Home Blog Page 3063

মাৰ্ঘেৰিটাত পথ নিৰ্মানত ব্যাপক বিসংগতি,১০ কোটি টকা পুঁজিয়ে নিৰ্মাণ হোৱা পথৰ কালভাট এজাক বৰষুণতে খহি পৰিল

একাংশ দূৰ্নীতিগ্ৰস্ত ঠিকাদাৰ ইঞ্জিনিয়াৰ বাবেই বাৰে বাৰে জিয়াতু ভোগ কৰিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ| তেনে এক ঘটনাই সংঘটিত হৈছে মাৰ্ঘেৰিটাত এটি পথ নিৰ্মাণত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি অনিয়ম তথা নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰৰ বাবেই  খহি পৰিল পথৰ কালভাট |মাৰ্ঘেৰিটা  ভিতৰপাৱৈ মিৰিকা মাজুলী সংযোগী পথত নিৰ্মাণৰত  কেইবাটাও কালভাট আজি নিশা খহি পৰা লগতে বহু কেইটা পকী কলভাটত ফাট মেলে|পথ নিৰ্মাণৰ নিবিদা লাভ কৰাৰ ঠিকাদাৰ তথা বিভাগীয় ইঞ্জিনিয়াৰ জনৰ গাফিলতি বাবে এনে ঘটনা সংঘটিত হোৱা অভিযোগ স্থানীয় ৰাইজৰ |মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই পথ নিৰ্মাণৰ নিবিদা লাভ কৰা ঠিকাদাৰ গিৰীণ চুতীয়া নামৰ ঠিকাদাৰ জনৰ লগতে চাব কণ্টেক লাভ কৰাৰ ঠিকাদাৰ লালন মৰাণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে|

জামুগুৰিহাটত কভি’ড বিধি নমনাৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী লাঠী চালনা।

কৰ’ণাই ভয়ংকৰ ৰূপ লোৱাৰ পাছতো চৰকাৰী নীতি নিয়ম নমনা একাংশৰ বিৰুদ্ধে আজি জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্হলত প্ৰশাসন কঠোৰ হৈ পৰা পৰিলক্ষিত হয়। জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্হলৰ লগতে আজি বৃহস্পতিবৰীয়া সপ্তাহিক বজাৰত কভি’ডৰ নীতি নিয়ম নমনা সকলৰ বিৰুদ্ধে প্ৰশাসনে অভিযান চলাই। নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশ দ্বীপ কাকতিৰ উপস্থিতিত জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল নাথৰ নেতৃত্বত  আৰক্ষীয়ে  জামুগুৰিহাটত মাক্স নিপিন্ধা আৰু অনৰ্থক দোকান পোহাৰৰ সন্মুখত  জুমবান্ধি থকা লোকক   লাঠিচালনাৰে ছত্র ভংগ দিয়াই। প্ৰায় দুঘন্টাৰো অধিক সময় ধৰি স্থানীয় আৰক্ষী প্ৰশাসনে  আজি জামুগুৰিহাটত কভি’ড বিধি নমনা  সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখা যায়। উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ লগতে জামুগুৰিহাটটো কৰ’ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আজি পুনৰ আঞ্চটোৰ জমিদাৰী চুকৰ কৰুণ নাথ(৬৩)নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ কৰ’ণাত মৃত্যু হয়। দুদিন পূৰ্বে এইগৰাকী লোকৰ জেষ্ঠ ভাতৃ চন্দ্ৰ নাথৰো কৰ’ণাত মৃত্যু হৈছিল।প্ৰনিধ্যান যুগ্য যে বালিজুৰিৰ এগৰাকী মহিলাকে ধৰি এতিয়ালৈকে জামুগুৰিহাটত কৰ’ণাত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে উত্তৰ জামুগুৰি স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ আৰু  ৰঙাচকুৱা স্বাস্থ্য কেন্দ্ৰৰ এলেকাৰ অধীনত ১১০গৰাকী কভি’ডত আক্ৰান্ত হৈছে। উল্লেখযোগ্য যে কভিডে দিনক দিনে ভয়ংকৰ ৰূ ধাৰণ কৰি অহাৰ পিছতো বৃহত্তৰ জামুগুৰি অঞ্চলত অধিকাংশ লোকৰে গা কথা লগা নাই । চৰকাৰী নীতি নিৰ্দেশনাক গুৰুত্বহীন কৰি অঞ্চলটোৰ জামুগুৰিহাটকে ধৰি ধলাইবিল, টুপীয়া, ৰঙাচকুৱা, মৰিসূতি, টৌভঙা, কুসুমটোলা, ইটাখোলা, বালিজুৰিকে ধৰি সমগ্ৰ নদুৱাৰতে আগৰ দৰেই চলা ফিৰা কৰি আছে । দোকান-পোহাৰত আজিও ভিৰ কমা নাই । আটাইতকৈ লক্ষনীয় বিষয় যে এই অঞ্চলসমূহত অধিকাংশ লোকে মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰা পৰিলক্ষিত হৈছে । একাংশই আকৌ নিজৰ মাস্কখন ঠুটৰিতহে পিন্ধি ঘূৰি ফুৰা এতিয়া সহজ দৃশ্য অঞ্চলটোত । তদুপৰি একাংশ লোকে এবাৰ ব্যৱহাৰ কৰিব লগা মাস্কখনকে সদায় পৰিধান কৰি ফুৰাও মনকৰিবলগীয়া । দেশৰ এনে জটিল সন্ধিক্ষণত মহামাৰী সদৃশ ৰোগ বিধৰ পৰা দেশখনক ৰক্ষা কৰিবলৈ আজি জামুগুৰি আৰক্ষীয়ে লোৱা এনে পদক্ষেপৰ সচেতন ৰাইজে শলাগ লোৱাৰ লগতে উল্লিখিত অঞ্চলসমূহটো আৰক্ষীৰ কঠোৰ ভূমিকা কামনা কৰিছে ।

ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ।বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাৰ অৰ্ন্তগত জৰাসৰ গাওতঁ  কালি নিশা ১ বজাত এটা বনৰীয়া হাতীৰ আক্ৰমণত চুখো ভেংৰা নামৰ (৪৫) এজন ব্যাক্তি থিতাতে নিহত হয়।জানিব পৰা মতে যোৱা নিশা প্ৰায় ১বজাত নামেৰী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীয়ে ১নং জৰাসৰ গাওঁত প্ৰবেশ কৰে আৰু  চুখো ভেংৰাৰ ঘৰত উপদ্ৰৱ চলাই বাসগৃহ ভাঙি পেলাই । ঘৰটোত আক্ৰমণ কৰোঁতে চুখো ভেংৰা ঘৰত শুই আছিল আৰু হাতীৰ আক্ৰমণত থিতাতে নিহত হয়।বৰ্তমান ৰঙাপৰা আৰক্ষীয়ে মৃত দেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰিছে।মৃত্যুৰ সময়ত চুখো ভেংৰাই পত্নীৰ লগতে ৩ জন লৰা আৰু বোৱাৰীয়ক এৰি থৈ যায়।উল্লেখ্য যে অঞ্চলটোত বনৰীয়া হাতীয়ে সঘনে উপদ্ৰৱ চলাই সা সম্পত্তি ধ্বংস কৰাৰ লগতে একাধিক লোকৰ হাতীৰ আক্ৰমণত মৃত্যু হৈছে। বন বিভাগে কিন্তু বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা অঞ্চলৰ জনসাধাৰণক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ উঠিছে।

