Home Blog Page 2999

এছিয়ান গেইমছৰ স্বৰ্ণ পদক বিজেতা বক্সাৰ ডিংকো সিঙৰ দেহাৱসান

এছিয়ান গেইমছৰ স্বৰ্ণ পদক বিজেতা বক্সাৰ ডিংকো সিঙৰ দেহাৱসান১৯৯৮ চনত বেংককত অনুষ্ঠিত সংস্কৰণত এছিয়ান গেইমছৰ স্বৰ্ণ বিজয়ী বেণ্টমৱেট বক্সাৰ নাংগোম ডিংকো সিঙৰ বৃহস্পতিবাৰে মৃত্যু হয়।ডিংকোৱে কেইবা বছৰ ধৰি স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছিল। শেহতীয়াকৈ তেওঁ যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ২০১৭ চনৰ পৰা চিকিৎসাধীন হৈ আছিল।যোৱা বছৰ তেওঁ ক’ভিড-১৯ ত আক্ৰান্ত হোৱাত সন্মুখীন হৈছিল আন এক প্ৰত্যাহ্বানৰ। চিকিৎসকৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত অৱশ্যে ৪১ বছৰীয়া প্ৰাক্তন বক্সাৰজনে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছিল।ডিংকোই ইম্ফললৈ উভতি অহাৰ পূৰ্বে ২০২০ চনৰ জানুৱাৰিত দিল্লীৰ ইনষ্টিটিউট অব লিভাৰ এণ্ড বিলিয়াৰী চাইন্সেছত (আইএলবিএছ) ৰেডিয়েশ্যন থেৰাপি কৰাইছিল।কিন্তু এপ্ৰিলত তেওঁৰ অৱস্থা অধিক অৱনতি ঘটাত ডিংকোক পুনৰ একেখন চিকিৎসালয়তে ভৰ্তি কৰোৱা হৈছিল। তেওঁ জণ্ডিচতো আক্ৰান্ত হৈছিল।মণিপুৰত জন্মগ্ৰহণ কৰা ডিংকোক ১৯৯৮ চনত অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল আৰু ২০১৩ চনত তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হৈছিল।উল্লেখ্যে যে ডিংকোৱে ভাৰতীয় নৌসেনাত নিযুক্তি লাভ কৰাৰ লগতে স্বাস্থ্যজনিত সমস্যাৰ বাবে ঘৰত আৱদ্ধ হৈ থকাৰ পূৰ্বে তেওঁ প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সৰ্বানন্দ সোণোৱালৰ বৰঙণি আঢ়ৈ লাখ টকা

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আঢ়ৈ লাখ টকাৰ বৰঙণি আগবঢ়ালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কোভিড-১৯ৰ বিৰুদ্ধে টীম অসমৰ যুঁজখনৰ অংশ হিচাপে টিকাকৰণ অভিযানক অধিক শক্তিশালী কৰি তুলিবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগবঢ়াইছে এই বৰঙনি। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই ধনৰাশিৰ চেক অৰ্পণ কৰে সৰ্বানন্দ সোণোৱালে।

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন অসমৰ মহিলা বক্সাৰ লাভলিনা

অসমবাসীৰ বাবে গৌৰৱৰ বিষয়।  চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ মহিলা বক্সাৰ লাভলিনা বৰগোঁহাইয়ে। তাৰ লগে লগে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম গৰাকী মহিলা বক্সাৰ হিচাপৰে ইতিহাস ৰচনা কৰিলে লাভলিনাই।
লাভলিনাৰ এই সাফল্যত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা প্ৰদান কৰাৰ লগতে ভৱিষ্যতেই এই সফলতা অব্যাহত থাকে তাৰ কামনা কৰিছে। মুখ্যমন্ত্ৰীৰ লগতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে খেলুৱৈ গৰাকীক শুভেচ্ছা প্ৰগদান কৰিছে।
উল্লেখ্য যে, এই মাহত ডুবাইত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়ন শ্বিপটো লাভলিনাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তদুপৰি, ক’ৰণা মহামাৰীৰপ বাবে পিছুৱাই দিয়া অলিম্পিক জুলাইত-আগষ্ট মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। 

ভাতনাপাইতিত পঞ্চায়তী কামত ব্যাপক দুৰ্নীতি।

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ৭০ নং ধৰ্মপুৰ ভাতনাপাইতি গাওঁ পঞ্চায়তত চতুৰ্দশ বিত্তীয় বৰ্ষৰ কামত পঞ্চায়তখনৰ সভাপতি বছিৰ উদ্দিনে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে সভাপতি গৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে। ৰাইজৰ অভিযোগ মতে মজিবৰ ৰহমানৰ ঘৰৰ পৰা চিৰাজ উদ্দিনৰ ঘৰলৈ যোৱা পথৰ মেৰামতিৰ নামত পঞ্চায়তৰ ধন ব্যয় দেখুৱাইছে ৩৩ লাখ টকা পিছে পথচোৱা মেৰামতিত মাত্ৰ পাঁচৰ পৰা সাত লাখ টকা খৰচ কৰি বাকী সমূদায় ধন পঞ্চায়ত সভাপতি গৰাকীয়ে আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৰাইজে। পঞ্চায়তৰ প্ৰায়ভাগ কামতেই পঞ্চায়ত সভাপতি বছিৰ উদ্দিনে সীমাহীন দুৰ্নীতি কৰা বুলি একাংশ সচেতন ৰাইজে অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে। বছিৰ উদ্দিনৰ দুৰ্নীতি নচলিব, পঞ্চায়ত সভাপতি বছিৰ উদ্দিন হায় হায়, পঞ্চায়তৰ কামত হোৱা দুৰ্ণীতিৰ তদন্ত হব লাগিবই, পঞ্চায়ত সভাপতিৰ মইমতালি নচলিব আদি বিভিন্ন শ্ল-গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পঞ্চায়ত সভাপতি বছিৰ উদ্দিনৰ দুৰ্নীতিৰ বিৰুদ্ধে বিভাগীয় ভাৱে বাৰম্বাৰ অভিযোগ দিছিল যদিও হাতদীঘল সভাপতি গৰাকীয়ে ধনৰ বিনিময়ত সকলো মেনেজ কৰিছে বুলি একাংশই অভিযোগ কৰে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দুৰ্নীতি পৰায়ন পঞ্চায়ত সভাপতি বছিৰ উদ্দিনৰ দুৰ্নীতিৰ তদন্ত কৰি দোষীক উচিত শাস্তিৰ দাবী জনাইছে ৰাইজে।

উচ্ছেদৰ বিৰোধীতাৰে মুকালমুৱাত চিপিআইএমৰ প্ৰতিবাদ

ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ বিৰোধীতাৰে
চি.পি.আই(এম) য়ে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ ইয়াৰে অংশ হিচাপে নলবাৰীৰ মুকালমুৱাতো চি.পি.আই(এম) পশ্চিম নলবাৰী আঞ্চলিক সমিতিয়ে মুকালমুৱাৰ মাজমজিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ কভিড প্ৰটকল মানি চি.পি.আই (এম) ৰ সদস্য সকলে হাতে হাতে ৰক্ত পতাকা আৰু প্লেকাৰ্ড লৈ ঘন্টাযোৰা প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে সাম্প্ৰদায়িক উচ্ছেদ অভিযান বন্ধ কৰক, বিজেপি চৰকাৰ হায়,হায়, ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো বিজেপি চৰকাৰে উচ্ছেদ কিয় কৰিছে জবাব লাগে জবাব দিয়ক ইত্যাদি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসুচীত চি.পি.আই.এম পশ্চিম নলবাৰী আঞ্চলিক সমিতিৰ নেতা ভূৱনেশ্বৰ বৰ্মন, চি.পি.আই.এম নেতা জয়নাল আলী আহমেদে, এছএফআই বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সম্পাদক গাজিউৰ ৰহমান চৌধুৰী, বাওঁপন্থী ছাত্ৰ নেতা ৰেকিবুল হকসহ কেইবাজনো কৰ্মী উপস্থিত থাকে ।

