Home Blog Page 2998

উচ্ছেদৰ বিৰোধীতাৰে মোৰাঝাৰত চিপিআইএমৰ প্ৰতিবাদ

ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ বিৰোধীতাৰেচি.পি.আই(এম) য়ে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ ইয়াৰে অংশ হিচাপে হোজাইৰ মোৰাঝাৰতো চি.পি.আই(এম) পশ্চিম মোৰাঝাৰ  আঞ্চলিক সমিতিয়ে মোৰাঝাৰ বজাৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ কভিড প্ৰটকল মানি চি.পি.আই (এম) ৰ সদস্য সকলে হাতে হাতে ৰক্ত পতাকা আৰু প্লেকাৰ্ড লৈ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে সাম্প্ৰদায়িক উচ্ছেদ অভিযান বন্ধ কৰক, বিজেপি চৰকাৰ হায়,হায়, ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো বিজেপি চৰকাৰে উচ্ছেদ কিয় কৰিছে জবাব লাগে জবাব দিয়ক ইত্যাদি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসুচীত চি.পি.আই.এমৰ মোৰাঝাৰ  আঞ্চলিক সমিতিৰ নেতা ফৰিজ উদ্দিন ,হোচন আহমেদসহ কেইবাজনো কৰ্মী উপস্থিত থাকে । শেহতীয়া হোজাইৰ কাকীত চলোৱা উচ্ছেদৰো বিৰোধিতা কৰি এয়া অমানৱীয় বুলি আখ্যা দিয়ে৷

শ শ টোকোৰা চৰাইৰ বাহে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে ঢকুৱাখনাৰ ভবেন বৰাৰ বাৰীত

শ শ বিলুপ্তপ্ৰায় টোকোৰা চৰাইয়ে আশ্ৰয় লৈদৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে ঢকুৱাখনাৰ ভবেন বৰাৰ বাসগৃহৰ চৌহদত।ফলত বৰাৰ পৰিয়ালে শুনিবল লগা হৈছে কৃষকৰ গালি !কোনো লোকৰ পোহনীয়া হাঁহ,কুকুৰা চুবুৰীয়াৰ বাৰীত সোমাই অনিষ্ট কৰিলে সেই চুবুৰীয়াই গৃহস্থক গালি পৰা আপুনি নিশ্চয় দেখিছে বা
শুনিছে।কিন্তু এইবাৰ এজাক বন্যপক্ষীক নিজৰ গৃহত বিগত পাঁচ বছৰ আশ্ৰয় দি অহাৰ বাবে গাঁৱৰ একাংশ কৃষক লোকৰ গালি-শপনিও শুনিব লগাত পৰিছে ঢকুৱাখনাৰ এঘৰ গৃহস্থই।শ শ টোকোৰা চৰাইৰ মাতেৰে মুখৰিত,আৰু বাঁহেৰে পৰিবেষ্টিত নান্দনিক দৃশ্য দেখিবলৈ পোৱা গৈছে ঢকুৱাখনাৰ অমুদ বৰবাৰী গাঁৱৰ ভবেন বৰাৰ বাসগৃহত।বিগত প্ৰায় পাঁচ বছৰ ধৰি পক্ষী অভিযন্তাৰূপে খ্যাত শ শ টোকোৰা চৰাইয়ে লোকজনৰ বাৰীৰ তামোল গছত বাহ সাজি,কণী পাৰি পোৱালী জগাই আহিছে।এই চৰাইবোৰ জাকে জাকে গৈ গাঁৱৰ,চুবুৰীয়া কৃষকৰ পথাৰত পকিবলৈ ধৰা-আহু,আৰু বড়ো ধানৰ ঠোঁক খায় অনিষ্ট কৰি আহিছে কৃষক ৰাইজৰ।ফলত টোকোৰা চৰাইবোৰক নিজৰ বাৰীৰ পৰা বাঁহ ভাঙি খেদিবলৈ কৈ আহিছে বহু কৃষকে ভবেন বৰাৰ পৰিয়ালক।পিছে নিজৰ বাৰীৰ তামোল গছত পোহনীয়া চৰাইৰ দৰেই আশ্ৰয় লৈ থকা টোকোৰা জাকক নেখেদাৰ বাবে মাজে মাজে একাংশ কৃষক ৰাইজৰ গালি-শপনিও শুনিব লগাত পৰিছে পক্ষী প্ৰেমী ভৱেন বৰাৰ পৰিয়ালে। উল্লেখ্য যে ভৱেন বৰাৰ বাৰীত টোকোৰা চৰাইৰ লগতে ঘৰচিৰিকা,শালিকা,চুতীয়া শালিকা,ভদৰকলি আদি বিভিন্ন চৰাইয়েও আশ্ৰয় লৈ আহিছে প্ৰতিবছৰে।বৰাৰ ঘৰৰ প্ৰতিজন সদস্যই পক্ষীকুলক মৰম কৰাৰ বাবেইনিৰ্ভয়ে বনৰীয়া চৰাইবোৰে বাহ সাজি আপোন মনে থাকিব পাৰিছে নিৰাপদে। উল্লেখ্য যে নগৰীকৰণ আৰু ম’বাইল টাৱাৰৰ কু-প্ৰভাৱৰলগতে বৰ্তমান সময়ত প্ৰায়বোৰ গাঁৱতে কৰা আহুখেতি নকৰা হোৱাৰ ফলত ক্ৰমে বিলুপ্তিৰ পথলৈ আগবাঢ়িছে টোকোৰা চৰাইৰ।টোকোৰা চৰাইক-IUCN ৰ ৰেড লিষ্টত least concern বুলি চিহ্নিত কৰা হৈছে যদিও টোকোৰা চৰাইৰ সংৰক্ষণৰ বাবে বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনবোৰেও উপযুক্ত সজাগতামুলক ব্যৱস্থা গ্ৰহণনকৰাত অসমৰ গাঁৱে ভূঞে অৱশিষ্ট ৰূপত থকাটোকোৰা চৰাইবোৰো এতিয়া দুষ্প্ৰাপ্য হৈ গৈ আছে প্ৰতিবছৰে।এনে সময়ত ঢকুৱাখনাৰ ভবেন বৰাৰ বাৰীত বিগত পাঁচ বছৰে টোকোৰা চৰাইবোৰে বাহ সাজি থকাতো এক সুভ লক্ষণ।ভবেন বৰাৰ বাৰীৰ এই টোকোৰা চৰাইৰ বাহ আৰু সিহঁতৰ কলৰব্ শুনিবলৈ এতিয়া একাংশ স্থানীয় প্ৰকৃত প্ৰেমী লোকৰ লগতে বাটৰুৱাইওঅমুদ বৰবাৰীলৈ গৈ ভিৰ কৰা পৰিলক্ষিত হৈছে।

চিকিৎসক,ফাৰ্মাচিছ,এম্বুলেন্স চালক আৰু চকীদাৰ নোহোৱাকৈ চলিছে বেবেজীয়া ৰাজ্যিক চিকিৎসালয়,জহি-খহি গৈছে কৰ্মচাৰীৰ আৱাসগৃহ,এম্বুলেন্স

সম্প্ৰতি চৌদিশে কভিড’ৰ জটিল পৰিস্থিতিৰ বাবে অব্যাহত আছে মিনি লক ডাউন আৰু সান্ধ্য আইন।ইয়াৰ ফলত ঢকুৱাখনাৰ বহু গ্ৰাম্যাঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে।ঢকুৱাখনা সমষ্টিৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ ৬০ খনৰো অধিক গাঁৱৰ ৰাইজে বৰ্তামন অব্যাহত থকা কভিড’ৰ জটিল পৰিস্থিতিৰ সময়তো সুচিকিৎসা,আৰু স্বাস্থ্য বিভাগৰ পৰামৰ্শ লাভৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উঠিছে।এই প্ৰতিবেদকৰ ভ্ৰমণ কালত সোৱণশিৰি অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী,অৱসৰপ্ৰাপ্ত শিক্ষক-যজ্ঞেশ্বৰ চুতীয়া,সমাজকৰ্মী-সূভাষ চুতীয়া,কুমুদ চুতীয়া, পঞ্চায়ত প্ৰতিনিধি হেমন্ত কুমাৰ দাস আদিয়ে জনোৱা মতে-“লখিমপুৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ অধীনৰ ঘিলামৰা মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বেবেজীয়া ৰাজ্যিক চিকিৎসালয়খন আছিল বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ মৰনৈ, বৰ্ষামুখ, সোৱণশিৰি,আৰু ঘূনাসূঁতি এই চাৰিখন পঞ্চায়তৰ প্ৰায় ৬০ খনৰো অধিক গাঁৱৰ ৰাইজৰ চিকিৎসা সেৱাৰ একমাত্ৰ ভৰষাৰ স্থলী।কিন্তু বৰ্তমান এই বেবেজীয়া ৰাজ্যিক চিকিৎসালয়ৰ পয়ালগা অৱস্থাই কভিড’ৰ এই পৰিস্থিতিৰ মাজত ৰাইজক অবৰ্ণনীয় সমস্যাত পেলাইছে।১৯৬৮-৬৯ চন মানতে স্থাপিত ঢকুৱাখনা মহকুমাৰ এখন অতি পুৰণি চিকিৎসালয় ৰূপে পৰিগণিত বেবেজীয়া ৰাজ্যিক চিকিৎসালয়খন এতিয়া অসংখ্য সমস্যাৰ গৰাহত পৰিছে।বিগত দুই/তিনিবছৰ ধৰি এজনো স্থায়ী চিকিৎসক তথা কম্পাউণ্ডাৰ নাই।স্বাস্থ্য বিভাগে নতুনকৈ ডাক্তৰী পাছ কৰি উলাই অহা একাংশ চিকিৎসকক ইয়াত নিযুক্তি দিয়ে যদিও এবছৰ যেনে তেনে কটাই গুছি যায় চহৰৰ চিকিৎসালয়লৈ।ফলত আকৌ চিকিৎস্যক নোহোৱা হৈ পৰে কেইবামাহো।উল্লেখ্য যে বেবেজীয়া ৰাজ্যিক চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎস্যক গৰাকী দুমাহ আগত বদলি হোৱাৰ দিন ধৰি এই পৰ্যন্ত কাকো নিযুক্তি দিয়া হোৱা নাই।ফলত বিগত দুমাহ ধৰি নাই এজনো চিকিৎসক নোহোৱাকৈয়ে নামত চলি আছে বেবেজীয়া ৰাজ্যিক চিকিৎসালয়।ইফালে যোৱা কেইবামাহো ধৰি নাই এজনো ফাৰ্মাচিছ,এবছৰ ধৰি নাই এজনো চকীদাৰ আৰু এম্বুলেন্সৰ চালক।ফলত এক অৰ্থত অচল হৈ পৰিছে বেবেজীয়া ৰাজ্যিক চিকিৎসা লয়।ফলত ৪ খন পঞ্চায়তৰ ৬০ খনৰো অধিক গাঁৱৰ ৰাইজ এই কভিড’ পৰিৱেশৰ মাজতো বঞ্চিত হৈছে সু- চিকিৎসা সেৱা লাভৰ পৰা। তদুপৰি ৰাজ্যিক চিকিৎসালয় খনৰ চৌহদত চিকিৎসক,নাৰ্চ,চিকিৎসা কৰ্মী থাকিব পৰাকৈ পাঁচটা সুন্দৰ পকী কোৱাটাৰ  আছে যদিও তাত নিয়োজিত  এজনো কৰ্মচাৰী নাথাকে জৰুৰীকালীন সময়ত ৰাইজৰ চিকিৎসা সেৱাৰ বাবে।ফলত হাবি জংঘলে গজি কোৱাটাৰ বোৰ জহি-খহি গৈছে এফালৰ পৰা।চিকিৎসালয়ৰ চৌহদৰ চাৰিওফালে বেৰা নথকাত গৰু,ছাগলী,গাহৰি আদিৰ মুক্ত বিচৰণৰ ফলত চিকিৎসালয়ৰ চৌহদ এলেকাৰ বাট-পথ বোকা হোৱাৰ লগতে ভূমিও বেদখলৰ কৱলত পৰিছে। ইফালে ৰোগীৰ সহায়ৰ বাবে থকা একমাত্র এম্বুলেন্সখনো দীৰ্ঘদিনে পৰি আছে অচল হৈ মেৰামতিৰ অভাৱত আৰু চালকৰ অভাৱত।এটা জৰা- জীৰ্ণ ঘৰৰ ভিতৰত হাবি গজি এম্বুলেন্সখনো জহি-খহি গৈছে।সেইদৰে চৌহদৰ পানী খোৱা কুঁৱাটোৰো তলী শুকাই যোৱাত এতিয়া সেইটোও ব্যৱহৃত হৈছে ঔষধ পেলোৱা ডাষ্টবিন ৰূপেহে।বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ ৰাইজে সেইয়ে নতুন চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীজনৰ লগতে ঢকুৱাখনাৰ স্থানীয় বিধায়ক নৱ কুমাৰ দলেক বেবেজীয়া ৰাজ্যিক চিকিৎসালয়ৰ উল্লেখিত সমস্যা বোৰ দূৰ কৰি বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ ৰাইজক উপকৃত কৰিবলৈ আহ্বান জনাইছে।

