মাজুলীত নিৰ্মাণ হৈছে এখন ভ্ৰাম্যমাণ চিকিৎসালয়। গহপুৰ আৰু মাজুলীৰ সীমামুৰীয়া দুৰ্গম চৰ-চপৰি অঞ্চলত চলিব এই নৌকা চিকিৎসালয় খন। এখন চৰকাৰী চিকিৎসালয়ৰ সকলো সুবিধা থাকিব নৌকা চিকিৎসালয়ত। ৩৬ লক্ষ্য টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৌকা চিকিৎসালয় খন ৫ মাহ ১০ দিনত ৮ জন মাজুলী শালমৰা শিল্পীয়ে নিখুঁতভাৱে নিৰ্মাণ কৰি উলিয়াইছে।বেংগেলুৰুৰ কৰুণা ট্ৰাষ্ট্ৰ’ নামৰ এন জিঅ এটাই সম্পূৰ্ণ বিনামূলীয়া কৈ দুৰ্গম চৰাঞ্চলৰ ৰাইজৰ চিকিৎসাৰ বাবে উৎসগিত কৰিব।জীৱনদায়ীনিৰ ৰূপত চৰ বাসীৰ মাজত থাকিব এই নৌকা চিকিৎসালয়খন। মাজুলীৰ সমাজ কৰ্মী ধ্ৰুৱ গোস্বামী ৰ পৰিচালনাত নিৰ্মাণ হোৱা দুই মহলীয়া নৌকা চিকিৎসালয়খনত ৯ টাকৈ কোঠা আছে।দীঘলে ৮৫ ফুট আৰু বহলে ১৮ ফুট চিকিৎসালয় খনত আছে চিকিৎসকৰ কোঠা,প্ৰসুতিৰ বিশেষ কক্ষ,অ পি টি ,লেবাৰ কক্ষ, নাৰ্চৰ কক্ষ,লেবটৰী কক্ষ,ফাৰ্মাচি কক্ষ,শীত তাপ নিয়ন্ত্ৰিত কক্ষ ,কৰ্মচাৰী কক্ষ, দুটাকৈ শৌচাগাৰ, এম্বুলেন্স লৈ যোৱাৰ বিশেষ ব্যৱস্থা, অত্যাধুনিক ইঞ্জিনযুক্ত এখন বিশেষ নৌকা।চৰকাৰী চিকিৎলয়ৰ সকলো সুবিধা লাভ কৰিব এইখন ভাম্যমান চিকিৎসালয়। বছৰ বছৰ ধৰি চিকিৎসাৰ পৰা বঞ্চিত হৈ অহা দৰিদ্ৰ দূৰ্গম অঞ্চলৰ ৰোগী ,তথা প্ৰসুতিৰ বাবে সঞ্জিৱনী হ’ব এইখন নৌকা চিকিৎসালয়। আজি মাজুলীৰ পৰা গহপুৰলৈ নিব এইখন চিকিৎসালয়।
বৰছলাৰ ভৰাশিঙৰীত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়াঃব্যৱস্থা গ্ৰহণৰ দাবী কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যৰ৷
সমাগত বাৰিষা আজিও উন্মুক্ত ৰাজ্যৰ অধিকাংশ নদ-নদীৰ মথাউৰি৷বাৰিষাৰ আৰাম্ভনিতে নদ-নদী সমূহৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে৷সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰ নদীয়ে বৰছলাৰ ভৰাশিঙৰীত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে৷ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত শোণিতপুৰ জিলাৰ বৰছলা বিধান সভা সমষ্টিৰ গৰুডোবাৰ তেলীয়াগাওঁ আৰু ভৰাশিঙৰীত ৰাইজৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে৷ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়াৰ ফলত ভৰাশিঙৰীৰ ছটি পাহাৰত অৱস্থিত ঐতিহাসিক হৰ’গৌৰী দেৱালয়লৈ ভাবুকি আহি পৰিছে৷খহনীয়াৰ কবলত পৰা উক্ত ভৰাশিঙৰী অঞ্চলত ৩জুনত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সজাতি দল এটাই উপস্থিত হৈ ৰাইজৰ ক্ষয়ক্ষতিৰ বুজ লয়৷উক্ত খহনীয়াগ্ৰস্ত স্থান পৰিভ্ৰমণ কৰি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ আগত চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই চৰকাৰ তথা স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ, ৰাজ্যৰ জলসম্পদ বিভাগ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস তথা স্থানীয় বিধায়ক গনেশ কুমাৰ লিম্বুৱে কোনো ধৰণৰ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈছে৷চৰকাৰৰ নীৰৱতাত বৰ্তমান ৰাইজে দিকবিদিক হেৰুৱাই নিজৰ গাঠিৰ ধন খৰচ কৰি বাহ,গছ আদিৰে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ আপ্ৰাণ চেষ্টা চলাইছে৷খহনীয়াৰ কবলত পৰা উক্ত ভৰাশিঙৰী অঞ্চল এনেদৰে বাহ,গছ আদিৰে বচোৱাটো সম্ভৱপৰ নহয়৷সেয়েহে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ জলসম্পদ বিভাগে ততকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই দাবী জনাইছে৷অন্যথা আগন্তুক দিনত ৰাইজৰ স্বাৰ্থত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে গণতান্ত্ৰিক ভাবে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সকীয়াই দিছে৷
মৰিগাঁৱত অসম চৰকাৰৰ মূখ্য সচিব জিষ্ণু বৰুৱা
যোৱা পহিলা জুনত মৰিগাঁও জিলাত অসম চৰকাৰৰ মুখ্য সচিৱ জিষ্ণু বৰুৱা আহি উপস্থিত হয় | মুখ্য সচিব গাৰকীক সভাপতিত্বত আৱৰ্ত ভৱনত জিলা উপায়ুক্ত সীমাৰেখা ভূঞা, আৰক্ষী অধীক্ষকৰ লগতে, উচ্চ পৰ্য্যায়ৰ বিষয়া সকল এক আলোচনাত মিলিত হয় | মুখ্য সচিৱ গৰাকীয়ে জিলাখনৰ ক’ভিড পৰিস্থিতি আৰু আগন্তুক বান পৰিস্থিতি সন্দৰ্ভত জিলা খনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয় | ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্য্যাপ্ত পৰিমাণে অক্সিজেন সংযুক্ত বিচনা, এম্বুলেঞ্চ, ঔষধ আদি মজুত থকাৰ সন্দৰ্ভতো পৰ্যালোচনা কৰে | তাৰোপৰি মৰিগাঁও জিলাত ক’ভিডৰ গণসংক্ৰমন ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণৰ লগতে জনসাধাৰণৰ সু-স্বাস্থ্য বিষয়ক সচেতনতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে | ক’ভিডৰ সময়ত সৰ্বসাধাৰণ ৰাইজৰ মৌলিক সমস্যাখিনিৰ ওপৰতো নজৰ ৰাখিবলৈ পৰামৰ্শ দিয়ে | তদুপৰি আগন্তুক দিনত বাৰিষা বানপানীৰ পৰা হব পৰা পৰিস্থিতিৰ মোকাবিলাৰ বাবে জিলা খনত গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভতো এটি খতিয়ান লয় লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ আৰু পশুধনৰ খাদ্য আদিৰ পৰ্য্যাপ্ত পৰিমাণে মজুত ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰে আৰু সকলো বিভাগকে যি কোনো জৰুৰী অৱস্থাৰ বাবে সাঁজু থাকিবলৈ আহ্বান জনায় |
লাহৰীঘাটত স্বামীয়ে পত্নীক যৌতুকৰ বাবে কেৰাচিন ঢালি হত্যাৰ অভিযোগ
মৰিগাঁও জিলাৰ লাহৰীঘাটত স্বামীয়ে কেৰাচিন দি জ্বলাই হত্যা কৰিলে পত্নীক !যোৱা ২২ মে ত লাহৰীঘাট থানাৰ অন্তৰ্গত অমৰাগুৰিত জিন্নত আলীয়ে পত্নী জোনমনি বেগমৰ শৰীৰত কেৰাচিন ঢালি জ্বলাই দিছিল !গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কালি মৃত্যু হয় !উল্লেখ্যৱ৮ মাহ পুৰ্বে টেঙাগুৰি গাৱঁৰ হবিবুৰৰ কন্যা জোনমনি বেগমক অমৰাগুৰি গাঁৱৰ জিন্নত আলীৰ লগত বিবাহ হৈছিল !পৰিয়ালৰ লেকৰ অভিযোগ তেতিয়াৰ পৰাই স্বামীয়ে জোনমনিক যৌতুক দাবী কৰি স্বামী অত্যাচাৰ কৰি আহিছে !অৱশেষত স্বামী আৰু পৰিয়ালৰ লোকে মিলি জোনমনিক হত্যা কৰে বুলি অভিযোগ তুলিছে ! ইতিমধ্যে জোনমনিৰ পৰিয়ালে লাহৰীঘাট থানাত এজাহাৰ দাখিল কৰিছে !
এম জি এনৰেগা কাম পৰিদৰ্শন বৰপেটা উন্নয়ন খণ্ড বিষয়া ছৰিফ আলীৰ
এম জি এনৰেগা আঁচনিৰ অধীনত ৰূপায়ন হোৱা কেইবাটাও কাম পৰিদৰ্শন কৰি বুজ লয় বৰপেটা খণ্ড উন্নয়ন বিষয়া ছৰিফ আলীয়ে। উন্নয়ন খণ্ডটোৰ অধীনস্থ ১১ টা গাওঁ পঞ্চায়তত এম জি এনৰেগাৰ অধীনত চলি থকা অধিকাংশ কাম পৰ্যালোচনা কৰি সন্তুষ্টি লাভ কৰা দেখা গৈছে যদিও কিছু কামত অলপ পৰিমাণে বিসংগতি দেখা পায় তেওঁ। এই ক্ষেত্ৰত কাম চোৱা চিতা কৰাৰ দ্বায়িত্বত থকা জে ই আৰু জি আৰ এছৰে আলোচনা কৰে বিডিঅ ছৰিফ আলীয়ে । বিডিঅ ছৰিফ আলীয়ে কাম পৰিদৰ্শন কৰাত ৰাইজেও আনন্দিত হৈ তেওঁৰ সৈতে মত বিনিময় কৰে। আজি উন্নয়ন খণ্ডটোৰ অধীনস্থ ১ নং ভেল্লা গাওঁ পঞ্চায়ততো বিভিন্ন কাম পৰিদৰ্শন কৰি তেওঁ আঁচনিৰ সফল ৰূপায়ন হোৱা বুলি জানিবলৈ দিয়ে। কাম অনুপাতে ধনৰ আৱন্টন দিলে কামৰ মানদণ্ড উন্নত হয় বুলি উল্লেখ কৰে। এম জি এনৰেগাৰ কামৰ জড়িয়তে যে সচাকৈয়ে গ্ৰাম্যাঞ্চলৰ বাট পথ, নলা নৰ্দমা আদি যাতায়ত ব্যৱস্থাৰ উন্নয়ন হয় সেই কথা উপলব্ধি কৰে। যাতায়তৰ ক্ষেত্ৰত পিছপৰা ভেল্লা গাঁওত উন্নত যাতায়ত ব্যৱস্থা কৰাত এম জি এনৰেগাৰ কামে বিশেষ ভূমিকা লৈছে বুলি কব পৰা যায় যদিও সেই অনুপাতে কামৰ আবন্টন কমকৈ হোৱা পৰিলক্ষিত হৈছে। ভেল্লা গাঁও পঞ্চায়তক আদৰ্শ গাওঁ পঞ্চায়ত হিচাপে গঢ়ি তুলিবলৈ ৰাইজে প্ৰচেষ্টা লোৱাৰ বাবে বিডিঅ গৰাকীয়ে আহ্বান জনায়। কাম পৰিদৰ্শনৰ সময়ত তেওঁৰ সৈতে থাকে এক্ৰিডিয়েটেড ইঞ্জিনিয়াৰ আমিন হুছেইন, জি আৰ এছ আক্তাৰ হুচেইনৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। উল্লেখযোগ্য যে, সময়মতে কাম পৰিদৰ্শন নকৰাৰ বাবে বহু কামৰ বৰ্তমান মানদণ্ড ঠিক থকা নাই।
খোৱাঙত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড:বিদ্যুৎ সংযোগ নিদিয়াকৈ বিভাগে দিলে বিল
প্ৰতিখন চৰকাৰে উন্নয়নৰ কথা কয় কিন্তু গ্ৰাম্যাঞ্চল সমূহত উন্নয়ন আজিও বহু বাকী । কৰবাত যদি নাই পথ কৰবাত আকৌ বিদ্যুৎৰ সুবিধা নোপোকৈ বছৰৰ পাছত বছৰ পাৰ হৈছে । চৰকাৰ মন্ত্ৰী বিধায়কে উন্নয়নৰ কথা কৈ থকা সময়তে খোৱাঙত বিদ্যুৎ বিভাগৰ আজব কাণ্ড পোহৰলৈ আহিছে । ডিব্ৰুগড় জিলাৰ কুটুহা গাঁও পঞ্চায়তৰ খোৱাঙৰ কাৱৈমাৰিত বিদ্যুৎ সংযোগ নিদিয়াকৈ বিদ্যুৎ বিভাগে দিলে বিল। গাঁও খনত ২০১৯ত বিদ্যুৎ বিভাগে ঘৰে ঘৰে বিদ্যুৎ মিটাৰ লগাইছিল যদিও আজি পৰ্যন্ত বিদ্যুৎ যোগান নিদিলে । ফলত গাঁও খনৰ বহু কেইটা পৰিয়ালে নিজে চুৰ কৰিয়ে বিদ্যুৎ ব্যৱহাৰ কৰা বুলি জানিবলৈ দিয়ে । বিদ্যুৎ বিভাগে বিষয়টো গুৰুত্ব আৰোপ কৰি গাঁও খনত লগাই থোৱা বিদ্যুৎ মিটাৰ বিলাকত বিদ্যুৎ যোগান ধৰিবলৈ আহ্বান জনাইছে ।
‘ফাঁকি পাৰ্টী’ বিজেপিৰ স্বৰূপ ওলাল : জাতীয় পৰিষদ
“নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল কোনো অৱস্থাতে বিক্ৰী নকৰে বুলি নিৰ্বাচনৰ পূৰ্বে সদম্ভে ঘোষণা কৰা বিজেপি দলৰ প্ৰকৃত স্বৰূপ ওলাই গ’ল৷ অসমবাসী জনসাধাৰণৰ আবেগ জড়িত হৈ থকা কাগজ কল দুটা পুনৰুজ্জীৱীত কৰিব বুলি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বৰমূৰীয়াসকলেই নহয়, স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে একাধিকবাৰ ঘোষণা কৰিছিল৷ কিন্তু নিৰ্বাচন শেষ হৈ যোৱাৰ পিছতেই এইবাৰ নগাঁও কাগজ কল আৰু কাছাৰ কল দুটা নিলাম কৰিবৰ বাবে নিবিদা আহ্বান কৰাৰ ঘটনাই বিজেপি দল আৰু ইয়াৰ চৰকাৰৰ ফাঁকিবাজ চৰিত্ৰ প্ৰকট হৈ পৰিছে৷” – এই মত অসম জাতীয় পৰিষদ দলৰ৷ কাগজ কল দুটা হিন্দুস্তান কাগজ নিগমে নিয়োগ কৰা অৱসায়কে (লিকুউডিটৰ) কালি কাগজ কল দুটা অৱসায়ন কৰাৰ বাবে নিবিদা আহ্বানৰ বিজ্ঞাপন জাৰি কৰা ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক বিবৃতিত কয় যে কাগজ কল দুটা পুনৰুজ্জীৱীত কৰাৰ প্ৰতিশ্ৰতি দি বিজেপি দল পুনৰ ক্ষমতালৈ আহিছে৷ গতিকে কাগজ কল দুটা ৰক্ষা কৰাটো এইখন চৰকাৰৰ দায়িত্ব৷ এই দায়িত্ব পালন কৰিবলৈ ৰাজ্য চৰকাৰক জাতীয় পৰিষদে আহ্বান জনায়৷
নগাঁৱত চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদ : বহি: বিভাগ বৰ্জন কৰিলে চিকিৎসকে
হোজাই জিলাৰ ফুলতলি চিকিৎসালয়ত কভিড ৰোগীৰ চিকিৎসাত ব্যস্ত থকা এগৰাকী চিকিৎসক , স্বাস্থ্য কৰ্মীক নিৰ্মম ভাবে প্ৰহাৰ কৰা কাৰ্যৰ বিৰুদ্ধে ৰাজ্য খনৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাতো বিভিন্ন দল সংগঠন গৰজি উঠিছে । আজি নগাঁও জিলাৰ চিকিৎসক সকলে চিকিৎসালয় সমূহৰ বহি: বিভাগত কৰ্মৰ পৰা বিৰত থাকে । অৱশ্যে কভিডৰ চিকিৎসা আৰু জৰুৰীকালীন চিকিৎসা সেৱা চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলে ক’লা বেজ পৰিধান কৰি অব্যাহত ৰাখে । চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলে কালি লংকাৰ ফূলতলী চিকিৎসালয়ৰ ঘটনাৰ লগত জৰিত সকলো দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে । তদুপৰি চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে । ভাৰতীয় চিকিৎসা সংস্থাৰ নগাঁও শাখাই কালি ফুলতলি চিকিৎসালয়ৰ চিকিৎসক সেউজ কুমাৰ সেনাপতিৰ লগতে স্বাস্থ্য কৰ্মীক দুস্কৃতিকাৰী দলে নিৰ্মম ভাবে প্ৰহাৰ কৰাৰ ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে দুস্কৃতিকাৰী দলক দৃষ্টান্ত মূলক শাস্তি বিহিবলৈ দাবী জনাইছে । সংস্থাৰ সভাপতি ডা: সৰ্বেশ্বৰ বৰা আৰু সম্পাদক ডা: পূৰ্নানন্দ বৰাই কঠোৰ শাস্তি নিদিলে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে । অসম চিকিৎসা সেৱা সংস্থাৰ নগাঁও শাখাৰ সভাপতি ডা: ৰঞ্জন গোস্বামীয়ে ফুলতলিৰ ঘটনাক তীব্ৰ গৰিহণা দিছে । গোস্বামীয়ে ফুলতলি ঘটনাৰ লগত জৰিত সকলক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে । নগাঁও চৰকাৰী পেঞ্চনাৰ সন্থাই কালি চিকিৎসক ডা: সেউজ কুমাৰ সেনাপতি আৰু স্বাস্থ্য কৰ্মীক আক্ৰমনৰ ঘটনাক গৰিহনা দিছে । সন্থাৰ সভাপতি আবুল হুছেইন আৰু সম্পাদক জীৱ প্ৰসাদ বৰকটকীয়ে এই ঘটনাৰ লগত জৰিত দোষী সকলক কঠোৰ শাস্তি বিহাৰ লগতে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনাইছে । নগাঁও জিলা জেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি প্ৰেমেশ্বৰ দাস , সদৌ নগাঁও জিলা ছাত্র সন্থা , অসম জাতীয়তাবাদী যুব পৰিষদৰ নগাঁও জিলা সমিতিকে ধৰি জিলাখনৰ বিভিন্ন দল সংগঠনে ফুলতলি ঘটনাৰ লগত জৰিত সকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাই । নগাঁও জিলা মেডিচিন ডীলাৰ এচ’ছিয়েশ্বনৰ সভাপতি জীৱন বনিক , সম্পাদক মনোৰঞ্জন বৰুৱাই কালি ফুলতলি চিকিৎসালয়ত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক আক্ৰমণৰ ঘটনাক গৰিহনা দিয়াৰ লগতে দোষীক গ্ৰেপ্তাৰ কৰি ফাষ্ট ট্ৰেকট বিচাৰ কৰিবলৈ চৰকাৰক দাবী জনায় ।
চিকিৎসক অথবা স্বাস্থ্যকৰ্মীৰ গাৰ নোম এদালটো যদি হাত দিয়ে তেন্তে কথা বিষম হ’ব : স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত
” কৰ্মৰত চিকিৎসক অথবা স্বাস্থ্য কৰ্মীক আক্ৰমণ কৰাটো বাদেই তেওঁলোকৰ গাৰ নোম এদালটো যদি কোনোবাই হাত দিয়ে তেন্তে কথা বিষম হ’ব। এনে ঘটনাক কোনো কাৰণতে সহ্য কৰা ন’হব। হোজাই জিলাৰ লংকাৰ ফুলতলী কোভিড চিকিৎসালয়ত কৰ্মৰত অৱস্থাত চিকিৎসক প্ৰহৃত হোৱা ঘটনাৰ ৰিজাল্ট আজি ৰাতিৰ ভিতৰতে পাব।” কালি নিশা নগাঁৱত উপস্থিত হৈ চিকিৎসকক প্ৰহাৰ কৰা দুষ্কৃতিকাৰীক এনেদৰে কঠোৰ সকিয়নী দিয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। কালি নিশা নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী মহন্তই হোজাই জিলাৰ লংকাৰ ফুলতলী কোভিড চিকিৎসালয়ত সংঘটিত বৰ্বৰোচিত ঘটনাৰ বলি হোৱা চিকিৎসক ডা: সেউজ কুমাৰ সেনাপতিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসক গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। আহত চিকিৎসক গৰাকীক প্ৰত্যক্ষ কৰাৰ পিছত ক্ষোভিত হৈ পৰা স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক কয় : ঘটনাত জড়িত সকলোকে বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহা হ’ব। এনে জঘন্য কাৰ্য কোনো কাৰণতে সহ্য কৰা ন’হব।