বৰছলাত বিধ্বস্ত বাট-পথ নিৰ্মাণৰ দাবীত সৰৱ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্য৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অধিকাংশ বাট-পথ যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলে দেখিও নেদেখাৰ দৰে থাকি  নিৰ্বিকাৰ ভূমিকা পালন কৰি আহিছে৷ফলত সমষ্টিবাসীয়ে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি আহিছে৷বাট-পথৰ দুৰৱস্থাৰ বাবে দুৰ্যোগ ভুগি থকা পিৰাকটাৰ বগৰীবাৰীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্য উপস্থিত হৈ বাট-পথৰ এনে সূচনীয় অৱস্থাৰ বাবে ৰাজ্য চৰকাৰ ,তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস তথা বৰছলা বিধানসভা সমষ্টিৰ দুটা কাৰ্যকালৰ বিধায়ক গনেশ কুমাৰ লিম্বুৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷কৃষক শ্ৰমিক  নেতা প্ৰশান্ত বৈশ্যই ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে বৰ্তমান মিত্ৰজোটৰ চৰকাৰখনৰ কথা আৰু কামৰ মাজত তিলমানো মিল নোহোৱা হৈছে৷বৰ্তমান ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰে মাত্ৰ টিভিৰ পৰ্দাত উন্নয়নৰ কামকাজ চলাই আছে৷চৰকাৰে টিভিৰ পৰ্দাত কৰা উন্নয়নে গ্ৰামাঞ্চলৰ প্ৰকৃত দৰিদ্ৰ লোকক স্পৰ্শ কৰিব পৰা নাই৷ আনকি চৰকাৰে গ্ৰহণ কৰা কোনো এটা আচঁনিৰ  সুবিধা গ্ৰামাঞ্চলৰ প্ৰকৃত দৰিদ্ৰ  জনতাই সঠিক ভাবে উপভোগ কৰিব পৰা নাই৷বৰছলা বিধানসভা সমষ্টিৰ পিৰাকটাৰ প্ৰতিটো জৰাজীৰ্ণ বাট-পথৰ লগতে ৰাইজে ভোগী থকা প্ৰতিটো জলন্ত সমস্যাই তাৰেই সত্যতা প্ৰমাণ কৰিছে বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ক্ষোভ প্ৰকাশ কৰে৷লগতে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই স্থানীয় বিধায়ক গনেশ কুমাৰ লিম্বুৰ নীৰৱ ভূমিকাক কঠোৰ সমালোচনা কৰি কয় যে তিলমানো লাজ অনুভৱ নকৰা বিধায়কগৰাকী সমষ্টিৰ উন্নয়নৰ কাম কাজত বিগত পাঁচবছৰীয়া কাৰ্যকালত সম্পূৰ্ণ ব্যৰ্থ হৈছে৷বিধায়কগৰাকীৰ দায়িত্বহীনতা আৰু অমনোযোগিতাৰ ফল এতিয়া সমষ্টিবাসী জনতাই ভুগিব লগীয়া হৈছে ৷সেয়েহে অতি শীঘ্ৰেই পিৰাকটা গাওঁ পঞ্চায়তৰ পিৰাকটাৰ বগৰীবাৰীৰ পৰা ৰতনজুলিলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথচোৱা অতিশীঘ্ৰে নিৰ্মাণ কৰাৰ লগতে অঞ্চলৰ প্ৰতিটো জৰাজীৰ্ণ বাট-পথ নিৰ্মাণ কৰি চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো চৰকাৰী আচঁনি উক্ত অঞ্চল সমূহত সঠিকভাৱে ৰূপায়ণ কৰিবলৈ  দাবী জনাইছে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই৷অন্যথা আগন্তুক দিনত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি আৰু ইয়াৰ ভগ্নী সংগঠন নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে আগন্তুক দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক শ্ৰমিক  নেতা প্ৰশান্ত বৈশ্যই ৰাজ্য চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক সংবাদ মাধ্যমৰ জৰিয়তে একপ্ৰকাৰ সকিয়াই দিছে৷

“কোভিড নাই গুৱাহাটীত!”: আমি কোৱা নাই। লুইতৰ পাৰত ভিৰ কৰা এইসকল লোকৰ দৃশ্যই সূচাইছে।

দীপলীনা ডেকাৰ কাতৰ আহ্বান: “বিক্ৰী কৰি নিদিব কাগজকলটো”

নগাঁৱৰ পৰা কেৰেলালৈ বাছৰ যাত্ৰা আৰম্ভ : কভিডৰ বাবে এমাহৰো অধিক কাল আবদ্ধ হৈ আছিল ষাঠি খনৰো অধিক বাছ