পুৰণিগুদামত পথ দুৰ্ঘটনা,নিহত এজন

নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত ভীমৰ গাওঁত সংঘটিত হোৱা পথ দুৰ্ঘটনা এজন ব্যক্তি মৃত্যু হোৱাৰ লগতে দুজন ব্যক্তি গুৰুত্বৰ ভাৱে আহত হয়। দুৰ্ঘটনাত সন্দৰ্ভত জানিব পৰা মতে ভীমৰগাওঁৰ তুলাৰাম দাস নামৰ ব্যক্তিজনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব খোজোতে চামগুৰি অভিমুখে তীব্ৰ বেগেৰে গৈ থকা   as02af1986 নম্বৰ বাইক খনেৰে খুন্দা মৰাত তুলাৰাম দাস (৫৭) ব্যক্তিজন থিতাতে নিহত হোৱাৰ লগতে বাইক চালকৰ লগতে  আৰোহী যুৱতী গুৰুত্বৰ ভাৱে  আহত হয়। পাছত পুৰণিগুদাম আৰক্ষী দুৰ্ঘটনা স্থলিত উপস্থিত হৈ আহত ব্যক্তি দুজনক নগাওঁ ভুগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা লগতে নিহত হোৱা দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

নৈপৰীয়া চৰ অঞ্চল খোলাবান্ধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ শোচনীয় অৱস্থা

পৰিবৰ্তনকামী বিজেপি চৰকাৰে  সদায়  উন্নয়নৰ ঢাক ঢোল বজাই আহিলেও প্ৰকৃততে যে চৰাঞ্চলৰ স্বাস্থ্য সেৱাৰ বিশেষ পৰিবৰ্তন হোৱা নাই সেয়া বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত নৈপৰীয়া চৰ অঞ্চল খোলাবান্ধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই সাক্ষ্য বহন কৰিছে। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ দ্বাৰা কৌটি টকা খৰচ কৰি নিৰ্মাণ কৰিছে যদিও আজিলৈকে উপলব্ধ হোৱা নাই চিকিৎসাৰ ভাৱে পৰ্যাপ্ত সুবিধা।চিকিৎসালয়ত ৰোগীৰ অনুপাতে নাই চিকিৎসক নাই পৰ্যাপ্ত পৰিমাণৰ ঔষধৰ যোগান । স্বাস্থ্য বিভাগে চিকিৎসালয় খনত নাৰ্ছ আৰু আশাকৰ্মী নিয়োগ কৰিছে যদিও প্ৰসুতি প্ৰসৱৰ বাবে নাই নূন্যতম সা-সুবিধা। উল্লেখ্য যে চিকিৎসাল খনত চিকিৎসক কৰ্মচাৰীৰ উপস্থিতও অনিয়মীয়া আৰু প্ৰায়েই দিনৰ ১১ বজাতেই বন্ধ হৈ পৰে স্বাস্থ্য কেন্দ্ৰখন যাৰ বাবে বছৰ বছৰ ধৰি বৃহত্তৰ চৰাঞ্চলৰ ৰাইজে চিকিৎসাৰ নামত যমৰ-যাতনাত ভুগিছে আহিছে। স্বাস্থ্য কেন্দ্ৰ খনলৈ চিকিৎসক, নাৰ্ছৰ লগতে পৰ্যাপ্ত পৰিমাণৰ ঔষধৰ যোগান ধৰা ও এখন এম্বুলেঞ্চৰ ব্যৱস্থা কৰাৰ বাবে নতুন চৰকাৰ খনক দাবী জনাইছে অঞ্চলবাসী ৰাইজে।

বিশ্বনাথৰ ছেলাইখাতিত ক’ভিড পৰিস্থিতিৰ প্ৰভাৱঃ ব্যৱসায় প্ৰতিষ্ঠান সমুহ সম্পূৰ্ণ ৰূপে বন্ধ

