Home Blog Page 3006

মুছলপুৰৰ ৰাজপথত পিষ্টল দেখুৱাই ধন লুট দুৰ্বৃত্তৰ

পুনৰ ডকাইতি কাণ্ড সংঘটিত হৈছে বাক্সা জিলাৰ বৰমা-নিকাছী গড়কাপ্তানি পথত। জানিব পৰা মতে, বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত খাৰুজানত আজি দিন দুপৰতে সংঘটিত এক ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰামতে চ’লামেণ্ডালাম ফাইনেন্স নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ গোপেশ্বৰ কলিতা নামৰ এজেন্ট গৰাকীয়ে মুছলপুৰৰ অদালবাৰীৰ পৰা টকা সংগ্ৰহ কৰি নলবাৰীৰ কাৰ্যালয়লৈ বাইকেৰে আহি আছিল৷ তেনেতে দিনৰ প্ৰায় ডেৰ মান বজাত খাৰুৱজানৰ টেক্সটাইল পাৰ্কৰ দলঙৰ ওপৰত এখন বাইকত অহা দুই দুৰ্বৃত্তই কলিতাক আগুচি ধৰি পিষ্টল দেখুৱাই লুট কৰি নিয়ে অৰ্ধ লক্ষাধিক টকা ৷ প্ৰাণৰ মমতাত গোপেশ্বৰ কলিতাই দলঙৰ পৰা জাঁপ মাৰি প্ৰাণ ৰক্ষা কৰে যদিও কলিতাৰ বেগত থকা বিত্তীয় প্ৰতিষ্ঠানটোৰ সংগ্ৰহীত প্ৰায় ৬০ হাজাৰ টকা দুৰ্বৃত্তৰ দলটোৱে লুটি লৈ যায় ৷ ঘটনাৰ খবৰ পাই বাক্সা জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতা, মুছলপুৰ আৰু বৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াদ্বয়ে ততালিকে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও বাতৰি লিখা পৰলৈকে দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে বাক্সা জিলাৰ বৰমা-নিকাছি গড়কাপ্তানি পথত বিগত সময়তো কেবাবাৰো বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ এজেন্টৰ পৰা এইদৰে দুৰ্বৃত্তই ধন কাঢ়ি লৈ যোৱা ঘটনা সংঘটিত হৈ আহিছে যদিও আজিলৈকে এজনো দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

হোজাইত ‘হেল্লো আজমল’ পৰিসেৱা মুকলি

হোজাই জিলাৰ কোভিড ৰোগীৰ আত্মীয়ৰ সুবিধাৰ্থে ‘হেল্লো আজমল’ নামেৰে আজমল ফাউণ্ডেচনে  আৰম্ভ কৰিছে খাদ্য সামগ্রী যোগানৰ পৰিসেৱা। সেই উপলক্ষে আজি আজমল হাউছত ফ্লেগ অফ কৰি পৰিসেৱাৰ শুভাৰম্ভ কৰে যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজউদ্দিন আজমলে। উল্লেখ্য যে কোভিডৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা উক্ত পৰিসেৱাৰ জৰিয়তে কোভিড আক্ৰান্ত পৰিয়ালৰ লোকে খাদ্যসামগ্ৰী লাভ কৰিবলৈ  দুটা ফোন নম্বৰো দিয়া হৈছে।জিলাখনত কাৰ্যকৰী হোৱাকৈ আৰম্ভ কৰা উক্ত  পৰিসেৱাৰ নম্বৰ দুটা হৈছে  93947-46234 / 93948-91480 । পুৱা ১০ বজাৰ পৰা আবেলি ৬ বজাৰ ভিতৰত খাদ্য সংকটত ভোগা কোভিড আক্ৰান্ত পৰিয়ালে উল্লিখিত ফোন নম্বৰ দুটাত কল কৰিলেই খাদ্য সামগ্রী ঘৰতে লাভ কৰিব বুলি আজমল ফাউণ্ডেচনৰ ফালৰ পৰা জানিবলৈ দিছে। উক্ত পৰিসেৱাটি শুভাৰম্ভ কৰে বিধায়ক চিৰাজউদ্দিন আজমলে।