ৰংগেশ্বৰী পাম গাঁৱত বিধ্বস্ত পথত ভূই ৰুই মাছ ধৰি ৰাইজৰ অভিনৱ প্ৰতিবাদ

কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৰংগেশ্বৰী পাম গাঁৱত আজি ৰাইজে পথত ভূই ৰুই মাছ ধৰি সভানেত্ৰী মাফুজা আহমেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।জানিব পৰা মতে, ২০২০-২১ বৰ্ষৰ অধীনত এম, জি এনৰেগাৰ জৰিয়তে ছমৰীয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত ভখুৰাদিয়া ৰংগেশ্বৰী গাঁও পঞ্চায়তৰ  অন্তৰ্ভুক্ত জমিৰ উদ্দিনৰ ঘৰ হৈ জলজলি ভায়া ৰংগেশ্বৰী পাম চাৰিআলিলৈ যোৱা পথছোৱাৰ নিৰ্মাণৰ নামত৬,৭৩,৩,৬১টকা আৱন্টন দিয়া হয়। পথছোৱা নিৰ্মাণৰ নামত পঞ্চায়তটোৰ  সভানেত্ৰী গৰাকীয়ে ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰি পথ খনৰ নিৰ্মানকাৰ্য আধাতে শেষ কৰাত  গাঁৱ খনৰ সৰ্বসাধাৰণ ৰাইজে একাঠু বোকাময় পথৰে নৰক যন্ত্ৰনা ভোগ না ভোগ কৰি যাতায়াত কৰিবলগীয়া হৈছে। যাৰ পৰিপেক্ষিতত  গাঁৱ খনৰ একাংশ পুৰুষ মহিলা উলাই আহি  পথটোত ভূই ৰুই মাছ ধৰি   অভিনব প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে পঞ্চায়ত সভানেত্ৰী  মইমতালি নচলিব, এম জি এনৰেগাৰ নামত দূৰ্নীতি নচলিব, আমাৰ ৰাস্তা লাগিবই, ৰাস্তাৰ নামত দূৰ্নীতি বন্ধ কৰক আদি ধ্বনিৰে পঞ্চায়ত সভানেত্ৰী মাফুজা আহমেদৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। পঞ্চায়ত সভানেত্ৰীয়ে পথটোৰ নিৰ্মাণৰ নামত সংঘটিত কৰা দূৰ্নীতি অনিয়মৰ বিৰুদ্ধে এক তদন্ত বিচৰাৰ লগতে পথটো মেৰামতি কৰি গাঁৱ খনৰ ৰাইজৰ যাতায়ত ক্ষেত্ৰত সুচল কৰি দিয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰক দাবী জনাইছে।