বিশ্বনাথ জিলাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তীৰ ছেলাইখাতিৰ লগতে পাৰ্শ্বৱৰ্তী এলেকা সমুহৰ  ৰাইজে  ক’ৰোনা মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিবাহ অনুষ্ঠানৰ লগতে ধৰ্মীয় অনুষ্ঠান সমুহ আয়োজন কৰাৰ পৰা সম্পুৰ্ণ ৰূপে বিৰত আছে ৷ সম্প্ৰতি ক’ভিড-১৯ দ্বিতীয়টো ঢৌৱে মৃত্যুৰ বিভিষিকা সৃষ্টিত এতিয়া গাঁৱৰ পৰিৱেশতো গঞা ৰাইজ আতংকিত হোৱা দেখা গৈছে। বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা ব্যৱসায়ীক প্ৰতিষ্ঠান সমুহ দিনৰ ২ বজাৰ পৰা  বন্ধৰ ঘোষনা কৰিছে ৷ লগতে শিক্ষানুষ্ঠান সমুহ বন্ধ ৰাখিছে। ইয়াৰ উপৰিও  সকলো কাৰ্যালয়  ২ বজাৰ পৰাই বন্ধ  থকাৰ নিৰ্দেশনা জাৰি কৰিছে  ৷বিবাহৰ অনুষ্ঠান হলে ২০ জন লোকৰ হে উপস্থিতিৰ অনুমতি আছে ৷ধৰ্মীয় পৰম্পৰা ৰক্ষাৰ বাবে অভ্যৰ্থনাৰ অনুমতি নাই বুলি জানিব পৰা গৈছে ৷আনহাতে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলবৎ থাকাত চৌদিশে জনশূণ্য পৰিৱেশ  ৷অসম অৰুণাচল সীমান্তৱৰ্তীৰ  বৃহত্তৰ এলেকাকে ধৰি মহজুলি পথাৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমুহ দিনৰ ২ বজাৰ পৰাই বন্ধ হোৱা  পৰিলক্ষিত হৈছে ৷আনহাতে ঠায়ে ঠায়ে কভিদ১৯ৰ উদ্বেগজনক  পৰিস্থিতিক লৈ বিশেষ সজাগতামুলক কাৰ্যসুচীও ৰূপায়ণ কৰাৰ লগতে অসম অৰুণাচল সীমান্তৱৰ্তীৰ   সচেতন লোকসকলক সজাগতা অনা পৰিলক্ষিত হৈছে।

দক্ষিণ বৰপেটাৰ চৰাঞ্চলত চিকিৎসা সেৱাৰ নামত স্বাস্থ্য বিভাগৰ ভেঙুচালি কভি’ডৰ ভয়াবহতাৰ সময়ত বাঘমাৰা চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাই চিকিৎসক

বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ   চৰাঞ্চলৰ ৰাইজ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি থকা পৰিলক্ষিত হৈছে। স্বাধীনতাৰ পিছৰ পৰাই জিলা খনৰ বৃহত্তৰ চৰাঞ্চলত কেৱল মাত্ৰ সাত খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিয়েই চৰকাৰে নিজৰ দায়িত্ব সামৰিছে।জানিব পৰা মতে, চেঙা সমষ্টিৰ কাছুমাৰা ৰাজ্যিক চিকিৎসালয়, মহচৰা নৈ পৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, খোলাাবান্ধা প্ৰাথমিক স্বাাস্থ্য কেন্দ্ৰৰ লগতে বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতিচৰ ক্ষুুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বাঘমাৰা চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, কদমতোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ  আছে ।সংশ্লিষ্ট স্বাস্থ্য কেন্দ্ৰ সমূহত ৰোগী অনুপাতে ঔষধ,ডাক্তৰ, নাৰ্চ নথকাত ৰাইজ উপযুক্ত চিকিৎসা সেৱাৰ পৰা চূড়ান্ত ভাৱে বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো কৰোনা মহামাৰীয়ে কাল ৰূপ ধাৰণ কৰি কেবা লক্ষ্যাধিক লোকৰ প্ৰাণ হানি হৈছে যদিও চৰাঞ্চলৰ অধিকাংশ চিকিৎসালয়ত প্ৰয়োজনীয়  চিকিৎসক, নাৰ্ছ নথকাত কভিড ৰোগী সকল চিকিৎসা সেৱাৰ পৰা চূড়ান্ত ভাৱে বঞ্চিত হব লগা হৈছে। চৰাঞ্চলৰ নিচিনা অনুন্নত ঠাইত নাই কোনো বিছনাযুক্ত চিকিৎসালয়, অসুস্থ ৰোগীক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিবলৈ নাই উন্নত যাতায়ত ব্যৱস্থা কেৱল মাত্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে যদিও নাই প্ৰয়োজনীয় চিকিৎসক। বাঘমাৰা চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে চৰাঞ্চলৰ বিভিন্ন ঠাইত প্ৰতিদিনে প্ৰায় ৭/৮জনকৈ লোকৰ দেহত কৰোনা পজিটিব ধৰা পৰিছে যদিও সেই কৰোনা ৰোগী সকলকলৈ জিলা স্বাস্থ্য বিভাগে কোনো তৎপৰতা দেখুওৱা পৰিলক্ষিত হোৱা নাই। কৰোণা ৰোগী সকলক নামমাত্ৰ ঔষধ প্ৰদান কৰি হোম আইছোলেশ্বনত থাকিবলৈ পৰামৰ্শ দিয়েই নিজৰ নিজৰ দায়িত্ব সামৰিছে চিকিৎসকে ।বাঘমাৰা চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ইতিমধ্যে প্ৰায়  প্ৰায় ৩০জনৰো অধিক লোকৰ দেহত কৰোনা পজিটিভ  ধৰা পৰিছে যদিও এনে জটিল সময়ত স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নথকাত প্ৰতিদিন বেমাৰী আহি ঘূৰি যাব লগা হৈছে যাৰ মাজত বহু কৰোনা পজিটিভ বেমাৰী থকাৰ সন্দেহ কৰিছে স্থানীয় সচেতন মহলে ৰাইজে । ইয়াক লৈ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ লগতে, জিলা প্ৰশাসন আৰু  নৱ নিৰ্বাচিত বিধায়ক শ্বেৰমান আলী আহমেদক বাঘমাৰা চৰ ছাত্ৰ সংগঠনৰ লগতে স্থানীয় ৰাইজে অতি সোনকালে বাঘমাৰা চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰ্যাপ্ত ঔষধ যোগান ধৰাৰ লগতে অতি কমেও তিনিজন চিকিৎসক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। এই সমস্যা সমাধান নহলে অতি শীঘ্ৰে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি ছাত্ৰ সংগঠনটোৱে হুংকাৰ দিছে।

অসমৰ নতুন মন্ত্রী সভাত আহোমৰ ৫ বিধায়কক কেবিনেট মন্ত্ৰীৰ দাবী নহলে আহোমবিৰোধী চৰকাৰ বুলি অভিহিত কৰিব আহোম ৰাইজ আৰু আটাছুৱে

