Home Blog Page 3028

খাৰুপেটীয়াত ২৫ লক্ষাধিক টকাৰ বাৰ্মিচ চুপাৰী জব্দ:তিনিজনক আটক ।

দৰঙত চলি থকা বিভিন্ন অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অবিৰত ভাবে অভিযান অব্যাহত ৰখা  দৰং আৰকীয়ে
খাৰুপেটীয়াত বৃহত পৰিমাণৰ  অবৈধ বাৰ্মিচ  চুপাৰী জব্দ কৰাৰ  লগতে আটক কৰে  তিনিজন ব্যবসায়ীক।এক গোপন খৱৰৰ  ভিত্তিত দৰঙৰ নৱ নিযুক্ত  আৰক্ষী অধীক্ষৰ  নিৰ্দেশ মৰ্মে  উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাই খাৰুপেটীয়া আৰক্ষীৰ সহযোগত প্ৰথমতে খাৰুপেটীয়াৰ হস্পিটেল ৰোডৰ আব্দুল হাকিম নামৰ চুপাৰী ব্যবসায়ীজনৰ গুদামত অভিযান চলাই বহু পৰিমাণৰ বাৰ্মিজ চুপাৰি সহ আটক কৰে ব্যবসায়ী জনক।ব্যবসায়ী জনৰ স্বীকাৰোক্তিৰ ভিত্তিত  খাৰুপেটীয়াৰ জয়ন্তী নগৰ প্ৰকাশ সাহা আৰু গোপাল নগৰৰ শংকৰ সাহা নামৰ ব্যবসায়ী দুজনৰ গুদামত তালাচী চলায় অভিযানকাৰী  দলটোৱে । উক্ত অভিযানত সৰ্বমুঠ ৬ হেজাৰ ৬ শ ৩৫ কেজি বাৰ্মিচ  চুপাৰি জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা  চুপাৰী খিনিৰ বজাৰ মূল্য  পচিশ লক্ষাধিক টকা বুলি আৰক্ষীয়ে সদৰি কৰে ।এই সংক্ৰান্তত   খাৰুপেটীয়া  হস্পিটেল ৰোডৰ  আব্দুল হাকিম,জয়ন্তী নগৰৰ  প্ৰকাশ সাহা আৰু গোপাল নগৰৰ শংকৰ সাহাক  আটক কৰি  খাৰুপেটীয়া থানালৈ আনে ।ঘটনা সন্দৰ্ভত  খাৰুপেটীয়া থানাত  ২১৭/২১ নম্বৰত   গোচৰ ৰুজু কৰি   আৰক্ষীয়ে সোধপোচ  অব্যাহত ৰাখিছে  ।

ডিগবৈ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান,জব্দ হিৰইন আটক ড্ৰাগছ মাফিয়া

সমগ্ৰ ৰাজ্যত চলিছে আৰক্ষীৰ অভিযান ।জব্দ কৰিছে ড্ৰাগছ,কানী,গাঞ্জা আৰু আটক বহু মাফিয়া।ডিগবৈ চহৰটো নিটো চলিছে আৰক্ষীৰ অভিযান ।নিশা ডিগবৈ ৩নং বৰবিলৰ ৰামনগৰত অভিযান চলে ডিগবৈ আৰক্ষীৰ।হিৰইনসহ আটক কৰে জীৱন দত্ত নামৰ ড্ৰাগছ মাফিয়াক।পৰিদৰ্শক নিকুঞ্জ বৰ্মনৰ নেতৃত্বত চলিছিল অভিযান।অভিযানত ১৩গ্ৰাম হিৰইন জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে।প্ৰাপ্ত তথ্য মতে আটক হোৱা ড্ৰাগছ মাফিয়া জীৱন দত্ত দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায় লগত জড়িত আছিল ।অধিক তথ্য আহৰণৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত।

৭ জুনৰ পৰা অসমত আৰম্ভ হ’ব আনলক প্ৰক্ৰিয়া!

