Home Blog Page 2966

দীপৰ বিলৰ দাঁতিয়েদি যোৱা ৰেলপথত বৈদ্যুতিকীকৰণৰ কাম আৰম্ভ,বন বিভাগ-ৰেলৱে কৰ্তৃপক্ষৰ মাজত সংঘাঁটৰ আশংকা

গোৱালপাৰাৰ পৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰে আজাৰা হৈ কামাখ্যা সংযোগী ৰেলপথচোৱাৰ পৰিবেশ সংবেদনশীল অঞ্চল হিচাপে পৰিচিত দীপৰ বিলৰ অংশখিনীত ৰেলৱে কৰ্তৃপক্ষই শেহতীয়াকৈ বৈদ্যুতিকীকৰণৰ কাম আৰম্ভ কৰাক লৈ ৰেলৱে কৰ্তৃপক্ষ আৰু বন বিভাগৰ মাজত সংঘাট হোৱাৰ আশংকাই দেখা দিছে । প্ৰাপ্ত খবৰ মতে আন্তৰ্জাতিক পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান পোৱা ৰামচাৰ ছাইট খ্যাত দীপৰ বিলৰ চহকী জৈৱ বৈচিত্ৰ্যৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বন আৰু পৰিবেশ বিভাগে বিলখনক চিৰদিনৰ বাবে ৰক্ষাৰ স্বাৰ্থত ৰেল লাইনটো বিলৰ দক্ষিণ পাৰৰ পৰা স্থানান্তৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৰেলৱে মন্ত্ৰণালয়ক আহ্বান জনাই আহিছে । আনকি ৰেলপথ স্থানান্তৰৰ বিষয়টো লৈ যোৱা ১৬ জুনত অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ মাজত আসন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছিল । বৈঠকত গুৱাহাটী উন্নয়ন বিভাগৰ কেবাগৰাকী উচ্চপদস্থ বিষয়া , প্ৰধান মুখ্য বন সংৰক্ষক ( বন্যপ্ৰাণী ) অমিত সহায় , গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী জয়ন্ত ডেকাকে ধৰি কেবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে । আনহাতে বৈঠকত দীপৰ বিলৰ সংৰক্ষণ , সৌন্দৰ্য্যবৰ্ধন , হস্তীৰ দণ্ডী তথা এলিফেণ্ট কৰিডৰ চিৰদিনৰ বাবে স্বাভাৱিক ভাবে ৰক্ষাৰ স্বাৰ্থত ৰেলপথচোৱা বিলৰ দক্ষিণ পাৰৰ পৰা স্থানান্তৰৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই । আনকি বনমন্ত্ৰীয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে বুলি বৈঠকত সদৰি কৰিছিল । কিন্তু ইয়াৰ মাজতে আজি দীপৰ বিলৰ ৰেলপথৰ দাঁতিত বৈদ্যুতিকীকৰণৰ বাবে ৰেলৱে কৰ্তৃপক্ষই মাটি খন্দা কাম আৰম্ভ কৰাত বন বিভাগৰ বিষয়া – বনকর্মী সকল হতভম্ব হৈ পৰিছে । ইতিমধ্যে দীপৰ বিল বন্যপ্ৰাণী কাৰ্যালয়ৰ  বনাঞ্চলিক বিষয়া যতীন বৰাই ৰেলৱে কৰ্তৃপক্ষই বন বিভাগক অৱগত নকৰাকৈ বৈদ্যুতিকীকৰণৰ কাম আৰম্ভ কৰা বিষয়টো বন সংমণ্ডল প্ৰাধিকাৰীকে ধৰি ঊৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰিছে । ইফালে দীপৰ বিলৰ সংৰক্ষণৰ হকে কাম কৰি অহা ৰংমন ট্যুৰিজিম ছ’চাইটিৰ কৰ্মকর্তাত্রয় প্ৰমোদ কলিতা , বিৰাজ কলিতা (পৱন) আৰু অখিল ৰংপীয়ে জানিবলৈ দিয়া মতে ১৯৯২ চনৰ পাছত দীপৰ বিলৰ দক্ষিণ পাৰৰে ৰেলপথ নিৰ্মাণ কৰাৰ পাছত বিগত সময়চোৱাত ৰেলৰ খুন্দাত পোৱালীকে ধৰি ১৫ টা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ লগতে সমসংখ্যক  হাতী আৰু অনান্য বন্যজন্তু আহত হব লগীয়া হৈছে । যি সময়ত দীপৰ বিলৰ দক্ষিণ পাৰৰে থকা ৰেলপথচোৱা স্থানান্তৰৰ বাবে বন বিভাগে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে সেই সময়ত ৰেলৱে কৰ্তৃপক্ষই ওলোটাই বৈদ্যুতিকীৰণৰ কাম আৰম্ভ কৰাক  লৈ ৰেলৱে কৰ্তৃপক্ষ আৰু বন বিভাগৰ মাজত সংঘাট হোৱাটো নিশ্চিত হৈ পৰিছে ।

