Home Blog Page 3064

পশ্চিমবংগত নিৰ্বাচনি হিংসাৰ পৰিপেক্ষিতত পাখিমৰীয়া মণ্ডল বিজেপিৰ ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ ৷

সদ্য সমাপ্ত পশ্চিমবংগ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত পশ্চিমবংগৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে উক্ত ঘটনাৰ উচিত তদন্ত হোবাৰ পোষকতা কৰি আজি নগাঁও সদৰ ৰাজহ চক্ৰৰ জড়িয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰে নগাঁও সদৰ সমষ্টিৰ পাখিমৰীয়া মণ্ডল বিজেপিয়ে ৷ এই স্মাৰকপত্ৰ প্ৰদান অনুষ্ঠানটিত পাৰখিমৰীয়া মণ্ডল বিজেপিৰ সভাপতি নৰেন্দ্ৰ চন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক পিংকু বৰাৰ নেতৃত্বত এটি সজাতি দলে অংশগ্ৰহণ কৰে ৷ 

প্ৰশাসনৰ নীতি নিৰ্দেশনা উলংঘা কৰি প্ৰাৰ্থী বিজয়ত ভোজ ভাত ,টীয়কত সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক হত্যাৰ চেষ্টা

সমগ্ৰ দেশ তথা ৰাজ্যতে মহামাৰী ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাত ৰাজ্য চৰকাৰে নীতি নিৰ্দেশনা বান্ধি দিছে যদিও একাংশ অসচেতন ব্যক্তিয়ে জলাঞ্জলি দিয়াৰ দেখিবলৈ পোৱা গৈছে।উল্লেখ যে টীয়ক সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ বিজয়ত কালি নিশা বিজেপিৰ একাংশই ভোজ ভাতৰ আয়োজন কৰিছিল টীয়কৰ পূব দুলীয়াৰ বিজেপি এগৰাকী ৱাৰ্ড সদস্যৰ চৌহদত। নিশা ৬ বজাৰ পৰা নৈশ সান্ধ্য আইন বলবৎ কৰাৰ পাছতো এই ভোজভাত আয়োজনৰ কথা আৰক্ষীয়ে খৱৰ পাই ঘটনাস্থলীত উপস্থিত হোৱাত সকলো পলাই পটং দিয়ে । কেৱল ভোজভাত আয়োজন কৰা পৰিয়ালৰ সদস্য সকলহে উপস্থিত থাকে । ইয়াৰ পাছতে ঘটনাস্থলীৰ পৰা আৰক্ষী গুছি অহাৰ পাছত একাংশ লোক পুনৰ সমবেত হয় সেই স্থানত ।এই ঘটনাৰ বিষয়ে প্ৰচাৰ হোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হোৱা প্ৰকাশ লাইভৰ কাকজানৰ সংবাদদাতা দেৱজিৎ বৰাক  বিজয়ত আত্মহাৰা দলটোৱে শাৰিৰীক ভাৱে আক্ৰমণ কৰাৰ উপৰি তেওঁৰ পৰিচয় পত্ৰ,চেনেলৰ ল’গ , মবাইল ফোন আদি কাঢ়ি লৈ এখন ওকা কাগজত চহী কৰাই লয় । অৱশ্যে ঘটনাস্থলীত উপস্থিত হোৱা কোনোবা এজনৰ সুমতি ওপজাত কাঢ়ি থোৱা সামগ্ৰী খিনি পথত আহি সংবাদদাতাজনক দি থৈ যায় । ইপিনে নিশাই সংবাদদাতাজনে আৰক্ষীক ঘটনা সন্দৰ্ভত লিখিত এজাহাৰ দাখিল কৰে । অৱশ্যে ঘটনা স্থলীত উপস্থিত থকা বিজেপিৰ এজন বিয়াগোম নেতাই টীয়ক আৰক্ষীক এজাহাৰ দি একো লাভ নহয় ,আৰক্ষী আমাৰ হাতৰ মুঠিত বুলি দম্ভালি মৰাৰ পাছত সংবাদ দাতাজনৰ অভিযোগ আৰক্ষীয়ে কেনেদৰে বিবেচনা কৰে সেয়াহে   লক্ষণীয় বিষয় হ’ব । ইফালে সংবাদকৰ্মী আক্ৰমনক দুষীয়ে যাতে উচিত শাস্তি পাই টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই এক স্মাৰক পত্ৰ টীয়ক আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া লৈ প্ৰেৰণ কৰে । 