বিশ্বনাথৰ মাজুলীগড় চাহ বাগিছাত চিকিৎসকক আক্ৰমন বাগিছাৰ একাংশ দুস্কৃতিকাৰীৰ

হোজাইত চিকিৎসক আক্ৰমণ কৰা ঘটনা ঢৌ মাৰ নাযাওঁতেইএইবাৰ বিশ্বনাথত চিকিৎসকক আক্ৰমণৰ ঘটনা সংঘটিত হ’ল।
 বিশ্বনাথ আৰক্ষী থানা অন্তৰ্গত  মাজুলীগড় চাহ বাগিচাত বুধবাৰে   বিয়লি প্ৰায় ৫ মান বজাত বাগিচা খনৰ জ্যোষ্ঠ চিকিৎসক বসন্ত গোস্বামীক কেইজনমান দুস্কৃতিকাৰীয়ে বাটত আগুচি ধৰি মাৰ ধৰ কৰা অভিযোগ উঠিছে।
।উল্লেখযোগ্য যে  কৰ’ণা সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্যত বলবৎ  হৈছে নতুন কভিড নীতি  নিৰ্দেশনা।এই নীতি নিৰ্দেশনা অনুযায়ী দুপৰীয়া বাৰ বজাৰ পৰা বন্ধ কৰিব লাগে ৰাজ্যৰ দোকান পোহাৰ সমূহ।কিন্তু তাৰ মাজতে কিছুমান গ্ৰাম্য অঞ্চল বা চাহ বাগিচা অঞ্চলত একাংশ লোকে এই নীতি নিৰ্দেশনা অমান্য কৰি খোলা ৰাখে নিজৰ বানিজ্যিক প্ৰতিষ্ঠান। 
ঠিক তেনেদৰেই বিশ্বনাথৰ মাজুলিগড় চাহ বাগিচাতো দুপৰীয়া বাৰ বজাৰ পৰা দোকান পোহাৰ বন্ধ কৰিব লাগে যদিও বাগিচাখনৰ একাংশ ক্ষুদ্ৰ ব্যবসায়ীয়ে মনা নাছিল এই নিয়ম। মাজুলিগড় চাহ বাগিচাকে ধৰি আন আন চাহ বাগিচাত যাতে গণ সংক্ৰমণ ভয়াবহ ভাৱে বৃদ্ধি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি  জিলা খনৰ অধিনৰ বাগিচা সমূহত  বিশ্বনাথ জিলা প্ৰশাসনে নিৰ্দেশ দিছে বাগিচা খনৰ কতৃপক্ষক SOP  নীতি নিৰ্দেশনা মানি চলিবল।
 ইফালে এই নীতি নিৰ্দেশনা প্ৰতি গুৰুত্ব দি মাজুলী গড় চাহ বাগিচাত থকা খোলা থকা  একাংশ  দোকান  বন্ধ কৰিবলৈ বাগিছা কৰ্তৃপক্ষই চেষ্টা চলাই বুধবাৰে।কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল  বাগিছা খনৰ একাংশ লোকে যিহেতু কভিডৰ কাৰনে দোকান সমূহ বন্ধ কৰাবলৈ দিছে জিলা প্ৰশাসনে কিন্তু উক্ত নিৰ্দেশনা বাগিচা খনৰ জ্যোষ্ঠ চিকিৎসক বসন্ত গোস্বামীয়ে   নিৰ্দেশ  দিয়া বুলি সন্দেহ কৰি চিকিৎসক গৰাকী  ওপৰত ক্ষোভিত হৈ পৰে একাংশ লোক। লগতে উক্ত লোক সকলে বাগিচাখনৰ  চিকিৎসক অথবা বাগিচা কতৃপক্ষই কিয় দোকান সমূহ বন্ধ কৰাব বুলিও গৰজি উঠে।
যাৰ বাবে একাংশ লোকে বুধবাৰে  বিয়লি  বাগিচাখনৰ কাৰ্যালয়ত এই বিষয় সন্দৰ্ভত সোধা-পোছাৰ বাবে গৈছিল কেইজনমান যুৱক।
কিন্তু দুৰ্ভাগ্য ক্ৰমে সেই সময়তে বাগিচাখনৰ চিকিৎসক গৰাকী ইভিনিং ৱাক কৰিবলৈ গৈ আছিল বাগৰি খনৰ পথেৰে ।তেনে সময়ত উক্ত যুৱক সকলৰ সৈতে চিকিৎসক বসন্ত গোস্বামী  মুখা-মুখি হৈছিল বুলি চিকিৎসক বসন্ত গোস্বামীয়ে প্ৰকাশ কৰে।ইফালে লগে লগে উক্ত  দুস্কৃতিকাৰীৰ দলটোয়ে চিকিৎসক গৰাকীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিছিল যদিও,চিকিৎসক গৰাকীৰ ঘৰত কৰ্মৰত কৰ্মচাৰীৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে চিকিৎসক বসন্ত গোস্বামী।ইফালে  ঘটনা সন্দৰ্ভত বৃস্হপতিবাৰে  বিশ্বনাথ আৰক্ষী থানাত এক গোচৰ তৰিছে বুলি জানিব পৰা গৈছে।আনহাতে উক্ত ঘটনা লগত জৰিয়ত ব্যক্তি সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন দল সংগঠনে দাবী জনোৱা লগতে চিকিৎসক কৰ্মী‌ সকলক নিৰাপত্তা প্ৰদান কৰিবলৈ দাবী জনাই চৰকাৰক।

নগৰীয়া ভাৰতৰ সেউজীকৰণ আৰু ভৱিষ্যতৰ নগৰসমূহক ৰূপদান : হৰদ্বীপ এছ পুৰী

The Minister of State for Housing & Urban Affairs, Civil Aviation (Independent Charge) and Commerce & Industry, Shri Hardeep Singh Puri addressing at a Webinar - Swachh Bharat Mission, to celebrate the 6th Anniversary of SBM-Urban, in New Delhi on October 02, 2020.

প্ৰকৃতিক শান্তিত  ৰখাটো হৈছে ২১ শতিকাৰ অতিপ্ৰয়োজনীয় কাম, সকলোৰে বাবে, সকলোতে ই অৱশ্যেই উচ্চ অগ্ৰাধিকাৰযোগ্যবিষয়ব লাগে।

ৰাষ্ট্ৰসংঘৰ সচিব-প্ৰধানএণ্টনিও গুটেৰেছ

১৯৭৪ চনৰ পৰা প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিবেশ দিৱস পালনেৰে সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰ, সমাজ আৰু লোকসকলে আমাৰ গ্ৰহ আৰু ভৱিষ্যৎ প্ৰজন্মৰ অৰ্থে আমাৰ দায়িত্ব স্মৰণ আৰু উদযাপনৰঅৰ্থে একেলগে আগবাঢ়ি আহে।এই বছৰ,পৰিবেশ তন্ত্ৰ পুনৰুদ্ধাৰৰ ৰাষ্ট্ৰ সংঘ দশক (the United Nations Decade of Ecosystem Restorations) ৰ শুভাৰম্ভ কৰা হৈছে, ইয়াৰ লক্ষ্য হৈছে এই দশকৰ লক্ষ্যসমূহৰ অভিমুখে অগ্ৰসৰ হোৱা।

উন্নয়নৰ চাপ বৃদ্ধি হোৱাৰ লগতে, এটি সেউজ আৰু সুস্থ ভৱিষ্যতৰ অৰ্থে আমাৰ সমাজ, অৰ্থনীতি আৰু ৰাজনীতিক অভিযোজিত কৰাৰ সামৰ্থ্যও আমাৰ বাঢ়িছে।বহনক্ষম উন্নয়ন আৰু পৰিবেশ সুৰক্ষাৰ মাজৰ সূক্ষ্ম ভাৰসাম্য,ৰাষ্ট্ৰ সংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰে ২০৩০ এজেণ্ডাৰ অন্যতম প্ৰধান লক্ষ্য হৈ আহিছে।এই এছডিজি ত উপনীত হোৱাৰ অৰ্থে এটা মোদী চৰকাৰখনৰ যোৱা সাত বছৰত ভাৰতৰ নীতি আৰু ৰাজনৈতিক আলোচনাতএইবিষয়টোঅন্তৰ্ভুক্ত কৰা গৈছে।