ৰাজ্যত শেহতীয়াকৈ ক’ভিড আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে আৰু পজিটিভিটি হাৰো ৫ শতাংশৰ তললৈ আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ঘোষণা কৰিছে যে, ৭ জুনৰ পৰা অসমত সামান্য আনলকৰ কথা চিন্তা কৰিছে ৰাজ্য চৰকাৰে। অৱশ্যে সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া ১৫ জুন পৰ্যন্ত সম্ভৱ নহ’ব বুলি জনায় মুখ্যমন্ত্ৰীয়ে।পৰিস্থিতি উন্নত হোৱালৈ চাই আনলক প্ৰক্ৰিয়াৰ অংশ হিচাপে সান্ধ্য আইন বলৱতৰ সময় ৭ জুনৰ পাছত পিছুৱাই দিব পাৰে বুলি ধাৰণা কৰা হৈছে।

ক’ভিডত অনাথ শিশুৰ বাবে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি ঘোষণা

মোদী চৰকাৰৰ সপ্তম বৰ্ষ পূৰ্তি উপলক্ষ্যে অসম চৰকাৰে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি। এই আঁচনিৰ অধীনত ক’ৰোনাত আক্ৰান্ত হৈ পিতৃ-মাতৃক হেৰুওৱা শিশুৰ প্ৰতিপালনৰ ব্যৱস্থা কৰা হ’ব। ক’ৰোনাত পিতৃ-মাতৃ বা পৰিয়ালৰ উপাৰ্জনকাৰী ব্যক্তিক হেৰুওৱা অনাথ শিশুৰ বাবে এই বিশেষ আঁচনিৰ আৰ্থিক সাহায্যৰ লগতে আছে শিক্ষা-দীক্ষা, নিয়োগ আদিৰ সম্পৰ্কতো দীৰ্ঘম্যাদী ব্যৱস্থা।ক’ৰোনাত পিতৃ-মাতৃক হেৰুৱাই আন লোকৰ জিম্মাত থকা শিশু প্ৰতিমাহে ৩৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। এই সাহায্যৰ ২০০০ টকা আহিব কেন্দ্ৰীয় আঁচনিৰ পৰা।

অভিভাৱকহীন ১০ বছৰ তলৰ শিশু, কিশোৰীৰ বাবে ব্যৱস্থা

অভিভাৱকহীন হৈ পৰা ১০ অনুর্ধ্ব শিশুসকলক শিশুগৃহত থকাৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকৰ খা-খৰচ আৰু শিক্ষা ব্যয় বহন কৰা হ’ব।

অনাথ কিশোৰীৰ বাবে বিশেষ ব্যৱস্থা

কোভিডৰ বাবে অনাথ হৈ পৰা কিশোৰীসকলৰ যথোপযুক্ত যত্ন আৰু নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে তেওঁলোকক কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ দৰে আৱাসিক বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰা হ’ব।

অনাথ যুৱতীৰ বিবাহত সহায়

বিবাহোপযোগী অনাথ যুৱতীসকলৰ বিবাহৰ ক্ষেত্ৰত এককালীন আৰ্থিক সাহায্যৰ ব্যৱস্থা। এনে যুৱতীসকলক অৰুন্ধতী আঁচনিৰ এতোলা সোণৰ সৈতে ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব।

কৌশল বিকাশ আৰু প্ৰশিক্ষণ

স্কুল, কলেজত পঢ়ি থকা অনাথ শিক্ষাৰ্থী আৰু বৃত্তিগত শিক্ষা লৈ থকা অনাথ প্ৰশিক্ষাৰ্থীক

লেপটপ বা টেবলেট প্ৰদান কৰা হ’ব। এনে শিক্ষাৰ্থীসকলৰ কৌশল বিকাশৰ প্ৰশিক্ষণত গুৰত্ব দিয়া হ’ব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে কোভিডকালীন জটিল পৰিস্থিতিলৈ চাই ঘোষণা কৰা এই মানৱীয় আঁচনিয়ে নিশ্চিতভাৱে ক’ৰোনাৰ বাবে অনাথ হোৱা শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতীক উপকৃত কৰিব।

আজিৰ পৰা অসমত নাই ১৮ উদ্ধৰ ভেকচিন।চলিত মাহত অসমলৈ ভেকচিন নাহে, জুনৰ প্ৰথম সপ্তাহত ভেকচিন অহাৰ সম্ভাৱনা।