নগাঁৱত সদৌ অসম উন্নয়ন পৰিষদৰ উদ্যোগত মাস্ক-চেনিটাইজাৰ বিতৰণ

সদৌ অসম উন্নয়ন পৰিষদ নগাঁও জিলাৰ উদ্যোগত আজি দিনৰ ১১ বজাত চহৰৰ মুকুট শৰ্মা চাৰিআলিত চেনিটাইজাৰ আৰু মাস্ক বিতৰণৰ লগতে এটি ক’ৰোনা সজাগতা শিৱিৰ অনুষ্ঠিত হয় ৷ উক্ত চেনিটাজাৰ বিতৰণ আৰু মাস্ক বিতৰণ অনুষ্ঠানটিত স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ তৰফৰ পৰা চহৰৰ ৰাজপথত চলাচল কৰা পথচাৰী সকলক মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয় ৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ তৰফৰ পৰা কেন্দ্ৰীয় সাংগঠনিক উপদ্দেষ্টা অসম নাথ,সাধাৰণ সম্পদাক মুনজ্যোতি নাথ,সম্পাদক মানবেন্দ্ৰ নাথ,হৰেন দাস,নিতুল বৰুৱা,প্ৰহ্লাদ শইকীয়া,নিতুল নাথ,এঞ্জেল বৰুৱা আদি উপস্থিত থাকে ৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোবে আজি নগাঁও চহৰৰ লাওঁখোবা চাৰিআলি,নতুন পথাৰ, ঢাকাপট্টি,বৰবজাৰ, খুটিকটীয়া,শেনচোৱা, বেবেজীয়া,ফুলগুৰি,ৰহা আদি অঞ্চলত মাস্ক বিতৰণ আৰু চেনিটাইজাৰ বিতৰণৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে ৷ ক’ৰোনা দ্বিতীয় লহৰৰ সন্ত্ৰাসত দেশজুৰি সৃষ্টি হোবা ভয়াবহতাৰ বাবে ৰাইজ বহু শংকিত হৈ পৰা সময়েই ৰাইজৰ মাজত সদৌ অসম উন্নয়ন পৰিষদৰ এনে কাৰ্য্যক সচেতন মহলে শলাগ লৈছে ৷

৭ মেৰ পৰা ওৰাং আৰু ধনশ্ৰীঘাটত ১৮ ৰ পৰা ৪৪ বছৰলৈ কভিড ১৯ৰ Covaxin প্ৰদানৰ আৰাম্ভনি

ওদালগুৰি জিলাৰ ওৰাঙত ৭মে ৰ পৰা ১৮ বছৰৰ  পৰা ৪৪ বছৰলৈ  ওৰাং প্ৰাথমিক বিদ্যালয় আৰু ধনশ্ৰীঘাটস্থিত ধনশ্ৰীঘাট শ্বহীদ  স্মৃতি সংঘ ও পুথিভঁৰাল কভিড ১৯ৰ ক’ ভেকচিন (Covaxin ) প্ৰদান কৰা  হব বুলি স্বাস্থ্য বিভাগৰ সূত্ৰে জনাইছে ৷ ইচ্ছুক সকলে ৱেব ছাইট  Www.cowin.gov.in ৰেজিষ্ট্ৰেচন কৰি পৰ্য্যবেক্ষন কৰিবলৈ আহ্বান জনোবা হৈছে ৷আৰু  ইতিমধ্যে  ৰেজিষ্ট্ৰেচন কৰা সকলে কভিড ১৯ ভেকচিন লোৱাৰ সুবিধা অনুসৰি  স্থান সমুহ নিৰ্ধাৰণ তথা বাচনি কৰাৰ বাবে  স্বাস্থ্য বিভাগে জনাইছে ৷আনহাতে  সমগ্ৰ দেশতে ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাত দিনে দিনে  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ৫ মেলৈ ওদালগুৰিত ৫৮ গৰাকী  কভিড ১৯ ত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত দ্বিতীয় পৰ্যায়ত এক এপ্ৰিলৰ পৰা ৫ মেলৈ  আক্ৰান্তৰ সংখ্যা ২৭৬  জনলৈ বৃদ্ধি পালে ।স্বাস্হ্য বিভাগৰ জনোৱা মতে  বৰ্তমানলৈ ৫ মেলৈ   ৭১১ গৰাকীক পৰীক্ষা কৰাৰ পিছত ৫৮ গৰাকী দেহত  কৰোনা আক্ৰান্ত ধৰা পৰে ।।ইয়াৰ ভিতৰৰ ৪২ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন  হৈ থকাৰ বিপৰীতে ৪৬৯ গৰাকী হোম আইচিলেচনত আছে। সেয়ে সকলো ৰাইজকে  সজাগ আৰু সচেতন  হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি  চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়। ।

ইউপিপিএলৰ তিনি -গোৰ্খাৰ এজনক কেবিনেট মন্ত্ৰী সভাত অন্তৰ্ভূক্তিৰ দাবী বিটিআৰ গোৰ্খা সমাজৰ