সদ্যঘোষিত অসম বিধানসভালৈ নিৰ্বাচনত  নিৰ্বাচিত হোৱা  প্ৰত্যেকজন প্ৰাৰ্থী লৈ ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাই অভিনন্দন জনাইছে ।তাই আহোম ছাত্র সন্হাৰ ডিমৌ আঞ্চলিক সমিতিয়ে আজি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ১০৭ নং থাওৰা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক সুশান্ত বৰগোঁহাইকো অভিনন্দন জনোৱাৰ লগতে থাওৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঐতিহাসিক সমল-সম্পদৰ বাবে বিশেষ গুৰুত্ব দিবলৈ আহ্বান জনাইছে। ইফালে গত সময়ৰ চৰকাৰে আহোম জনগোষ্ঠীৰ ৰাইজৰ বাবে বিশেষ একো নকৰিলে বুলি অভিযোগ কৰাৰ লগতে ক্ষোভ প্রকাশ কৰি ডিমৌ আটাছুৰ সভাপতি সুমিত কুমাৰ সন্দিকৈ আৰু সম্পাদক সৌৰৱ দিহিঙীয়াই অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী আহোম জনগোষ্ঠীৰ আৱেগ অনুভূতিক লৈ  বিভিন্ন সময়ত ৰাজনৈতিক দল সমূহে লাভালাভৰ বাবে ব্যৱহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ।লগতে ছাত্ৰ নেতাদ্বয়ে উল্লেখ কৰে যে বিগত সময়ৰ বিজেপি চৰকাৰখনত আহোমৰ বহুকেইজন যোগ্য বিধায়ক থকাৰ পিছতো এজনক ও মন্ত্ৰীসভাত স্থান নিদিলে বৰঞ্চ ৫ বছৰীয়া চৰকাৰৰ শেষৰ ফালে মাহমৰাৰ বিধায়ক যোগান মহনক ৰাজ্যিক মন্ত্ৰীত্ব প্ৰদান কৰি একপ্ৰকাৰ আহোমক অপমান  কৰিলে। এই সমগ্র ব্যৱস্থাটোৰ বাবে গত সময়ছোৱাত আহোম জনগোষ্ঠীৰ ৰাইজৰ কোনো ধৰণৰ আৰ্থ-সামাজিক উন্নয়নৰ নহল। অন্যান্য বহু জনগোষ্ঠীৰ তুলনাত আহোম জনগোষ্ঠীৰ পিছ পৰি ৰল । সেইবাবে আটাছুয়ে এইবাৰ নতুনকৈ গঠন হবলগীয়া  মন্ত্ৰীসভাত নূন্যতম ৫ জন আহোম জনপ্ৰতিনিধিক কেবিনেট মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিবলৈ  দাবী জনাইছে । ইয়াৰ অন্যথা সদৌ তাই আহোম ছাত্ৰ সন্থাই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন আহোম বিৰোধী বুলি গণ্য কৰিবলৈ বাধ্য হব। আটাছু ডিমৌয়ে স্পষ্ট কৰি দিছে যে  যদিহে এই দাবী সন্দৰ্ভত আগন্তুক চৰকাৰখনে গুৰুত্ব আৰোপ নকৰে তেন্তে অনাগত দিনত বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ সহযোগত ধাৰাবাহিক ভাৱে  গণতান্ত্ৰিক আন্দোলন কৰিব। 

গোলাঘাটত ক’ভিড ৰোগীৰ মৃত্যু ৭ জনলৈ বৃদ্ধি

 গোলাঘাটত পুনৰ  দুজনৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু। আজিলৈকে  মৃতকৰ সংখ্যা ৭ জনলৈ বৃদ্ধি ।গোলাঘাট জিলা ক’ভিড চিকিৎসালয়ত ক’ভিডত আক্ৰান্ত হৈ  নিশা এজনৰ মৃত্যু হোৱা বিপৰীতে আজি পুৱা আন এজন ৰোগীৰ মৃত্যু হয়। উল্লেখ্য যে গোলাঘাট জিলা কাজিৰঙা দ গাঁৱৰ তোলন গগৈ নামৰ ৩৫ বছৰীয় লোকজন  নিশা ১১.৫০ বজাত ক’ভিডত আক্ৰান্ত হোৱাত কভিড চিকিৎসালয় ভৰ্তি কৰায় যদিও ১:৪৫ বজাত লোকজনৰ মৃত্যু হয়। আনহাতে আজি পুৱা গোলাঘাট লাইফ লাইন চিকিৎসালয় সমীপৰ নিবাসী ভৱেন্দ্ৰ শৰ্মা নামৰ  লোকজন পুৱা কভিড চিকিৎসালয়ত মৃত্য হয়। বৰ্তমান গোলাঘাটত কভিডত আক্ৰান্ত হৈ মৃত্যু লোকৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পোৱাৰ লগতে কালিলৈকে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ ১২৩৫ জন হৈছে।