এন এইচ পি চিৰ পিছত গোগামুখৰ মিংমাঙত ভয়ংকৰ ক’ভিড সংক্ৰমণঃ দুদিনতে ৪২ জন লোকৰ দেহত ধৰা পৰিল ক’ভিড পজিটিভ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্হা এন এইচ পি চিত মাৰাত্মক ক’ভিড-১৯ সংক্ৰমণ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছত এতিয়া ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলত এই সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ উল্লেখনীয় যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাতা সংস্হা এন এইচ পি চি আৰু ইয়াৰ অধীনস্থ ছ’মা এন্টাৰপ্ৰাইজ আৰু পেটেল ইঞ্জিনীয়াৰিঙত স্থানীয় হাজাৰ হাজাৰ শ্ৰমিকে প্ৰকল্প নিৰ্মাণৰ কামত জৰিত হৈ আছে ৷ ক’ভিডৰ ভয়াৱহতাকো আওকান কৰি এই সকল শ্ৰমিকে ক’ভিড প্ৰট’কল উলংঘন কৰি প্ৰকল্প নিৰ্মাণৰ কামত জৰিত হৈ আহিছিল ৷ ফলত প্ৰকল্প নিৰ্মাণস্থলীত কৰ্মৰত প্ৰায় দুই শতাধিক শ্ৰমিক ক’ভিডত আক্ৰান্ত হৈছিল ৷ বাধ্য হৈ ধেমাজি জিলা উপায়ুক্তৰ হস্তক্ষেপত এন এইচ পি চিয়ে সাময়িকভাৱে প্ৰকল্প নিৰ্মাণ বন্ধ কৰিছল ৷পৰৱৰ্তী সময়ত বিকল্প হিচাপে ধেমাজি জিলা উপায়ুক্তৰ হস্তক্ষেপত প্ৰকল্প নিৰ্মাণত জৰিত বিষয়া-কৰ্মচাৰী আৰু শ্ৰমিকক ব্যাপক হাৰত ক’ভিড টেষ্ট কৰা আৰু ক’ভিড প্ৰতিশেষধক প্ৰদানৰ ব্যৱস্থা কৰে ৷ উক্ত ক’ভিড পৰীক্ষাত প্ৰায় তিনি শতাধিক লোকৰ গাত ক’ভিড অৱস্থিতি ধৰা পৰিছিল ৷ ফলত বহু শ্ৰমিক প্ৰকল্প নিৰ্মাণৰ কামৰ পৰা বিৰত থাকে যদিও কিছু অংশ নিৰ্মাণ কাৰ্য চলাই যায় ৷ প্ৰাপ্ত অভিযোগ মতে এই শ্ৰমিক সকলে কঢ়িয়াই লৈ ফুৰা ক’ভিড ভাইৰাছে স্থানীয় অঞ্চলত ব্যাপক হাৰত সংক্ৰমণ ঘটাই ক’ভিড আক্ৰান্তৰ সংখ্যা উক্ত অঞ্চলবোৰ দ্ৰুতগতিত বৃদ্ধি কৰে ৷ সম্প্ৰতি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণস্থলীৰ দাঁতি-কাষৰীয়া মিংমাং গাঁও পঞ্চায়ত, কচুতলি, নলবাৰী, মিছাৰমাৰী গাঁও পঞ্চায়তত ব্যাপক হাৰত ক’ভিড সংক্ৰমণ ঘটিছে ৷ কেৱল মিংমাং পঞ্চায়ততে যোৱা দুদিনত ৪২ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ তাৰে মিংমাং পঞ্চায়তৰ কঠালগুৰি গাঁৱতে ৩৭ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ বাকী ৫ গৰাকী লোক পঞ্চায়তখনৰ অন্য গাঁৱৰ ৷ কঠালগুৰিত স্থানীয় বহুলোকে ক’ভিড প্ৰট’কল ব্যাপক হাৰত ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ একেদৰে মিছামাৰি, নলবাৰী আৰু কচুতলি পঞ্চায়তত ধাৰাবাহিকভাৱে ক’ভিড আক্ৰান্ত সংখ্যা ওলাই আছে ৷ মিংমাং কঠালগুৰিত ক’ভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত কঠালগুৰি গাঁৱত কালি উপস্থিত হৈ গোগামুখৰ ৰাজহ চক্ৰ বিষয়া বৰষা দুৱৰাই গাঁওখন মাইক্ৰ’ কন্টেইন্টমেন্ট জ’ন হিচাপে ঘোষণা কৰে ৷ ইপিনে আজি টি এম পি কেৰ উদ্যোগত কঠালগুৰি গাঁৱৰ চৌদিশ ছেনিটাইজেছন কৰা বুলি ধেমাজি জিলা টি এম পি কেৰ সহকাৰী সম্পাদক সঞ্জীৱ মিলিয়ে জানিবলৈ দিছে ৷ আনপিনে সমগ্ৰ মিংমাং গাঁও পঞ্চায়তত ঘৰে ঘৰে ক’ভিড টেষ্ট কৰিবলৈ স্থানীয় সচেতন ৰাইজে ধেমাজি জিলা প্ৰশাসনক দাবী জনাইছে ৷