২০১৪ ৰ ১৫ আগষ্টত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়েস্বচ্ছতা (স্বচ্ছ ভাৰত) অভিযানৰ শুভাৰম্ভ কৰিছিল।প্ৰকৃতপক্ষে ই আছিল আমাৰ নগৰীয়া দৃশ্যপটৰ সম্পূৰ্ণ ৰূপান্তৰৰ অগ্ৰদূত।২০১৫ ৰ জুনত, বিশ্বখনৰ সকলো প্ৰান্তত গ্ৰহণ কৰা অতিশয় বিস্তৃত নগৰীকৰণ কাৰ্য্যক্ৰমকহাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ধ্বজাবাহী অভিযানসমূহ – প্ৰধানমন্ত্ৰী আবাস যোজনা (নগৰীয়া),পুনৰুজ্জীৱনআৰু নগৰীয়া ৰূপান্তৰৰ অৰ্থে অটল অভিযান (AMRUT) আৰু স্মাৰ্ট চিটিঅভিযান (SCM) ৰ জৰিয়তে ৰূপায়ণ কৰা হয়। হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ধ্বজাবাহী অভিযানসমূহৰ শুভাৰম্ভণিয়ে২০১৬ ত অৰ্থাৎ প্ৰায় এবছৰতে বহনক্ষম উন্নয়নৰ লক্ষ্য (SDG) সমূহৰ অভিযোজনা সম্পন্ন কৰে।আনকি,

লক্ষ্যণীয় এয়ে যে এই ধ্বজাবাহী অভিযানসমূহৰ মূল্য উদ্দেশ্যত গৰিষ্ঠসংখ্যক এছডিজি প্ৰতিফলিত হয়।এই ৰাষ্ট্ৰীয় অভিযানসমূহে নিজ-নিজ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ সমান্তৰালভাৱেজলবায়ু পৰিৱৰ্তনেৰে মোকাবিলাৰ অৰ্থে বহনক্ষম উন্নয়নকো নিশ্চিত কৰিছে।

স্বচ্ছ ভাৰত অভিযান (নগৰীয়া) ৰ লক্ষ্য আছিলমুকলিত মলত্যাগ মুক্ত ভাৰত,গোটা আৱৰ্জনা ব্যৱস্থাপনা ক্ষমতা নিৰ্মাণআৰুসমাজৰ আচৰণগত পৰিৱৰ্তন সাধন কৰা।বাৰ্ষিক স্বচ্ছ সৰ্বেক্ষণৰ জৰিয়তে, সহযোগী আৰু প্ৰতিযোগিতামূলক মৈত্ৰীতন্ত্ৰ এই নাগৰিক-নেতৃত্বাধীন ‘জন আন্দোলন’ ৰ চালিকা শক্তি হৈ পৰে।এছবিএম-ইউ ৰ অধীনত ভিন্ন পদক্ষেপে ২০২২ ৰ ভিতৰত জিএইচজি নিৰ্গমনৰ সমতুল্য ১৭.৪২নিযুত টন কাৰ্বন ডাই অক্সাইড (CO2)লাঘৱ কৰিব পাৰিব বুলি আশা কৰা হৈছে।

স্মাৰ্ট চিটি অভিযানটোৱে প্ৰশাসন, বহনক্ষমতা আৰু দুৰ্যোগৰ সম্ভাৱ্য স্থিতিস্থাপকতা (disaster risk resilience) ৰ উন্নতি সাধনাৰ্থে আমাৰ নগৰসমূহৰ প্ৰযুক্তিগত অগ্ৰগতিৰ দায়িত্ব গ্ৰহণ কৰি আহিছে।আমাৰ নগৰীয়া কেন্দ্ৰসমূহৰ শক্তিৰ সক্ষমতা আৰু মটৰ-বিহীন পৰিবহণ ক্ষমতাৰ অগ্ৰগতি সাধনাৰ্থে স্মাৰ্ট সমাধান সূত্ৰ প্ৰয়োগ কৰা হয়।আমাৰ নগৰসমূহৰ জলবায়ু-সংবেদনশীল উন্নয়নক অধিক পৰিপূৰণৰ অৰ্থে, ক্লাইমেট স্মাৰ্ট এচেছমেন্ট ফ্ৰেমৱৰ্কৰ অভিযোজনা কৰা যায়।এই ফ্ৰেমৱৰ্কৰ লক্ষ্য হৈছে সেউজ, বহনক্ষম আৰু স্থিতিস্থাপক নগৰীয়া আবাসস্থলৰ অৰ্থে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডত উপনীত হ’বলৈ নগৰসমূহত উত্তম পন্থাৰ অভিযোজন, সমন্বয় আৰু বিনিময়ৰসংযোজনঘটোৱা।

এতিয়ালৈকে, ৪১৭.৫ কিঃমিঃ স্মাৰ্ট পথ, ৩০ মেগাৱাট উৎপাদনকাৰী ছ’লাৰ পেনেলআৰু ২৫৩.৫এমএলডিবৰ্জনীয় পানী প্ৰণালী ক্ষমতাৰ অৰ্থে আন্তঃগাঁথনি সম্পূৰ্ণ হৈ উঠিছে।এছচিএম ৰ অধীনত ৰূপায়ণ কৰা প্ৰকল্পসমূহৰপৰা জিএইচজি নিৰ্গমন ৰ মুঠ হ্ৰাস ২০২২ ৰ ভিতৰত ৪.৯৩ নিযুত টন কাৰ্বন ডাই অক্সাইড হ’বগৈ বুলি আশা কৰা হৈছে।

