পুনৰ বহি: ৰাজ্যত ৰহস্য জনক মৃত্যু উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক যুৱতী । উই ৱান্ট জাষ্টিচ , ৰুছে চাংমা আৰু চেমুৱেল চাংমাৰ ৰহস্য জনক মৃত্যুৰ বিচাৰ লাগে আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত ভকতপাৰাত । প্ৰায় ৫ শতাধিক কিশোৰ – কিশোৰী , যুৱক -যুৱতী, পুৰুষ – মহিলাই ৰুছে চাংমা আৰু চেমুৱেল চাংমাৰ আত্মাৰ চিৰ শান্তি কামনাৰে দেওবাৰে সন্ধিয়া বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে বহি:ৰাজ্য হাৰিয়ানাৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত থকাৰ সময়তে ৰহস্যজনক ভাৱে মৃত্যুক আকোৱালি লোৱা নাগালেণ্ডৰ ডিমাপুৰৰ যুৱতী ৰুছে চাংমা আৰু চেমুয়েল চাংমাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি দেওবাৰে নিশা খাৰুপেটীয়াৰ নিকটবৰ্তী ওদালগুৰি জিলাৰ ভকতপাৰাত উক্ত প্ৰতিবাদী কাৰ্যসুচী ৰুপায়ন কৰা হয় ৷ উল্লেখযোগ্য যে ৰুছে চাংমাৰ ভৰিত প্ৰচণ্ড বিষ অনুভৱ হোৱাত হাৰিয়ানাৰ গুৰগাও আলফা হস্পিটেলত ভৰ্তি কৰা হয় । আই চি ইউত থকা ৰুছে চাংমাক আইছক্ৰিম খোৱাই হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰি চিকিৎসকৰ লগত তৰ্কাতৰ্কি কৰি ৰুমলৈ যায় চেমুৱেল চাংমা ।সেই নিশাই ৰুমত চিপজৰী লোৱা অৱস্থাত ৰহস্যজনক ভাৱে উদ্ধাৰ হয় চেমুৱেল চাংমাৰ মৃতদেহ । এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলিছে ভকতপাৰা আঞ্চলিক গাৰো সন্থাই । উক্ত ৰহস্য জনক হত্যা কাণ্ডৰ বিৰুদ্ধে ভকতপাৰা অঞ্চলৰ প্ৰায় পাঁচ শতাধিক গাৰো পুৰুষ মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চিবিআইৰ দ্বাৰা তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত হাতে হাতে প্লেকাৰ্ড ও মমবাতি লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰে পৰিবেশ । লগতে ভোক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ অসম তথা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনায় ভকতপাৰা আঞ্চলিক গাৰো সন্থাৰ লুকেছ মাৰাক , নিচোলাছ চাংমা , কৰ্নেলিউছ চাংমা , আৰ্ছোন চাংমা , প্ৰকাশ মাৰাক , ক্ৰিছটোৰাজ মাৰাক আৰু ৰণে চাংমাই ।
মাংস ব্যৱসায়ীৰ পৰা কথাছবি নিৰ্মাতালৈ দক্ষিণ কামৰূপৰ এজন যুৱক
দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ সৰপাৰা গাওঁৰ নিবাসী তথা উদিয়মান অভিনেতা, পৰিচালক তথা সৰপাৰাৰ বি.টি. চি.ৰ “বৰষা মাংস ঘৰ”ৰ স্বত্তাধিকাৰী মাংস ব্যৱসায়ী হিচাপে পৰিচিত দিৱস দৰ্শনে নিৰ্মাণ কৰিছে এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া কথাছবি। পিতৃ ৰমণী দাস আৰু ৰীণা দাসৰ জ্যেষ্ঠ পুত্ৰ দিৱস দৰ্শন।অতি সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা দিৱস দৰ্শনে সৰুৰে পৰা বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন নাট প্ৰতিযোগীতাত অভিনয়, পৰিচালনা, সংগীত পৰিচালনা কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰ দিৱসে চৰকাৰী চাকৰিৰ আশা নকৰি মাংস ব্যৱসায়ৰ ব্যস্ততাৰ সমান্তৰালকৈ সপোনৰ পম খেদি নিৰ্মাণ কৰিছে অসমীয়া কথাছবি “অমিতাভ”। ২০১৭ চনৰ পৰা পৰ্যায়ক্ৰমে ২০২০ চনলৈ কথাছবিখনৰ দৃশ্য গ্ৰহণ হোৱাৰ লগতে যাৱতীয় কাম সম্পূৰ্ণ হৈ উঠিছে। কিন্তু সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো মহামাৰী ক’ৰণাই সন্ত্ৰাস সৃষ্টি কৰাৰ বাবে কথাছবিখন মুক্তি দিব পৰা নাই। দিৱস দৰ্শনে ৰচনা আৰু পৰিচালনা কৰা “অমিতাভ”কথাছবিখনত অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনিৰ লগতে অৰুণ হাজৰিকা, দেৱজিত মজুমদাৰ, ভাৰ্গৱ কতকী, অমুল্য কুমাৰ, প্ৰতিভা চৌধুৰী, কৌশিক নাথ, প্ৰদ্যুত বিকাশ দাস, ৰাখি শইকীয়া, দীপজ্যোতি মালী, অপুৰ্ব ঠাকুৰীয়া, বলেন চৌধুৰী, ৰোহিনী মহন্ত, পংকজ দেৱান, নৱ প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস, নৱাগত চুহানা ৰহমান, শিশুশিল্পী নৱজিৎ, চুইটি আৰু পৰিনীতাই অভিনয় কৰিছে। উক্ত কথাছবিখনত গুৱাহাটী, পলাশবাৰী, ৰাণী, মিৰ্জা, সৰপাৰা, নতুন লক্ষীটাৰী, অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ চানডুবিৰ লগতে দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত দৃশ্যগ্ৰহণ কৰা ছবিখনৰ উদীয়মান লেখিকা দিক্ষিতাৰ সংলাপ, কৌশিক নাথ আৰু দিৱস দৰ্শনৰ চিত্ৰানাট্য আৰু সংগীত কুশল মিৰ্জাই সুন্দৰ ভাবে পৰিচালনা কৰিছে। ইয়াৰ উপৰিও দিৱস দৰ্শনে দক্ষিণ কামৰূপৰ বৰঢুলিয়া আধাৰত বিশ্বজিৎ কলিতাই ৰচনা আৰু পৰিচালনাৰে নিৰ্মাণ কৰা “ভাৱৰীয়া” কথাছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয়ৰ লগতে প্ৰযোজনা নিয়ন্ত্ৰক হিচাপে থাকি ৰাইজৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। বৰ্তমান সময়ৰপ্ৰতি লক্ষ্য ৰাখি মহামাৰী ক’ৰনাৰ পৰিস্থিতি শিথিল হলেই ৰাইজৰ ওচৰলৈ আহিব কথাছবি অমিতাভ। শিশুৰ পৰা বৃদ্ধলৈ সকলো ৰাইজে উপভোগ কৰিব পৰাকৈ সোনালী অসমৰ পম খেদি অসমৰ গ্ৰামোন্নয়নৰ শিক্ষা, অৰ্থ আৰু মানসিক উন্নতিৰ লক্ষ্য আগত ৰাখি এটি সাৱলীল কাহিনীৰে উপস্থাপনৰ চেষ্টা কৰিছে পৰিচালক দিৱস দৰ্শনে। উল্লেখ যে, “অমিতাভ” কথাছবিখন ছবিখনত প্ৰথমবাৰৰ বাবে অভিনয় কৰিছে দখলাৰ অলকা দাসে। যিগৰাকী অলকা দাসে