ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত মাচুল বৃদ্ধিক লৈ সৰৱ বিশ্ববিদ্যালয়ৰ আছু গোট। চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ অধীনত অধ্যয়নৰ নামত লক্ষাধিক টকা মাচুল আদায়ক লৈ বিমোৰত ছাত্ৰ-ছাত্ৰী। ২০২০ চনতে বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালকে ৫০ শতাংশ মাচুল হ্ৰাসৰ বাবে দিয়া নিৰ্দেশনাৰ পিছতো লক্ষাধিক টকা নামভৰ্তিৰ নামত পৰিশোধ কৰিবলগীয়া কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটোৰ বি টেক শিক্ষাৰ্থীসকলে। ইয়াকে লৈ আজি প্ৰতিবাদত নামিল বিশ্ববিদ্যালয়ৰ আছু গোট।
কৃত্ৰিম বানত বুৰ গ’ল পুৰণিগুদাম জনবহুল পথ
এজাক মাত্ৰ বৰষুণ! সেই বৰষুণ জাকতেই কৃত্ৰিম বানত বুৰ যায় নগাঁও জিলাৰ পুৰণিগুদামৰ এটা জনবহুল পথ৷নগাঁঁও জিলাৰ পুৰণিগুদাম আৰু ৰূপহীহাটকে ধৰি কে’বাখনো গাঁও সংযোগ কৰা অতি গুৰুত্বপূৰ্ণ পুৰণিগুদাম ৰূপহীহাট সংযোগী গড়কাপ্তানী পথটোৰ কৃত্ৰিম বান বুৰ যোৱাৰ লগতে পথটো জৰাজীৰ্ণ অৱস্থাৰ বাবে ৰাইজৰ অসুবিধাৰ সৃষ্টি হৈছে৷ এই জনবহুল পথটোৰে প্ৰতিদিনে শিশু-মহিলা,বৃদ্ধ,বেহা-বেপাৰ কৰা লোককে ধৰি নিকটৱৰ্তী গাঁও সমূহৰ বহু সংখ্যক লোকে বিপদসংকুলভাৱে যাতায়ত কৰি আহিছে৷ অতি গুৰুত্বপূৰ্ণ পথটোৰ এনে দুৰৱস্থাই এতিয়া সকলোকে জীয়াতু ভোগাইছে৷ বিশেষকৈ পুৰণিগুদাম কেঞাপটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেঞাপট্টী দলঙলৈকে পথচোৱা বিগত প্ৰায় পাঁচ বছৰ ধৰি জৰাজীৰ্ণ হৈ পৰাৰ বাবে এতিয়া এজাক মাত্ৰ বৰষুণতে একাঁঠু পৰ্যন্ত পানী হোৱাৰ ফলত পথচাৰীসকলৰ লগতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচোৱাৰ দুয়োকাষে থকা ক্ষুদ্ৰ ব্যৱসায়ীসকল৷ বৰষুণ হোৱাৰ পিছত কোনো নলা-নৰ্দমা নথকা পথচোৱা নিমিষতে পানীৰে উপচি পৰাৰ বাবে গ্ৰাহক সকলে দোকান সমূহত প্ৰৱেশ কৰিব নোৱাৰা হয়। ক’ভিড সৃষ্ট পৰিস্থিতিৰ মাজতো চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া সময়সীমাৰ ভিতৰত দোকান খুলিও লোকচানৰ সন্মুখীন হয় ব্যৱসায়ীসকল। উপায়ন্তৰ হৈ শীঘ্ৰেই উক্ত পথচোৱা মেৰামতি কৰাৰ লগতে পথৰ দাঁতিত উপযুক্তভাৱে নলা-নৰ্দমাৰ নিৰ্মাণ কৰি সংশ্লিষ্ট গড়কাপ্তানী বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ক্ষুদ্ধ একাংশ স্থানীয় ৰাইজৰ লগতে ভুক্তভোগী ক্ষুদ্ৰ ব্যৱসায়ীসকলে সজোৰে দাবী উত্থাপন কৰিছে৷
একেটা পথৰ নামত লাখ লাখ টকা আচনি আবন্টন দি লুণ্ঠন ওজাগাও গাওঁ পঞ্চায়তত ,পথৰ মাজত কঠিয়া ৰুই ৰাইজৰ প্ৰতিবাদ
