Home Blog Page 2930

ডিব্ৰুগড় আৰক্ষীৰ গুলীত আহত কুখ্যাত গৰু চোৰ মহম্মদ আখতাৰ ৰাজা খান

বুধবাৰে ডিব্ৰুগড় আৰক্ষীয়ে ৯৫টা চুৰি গৰু জব্দ কৰাৰ লগতে টিকলুসহ তিনিজনক গ্ৰেপ্তাৰ কৰিছিল।

ডিব্ৰুগড় আৰক্ষীৰ গুলীত আহত কুখ্যাত গৰু চোৰ মহম্মদ আখতাৰ ৰাজা খান ওৰফে টিকলু খান। AMCHত স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা চলাইছিল টিকলু খানে। বুধবাৰে ডিব্ৰুগড় আৰক্ষীয়ে ৯৫টা চুৰি গৰু জব্দ কৰাৰ লগতে টিকলুসহ তিনিজনক গ্ৰেপ্তাৰ কৰিছিল।

এসময়ত সৌৰভ গাংগুলীক বল কৰিছিল, পেটৰ তাড়নাত এতিয়া চাহ-ঘুগুণীৰ দোকান দিয়ে তেওঁ!

“প্ৰকাশ ভগৎ” অসমৰ শিলচৰৰ এগৰাকী প্ৰতিভাশালী ক্ৰিকেটাৰ আছিল। এসময়ত ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ বিপক্ষে নেট প্ৰেক্টিছত বলিঙো কৰিছিল তেওঁ। নেট প্ৰেক্টিছত সৌৰভ গাংগুলীয়ে এইগৰাকী অসমৰ খেলুৱৈক কাষতে বিচাৰিছিল। সেয়া আছিল ২০০৩ চনৰ কথা। ভাৰতীয় দলে সেই সময়ত নিউজিলেণ্ড ভ্ৰমণৰ বাবে প্ৰস্তুতি মেচত অংশগ্ৰহণ কৰিছিল। অসমৰ স্পীনাৰ প্ৰকাশ ভগতৰ বলিং এক্সন আকৌ নিউজিলেণ্ডৰ স্পীনাৰ ডেনিয়েল ভেক্টৰীৰ সৈতে মিলিছিল। সেয়ে বেংগালুৰৰ এন চি এত প্ৰশিক্ষণৰত প্ৰকাশ ভগতে সেয়ে ভাৰতীয় দলৰ নেট প্ৰেক্টিছত অংশ লৈছিল। সৌৰভ গাংগুলীক বল কৰাৰ কথা এতিয়াও ভালকৈয়ে মনত আছে প্ৰকাশৰ। আই এন এছ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ আগত তেওঁ সেয়ে কয়, ” সৌৰভক বল কৰাৰ অভিজ্ঞতা কোনো দিন নাপাহৰো। তেওঁ আমাক সেই সময়ত বিভিন্ন টিপছো দিছিল।”

সেই প্ৰকাশ ভগতেই এতিয়া পেটৰ তাড়নাত চাহ ঘুগুণীৰ দোকান দি পৰিয়াল পোহপাল দিবলগাত পৰিছে। কোভিডসৃষ্ট পৰিৱেশে অন্যান্য সকলৰে দৰে ভগতৰ জীৱনলৈও নমাই আনিছে ঘোৰ আমনিশা। এতিয়া আগৰ দৰে দোকানৰ বিক্ৰী নাই। শূণ্য ৰাজপথত নাই গ্ৰাহক। সেয়ে দৈনন্দিন জীৱনত যথেষ্ট কঠিনতাৰ সন্মুখীন হৈছে ভগত। “লকডাউনৰ ফলত কাৰ্যত: ভোকত দিন কটাবলগীয়া হৈছে। দিনটো দোকানত যি বিক্ৰী হয়, সেই টকাৰে দুবেলা দুমুঠি গোটোৱা সম্ভৱ নহয়। মোৰ সৈতে ৰাজ্যিক স্তৰত খেলা সকলোৱে চাকৰি পালে। প্ৰত্যেকৰ জীৱন প্ৰতিষ্ঠিত। বিপৰীতে মই প্ৰতিদিনে যুজঁ দিবলগীয়া হৈছে।” ভগতে সংবাদ মাধ্যমৰ আগত কয় এনেদৰে।

