বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত পদ্ম আনন্দ বজাৰত অহা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ পদ্ম আনন্দ আঞ্চলিক শ্ৰীশ্ৰী দুৰ্গা ও লক্ষ্মী মন্দিৰ প্ৰাঙ্গনত পঞ্চদশ বিশ্ব শান্তি একনাম মহাযজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।২৬ ফেব্ৰুৱাৰীৰ পুৱা দহ বজাত মুখ্য দ্বাৰ উন্মোচন কৰিব তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডা: গৌতম মেধিয়ে ।১০:১৫ বজাত গৌৰ পতাকা উত্তোলন কৰিব পৰিচালনা সমিতোৰ সভাপতি ভোলা নাথ বৰ্মনে ।চাৰে এঘাৰ বজাত স্মৃতি তৰ্পন। এই অনুষ্ঠানতি সম্পন্ন কৰিব একনাম মহাযজ্ঞ মহোৎসৱ পৰিচালনা সমিতিৰ প্ৰতিস্থাপক সভাপতি ধনেশ্বৰ বড়োই । আবেলি তিনি বজাত পানী তোলা অনুষ্ঠান আৰু শোভাযাত্ৰাৰ আত ধৰিব জংগা বড়োই । সন্ধিয়া বিশিষ্ট সমাজকৰ্মী ৰংজা খুংগুৰ বসুমতাৰীয়ে মন্দিৰৰ দ্বাৰ উন্মোচন কৰাৰ পিছত শিৱযজ্ঞ ধ্বনীৰ দ্বাৰ উন্মোচন কৰিব সমাজকৰ্মী হিৰিম্বা ৰামচিয়াৰীয়ে । সন্ধিয়া ৬-১৫ বজাত শ্ৰী শ্ৰী শিৱধ্বনী উন্মোচন কৰিব সমাজকৰ্মী যতীন কলিতাই । সন্ধিয়া ৭ বজাত বন্তি প্ৰজ্বলন, শ্ৰী শ্ৰী মদ্ভাগৱৎশ্বৰ পাঠ, মঙ্গলাচৰন আৰু মহানাম যজ্ঞাধিবাস। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব শিমলুবাৰী গাওৰ ৰাধা গোবিন্দ সম্প্ৰদায়ে । ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৫-৩০ বজাত বন্তি প্ৰজ্বলন কৰিব মন্টু বৈষ্ণৱে । পুৱা ছয় বজাৰ পৰা ষোল প্ৰহৰ অখণ্ড মহানাম যজ্ঞৰ শুভাৰম্ভ কৰিব ৰাধা গোবিন্দ সম্প্ৰদায়ে । আবেলি এক বজাত মহা প্ৰসাদ বিতৰণ । ২৮ ফেব্ৰুৱাৰীৰ পুৱাৰ পৰা অখণ্ড মহানাম যজ্ঞ চলি থাকিব আৰু দুপৰীয়া এক বজাত মহা প্ৰসাদ বিতৰণ । ১ মাৰ্চৰ পুৱা বজাত অখণ্ড মহানাম যজ্ঞ কীৰ্ত্তানুষ্ঠানৰ সামৰণি। মহাযজ্ঞৰ সমাপ্তিৰ লগে লগে বিশ্ব শান্তিৰ বাবে নগৰ কীৰ্ত্তন আৰম্ভ আৰু দুপৰীয়া ১২ বজাত শ্ৰীশ্ৰী কৃষ্ণ চৈতন্য মহাপ্ৰভুৰ ভোগ নিবেদন ,আৰতি কীৰ্ত্তন আৰু মহা প্ৰসাদ বিতৰণেৰে বিশ্ব শান্তি একনাম মহাযজ্ঞ অনুষ্ঠানৰ সমাপ্তি ঘটিব।
কোঁৱৰপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ
শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত পশ্চিম কোঁৱৰপুৰ মৌজাৰ বাৰেঘৰীয়া বনগাৱঁত আজি পুৱা এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে।জানিব পৰা মতে মৃতদেহটো গাওঁখনৰ পথাৰৰ মাজত থকা এখন বাৰীৰ চাৰিসীমাৰ বেৰাৰ কাটা তাঁৰৰ মাজত মূৰটো সোমাই থকাৰ লগতে বাকী অংশ মাটিত আছিল।পিন্ধনত কলা ৰঙৰ এটা জিনছ পেন্ট আৰু মাটি ৰঙৰ এটা জেকেট পৰিহিত যুৱকজনজনৰ মুখমণ্ডল ফুলি থকাৰ লগতে এটা দাত ভঙা আৰু ভৰিৰ আঠুত কটা দাগ চাই যুৱকজনক কোনো লোকে হত্যা কৰি সেই স্থানত পেলাই থৈ যোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে। অন্যহাতে স্থানীয় লোকে আজি পথাৰলৈ যাওঁতে মৃতদেহটো প্ৰত্যক্ষ কৰি শিৱসাগৰ আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।মৃতদেহটো বতমানেও চিনাক্ত কৰা হোৱা নাই।