সাহসিকতা, ধৈৰ্যশীল তথা ব্যক্তিক্ৰমী কৰ্ম চিন্তাৰে আনৰো অনুপ্ৰেৰণা যোগাই আহিছে। তেখেতৰ জীৱন সংগ্ৰাম কৰি জীৱন নিৰ্বাহ কৰিছে। দাসে সমষ্টিৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে গৈ চিলিণ্ডাৰ বিতৰণ কৰি ৰাইজৰ প্ৰশংসা বুটবলৈ সক্ষম হোৱাৰ উপৰিও নিজৰ দক্ষতাৰ জড়িয়তে ৰাজ্য চৰকাৰৰ পৰা বিশেষ বঁটা আৰু আৰ্থিক ভাৱে সহাৰ্য পাবলৈ সক্ষম হৈছে। এইগৰাকী অলকা দাসেও দিৱস দৰ্শনৰ অমিতাভ কথাছবিখনৰ এটি বিশেষ চৰিত্ৰত অভিনয় কৰিছে। সাম্প্ৰতিক সময়ৰ পৰিস্থিতি কিছু শিথিল হ’লেই ‘অভিতাভ’ কথাছবিখন ৰাইজৰ মাজত মুক্ত দিয়াৰ পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিছে পৰিচালক দিৱস দৰ্শনে। আশা কৰিছে দিৱস দৰ্শনে কথাছবিখন অসমবাসী ৰাইজে আকোৱালি ল’ব।
ভূৰাগাঁৱৰ সোণডোবা বিলত মীন আইন অমান্য কৰি মাছ নিধনত নামিছে দুষ্টচক্ৰ
মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সোণডোবা বিলত বিগত কিছুদিন ধৰি এটা দুষ্টচক্ৰই অসম চৰকাৰৰ মীন আইনক ভৰিৰে মোহাৰি দৈনিক কেইবাখনো ঢেকি জালেৰে কণিযুক্ত আৰু পোনা মাছৰ নিধনত নমা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে মীন আইন মতে ১এপ্ৰিলৰ পৰা ১৫ জুলাই লৈকে বিল,জলাশয় আদিত মাছ ধৰা নিষেধ। উল্লেখিত সময়ছোৱা মাছৰ পোনাদিয়া আৰু বংশবৃদ্ধিৰ সময়। তেনে ক্ষেত্ৰত দৈনিক এনেদৰেই কেইবাখনো ঢেকি জালেৰে মীন আইনক ভৰিৰে মোহাৰি সোণডোবা বিলত কণিযুক্ত আৰু পোনা মাছ নিধন কৰা চক্ৰটোৰ বিৰুদ্ধে মৰিগাঁও জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহব্বান জনাইছে অঞ্চলটোৰ ৰাইজে, প্ৰশাসনে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষ্যণীয়।
নগাবন্ধা গাঁওপঞ্চায়তত অগপ আৰু বিজেপিৰ বন্ধুত্বত ছিৰাল ফাটত সভানেত্রীৰ সংবাদ মেল
মৰিগাঁও জিলাৰ লাহৰীঘাটত এইবাৰ অগপৰ পঞ্চায়ত প্ৰতিনিধিক ব্লেক মেইলিঙত নামিল বিজেপি কৰ্মী । জেহিৰুল ইছলাম নামৰ বিজেপি কৰ্মীজনে নগাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী লিলুফা খাতুক ভয় ,ভবুকী দেখুৱাই ব্লেকমেইলিঙ কৰি বৃহৎ অংকৰ ধনদাবী কৰাৰ অভিযোগৰ বিষয়ে সভানেত্ৰী গৰাকীৰ স্বামীয়ে প্ৰকাশ কৰিলে সাংবাদিকৰ আগত। ইয়াকে লৈ লাহৰীঘাটত শাসকী মিত্ৰ দল দুটাৰ মজিয়াত সৃষ্টি হৈছে অস্বস্তিকৰ পৰিবেশ । লাহৰীঘাটৰ বিজেপি কৰ্মী জেহিৰুল ইছলামে অভিযোগ আনিছিল শাসকীয় মিত্ৰদল অগপৰ পঞ্চায়ত সভানেত্ৰী লিলুফা খাতুনে নগাবন্ধা গাঁও পঞ্চায়তত চৰ্তুদশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়নৰ নামত কমিচন ৰাজ চলোবাৰ । জেহিৰুলে ৰাজহুবা কৰিছিল