পদব্ৰজে পাহাৰ ভ্ৰমণৰ অন্যতম প্ৰাকৃতিক স্থান বিৰকুছিৰ সু-উচ্চ টাৱাৰ

অক্সিজেন পাৰ্ক আৰু যোগ চৰ্চা কেন্দ্ৰৰ অন্যতম স্থান

উৎপল শইকীয়া

পদব্ৰজে পাহাৰ ভ্ৰমণৰ লগতে প্ৰাকৃতিক নান্দনিক পৰিবেশৰ আমেজ লোৱা এডোখৰ অতি সুন্দৰ ঠাই । সাম্প্ৰতিক কৰুণা কেন্দ্ৰিক সয়য়ত ঠাই ডোখৰ অধিক চৰ্চিত হৈ পৰিছে এই স্থান।নিলাভ পাহাৰৰ সৈতে ঠাই ডোখৰৰ প্ৰাকৃতিক সৌন্দৰ্য, নিৰ্ভেজাল অক্সিজেন ভাণ্ডাৰ, ঠাই ডোখৰত উপলব্ধ পাহাৰীয়া পথটোৰ গাতে লাগি থকা প্ৰকাণ্ড প্ৰকাণ্ড শিল, বালি, নিজৰা, চৰাই, চিৰিকতি, ভিন ভিন পখিলা আৰু দুই কাষে উপলব্ধ সৰু বৰ বৃক্ষই যিকোনো প্ৰকৃতি প্ৰেমী ব্যক্তিক আকৰ্ষণ কৰাতো নিত্যান্তই স্বাভাৱিক ।
সেয়েহে এই পথচোৱা বহুতৰ বাবে আজি বহু দিনৰ পৰাই আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ আহিছে। কেতিয়াবা যদি ঠাণ্ডা দিনত ট্ৰেকিং কৰি দেহাটো কিছু সতেজ কৰিবলৈ আন কেতিয়াবা আকৌ মে, জুন মহীয়া গা পুৰি যোৱা গৰমৰ দিনটো বহু ব্যক্তি যায় শাৰীৰিক অনুশীলন কৰিবলৈ। ব্যক্তিগত ভাবে আজি কিছু বছৰৰ পৰা পাহাৰীয়া এই পথটিয়েদি খোজ কাঢ়িবলৈ যোৱাটো মোৰ বাবে এক অৰ্থত প্ৰায় অভ্যাসতেই পৰিণত হৈছিল। অৱশ্যে ইয়াৰ এটা উদ্দেশ্য নথকাও নহয়। 2014 চনৰ পৰা 2018 চনলৈ বিগত পাঁচ বছৰ একেৰাহে পাঁচ বাৰ অমৰনাথ যাত্ৰালৈ যোৱাৰ আগতে অনুশীলন হিচাপে পাহাৰটোৰ 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ ঠায়ে ঠায়ে থিয় এই পথচোৱা উপযুক্ত স্থান হিচাপে বাচি লৈছিলোঁ। জানিব পৰা মতে এই পথ চোৱা মোৰ দৰে আন বহুতৰে প্ৰিয় এই ঠাই। অসমৰ আন বহুতো পৰ্বতাৰোহীৰ লগতে হিমালয়ৰ এভাৰেষ্ট আৰোহণ কৰা অসমৰ প্ৰথম পৰ্বতাৰোহী তৰুণ শইকীয়াই এই স্থানতেই প্ৰাৰম্ভিক অনুশীলন কৰিছিল। এই পথচোৱাত খোজ কঢ়া অনুশীলন কৰিলে জম্মুৰ কাত্ৰা নগৰীত থকা বৈষ্ণ দেৱী মন্দিৰৰ 12 কিলোমিটাৰ ( ভৈৰ বাবা মন্দিৰলৈ যোৱা 2 কিলোমিটাৰ বাদ দি) পথ খোজ কাঢ়ি যোৱাত অসুবিধা নহয় বুলি কব পাৰি। সেই বাবেও বহুলোকে এই ট্ৰেক অনুশীলনৰ স্থান হিচাপে বাচি লয়। মই নিজেও বহুবাৰ বৈষ্ণ দেৱী মন্দিৰ পদ ব্রজে যোৱাৰ পূৰ্বে প্ৰায়েই এই পথটোৰে খোজ কাঢ়ি নিজৰ শাৰীৰিক ষ্টেমিনাৰ উমান লৈছিলোঁ। অত্যন্ত মনোমোহা আৰু অক্সিজেনৰ ভাণ্ডাৰ এই পাহাৰীয়া স্থান। এক সুন্দৰ পাহাৰীয়া ট্ৰেক। শেহতীয়া ভাৱে এই ট্ৰেক আৰু অধিক চৰ্চিত হৈ পৰিছে প্ৰনায়াম আৰু যোগ চৰ্চাৰ বাবে । আজিৰ তাৰিখত বহু লোক আহে এই স্থানত থকা সম মান শিলা খণ্ড সমূহত বহি প্ৰণায়াম কৰা বা ধ্যানত বহাৰ বাবে। বহুতে আহে এক বাখ্যাটিত নান্দনিক পৰিবেশত প্ৰকৃতিৰ কোলাত থাকি অক্সিজেন পান কৰিবলৈ। শেহতীয়া কভিদ সৃষ্ট এই সময় চোৱাত অসমত এনে কেতবোৰ স্থানত অক্সিজেন পাৰ্কৰ কথা ভবাৰো সময় আহি পৰিছে। উল্লিখিত পাহাৰীয়া পথৰএই স্থান হল মহানগৰীৰ বিৰকুছি ৰমেশ তিনিআলিৰ কাষেৰে প্ৰায় 3 কিলোমিটাৰ পথ অতিক্ৰম কৰি বহু দূৰৰ পৰাই জিলিকি থকা tower অৰ্থাৎ অইল ৰ পাৱাৰ প্লেণ্ট টোলৈ উঠি যোৱা পথ চোৱা। মূল প্ৰবেশ দ্বাৰৰ পৰা সু উচ্চ tower টুলৈ যোৱা 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ থিয় একা বেকা এই পথচোৱাৰ জনপ্ৰিয়তাৰ আন এটা কাৰণ হল এই স্থানত অৱস্থিত বুঢ়া গোঁ সাই থান খন ।