বিটিআৰ  অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰি নতুন দিগন্তৰ সুচনা কৰিবলৈ  গঠিত  ইউপিপিএল নামৰ ৰাজনৈতিক দলে সদ্য ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত জনসাধাৰণৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হোৱাত উক্ত দলৰ সমৰ্থনকাৰী সংগঠন হিচাপে বিটিআৰ গোৰ্খা সমাজ নথৈ আনন্দিত হৈছে। ইউপিপিএলৰ ছয় গৰাকী বিজয়ী প্ৰাৰ্থীক উষ্ণ আদৰণি জনোৱাৰ উপৰিও অসমৰ ১২৬ টা সমষ্টিতেই বিজয়ী হোৱা বিভিন্ন দলৰ প্ৰাৰ্থী সকলক বিটিআৰ গোৰ্খা সমাজে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। আনহাতে বিটিআৰ অঞ্চলত ইউপিপিএল দলৰ নীতি আদৰ্শ আৰু লক্ষ্যৰ প্ৰতি আকৃষ্ট হৈ গোৰ্খা সমাজৰ আহ্বানক সন্মান জনাই বিটিআৰ অঞ্চলৰ সম্পূৰ্ণ গোৰ্খা জনসাধাৰণ ও সকলো জাতি-জনগোষ্ঠঠী এ ইউপিপিএল দলৰ পক্ষত ভোট প্ৰদান কৰাৰ বাবে সংগঠন টোৱে সকলো ৰাইজৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছে। জনসাধাৰণৰ মাজত দৃষ্টি গোচৰ হোৱা অভাৱ অভিযোগৰ লগতে ৰাইজৰ মাজত দিয়া প্ৰতিশ্ৰুতি বোৰ চৰকাৰৰ লগত আলোচনা কৰি ক্ৰমান্বয়ে সমাধান কৰিবলৈ বিটিআৰ গোৰ্খা সমাজ বদ্ধপৰিকৰ।  অসম বিধানসভাত  নতুনকৈ গঠন হ’বলৈ যোৱা মন্ত্ৰী মণ্ডলত ইউপিপিএল দলৰ পৰা অতি কমেও তিনিজন বিধায়কক কেবিনেটত মন্ত্ৰিত্ব অন্তৰ্ভুক্ত কৰি বিটিআৰ শান্তি চুক্তিখনক ৰূপায়ন কৰাৰ বাট মুকলি কৰিবলৈ অসম ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস,  মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা দেবৰ ওচৰত দাবী জনাইছে। লগতে গোৰ্খা জাতিৰ পৰা বিজেপি দলৰ পৰা নিৰ্বাচিত হোৱা দুজন গোৰ্খা বিধায়কৰ পৰা এজনক কেবিনেট মন্ত্ৰী হিচাবে অন্তৰ্ভূতি কৰিবলৈ  সংগঠনটোৱে দাবী জনাইছে। বিধান সভালৈ নিৰ্বাচিত হৈ যোৱা মিত্ৰজোঁটৰ বিধায়ক সকলে বিটিআৰকে ধৰি অসমত বসবাস কৰা গোৰ্খা সকলৰ এন আৰ চি, ভূমি, ডি- ভোটাৰ ,নিবনুৱা সমস্যা আৰু ভাষা সংস্কৃতিৰ সমস্যা সমাধান কৰিবলৈ বিধান সভাৰ মজিয়াত গঠনমূলক ভূমিকা পালন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে বিটিচি প্ৰধান  প্ৰমোদ বডোলৈ  বিটিআৰ বাসী গোৰ্খা সকলৰ সৰ্বাংগীন উন্নতিৰ বাবে যথোপযুক্ত আঁচনি গ্ৰহণ কৰি গোৰ্খা সম্প্ৰদায়ৰ একমাত্ৰ পাৰিষদ মাধৱ চন্দ্ৰ ছেত্ৰীক বিটিচিৰ ই এম হিচাবে অন্তৰ্ভুক্ত কৰি বিটিচি বাসী গোৰ্খাসকলৰ সমস্যা সমাধান কৰিবলৈ ৪মেত  এক  বিবৃতিৰ যোগেদি আহ্বান জনাইছে বিটিআৰ সংগঠনটোৰ প্ৰধান সচিব দীপক নিৰোলাই।