উল্লেখযোগ্য যে, প্ৰকাশে অসমৰ হৈ অনুর্ধ ১৭ বৰ্ষৰ বিজয় মাৰ্চেন্ট ট্ৰফীত ভাগ লৈছিল। বিহাৰৰ বিপক্ষে হেট্ৰিকসহ সাতটা উইকেট দখলো কৰিছিল ভগতে।
তাৰোপৰি অসমৰ হৈ তেওঁ ২০০৯-১০ আৰু ২০১১-১২ বৰ্ষৰ ৰঞ্জী ট্ৰফীতো ভাগ লৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিল। ২০১১ চনত পিতৃৰ মৃত্যু হোৱাৰ পিছত সমস্ত পৰিয়ালৰ দায়িত্ব কান্ধ পাতি ল’বলগীয়া হোৱাত ক্ৰিকেটক বিদায় দিবলৈ বাধ্য হয় ক্ৰিকেটাৰগৰাকীয়ে। ৩৪ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে এতিয়া অসম ক্ৰিকেট সন্থাৰ সহায় সহযোগিতাৰ আশা কৰিছে।

আমিও আশা কৰিম সততে অসমৰ ক্ৰিকেটাৰসকলৰ সুখ-দুখৰ সমভাগী হোৱা অসম ক্ৰিকেট সন্থাই এইগৰাকী ক্ৰিকেটাৰৰ কাষত থিয় দিব।

দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ : লাহৰীঘাটৰ স্বৰ্ণ কন্যা কুংফু খেলুৱৈ হাচিনা বেগমৰ খবৰ লবলৈ আহিল বিধায়ক , বিভিন্ন দল সংগঠনৰ ব্যক্তি

মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ ধূপগুৰিৰ মুস্হাক আলীৰ জীয়েক আন্তৰাষ্ট্ৰীয় মানপত্র আৰু সোণৰ পদক প্ৰাপ্ত কুংফু খেলুৱৈ হাচিনা বেগমৰ বৰ্তমানৰ দৰিদ্ৰতাৰ বাতৰি প্ৰচাৰ কৰা হৈছিল  দৈনন্দিন বাৰ্তা কাকতত। আৰু তাৰ পিছৰে পৰা বৰ্তমানলৈকে বাতৰিৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। দৈনিক বহু প্ৰিন্ট মিডিয়া  , বৈদ্যুতিন মিডিয়া আৰু পৰ্টেলৰ সাংবাদিক সকলো উপস্থিত হৈ বাতৰি পৰিবেশন কৰা পৰিলক্ষিত হৈছে। ঠিক তেনেদৰে ৰাজনৈতিক দল সংগঠনৰ পৰাও হাচিনা বেগমৰ খবৰ লবলৈ ক্ৰমে লাহৰীঘাট ব্লক কংগ্ৰেছ সেৱা দলৰ সভাপতি ছাইদুল ইছলাম  , কুশতলি মন্ডল বিজেপি সমিতি আৰু যোৱা কালি লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আচিফ নাজাৰেও হাচিনা বেগমৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ বিভিন্ন ধৰণৰ আশ্বাস দি থৈ যায়।অৱশ্যে এই মুহূর্তত হাচিনা বেগমৰ ঘৰত বিশেষ ভাবে আৰ্থিক সাহায্যৰ প্ৰয়োজন যিটো এতিয়াও শূন্য হৈ আছে । আশা কৰা হৈছিল বিধায়ক মহোদয় যেতিয়া খবৰ লবলৈ আহিল নিশ্চয় কিবা এটা আৰ্থিক অনুদান আগবঢ়াব পিছে সেয়া পৰিলক্ষিত নহল। 