শেহতীয়াকৈ পথটোৰ প্ৰবেশ স্থানত স্থাপন কৰা হৈছে বুঢ়াগোঁসাই থানলৈ যোৱা প্ৰবেশ দ্বাৰ। কিছু দুৰ উঠি গলে প্ৰথমে পোৱা যায় প্ৰাচীন বুঢ়াগোসাই থান। প্ৰাচীন কালৰে পৰা প্ৰচলিত বিশ্বাস অনুযায়ী মূলতঃ মহাদেৱৰ পীঠ এই থানত ধুপ চাকি দি সেৱা জনালে ভক্তৰ মনোকামনা পূৰণ হয়। ইয়াক লৈ বহু প্ৰবাদ আছে অঞ্চলটোৰ লোক সকলৰ মাজত। প্ৰত্যেক বছৰৰ জুন জুলাই মাহত এই থানত বাৰ্ষিক পূজা অনুষ্ঠিত কৰা হয় আৰু সেইদিনা এই থানত নিকটৱৰ্তী এক বৃহৎ অঞ্চলৰ পৰা অহা অৰ্ধ লক্ষ ৰো অধিক ভক্তৰ সমাগম হয়। অৱশ্যে কৰুণা অতিমাৰিৰ বাবে বিগত বছৰত বছেৰেকীয়া এই পূজা অনুষ্ঠিত নহল। চলিত বছৰটো এই পৰ্যন্ত কোনো নিশ্চয়তা নাই। এই থান খনৰ পৰা প্ৰায় তিনি কিলোমিটাৰ পথচোৱাৰ অন্তত অৱস্থিত tower টোৰ লগতে এই বুঢ়াগোসাই থানৰে অংশ বিশেষ আন এটা শিৱ মন্দিৰ পোৱা যায়। সম্ভৱতঃ মহানগৰীৰ সৰ্বোচ্চ উচ্চ তাত থকা একমাত্ৰ শিৱ মন্দিৰ এইটো। প্ৰচলিত বিশ্বাস মতে এই শিৱ লিংগত ভক্তই পানী ধালিলে সেই পানী আহি তল ভাগত থকা উল্লেসিত বুঢ়াগোসাই থানত থকা পানী যুওলিত আহি পৰেহি। শিৱ মন্দিৰ সহ পাহাৰটোৰ শিখৰত থকা এই স্থানৰ পৰা মহানগৰীৰ বহু স্থান দৃষ্টি গোচৰ হয়। হয়তো নীলাচল পাহাৰৰ পিছতেই মহানগৰীৰ সৰ্বোচ্চ এই পাহাৰৰ পৰাই বতৰ ফৰকাল দিনত সুদূৰ ভূটানৰ হিমালয় পৃষ্ঠত থকা শুকুলা বৰফৰ এক দীঘলীয়া আছাদন ৰিনিকি ৰিনিকি দেখিবলৈ পোৱা যায়। বিশেষকৈ ঠাণ্ডা দিনত দেখা যাই এই দৃশ্য। অৰ্থাৎ গুৱাহাটীত থাকি দৰ্শন কৰিব পাৰে হিমালয়ৰ পৃষ্ঠ স্থানৰ বৰফ আবৃত পৰ্বত অথবা শৃংগ। জানিব পৰা মতে পাহাৰৰ শিখৰত অৱস্থিত ঠিক ভঙাগৰৰ টিভি tower টোৰ দৰেই মহানগৰীৰ বহু প্ৰান্তৰ পৰা প্ৰত্যক্ষ কৰা আৰু বিশেষকৈ নিশা ৰঙা লাইট এটা জ্বলি থকা এই tower টো অইল ইণ্ডিয়া লিমিটেডে 1961 চনত কেতবোৰ কাৰিকৰী আৰু প্ৰতিৰক্ষা দিশৰ পৰা লক্ষ্য ৰাখি স্থাপন কৰিছিল। কৰুণা অতিমাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে মুকলি অক্সিজেন বিচাৰিয়েই হওঁক বা অংশিক লক্ দাউনৰ অৱসাদ দুৰ কৰাৰ বাবেই হওঁক শেহতীয়াকৈ এই স্থানলৈ বহু লোকে ট্ৰেকিং কৰিবলৈ অহাৰ উপৰি প্ৰণাযাম বা যোগ চৰ্চা কৰিবলৈ অহাৰ বিপৰীতে বহু ব্যক্তি বা যুৱক যুৱতীয়ে অৱসাদ বিনোদনৰ চলেৰে এই পথচোৱাত মদ বা বিয়েৰ বা আন নিচা জাতীয় দ্ৰব্য খাই পাৰ্টি কৰাৰ লগতে পৰবৰ্তী পৰ্যায়ত বিয়েৰ বটল বা খাদ্য আনোতে বা বনাওঁতে ব্যৱহৃত প্লাষ্টিক বা দিছ, গিলাছ তথা অবশিষ্ট খোৱা খাদ্য সেই ঠাইতে এৰি ঠাই ডোখৰ বা পথ চোৱা কৰ্দৰ্য ময় কৰি থোৱা দৃষ্টিগোচৰ হৈছে। সেই দৃশ্যই নিশ্চয় প্ৰকৃতি প্ৰেমী যিকোনো লোককে দুখ দিয়াটো স্বাভাৱিক। ইয়াৰ বিপৰীতে সেই একেই পথ চোৱাতে আকৌ অঞ্চলটোৰ গাঁওবাসীয়ে ফুল বা অন্যান্য গছ গছনি ৰুই কৰ্দর্য পৰিবেশ সৃষ্টি কৰা সেই যুৱক বা ব্যক্তি সকলক নীৰৱে ইয়াৰ এটা প্ৰত্যুত্তৰ দিব বিচৰাও দেখা গৈছে। নিকটৱৰ্তী গাওঁ বাসীৰ বাবে এই স্থান সৰগ সদৃশ। তেওঁলোকে এই স্থানক লৈ গৌৰৱ কৰে। মহানগৰীৰ বহু প্ৰান্তৰ বিপৰীতে ই এক পৃথক বা এৰাব নোৱাৰা অনুভূতিৰ স্থান। অঞ্চল টোৰ বহু সংখ্যক ব্যক্তি বা পৰিয়াল এই পাহাৰটোৰ ওপৰতেই নিৰ্ভৰশীল। বহুতে যদি খৰি খেৰৰ বাবে, আন বহুতো আকৌ গোহালিৰ গৰু কেইটাৰ ঘাঁহ যোগাৰ কৰে এই পাহাৰ টোৰ পৰাই। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰেও ইচ্ছা কৰিলে এই স্থান এক পৰ্যটন স্থলীলৈ পৰিবৰ্তন কৰিব পাৰে। ইয়াৰ বাবে যোগ কেন্দ্ৰ, অক্সিজেন পাৰ্ক, ৰূপ ৱে বা অন্যান্য ব্যৱস্থাৰ কথা কব পৰা যায়। মাথোঁ গুৰুত্ব দিব লাগিব যাতে ইয়াকে কৰিবলৈ যাওঁতে প্ৰকৃতিৰ বিস্তৰ ক্ষতিসাধন নহয়।