চুমিলা ৰংহাংপীৰ মৃত্যুৰ ৰাজহুৱা শুনানীৰ দিন ধাৰ্য্য

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত খাইগড়ত চুমিলা ৰংহাংপী নামৰ কিশোৰী গৰাকী অগ্নি দগ্ধ হৈ মৃত্যু হোৱা ঘটনাৰ সন্দৰ্ভত অসম চৰকাৰে মধ্য অসমৰ আয়ুক্ত মলয় বৰাৰ নেতৃত্বত গঠন কৰি দিয়া এজনীয়া তদন্ত সমিতিয়ে তদন্ত আৰম্ভ কৰিছে। এই তদন্ত সঠিকভাৱে আগবঢ়াই নিবৰ বাবে তদন্ত সমিতিয়ে ৰাজহুৱা শুনাণী গ্ৰহণ কৰিছে। সেই অনুসৰি ১১ মে’ দিনৰ ১০ বজাৰ পৰা ৩ বজালৈ ৰহা ৰাজহ চক্ৰৰ কাৰ্যালয়ত ৰাজহুৱা শুনানী অনুষ্ঠিত হ’ব। একেদৰে ১৫ মে’ দিনৰ ১০ বজাৰ পৰা ২ বজালৈ পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত থকা উপায়ুক্ত কাৰ্যালয়ত ৰাজহুৱা শুনানী অনুষ্ঠিত কৰা হ’ব। এই শুনানীত ব্যক্তি, সংগঠন, সংস্থা আদিয়ে স্মাৰক পত্ৰ, পৰামৰ্শ, মতামত দিব পাৰিব বুলি নগাঁও জিলা জনসংযোগ বিভাগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সংশ্লিষ্ট সকলোকে সেই দুই দিনৰ শুনানীত উপস্থিত থাকিবলৈ জিলা জনসংযোগ বিভাগে আহ্বান জনাইছে। উল্লেখ্য যে ৰহাৰ প্ৰকাশ বৰঠাকুৰৰ ঘৰত বন কৰা হিচাপে থকা কিশোৰী গৰাকীৰ মৃত্যু হৈছিল বুলি জনসংযোগ বিভাগে জানিবলৈ দিয়ে।