সভানেত্ৰী গৰাকীৰ স্বাক্ষৰ সম্বলিত এখন নথি । সেইখন নথি য’ত লিখা সভানেত্ৰী গৰাকীয়ে এটা ৬ লাখ টকীয়া চি চি ব্লক ৰাস্তা ৰ্নিমাণৰ কামৰ বিপৰীতে ১ লখ ৩০ হাজাৰ টকা কমিচন বন্দবস্ত হৈছিল জেহিৰুল আৰু পঞ্চায়ত সভানেত্ৰীৰ মাজত । এই কমিচনৰ চুক্তি খন ৰাজহুবা কৰাৰ পিছতে হাহাকৰ লাগে সভানেত্ৰী লিলুফা খাতুনৰ । এনেদৰে বিজেপি কৰ্মী জেহিৰুল এনে কাৰ্য ষড়যন্ত্ৰ আখ্যা দি পঞ্চায়ত সভানেত্ৰী গৰাকীৰ স্বামীৰ প্ৰতি অভিযোগ বিভিন্ন সময়ত জেহিৰুল ইছলাম নামৰ বিজেপি কৰ্মীজনে ভয় , ভাবুকী দি ধন দাবী কৰি আহিছে । এই জন জেহিৰুলে পঞ্চায়তৰ ৰ্দুনীতি ফাদিল কৰাৰ ভাবুকী দি ২ লাখ টকা দাবী কৰিছিল । দাবী কৰা ধন নিদিয়াত পঞ্চায়ত সভানেত্ৰী কাৰ্যালয় পেড চুৰ কৰি নি নিজেই কমিচনৰ চুক্তি খন প্ৰস্ত্তত কৰে । এই সমস্ত ঘটনা সন্দৰ্ভত জেহিৰুলৰ বিৰুদ্ধে লাহৰীঘাট থানাত ৪১৪ / ২১ এটা গোচৰ পঞ্জীয়ন হৈছে ইতিমধ্যে । উল্লেখ্য যে পঞ্চায়তত কাম দিয়াৰ বিনিময়ত কমিচন বন্দবস্তিৰ দৰে অনিয়ম এটা এনেদৰে চুক্তিৰ বিষয়টো কিমান গ্ৰহণ যোগ্য । প্ৰকৃত ঘটনা কি , কোন সঁচা কোন মিছা এই সকলোবোৰ আৰক্ষীৰ তদন্তৰ অন্তত হে উত্তৰ উলাব ।
বালিপৰাৰ ১৮ মাইল অকাবস্তিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ নিচাজাতীয় দ্ৰৱ্যৰ বিৰুদ্ধে কঠোৰ অভিযান চলি থকাৰ মাজতে যোৱা কালি শোণিতপুৰ জিলাৰ বালিপাৰাস্থিত ১৮ মাইল অকাবস্তিত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। ৰাজ্যজুৰি অসম আৰক্ষীয়ে অপৰাধ,হিংসাৰ কাৰক হিচাপে ড্ৰাগছ,অবৈধ সুৰা নিৰ্মূল কৰাৰ অভিযান চলাই আহিছে যদিও অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ অবাধ বেহা। যোৱা কালি এক গোপন সূত্ৰৰ পম খেদি শোণিতপুৰ চাৰিদুৱাৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া আলিমুদ্দিন আলিৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই ১৮ মাইলৰ অকাবস্তি গাঁৱৰ পৰা বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। অকাবস্তিৰ এখন গেলামালৰ দোকানত দীৰ্ঘদিনৰ পৰা চলাই আহিছিল এই অবাধ বেহা বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। ঘটনা সন্দৰ্ভত গেলামাল দোকানী নৌচাদ আলি নামৰ এজনক গ্ৰেপ্তাৰ।
মৰিগাঁওৰ সাংস্কৃতিক দিশত আগবঢ়া এটি পৰিয়াল নাই কোনো আনুস্থানিক শিক্ষা