গুৱাহাটীৰ মাদাৰ বৃদ্ধাশ্ৰম কাণ্ড,দুই বাঘৰ যুঁজত বিৰিনাৰ মৰণ,কাৰ দোষ কাৰ ভুল।

.

উৎপল শইকীয়া

মাদাৰ বৃদ্ধা বাস। মনৰ হিয়াই হিয়াই, কুহে কূহে কুৰুকি যোৱা এটা নাম। খুব কম দিনৰ ভিতৰতে অধিক জনপ্ৰিয় হৈ পৰা এটা নাম। পিতৃ মাতৃ হীন বহু লোকৰ হৃদয়ত কঁপনি তোলাৰু এটা নাম এই বৃদ্ধ আৱাস। বহুতৰে বাবে পাপ পুণ্যৰ তুলাচনি ৰ প্ৰতীক এই বৃদ্ধ আৱাস। বহু নিৰ্দয় প্ৰৌহ সন্তানৰ বাবে আকৌ হৃদয় থানবান কৰা এক অনুষ্ঠান এই বৃদ্ধ আৱাস। বহু লোকৰ পুণ্য অৰ্জনৰ স্থল হল এই আৱাস। বহুতেই জন্ম দিন পাতে এই বৃদ্ধ আৱাস টোত। আন বহুতো লোকে পাতে পিতৃ মাতৃৰ শ্ৰাদ্ধ। বহু হৃদয় বান ব্যক্তিয়ে আহি নিজ মাতৃ সদৃশ এই আবাশি সকলৰ সৈতে এটা দিন পাৰ কৰা স্থান এই বৃদ্ধ আৱাস। স্বাভাৱিক ভাবেই সমাজৰ পুটও প্ৰবন এক শ্ৰেণী লোকৰ বাবে ই এক অতি শ্ৰদ্ধা আৰু মৰমৰ অনুষ্ঠান । এইয়া কেৱল গুৱাহাটী মহানগৰৰ বাবেই নহয়। অসম তথা দেশৰ অন্যান্য প্ৰান্তৰ বহু লোকৰ বুকুৰ কুটুম এই বৃদ্ধ আৱাস টো। সেয়েহে এই আৱাস টো নিৰ্মাণৰ বাবেই হওঁক বা আন সময় ছোৱা তেই হওঁক বহুতে যোগান ধৰে শকত ধনৰ অনুদান। কাৰণ এই বৃদ্ধ মাতৃ সকল যেন সুকলমে থাকে ইয়াত। কিন্তু এই আৱাস টোতেই শেহতীয়া ভাবে ঘূণে ধৰিছে ইয়াৰ প্ৰতিষ্ঠাপক দুই ব্যক্তি উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাৰ অৰীয়া অৰিৰ বাবে। বহু বৃদ্ধ মাতৃযে এই আৱাস এৰি গৈছে আৰু বহুতো মাতৃয়ে এৰি যাব এই আৱাস। যেন কেইদিনমানৰ আগলৈকে সকলোৰে মন মগজুত বিশেষ ভাৱে সোমাই পৰা এক উচ্চ মানৰ অনুষ্ঠান টোত এক কলুষিত ধুৱাই আচন্ন কৰি নিমিষতে ইয়াক লুকুৱাই পেলাব । বিশ্বাস ভংগ হব হৃদয়ৰ।
থান বান হব আশ্ৰম খনৰ প্ৰতি গঢ় লৈ উঠা গণ সচেতনতা। ধ্বংস হব এই বিশেষ ভাৱ মূৰ্তি। সকলোৰে প্ৰশ্ন জাগিব।
কিয় এনে হয়। দুখ কাৰ। উৎপল হৰ্ষবৰ্ধনৰ নে মনিকা শৰ্মাৰ।নে চৰকাৰ, নে পৰিচালনা সমিতিৰ। কিন্তু এটা সময়ত তেওঁলোকৰ কৰ্মৰ বাবে দুয়ো গৰাকী যুৱক যুৱতীক প্ৰসংশাৰে উপচায় পেলোৱা হৈছিল। একে ৰাতিতে তেওঁলোক পৰিণত হৈছিল নায়ক নায়িকা লৈ। সকলোৰে আশীৰ্বাদ পাইছিল এই দুই গৰাকী যুৱক যুৱতীয়ে বৃদ্ধ লোকৰ প্ৰতিপালন ৰ বাবে গ্ৰহণ কৰা এই মহান প্ৰদক্ষেপৰ বাবে। এতিয়া সেই সকল ব্যক্তিৰে মনত প্ৰশ্ন জাগিছে তেওঁলোক বাৰু প্ৰকৃতাৰ্থত সমাজ সেৱক আছিল নে। আজিৰ এই কণ্ডলক ইমান বেছি উচ্চ পৰ্যায়লৈ নিনিয়াকৈও সমাধান কৰিব পৰা নগল হেঁতেন নে। কিহৰ বাবে প্ৰয়োজন আছিল বিষয় টো লৈ ইমান হৈ চৈ কৰাৰ। মোহ ভংগ নহবনে জনসাধাৰণৰ। মানুহে নাভাবিব নে অন্যান্য একাংশ অনুষ্ঠান প্ৰতিষ্ঠানৰ দৰে বৃদ্ধাস্ৰম খোলাৰ পুৰ্বেই আঁচনি গ্ৰহণ কৰিছিল নেকি ব্যৱসায় লৈ পৰ্যবেক্ষিত কৰাৰ। প্ৰশ্ন হব এতিয়া কিদৰে ঘূৰাই আনিব হেৰুৱা ভাৱমূৰ্তি এই মাদাৰ বৃদ্ধ্বাবাসৰ। কোনে কৰিব ইয়াৰ উচিত বিচাৰ। সময় বাৰু বাগৰি গল নে ইয়াক উদ্ধাৰ কৰাৰ।