ছিপাঝাৰৰ ঐতিহাসিক ধলপুৰ শিৱমন্দিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

Chief Minister Dr. Himanta Biswa Sarma inspects the lands of Dholpur Shiva Mandir freed from encroachment of illegal settlers at Gorukhuti in Sipajhar, Darrang on 07-06-21. Pix BY UB Photos

ছিপাঝাৰৰ ব্ৰহ্মপুত্ৰ চৰত ঐতিহাসিক ধলপুৰ পাহাৰত থকা শিৱমন্দিৰ আজি দপালপিতা বৰষুনকো নেওচি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  । উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , স্থানীয় বিধায়ক ড০ পৰমানন্দ ৰাজবংশী , মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস , উপায়ুক্ত প্ৰভাতী থাউচেন , আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক লগত লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ধলপুৰ পাহাৰৰ আশে পাশে থকা ১৮০ বিঘা বেদখলমুক্ত চৰকাৰী ভূমিও  পৰ্যবেক্ষণ কৰে ।  পৰিদৰ্শনৰ অন্ততঃ  মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰা এই ধলপুৰ পাহাৰ আৰু শিৱমন্দিৰ যথোপযুক্ত সংৰক্ষণ , সংবৰ্ধণ কৰি পৰ্যটন স্থলীৰূপে গঢ়ি তোলা হব বুলি  সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  । একে সময়তে  ধলপুৰৰ  এই বেদখলমুক্ত ভূমি পুনৰবাৰ  বেদখল নকৰিবলৈ নিকটৱৰ্ত্তী ইছলাম ধৰ্মাৱলী লোকসকলৰ প্ৰতি আহব্বান জনাই  সমগ্ৰ ঠাইখনিত গছপুলি  ৰোপনেৰে  সেউজীয়া কৰি শোভাবৰ্ধন কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী  ড০  হিমন্ত বিশ্ব শৰ্মাই  । উল্লেখ্য যে , মাত্ৰ দুদিন পূৰ্বে জিলাখনৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই এই ধলপুৰত উপস্থিত হৈ কৌশলেৰে চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীৰ এই ধলপুৰ শিৱমন্দিৰ দৰ্শন কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে  ।

Chief Minister Dr. Himanta Biswa Sarma offering prayers at Dholpur Shiva Mandir at Sipajhar, Darrang on 07-06-21. Pix BY UB Photos
Chief Minister Dr. Himanta Biswa Sarma inspects the lands of Dholpur Shiva Mandir freed from encroachment of illegal settlers at Gorukhuti in Sipajhar, Darrang on 07-06-21. Pix BY UB Photos

৪৫ নং টুপামাৰী গাওঁ পঞ্চায়তৰ ঠিকাদাৰৰূপী সভানেত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

