে নৈখনত জাল মাৰি, নাৱৰে যি যেনেকৈ পাৰে বিচাৰ খোচাৰ অব্যাহত ৰাখে যদিও শিশুটিৰ কোনো সন্ধান উলিয়াব নোৱাৰে। পিছত ঘটনাস্থলীত মন্দিৰা আৰক্ষী চকীৰ আৰক্ষীৰ লগতে নগৰবেৰা ৰাজহ চক্ৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰ বিষয়া মইদুল ইছলাম,লাট মণ্ডল মদন নাথ উপস্থিত হয়। ইয়াৰ পিছত নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ বনশ্ৰী মালাকাৰৰ তৎপৰতাত ঘটনাস্থলীত এছ, ডি, আৰ, এফ বাহিনীৰ এটা দলে উপস্থিত হৈ নৈ খনৰ বুকুত শিশুটিৰ উদ্ধাৰ অভিযান চলাই অৱশেষত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চামগুৰিত চুৰি কম্পিউটাসহ দুজন গভাইত চোৰক গ্ৰেপ্তাৰ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে যোৱা নিশা বাজিয়াগাৱঁত অভিযান চলাই চুৰি কম্পিউটাৰ চেটৰ সহ দুজন গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় ৷জানিব পৰা মতে চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি যোৱা নিশা বাজিয়াগাৱঁত অভিযান চালাই মুছলিম উদ্দিনৰ পুত্ৰ আমজাদ আলি (২৩) আৰু আব্দুল ৰহমানৰ পুত্ৰ হজৰত আলী (২২) নামৰ দুই গভাইত চোৰক আটক কৰে ৷লগতে দুই গভাইত চোৰে চুৰি কৰি অনা কম্পিউটাৰ, মণিটৰ, প্ৰিন্টাৰ, কীবৰ্ড, ষ্টেব্লেজাৰ আদিকে ধৰি বিভিন্ন সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে যোৱা ২ জুলাই তাৰিখে নিশা চামগুৰি পূৰ্ণিমা শইকীয়া উচ্চ ইংৰাজী বিদ্যালয়ৰ খনৰ তলা ভাঙি কম্পিউটাৰ চেটসহ বিভিন্ন সামগ্ৰী চোৰে চুৰি কৰি নিছিল ৷পিছদিনা পুৱা বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীয়ে উক্ত চুৰি কাণ্ডৰ সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷আৰক্ষীয়ে উক্ত চুৰি কাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখি যোৱা নিশা বাজিয়াগাৱঁৰ পৰা দুই গভাইত চোৰক আটক কৰাৰ লগতে উক্ত বিদ্যালয় খনৰ পৰা চুৰি হোৱা কম্পিউটাৰ চেটসহ বিভিন্ন সামগ্ৰীসমূহ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উক্ত গভাইত চোৰ দুজনে দীৰ্ঘদিন ধৰি চামগুৰিৰ বিভিন্ন অঞ্চলত চুৰি কাণ্ড সংঘটিত কৰি আহিছিল বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ আনহাতে আৰক্ষীয়ে কৰায়ত্ব কৰা দুই গভাইত চোৰক আজি নগাঁও আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে৷

চেঞ্চুৰীৰ অভিলেখঃ ৰাজধানী দিল্লী–১৪ ৰাজ্যত ১০০ টকা অতিক্রম পেট্র’লৰ মূল্য

ইন্ধনৰ বিশেষকৈ পেট্র’ল–ডিজেলৰ আকাশলংঘী মূল্য অব্যাহত আছে৷ আজি ইতিহাসত প্রথমবাৰৰ বাবে দেশৰ ৰাজধানী দিল্লীত প্রতিলিটাৰ পেট্র’লৰ মূল্যই চেঞ্চুৰী কোবালে৷ ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহে ধাৰাবাহিকভাৱে পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত ৰাখি আজি প্রতিলিটাৰ পেট্র’লত ৩৫ পইচা আৰু ডিজেলত ১৭ পইচা বৃদ্ধি কৰে৷ ইয়াৰ লগে লগে দেশৰ ৰাজধানী দিল্লীত পেট্র’লৰ মূল্য ১০০.২১ টকা হয়৷ তেনেদৰে প্রতিলিটাৰ ডিজেলৰ মূল্যও অভিলেখসংখ্যক ৮৯.৫৩ টকালৈ বৃদ্ধি পায়৷

পশ্চিমবংগৰ ৰাজধানী কলকাতাতো আজি প্রতিলিটাৰ পেট্র’লৰ মূল্য ১০০.২৩ টকালৈ বৃদ্ধি পাইছে৷ তেনেদৰে ডিজেলৰ মূল্য ৯২.৫০ টকালৈ বৃদ্ধি হৈছে৷ মহাৰাষ্ট্রৰ ৰাজধানী মায়ানগৰী মুম্বাইত প্রতিলিটাৰ পেট্র’লত ১০৬.২৫ টকা আৰু প্রতিলিটাৰ ডিজেলত ৯৭.০৯ টকা৷ তামিলনাডুৰ ৰাজধানী চেন্নাইত প্রতিলিটাৰ পেট্র’লৰ মূল্য ১০১.০৬ আৰু ডিজেলৰ মূল্য ৯৪.০৬ টকা৷ ৰাজধানী দিল্লীৰ উপৰি দেশৰ ১৪খন ৰাজ্যত প্রতিলিটাৰ পেট্র’লৰ মূল্য ১০০ টকা অতিক্রম কৰিছে৷ ঠিক তেনেদৰে তিনি কেন্দ্রীয়শাসিত অঞ্চলতো পেট্র’লৰ মূল্যই চেঞ্চুৰী কোবাইছে৷

দেশবাসীক মাধমাৰ শোধাই ইন্ধনৰ মূল্যবৃদ্ধি অব্যাহত ৰখাৰ বাবেই ৰাজস্থান, মধ্যপ্রদেশ, মহাৰাষ্ট্র, অন্ধ্রপ্রদেশ, তেলেংগানা, কর্ণাটক, ওড়িশা, বিহাৰ, তামিলনাডু, কেৰালা, পঞ্জাব, ছিকিম আৰু পশ্চিমবংগৰ কেইবাখনো চহৰত পেট্র’লৰ মূল্য ১০০ টকাৰ অধিক হৈছে৷ আনপিনে, কেন্দ্রীয়শাসিত অঞ্চল দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখতো পেট্র’লৰ মূল্যই ১০০ টকা অতিক্রম কৰিছে৷ আনপিনে অসমৰ ৰাজধানী গুৱাহাটীটো প্রতি লিটাৰ পেট্র’লৰ মূল্যই ৯৬.০৪ টকা অতিক্রম কৰিছে৷ লক্ষণীয় যে পেট্র’লৰ সমান্তৰালকৈ ডিজেলৰ মূল্য যিদৰে বৃদ্ধি হৈ আছে, তাৰ ভিত্তিত শীঘ্রেই প্রতিলিটাৰ ডিজেলৰ মূল্যও চেঞ্চুৰী কোবোৱাৰ পূর্ণ সম্ভাৱনা আছে৷