ৰাইজৰ ধনেৰে স্থাপিত অনুষ্ঠানটো কৰো ব্যক্তিগত সম্পত্তি নহয়। সেয়েহে সময়ুচিত উদ্যোগ গ্ৰহণ কৰা উচিত ৰাইজ, পৰিচালনা সমিতি আৰু চৰকাৰৰ সমাজ কল্যাণ বিভাগে। কাৰণ কোনে জানে কালিলৈ কিজানি আপোনাৰ, মোৰ বাবেই প্ৰয়োজন হব পাৰে এনে এক বৃদ্ধ আৱাস। বৃদ্ধাবাস হিচাপে এই সমস্যা সমাধানত গ্ৰহণ কৰিব লাগিব কপাহ কোমল সতৰ্কতাৰ। কাৰণ এই বৃদ্ধ আবাশীসকল কাৰোবাৰ আইতা, মাতৃ, বাই ভনী। বহু কাহিনী আছে তেওঁলোকৰ জীৱন সংঘাতৰ।এনেই জানো নিজ ঘৰ এৰি থাকিব লাগে বৃদ্ধাবাসত। বহুতো পাষণ পুত্ৰ পুত্ৰী ৰ কথা ভাবি চকুলো টুকি থাকিব পাৰে এই সকল বৃদ্ধ মাতৃয়ে। তেওঁলোকৰ অসহায় জীৱনত প্ৰাণৰ সঞ্চাৰ ঘটাইছিল এই আবাস টোৱে।কথাতে কোৱা হয় নহয়, বয়স হলে বৃদ্ধ আৰু পানী কেঁচুৱা একে হয়। সংবাদ মাধ্যমৰ বিশেষকৈ বৈদ্যুতিক মাধ্যমৰ সাংবাদিক বা আন ব্যক্তি সকলে এই সকল বৃদ্ধ মাতৃৰ খা খবৰ বা বাতৰি গ্ৰহণৰ সময়ত কোভিদ প্ৰতকল ভংগ কৰা উচিত নহয়। কৰণা প্ৰটোকোল মানি বৃদ্ধ আই মাতৃ সকল হয়তো আজি বহু দিন ধৰি বৰ্হি জগতৰ পৰা আঁতৰত থাকি নিজ আবাসতেই আবদ্ধ হৈ আছে আৰু সেই বাবেই তেওঁলোকে ফেছ মাক্স নিপিন্ধিও থাকিব পাৰে। সেয়েহে সাংবাদিক বা অন্যান্য ব্যক্তি সকলে আৱাস টোৰ মাতৃ সকল থকা গৃহৰ ভিতৰত প্ৰবেশ কৰাৰ পৰিবৰ্তে কিছু দূৰত অবস্থান কৰিব লাগিব। এনে কোনো লোকৰ পৰাই যদি কালিলৈ কোনো বৃদ্ধ মাতৃৰ কভিড হয় তাৰ দায়িত্ব লব কোনে। বাতৰি পৰিৱেশনৰ বাবেই একাধিক শাৰীৰিক বা মানসিক সমস্যাত থকা আশি নব্বৈ বছৰীয়া বৃদ্ধ গৰাকীক কোনে কিমান পইচা খাইছে বুলি সুধিলে সেই প্ৰশ্নৰ উত্তৰ জানো তেওঁলোকৰ হাতত থাকে । সুধিব পাৰি আইতা আপুনি কেনে আছে। কিবা অসুবিধা পাইছে নেকি আইতা। আমি ঘৰৰ আই বোপাইক সুধিমনে এই প্ৰশ্ন। প্ৰশ্ন হল সমস্যাটো বাৰু ইমানেই ডাঙৰ নে যে ইয়াৰ বাবে ৰাইজে দান বৰঙণিৰে গঢ়া অনুষ্ঠান এটা ইমান নেতিবাচক হৈ পৰাৰ আশংকা ঘনীভূত কৰিব পাৰে।

চহা কৃষকৰ ৰ’দ-বৰষুণৰ সম্বল মূৰৰ টকৌপাতৰ জাপি বিলুপ্তিৰ পথত

চহা কৃষকৰ ৰ’দ- বৰষুণৰ আকৰ টকৌপাতৰ জাপিৰ অস্তিত্বলৈ সংকট ;  জাপিৰ পৰিৱৰ্তে কৃষকৰ মূৰত উঠিল বুটাম টিপা ছাতি-ৰেইনকোট 