পুনৰুজ্জীৱনআৰু নগৰীয়া ৰূপান্তৰৰ অৰ্থে অটল অভিযান (AMRUT) ত, ৫০০ নিৰ্ধাৰিত নগৰত পানী যোগান আৰু ব্যৱস্থাপনা, শক্তিৰ সক্ষমতাআৰু বৰ্ধিত সেউজ মণ্ডলৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়।আজিৰ তাৰিখত, ৩,৭০০ একৰো অধিক ভূমিত ১,৮৩১ পাৰ্ক গঢ়ি তোলা হৈছে, ৮৫ লাখ ষ্ট্ৰীট লাইট পুনঃস্থাপনৰ ফলশ্ৰুতিত ১৮৫.৩৩ কোটি ইউনিট (kWh) শক্তি সঞ্চয় হৈছে আৰু ১০৬জল মণ্ডলক পুনৰুজ্জীৱিত কৰা গৈছে।এই অভিযানৰ জৰিয়তে ২০২২ ৰ ভিতৰত জিএইচজি ৰ সমতুল্য ৪৮.৫২নিযুত টন কাৰ্বন ডাই অক্সাইডলাঘৱ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। ১.১২ কোটি গৃহ মঞ্জুৰিৰে, প্ৰধান মন্ত্ৰী আবাস যোজনা (নগৰীয়া) ৰ জৰিয়তে উদ্ভাৱনীমূলক, পৰিবেশ অনুকূল আৰু দুৰ্যোগ স্থিতিস্থাপক নতুন নিৰ্মাণ প্ৰযুক্তিসমূহত গুৰুত্ব আৰোপ কৰা

হৈছে।গ্ল’বেল হাউছিং টেকন’লজি চেলেঞ্জৰ শুভাৰম্ভ কৰা হয় আৰু ৫৪ টা প্ৰযুক্তি চিনাক্ত কৰা হয়।২০২১ ৰ ০১ জানুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকীয়ে ছটা লাইটহাউছ প্ৰকল্পৰ শুভাৰম্ভ কৰে।সমগ্ৰ দেশখনৰে ছটা ভূ-জলবায়ু (geo-climatic) অঞ্চলত এইসমূহ নিৰ্মীয়মান অৱস্থাত আছে।

তদুপৰি, প্ৰায়৪৩.৩লাখ গৃহ নিৰ্মাণ কৰা হৈছেয’ত ফ্লাই এছ ইটা/ ব্লক আৰু কংক্ৰিট ব্লক ব্যৱহাৰ কৰা হৈছে।সমগ্ৰ অভিযানটোৱে ২০২২ ৰ ভিতৰত জিএইচজি নিৰ্গমনৰ সমতুল্য প্ৰায় ১২নিযুত টন কাৰ্বন ডাই অক্সাইডলাঘৱ কৰাৰ সম্ভাৱনা আছে।

পৰিশেষত, এটা অতিশয় শক্তি-কুশল মাছ ৰেপিড ট্ৰেনজিট চিষ্টেম মেট্ৰ’ ৰেল ১৮ নগৰত চালিত হৈ আছে যাৰ অৰ্থে ৭২০ কিঃমিঃৰঅধিক লাইন নিৰ্মাণ কৰা হৈছে।বাকী ২৭ নগৰত ১,০৫৫ কিঃমিঃ নতুন মেট্ৰ’ লাইন নিৰ্মীয়মান অৱস্থাত আছে।এই বিস্তৃত নেটৱৰ্কে ২০১৫-২০২২ ৰ সময়ছোৱাত জিএইচজি ৰ সমতুল্য প্ৰায় ২১.৫৮নিযুত টন কাৰ্বন ডাই অক্সাইডলাঘৱ কৰিব বুলি আশা কৰা হৈছে।

হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় (MoHUA) ৰ অধীনত ৰূপায়ণ হৈ থকা ৰাষ্ট্ৰীয় অভিযানসমূহে ২০২২ ৰ ভিতৰত ৯৩ নিযুতৰো অধিক টন কাৰ্বন ডাই অক্সাইডৰ সমতুল্য জিএইচজি নিৰ্গমন লাঘৱ কৰিব বুলি আশা কৰা হৈছে।ৰাষ্ট্ৰীয় অভিযানকেইটাৰ সহযোগিতা আৰু উত্তম পন্থাৰ বিকীৰ্ণতাত এই সংখ্যা বৃদ্ধি হ’ব পাৰে।

আজি, পৰিবেশমূলক সতৰ্কতা, প্ৰযুক্তিগত অগ্ৰগতি আৰু সামগ্ৰিক বিকাশৰ এটা ৰূপান্তৰমূলক ঢৌৱে ভাৰতৰ বহনক্ষমতাৰ এজেণ্ডাক চালিত কৰি আছে।সমাজ, প্ৰকৃতি আৰু উন্নয়নৰ মাজৰ সন্তুলন হৈছে ক’ভিড-১৯ সংকটৰদ্বাৰা লাইমলাইটক প্ৰভাৱিত কৰা এটা জটিল প্ৰসংগ।জলবায়ু পৰিৱৰ্তনৰ লেখীয়াকৈ, মহামাৰীটোৱে সমগ্ৰ বিশ্বখনৰ সমাজৰ অতিশয় দুৰ্বল শ্ৰেণীটোক প্ৰভাৱিত কৰিছে।

প্ৰযুক্তিগত লোকতন্ত্ৰীকৰণ (democratisation), বহনক্ষম আন্তঃগাঁথনি নিৰ্মাণ আৰু আচৰণগত পৰিৱৰ্তনে প্ৰকট কৰি তোলা ৰূপান্তৰেক’ভিড-১৯ সংকটটোক অতিক্ৰমত অতি জৰুৰী অৱস্থাত এয়া সুগম কৰি তুলি আমাক সহায় কৰিছে।