বকো বিধান সভা সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং টুপামাৰী গাওঁ পঞ্চায়তৰ ঠিকাদাৰৰূপী পঞ্চায়ত সভানেত্ৰী জবেদা হানুনৰ বিৰুদ্ধে পঞ্চায়তী কামত হোৱা দুৰ্ণীতিৰ তদন্ত বিচাৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পঞ্চায়ত খনৰ অন্তৰ্গত বদলা পথাৰ কাটাখাল নৈৰ ওপৰত প্ৰায় ডেৰ বছৰ পূৰ্বে চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে মুঠ আঠ লাখ টকীয়া ফুটব্ৰীজ নিৰ্মাণ হৈছিল। পিছে ফুটব্ৰীজ খন নিৰ্মাণ সম্পূৰ্ণ হল যদিও ৰাইজে নাপালে সুফল। দলংখনত নিতৌ সংঘটিত হয় দুৰ্ঘটনা, যাতায়তৰ নামত যমৰ-যাতনাত ভুগিছে ৰাইজে। মৰণক শৰণ দি নিতৌ পাৰাপাৰ হবলগীয়া হৈছে সহস্ৰজনে। ৰাইজে অভিযোগ কৰা মতে পঞ্চাছ শতাংশ টকাৰ কাম কৰি বাকী টকা পঞ্চায়ত সভানেত্ৰী গৰাকীয়ে উদৰস্থ কৰে। সংশ্লিষ্ট বিভাগক ফুটব্ৰীজ খন নিৰ্মাণ কাৰ্যত হোৱা দুৰ্ণীতিৰ অভিযোগ দিও ফল নধৰাত উপায়বিহীন হৈ ৰাইজে দলংৰ ওপৰত বহি পঞ্চায়ত সভানেত্ৰী জবেদা হানুন আৰু দলং নিৰ্মাণ কমিটিৰ সভাপতি আজিজুল হকৰ বিৰুদ্ধে সাৱস্ত্য কৰিলে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদৰ যোগেদি ৰাইজে বদলা পথাৰ কাটাখাল নৈৰ ওপৰত ফুটব্ৰীজ নিৰ্মাণত হোৱা দুৰ্নীতি-অনিয়মৰ তদন্তৰ দাবী উত্থাপন কৰিছে।

ৰহাত অবৈধ চুলাইমদৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম শালমাৰা, কামগাঁও, ফুলগুৰি আৰু বগৰীগুৰিত শেহতীয়া তিনিদিনত ৰহা আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণৰ চুলাইমদৰ অবৈধ ঘাটি উচ্ছেদ কৰে। জানিব পৰামতে ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাসৰ প্ৰত্যক্ষ তত্বাৱধানত উপপৰিদৰ্শক সমৰজ্যোতি ডেকা, সহ:উপপৰিদৰ্শক আবুল হুছেইন; ৰোহিত ভূঞাৰ যুদ্ধকালীন তৎপৰতাৰে এনে অবৈধ চুলাই মদৰ ঘাটি সমূহত অভিযান চলাই বহু পৰিমাণৰ চুলাই মদ ধ্বংস কৰে। আৰক্ষীৰ এক সূত্ৰে জানিব দিয়া মতে বৃহত্তৰ  ৰহা অঞ্চলত অবৈধ চুলাই মদৰ তৈয়াৰ আৰু প্ৰচলনৰ বাবে অঞ্চলটোৰ সামাজিক পৰিবেশোভত আঘাট কৰিছে। স্থানীয় ৰাইজে এই সন্দৰ্ভত চাপৰমুখ আবকাৰী বিভাগক বহুবাৰ অৱগত কৰিছিল যদিও শেহতীয়াকৈ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্ত্বত চাপৰমুখ আবকাৰী চক্ৰবিষয়া সহিতে সহকাৰী চক্ৰবিষয়া দুয়োজন বদলি হোৱাত কোনো গুৰুত্ব প্ৰদান কৰা নহ’ল। কিন্তু প্ৰতিদিনে এনে অবৈধ চুলাইৰ প্ৰচলনত যুৱপ্ৰজন্মৰ লগতে সামাজিক পৰিবেশ বিনষ্ট হোৱাত স্থানীয় সচেতন লোকৰ আহ্বানত ৰহা আৰক্ষীয়ে নিজাকৈ অভিযান চলাবলৈ বাধ্য হয়। বিচাৰ্য বিষয় যে, চাপৰমুখস্থিত আবকাৰী কাৰ্যালয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰা পৰিপ্ৰেক্ষিত্বত ৰহা আৰক্ষীয়ে শেহতীয়া সপ্তাহত প্ৰতিদিনে অবৈধ চুলাই মদৰ বিৰুদ্ধে চলাইছে অভিযান। পশ্চিম শালমাৰা, ফুলগুৰি, বগৰিগুৰি, কামগাঁও, নামগাঁও আদি অঞ্চলত ৰহা আৰক্ষীয়ে অভিযান চলাই প্ৰায় পঞ্চাশটা চুলাই মদ তৈয়াৰ কৰা ভাটি উচ্ছেদ কৰে। এই সময়চোৱাত অবৈধ ভাৱে তৈয়াৰ কৰা প্ৰায় চাৰিহাজাৰ লিটাৰ চুলাইমদো ধ্বংস কৰে। উল্লেখ্য যে, চাপৰমুখ আবকাৰী চক্ৰপৰিদৰ্শক কাৰ্যালয়ৰ বৃহত এলেকাত প্ৰায় শতাধিক গাঁৱত কেইবাশ চুলাই মদৰ ঘাটি আছে যদিও আজি পৰ্যন্ত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগে ৰহস্যজনক ভাৱে অভিযান চলোৱা পৰিলক্ষিত হোৱা নাই।

নগাঁও আৰক্ষীৰ জালত এবছৰে পলাতক হৈ থকা তাজনুৰ ওৰফে ৰাজা :মৰিগাঁও আৰক্ষীয়ে ৰাজ আতিথ্য দিছিল তাজনুৰক

নগাঁও আৰক্ষীয়ে কালি নিশা জুৰীয়াত অভিযান চলাই তাজনুৰ হুছেইন ওৰফে ৰাজা নামৰ এজন পলাতক  অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে জুৰীয়া আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ নং ২৫৬/ ২০ ইউ/ এছ ৩৯৯/৪০২ আই পি চি আৰ /ডব্লিউ চেকশ্বন২৫১(এ) আৰ্মচ এক্টৰ  অধীনত এবছৰ পূৰ্বে আৰক্ষীয়ে এটা  ৭.৬৫ এম এম পিষ্টল তাজনুৰ ওৰফে ৰাজাক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু আৰক্ষীৰ চকুত ধূলি দি  তাজনুৰ হুছেইন ওৰফে ৰাজাই পলায়ন কৰিছিল। ইয়াৰ পিছতে  নগাঁও আৰক্ষীয়ে তাজনুৰক পলাতক আচামী হিচাপে ঘোষণা কৰিছিল। আনহাতে নগাঁও আৰক্ষীৰ বাবে পলাতক এইজন আচামী মৰিগাঁও আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ ঘনিষ্ঠ হোৱাৰ সূত্ৰেই মৰিগাঁৱত মুকলিকৈ ঘূৰি ফুৰিছিল। এখন বগা ৰঙৰ মহিন্দ্ৰা এক্স ইউ ভি গাড়ী লৈ মৰিগাঁৱত নিজকে চিআইডি বিষয়া হিচাপে পৰিচয় দিয়া তাজনুৰক  মৰিগাঁৱত বহুলোকে সময়ে সময়ে আৰক্ষীৰ পোছাকতো প্ৰত্যক্ষ কৰিছিল। আনকি নিজৰ ফেচবুক একাউণ্টত তাজনুৰে আৰক্ষী গেষ্ট হাউচত জিৰণি লোৱাৰ ফটো দি নিজকে মৰিগাঁও আৰক্ষীৰ মানুহ বুলি জাহিৰ কৰিছিল। পিচে আজি প্ৰায় ১৫দিন পূৰ্বে তাজনুৰ পুনৰ  জুৰীয়ালৈ ঘূৰি আহে। জুৰীয়াত আহি পুনৰ মাটি দখলৰ বাবে একাংশ লোকক ভাবুকি প্ৰদান কৰোতেই নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সীমান্ত) মানস শইকীয়াৰ নেতৃত্বত যোৱা এটা দলে কালি নিশা  তাজনুৰক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে তাজনুৰে ব্যৱহাৰ কৰা বগা ৰঙৰ এক্সইউভি বাহন খনো জব্দ কৰে । নগাঁও আৰক্ষীয়ে পলাতক ঘোষণা কৰা এজন আচামী কাৰ ছত্ৰছায়াত থাকি মৰিগাঁৱত মুকলিকৈ ঘূৰি ফুৰিছিল তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ।  তাজনুৰৰে মৰিগাঁৱৰ কোন শীৰ্ষ আৰক্ষী বিষয়াৰ সম্পৰ্ক আছে? ধুবুৰীৰ ডিএছপি যতীন দাসৰ দৰে ঘটনাৰ পুনৰাবৃত্তি হব নেকি? এনে বোৰ প্ৰশ্নই আৰক্ষীৰ ভিতৰচোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে ।

মালিবাৰী (শালমৰা)ত জলজলী নদীৰ খহনীয়াৰ ভয়ংকৰ ৰূপ : খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছে গাঁৱবাসীয়ে

