Home Blog Page 3018

ড্ৰাগছৰ পিচত এইবাৰ জুৱাৰ বিৰুদ্ধে অভিযান বৰপেটা আৰক্ষীৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ ড্ৰাগছ আৰু জুৱা বিৰোধী অভিযান তীব্রতৰ কৰাৰ সমান্তৰালকৈ  বৰপেটা আৰক্ষীও এই ক্ষেত্ৰত পিছ পৰি থকা নাই। সময়ে সময়ে বৰপেটাৰ আৰক্ষীয়ে এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে অভিযান চলাই গৈছে। বিভিন্ন অপৰাধীৰ ৰৈম্য ভূমিত পৰিণত হৈ পৰিছে বৰপেটা। বৰপেটা আৰক্ষীয়ে এটাৰ পিছত এটা অভিযান চলাই গৈছে।আৰক্ষীয়ে বৰপেটাৰ সনকুছি কলনীত এটা জুৱাৰ ঘাটি উচ্ছেদ  কৰে। সনকুছি কলনীৰ এটা ফ্লেটৰ পৰা  ৪ জন জুৱাৰী আটক কৰিবলৈ সক্ষম হয়।লগতে জব্দ  কৰে জুৱাৰ সামগ্ৰীসহ নগধ ধন। ধৃত ৪ জুৱাৰী ক্ৰমে আব্দুৰ ৰহমান, আমজাদ আলী,সুদীপ কৰ্মকাৰ আৰু আছাদুল ইছলাম । বিভিন্ন প্ৰান্তৰ পৰা আহি বৰপেটাত বাহৰ পতা চাৰি যুৱকে জুৱা খেলিবৰ বাবেই ভাড়ালৈ লৈছিল ফ্লেটটো*।দীৰ্ঘদিন আগৰ পৰা ফ্লেটটোত  জুৱাৰ আড্ডা চলাই আহিছিল।অৱশেষত গোপন সূত্ৰৰ খবৰ অনুসৰি  আৰক্ষীয়ে জুৱাৰ ঘাটিটো উৎখাত কৰিবলৈ সক্ষম হয় ।

গোৱালপাৰা আৰক্ষীৰ সফল অভিযান : আটক আহমেদ আলী নামৰ এজন গাঞ্জা ব্যৱসায়ী

কালি বিয়লি ৬:৩০ মান বজাত গোৱালপাৰাৰ বলদমাৰী চৰ অঞ্চলৰ কালু বজাৰ দলংৰ কাষত এক গোপন সূত্ৰৰ পম খেদি গোৱালপাৰা সদৰ আৰক্ষীৰ আৰক্ষীয়ে এজন গাঞ্জা  ব্যৱসায়ী  আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে আৰক্ষীয়ে প্ৰায় দূঘন্টা ধৰি বাহৰ পাতি থকাৰ পিছত আটক কৰিবলৈ সক্ষম হয় গাঞ্জাৰ ব্যৱসায়ীজনক।
গোৱালপাৰা সদৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিত্য প্ৰকাশ দেউৰী আৰু উপ-আৰক্ষী পৰিদৰ্শক সঞ্জয় আনন্দ মূছাহাৰীৰ নেতৃত্বত এটা আৰক্ষীৰ দলে বুধবাৰে বিয়লি ৪ বজাৰে পৰা এক গোপন সূত্ৰৰ পম খেদি গোৱালপাৰাৰ বলদমাৰী অঞ্চলৰ কালু বজাৰ দলংৰ কাষত বাহৰ পাতি আছিল। প্ৰায় দুঘণ্টা অতিক্ৰম কৰাৰ পাছত অৱশেষত গাঞ্জাৰ ব্যৱসায়ী আহমেদ আলীক হাতে লোটে আটক কৰিবলৈ সক্ষম হয়। এই অভিযানত গাঞ্জা ব্যৱসায়ী আহমেদ আলীৰ লগতে ৮.১৫০ কিঃগ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ীজনক আটক কৰি গোৱালপাৰা সদৰ থানালৈ লৈ যায় যদিও আন এজন গাঞ্জা ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। 
আৰক্ষী সূত্ৰে জানিব পৰা মতে জব্দ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৯০ হাজাৰ টকা। আৰক্ষীয়ে প্ৰাথমিক পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে।2 Attachments

জৰাজীৰ্ণ উৰুখা পজাত দুৰ্বিসহ জীৱন অতিবাহিত জকাই ঘিটিৰা বৰবিল গাৱঁৰ বৃদ্ধা দম্পতীৰ

‘ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অধীনৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত জকাই ঘিটিৰা বৰবিল গাৱঁৰ অতিশয় দৰিদ্ৰতাৰে দুৰ্বিবহ জীৱন যাত্ৰাৰে জৰাজীৰ্ণ উৰুখা পজাত অতি দুখ যান্ত্ৰণাৰে জীৱন অতিবাহিত কৰিছে এহাল বৃদ্ধ দম্পতীয়ে।উল্লেখ যে জকাই ঘিটিৰা বৰবিল গাৱঁৰ নিৰ্বাসী ভূগিৰাম সোনোৱাল আৰু মাতো সোনোৱালে আকাশৰ তৰা জিলিকা উৰুখা পজাত ৰ’দ আৰু বৰষুণ পৰা অতিকৈ যান্ত্ৰণাকাতৰ দুৰ্বিসহ জীৱন কটাইছে ।বিগত অগপ চৰকাৰ দিনতেই এটি সামান্য গৃহ চৰকাৰী ভাৱে আৱন্টন পাইছিল যদিও সেই গৃহটো জহিখহি উৰুখা পৰ্যায়লৈ পৰ্যবসিত হোৱাৰ পিছত কথমপি সৰু গৃহ এটা নিৰ্মাণ কৰি বসবাস কৰি আহিছে দুৰ্ভগীয়া পৰিয়লটোৱে।আৰ্থিক দুৰ্দশা আৰু দৰিদ্ৰতাই কোঙা কৰি সৰ্বহাৰাত পৰিণত জকাই ঘিটিৰা বৰবিল গাৱঁৰ নিৰ্বাসী ৭০বছৰীয়া ভূগিৰাম সোনোৱাল আৰু ৬৫বছৰীয়া মাতো সোনোৱালে উৰুখা পজাঁত বৰ্তমান এদিনেই এযুগৰ দৰে দিন অতিবাহিত কৰিছে । নাই পনী খাৱলৈ টিউবেল ; নাই শৌচাগাৰ একেটা ঘৰতে হাঁহ কুকুৰ লগতে বসবাস কৰিবলগীয়া হৈছে। নিজেই নিজক শাসন কৰা যি ব্যৱস্থা সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ বিভিন্ন আছনি ও গাঁৱ পঞ্চায়তৰ আছনিৰ অধিনৰ প্ৰধান মন্ত্ৰী আবাহ যোজনাৰ আছনি ও ধুকি পোৱা নাই এই দৰিদ্ৰতাই জোৰোলা কৰা বৃদ্ধ দম্পতী হালক।সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে বিতৰণ কৰা হাজাৰ হাজাৰ টিউবেল বিতৰণৰ আছনিও যোগ্য নোহোৱা তথা প্ৰধান মন্ত্ৰী আবাহ যোজনাইয়ো ধুকি নোপোৱা এই বৃদ্ধ দম্পতীৰ হাল

লাহদৈগড় আৰক্ষীৰ জালত আইপিএল সদৃশ খেলৰ নামত বৃহৎ জুৱা, মোবাইল এপৰ জড়িয়তে জুৱা চলোৱা তিনি এজেণ্ট গ্ৰেপ্তাৰ

যোৰহাটত জিলা লাহদৈগড় আৰক্ষীয়ে এইবাৰ আই পি এল সদৃশ খেলৰ নামত বৃহৎ জুৱা চক্ৰ উৎখাট কৰিছে। লাহদৈগড় আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ এজেণ্ট। লাহদৈগড় আৰক্ষীৰ অভিযানত মেলেং মধুপুৰৰ পৰা  দিপু দাস, অচিন্ত বৰাৰ লগতে আৰু এজন এজেণ্ট পৰিছে আৰক্ষীৰ জালত।বৰ্তমান  আটকাধীন  এজেণ্টৰ পৰা এটুকুৰা হাতীৰ দাঁত, তিনিটা জুৱা খেলত ব্যৱহৃত ম’বাইল ফোন আৰু ১৮ হাজাৰ ৩৩০ টকা নগদ ধন জব্দ কৰিছে।ফান এপ (FAN AAP) নামৰ এটা ম’বাইল এপৰ জড়িয়তে বিদেশৰ কোনো পোনপটীয়াকৈ সম্প্ৰচাৰ হৈ থকা খেলৰ নামত  এই জুৱা চলি আছে বুলি সদৰী কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে অসমৰ বিভিন্ন নগৰ-চহৰ,  গাঁৱে-ভূঞে  শিপাইছে এই জুৱা।ইতিমধ্যে আৰক্ষীয়ে ৩৫৪/২১ নম্বৰত গোচৰ ৰুজু কৰিছে। ধৃত তিনিওকে আদালতত হাজিৰ কৰাই অধিক তদন্তৰ বাবে দুজনক আৰক্ষীৰ জিন্মাত লোৱা বুলি জানিব পৰা গৈছে

দুলীয়াজানত চোৰাং তেল জব্দ:এজনক আটক

দুলীয়াজানত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অইল ইণ্ডিয়া লিমিটেডৰ বৃহৎ পৰিমাণৰ চোৰাং কণ্ডেনচেট তেল জব্দ কৰিবলৈ সক্ষম হৈছে। দুলীয়াজানৰ কঠালগুৰি পাঁচসূতি গাঁৱত আৰক্ষীয়ে চলোৱা অভিযানত অইলৰ চোৰাং কণ্ডেনচেট তেলসহ এজন ব্যক্তিক হাতে-লোটে আটক ধৰিবলৈ সক্ষম হয় । ধৃত লোকজন হৈছে দুলীয়াজানৰ কঠালগুৰি পাঁচসূতি অঞ্চলৰ চুনু সিঙ ওৰফে অশোক সিঙ ।

কানি খাই থকা অৱস্তাত টিংৰাই বেতনি গাওঁত দুই ভূৱা সাংবাদিকক আটক ৷

ডিগবৈ থানা অন্তৰ্গত টিংৰাই সমীপৰ বেতনি গাৱঁত যোৱা কালি নিছাসক্ত অৱস্তাত দুই ভূৱা সাংবাদিকক হাতে-লুটে ধৰা পেলাই স্থানীয় ৰাইজে ৷ জানিব পৰামতে কিছু দিনৰ পূৰ্ৱে খোলা Tinsukia today 24×7 লাইভ নামৰ এটা ফেচবুক চেনেলত নিজকে কৰ্মৰত বুলি চিনাকি দিয়া চুমন কৰ (২৭) আৰু ৰকিব বাছফ্ৰ (২৯) নামৰ তিনিচুকীয়াৰ দুইযুৱকে এএছ-২৩-জি-৪৯৮৩ নম্বৰৰ এখন ৰঙা ৰঙৰ পালছাৰ বাইকৰ সন্মুখত প্ৰেছ লিখিলৈ গাওঁখনৰ এটা স্থানত কানি খাই থকা আৱস্তাত স্থানীয় সচেতন ৰাইজৰ ওচৰত ধৰা পৰে ৷ প্ৰথমে নিজকে সাংবাদিক বুলি পৰিচয় দিছিল যদিও পাছত নিজৰ দুখ স্বীকাৰ কৰে ৷ স্থানীয় যুৱক সকলে অধিক জানিব বিচৰাত এই দুই তথা-কথিত ভূৱা সাংবাদিকে বিগত বহু দিনৰে পৰা এই স্থানত কানি সেৱন কৰিবলৈ আহি থকা বুলি জানিবলৈ দিয়ে ৷ চুমন কৰ নামৰ যুৱকজনে ডিঙিত ভূৱা প্ৰেছ কাৰ্ড ওলমাই লৈ সৰ্তীথ ৰকিব বাছফ্ৰক লগত আনি এনেদৰে এই কানি সেৱন কামত জড়িত কৰোৱাৰ বাবে ভূৱা সাংবাদিক চুমন কৰক ৰাইজৰ আগত ৰকিব বাছফ্ৰৰ হতোৱাই অপদস্ত কৰোৱাই ৷ পাছত আঠু কাঢ়ি ভৱিৰ্ষ্যতে এনে কাম নকৰাৰ প্ৰতিশ্ৰুতি দিয়াত তথা-কথিত সাংবাদিক চুমন কৰ আৰু সৰ্তীথ ৰকিব বাছফ্ৰক স্থানীয় ৰাইজে ডিগবৈ আৰক্ষীক গতাই দিয়ে ৷ উল্লেখ যে এই বেতনি গাওঁত প্ৰায় কানি, ড্ৰাগছ আদি মাৰাত্মক সামগ্ৰী সেৱন কৰা অৱস্তাত বিগত সময়ত বহু যুৱক যুৱতি ধৰা পৰি আহিছে ৷ সেইয়ে স্থানীয় যুৱক সকলে এই ক্ষেত্ৰত সজাগ হৈ এই ৰাগিয়াল সামগ্ৰী সেৱন কৰা সকলৰ বিৰোধে অভিযানত নামি পৰা দেখা গৈছে ৷

ধুবুৰীৰ এ এম কোঃ ৰোডৰ ইছলাম নগৰত অভিযান : ড্ৰাগছ জাতীয় সামগ্ৰী সহ দুজন যুৱকক গ্ৰেপ্তাৰ ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ধুবুৰী আৰক্ষীৰ এটা সজাতি দলে ধুবুৰীৰ এ এম কোঃ ৰোড অঞ্চলৰ ইছলাম নগৰত অভিযান চলাই ব্ৰাউন চুগাৰ, কণ্টেইনাৰ, হুকা, কফ চিৰাফ আৰু বিভিন্ন ড্ৰাগছ জাতীয় সামগ্ৰী সহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অভিযোগ অনুসৰি ইছলাম নগৰ অঞ্চলত ড্ৰাগছৰ পেডলাৰ আৰু ড্ৰাগছ মাফিয়াৰ আড্ডা চলি আছিল বহু দিন ধৰি। তেনে সময়ত এক গোপন তথ্যৰ ভিত্তিত আজি ধুবুৰী আৰক্ষীৰ এটা সজাতি দলে মাৰাথন অভিযান চলাইমিৰ চেলিম আৰু ছোহেল শেখ ক আটক কৰে । অধিক তথ্যৰ  বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।ইপিনে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলাই থকা বুলি উল্লেখ কৰে ধুবুৰী জিলা অতিৰিক্ত আৰক্ষী ৰোজী ৰাণী শৰ্মাই। 

নলবাৰীৰ নতুন উপ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ মুকালমুৱা পৰিদৰ্শন :ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হব আৰক্ষী:-ডিএচপি জিকিৰাণী মহন্ত

নলবাৰী জিলাৰ নতুন উপ আৰক্ষী অধীক্ষক (সদৰ) জিকিৰাণী মহন্তই কালি নলবাৰীত যোগদান কৰিয়েই আজি মুকালমুৱা অঞ্চল পৰিদৰ্শন কৰে ৷ জিলাখনৰ নতুন উপ আৰক্ষী অধীক্ষক (ডিএছপি) গৰাকীয়ে আজি জিলাখনৰ দক্ষিণ প্ৰান্তৰ মুকালমুৱাত উপস্থিত হৈ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে ৷ বিশেষকৈ মুকালমুৱাত প্ৰায়ে ড্ৰাগছ সৰবৰাহী গ্ৰেপ্তাৰ হোৱা প্ৰসংগত ডিএছপি গৰাকীয়ে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে আৰু অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও সাংবাদিক জানিবলৈ দিয়ে ৷ তদুপৰি মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে সমাজৰ সৰ্বস্তৰৰ লোককে মাৰবান্ধি থিয় হৈ আৰক্ষীক সহযোগিতা আগবঢ়াবলৈও আহ্বান জনায় ডিএছপি গৰাকীয়ে ৷ অন্যহাতে অঞ্চলটোত চুৰি-ডকাইতিৰ দৰে অপৰাধ জনিত ঘটনা সংক্ৰান্তত  তৎপৰতাৰে কাম কৰি জিলাখনত অপৰাধ প্ৰৱনতা ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হাতত ল’ব বুলিও সাংবাদিকৰে হোৱা বাৰ্তালাপত সদৰি কৰে ৷ প্ৰতিটো দিশতে সংবাদ কৰ্মীসকলৰো সহযোগিতা বিচাৰিছে নৱনিযুক্ত উপ আৰক্ষী অধীক্ষক গৰাকীয়ে ।