দৰঙৰ পূৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওজাগাও গাওঁ পঞ্চায়তত আচনিৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম। পথ নিৰ্মাণৰ নামত বছৰে বছৰে লাখ লাখ টকা আবন্টন দি চলাই আছে লুণ্ঠন। গ্ৰামাঞ্চলৰ উন্নীতকৰণৰ স্বাৰ্থত বিভাগীয় কৰ্তৃপক্ষই বৃহৎ পৰিমাণৰ ধন আবন্টন দিয়ে যদি তাৰে অধিকাংশ ধন পঞ্চায়ত প্ৰতিনিধিকে আদি কৰি বিভাগীয় কৰ্মচাৰীৰ পকেটত সোমাৱাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি পূৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওজাগাও গাওঁ পঞ্চায়তৰ ১০নং ওৱাৰ্ড আৰু ৯নং ওৱাৰ্ডৰ মাজেৰে যোৱা পথৰ নামত সংঘটিত হৈছে অনিয়ম। গাঁৱৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে বিভাগীয় কৰ্তৃপক্ষই ২০২০-২১ বৰ্ষৰ এমজিএনৰেগা আচনিৰ অধিনত Earthen Bundh From Jholoman Ali House to Majibar Rahman Via Abul Hussain at Ozagaon Under MGNREGA 2020-21 বৰ্ষৰ এমজিএনৰেগা আচনিৰ নামত সাত লাখ একানব্বৈ হাজাৰ টকা আবন্টন দিছে যদিও চৰকাৰী প্ৰাক-কলনৰ নিয়ম নীতি উলংঘা কৰি নামমাত্ৰ কাম কৰি অধিকাংশ ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে।যাৰ ফলত বৰষুণৰ পানী জমা হৈ বোকাময় সৃষ্টি হোৱাত যমৰ যাতনাত ভুগাইছে ৰাইজক।আনহাতে যোৱা বৰ্ষতো উক্ত পথৰ নামত লাখ লাখ টকা আবন্টন দি আত্মসাত কৰিছিল পঞ্চায়ত প্ৰতিনিধিয়ে। যমৰ যাতনাত ভুগা স্থানীয় ৰাইজে অসম চৰকাৰ হায় হায়,আমাৰ ৰাস্তা ভাল কৰি দিয়ক,আচনিৰ নামত দুৰ্নীতি বন্ধ কৰক,দুৰ্নীতি গ্ৰস্থ কৰ্মচাৰী মুৰ্দাবাদ আদি ধ্বনি দি পথটোৰ মাজত কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। এক গোপনসুত্ৰে জানিব পৰা মতে গাওঁ পঞ্চায়তখনৰ জি আৰ এছ,এগ্ৰীকেটেড ইঞ্জিনীয়াৰ, কণিষ্ঠ অভিযন্তা আদি বিষয়া কৰ্মচাৰী সকলে প্ৰতিটো আচনিৰ বাবদ মোটা অংকৰ কমিচন লৈ ৰূপায়িত হোৱা আচনি সমূহ পৰিদৰ্শন নকৰাকৈয়ে বিল পাছ কৰি দিয়াৰ অভিযোগ। যাৰ ফলত ঠিকাদাৰৰূপি জনপ্ৰতিনিধিয়ে আচনিৰ নামত লাখ লাখ টকা লুণ্ঠন কৰিবলৈ সক্ষম হৈছে। ওজাগাও গাওঁ পঞ্চায়তত আচনিৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰূদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী স্থানীয় ৰাইজৰ।
টঙনাত পুত্ৰই হত্যা কৰিলে পিতৃক
তিনিচুকীয়া জিলাৰ টঙনা আৰক্ষী থানাৰ অন্তৰ্গত টঙনা চাহ বাগিছাৰ ১৮নং লাইনত কালি এক লোমহৰ্ষক হত্যা কাণ্ড সংঘটিত হয় ৷ বাগিছাখনৰ ১৮ নং লাইনৰ জিতেন প্ৰজাক পুত্ৰই নিজ গৃহতে দাহেৰে ঘপিয়াই হত্যা কৰে ৷ পাৰিবাৰিক সংক্ৰান্তীয় কাৰণতে পুত্ৰ জগনাথ প্ৰজাই (২০) চাহগছ কলম দিয়া দাহেৰে ঘপিয়াই, ৰেপি ৰেপি লোমৰ্হষক ভাবে হত্যা কৰে পিতৃ জিতেন প্ৰজাক (৪৫) ৷কালি দিনৰ ভাগতে শুই থকা অৱস্থাতে সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনাতো বহু পলমকৈ টঙনা আৰক্ষীক খবৰ দিয়াত নিজ গৃহৰ পৰা মৃতদেহ চমজি লোৱাৰ লগতে ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে হত্যাকাৰী জগনাথ প্ৰজাক ৷ পৰিয়ালত পত্নী, কণ্যা, পুত্ৰক পিতৃ জিতেন প্ৰজাই মানসিক, শাৰীৰিক ভাবে অত্যাচাৰ কৰি আহিছিল বাবে হত্যা কাণ্ডটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷
বকো বন বিভাগৰ বৃহৎ সফলতা: বৃহৎ পৰিমানৰ চোৰাং কাঠভৰ্তি নম্বৰপ্লেট বিহীন ট্ৰাক জব্দ
পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চল সমূহত বন মাফিয়াৰ বনাঞ্চল ধ্বংস কাৰ্য অব্যাহত থকাৰ মাজতে এই বনধ্বংস ৰুধিবলৈ বনকৰ্মীয়েও অব্যাহত ৰাখিছে দিনে নিশাই অভিযান ৷ বিশেষকৈ বকোস্থিত শিংৰা বনাঞ্চলিকৰ বনৰক্ষী বাহিনীয়ে নিদ্ৰাহৰণ কৰিছে দক্ষিণ- পশ্চিম কামৰূপৰ লগতে মেঘালয় ৰাজ্যৰো চোৰাং কাঠ ব্যৱসায়ীৰ ৷ সোমবাৰে পুৱতি নিশাও বকোৰ বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে এক অভিযান চলাই লাভ কৰে বৃহৎ সফলতা ৷ জব্দ কৰিবলৈ সক্ষম হয় মেঘালয়ৰ পৰা অহা বৃহৎ পৰিমানৰ চোৰাং কাঠভৰ্তি নম্বৰপ্লেট বিহীন এখন ট্ৰাক ৷ বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়া আব্দুল ৰৌফ আহমেদৰ নেতৃত্বত বকোৰ বনৰক্ষী বাহিনীয়ে বন্দাপাৰা বনাঞ্চলিকৰ বনকৰ্মীৰ সহযোগত পুৱতি নিশা প্ৰায় চাৰে তিনি বজাত চলায় এই সফল অভিযান । এক বিশেষ গোপন সূত্ৰৰ পম খেদি বনৰক্ষী বাহিনীৰ নিয়মীয়া টহলদাৰী এই দলটোৱে যৌথভাৱে চলোৱা অভিযানত মেঘালয়ৰ পৰা অহা চোৰাং কাঠভৰ্তি ট্ৰাকখনৰ শুংসূত্ৰ বিচাৰি বকোৰ পশ্চিম প্ৰান্তৰ হেকৰাৰ পৰা ট্ৰাকখন জব্দ কৰাবলৈ সক্ষম হয় ৷ ইফালে,বনৰক্ষী বাহিনীৰ আগমন দেখা পাইয়ে ট্ৰাকখনৰ চালকজন এন্ধাৰৰ সুযোগ লৈ পলাই সাৰে ৷ ইফালে, বকো বনাঞ্চলিক বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, চোৰাং কাঠ খিনি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা আনি চোৰাং ব্যৱসায়ীয়ে মালিবাৰী পৰা ব্ৰক্ষ্মপুত্ৰ হৈ বৰপেটালৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল। জব্দ হোৱা চোৰাং কাঠখিনিৰ মূল্য প্রায় লক্ষ্যাধিক টকা হ’ব বুলি জানিব পৰা গৈছে।
বকোত ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়তে কোভিড প্ৰ’টকল ভংগ
চৰকাৰী দণ্ডাধিকাৰীয়ে প্ৰ’টকল গঢ়ে আৰু ভাঙে।
ক’ৰোণা মহামাৰীৰ আতংকৰ বাবে চৰকাৰে ঘোষণা কৰিছে কোভিড প্ৰ’টকল।চৰকাৰী কোভিড প্ৰ’টকল অনুসৰি নিৰ্দিষ্ট জিলাত ১২ বজালৈ দোকান পোহাৰ তথা বজাৰ খুলা আৰু ১ বজাৰ পৰা সান্ধ্য আইন বলবৎ। ইফালে প্ৰশাসনৰ কাঢ়া নিৰ্দেশ মতে ৰাজহুৱা স্থানত একাধিক ব্যক্তিয়ে জুম কৰিব নোৱাৰিব ; সামাজিক দুৰত্ব বজাই ৰাখিব লাগিব।মহামাৰী বিধৰ অধিক সংক্ৰমণ নহ’বলৈ বজাৰ ঘাট বন্ধ কৰা হৈছে। কিন্তু কামৰূপ জিলাৰ বকোত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে ভাঙিছে মহামাৰী কোভিড প্ৰ’টকল।