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত মালিবাৰী (শালমৰা) ত জলজলী নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত চিন্তিত হৈ পৰিছে গঞাই । জলজলী নদীৰ শেহতীয়া খহনীয়াই অঞ্চলটোৰ প্ৰায় দুই শতাধিক পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে। যিকোনো মূহুৰ্তত বহু পৰিয়ালৰ ঘৰ জলজলী বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। বিগত প্ৰায় ১৫ বছৰ ধৰি জলজলী নদীৰ খহনীয়াই অঞ্চলটোৰ ত্ৰাসৰ সৃষ্টি কৰি অহাৰ পাছতো জলসম্পদ বিভাগৰ লগতে জিলা প্ৰশাসনে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাত বান আহিলেই শালমাৰা গাঁৱৰ দুই শতাধিক পৰিয়ালৰ চকুত টোপনি নোহোৱা হৈ পৰে। জলজলী নদীয়ে অনুসূচীত জাতি সম্প্ৰদায়ৰ লোকৰ বসতি পূৰ্ণ গাঁওখন ক্ৰমাৎ সংকুচিত কৰাৰ বিপৰীতে বৃদ্ধি হৈছে জলজলী প্ৰসাৰতা। বিগত সময়ছোৱাৰ খহনীয়াৰ ফলত কৃষিজীৱি গাঁৱ খনৰ লোক সকলৰ জাহ গৈছে বহু কৃষিভূমি। গাঁওখনৰ দুই শতাধিক পৰিয়ালে নিজৰ ঘৰ দুৱাৰ হেৰুওৱাৰ উপক্ৰম হৈছে যদিও গাঁৱবাসীৰ নূন্যতম খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় বিধায়ক নন্দিতা দাসৰ বিৰুদ্ধে। ইপিনে জলসম্পদ বিভাগ, জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়িকাই শালমাৰাত অব্যাহত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া নেদেখা জনক প্ৰাৰ্থনা কৰি খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছে। জলজলীৰ খহনীয়াৰ পৰা ৰক্ষা পাবলৈ গাঁওৰ একাংশ পুৰুষ মহিলাই নদীৰ পাৰত বহি ভগৱানক কাকূতি মিনতি কৰিছে। অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাক দাবী জনাইছে ভুক্তভোগী লোকে ।

নিউজ প’ৰ্টেলসমূহক নাকী লগাব ৰাজ্য চৰকাৰে !

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পোৱা নিউজ প’ৰ্টেলসমূহক নাকী লগাব ৰাজ্য চৰকাৰে৷ পৰ্টেলসমূহে নিৰ্দিষ্ট নীতি-নিৰ্দেশনা পালন কৰিব লাগিব আৰু শীঘ্ৰেই চৰকাৰে প’ৰ্টেলসমূহৰ ক্ষেত্ৰত ব্যৱস্থা ল’ব বুলি তেজপুৰত আজি মন্তব্য কৰিলে জনসংযোগ আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই৷

নগাঁৱৰ SP আনন্দ মিশ্ৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিজেপিৰ প্ৰাক্তন সাংসদৰ।

ছচিয়েল মিডিয়াত শেহতীয়াকৈ ব্যাপক ভাবে চৰ্চিত হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।ধুবুৰীৰ পৰা বদলি হৈ নগাঁৱলৈ অহাৰ পিছৰে পৰা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰক্ষী অধীক্ষকগৰাকী কিন্তু শেহতীয়াকৈ আনন্দ মিশ্ৰৰ সন্দৰ্ভত মঙলদৈৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টকলৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আৰক্ষী বিষয়াগৰাকীৰ জনপ্ৰিয়তাক কৃত্ৰিম আৰু সংবাদ মাধ্যমৰ সৃষ্ট বুলি অভিহিত কৰি ক্ষোভ উজাৰিছে প্ৰাক্তন সাংসদগৰাকীয়ে। লগতে বিচাৰিলে NIAৰ তদন্ত।আনন্দ মিশ্ৰ ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে থকাৰ সময়ছোৱাৰো উচিত তদন্ত বিচাৰিলে প্ৰাক্তন সাংসদগৰাকীয়ে। সাংসদগৰাকীৰ মতে, উচিত তদন্ত হ’লে বহু ৰহস্য পোহৰলৈ আহিব। উল্লেখ্য যে,  ধুবুৰীত আৰক্ষী অধীক্ষক হিচাপে ১০ মাহ কৰ্মৰত আছিল আই পি এছ আনন্দ মিশ্ৰ।