মৰিগাঁও নাওকাটা গাৱৰ এজন ব্যক্তি নাম পৱন বৰা ।এসময়ৰত অনাতাৰ কেন্দ্র পৰা অসমৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বাহিৰত গীত পৰিৱেশন কৰি ক্ষ্যাতি অর্জন তথা অনাতাঁৰ কেন্দ্ৰৰ যুৱবানী অনুষ্ঠানত কেইবাবাৰু অশংগ্ৰহন কৰা এগৰাকী শিল্পী তেওঁ কন্ঠত দিহানাম,ড.ভুপেন হাজৰিকা ,মহেন্দ্র হাজৰিকাৰ গীত তেওঁৰ কন্ঠত এতিয়াও সুন্দৰকৈ নিগৰি আহে। চৰকাৰী সুবিধাৰ পৰা বঞ্চিত সাংস্কৃতিক দিশত আগবঢ়া পৰিয়ালটি। তেওঁ নাপালে চৰকাৰে প্ৰদান কৰা শিল্পী পেঞ্চন।
কেৱল তেওঁয়েই নহয় তেওঁৰ একমাত্র পুত্র দিব্যজ্যোতি বৰাৰ কন্ঠইও মুগ্ধ কৰিব আপোনাক।কিন্তু নাই কোনো আনুস্থানিক সংগীত শিক্ষা। ইতি মধ্যে চছিয়েল মেডিয়াত সংগীত পৰিৱেশন কৰি নিহাৰ প্রতিম নামেৰে সকলোৰে পৰিচিত হৈ পৰিছে যুৱক জন দেউতাকৰ দৰে আছে অলেখ সপোন ।লাগে মাত্ৰ এখন মঞ্চ।
চাকৰিৰ বিজ্ঞাপনক লৈ ‘অইল’ক পৰেশ বৰুৱাৰ সকীয়নি
ৰাজ্যৰ সকলো যোগ্য প্রার্থীৰ বাবে মুকলি কৰক নিযুক্তি প্রক্রিয়া
তৈল প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ নিযুক্তি প্রক্রিয়া ৰাজ্যৰ থলগিৰি সকলো প্রার্থীৰ বাবে মুকলি ৰাখিবলৈ সকীয়াই দিছে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ শেহতীয়াকৈ অইলে প্রকাশ কৰা নিযুক্তিৰ বিজ্ঞাপনক লৈ প্রতিক্রিয়া প্রকাশ কৰি সেনাধ্যক্ষ বৰুৱাই কয় যে অসমৰ প্রাকৃতিক সম্পদসমূহৰ প্রকৃত অধিকাৰী অসমৰ থলগিৰি জনসাধাৰণ৷ সেয়েহে এই সম্পদসমূহৰ ওপৰত গঢ় লৈ উঠা উদ্যোগ প্রতিষ্ঠানসমূহৰ চাকৰিৰ লগতে অন্যান্য সা–সুবিধাসমূহ উপভোগ কৰিবলৈ পোৱাটো প্রতিজন থলগিৰিৰ অধিকাৰ৷ উল্লেখ্য যে শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডে প্রকাশ কৰা এক নিযুক্তি বিজ্ঞাপন অনুসৰি অসমৰ চাৰি জিলা ক্রমে তিনিচুকীয়া, ডিব্রুগড়, চৰাইদেউ, শিৱসাগৰ আৰু অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ প্রার্থীৰ পৰাহে আবেদন বিচাৰিছে৷
অইলৰ এই কার্যত ক্ষুণ্ণ হৈ পৰা আলফা (স্বাধীন)–এ এক বিবৃতিত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি কয়– ‘উক্ত চাৰি জিলা আৰু অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ প্রার্থীসকলৰ বাবেহে চাকৰি মকৰলৰ জাননী জাৰি কৰি বাকী জিলাৰ যোগ্য প্রার্থীসকলক এই সুবিধাৰ পৰা বঞ্চিত কৰা আমাৰ দৃষ্টিগোচৰ হৈছে৷ অইল ইণ্ডিয়া লিমিটেডৰ এনে পক্ষপাতমূলক কার্যৰ বিৰোধিতা কৰিছোঁ৷ অইল ইণ্ডিয়া লিমিটেডে চাকৰি মকৰলৰ ক্ষেত্রত কেৱল এই চাৰি জিলাৰ প্রার্থীক সুবিধা প্রদান কৰাৰ পৰিৱর্তে আর্থিক দৈন্যৰ প্রতি লক্ষ্য ৰাখি সমগ্র অসমৰ থলুৱা যোগ্য প্রার্থী উপকৃত হ’ব পৰাকৈ ব্যৱস্থা গ্রহণ কৰক৷’
আলফাৰ দাবী আশ্চর্যজনকঃ মৰাণ ছাত্র সন্থা