মুখত নাই মাস্ক – সামাজিক দূৰত্বৰ প্ৰতি ভূক্ষেপ নাই সাধাৰণ জনতাৰ

সমগ্ৰ দেশজুৰি  ক’ভিড১৯ ভাইৰাছৰ দ্বিতীয় লহৰত সংক্ৰমণৰ আতংকময় পৰিৱেশৰ মাজতে নগাঁও জিলাৰ বিভিন্ন ঠাইৰ চাৰিআলি, তিনিআলি,বজাৰ,ব্যৱসায়ীক প্ৰতিষ্ঠান,ঔষধৰ বিপনী আদিত বিৰাজ কৰিছে এক ভয়ংকৰ পৰিৱেশৰ। জিলাখনৰ গ্ৰাম্যাঞ্চলৰ চাৰিআলি, তিনিআলি,বজাৰ সমূহৰ কথাটো বাদেই আন নালাগে নগাঁও চহৰৰ বিভিন্ন প্ৰান্তৰ সৰ্ব্বসাধাৰণ মানুহৰ মুখৰ পৰা অদৃশ্য হৈ পৰিছে মাস্ক। ঠিক একেদৰে গুৰুত্বহীন হৈ পৰিছে সামাজিক দূৰত্বৰ চৰকাৰী নিৰ্দেশনাও ৷ বজাৰ সমূহত একাংশ লোকে গাত গা লগাই বজাৰ সমাৰ কৰা দৃশ্য সূলভ হৈ পৰিছে। 
জিলাখনৰ নগৰ-চহৰ, গ্ৰাম্যাঞ্চলত বজাৰে সমাৰে অথবা আন কোনো কামত ঘৰৰ পৰা ওলাই যোৱা প্ৰায় পঞ্চাশ শতাংশ লোকেই মুখত মাস্ক নিপিন্ধে। খোজকাঢ়ি,চাইকেল চলাই যোৱা বহুতৰে মুখত আজিৰ তাৰিখত নাই কোনো মাস্কৰ ব্যৱহাৰ ৷ মাস্ক পিন্ধা একাংশ লোকে আকৌ নাক ওলিয়াই, একাংশই আকৌ থুতৰিত মাস্ক পৰিধান কৰাটোহে সম্প্ৰতি আমোদজনক বিষয় হৈ পৰিছে। সেইদৰে,হোটেল-মিঠাই বিপনী,চাটহাউছ,ৰেষ্টুৰেণ্ট আদিত মুখত মাস্ক আৰু হাতত হেণ্ডগ্ল’ভ অবিহনে গ্ৰাহকক চেলছ মেন সমূহে বিলাইছে খাদ্য সামগ্ৰী ৷ ইপিনে,জিলা খনৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সামাজিক দূৰত্বৰ নিৰ্দেশনা ধোঁৱাচাঙত উঠিছে। বজাৰ সমূহ, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান,ঔষধৰ বিপনী সমূহত মাস্ক পৰিধান নকৰা লোকে ইজনে সিজনৰ গাত লগাই আজিও সামগ্ৰী ক্ৰয় কৰি থকা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, জিলাখনৰ মিশ্যন মাৰ্টেক,ষ্টেডিয়াম মাৰ্কেট,সদৰ থানা ৰোড,হয়বৰগাঁও বজাৰ,ধিং গেট বজাৰ স্থিত ঔষধৰ বিপনী সমূহত এক ভয়ংকৰ দৃশ্য দেখিবলৈ পোবা গৈছে আজি কেইবাদিনো ধৰি ৷ এইসমূহ অঞ্চলত যি কেইখন ঔষধৰ বিপনী আছে তাত শ-শ লোকে ভিৰৰ মাজৰ পৰাই ঔষধ ক্ৰয় কৰি থকা পৰিলক্ষিত হৈছে ৷ ঔষধ বিপনীৰ কতৃপক্ষই এইক্ষেত্ৰত কোনো নিয়ম মানি চলা দেখিবলৈ পোবা নাই সাধাৰণ ৰাইজে ৷ তাৰোপৰি, নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলা খনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বেংক,বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত গুৰুত্বহীন হৈ পৰিছে সামাজিক দূৰত্বৰ নিৰ্দেশনা। বেংকৰ ভিতৰতো এনে কেতবোৰ গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয় যাৰ মুখত নাই মাস্ক অথবা যাৰ মুখৰ বিপৰীতে থুতৰীতহে মাস্ক থাকে। নগাঁও জিলা প্ৰশাসনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি এই লোক সকলে মাস্ক আৰু সামাজিক দূৰত্বৰ নিৰ্দেশনাক গুৰুত্বহীন কৰি অন্য সহস্ৰাধিক লোকৰ জীৱনলৈ নমাই আনিছে ভয়ংকৰ বিপদ।ইপিনে,ৰাজপথত বাইক আৰোহী,চাইকেল আৰোহীয়ে থু-খেকাৰ পেলোৱাটো যেন নিয়মত পৰিনত হৈছে ৷ আন ঠাইৰ কথাটো বাদেই নগাঁৱৰ ৰাজপথৰ বিভিন্ন অংশত তামোল,গুটখাৰ পিকৰে ৰাঙলী হৈ পৰা পৰিলক্ষিত হৈছে। সেইবোৰ ভৰিৰে গচকি মুহাৰী ৰাইজ ঘৰমুৱা হব লগীয়াত পৰিচে ৷ আনহাতে,নগাঁৱৰ চহৰাঞ্চলৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ বিয়লি ২বজাৰ ঠিক লগেলগে বন্ধ হৈ যায় যদিও চহৰৰ দাতিকাষৰীয়া শেনচোৱা তিনিআলি,বৰভেটি চাৰিআলি,কাছমাৰী চাৰিআলি,চলচলি- সোনাইপাৰ আদি অঞ্চল সমূহত সন্ধিয়া পৰ্যন্ত ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ মুকলি কৰি থৈ ৰাইজৰ বৃহৎ সমাগম হৈ থকা দেখিবলৈ পোবা গৈছে ৷ এইক্ষেত্ৰত ব্যৱসায়ীক প্ৰতিষ্ঠান-ঔষধৰ বিপনী সমূহত হোবা বৃহৎ সমাগম বোৰে সৰ্ব্বসাধাৰণ ৰাইজলৈ বিপদ মাতি অনাৰ আশংকাই দেখা দিছে ৷ এইক্ষেত্ৰত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে নগাঁৱৰ সচেতন মহলে ৷ 

নগৰবেৰাত বিজেপিৰ উদ্যোগত অৱস্থান ধৰ্মঘট-প্ৰতিবাদ ৰাষ্ট্ৰপতি লৈ স্মাৰক পত্ৰ প্ৰেৰণ