মোদী চৰকাৰৰ যোৱা ৭ বছৰৰ সময়ছোৱাত বহনক্ষমতা, দুৰ্যোগৰ সম্ভাৱ্য স্থিতিস্থাপকতা, সমাজ নিৰ্মাণক মূল হিচাপে লৈ নগৰ উন্নয়নৰ এনে প্ৰগতিশীল পন্থা মাৰ্গদৰ্শক মন্ত্ৰ হৈ আহিছে।এই পদক্ষেপে অহা দশকত আমাৰ পৰিবেশ সংৰক্ষণ, পৰিবেশ তন্ত্ৰ পুনৰুদ্ধাৰ আৰু জলবায়ু পৰিৱৰ্তনদ্বাৰা সৃষ্ট সম্ভাৱ্য বিপদ লাঘৱত আমাক সহায় কৰিব।

লেখক হাউছিং আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী

ধুবুৰীত পুনৰ বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট সহ এগৰাকী মহিলাক আটক।

যি সময়তে সমগ্ৰ ৰাজ্যত কৰোনা মহামাৰী সংক্ৰামণৰ সংহাৰী ৰূপ ধাৰণ কৰিছে তেনে সময়তে ধুবুৰী  চহৰৰ এ, এম, কো, ৰোড আৰক্ষী চকীৰ অন্তৰ্গত বগুলামাৰীৰ ছিদ্দিক আলিৰ ঘৰৰ পৰা বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট সহ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীয়ে। জানিবপৰা মতে বহুদিনৰ পৰাই ছিদ্দিক আলি আৰু তেওঁৰ পত্নীয়ে মিলি এই অবৈধ ড্ৰাগছ ব্যৱসায়ীয় চলাই আহিছে। স্বামী স্ত্ৰী দুয়ো মিলি নতুন নতুন কৌশল অৱলম্বন কৰি এই নিচা জাতীয় টেবলেট সৰবৰাহ কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আছিয়া বিবিক নিচা জাতীয় টেবলেট সহ আটক কৰে আৰু তেওঁৰ স্বামী ছিদ্দিক আলী পলাই পতংক দিয়ে। বৰ্তমানে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। সাংবাদিক এক প্ৰশ্ন উত্তৰত আৰক্ষীয়ে কয় যে তেওঁলোকে যিমানেই নতুন কৌশল অৱলম্বন নকৰক কিয় এতিয়াৰে পৰা ড্ৰাগছৰ বিৰুদ্ধে আৰু অধিক তীব্ৰতাৰে অভিযান অব্যাহত থাকিব।

পানীত পৰা লোকক উদ্ধাৰৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ অভিনৱ পদক্ষেপ : সৰ্থেবাৰীত ৩১ সাতোৰবিদক বিশেষ প্ৰশিক্ষণ

পানীত পৰা লোকক তাৎক্ষণিকভাৱে উদ্ধাৰৰ বাবে স্থানীয় সুদক্ষ যুবকক বিশেষ প্ৰশিক্ষণেৰে প্ৰতিটো অঞ্চলতে একোটাকৈ দল গঠনৰ বাবে বৰপেটা জিলাৰ উপায়ুক্তৰ উদ্যোগত গ্ৰহণ কৰা অভিনৱ ব্যৱস্থাৰ অংশ হিচাপে আজি সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনৰ ৩১ জনক প্ৰশিক্ষণ প্ৰদান কৰা হয়। বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ উদ্যোগত সৰ্থেবাৰী চহৰৰ পাৰাহকুছী প্ৰাথমিক বিদ্যালয় চৌহদত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, সৰ্থেবাৰী ৰাজহ চক্ৰৰ  চক্ৰ বিষয়া বিজিতা ডেকা আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ জিলা প্ৰকল্প বিষয়া ড নন্দিতা দত্ত‌ও উপস্থিত থাকে। অনুষ্ঠানত বৰপেটা অগ্নি নিৰ্বাপন বাহিনীৰ কেন্দ্ৰ বিষয়া মৃণাল দাসে অংশগ্ৰহণকাৰী সকলক কম আয়াসতে ঘৰুৱা পেলনীয়া সামগ্ৰীৰে কিদৰে লাইফ জেকেট বা লাইফ বোয় সাজি লৈ বেছি সময়লৈ পানীত উপঙি থকাৰ লগতে পানীত পৰা লোকক উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে উদাহৰণ সহ বুজায় কয়। তেওঁ দুৰ্ঘটনাগ্ৰস্থ লোকক কিদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে তাৰো আভাষ ব্যৱহাৰিক প্ৰদৰ্শনেৰে দাঙি ধৰে। অনুষ্ঠানত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ ক্ষেত্ৰ বিষয়া আৰু ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনী, বৰপেটাৰ জোৱান সকলো উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনীৰ সীমিত সংখ্যাৰ বাবে কোনো স্থানত  দুৰ্ঘটনা সংঘটিত হলে দলটো গৈ  পানীত ডুবা লোকজনক জীৱন্তে উদ্ধাৰ কৰাটো সম্ভৱ হৈ নুঠে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে, সেয়ে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ পৰামৰ্শ ক্ৰমে জিলা খনৰ প্ৰতিটো প্ৰান্ততে  সাঁতোৰত বিশেষ দক্ষতা থকা স্থানীয় যুবক সকলক প্ৰাথমিক প্ৰশিক্ষণেৰে উদ্ধাৰ অভিযানৰ বাবে উপযুক্ত ৰূপত গঢ়ি তুলিব বিচৰা হৈছে। যোৱা ৩১ মে’ত জিলা উপায়ুক্ত ভূচালৰ উপস্থিতিত এনে প্ৰথমটো ১৬ জনীয়া দলক কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত জনিয়াত দিয়া প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে সম্পন্ন হোৱাৰ পিছত  দ্বিতীয়টো কাৰ্যসূচী চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত গোমাফুলবাৰীত যোৱা ৫ জুনত সম্পন্ন কৰা হৈছিল।