ভৱিষ্যতে সকলো কোভিড কেয়াৰ চেণ্টাৰত পৰ্য্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ’ব বুলিও স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে । আনহাতে নগাঁৱৰ পৰা নিশাই স্বাস্থ্যমন্ত্ৰী গৰাকী হোজাইলৈ ৰাওনা হয়। হোজাইত আহত আন স্বাস্থ্যকৰ্মীৰ খবৰ লোৱাৰ লগতে জিলা প্ৰশাসনক এই ঘটনাৰ লগত জড়িত দোষীক শীঘ্ৰেই আটক কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ইপিনে মানৱ সেৱাৰ মানসৰে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা ডাঃ সেউজ কুমাৰ সেনাপতিয়ে চিকিৎসালয়খনত যোগদানৰ দ্বিতীয় দিনটোতে নিকৃষ্ট মানসিকতাৰ একাংশ বৰ্বৰ লোকৰ পাশৱিকতাৰ বলি হ’ব লগাত পৰে । নগাঁও জিলাৰ দক্ষিণপাট বালিগাঁৱৰ শিক্ষা বিষয়া চন্দ্ৰকান্ত সেনাপতিৰ পুত্ৰ মেধাসম্পন্ন সেউজ কুমাৰ সেনাপতিয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি হোজাই জিলাৰ ফুলতলী আদৰ্শ চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মত যোগদান কৰে। কিন্তু কালি দিনটোত চিকিৎসালয়খনৰ কোভিড ৱাৰ্ডত এজন কোভিড ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ৰোগী জনৰ আত্মীয় তথা একাংশ আদিম মানসিকতাৰ জঘন্য লোকৰ পাশৱিক আক্ৰমণৰ বলি হবলগাত পৰে চিকিৎসক গৰাকী। কালি নিশা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা অৱস্থাত চিকিৎসক সেউজ কুমাৰ সেনাপতিয়ে সংবাদমাধ্যমক জানিবলৈ দিয়া মতে আক্ৰমনকাৰীয়ে তেওঁক লোহাৰ ৰড, লাঠী, চৰিয়া আদিৰে দলবদ্ধ ভাবে আক্ৰমণ কৰাৰ উপৰি তেওঁৰ মোবাইল ফোন আৰু সোণৰ চেইন আদি কাঢ়ি লৈ যায়।আনকি তেওঁৰ চশমাযোৰো আক্ৰমণকাৰীয়ে ভাঙি পেলায়।সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা এজন নিৰপত্তাৰক্ষীয়ে চিকিৎসক গৰাকীক আক্ৰমণকাৰীৰ কবলৰ পৰা মুক্ত কৰা চেষ্টা কৰে যদিও বিফল হয়।ইয়াৰ মাজতে চিকিৎসক গৰাকীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰি তাৰ পৰা পলায়ন কৰে। চশমা অবিহনে অসুবিধাৰ সন্মুখীন হৈয়ো ১২ কিলোমিটাৰ গাড়ী চলাই অহা চিকিৎসক সেনাপতিক অৱশেষত এজন লোকে উদ্ধাৰ কৰি নগাঁৱৰ চিকিৎসালয়লৈ লৈ আহে। সম্প্ৰতি চিকিৎসক গৰাকী গুৱাহাটী মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।আনহাতে চিকিৎসক গৰাকীৰ গৃহভূমি নগাঁও জিলাৰ দক্ষিণপাট বালিগাঁৱৰ ৰাইজে কালি সংঘটিত ডা: সেউজ কুমাৰ সেনাপতিৰ আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰা লগতে দোষীক উচিত শাস্তি প্রদানৰ দাবী জনায়।ইতিমধ্যে এই ঘটনাত জড়িত ৫জনক আৰক্ষীয়ে অতি তৎপৰতাৰে কালি নিশাই বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে ইয়াৰে দুজন লস্কৰ পথাৰৰ জয়নাল উদ্দিন আৰু কামাল উদ্দিন আৰু আন এজন বামুণ গাঁৱৰ তৈয়বুৰ ৰহমান । পৰবৰ্তী সময়ত উদালী ফুলতলী কভিড চিকিৎসালয়ৰ চিকিৎসক সেউজ কুমাৰ সেনাপতিৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণত জড়িত ২৪ জন অপৰাধীক হোজাই আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰে ৷ এই ঘটনা সন্দৰ্ভত অতি শীঘ্ৰে দাখিল কৰা হ’ব অভিযোগনামা ।চিকিৎসক সেউজ কুমাৰ সেনাপতিৰ আক্ৰমণত জড়িত অপৰাধাত বৰ্তমান পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অপৰাধী সমূহ ক্ৰমে ম:কামাৰুদ্দিন,ম:জৈনালুদ্দিন ম: ৰাহানুদ্দিন,চাইফুল আলম ৰহিমুদ্দিন,ৰিজুল ইছলাম,টাইবুৰ ৰহমান , ৰহিমুদ্দিন,আব্দুল কালাম,নুৰজুল ইছলাম,আব্দুল গুমি,দিলৱাৰ হুছেইন,আব্দুল হুছেইন, আনোৱাৰ হুছেইন,ইক্ৰামুল হুছেইন,নাছিৰুদ্দিন ,আলিমুদ্দিন,জামিল আহমেদ,চাহিল ইছলাম, চৰিফুদ্দিন,চাফিকুদ্দিন,মফিজুৰ ৰহমান.,মতিবুৰ ৰহমান আৰু মিচবা বেগম।
পঞ্চায়ত সভাপতিক কাৰ্যালয়তে ডিঙি চেপি হত্যাৰ চেষ্টা।
পঞ্চায়ত সভাপতিক কাৰ্যালয়তে ডিঙি চেপি হত্যাৰ চেষ্টা। গোচৰ ৰুজু।
তিনিচুকীয়া জিলাৰ বজালতলি গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জিৎ চৌধুৰীক নিজ কাৰ্যালয়ৰ ভিতৰতেই ডিঙি চেপি হত্যাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ তুলি তিনিচুকীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি ২জুন বুধবাৰে দিনৰ ১১ বাজি ৩৫মিনিটত স্থানীয় ৰুবুল গোঁহাই(সিংহ)ই বজালতলি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হৈ সভাপতি ৰঞ্জিৎ চৌধুৰীক ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰাৰ লগতে ঘোচা,লাঠ আদি মৰাৰ ফলত তেওঁ আহত হয়। কাৰ্যালয়ত উপস্থিত থকা মন্তু হাজৰিকা,ৰাজু লামা আৰু অন্য কৰ্মচাৰীৰ হস্তক্ষেপত চৌধুৰীৰ প্ৰান ৰক্ষা হয় বুলি এজাহাৰত উল্লেখ কৰা হৈছে।তদুপৰি অভিযুক্ত গোঁহায়ে চৌধুৰীক,” তই বিহাৰী,অসমত আহি দম দেখাবলৈ আহিছ,তোক জ্বলাই দিম। অসমৰ পৰা খেদাই দিম। বিজেপি গাই হিন্দু দেখাব আহিছ” আদি বাক্যও প্ৰয়োগ কৰে বুলি গোচৰীয়া চৌধুৰীয়ে উল্লেখ কৰিছে।