চুবুৰীয়া ৰাজ্য পশ্চিমবংগত নিৰ্বাচনী হিংসাৰ বলি হোৱা বিজেপি কৰ্মীৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবীত আজি নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত  বিজেপিৰ কৰ্মী সকলে অৱস্থান ধৰ্মঘট পালন কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে। নগৰবেৰা মণ্ডল বিজেপিৰ কাৰ্যকৰ্তা সকলে পশ্চিমবংগত বিজেপি কৰ্মীৰ ওপৰত চলা নিৰ্যাতন বন্ধ কৰক, বিজেপি জিন্দাবাদ আদি ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে। কভিড প্ৰটকলৰ বাবে মাত্ৰ ২০ গৰাকী বিজেপি কাৰ্যকৰ্তাই নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চক্ৰ বিষয়া বনশ্ৰী মালাকৰৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি লৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে। উল্লেখ্য যে এই অৱস্থান ধৰ্মঘট-প্ৰতিবাদী কাৰ্যসূচীত নগৰবেৰা মণ্ডল বিজেপিৰ সভাপতি-পবিত্ৰ কুমাৰ মেধি, সম্পাদকদ্বয়-মানিক কলিতাছাৰুকৃষ্ণ কলিতা,বিজেপি জিলা আই,টি চেলৰমাধৱ দাস,জিলা অ, বি, চি মৰ্চাৰ সম্পাদক, বিপুল পালৰ লগতে নগৰবেৰা মণ্ডল বিজেপিৰ একাংশ কৰ্মকৰ্তা উপস্থিত থাকে। 

ধুবুৰী জিলাৰ ডাকুৰ ভিটাৰ পৰা শোনাপাৰা বজাৰলৈ যোৱা মাথাউৰিৰ ভয়াবহ ৰূপ ।

ধুবুৰী জিলাৰ দক্ষিণপাৰত প্রতি বছৰে বিভিন্ন ঠাই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি হাজাৰ হাজাৰ লোকৰ  মাটি, ভেটি সা-সম্পত্তি হেৰুৱাবলগীয়া হৈছে। যেতিয়া বানপানীৰ হয় যেতিয়াই মানুহবোৰে কত যাব কি কৰিব সেই লৈ হাবাথুৰি খাবলগীয়া হয়। অৱশেষত মাথাউৰীত গৰু ছাগলী লৈ কোনো মতে আশ্রয় লৈ জীৱন কটাবলগীয়া হয়। উল্লেখ যে কিছুদিন পূৰ্বে ডাকুৰ ভিটাৰ পৰা শোনাপাৰা বজাৰলৈ যোৱা যি মাথাউৰি নিৰ্মান কৰিছিল। উক্ত মাথাউৰিৰ কাম শেষ নহওঁতেই আজি ব্ৰহ্মপুত্ৰত  জাহ যোৱাৰ উপক্রম হৈছে। ইতিমধ্যে মাথাউৰিৰ আধা মাটি ব্ৰহ্মপুত্ৰত গৰাখহনীয়াৰ কবলত জাহ গৈছে। বৰ্তমানে উক্ত মাথাউৰিটো এনেকুৱা ভয়ংকৰ ৰূপত আছে যে বানপানীৰ সময়ত যিকোনো মুহূৰ্ততে   ছিঙি মানুহৰ জীৱনলৈ আমানিশা নমাই আনিব পাৰে। অকল এয়াই নহয় উক্ত মাথাউৰীটো ছিঙি গলে ফকীৰগঞ্জ শোনাপাৰা বজাৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কবলত পৰি সম্পূৰ্ন জাহ যোৱাৰ পূৰ্ণ সম্বৱনা আছে। সেয়েহে অতি সোনকালেই সময় থাকোতে ইয়াৰ বিকল্প হিচাপে ৰিং বান্ধ নিৰ্মান কৰি দিয়াৰ বাবে সচেতন মহলে চৰকাৰ তথা নৱ নিৰ্বাচিত বিধায়ক আৰু ধুবুৰীৰ সাংসদক বিনম্ৰ অনুৰোধ  জনাইছে।

ৰাজ্যৰ নিবনুৱা সকলৰ বাবে আদৰ্শ পথ-প্ৰদৰ্শক স্নাতকোত্তৰ ডিগ্ৰীধাৰী কৃষকনেতা জিতেন বৰা