চলিত মাহত অসমলৈ ভেকচিন নাহে, জুনৰ প্ৰথম সপ্তাহত ভেকচিন অহাৰ সম্ভাৱনা।
৪৫ উদ্ধৰ মাত্ৰ ৪৮ ঘণ্টাৰ বাবে হে মজুত আছে ভেকচিন।
অসমত বৰ্তমান নাই covaxin ভেকচিন।
আজিৰে পৰা ৰাজ্যৰ প্ৰায় সমূহ ভেকচিন কেন্দ্ৰত প্ৰথম পালি ভেকচিন প্ৰদান বন্ধ,কেৱল দ্বিতীয় পালি টিকাকৰণ ৰহে অনুমতি প্ৰদান

বঙাইগাঁৱৰ বৰপথাৰত নিশা আৰক্ষীৰ অভিযান :বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

বঙাইগাঁও আৰক্ষীয়ে অবৈধ গাঞ্জাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ শনিবাৰে সন্ধিয়াৰ ভাগত জিলাখনৰ চৌৰাগুৰিত বঙাইগাঁও আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত নিশা ৮ঃ৩০ মান বজাত পুনৰ আন এক অভিযান চলায় ৷ বঙাইগাঁও থানাৰ অন্তৰ্গত বৰপথাৰত বিশেষ সূত্ৰৰ পম খেদি সোনাউদ্দিন আলী নামৰ ব্যক্তি এজনৰ দোকান আৰু গৃহত অতৰ্কিতে চলোৱা অভিযাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত তথা বঙাইগাঁও থানাৰ টি এছ আই আৰু নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত চলোৱা অভিযানত আৰক্ষীয়ে ব্যক্তিজনৰ দোকান আৰু গৃহৰ পৰা  ৪.৬৯৮ কিলোগ্ৰাম অবৈধ গাঞ্জা আৰু ২৮ টা চিলিম জব্দ কৰে ৷ আৰক্ষীয়ে পিছত জব্দ কৰা গাঞ্জাসহ অবৈধ বেহাৰ লগত জড়িত সোনাউদ্দিন আলীক গ্ৰেপ্তাৰ কৰি থানালৈ আনি জেৰা অব্যাহত ৰাখিছে ৷

তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষীৰ নিচা জাতীয় সামগ্ৰী কানিৰ বিৰুদ্ধে বৃহৎ অভিযান৷কানি আৰু নগদ ধনসহ গ্ৰেপ্তাৰ এহাল দম্পতি

লেখাপানী আৰক্ষী থানাৰ কুমচাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত নিংগাম গাৱঁৰ পৰা লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজু দাসৰ নেতৃত্বত যোৱা এটা দলে  আটক কৰে কানি বেপাৰ কৰা এহাল দম্পত্তিক। খিলে ভুজেল নামৰ লোকজনক আৰক্ষীয়ে নিঙগাম গাঁওৰ বৌদ্ধ মন্দিৰৰ কাষত তালাচী চলাই লোকজনৰ পৰা ৩০০ গ্ৰাম কানি সহ নগদ ১২ হাজাৰ টকা জব্দ কৰে। দম্পতি হালে স্কুতিৰে কানি সৰবৰাহ কৰিবৰ বাবে যোৱাৰ পথত আৰক্ষীৰ জালত পৰে আৰু বৰ্তমানে দম্পতি হালক লেখাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। কানি আৰু নগদ ধনৰ উপৰিও কানি ব্যৱসায়ী দম্পতি হালে ব্যৱহাৰ কৰা AS 23 Y 2551 নম্বৰৰ এখন স্কুটিও যব্দ কৰে লেখাপানী আৰক্ষীয়ে ৷ জানিব পৰা মতে দম্পতি হাল লেখাপানী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৩নং উদয়পুৰ কথা গাৱঁৰ নিবাসী খিলে ভূজেল আৰু তেওঁৰ সহধৰ্মিনী মায়াদ দেৱী ভূজেল ৷

জোনাইত বৃহৎ পৰিমাণৰ হিৰইন জব্দ৷ আটক এজন যুৱক৷

সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাইছে অভিযান৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ ড্ৰাগছ৷ আজি  ধেমাজি জিলাৰ জোনাইত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে৷  প্ৰায় ২০ লাখ টকাৰ ড্ৰাগছ সহ এজন ড্ৰাগছ ব্যৱসায়ীক ধৰা পেলাই স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে ৷ আজি দুপৰীয়া  জোনাই বৈকুণ্ঠপুৰ নামে ঠাইত এক খৱৰ লাভ কৰি জোনাই মহকুমা আৰক্ষী বিষয়া ৰিতুৰাজ দলে আৰু জোনাই থানাৰ অচি প্ৰসন্ন সোনোৱালৰ নেতৃত্বত জোনাই  আৰক্ষীয়ে   অভিযান চলাই  প্ৰভাকৰ পেগু ওৰফে ভাইটি পেগু (৩০) নামৰ এজন যুৱক আটক কৰে৷ উক্ত যুৱকৰ জন পৰা আৰক্ষীয়ে তালাচী চলাই এটা প্লাষ্টিকৰ পেকেটত পাচটা সৰু বাকচত ভৰাই অনা অৱস্থাত এই বৃহৎ পৰিমাণৰ হিৰইন খিনি উদ্ধাৰ কৰে৷ ড্ৰাগছ ব্যৱসায়ী এই প্ৰভাকৰ পেগু নামৰ যুৱক জনে অৰুনাচল প্ৰদেশৰ এজন যুবকক বিক্ৰী কৰিবলৈ  লোৱাৰ সময়তে আৰক্ষীয়ে এই বৃহৎ মূল্যৰ ড্ৰাগছ খিনি জব্দ কৰে৷ যুৱকজনে  জোনাই আৰু অৰুনাচলত প্ৰদেশৰৰ বিভিন্ন অঞ্চলত বিক্ৰী বাবে ক্ৰয় কৰি আনিছিল এই বৃহৎ পৰিমাণৰ ড্ৰাগছ৷ আৰু অধিক তথ্যৰ বাবে জোনাই আৰক্ষীয়ে যুৱক জনক সোধপোছ অব্যাহত ৰাখিছে৷ যিহেতু জোনাই মহকুমা অৰুণাচল সীমান্তৱৰ্তী এটা অঞ্চল সেই কাৰনে অতি সহজে ড্ৰাগছৰ ব্যৱসায় বহু দিনৰ পৰা চলি আহিছিল৷ মহকুমাটোৰ বহু উঠি অহা প্ৰজন্ম এই ড্ৰাগছৰ প্ৰতি আকৃষ্ট হয় মহকুমাটোৰ পৰিবেশ বিনষ্ট কৰি আহিছে৷ আজি জোনাই মহকুমা আৰক্ষীৰ এই অভিযানক আদৰণি জনাইছে৷ লগতে জোনাই বাসী ৰাইজ, দল- সংগঠনে আৰক্ষীক আৰু অধিক অভিযান চলাই এনে ড্ৰাগছ ব্যৱসায়ী আৰু সেৱন কৰা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ আহ্বান জনায়৷ 

নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৬৮ খন অক্সিজেনযুক্ত বিচনাৰ শুভ উদ্ধোধন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ

নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডত নতুনকৈ স্থাপন কৰা ৬৮ খন অক্সিজেন যুক্ত বিচনা আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। ইয়াৰ লগে লগে নগাঁও জিলা বাসীৰ স্বাস্থ্য খণ্ডত দীৰ্ঘদিনীয়া অভাৱ পূৰণ হয়। বিশেষকৈ  অক্সিজেনৰ অভাৱ ঘটা কোভিড আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ লগতে প্ৰয়োজনীয় অক্সিজেনৰ যোগান সুলভ হৈ পৰিল।আজি‌ দিনৰ ১১ বজাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা উপায়ুক্ত কবিথা পদ্মনাভনক লগত লৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কোভিড হস্পিতালখনত  ৬৮ খন অক্সিজেনযুক্ত বিচনাৰ শুভাৰম্ভ কৰে । অক্সিজেনযুক্ত বিচনা কেইখন ৰোগীৰ বাবে মুকলি কৰি স্বাস্থ্য মন্ত্ৰী মহন্তই সংবাদ মাধ্যমৰ আগত কয় : স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈয়ে ১৫ দিনৰ ভিতৰত এই চিকিৎসালয়ৰ অক্সিজেনযুক্ত বিচনা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ কৈছিলোঁ । কিন্তু বিধায়ক ৰূপক শৰ্মা আৰু জিলা উপায়ুক্ত কবিথা পদ্মনাভনৰ তৎপৰতাত ১৪ দিনতে এই কাম সম্পূৰ্ণ হৈ উঠিল। ইয়াৰ জৰিয়তে কোভিড আক্ৰান্ত ৰোগীসকল যথেষ্ট উপকৃত হব বুলি  আশা  কৰিছো। আনহাতে কোভিড- ১৯ ৰ সংক্ৰমণে বৰ্ত্তমান সমগ্ৰ ৰাজ্যজুৰি এক জটিল পৰিবেশ সৃষ্টি কৰা বুলি উল্লেখ কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে কোভিড -১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ সুৰক্ষাৰ স্বার্থত চিকিৎসা সেৱাকে ধৰি সকলো  ক্ষেত্ৰতে মিত্ৰ জোঁটৰ চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰি আহিছে । সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো কোভিড আক্ৰান্ত ৰোগীৰ চিকিৎসা সেৱাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে । ৰাজ্যত কোভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হব বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে ।ইপিনে তামোলপুৰ সমষ্টিৰ ইউ পি পি এলৰ বিধায়ক লেহুৰাম বড়োৰ মৃত্যুত শোক প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় : তেওঁক খুব কম দিনৰ বাবে বিধানসভাত পালো। তেওঁৰ বিয়োগত আমি মৰ্মাহত । আজিৰ কাৰ্যসূচীত বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত কবিথা পদ্মনাভন,  অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য)  প্ৰশান্ত বৰুৱাৰ লগতে জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে । ইয়াৰ পিছতে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত স্থাপন কৰা কোভিড কেয়াৰ চেন্টাৰটো পৰিদৰ্শন কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কোভিড আক্ৰান্ত শিশু আৰু মহিলা ৰোগীৰ স্বাস্থ্যৰ বুজ লয় । স্বাস্থ্য মন্ত্ৰীয়ে বিধায়ক ৰূপক শৰ্মা, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সুৰজিৎ ভাগৱতী আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াৰে কোভিড কেয়াৰ চেন্টাৰটোৰ সা-সুবিধা সন্দৰ্ভত এক আলোচনাত মিলিত হয় ।

বটদ্ৰৱা প্ৰকল্প হ’ব লাগিব ভৱিষ্য দৰ্শনৰ ৰূপৰেখা: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী পূজিঁলৈ একলক্ষ টকাৰ এখন চেক প্ৰদান
বটদ্ৰৱা প্ৰকল্প”ৰ ক্ষেত্ৰত  লোৱা এই দৃঢ় সিদ্ধান্তৰ বাবে সমূহ বটদ্ৰৱা বাসীৰ হৈ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা আঙুৰলতা ডেকাৰ

গুৰুজনায় অসমীয়া জাতিক সকলো অৱদানেৰে সৰ্বাঙ্গ সুন্দৰভাৱে প্ৰতিষ্ঠা কৰি থৈ গৈছে। আজি এই মহামাৰীৰ সময়ত আমি গ্ৰহন কৰা বিজ্ঞান সন্মত ব্যৱস্থাৱলী গুৰুজনে পঞ্চদশ শতিকাতে গ্ৰহণ কৰি অসমীয়া মানুহক সামাজিক ভাৱে সংস্কাৰমুখী হিচাপে গঢ়ি তুলিছিল ।সেয়ে গুৰুজনাৰ আদৰ্শৰাজিক প্ৰতিফলিত কৰি নিৰ্মাণ কৰিবলৈ আগবঢ়া এই বটদ্ৰৱা প্ৰকল্পই অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ হ’ব লাগিব। প্ৰকৃতাৰ্থত বটদ্ৰৱা প্ৰকল্প হ’ব অঞ্চলটোৰ ভৱিষ্যদৰ্শনৰ ৰূপৰেখা। বটদ্ৰৱাক বিশ্বমানৰ ধৰ্মীয় আধ্যাত্মিক ক্ষেত্ৰলৈ লৈ যাব বিচৰা প্ৰত্যাশিত  বটদ্ৰৱা প্ৰকল্প আমাৰ চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া ১৮মাহৰ ভিতৰতে  নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব লাগিব—এই মন্তব্য অসমৰ  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক নতুন সাজেৰে সজাই পৰাই তোলা অসমীয়া জাতিৰ জনক জগতগুৰুমহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্ম স্থানত নিৰ্মাণ হ’ব লগীয়া বহু প্ৰত্যাশিত বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মীয়মান কামৰ  খতিয়ান ল’বলৈ আজি পুৱাৰ ভাগত এখন হেলিকপ্তাৰেৰে বটদ্ৰৱাৰ প্ৰকল্পৰ স্থলীত উপস্থিত হয়হি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । বটদ্ৰৱা থানৰ বেদখল মুক্ত কৰা ১৬০ বিঘা ভূমিত নিৰ্মাণ হ’ব লগীয়া বটদ্ৰৱা প্ৰকল্পৰ বাবে  ইতিমধ্যে ১৮৮ কোটি টকা আৱন্টন দিছে কেন্দ্ৰীয় চৰকাৰে। এই প্ৰকল্প স্হলীতে নিৰ্মাণ কাৰ্য্যৰ লগত জড়িত লোকনিৰ্মান আদি কৰি কেইবাটাও বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকীয়ে।বৈঠকত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ উপৰিও উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত,বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা ৷ যোৱা ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা থানত সেৱা গ্ৰহণ কৰি সত্ৰকৃষ্টিৰ পৰম্পৰাৰ আধাৰত এই প্ৰকল্পৰ আধাৰশিলা স্হাপন কৰাৰ তিনিমাহৰ পিছতো বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাম লেহেমীয়া হোৱাত মুখ্যমন্ত্ৰীয়ে ক্ষোভ প্ৰকাশ কৰে আৰু প্ৰকল্প নিৰ্মাণত নিয়োজিত ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে দায়িত্বত নিয়োজিত লোকনিৰ্মাণ বিভাগৰ অভিযন্ত্ৰাক শীঘ্ৰে কাম কৰাৰ নিৰ্দেশ দিয়ে । অহা ১৮ মাহৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ তাৎক্ষণিক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।বটদ্ৰৱা প্ৰকল্পৰ কামত প্ৰাৰম্ভিক পৰ্যায়ত আহি পৰা কিছু ভূমি সম্পৰ্কীয় সমস্যা , পথৰ যোগাযোগ ব্যৱস্থাৰ  অসুবিধা আজি দূৰ কৰা হ’ল বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহনৰ পিছত প্ৰথমবাৰলৈ গুৰুজনাৰ জন্মস্থানত উপস্থিত হোৱা  ড° হিমন্ত বিশ্ব শৰ্মাক ধৰ্মবস্ত্ৰ, শৰাই, গ্ৰন্থ, কেলেণ্ডাৰ  আৰু কুঁহিলাৰ কঠেৰে আদৰণি জনায় বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। বটদ্ৰৱা প্ৰকল্পস্থলীত অস্থায়ী মণ্ডপত অনুষ্ঠিত হোৱা  সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা, বটদ্ৰৱাৰ  বৰ্তমানৰ বিধায়িকা শিৱামনি বৰা, নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন, নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা  নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপসভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি ভোগেশ্বৰ বৰা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাৰ লগতে লোক নিৰ্মান বিভাগৰ বিষয়া,  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকল উপস্থিত থাকে। আজিৰ বৈঠকৰ শেষৰ ফালে মুখ্যমন্ত্ৰীয়ে আহ্বান জনোৱা ক’ভিড ভেক্সিনক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনায় শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ হাতত একলক্ষ টকাৰ এখন চেক প্ৰদান কৰে।আনহাতে মুখ্যমন্ত্ৰী হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে তাৎক্ষণিক ভাৱে “বটদ্ৰৱা প্ৰকল্প”ৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই লোৱা এই দৃঢ় সিদ্ধান্তৰ বাবে সমূহ বটদ্ৰৱা বাসীৰ হৈ তেখেতক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিলে বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই।অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড° হিমন্ত  বিশ্ব শৰ্মাক দূৰৈৰ পৰা এপাক চাবলৈ যথেষ্ঠ সংখ্যক অনুগামী ৰাইজ আজি বটদ্ৰৱা প্ৰকল্প স্থলীত উপস্থিত হয়।