অইল ইণ্ডিয়া লিমিটেডে শেহতীয়াকৈ প্রকাশ কৰা কানিষ্ঠ সহায়ক পদৰ বিজ্ঞাপনৰ ক্ষেত্রত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ বক্তব্য সন্দর্ভত সদৌ মৰাণ ছাত্র সন্থাই প্রতিক্রিয়া প্রকাশ কৰিছে৷ সদৌ মৰাণ ছাত্র সন্থাৰ সভাপতি নৱ মৰাণ আৰু সাধাৰণ সম্পাদক মুনীন দুৱৰাই এক প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে প্রতিক্রিয়া প্রকাশ কৰি কয় যে অইল ইণ্ডিয়া লিমিটেডৰ অপাৰেচন এলেকা হিচাপে বর্তমান তিনিচুকীয়া, ডিব্রুগড়, শিৱসাগৰ, চৰাইদেউ জিলাৰ লগতে অৰুণাচল প্রদেশৰ চাংলাং জিলাত খনন, উৎপাদন আৰু পৰিবহণ কার্য চলাই আহিছে৷ তেনেস্থলত অইল ইণ্ডিয়াৰ যিমানবোৰ নিযুক্তি দিয়া হয়, সেয়া কেৱল অইল অপাৰেচন অঞ্চলৰ পৰাই নিযুক্তি প্রদান কৰিব লাগে৷
সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ তৰফৰ পৰা নিযুক্তিৰ ক্ষেত্রত অসমৰ সকলো থলুৱাক সমভাৱে বিবেচনা কৰিবৰ বাবে যি দাবী উত্থাপন কৰিছে, সেয়া সদৌ মৰাণ ছাত্র সন্থাই আশ্চর্যজনক বুলি মত প্রকাশ কৰিছে৷ অসমৰ সকলো খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ সমমর্যাদা আৰু সমবিকাশৰ মতাদর্শৰে পৰিচালিত সদৌ মৰাণ ছাত্র সন্থাই গোষ্ঠীগত সংকীর্ণতা নেওচি আগুৱাই গৈছে৷ তৎসত্ত্বেও আলফা (স্বাধীন)ৰ এনে আহ্বান বাস্তৱসন্মত নহয়৷ অইল ইণ্ডিয়া লিমিটেডৰ অইল তৈলক্ষেত্র স্থাপনৰ ফলত হাজাৰ হাজাৰ কৃষিভূমি চিৰদিনৰ বাবে হেৰুৱাই পেলোৱা, চিৰকাল প্রদূষণৰ কবলত পতিত হোৱা ৰাইজৰ সমবেদনা বাহিৰত থাকি কোনোৱে উপলব্ধি কৰিব নোৱাৰে৷
মৰাণ অধ্যুষিত বাৰেকুৰি, বাঘজান, মামৰণি, লাংকাছি, শুকানি, হেবেদা আদি অঞ্চলৰ কৃষিজীৱী ৰাইজ কেনেদৰে অইলৰ দ্বাৰাই সর্বস্বান্ত হ’ল, সেই কথা স্বচক্ষুৰে নেদেখা মানুহে বুজি পাব নোৱাৰে৷ সমান্তৰালভাৱে ডিব্রুগড়, শিৱসাগৰ, চৰাইদেউ, অৰুণাচলৰ চাংলাং জিলা আদিসমূহৰ ভূমিপুত্রসকলৰ তৈলক্ষেত্র সম্প্রসাৰণৰ ফলত ধ্বংসমুখী সমাজ জীৱন কটাব লগা হৈছে৷ তৎসত্ত্বেও অইল কর্তৃপক্ষই এই বৃহৎ জনগণৰ প্রতি নিযুক্তিৰ দিশতেই নহয়, সামাজিক দায়বদ্ধতাৰ অধীনত কৰিবলগীয়া উন্নয়নমূলক কর্মক্ষেত্রতো প্রতাৰণা কৰি আহিছে৷ গতিকে এনে প্রতাৰণা ওৰ পৰিব লাগিব বুলি সদৌ মৰাণ ছাত্র সন্থাই ব্যক্ত কৰিছে৷ তৈলক্ষেত্রসমূহৰ ফলত ক্ষতিগ্রস্ত হোৱা ৰাইজৰ সকলো ক্ষেত্রতে আলফা (স্বাধীন)–এ মাত মতা উচিত বুলি সদৌ মৰাণ ছাত্র সন্থাই বিবেচনা কৰে৷ গতিকে অইল অধ্যুষিত অঞ্চলৰ ক্ষতিগ্রস্ত হোৱা যোগ্যতাসম্পন্ন প্রার্থীসকলক নিযুক্তি প্রদানৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ খালী হৈ থকা সকলো পদ শীঘ্রে পূৰণ কৰিবলৈ অইল ইণ্ডিয়াক সদৌ মৰাণ ছাত্র সন্থাই দাবী জনাইছে৷
অৰুনাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণৰ ফলত ডুবিল চিলাপথাৰৰ মুক্তিয়াৰ পঞ্চায়তৰ বহু অঞ্চল
যোৱা নিশা চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণৰ ফলত ঘঘৰা নদীয়েদি নামি অহা পানীৰ ধলে ডুবাই ৰাখিছে চিলাপথাৰৰ মুক্তিয়াৰ পঞ্চায়তৰ বহু অঞ্চল৷ পুৱাৰ ভাগত অহা প্ৰবল বানে মুক্তিয়াৰ পঞ্চায়তৰ মহাৰাণীপুৰ, ২ নং কমলপুৰ, ১ নং কাকোবাৰী, বোকাবিল, কাকোবাৰী কমলপুৰ, দহঘৰীয়া আদি গাঁও ডুবাই ৰখাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰে৷ বানৰ ফলত চিলাপথাৰ নগৰলৈ কাম কৰিবলৈ অহা শ্ৰমিক-কৰ্মচাৰীসকল কৰ্মস্থলীলৈ আহিব নোৱাৰিলে৷ সম্প্ৰতি সম্পূৰ্ণ বাঢ়নী পানীৰ তলত বাসগৃহ, খেতিপথাৰ, পথ আদি৷ প্ৰতিবছৰে এনেদৰে ঘঘৰা নদীৰ বাঢ়নী পানীৰ ফলত সৰ্বশ্ৰান্ত হোৱা বৃহৎ অঞ্চলৰ ৰাইজে বিজ্ঞানসন্মতভাৱে বান সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰক দাবী জনাইছে৷
আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত আজি কিছু শিথিলতা :এখন জিলাৰ পৰা আন এখন জিলালৈ কৰিব পাৰিব যাতায়ত
উপযুক্ত প্ৰমাণ দেখুৱাই কৰিব পাৰিব যাতায়ত,কেৱল পৰীক্ষাৰ্থীৰ বাবে এটা দিনৰ বাবে এই সুবিধা প্ৰদান,টুইটযোগে এই কথা জনাইছে জি পি সিঙে
খৰাঙৰ কবলত পৰিছে ওৰাং মৌজা :পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নাই
পুনৰ খৰাঙৰ কবলত পৰিছে ওদালগুৰি জিলাৰ ওৰাং মৌজা ।প্ৰতিদিনে মেঘে ওন্দোলাই আছে যদিও পৰ্যাপ্ত পৰিমাণে বৰষুণ হোবা নাই । ফলত আহাৰৰ প্ৰথমটো সপ্তাহতো মাজবাট ৰাজহ চক্ৰৰ অধীনস্থ ওৰাং মৌজাৰ কৃষক সকলে শালীধানৰ কঠিয়া এতিয়ালৈকে ৰুব পৰা নাই। জলসিঞ্চনৰ ব্যৱস্থা নথকা মৌজাটোৰ কৃষক সকলে অইন বছৰ জেঠৰ শেষ আৰু আহাৰৰ প্ৰথম সপ্তাহত শালিধানৰ কঠিয়া ৰুই বছৰৰ প্ৰথমটো গোজ মাঙ্গলিক অনুষ্ঠানেৰে আৰাম্ভ কৰে যদিও এইবেলি পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নোহোৱাৰ বাবে এই পৰ্যন্ত এমুঠি শালী ধানৰ কঠীয়া ৰুব পৰা নাই কৃষক সকলে ।পুৰ্বতে মেচিনেৰে পানী সিচিঁ কঠিয়া পাৰি শালিধান ৰুবলৈ কৃষক সসকলে মাটি তৈয়াৰ কৰি লৈছিল যদিও বৰষুনৰ অভাবত আজি পৰ্য্যন্ত শালিধান ৰুব পৰা নাই ওৰাং মৌজাৰ কৃষক সকলে। উপায়ন্তৰ হৈ ৭০ মাজবাট বিধান সভা সমষ্টিৰ ওৰাং মৌজাৰ কৃষ্ণক সকলে মূৰে কপালে হাত সাবতি বহি থাকিবলগীয়া হৈছে । কাৰন ৭০ শতাংশ কৃষকে বৰষুন পানীৰে কৃষি কাৰ্য্য সমাপন কৰে ।যদিও এইবেলি বৰষুণৰ অভাবত এই পৰ্য্যন্ত এদৰা মাটি ৰুব পৰা নাই ওৰাং মৌজাৰ কৃষক সকলে । এনেদৰে আৰু এসপ্তাহ যদি ওৰাং মৌজাত বৰষুণ নিদিয়ে তেনেহলে কৃষক সকলক খাদ্য সংকটত পৰাটো নিশ্চিত ।