আগন্তুক ৫ বছৰত অসম বানপানী মুক্ত হ’ব !
আজি ২৫ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে কেইবাটাও কাৰ্যসূচী হাতত লৈ অসমত উপস্থিত হোৱা গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱাত এক জনসভা সম্বোধন কৰি ৰাজ্যৰ বিজেপি চৰকাৰখনৰ প্ৰশংসাত মছগুল হৈ পৰে ।
বিশাল জনসভাখনত শ্বাহে কয় যে ‘ আমি বহুত কাম কৰিছো কিন্তু এটা কাম কৰিব বাকী আছে। অসমক মোদীয়ে বানপানী মুক্ত কৰিব বিচাৰে। অসমে প্ৰতিবছৰে বানৰ সংকটত ভুগিবলগীয়া হয় আৰু প্ৰতিবছৰে লাখ লাখ লোকে নিজৰ থকা স্থান এৰি অন্য স্থানলৈ যাবলগীয়া হয়। চেটেলাইটৰ মাধ্যমেৰে বিগত চাৰি বছৰৰ ছবি লোৱা হৈছে, আৰু এনে কিছুমান ঠাই বিছৰা হৈছে যৰ পৰা পানীক অন্যস্থানলৈ গতি কৰাই ডাঙৰ ডাঙৰ পুখুৰী বনোৱা হ’ব । মই আজি অসমৰ জনতাক কবলৈ আহিছো এবাৰ বিজেপি চৰকাৰ গঠন কৰি দিয়ক আৰু আগন্তুক ৫ বছৰত অসমৰ বানপানী মুক্ত কৰি দিম” ।
দেউধাই-দিনজয়ৰ শতাধিকজনৰ পুৰুষ-মহিলাৰ শ্ৰীশ্ৰী গঢ়পৰা সত্ৰত শৰণ গ্ৰহণ
নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম কাল সংহতিৰ অধীনৰ শ্ৰী শ্ৰী গঢ়পৰা সত্ৰত আজি মহাপুৰুষীয়াৰ পৰম্পৰাগত শৰণ পৰ্ব অনুষ্ঠান সুকলমে সম্পন্ন হৈ যায়। সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জিতানন্দ গোস্বামীৰ ওচৰত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দেখুৱাই আৰু দিনজয় পানীএৰা গাঁৱৰ মটক জনগোষ্ঠীৰ শতাধিক গৰাকী পুৰুষ মহিলাই পৰম্পৰা অনুসৰি দণ্ডবৎ প্ৰক্ৰিয়াৰে নিগুণ ভক্তিত নিৰ্মজিত হৈ শৰণ গ্ৰহণ কৰে।

মহাপুৰুষীয়া শৰণৰ নীতি অনুসৰি পুৰুষসকলে মুণ্ডণ কৰি এক মাৰ্কিন বস্ত্ৰ পৰিধানেৰে চাৰিগুছি পাণ কলপাতেৰে মেৰিয়াই নমস্কাৰ আৰ্হিত দুই হাতে খামুচি ধৰি সত্ৰৰ পুখুৰীত তিনি বুৰ মাৰি শৰণ গ্ৰহণ কৰে । সত্ৰৰ বাকৰিত অগনন ভক্তগণৰ উপস্থিতিত আৰু ডবা শংখৰ লগতে গায়ন-বায়ন ধ্বনিত মুঠতে গঢ়পৰা সত্ৰ আজি দ্বিতীয় বৈকুণ্ঠ পুৰীত পৰিণত হয় ।
পশ্চিম গুৱাহাটী সমষ্টিত জিএম ডি এ উপাধক্ষ্য মুকুতা ডেকাৰ পৰিয়াল সম্পৰ্ক অভিযান
আগন্তুক বিধানসভা নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অবস্থাত প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰৰ কাষ চাপিবলৈ আৰম্ভ কৰিছে ৷ শাষকীয় দল বিজেপিয়ে ২৩ ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ ৰাজ্যত পৰিয়াল সম্পৰ্ক অভিযান আৰম্ভ কৰে ৷ ৰাজ্যিক সভাপতি ৰন্জিত দাসে দিশপুৰ সমষ্টিৰ অন্তৰৰ্গত বেলতলাৰ পৰা যোৱা ২৩ ফেব্ৰুৱাৰীত পৰিয়াল সম্পৰ্ক অভিযানৰ শুভাৰম্ভ কৰিছিল ৷ ইয়াৰ অংশ হিচাপে আজি পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰৰ্গত দক্ষিণ গুৱাহাটী মন্ডলৰ সহযোগত ২০৩–২০৪ নং বুথত জি এম ডি এ উপাধক্ষ্য তথা গুৱাহাটী মহানগৰ জিলাৰ প্ৰাক্তন সভাপতি মুকুতা ডেকাই ভালেসংখ্যক বাসগৃহত উপস্থিত হৈ পৰিয়াল সম্পৰ্ক অভিযান আৰম্ভ কৰে ৷পৰিয়াল সম্পৰ্ক অভিযানত ডেকাক সংগ দিয়ে বুথ সমিতিৰ কেইবাগৰাকী সভাপতি, দলীয় কৰ্মীয়ে ৷৷ উল্লেখ্য যে মুকুতা ডেকা আগন্তুক বিধান সভা নিৰ্বাচনৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ প্ৰবল দাবীদাৰ বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি অসম গন পৰিষদৰ দখলত থকা পশ্চিম গুৱাহাটী সমষ্টি এইবাৰ বিজেপিৰ দখললৈ অনাৰ বাবেই উথিপৰি লাগিছে ৷
নগাঁৱৰ ১২৬ ফুট উচ্চতাৰ শিৱলিংগৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অমিত শ্বাহ
নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত ১২৬ ফুট উচ্চতাৰ শিৱলিংগৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ।

নগাঁৱৰ পুৰণিগুদামৰ ভেৰভেৰীত দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ কৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । দেশৰ গৃহমন্ত্ৰীগৰাকী আকাশমাৰ্গেৰে আহি উপস্থিত হ’য় মহামৃত্যুঞ্জয় মন্দিৰত ।

উল্লেখযোগ্য যে, ২০০৪ চনৰ পৰায়ে বাবা ভূগুগিৰি মহাৰাজৰ অধ্যক্ষতাত নগাঁৱৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি আছিল ১২৬ ফুট উচ্চতাৰ মন্দিৰৰ ।
ডিমৌত হোটেলত চাহ নোখোৱাৰ বাবেই যুৱকক ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ
শিৱসাগৰ জিলাৰ ডিমৌৰ মাজমজিয়াৰ এখন পদপথৰ হোটেলত একাপ চাহৰ বাবে এজন যুৱকক ছুৰীৰে দেহৰ কেইবাটাও স্হানত উপৰ্যুপৰি আক্ৰমণ কৰাৰ বাতৰিয়ে তীব্র চাঞ্চল্য সৃষ্টি কৰিছে । জানিব পৰা মতে আজি দুপৰীয়া ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পদপথৰ চাহ দোকানত এজন গ্ৰাহককে চাহ নোখোৱাত ৰঞ্জন নাওহলীয়া নামৰ ব্যক্তিজনে শিৱসাগৰ জিলাৰ ডিমৌমুখ বাগল অঞ্চলৰ নিবাসী চাহিদুল ইছলাম নামৰ যুৱক জনক আক্ৰমণ কৰে । চাহিদুল ইছলামে উক্ত হোটেলখনত চাহ খোৱাৰ পৰিবৰ্তে সমীপৰে আন এখন পদপথৰ হোটেলত চাহ খোৱাৰ ছুৰীকাঘাটৰ ঘটনা সংঘটিত হবলৈ পালে। ছুৰীৰ আঘাটত বুকু, হাত আৰু দেহৰ কেইবা ঠাইতো গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱা যুৱক জনক স্থানীয় ৰাইজে ডিমৌ আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চাহিদুল ইছলামৰ আঘাত অতি গুৰুত্বৰ হোৱাত চিকিৎসকে মুৰ্মূষ অৱস্থাত ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। আনহাতে, ডিমৌ চাৰিআলিৰ মাজ মজিয়াত, আৰক্ষী থানাৰ পৰা মাথো দুশ মিটাৰ দূৰত্বৰ ঘটনা সংঘটিত স্থানত একাংশ লোকে প্ৰায় আধা ঘন্টা সময় ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি ৰাখে।পিচত ডিমৌ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ ঘটনা সংঘটিত কৰি পলায়ন কৰা ৰঞ্জন নাওহলীয়া নামৰ যুৱক জনক দুই ঘণ্টাৰ ভিতৰত আটক কৰাৰ প্ৰতিশ্ৰুতি দিয়াত প্ৰতিবাদকাৰী সকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটো মুকলি কৰি দিয়ে। ঘটনাক কেন্দ্ৰ কৰি এতিয়াও ডিমৌত তীব্ৰ উত্তেজনা অব্যাহত আছে। ইপিনে পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত ডিমৌ আৰক্ষীক এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।
বিশিষ্ট সমাজ কৰ্মী গুণাৰাম বৰকটকীৰ মৃত্যু
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক দুলদুল বৰকটকীৰ পিতৃ, পাভৈ অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী গুণাৰাম বৰকটকীৰ আজি সন্ধিয়া প্ৰায় ৫ বজাত নিজা বাস ভৱনত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮২ বছৰ। পাভৈ ৰূপজ্যোতি কলা পৰিষদৰ এগৰাকী অন্যতম প্ৰতিষ্ঠাপক বৰকটকীয় অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি ৩ জন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায়। তেখেতৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে বহুতো গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। অসম জাতীয় পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি অমৃত হাজৰিকা,মুখ্য আহ্বায়ক কন্দৰ্প হাজৰিকা, পাভৈ আঞ্চলিক ছাত্ৰ সন্থা,পাভৈ পাঁচআলি ছাত্ৰ সন্থা, বিশ্বনাথ জিলা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা, ৰঙামুৰি গাঁও সংগঠন, নাম ধৰ্ম সমাজ, পাভৈ শাখা সাহিত্য সভা আদি ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে।
দুমুনিচকীৰ মেধাবী ছাত্ৰ ছাজিদ আখতাৰৰ চিকিৎসাৰ বাবে সাহাৰ্য বিচাৰি কাতৰ আহ্বান পিতৃ মাতৃৰ