উল্লেখ্য যে ; প্ৰধান মন্ত্ৰী কিষাণ আঁচনি খনৰ চৰকাৰী ধন লাভ কৰিবলৈ জমা দিব লগা নথি পত্ৰ সমুহ ঠিক ঠাক কৰিবলৈ গাওঁৰ ৰাইজ হিল দোল ভাঙি ওলাই আহিছে দলে দলে। এই দৃশ্য কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ। আজি কেৱাদিনো ধৰি বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু ৰাজহ আদায় লোৱা মৌজাদাৰ কাৰ্য্যালয়ত এনেদৰে ভিৰ হৈছে যে পান জাপা দি জাপ খাই ভিৰ কৰিছে কাৰ্য্যালয় দুয়োটাতে। ইয়াৰ পিছতে নথি পত্ৰ সমুহ ফটোষ্টেট উলিয়াবলৈ ফটোষ্টেট দোকান অথবা চেন্টাৰ বোৰত ভিৰৰ দৃশ্য দেখিলে অনুমান হয় কোভিড পজিটিভ ৰোগীৰ সংখ্যা বঢ়াবলৈ ৰাজ্য চৰকাৰৰ কৃষি বিভাগে ঠিকা লৈছে।
ক’ৰোণা কালৰ এই মহা আতংকৰ সময়ত চৰকাৰে কিয় এই আচঁনিৰ ধন মোকলাৱ বিছাৰিছে। ইয়াৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি নেকি বুলি বকোৰ সমাজ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে । আনহাতে এফালে চৰকাৰৰ মুখ্যমন্ত্ৰী ; স্বাস্থ্য মন্ত্ৰী আৰু বৰমুৰীয়া সকলেই কোভিড প্ৰ’টকল নমনাৰ বাবে সাধাৰণ জনতাক শাস্তি প্ৰদান কৰে আৰু এফালে চৰকাৰৰ বৰমুৰীয়াৰ কাৰ্য্যালয়তেই নিয়ম ভংগ কৰি জনতাৰ থেলা হেছাৰ ভিৰ কৰাৰ ব্যৱস্থা কৰে। এয়া বাৰু কেনেকুৱা চৰকাৰৰ কোভিড প্ৰ’টকল নীতি। এই লৈ শংকিত হৈ পৰিছে বকোৰ জনসাধাৰণ।
বাক্সাত কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কাৰ্যবাহী সদস্য ঘনশ্যম দাসৰ
কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে আজি বিটিচি প্ৰশাসনৰ কৃষি বিভাগে বাক্সা জিলাৰ মুছলপুৰত ৰাজ্যিক নিজস্ব অগ্ৰাধিকাৰ আঁচনিৰ অধীনত কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷ এই উদ্দেশ্যে আজি জিলাখনৰ কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক সভাত পাৱাৰ টিলাৰসমূহ বিতৰণ কৰে বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ৷ জিলা কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা অমল দত্তই আঁত ধৰা সভাখনত অংশ লৈ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে কয় যে আগন্তুক সময়ত বিটিআৰ অঞ্চলৰ কৃষকসকলে যাতে বছৰত তিনিটা খেতি কৰিব স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে কৃষক সকলক বিটিচি চৰকাৰে পাৰ্যমানে সহায়-সহযোগিতা আগবঢ়াবলৈ সদায় সাজু আছে ৷ ইয়াৰ অংশ হিচাপে আজি বাক্সা কৃষি সংমণ্ডলৰ অন্তৰ্গত বাক্সা আৰু ওডালগুৰি জিলাৰ কৃষক সকলৰ মাজত ৫২ খনকৈ পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷ তেওঁ লগতে কয় যে বিটিআৰ অঞ্চলৰ কৃষক সকলে আজি মৰণা মৰা যন্ত্ৰ, ধান কঁটা যন্ত্ৰ আদিৰ অভাৱৰ বাবে কৃষকসকলে প্ৰয়োজনীয় ফচল উৎপাদনৰ পৰা বঞ্চিত হৈ আছে ৷ পূৰ্বৰ বিপিএফ চৰকাৰৰ শাসন কালত বিটিআৰ অঞ্চলৰ প্ৰকৃত কৃষক সকলে তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে ৷ কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিচি চৰকাৰৰ দিনত এনেধৰণৰ দুৰ্নীতিক এতিয়া প্ৰশ্ৰয় দিয়া নহব ৷ এতিয়া সেই সকল কৃষকৰ বাবে বৰ্তমানৰ বিটিচি চৰকাৰে বিটিআৰ অঞ্চলত কৃষি খণ্ডত নতুনকৈ কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ ওলাইছে ৷ কাৰ্যবাহী সদস্য গৰাকীয়ে লগতে এই বছৰৰ বাবে জিলাখনৰ কোকিলবাৰী কৃষি পামৰ কৃষিৰ উপযোগী ৩৬৩০ বিঘা মাটি লীজত দিয়া হৈছে বুলিও মন্তব্য কৰে ৷ আনহাতে জিলাখনত এক দুষ্ট চক্ৰই চৰকাৰী বিভিন্ন সা-সুবিধা লাভ কৰিব বুলি প্ৰলোভন দি ভুৱা কিষাণ কাৰ্ডৰ নামত কৃষকসকলৰ পৰা ধন সংগ্ৰহ কৰি থকা কাৰ্যক কঠোৰ সকীয়নি দি তেনে দুষ্ট চক্ৰৰ পৰা দূৰৈত থাকিবলৈ আহ্বান জনায় কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ আজিৰ পাৱাৰ টিলাৰ বিতৰণী অনুষ্ঠানত জিলা কৃষি বিষয়া মৃগেন স্বৰ্গীয়াৰী, কৃষি মহকুমা বিষয়া দুলাল দাস, জ্যেষ্ঠ কৃষি বিষয়া মুনিন শৰ্মা, কনিষ্ঠ অভিযন্তা কৃষাণ পাটৰকে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা সংগঠিত হৈছে হোজাইৰ ডবকাত
পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা সংগঠিত হৈছে হোজাইৰ ডবকাত৷ এইবাৰ ডবকাৰ দীঘল জাৰুণী গাঁৱত সংঘটিত হৈছে এই জঘণ্য ঘটনা।নিজ দেওৰেকৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ এগৰাকী মহিলাৰ।মহিলা গৰাকী হৈছে তিনি সন্তানৰ মাতৃ।জনামতে বিগত ১০ বছৰ পূৰ্বে দীঘল জাৰুণীৰ আলা উদ্দিনৰ লগত বিবাহ হৈছিল মহিলা গৰাকীৰ।মহিলা গৰাকীয়ে দেওৰেক আলতাব উদ্দিনৰ বিৰুদ্ধে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ।নিশা ঘৰত নিজ ভাতৃ নথকাৰ সুযোগ গ্ৰহণ কৰি কোঠালিৰ ভিতৰত প্ৰৱেশ কৰাৰ অভিযোগ দেওৰেকৰ বিৰুদ্ধে।কোঠালিৰ ভিতৰত প্ৰৱেশ কৰি অসৎ কাৰ্য কৰিবলৈ চেষ্ঠা চলোৱাৰ অভিযোগ দেওৰেকৰ বিৰুদ্ধে।মহিলা গৰাকীয়ে সেই সময়ত চিঞৰ-বাখৰ কৰি কোনোমতে নিজকে ৰক্ষা কৰে।যদিও মহিলা গৰাকীয়ে স্বামী ঘৰলৈ উভতি অহাৰ পাছত স্বামী আৰু পৰিয়ালৰ লোকক সকলো ঘটনাৰ বিৱৰণ ভাঙি কয়।সেই কথা স্বামীয়ে বিশ্বাস নকৰি মহিলা গৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে।মহিলা গৰাকীয়ে অকথ্য নিৰ্যাতনৰ বলি হৈ গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।ঘটনা সন্দৰ্ভত মহিলা গৰাকীয়ে ডবকা থানাত এজাহাৰ দাখিল কৰে।অৱশ্যে ডবকা আৰক্ষীয়ে কেনেধৰনৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তে লক্ষ্যণীয় হব।