অসমীয়া গ্ৰাম্য সমাজ জীৱনৰ পৰা চকুৰ পলকতে এপদ-এপদকৈ আধুনিকতাৰ গ্ৰাসত পৰি বিলুপ্ত হৈ যাবলৈ ধৰিছে ঐতিহ্যপূৰ্ণ সম্পদ সমূহ। গাঁৱলীয়া সমাজ জীৱনত কৃষকৰ লগত কিছুমান ঐতিহ্যপূৰ্ণ সম্পদ জড়িত হৈ আছে।যি সমূহকলৈ চহা কৃষক সকলৰ আত্মিক সম্পৰ্ক জড়িত হৈ আছে আৰু যি সমূহকলৈ  গোটেই অসমীয়া সমাজখনে গৌৰৱ বোধ কৰে।অসমীয়া সমাজখনৰ কৃষক সকলৰ বাবে এক সম্পদ স্বৰূপ হ’ল খেতিপথাৰত ৰ’দ -বৰষুণৰ সময়ত মূৰত লোৱা সৌন্দৰ্যৰ ভূষণ টকৌ পাতৰ জাপি।বাৰিষা সময়ত কৃষক সকলে গোহালিৰ পৰা হালৰ হালোৱা গৰুহাল জুটিলৈ খেতিপথাৰলৈ  যোৱাৰ সময়ত গোহালি ঘৰৰ বেৰত ওলোমাই থোৱা নাঙলখনৰ লগতে টকৌ পাতৰ জাপিটো মূৰত লৈ বাৰিষাৰ পথাৰৰ মাটি চহাবলৈ যোৱাতো তেনেই সুুুলভ ।কাউৰী পুৱাৰে পৰা পথাৰৰ কাম-বন সামৰি গধূূূলি  ঘৰলৈ অহালৈ কৃষকৰ লগত সংপিক্ত হৈ মূৰৰ ওপৰত থাকি ৰ’দ বৰষুণৰ পৰা সুৰক্ষা দিয়ে এই টকৌ পাতৰ জাপি টোৱে। শাওন-ভাদ মহীয়া খাওঁ-খাওঁ কৰা ৰ’দ কিম্বা দোপালপিতা বৰষুণত কৃষক গৰাকীয়ে  মূৰত টকৌ পাতৰ জাপিলৈ নিঃসংকোচে খেতিপথাৰ কাম কৰাৰ কথা বাৰু কোনে নাজানে।কৃষকৰ সৈতে এক অংগাংগী ভাবে জড়িত নিৰ্ভেজাল জাপিটোলৈ আহি পৰিছে মহা সংকট।  আশ্বৰ্যজনক ভাবে আধুনিকতাৰ ধামখুমিয়াত পৰি সময়ৰ লগত মিলি যাবলৈ কৃষকৰ টকৌ পাতৰ মূৰৰ সৌন্দৰ্যৰ ভূষণ  জাপিৰ পৰিৱৰ্তে আজি ৰং-  চঙীয়া বুটামটিপা চীনা ছাতি আৰু ৰেইনকোটে স্থান লাভ কৰিছে। আধুনিকতাৰ কোবাল গ্ৰাসত বিলুপ্ত হ’বলৈ ধৰা কৃষকৰ সম্পদ স্বৰূপ এই টকৌ পাতৰ জাপিৰ আজিৰ সমাজত সমাদৰ নাই।এটা সময়ত গাঁৱৰ শিল্পী সকলে টকৌপাতৰ জাপি তৈয়াৰ কৰি সেইবোৰ বজাৰ কিম্বা ভাৰবান্ধি গাঁৱে গাঁৱে লৈ ফুৰি বিক্ৰী কৰিছিল।যি শিল্পকৰ্ম জৰিয়তে শিল্পী গৰাকীয়ে অৰ্জন কৰিছিল পৰিয়ালৰ বাবে কিছুহ’লেও অৰ্থ। কিন্তু আশ্বৰ্যজনক কথা যে চাই  থাকোতেই  আজি সেই পৰিৱেশ দেখিবলৈ পোৱা নাযায়।আজিৰ সমাজত জাপিৰ পৰিৱৰ্তে ৰং চঙীয়া চীনা ছাতিৰ বিপনীতহে কৃষকৰ ভিৰ দেখা যায়।বজাৰত জাপিৰ চাহিদা কমি যোৱাৰ পৰিপ্ৰেক্ষিতত শিল্পী সকলে জাপি তৈয়াৰ কৰাটো বাদ দি অনিচ্ছা স্বত্ত্বেও চীনা সামগ্ৰীৰ দোকানলৈ গৈ বুটামটিপা ফলটিং ছাতিকেই চ’ৰাদামত কিনি আনি আধুনিক সমাজখন  লগত মিলি যাবলৈ বাধ্য হৈ পৰিছে। যিটো নিশ্চয়কৈ ই অসমীয়া সমাজৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক।চাই থাকোতে চকুৰ ফলতে এপদ এপদকৈ চহাজীৱনৰ অংগাংগী  সম্পদ সমূহ বিলুপ্তিৰ পথত অগসৰ হোৱাত অদূৰ ভবিষ্যতে নৱ প্ৰজন্মই অসমীয়া সমাজ জীৱনৰ এই সম্পদ সমূহকলৈ অজ্ঞতাৰ প্ৰকাশ কৰাটো হ’ব আমাৰ বাবে দুৰ্ভাগ্যজনক।

BREAKING মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ‘মাডাৰ্ছ অল্ড এজ হোম’ত উপস্থিত মন্ত্ৰী অজন্তা নেওগ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ‘মাডাৰ্ছ অল্ড এজ হোম’ত উপস্থিত হ’লগৈ বিত্ত তথা সমাজকল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ।বৃদ্ধাশ্ৰমখনত থকা আৱাসীসকলৰ সৈতে মত বিনিময় কৰিলে।

অজন্তা নেওগে মণিকা আৰু উৎপলৰ সৈতেও মত বিনিময় কৰি তেওঁলোকৰ সমস্যা সন্দৰ্ভত কথা পাতিলে।মন্ত্ৰী নেওগে সিজুবাৰীত থকা আশ্ৰমখনৰ পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত বুজ ল’লে।উল্লেখযােগ্য যে,মন্ত্ৰী অজন্তা নেওগে কেইবাগৰাকী আইতাক ভৰি চুই সেৱা কৰিলে।