নগাঁৱৰ কঠিয়াতলীত তিনিটাকৈ ফুলকুমলীয়া শিশুৰ কৰুণ মৃত্যু : অঞ্চলজুৰি শোক

জিলাৰ লাওখোৱা চাপৰিৰ বগামুখত পিতৃয়ে দুই শিশু সন্তানক বিহ পান কৰোৱাত কৰুণ মৃত্যুক আকোৱালি লোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই আজি জিলাখনৰ কঠীয়াতলীত অঞ্চলত তিনিটা শিশু কৰুণ মৃত্যুক সাবটি লোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। ইয়াৰে ভিতৰত কঠিয়াতলী আৰক্ষী পহৰা চকীৰ অৰ্ন্তগত শিঙ্গাৰা পট্টিত দুই শিশুৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গাঁওখনৰ আবুল হুছেইন আৰু ফৰিদা খাতুনৰ দুই সন্তান ক্ৰমে আফুজা খাতুন (৫) আৰু ফৰিদুল ইচলাম (৩) কালি আবেলিৰে পৰা সন্ধানহীন হৈ আছিল। আজি পুৱা পথাৰলৈ যোৱা লোকে পথাৰৰ পানী জুৱলিত ওপঙি থকা অৱস্থাত শিশু দুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। কেনেকৈ শিশু দুটি পথাৰৰ খাৱৈত পৰি মৃত্যু হ’ল সেইয়া ৰহস্যৰ আবৰ্তত যদিও মৃতদেহ দুটিৰ কাষত সৰু আঠুৱাৰ জাল প্ৰত্যক্ষ কৰি এয়া পথাৰত মাছ মাৰিব আহি হোৱা দূৰ্ঘটনা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ ৰাইজে। স্থানীয় একাংশৰ মতে শিশু দুটিৰ পিতৃ-মাতৃৰ মাজত প্ৰায়ে পাৰিবাৰিক কন্দল সৃষ্টি হৈ আহিছিল।কালিও কোনো বিষয়ত কন্দলৰ সৃষ্টি হৈছিল।অৱশ্যে একাংশ লোকে কম পানীতে শিশু দুটাৰ কেনেদৰে মৃত্যু হ’ল সেই প্ৰশ্ন অৱতাৰণা কৰি এইয়া হত্যাকাণ্ড হ’ব পাৰে বুলিও সন্দেহ কৰিছে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনা তদন্ত আৰম্ভ কৰাৰ লগতে শিশু দুটিৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।আৰক্ষীৰ তদন্তৰ পিছতহে শিশু দুটাৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব ৷ আনহাতে, ৰাঙলু আৰক্ষী পহৰা চকীৰ অৰ্ন্তগত চেংমৰা গাঁৱত এটি শিশুৰ আজি পুৱা কৰুণ মৃত্যু ঘটে। পথাৰত কাম কৰা মোমায়েকক চাহ দি ঘুৰি আহোতেই পথাৰৰ কাষৰ দ পুখুৰীত পৰি মৃত্যু হয় শিশুটিৰ। মৃত শিশুটো মোজ্জামিলআলীৰ পুত্ৰ নুৰ আহমদ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এইদৰে একেদিনাই তিনিটা শিশুৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।

নগাঁৱলৈ সম্প্ৰসাৰণ ‘কন্যাকা’ৰ ব্যৱসায়

থলুৱাভাৱে উৎপাদিত দুগ্ধজাত সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা

নিবনুৱা সকলৰ বাবে আশাৰ বাৰ্তা কঢ়িয়াই অনা শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ‘কন্যাকা’ নামৰ প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰখন নগাওঁ জিলা লৈকে সম্প্রসাৰিত কৰিছে। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গঢ় লৈ উঠা ‘কন্যাকা’ৰ  জৰিয়তে নিবনুৱা যুৱক যুৱতী সকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সকলোৱে জানে। কৃষি কাৰ্য, মীন পালনকে ধৰি অন্যান্য ক্ষেত্ৰত নিবনুৱা সকলক জৰিত কৰি বিধায়ক গৰাকীয়ে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াত থলুৱা ভাৱে উৎপাদিত সামগ্ৰীৰে গঢ়ি তোলা হৈছে এখন বৃহৎ বজাৰ। এই কন্যাকায়ে নিজৰ জিলাৰ সীমাৰ পৰিধি ভাঙি আন জিলাটো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। আন জিলাৰ লগতে নগাওঁ জিলটো কন্যাকাই নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কেন্দ্ৰ স্থাপন কৰিছে। ইয়াৰ অংশ হিচাপে আজি নগাওঁ চহৰৰ মুকুট শৰ্মা চাৰিআলিত কন্যাকাৰ দুগ্ধ সামগ্ৰী বিক্ৰী কৰা এখন মোবাইল ভান মুকলি কৰে নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। এই সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মাই কয়, “চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গঢ়ি উঠা কন্যাকাই উঠি অহা বহু যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ পথ মুকলি কৰিছে। কন্যাকাৰ লগত জৰিত এই সকলে কৃষি কাৰ্য, মীন পালন, হাঁহ-কুকুৰা পালন আদিৰ জৰিয়তে স্বাৱলম্বনৰ এক উৎকৃষ্ট আদৰ্শ দাঙি ধৰিছে। কন্যাকাত উৎপাদিত সামগ্ৰীয়ে ইতিমধ্যে শোণিতপুৰ জিলাৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। কন্যাকাৰ উৎপাদিত দুগ্ধ জাত সামগ্ৰী আজিৰ পৰা নগাঁৱত উপলব্ধ হব।” ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে নিবনুৱা যুৱক-যুৱতী সকলক নিজকে ব্যৱসায়-বাণিজ্য কৃষিকাৰ্য আদিৰ লগত জৰিত হৈ নিজকে স্বাৱলম্বী হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। নগাঁৱৰ সাগৰ শৰ্মা, সৌৰভ শৰ্মা আৰু সুন্দৰ শৰ্মা নামৰ ব্যৱসায়ী তিনিজনে কন্যাকাৰ উৎপাদিত দুগ্ধ জাত সামগ্ৰী সুলভ মূল্যত জনসাধাৰণে ক্ৰয় কৰিব পৰাকৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। তদুপৰি নগাওঁ চহৰত কন্যাকাৰ এটা চেল পইণ্টৰ ব্যৱস্থা কৰিছে। ব্যৱসায়ী তিনিজনৰ এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে।

আজিৰ পৰা সাৱধান : আজিৰে পৰা কাৰ্ফিউ চলি থকাৰ সময়ত সান্ধ্য ভ্ৰমণলৈ নোলাব

▶️গুৱাহাটীত অধিক কঠোৰ হ’ব আৰক্ষী।

▶️সান্ধ্য আইন চলি থকা সময়ত যিসকলে সান্ধ্য ভ্ৰমণ কৰিবলৈ ওলাই আহে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ’ব জিলা প্ৰশাসন।

▶️কঠোৰ হ’ব সান্ধ্য আইনৰ নিয়ম৷

▶️সান্ধ্য আইনৰ সময়ত বাহিৰলৈ ওলালে হ’ব শাস্তি৷

▶️খোজকঢ়া, চাইকেল চলোৱাৰ অজুহাতত ওলালেও পাব শাস্তি৷

▶️গুৱাহাটীত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷

▶️গুৱাহাটীৰ ক’ভিডৰ শেহতীয়া পৰিস্থিতিক লৈ চিন্তিত স্বাস্থ্য বিভাগ৷

▶️গুৱাহাটীবাসীক ক’ভিড বিধি মানিবলৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ আহ্বান৷

▶️ৰাজ্যৰ বিভিন্ন জিলাত সম্পূৰ্ণ লকডাউন জাৰী কৰিলেও মহানগৰীত হোৱা সংক্ৰমণৰ বাবে চিন্তিত স্বাস্থ্য বিভাগ৷