ডবকাত যুৱকক জেললৈ প্ৰেৰণ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়া

এগৰাকী প্ৰাপ্ত বয়স্ক যুৱতীয়ে নিজৰ ইচ্ছাৰে এজন যুৱকৰ সৈতে পলাই যোৱাৰ পিছত পৰৱৰ্তী আৰক্ষীয়ে যুৱক-যুৱতীক উদ্ধাৰ কৰি যুৱকৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰজু কৰি জেলত প্ৰেৰণ কৰাক লৈ ডবকাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত বাতৰি অনুসৰি ডবকা থানাৰ অন্তৰ্গত ভেলৌগুৰি পথাৰৰ জনৈক জাকিৰৰ কন্যা আৰু চাংমাজী মিকিৰ পথাৰ গাঁৱৰ ৰাজীব আহমদ নামৰ এহাল যুৱক-যুৱতী যোৱা ১ মে’ৰ পৰাই ঘৰৰ পৰা অন্তৰ্ধান হয় ৷ পৰৱৰ্তী যুৱক-যুৱতীহালে গুৱাহাটীৰ এখন হোটেলত আশ্ৰয় লয় ৷ ঘটনা সম্পৰ্কত যুৱতী গৰাকীৰ পিতৃয়ে তেওঁৰ ‘নাবালিকা’ কন্যাক অপহৰণ কৰি লৈ যোৱা বুলি ডবকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে অপহৰণসহ কেবাটাও ধাৰাত ২০১/২১ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ৷ তদন্তৰ মাজতে যোৱা নিশা গুৱাহাটী আৰক্ষীৰ সহযোগত অন্তৰ্ধান হোৱা যুৱক-যুৱতীক উদ্ধাৰ কৰি ডবকা আৰক্ষীয়ে নিজৰ জিম্মাত লয় ৷ আজি যুৱকজনক ডবকা আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে যুৱতী গৰাকীক জবানবন্দী লিপিৱদ্ধ কৰিবলৈ ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ ইপিনে, যুৱকজনক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰাত ডবকাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যুৱকজনৰ পৰিয়ালৰ লোকে কৰা অভিযোগ মতে, যুৱক-যুৱতীৰ মাজত দীৰ্ঘদিনৰ পৰা প্ৰেমৰ সম্পৰ্ক চলি আছে ৷ আনকি কিছু বছৰ পূৰ্বে সেই একে গৰাকী যুৱতী ঘৰৰ পৰা পলাই আহি যুৱকজনৰ ঘৰত উপস্থিত হৈছিল ৷ তেতিয়াই সমাজৰ লোকে যুৱতীগৰাকী প্ৰাপ্তবয়স্ক নোহোৱাত পিতৃৰ ওচৰত চমজাই দিয়া হৈছিল ৷ ইতিমধ্যে ওঠৰ বছৰ সম্পূৰ্ণ কৰা যুৱতীগৰাকীৰ পৰিয়ালে যুৱকজনৰ লগত বিয়া নিদিয়াৰ কথা কোৱাত যোৱা ১ মে’ৰ দিনা দুয়ো ঘৰৰ পৰা অন্তৰ্ধান হয় ৷ এইহাল যুৱক-যুৱতীৰ মাজত দীৰ্ঘদিনৰ পৰা প্ৰেমৰ সম্পৰ্ক চলি থকাৰ প্ৰমাণ হিচাপে যুৱকজনৰ পৰিয়ালৰ লোকে দুয়োৰ কিছু অন্তৰঙ্গ মুহূৰ্তৰ ফটোও সংবাদ মাধ্যমৰ লোকক প্ৰদৰ্শন কৰে ৷ লগতে যুৱতী গৰাকী যে সাবালক, তাৰ প্ৰমাণ হিচাপে জন্মৰ প্ৰমাণ থকা আধাৰ কাৰ্ডো যুৱকৰ পৰিয়ালে প্ৰদৰ্শন কৰে ৷ দুয়ো নিজৰ সন্মতিতে ঘৰৰ পৰা পলাইছিল, দুয়োৰে মোবাইল নম্বৰ পৰীক্ষা কৰিলে বহু কথা জলজল-পটপট হৈ ওলাই পৰিব ৷ এহাল প্ৰাপ্ত বয়স্ক যুৱক-যুৱতীয়ে নিজৰ পছন্দ অনুযায়ী বিবাহপাশত আৱদ্ধ হব পাৰে, এই সম্পৰ্কে দেশৰ উচ্চতম ন্যায়ালয়ে বহুকেইটা নিৰ্দেশ দি থৈছে ৷ তাৰ মাজতে ডবকা আৰক্ষীয়ে এগৰাকী প্ৰেমিক যুৱকৰ বিৰুদ্ধে মাৰাত্মক ধাৰাত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰা সহজভাৱে লোৱা নাই ৷