ক’ভিড যোদ্ধাৰ মাজত খাদ্য বিতৰণ আইমী বৰুৱাৰ

গুৱাহাটীৰ হেঙৰাবাৰী প্ৰাথমিক চিকিৎসালয়ত অভিনেত্ৰী আইমী বৰুৱা। কোভিড যোদ্ধা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক খাদ্য বিতৰণ কৰিলে অভিনেত্ৰীগৰাকীয়ে। নিজ হাতেৰে তৈয়াৰ কৰা খাদ্য বিতৰণ কৰিলে আইমী বৰুৱাই। মহামাৰীৰ এই দুৰ্যোগৰ সময়ত দিন–ৰাতি একাকাৰ কৰি সেৱা আগবঢ়োৱা সকলক সামান্যতম সহায় জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ।চিকিৎসকসকল আমাৰ ভগবান তেওঁলোকক সন্মান কৰিবলৈ আহ্বান আইমী বৰুৱাৰ।

কাকজান চাহ বাগিচাত এজন কৰ্মচাৰী মৃত্যুক লৈ চিকিৎসকৰ লগত সংঘাত

যোৰহাট জিলা কাকজান চাহ বাগিচাত কালি নিশা এজন ৰোগী মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসক আৰু নাৰ্চক দু- ব্যৱহাৰ কৰাৰ ঘটনাই এক চেপা উওেজনা বিৰাজ কৰি আছে।প্ৰাপ্ত তথ্য মতে কাকজান চাহ বাগিচাৰ কৰ্মচাৰী ৰাজু ৰবি দাস(৫৪) মেকানিকেল বিভাগত যোৱা ২৯ মে তাৰিখৰ পৰা বাগিচাৰ কৰ্মস্থলীত উপস্থিত নাছিল।জানিৱ দিয়া মতে তেও স্বাস্থ্য জনিত কাৰণত উপস্থিত নাছিল।১ জুনত বাগিছাৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰিবলৈ অহাত গেছৰ অসুখত ভূগি থকা বুলি কয়।চিকিৎসকে প্ৰাথমিক চিকিৎসা দিয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও তেও যাৱলৈ ইচ্ছা নকৰি ঘৰতে থাকিল।কালি নিশা প্ৰায় ৮.০০বজাত স্বাস্থ্য অধিক অৱনতি ঘটাত পুনৰ বাগিচা চিকিৎসালয়লৈ আহে।বাগিছাৰ চিকিৎসক ডা.ঋষিকেশ ডেকাই প্ৰাথমিক চিকিৎসা দি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।বাগিছাৰ চিকিৎসালয়ৰ পৰা ওলাই আহি ২ কিলোমিটাৰ পথ যাওতেই তেও মৃত্যু হয়।তাৰ পিছত তেওক বাগিচাৰ চিকিৎসালয়লৈ ঘূৰাই আনে।ইয়াৰ পিছতে মৃত ব্যক্তিজনৰ পুত্ৰ জোৱাই সহ চিকিৎসালয়ত উপস্থিত হৈ এক উতপ্ত পৰিস্থিতি সৃষ্টি কৰি চিকিৎসালয় খনৰ দৰ্জা খিৰিকি ২খন মান ভাঙে।অৱশ্যে কোনো ব্যক্তিয়ে চিকিৎসকজনক তাৰ পৰা আতৰাই নিৱলৈ সক্ষম হয়।ইয়াৰ পিছত চিকিৎসালয়ত গাওঁৰক্ষী বাহিনী আৰু মজদুৰ সংঘ বহু কেইজন যুৱক উপস্থিত হোৱাত কোনো ধৰণৰ হতাহতি ন’হল।ইয়াৰ পিছত ঘটনাস্থলীত দেৱেৰাপাৰ আৰক্ষীআৰু মৰিয়নি আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতি সামকাটে।আজি বাগিচাখন শান্তিপূৰ্ণভাৱে চলি আছে।বাগিচাখনৰ লগত জড়িত চাহ মজদুৰসংঘ ,আটছা,কৰ্মচাৰী সংঘ আৰু বাগিচাৰ কৰ্তৃপক্ষৰ লগত আলোচনা মৰ্মে দোষী ব্যক্তিৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি চিকিৎসালয়খন অটুত ৰখাৰ পোষকতা কৰে।