কভিডৰ দ্বিতীয় লহৰে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে আবদ্ধ হৈ থকা কেৰেলাৰ বাছ সমূহক কালি সন্ধ্যাৰ পৰা কেৰেলা অভিমুখে পঠোৱাৰ ব্যবস্থা কৰিছে নগাঁও জিলা প্ৰসাশনে  । উল্লেখ্য , বহি: ৰাজ্য কেৰেলাত কৰ্মৰত অসমৰ শ্ৰমিক সকলক অনা নিয়া কৰিবৰ বাবেকেৰেলাৰ পৰা এই বাছ সমূহ অহা যোৱা কৰে । জিলাখনৰ নগাঁও চহৰৰ খুটিকটীয়াকে ধৰি কাতিমাৰী , ৰূপহী , ৰাঙলু আদি লৈ কেৰেলাৰ পৰা এই বাছ সমূহৰ চলাচল হৈ আহিছে । প্ৰায় ৬০ খনৰো অধিক বাছ কভিড জনিত পৰিস্থিতিৰ বাবে এমাহৰো অধিক কাল নগাঁৱত আবদ্ধ হৈ আছে । ফলত বাছ সমূহৰ চালক- পৰিচালককে ধৰি কেৰেলাৰ শতাধিক লোক ভীষন সমস্যাত পৰাৰ লগতে আৰ্থিক সংকটত পৰে । নিজৰ গৃহ ৰাজ্য কেৰেলালৈ যাবৰ বাবে ঊদগ্ৰীব হৈ পৰিছিল যদিও কভিডৰ বাবে যাব পৰা নাছিল । আনহাতে , নগাঁৱৰ একাংশ সচেতন লোকে এই লোকসকলৰ পৰাই কভিডৰ সংক্ৰমণ হব পাৰে বুলি আশংকা প্ৰকাশ কৰি এই লোক সকলক বাছ সহ কেৰেলালৈ ওভতাই পঠাবৰ বাবে এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰিছিল । ইয়াক কেন্দ্ৰ কৰি সেই সময়ত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হৈছিল । পিছত নগাঁৱৰ আৰক্ষী অধীক্ষকে এই লোক সকলক কেৰেলালৈ ওভতাই পঠোৱা হব বুলি আশ্বাস প্ৰদান কৰে ।ইপিনে এই সন্দৰ্ভত কেৰেলা চৰকাৰে অসম চৰকাৰৰ লগত যোগাযোগ কৰাৰ পিছতেই এই লোক সকলক কেৰেলালৈ ওভতাই পঠাবৰ বাবে নগাঁও জিলা প্ৰশাসন তৎপৰ হৈ পাৰে । কালি সন্ধ্যাৰ পৰা এই বাছ সমূহ কেৰেলালৈ পঠোৱাৰ ব্যবস্থা কৰিছে  জিলা প্ৰশাসনে । কালি পাচ খন বাছক কেৰেলালৈ ওভতাই পঠোৱাৰ পাছত আজিও কেবাখনো বাছ কেৰেলালৈ ওভতাই পঠাইছে । যাত্ৰীহীন ভাবেই এই বাছ সমূহে ওভটনী যাত্ৰা কৰিছে । এই সমগ্ৰ প্ৰক্ৰিয়াতো তদাৰক কৰিছে নগাঁও সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া যুৱৰাজ বৰঠাকুৰ আৰু ইয়াত সহযোগিতা আগবঢ়াই সমবায় বিভাগৰ বিষয়া ৰূপৰঞ্জন দাসে ।

প্ৰয়াত সমীৰণ বৰদলৈক পেৰালিম্পিক এছ’চিয়েছনৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন

পেৰালিম্পিক এছ’চিয়েছন অৱ আছামৰ সভাপতি সমীৰন বৰদলৈ যোৱা ৩০মে তাৰিখে মৃত্যু হয় ৷ প্ৰায়ত সভাপতি সমীৰন বৰদলৈৰ আদ্যশ্ৰাদ্ধ উপলক্ষে আজি মহানগৰীৰ পল্টনবজাৰ স্হিত গ্ৰীন এন ক্লেভত এক শ্ৰদ্ধান্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ পেৰালিম্পিক এছ’চিয়েছনৰ দ্বাৰা আয়োজিত শ্ৰাদ্ধান্জলি অনুষ্ঠানত সমিতিৰ সাধাৰণ সম্পাদক ৰাজীব দেই উপস্থিত থাকি কয় যে তেখেত এগৰাকী ক্ৰীড়া সংগঠক আছিল ৷ বিভিন্ন সামাজিক সংগঠনৰ সৈতে জড়িত আছিল প্ৰয়াত সমীৰন বৰদলৈ ৷ অসমৰ এজন মুল্যবান পুত্ৰক হেৰুৱা বুলি সমিতিয়ে অনুভৱ কৰে বুলি ৰাজীব দেই উল্লেখ কৰে ৷ কাৰ্যকৰী সভাপতি ৰাজীব দাসে সভাপতি গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধান্জলি জ্ঞাপন কৰি কয় যে, সমীৰন বৰদলৈ মৃত্যু এটি যুগৰ অবসন ঘটালে ৷ আমাৰ সমিতি সদস্য সকল পিতৃহাৰা হ’ল বুলি দাসে কয় ৷ উল্লেখ্য যে সমিতিৰ বিষয়ববীয়া ক্ৰমে চন্দন বৰুৱা,বসন্ত নাৰায়ন,মানস মজুমদাৰ,হিমা ওজা দাস,বিকেশ মাহতো অমিত কুমাৰ সহ ভালেসংখ্যক ব্যক্তিয়ে অনুষ্ঠানত উপস্থিত থাকি শ্ৰাদ্ধান্জলি জনায় ৷