ৰাজ্যৰ বিভিন্ন সংগঠনৰ একাংশ নেতাই কেতবোৰ উৎসৰ পৰা সংগ্ৰহ কৰা চান্দাৰ ধনেৰে কোটিপতি হোৱাৰ বিষয়ে সততে ৰাইজৰ মাজত চৰ্চা চলি আহিছে। আনকি একাংশ সংগঠনৰ বিয়াগোম নেতাই সংগঠনৰ বিভিন্ন কাৰ্যসূচীৰ নামত চান্দা সংগ্ৰহ কৰি উদৰস্থ কৰি নিজে অজস্ৰ সা-সম্পত্তিৰ গৰাকী হোৱাৰ লগতে এক বিলাসী জীৱন যাপন কৰি অহাৰ সময়তে নগাঁৱৰ এজন কৃষক নেতাই হাড়ভঙা পৰিশ্ৰমেৰে তেজক পানী কৰি মুৰৰ ঘাম মাটিত পেলাই পথাৰত শাক-পাচলিৰ খেতি কৰি উৎপাদিত শাক-পাচলি বজাৰত নিজেই বিক্ৰী কৰি এক আদৰ্শ দাঙি ধৰিছে। সম্প্ৰতি শিক্ষিত নিৱনুৱা যুৱক-যুৱতী সকলৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰা এই কৃষক নেতা জনৰ নাম জিতেন বৰা। নগাঁও জিলাৰ কৃষ্ণাইখাটৰ জিতেন বৰাই নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত মেজৰ সহ স্নাতক ডিগ্ৰী লোৱাৰ পাছ ইণ্ডিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ (IGNOU) নগাঁও কলেজ কেন্দ্ৰৰ পৰা মাষ্টাৰ অৱ চ’ছিয়েল ৱৰ্ক (MSW) ত স্নাতকোত্তৰ ডিগ্ৰী লয়। উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ পাছতো তেওঁ চৰকাৰী-বেচৰকাৰী খণ্ডৰ চাকৰিৰ পিছত দৌৰি তথা সময় নষ্ট নকৰি কৃষি কাৰ্যৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰয়াস চলায়।তেওঁৰ নিজা মাত্ৰ বাৰ বিঘাহে মাটি আছে। আনহাতে,এইবাৰ প্ৰথম বাৰৰ বাবে তেওঁ চাৰি বিঘা মাটি আনৰ পৰা। লিজত লৈ কৰি গৈছে বিভিন্ন কৃষিকৰ্ম ৷ তেওঁৰ এই ১২ বিঘা মাটিৰ সাত বিঘা মাটিত শালি ধানৰ খেতি কৰে আৰু তাৰ পৰা ৯০-১০০ মোন ধান উৎপন্ন কৰে বছৰত৷ আনহাতে,বাকী পাঁচ বিঘা আৰু চাৰি বিঘা মাটিত তেওঁ জৈৱিক পদ্ধতিৰে বিভিন্ন শাক-পাচলিৰ খেতি কৰি আহিছে ।এই সন্দৰ্ভত জিতেন বৰাই কয়,”মই স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছতো এদিনো চাকৰি নিবিচাৰিলো। চাকৰিৰ প্ৰতি মনোযোগ নিদিলো ৷ মোৰ দেউতা অঞ্চলৰ এজন আদৰ্শ কৃষক আছিল, গতিকে মোৰো তেজত কৃষকৰ তেজ প্ৰৱাহিত হৈ আছে। সেয়েহে মই কৃষি কৰ্মকে স্বাৱলম্বীতাৰ পথ হিচাপে বাচি ল’লো। মই সাত বিঘা মাটিত শালি ধানৰ খেতি কৰি ৯০-১০০ মোন ধান লাভ কৰো। আনহাতে,পাঁচ বিঘা মাটিত মই বিভিন্ন বিধ শাক-পাচলিৰ খেতি কৰো। এইসমূহৰ ভিতৰত জাতিলাও, ভেণ্ডি, জিকা,তৰৈ,পেপচিগ্ৰাম,ভোট জলকীয়া,ব’কলি,তৰমুজ,লেচেৰা মাহ,বেঙেনা, বিলাহী,আলু, তিয়ঁহ আদিৰ খেতি কৰি আহিছো। কিন্তু সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে। এই শাক-পাচলিৰ খেতিত কোনো ৰাসায়নিক সাৰ, কীটনাশক ঔষধ ব্যৱহাৰ নকৰে কৃষক নেতা জিতেন বৰাই। কেৱল জৈৱিক সাৰহে প্ৰয়োগ কৰি আহিছে ।”জিতেন বৰাই ফুলগুৰি,বেবেজীয়া,জামুগুৰি আৰু ঘাঁহীৰ বাইপাচ বজাৰত মাটিত বহি ঘৰত উৎপাদিত পাচলি সমূহ বিক্ৰী কৰি আহিছে। নিজেই হাতত দগা-পাল্লালৈ গ্ৰাহকক এই সামগ্ৰী সমূহ বিক্ৰী কৰি আহিছে। পুৱাৰ পৰা সন্ধিয়া পৰ্যন্ত বজাৰ সমূহত তেওঁ হাতত দগা-পাল্লা লৈ শাক-পাচলি বিক্ৰী কৰি আহিছে।