▶️যাৰ বাবে গ্ৰহণ কৰিব পাৰে বিশেষ পদক্ষেপ৷

মোদী মন্ত্ৰীসভাত ১১ গৰাকী মহিলা শক্তি : নতুনকৈ অন্তৰ্ভূক্ত হৈছে ৭ গৰাকী মহিলা মন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভূক্ত হৈছে ৭ গৰাকী মহিলা মন্ত্ৰী।মোদীৰ মন্ত্ৰী সভাত মহিলা মন্ত্ৰীৰ সংখ্যা হ’লগৈ ১১ গৰাকী।নতুনকৈ মন্ত্ৰী হোৱা মহিলা মন্ত্ৰীৰ ভিতৰত আছে মিনাক্ষী লেখি,শোভা কাৰান্দলাজে, অনুপ্ৰিয়া সিং পেটেল, দৰ্শনা বিক্ৰম জাৰদোশ, অন্নপূৰ্ণা দেৱী, প্ৰতিমা ভৌমিক আৰু ডঃ ভাৰতী প্ৰৱীণ পাৱাৰ।ইয়াৰ উপৰিও ইতিমধ্যে মোদীৰ মন্ত্ৰী সভাত মহিলা মন্ত্ৰীৰূপে আছে নিৰ্মলা সীতাৰমণ, স্মৃতি ইৰাণী, সাধ্বী নিৰঞ্জন জ্যোতি আৰু ৰেণুকা সিং ছাৰুতা।কোন মহিলা মন্ত্ৰীৰ কি দপ্তৰ? 👉 মিনাক্ষী লেখি বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।তেওঁ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰু এগৰাকী বিখ্যাত সমাজকৰ্মী।👉 শোভা কাৰান্দলাজে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।কৰ্ণাটকাৰ উড়ুপি চিকমাগালুৰ সমষ্টিৰ সাংসদ আৰু পূৰ্বে কৰ্ণাটক চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল।👉 অন্নপূৰ্ণা দেৱী শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।বিহাৰ আৰু ঝাৰখণ্ডত ৪ বাৰ বিধায়ক আছিল আৰু ঝাৰখণ্ড চৰাকাৰত কেবিনেট মন্ত্ৰীও আছিল।👉 প্ৰতিমা ভৌমিক সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।তেওঁ পেছাত এগৰাকী খেতিয়ক আছিল।👉 ডঃ ভাৰতী প্ৰৱীণ পাৱাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।ৰাজনীতিলৈ অহাৰ পূৰ্বে তেওঁ ডাক্টৰ আছিল।👉 অনুপ্ৰিয়া সিং পেটেল বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।তেওঁ উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰৰ দুবাৰৰ সাংসদ।👉 দৰ্শনা বিক্ৰম জাৰদোশ হ’ল আৰু বস্ত্ৰতাঁত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।তেওঁ গুজৰাটৰ চুৰাট সমষ্টিৰ তিনিবাৰৰ সাংসদ আছিল।

হাজোত গুলীবিদ্ধ ২ দুর্ধর্ষ ডকাইত

কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তর্গত চকামতলীত বুধবাৰে পুৱতিনিশা সংঘটিত এক গুলীচালনাৰ ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ এই গুলীত গুৰুতৰভাৱে আহত হয় দুজন দুর্ধর্ষ ডকাইত৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত দুর্ধর্ষ ডকাইত দুজন হৈছে হাজো আৰক্ষী থানাৰ অন্তর্গত শনিয়াদি মেলেকীপাৰাৰ জাকিৰ আলী আৰু হাবলাখা গাঁৱৰ ফজল হক৷ আৰক্ষী সূত্রে জানিব পৰা মতে, দুর্ধর্ষ ডকাইত জাকিৰ আলী আৰু ফজল হকে ৰাজ্যৰ ভিন্ন প্রান্তৰ গৰু চুৰি, এ টি এম চুৰি, বেংক ডকাইতিৰ নিচিনা অপৰাধৰ সৈতে জডিত হৈ এক আতংকময় পৰিৱেশ সৃষ্টি কৰি আহিছিল৷

ইতিমধ্যে ধৃত এই দুটা ডকাইতৰ বিৰুদ্ধে হাজোৰ লগতে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছিল যদিও আৰক্ষীয়ে ডকাইত দুজনক গ্রেপ্তাৰ কৰিব পৰা নাছিল৷ এক দীর্ঘদিনীয়া প্রচেষ্টাৰ অন্তত আজি পুৱতিনিশা কামৰূপ জিলাৰ শীর্ষ আৰক্ষী বিষয়া আৰু হাজো আৰক্ষী তথা অর্ধসামৰিক বাহিনীৰ জোৱানৰ সহযোগত এক গোপন সূত্রৰ পম খেদি হাজো আৰক্ষী থানাৰ অন্তর্গত মেলকীপাৰাৰ পৰা জাকিৰ আলী আৰু হাবলাখাৰ পৰা ফজল হকক গ্রেপ্তাৰ আৰু ডকাইত দুজনক লগত লৈ পুনৰ আন এজন ডকাইতৰ সন্ধানত ৰামদিয়ালৈ ৰাওনা হয়৷

তেনে সময়তে হাজোৰ চকামতলী নামৰ ঠাইখন পোৱাৰ লগে লগে দুর্ধর্ষ ডকাইত দুজনে আৰক্ষী জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে৷ তেনে সময়তে আৰক্ষীয়ে গুলী কৰাত গুৰুতৰভাৱে আহত হয় দুয়োজন ডকাইত৷ পাছত গুৰুতৰভাৱে আহত দুই ডকাইতক আৰক্ষীয়ে হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়ত ভর্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ সম্প্রতি দুয়ো জি এম চি এইচত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে৷

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত স্থান লাভ সোণাৰিৰ চেংগিজ হাছানৰ

নিজৰ প্ৰতিভাৰ স্বীকৃতি স্বৰূপে সদ্য প্ৰকাশিত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২১ ত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে সোণাৰিৰ এগৰাকী ছাত্ৰ। এটা কণীৰ খোলাত বিশ্বৰ ১৩৮ খন দেশৰ পতাকা অংকন কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে সোণাৰিৰ ছেংগিছ হাছান নামৰ ছাত্ৰ গৰাকীয়ে। এক ঘণ্টা চল্লিশ মিনিট আঠ চেকেণ্ডত ১৩৮ খন দেশৰ পতাকা অংকন কৰি এই সফলতা লাভ কৰিছে ছেংগিজে। সোণাৰিৰ বিশিষ্ট সমাজকৰ্মী ইনামূল হুছেইন আৰু নাজমা বেগমৰ পুত্ৰ চেংগিজৰ এই সফলতাৰ পাছত শেহতীয়াকৈ এছিয়া বুক অফ ৰেকৰ্ডছৰ বাবেও নাম মনোনীত কৰা বুলি জানিব পৰা গৈছে। ডিব্ৰুগড়ত আইনৰ শিক্ষা গ্ৰহণ কৰি থকা চেংগিজৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে অভিভাৱকৰ লগতে শুভাকাংক্ষীসকল। চিত্ৰ শিল্পৰ লগতে ফটোগ্ৰাফী আৰু সংগীত ক্ষেত্ৰখনৰ প্ৰতিও বিশেষ ভাৱে আগ্ৰহী চেংগিজে ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।

গোলাঘাটৰ এগৰাকী ব্যৱসায়ীৰ সুকীয়া পদক্ষেপ

ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ এজন ব্যৱসায়ীয়ে আগবঢ়াইছে সুকীয়া সুবিধা ।  ক’ভিডৰ দুয়োটা পালি প্ৰতিষেধক  গ্ৰহণ কৰা লোকৰ বাবে এই বিশেষ সুবিধা ।   গোলাঘাটৰ এগৰাকী ব্যৱসায়ীয়ে ক’ভিডৰ দুটা পালি লোৱা সকলৰ বাবে আগবঢ়াইছে এক  বিশেষ ৰেহাই। মূল্যবৃদ্ধিত জৰ্জৰিত গোলাঘাটবাসীলৈ গোলাঘাটৰ প্ৰগতি উদ্যোগ  নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ আকৰ্ষণীয় অফাৰ। দুয়োপালি ভেকচিন লোৱা লোকক মিঠাতেলত ৫ টকা আৰু অন্যান্য সা-সামগ্ৰীত ৫% ৰেহাই গোলাঘাটৰ এইখন বিশেষ ব্যৱসায়িক প্ৰতিষ্ঠানৰ। সম্পূৰ্ণ পৰম্পৰাগত পদ্ধতিৰে স্বাস্থ্যসন্মত কৃষিজাত সামগ্ৰীৰ ৰেহাই মূল্যত গ্ৰাহকৰ বাবে উপলব্ধ কৰি চৰ্চাত গোলাঘাটৰ প্ৰদীপ গাৰোডিয়া। নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠানটোত চকুৰ সন্মুখতে মিলত সৰিয়হ পেৰি ৰেহাই মূল্যত মিঠাতেল বিক্ৰী কৰিছে ব্যৱসায়ী জনে। ক’ভিডৰ  এই জটিল সন্ধিক্ষণত এজনে আনজনক সহায়ৰ হাত আগবঢ়োৱা গাৰোডিয়াৰ এই পদক্ষেপক শলাগ লৈছে সকলোৱে।