দৰং জিলাৰ ছিপাঝৰ সমষ্টিৰ দুমুনিচকীৰ সমীপৰ মাৰুৱাচকী গাঁৱৰ আব্দুল ৱাহিদ আৰু ৰেনু বেগমৰ একমাত্ৰ পুত্ৰ ছাজিদ আখতাৰ ( ২২) বিগত কেইবা বছৰৰ পৰাই বৃক্ক জনিত ৰোগত আক্রান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে যদিও এইপৰ্যন্ত সুস্থ হৈ উঠা নাই । দুয়োটা বৃক্ক বিকল হৈ পৰাত আৰু ইয়াৰ বাবে প্ৰয়োজন হোৱা ব্যয়বহুল চিকিৎসাৰ বাবে তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে পৰিয়ালটো । ঘৰুৱা সা-সম্পত্তি বিক্ৰী কৰি পাৰ্যমানে চিকিৎসা কৰি এতিয়া নিৰুপায় হৈ পৰিছে পৰিয়ালটো । এনে পৰিস্থিতিত অসহায় পৰিয়ালটোৱে ছাজিদৰ চিকিৎসাৰ বাবে ৰাইজৰ পৰা বিচাৰিছে আৰ্থিক সাহাৰ্য । উল্লেখ্য যে ২০১৬ চনত প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ২০১৮ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ২য় স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল মেধাবী ছাত্ৰ ছাজিদে । ছাজিদৰ সুচিকিৎসাৰ বাবে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ প্ৰতি কাতৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে। ছাত্র অৱস্থাতেই বৃক্ক জনিত ৰোগত ভুগি এতিয়া এক গভীৰ অনিশ্চয়তাৰ মাজেৰে নিজৰ জীৱনটোৰ সৈতে যুঁজ দি আগবাঢ়িব লগীয়া হৈছে মেধাবী ছাত্ৰ গৰাকী । ইপিনে নিজৰ পুত্ৰৰ এনে দুৰাৰোগ্য ৰোগৰ চিকিৎসাৰ বাবে ছাত্র গৰাকীৰ পিতৃ মাতৃৰ নাই পৰ্যাপ্ত ধন। এই ব্যয়বহুল চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন বিচাৰি এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে । ইফালে ছাত্র গৰাকীক আৰ্থিক সাহাৰ্যৰ বাবে তেওঁৰ মাতৃ ৰেনু বেগমৰ নামত থকা অসম গ্ৰামীন বিকাশ বেংকৰ দুমুনিচকী শাখাৰ একাউন্ট নং 7060010039899 আই এফ চি UTBI0RRBAGB অথবা 7002446590 ফোনত যোগাযোগ কৰি সহায়ৰ হাত আগবঢ়াবলৈ সদাশয় ৰাইজক আহ্বান জনাইছে ছাজিদৰ পিতৃ মাতৃয়ে ।
বিজেপিত যোগদান বঙালী অভিনেত্ৰী পায়েল চৰকাৰৰ
বেংগলৰ অভিনেত্ৰী পায়েল চৰকাৰে আজি কলকাতাত বিজেপিৰ বেংগল ইউনিটৰ মুৰব্বী দিলীপ ঘোষৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।
বংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইজনৰ পিছত সিজন চলচ্চিত্ৰ তাৰকাই বিজেপি আৰু টিএমচিত যোগদান কৰা দেখা গৈছে । বুধবাৰে অভিনেতা যশ দাসগুপ্তই পশ্চিম বংগ বিজেপিৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ বিজয়বৰ্গীয়া, বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি মুকুল ৰয় আৰু ৰাজ্যসভাৰ সাংসদ স্বপন দাচগুপ্তৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল।
আনফালে একেদিনাই ক্ৰিকেটাৰ মনোজ তিৱাৰী আৰু তিনিজন বঙালী চলচ্চিত্ৰ তাৰকা ৱেষ্ট বেংগলৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান কৰে।
উল্লেখযোগ্য যে, বেংগল বিধানসভা নিৰ্বাচনৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।