কোনো দিনাই তেওঁ হীনমান্যতাত ভোগা নাই। বৰঞ্চ চৰম অত্মতৃপ্তিৰে ব্যৱসায় অব্যাহত ৰাখিছে। ঘৰৰ পথাৰত উৎপাদিত শাক-পাচলি বিক্ৰী কৰিয়েই তেওঁ তিনি জনীয়া সংসাৰখন নিয়াৰীকৈ সুন্দৰ ৰূপত চলাই গৈছে। পত্নী আৰু নৱম মান শ্ৰেণীত পঢ়ি থকা একমাত্ৰ পুত্ৰক লৈ চলাই গৈছে তেওঁ লোকৰ এক সুখৰ সংসাৰ। পত্নীয়েই উচ্চ শিক্ষিত স্বামীক কৃষি কৰ্মৰ বাবে উৎসাহিতহে কৰাৰ লগতে নিতৌ পুৱা- বিয়লি পথাৰত স্বামীক কৃষি কৰ্মত সহায় কৰি আৰু অধিক আত্মসন্তুষ্টি লভাৰ কথাহে ব্যক্ত কৰে কৃষক পত্নী মনিষা বৰাই ৷ উচ্চ শিক্ষিত জিতেন বৰাই কৃষি কৰ্মৰে বৰ্তমান সমাজৰ বাবে এক আদৰ্শ হৈ পৰিছে যদিও বৰ্তমানলৈকে তেওঁৰ কাষত ঠিয় দিয়া নাই নগাঁৱৰ বিয়াগোম কৃষি বিভাগ।
জিলা কৃষি বিভাগৰ কাম-কাজত তীব্ৰ অসন্টুষ্টি ব্যক্ত কৰি জিতেন বৰাই কয়,”কৃষি বিভাগটোৱে কৃষক ৰাইজক মুঠেই সহায় কৰিব পৰা নাই। বিভাগটোৱে যি সমূহ আঁচনি গ্ৰহণ কৰিছে সেইবোৰে কৃষকক কোঙাহে কৰিছে। কাৰণ তেওঁ লোকে কৃষক সকলৰ প্ৰাথমিক সমস্যাৰা জী সমূহ বুজি নাপায়। ফচলৰ বতৰ উকলি যোৱাৰ পাছতহে তেওঁ লোক কৃষকৰ কাষ চাপে। ফচলৰ বতৰত কৃষকে বীজ নাপায়।”একাংশ কৃষকে কৃষি বিভাগৰ কথা মতে অধিক উৎপাদনৰ বাবে শষ্যত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ, কীটনাশক ঔষধ প্ৰয়োগ কৰা কাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰি কৃষক জিতেন বৰাই কয়,”ব্যাপক হাৰত ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগে জীৱকূলৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ সলনি ঘৰতে প্ৰস্তুত কৰা জৈৱিক সাৰ প্ৰয়োগ কৰিও অধিক উৎপাদন কৰিব পাৰি।”তেওঁ পথাৰত কেঁচুসাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।উল্লেখ্য যে, জিতেন বৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক। তেওঁ ২০১১ বৰ্ষৰ পৰাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স’তে জড়িত হৈ আহিছে যদিও ২০১৭ চনৰ পৰা সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আহিছে। এটা চৰকাৰী বা বেচকাৰী চাকৰিৰ পিছত দৌৰি হাবাথুৰি খোৱা নিবনুৱা যুৱক সকলক উদ্দেশ্যি বৰাই কয়,”কৃষি কৰ্মৰ জৰিয়তেও এজন যুৱক স্বাৱলম্বী হ’ব পাৰি। কৰ্মৰ কোনো সৰু-ডাঙৰ নাই। নিষ্ঠাৰে কাম কৰিলেহে নিজৰ মৰ্যদা ৰক্ষা হ’ব। “উচ্চ শিক্ষিত জিতেন বৰাৰ বাবে এতিয়া কৰ্মই পৰম ধৰ্ম। তেওঁৰ পথাৰ খনেই এতিয়া তেওঁৰ আশাৰ সম্বল।পথাৰৰ সেউজীয়া খিনিৰ মাজতেই তেওঁ বিচাৰি পায় চৰম তৃপ্তি। হাড়ভঙা পৰিশ্ৰমৰ মাজতো তেওঁ সংগঠনৰ দায়িত্বও অতি সততা আৰু নিষ্ঠা সহকাৰে পালন কৰি এক আদৰ্শ ডাঙি ধৰিবলৈ সক্ষম হৈছে। কৃষক নেতা জনে লগতে আৰু কয়- একাংশই সততে কোৱা শ্ল’গান পথাৰো আমাৰ বজাৰো আমাৰ এনেই নহব যদিহে আমি হাতে কামে সময়ত কামবোৰ নকৰো ৷ বৰ্তমান সময়ত একো-একোজন শিক্ষিত নিবনুৱাই কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খাই ফুৰাৰ লগতে হাজাৰ হাজাৰ নিবনুৱাই বহি:ৰাজ্যলৈ ঢাপলি মেলিছে, সেইটো সময়তে কৃষক নেতা জিতেন বৰা সকলোৰে বাবে এক প্ৰেৰণাৰো উৎস‌ হিছাপে দেখা দিছে ৷