গুৱাহাটীৰ উর্বশী–মেঘদূত–অপ্সৰা ছবিগৃহ বন্ধ

কা’, কৰ’ণাৰ লকডাউন আৰু সান্ধ্য আইনত বিধ্বস্ত হৈ পৰিল ছবিগৃহৰ ব্যৱসায়৷ ‘কা’ আন্দোলনে তীব্র ৰূপ ধাৰণ কৰাত চৰকাৰে ঘোষণা কৰা সান্ধ্য আইনৰ পৰিপ্রেক্ষিতত ৰাজ্যত লকডাউনৰ পূর্বৰে পৰা বন্ধ হৈ থকা বহু ছবিগৃহ এতিয়া বন্ধ হোৱাৰ উপক্রম হৈছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবেই গুৱাহাটী মহানগৰীৰ চাৰিটাকৈ ছবিগৃহ চিৰদিনলৈ বন্ধ হৈ পৰিল৷ ষাঠি, সত্তৰ আৰু আশীৰ দর্শকত গুৱাহাটীত স্থাপন কৰা উর্বশী, মেঘদূত, অপ্সৰা আৰু বন্দনা ছবিগৃহকেইটা চিৰদিনৰ বাবে বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ ছবিগৃৰৰ স্বত্বাধিকাৰীয়ে বিগত প্রায় দুবছৰ ধৰি সন্মুখীন হোৱা লোকচানৰ পৰিপ্রেক্ষিতত ছবিগৃহকেইটা বন্ধ কৰিবলগীয়া হয়৷ ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে লকডাউন ঘোষণা কৰাত প্রতিমাহে চিনেমাগৃহৰ মালিকসকলে ১.৫ লাখৰ পৰা ২.৫ লাখ টকালৈকে খৰচ কৰিবলগীয়া হৈছিল৷

কর্মচাৰীৰ দৰমহা, বিদ্যুতৰ বিলকে ধৰি অন্যান্য খৰচৰ বাবদ প্রতিমাহে ছবিগৃহৰ মালিকে লাখ লাখ টকা লোকচান ভৰি পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয়৷ গুৱাহাটীত থকা ১২টা ছবিগৃহৰ ভিতৰত উর্বশী, মেঘদূত, অপ্সৰা আৰু বন্দনা বন্ধ কৰি দিয়ে স্বত্বাধিকাৰীয়ে৷ ১৯৬৫ চনত স্থাপন কৰা উর্বশী, ১৯৭৪ত নুনমাটিত স্থাপন কৰা বন্দনা ছবিগৃহ, মেঘদূত আৰু অপ্সৰা ছবিগৃহ বন্ধ হৈ পৰাত অতীতৰ গর্ভত সোমাই পৰিল বহু পুৰণি স্মৃতি৷ নুনমাটিস্থিত বন্দনা ছবিগৃহৰ স্বত্বাধিকাৰীয়ে ছবিগৃহটো বন্ধ কৰি এতিয়া বিকল্প ব্যৱসায়ৰ পথৰ চিন্তা–চর্চা কৰিছে৷ বিকল্প ব্যৱসায় চলাবলৈ ইতিমধ্যে বন্দনা ছবিগৃহটো ভঙাৰ কাম আৰম্ভ কৰিছে৷ সাতজনকৈ বনুৱাই ছবিগৃহটো ভঙাৰ কাম আৰম্ভ কৰিছে৷ উক্ত স্থানত কি ব্যৱসায় আৰম্ভ কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও নুনমাটিৰ বন্দনা ছবিগৃহত বিশাল শ্বপিং মল নির্মাণ হোৱাৰ সম্ভাৱনাৰ কথা ছবিগৃহৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিছে৷

লাহৰীঘাটৰ দক্ষিণ ঔতলাবড়ী অংগনৱাড়ী কেন্দ্রত ব্যাপক দূৰ্নীতিৰ অভিযোগ অভিভাৱকৰ

মৰিগাঁও জিলাৰ  লাহৰিঘাটত অংঙ্গনবাদী কৰ্মীৰ ব্যাপক দূৰ্নীতি। অংঙ্গনবাদী কৰ্মীয়ে শিশু খাদ্য আৰু ইউনিফৰ্ম বিতৰণ নামত সংঘটিত কৰিছে ব্যাপক দূৰ্নীতি।কণ কণ শিশু সকলক ইউনিফৰ্ম পিন্ধাই ফটো তুলি ইউনিফৰ্ম খুলি ৰাখি  খেদি পঠিয়াই শিশুসকলক।  মৰিগাঁও জিলাৰ লাহৰিঘাটৰ দক্ষিণ ঔতলাবড়ী চুবুৰী অংঙ্গনবাদী কৰ্মী আফিয়া খাতুনে কণ কণ শিশু সকলৰ খাদ্য আৰু ইউনিফৰ্ম বিতৰণ নামত সংঘটিত কৰিছে ব্যাপক দূৰ্নীতি। শিশু সকলক ইউনিফৰ্ম পিন্ধাই ফটো তুলি ইউনিফৰ্ম খুলি ৰাখি দিয়াৰ লগতে কোনো ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ নকৰে আফিয়া খাতুন নামৰ এই গৰাকী দক্ষিণ ঔতলাবড়ী চুবুৰী অংঙ্গনবাদী কৰ্মীয়ে।বছৰ বছৰ ধৰি চৰকাৰে আৱণ্টন দিয়া কণ কণ শিশু সকলৰ খাদ্য সামগ্ৰী আত্মাহাৎ কৰাৰো অভিযোগ আছে আফিয়া খাতুন নামৰ অংঙ্গনবাদী কৰ্মী গৰাকীৰ বিৰুদ্ধে। দক্ষিণ ঔতলাবড়ী গাৱৰ ৰাইজে পূৰ্বতে এই গৰাকী অংঙ্গনবাদী কৰ্মীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাই দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় বিষয়া কৰ্মচাৰীয়ে।উল্লেখ্য যে কোন গৰাকী বিষয়াৰ আশীৰ্বাদত কণ কণ শিশুৰ প্ৰাপ্য সামগ্ৰী পৰা বঞ্চিত কৰি আহিছে আফিয়া খাতুন নামৰ অংঙ্গনবাদী কৰ্মী গৰাকীয়ে। এতিয়া প্ৰশ্ন হয় এনেধৰণৰ কৰ্মীৰ বিৰুদ্ধে  উৰ্ধতম বিষয়া সকলে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব।