কোৰোণাক পৰাস্ত কৰি সুস্থ শৰীৰে ঘৰলৈ উভতিল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি। GMCHত ১৫ দিন ধৰি কোৰণাৰে যুজি আছিল সাহিত্যিকগৰাকী। শুকুৰবাৰেই বৰগোহাঞিৰ ৰিপ’ৰ্ট নিগেটিভ আহিছিল যদিও আজিহে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয় সাহিত্যিক গৰাকীক।যোৱ ২৪ এপ্ৰিলত সাহিত্যিকগৰাকীৰ দেহত ধৰা পৰিছিল কোৰোণাৰ ভাইৰাছ। লগে লগে তেওঁক ভৰ্তি কৰোৱা হৈছিল GMCHত।৮৮ বছৰীয়া স্বনামধন্য সাহিত্যিক গৰাকী কোৰোণাত আক্ৰান্ত হোৱা বাতৰিয়ে সকলোকে মৰ্মাহত কৰিছিল যদিও আজি এই খবৰে সকলোৰে মনত এক ইটিবাচকতাৰ সঞ্ছাৰ কৰিছে ।
দৰঙৰ শ্বপিং মল,ছুপাৰ মাৰ্কেট সমূহ বন্ধৰ দাবী ইত্তেহাদ ফ্ৰন্টৰ।
দৰং জিলাৰ বিভিন্ন শ্বপিং মল,ছুপাৰ মাৰ্কেট সমূহ বন্ধ কৰাৰ দাবী ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ ।বিশেষকৈ ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ ঈদৰ গয়না লৈ দৰঙৰ বিভিন্ন প্ৰান্তৰ বজাৰ সমূহত জনসমাগম দেখা যায়, বেছিমাৰী দলগাও,খাৰুপেটীয়া,ধূলা,মঙ্গলদৈকে আদি কৰি প্ৰায়বোৰ ছুপাৰ মাৰ্কেট,শ্বপিং মলৰ লগতে আন সৰু-বৰ কাপোৰ দোকানী সমূহে কভিড১৯ৰ নীতি নিৰ্দেশনা অৱমাননা কৰি সামাজিক দূৰত্ব বজাই নাৰাখি অত্যন্ত ভীৰ কৰা পৰিলক্ষিত হৈছে। চৰকাৰৰ নীতি নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে । সাধাৰণ ৰাইজেও যেন সমগ্ৰ দেশৰ লগতে অসমতো যে ক’ৰনাৰ দ্বিতীয়টো ঢৌৱে যে এক বিভিসিকাময় পৰিবেশ সৃষ্টি কৰিছে, তাৰ প্ৰতি কোনো গুৰুত্ব বা ভ্ৰূক্ষেপ নাই।
যিদৰে ভীৰ কৰা পৰিলক্ষিত হৈছে, যদি বৰ্তমান ৰখাব পৰা নাযায় তেনেহলে ভয়াৱহ পৰিস্থিতিৰ সম্মুখীন হব লাগিব ।লগতে দৰঙৰ বিভিন্ন বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ যথেষ্ট সংখ্যক মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।বজাৰত কৰোণাৰ দ্বিতীয় লহৰত একাংশ অসাধু ব্যৱসায় সকলে নিজ খিয়াল খুছিমতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে জিলা প্ৰশাসনক সভাপতি নুৰ ইছলামে দাবী জনায় ।লগতে শ্বপিং মল,ছুপাৰ মাৰ্কেট সমূহৰ লগতে আন আন কাপোৰৰ দোকান সমূহ বন্ধৰ ব্যৱস্থা গ্ৰহণ কৰি দৰং বাসীক ক’ৰনা ভাইৰাছৰ অধিক সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আব্বাহন জনায় ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলামে ।
ক’ৰনাত আক্ৰান্ত হ’ল অভিনেত্ৰী কংগনা ৰাণাৱট।
ক’ৰনাত আক্ৰান্ত হৈছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট। ছচিয়েল মিডিয়াযোগে নিজে এই কথা ৰাজহুৱা কৰিলে অভিনেত্ৰীগৰাকীয়ে। ক’ৰনা পজিটিভ হোৱাৰ পাছৰে পৰা কংগনা আছে কোৱৰেণ্টাইনত।বিগত কেইদিনমান ধৰি কিছু অসুস্থ হৈ থকা কংগনাই দেহত ক’ৰনাৰ লক্ষণ দেখা পোৱাৰ পাছতে ক’ৰনাৰ পৰীক্ষা কৰায়। পৰীক্ষাত ক’ৰনা ভাইৰাছ ধৰা পৰে কংগনাৰ দেহত।
কোভিড প্ৰট’কল ভংগ কৰি কুকুৰ গ’ল কাৰাগাৰলৈ
কোভিড-১৯ প্ৰট’কল উলংঘা কৰাৰ বাবে কাৰাগাৰলৈ যাব লগা হৈছিল কিছুসংখ্যক অসচেতন নাগৰিক। কিন্তু এইবাৰ কোভিড বিধি নামানি জেলত গ’ল এটা কুকুৰ। দোষ কুকুৰটোৰ নাছিল। অসচেতন মালিকৰ বাবে কাৰাগাৰত যাব লগীয়া হ’ল প্ৰভুভক্ত কুকুৰটো। ঘটনাটো মধ্য প্ৰদেশৰ ইন্দোৰ চহৰৰ। চহৰখনৰ পালাচিয়া অঞ্চলত এজন লোকে কোভিড নিয়ম উলংঘা কৰি নৈশ কাৰ্ফিউৰ সময়ত পোহনীয়া কুকুৰৰ সৈতে বাহিৰলৈ ওলাই গৈছিল। পুলিচে কাৰ্ফিউৰ সময়ত ৰাস্তাত ঘূৰি ফুৰা বাবে নাগৰিকজনক আটক কৰে। লগতে কুকুৰটোকো আটক কৰি অস্থায়ী কাৰাগাৰলৈ নিক্ষেপ কৰে।নাগৰিকজন পেছাত ব্যৱসায়ী। ৰাতি ৰাস্তা খালী হোৱাৰ বাবে পোহনীয়া কুকুৰটোৰ সৈতে অলপ খোজ কাঢ়িবলৈ ওলাই অহা বুলি উল্লেখ কৰাৰ পিছতো আৰক্ষীয়ে এইক্ষেত্ৰত কোনো ৰেহাই নিদিলে লোকজনক। ঘটনাটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰল হৈ পৰিছে।
দিল্লীত উপস্থিত হিমন্ত-সৰ্বানন্দ

জে পি নাড্ডাৰ বাসগৃহত উপস্থিত দুয়ো, অৱসান হোৱাৰ দিশত মুখ্যমন্ত্ৰী কেন্দ্ৰীক বিতৰ্ক
ক’ভিড-১৯ৰ ভয়াবহতা: সজাগ আৰু সচেতনতাৰ বাবে টীয়কত চুটি ছবি “প্ৰতিৰোধ” শুভ মুক্তি
যি সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰাজ্যতো ক’ভিড-১৯ য়ে ভয়াবহ ৰূপ ধাৰণ কৰি দৈনিক আক্ৰান্ত ৰোগী আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে সেইসময়তে টীয়কৰ কেইজনমান উদীয়মান যুৱকে ক’ভিডক লৈ সাধাৰণ জনতাক প্ৰশাসনৰ সমান্তৰালকৈ সজাগ আৰু সচেতন কৰিবৰ বাবে ” প্ৰতিৰোধ” নামেৰে এখন চুটি ছবি নিৰ্মাণ কৰি উলিয়াইছে। TS প্ৰডাকচনৰ বেনাৰত নিৰ্মিত চুটি ছবিখন মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয়, টীয়কত ক’ভিড প্ৰ’টকল মানি শুভ উন্মোচন কৰে। বিশেষকৈ ছবিখনৰ জৰিয়তে কণকণ ছাত্ৰ ছাত্ৰী সকলৰ মাজত ক’ভিডক লৈ সচেতনতা বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে। ছবি খন শুভ মুক্তি কৰে টীয়ক প্ৰেছ ক্লাৱৰ উপদেষ্টা ৰিজু কুমাৰ শইকীয়াই লগতে অনুষ্ঠানটোত উপস্থিত থাকি সৌষ্ঠব বৃদ্ধি কৰে বি.আৰ. আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক তুষাৰ পাল, মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয় অধ্যক্ষ দীলিপ ভূঞা বৰবায়নৰ লগতে টীয়কৰ কেইবাজনো নাট্যকর্মী। সকলোৱে চুটি ছবি খন আদৰি লোৱাৰ লগতে সজাগতা বৃদ্ধিত বিশেষ অৰিহণা যোগাব বুলি উদীয়মান যুৱক কেইজ আশাবাদী।এই ছুটি ছবি খন ইউটিওবতো উপলব্ধ হ’ব বুলি উদ্যোক্তা জানিবলৈ দিয়ে ।
ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ত নিজৰ নাম অন্তর্ভুক্ত কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে খনীন মেধীয়ে
ৰঙিয়া মহকুমাৰ অন্তৰ্গত লাচি-বিষ্ণুপুৰ গাঁৱৰ ভিঠেলীপাৰা চুবুৰীৰ উমেশ চন্দ্ৰ মেধী আৰু নিৰলা মেধীৰ জেষ্ঠ পুত্ৰ খনীন মেধীয়ে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ত নিজৰ নাম অন্তর্ভুক্ত কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে । ভাৰতবৰ্ষৰ অতি ক্ষুদ্ৰ কব্য সংকলন হিচাপে বিবেচিত হৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ত নিজৰ নাম অন্তর্ভুক্ত হ’ল মেধীৰ । মেধী এগৰাকী কবি, গীতিকাৰ, লেখক, প্ৰকাশক আৰু যুৱ উদ্দোগী ৷ মেধীয়ে ২০০৯ চনত প্ৰকাশ কৰা অসমীয়া কব্য সংকলন “দুখত হালে জানো বুকুৰ কলিজা” ক ইংৰাজীলৈ “The Bosom Of The Heart Tilt In Grief” নামেৰে ২০১৩ চনত অনুবাদ কৰি প্ৰকাশ কৰে ৷ ইয়াৰ পিছত এই গ্ৰন্থখনিক পূৰ্বৰ সম পৃষ্ঠাৰ সমসংখ্যক কবিতাৰে ২.৪ ইঞ্চি × ২.৭ ইঞ্চি আকাৰত যোৱা ৮ মাৰ্চত প্ৰকাশ কৰি “ইণ্ডিয়া বুক অৱ ৰেকৰ্ড” লৈ প্ৰেৰণ কৰিছিল আৰু যোৱা ২৫ মাৰ্চত ভাৰতবৰ্ষৰ অতি ক্ষুদ্ৰ কব্য সংকলন হিচাপে বিবেচিত হৈ “ইণ্ডিয়া বুক অৱ ৰেকৰ্ড ২০২১”ত স্থান লাভ কৰে । পেছাত এগৰাকী সফল ছপা মাধ্যমৰ ব্যৱসায়ী ৰঙিয়া মহকুমাৰ অন্তৰ্গত ভিঠেলীপাৰা গাঁৱত জন্মগ্ৰহণ কৰা মেধী বৰ্তমান গুৱাহাটী মহানগৰৰ চানমাৰীৰ বাসিন্দা হিচাপে এই অঞ্চলললৈও এই গৌৰৱ কঢ়িয়াই আনে ৷ মেধীয়ে এতিয়ালৈকে স্ব-ৰচীত অসমীয়া ভাষাত আঠখন, ইংৰাজী ভাষাত তিনিখন, হিন্দী ভাষাত এখন গ্ৰন্থ প্ৰকাশ কৰিছে । লগতে মাহেকীয়া আলোচনী মূহুৰ্ত, আৰোহণ আৰু ৰামধেনু কাব্যলোচনী সম্পাদনা কৰি অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াইছে ৷
জাগীৰোড,চৰাইবাহীত কণ্টেইনমেইন জ’ন ঘোষণা ,কোভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে সহস্ৰাধিকৰ ঘৰ
ৰাজ্যখনৰ আন আন ঠাইৰ লগতে মৰিগাঁও জিলাতো দৈনিক কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ধৰিছে।জিলাখনৰ জাগীৰোডৰ নিজৰা পাৰ,কিশোৰ ক্লাৱৰ এলেকা আৰু চৰাইবাহী গাঁৱত ব্যাপক হাৰত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি আৰু কালি জিলাখনৰ জাগীৰোড কলেজ ৰোডৰ স্বৰ্ণলতা পাঠক (৮০) নামৰ এগৰাকী মহিলা কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ পাছতে আজি তিনিওখন ঠাইকে মৰিগাঁও জিলা প্ৰশাসনে কণ্টেইনমেইন জ’ন হিচাপে ঘোষণা কৰিছেএই এলেকা কেইটাত কণ্টেইনমেইন জ’নৰ সকলো নীতি নিয়ম বলবৎ হব।কোভিডৰ প্ৰাৰ্দুভাৱৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই সিদ্ধান্ত লৈছে।উল্লেখ্য যে জিলাখনৰ বিভিন্ন কোভিড টেষ্ট চেন্টাৰত আজি ২৮৫২ গৰাকীক কোভিড-১৯ ৰ পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰে ১৮৭ গৰাকীৰ দেহত ধৰা পৰে কোভিড পজিটিভৰ অৱস্থিতি। ইয়াৰ ফলত যোৱা কালিৰ দিনটোত মৰিগাঁৱত কোভিড ৰোগীৰ সংখ্যা ১২২৩ গৰাকীলৈ বৃদ্ধি পায়।
নগাঁও প্ৰেছ ক্লাবত সাংবাদিকক ভেকচিন প্ৰদান
ক’ৰনাৰ দ্বিতীয় লহৰৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ব্যাপক হাৰত ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী অব্যাহত আছে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জনসাধাৰণৰ সেৱা কৰি থকা সাংবাদিক সকলকো চৰকাৰে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি নগাঁও প্ৰেছ ক্লাবৰ অনুৰোধ মৰ্মে নগাঁও জিলা প্ৰশাসন আৰু নগাঁও জিলা স্বাস্থ্য বিভাগে আজি নগাঁও প্ৰেছ ক্লাবত সাংবাদিক সকলক ভেকচিন প্ৰদান কৰে।আজি সাংবাদিক সকলৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য আৰু অন্যান্য লোককো ভেকচিন প্ৰদান কৰা হয়। নগাঁও প্ৰেছ ক্লাবত আজি প্ৰায় ২২০ জন লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে। আজি ভেকচিন প্ৰদান কাৰ্যসূচীত নগাঁও জিলা স্বাস্থ্য বিভাগৰ মহকুমা স্বাস্থ্য বিষয়া ডা° মধুমিতা বৰা, স্বাস্থ্য বিষয়া ডা° ডেইজী বৰা, এল এইচ এছ চামচুন নেহাৰ, নাৰ্চ ক্ৰমে হেমা প্ৰভা ডেকা, পম্পী নাথ, হেনা কাশ্যপ, অৰ্চনা নাথ, ৰূপাঞ্জলী হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে। নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা আৰু সম্পাদক দ্বয়, ভাস্কৰ জ্যোতি মেধি আৰু চন্দনজ্যোতি বৰাই সাংবাদিক সকলক ভেকচিন প্ৰদান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাত নগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগক কৃতজ্ঞতা জ্ঞাপন কৰে। নগাঁও প্ৰেছ ক্লাবে ক’ভিড মহামাৰীৰ প্ৰতিৰোধৰ বাবে ৰাইজক ক’ভিড প্ৰ’টকল মানি চলিবলৈ আহ্বান জনাই। আনহাতে আজিৰ পৰা ১৪ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলক এই ভেকচিন প্ৰদান কৰা হৈছে। সেই অনুসৰি নগাঁও চহৰৰ ১নং আমোলাপট্টি এল পি স্কুল, জিতেন শইকীয়া এল পি স্কুল, নুৰুদ্দিন এম ই স্কুলৰ লগতে ৰহা এম ভি স্কুল, কঠিয়াতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়, চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, দগাঁও এ, কে হাই স্কুল, শিঙিমাৰী মহম্মদ আলি হাই স্কুল, কুৱঁৰীটোল হাই স্কুল, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, দক্ষিণ পাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেবেজীয়া ভোগেশ্বৰ হাজৰিকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধিং হিন্দী মাৰোৱাৰী এল পি স্কুলত আজি এই ভেকচিন প্ৰদান কৰা হৈছে।
নলবাৰী জিলাৰ প্ৰতিটো জিলা পৰিষদ এলেকাত ক’ভিড হস্পিতাল আৰু ভেকচিন কেন্দ্র স্থাপনৰ দাবী নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
নলবাৰী জিলাত ক’ভিড মহামাৰীৰ সময়চোৱাত সৰ্বসাধাৰণ ৰাইজৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে নলবাৰী জিলাৰ প্ৰতিটো জিলা পৰিষদ এলেকাত ক’ভিড হস্পিতাল আৰু ক’ভিড ভেকচিন কেন্দ্র স্থাপন কৰাৰ দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী জিলা সমিতিয়ে । নলবাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দ্বিপেন কলিতাই স্বাক্ষৰিত এক প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰে যে নলবাৰী জিলাৰ প্ৰতিটো জিলা পৰিষদৰ এলেকাত পৰ্যাপ্ত কোভিড ভেকচিন থকা আৰু আই চি ইউ ৰ সুবিধা থকা ক’ভিড হস্পিতালৰ স্থাপন কৰাৰ বাবে নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা দাবী উত্থাপন কৰে ।তদুপৰি প্ৰেছ বিবৃতি খনত উল্লেখ কৰে যে জিলাখনত চিকিৎসা ব্যবস্থাৰ আন্তগাঠনি একেবাৰে শোচনীয় হৈ পৰাত উপযুক্ত চিকিৎসাৰ অভাৱত ইজনৰ পিচত সিজন ক’ভিড ৰোগীৰ মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে । দিনক দিনে পৰিস্থিতি ভয়ানক হোৱাৰ পূৰ্বে জিলাখনৰ তিনিটা সমষ্টিত ৫০ টাকৈ আই চি ইউ গোট থকা ৫০০ খন বিচনা থকা তিনিখন ক’ভিড হাস্পতাল স্থাপন কৰাৰ দাবী উত্থাপন কৰে নলবাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।তদুপৰি নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দ্বিপেন কলিতাই প্ৰকাশ কৰে যে, ক’ভিড হস্পিতাল আৰু ভেকচিন কেন্দ্ৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পুজিঁ সাতদিনৰ ভিতৰত জিলা প্ৰশাসনক যোগান ধৰক আৰু এই ক’ভিড মহামাৰীৰ সময়ত জিলা খনৰ তিনিওজন নবনির্বাচিত বিধায়ক সক্ৰিয় হব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে দ্বিপেন কলিতাই । আনহাতে জিলাখনত ক’ভিড আক্ৰান্ত হৈ মৃত ব্যক্তিৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই দ্বিপেন কলিতাই । তদুপৰি এই প্ৰেছ বিবৃতিত নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মনোজ ডেকাই দাবী উত্থাপন কৰে যে এই মহামাৰীৰ সময়ত অত্যাৱশকীয় সামগ্ৰী মূল্য ৰোধ কৰক । লগতে এই ক’ভিড মহামাৰীৰ আতংকৰ সময়ত জিলাখনৰ সৰ্বসাধাৰণ ৰাইজক প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ ক’ভিড প্ৰটোকল মানি নিজৰ লগতে নিজৰ পৰিয়ালক ৰক্ষা কৰিবলৈ আহ্বান জনাই সভাপতি গৰাকীয়ে