BREAKING অৱশেষত সন্ধান লাভ শ্ব’হমৰ স্বত্বাধিকাৰী সন্দীপ জালানৰ

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ এটা মন্দিৰত আশ্ৰয় লৈ আছিল সন্দীপ জালানে।

গুৱাহাটীৰ অভিজাত ব্যৱসায়ীক প্ৰতিষ্ঠান শ্ব’হমৰ স্বত্বাধিকাৰী সন্দীপ জালানৰ সন্ধান উত্তৰ প্ৰদেশৰ বাৰাণসীত লাভ কৰা হৈছে।বাৰাণসীৰ এটা মন্দিৰত আশ্ৰয় লৈ আছিল সন্দীপ জালানে।সন্দীপ জালানক লৈ অসম আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে।

অতি সোনকালেই তেওঁক অসমলৈ লৈ অনা হ’ব।অৱশ্যে তেওঁ কিয় আত্মগোপণ কৰি আছিল সেই সন্দৰ্ভত এতিয়ালৈকে সবিশেষ জানিব পৰা নাই।ইতিমধ্যে সন্দীপ জালানক বিচাৰি পল্টন বজাৰ আৰক্ষী বিষয়া পংকজ কলিতাৰ নেতৃত্বত কলকাতালৈ মহানগৰ আৰক্ষীৰ দল ৰাওনা হৈছে।

উল্লেখযােগ্য যে,মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ইভিনিং ৱাকৰ বাবে ওলাই গৈছিল সন্দীপ জালান।ইভিনিং ৱাকলৈ যোৱাৰ পৰাই সন্ধান নাছিল সন্দীপ জালানৰ।জানিব পৰা মতে চাইকেল চলাই এখন হোটেললৈ আহিছিল সন্দীপ জালান।

সেই সময়ত তেওঁ যথেষ্ট মানসিক চাপত আছিল।হোটেলৰ পৰা ওলাই তেওঁ পুনৰ ছ’হাম শ্বপীলৈ গৈ এটা বেগত কাপোৰ ভৰাই ওলাই আহিছিল।আনহাতে ম’বাইল ট্ৰেক অনুসৰি তেওঁৰ শেষ অৱস্থিতি ছয়গাঁৱত পোৱা গৈছিল।

হাতত উদ্যত পিষ্টল লৈ ভিৰৰ মাজেৰে গাড়ী চলাই গ’ল এজনে। গাড়ীৰ পঞ্জিয়ন নম্বৰ অৰুনাচলৰ।

Close up of man holding hand gun. Man wearing blue jeans. Terrorist and Robber concept. Police and Soldier concept. Weapon theme

কোৰিয়াৰ আন্তৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত অসমৰ ছুটি ছবি “ডাৰ্থ… লাইফ ইন পেণ্ডেমিক”লৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা

কুলদীপ মেধিৰ দ্বাৰা পৰিচালিত “ডাৰ্থ… লাইফ ইন পেণ্ডেমিক” নামৰ ছুটি ছবিখনে কোৰিয়াৰ এপোৰিয়া ইন্টাৰনেচনেল ভিলেজ ফিল্ম ফেষ্টিভেলত ‘শ্ৰেষ্ঠ পৰিচালক’ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতত অনুষ্ঠিত হোৱা নাৱাডা ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত “শ্ৰেষ্ঠ জুৰি’ৰ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। “ডাৰ্থ… লাইফ ইন পেণ্ডেমিক”ৰ কাহিনী হৈছে এগৰাকী বিধৱাই লকডাউনৰ সময়ত উদ্ভৱ হোৱা আৰ্থিক দুৰাৱস্থাৰ সৈতে কেনেকৈ যুঁজ দি নিজৰ পৰিয়ালটোক স্বচ্চলতাৰে চলাব পাৰে তাক লৈ। ইয়াত তিনিগৰাকী ভিন্ন বয়সৰ নাৰীৰ মানসিক অৱস্থা আৰু অভাৱৰ ওপৰত এই ছুটি ছবিখন নিৰ্মিত হৈছে। অসমীয়া ভাষাত নিৰ্মিত এই ছুটি ছবিখনৰ দৈৰ্ঘ প্ৰায় ৯ মিনিট ৫৮ চেকেণ্ড। মুখ্য চৰিত্ৰত অভিনয় কৰিছে
ভ্ৰান্তি মেধি আৰু আন দুই নাৰী চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেত্ৰী ত্ৰিৱেণী বৰা আৰু শিশুশিল্পী ফাল্গুনী ভৈৰৱীয়ে। ইতিমধ্যে কুলদীপ মেধিৰ এই ছুটি ছবিখন দেশ-বিদেশৰ বিভিন্ন চলচিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈ প্ৰদৰ্শিত হোৱাৰ লগতে পুৰস্কৃতও হৈছে। তাৰ ভিতৰত অন্যতম হ’ল- আমেৰিকাৰ ‘ব্ৰিষ্টেল আন্তৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল (‘ব্ৰিষ্টেল চিনেফেষ্ট ২০২১)’, তুৰ্কীৰ ‘গোল্ডেন ব্ৰিজ ইচটানবুল চৰ্ট ফিল্ম ফেষ্টিভেল ২০২১’, ভাৰতৰ ‘বেটিয়াহ
আন্তৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল’ আৰু ‘এচপাইৰিং য়ুথ আন্তৰাষ্ট্ৰীয় চৰ্ট ফিল্ম ফেষ্টিভেল’ ইত্যাদিলৈ ইতিমধ্যে নিৰ্বাচিত আৰু প্ৰদৰ্শিত হৈছে। “ডাৰ্থ… লাইফ ইন পেণ্ডেমিক” ছুটি ছবিখনৰ সহ-প্ৰযোজক ক্ৰমে সুৰেন মেধি, কৌশল্যা মেধি, শ্ৰুতিধাৰা মেধি, উৎপল হাজৰিকা আৰু ৰাখী দত্ত শইকীয়া। এই ছবিখনৰ চিনেমাটোগ্ৰাফাৰ প্ৰণৱ হালৈ, সম্পাদনা ভৱেশ বৈশ্যৰ আৰু সংগীত অমিত চৌকাধৰাৰ।

উত্তৰ–পূর্বাঞ্চলত বন্ধ ৰন্ধন গেছৰ সৰবৰাহ

নর্থ–ইষ্ট পেক এলপিজি ড্রেন্সপ’টাৰ এছ’চিয়েচনে’ তেওঁলোকৰ বিভিন্ন দাবীৰ সমর্থনত আজিৰে পৰা অনির্দিষ্টকালীন ধর্মঘট কার্যসূচী হাতত লৈছে৷ আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ কৰা এই ধর্মঘটৰ ফলত উত্তৰ গুৱাহাটী ৰন্ধন গেছ বটলিং প্লাণ্টকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ মুঠ ৮টা প্লাণ্টৰ গেছ সৰবৰাহ সম্পূর্ণভাৱে বন্ধ হৈ পৰিছে৷ এই ধর্মঘটৰ বাবে ৰাজ্যত পুনৰ ৰন্ধন গেছৰ নাটনিয়ে দেখা দিব যদিও ইয়াৰ বাবে সংগঠনটো কোনো কাৰণতে জগৰীয়া নহয় বুলি স্পষ্ট কৰি দিছে এলপিজি পৰিবহণ সন্থাই৷ সংগঠনটোৰ সভাপতি নিৰঞ্জন মহন্ত, কার্যকৰী সভাপতি জয়ন্ত কুমাৰ নাথ, যুটীয়া সম্পাদক সঞ্জীৱ চৌধুৰী,বলীন মৰাণে কয় যে মূলতঃ ৭টা দাবীৰ সমর্থনত তেওঁলোকে এই ধর্মঘটৰ কার্যসূচী হাতত লৈছে৷

দাবীসমূহৰ ভিতৰত আছে নিবিদাৰ নিৰিখ বঢ়োৱা, গেছ বিতৰকক দি অহা অগ্রাধিকাৰ উঠাই দিয়া,RTKMৰ ধন মোকলাই দিয়া, টোলগেটৰ ধন মোকলাই দিয়া, এখন ট্ৰাকত সর্বাধিক ৩০৬টা চিলিণ্ডাৰ কঢ়িওৱা ব্যৱস্থা বাহাল ৰখা, নিবিদা জমা দিয়াৰ দিন তিনি মাহৰ বাবে বঢ়াই দিয়া আৰু ‘Tender bid submission’ বন্ধ ৰখা৷

সংগঠনটোৱে জানিবলৈ দিছে যে বর্তমান সময়ত সংগঠনটোৰ পঞ্জীয়নভুক্ত প্রায় ২ হাজাৰ গেছ চিলিণ্ডাৰ সৰবৰাহ কৰা গাডী সমগ্র উত্তৰ–পূর্বাঞ্চলত চলি আছে৷ লগতে এই গাড়ীসমূহৰ লগত প্রত্যক্ষ আৰু পৰোক্ষভাৱে জডিত হৈ আছে প্রায় ৫ হাজাৰ লোক৷ কিন্তু এই থলুৱা লোকসকলক বঞ্চিত কৰি আই অ’ চি কর্তৃপক্ষই ধনী ব্যৱসায়ীক ৰঙা দলিচা পাৰি দিয়াৰ যি ব্যৱস্থা কৰিছে, সেয়া সংগঠনটোৱে কোনো কাৰণতে মানি নলয় বুলি স্পষ্ট কৰি দিছে৷ পৰিবহণ সন্থাটোৰ দাবীৰ প্রতি আই অ’ চি কর্তৃপক্ষই সঁহাৰি নজনালে আন্দোলন দীঘলীয়া হোৱাৰ হুংকাৰ দিছে সংগঠনটোৱে৷ ইফালে, এই ধর্মঘটৰ ফলত উত্তৰ গুৱাহাটী এলপিজি বটলিং প্লাণ্টৰ বাহিৰে–ভিতৰে শ শ গেছ সৰবৰাহকাৰী গাড়ী আবদ্ধ হৈ পৰিছে৷

শ্বোহামৰ চিই’ সন্দীপ জালান নিৰুদ্দিষ্ট

মহানগৰীৰ শ্বোহামৰ মুখ্য কার্যবাহী বিষয়া তথা প্রতিষ্ঠিত ব্যৱসায়ী সন্দীপ জালান কালিৰে পৰা সন্ধানহীন হৈ আছে৷ প্রাপ্ত খবৰ অনুসৰি কালি বিয়লি খোজ কাঢ়িবলৈ ঘৰৰ পৰা ব্যৱসায়ীজনে ওলাই আহে যদিও নিশা পর্যন্ত তেওঁ ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে তেওঁৰ ম’বাইল ফোনত যোগাযোগৰ চেষ্টা কৰে৷ দীর্ঘসময় ধৰি পৰিয়ালৰ লোকে তেওঁৰ ফোনটো বন্ধ পোৱাত চিন্তিত হৈ পৰে৷ ঘটনা সন্দর্ভত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও ব্যৱসায়ীজনৰ সন্ধান উলিয়াব পৰা নাই৷ আৰক্ষীয়ে ব্যৱসায়ী জালানৰ ম’বাইল ফোনৰ অৱস্থিতি মির্জাত পাইছিল৷ কিন্তু তেতিয়াৰে পৰা ব্যৱসায়ীজনৰ ম’বাইল ফোনৰ ছুইচ অফ থকাত এতিয়ালৈকে আৰক্ষীয়ে জালানৰ কোনো সন্ধান উলিয়াব পৰা নাই৷