Home Blog Page 3113

তিৱা স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচন; পুখুৰীপাৰ সমষ্টিত বিধায়ক ৰূপক শৰ্মাৰ মাৰাথন প্ৰচাৰ অভিযান

নগাঁও, ১০ ডিচেম্বৰঃ “অসমত এতিয়া দুই অশুভ শক্তি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিলন ঘটিছে ৷ কংগ্ৰেছক সন্মুখত ৰাখি শাসনৰ বাঘজৰি হাতলৈ নিয়াৰ সপোন ৰছিচে এ আই ইউ ডি এফৰ পিতৃ বদৰুদ্দিন আজমলে ৷ কংগ্ৰেছক ভোট দিয়া মানে বদৰুদ্দিন আজমলক ভোট দিয়া ৷ বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইন শক্তিশালী হোৱা মানে অসমত অসমীয়াৰ অৱস্থা কি হ’ব ভগৱানেহে জানে ৷” আজি তিৱা স্বায়ত্ত্ব পৰিষদৰ ২২ নং পুখুৰীপাৰ সমষ্টিত পুৱাৰ পৰা বিয়লিলৈকে চলোৱা মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তত জামুগুৰিত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত এনেদৰে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনক প্ৰতি তীৰ্যক মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ বিধায়কগৰাকীয়ে সমষ্টিটোৰ দলীয় প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰক লগত লৈ ডেকাগাঁও, বেজৰগাঁও, বৰাগাঁও, কাছমাৰী, বামুনগাঁও, মহেখুছা, পুখুৰীপাৰ, জলময়গাঁও, পূৱ জামুগুৰিত দহটাকৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে বহুকেইখন নিৰ্বাচনী সভাত অংশ লয়। বিধায়িক শৰ্মাই ভাষণ প্ৰসংগত পদুম ফুল নাথাকিলে, বিজেপি নাথাকিলে অসমীয়াৰ অস্তিত্ব নাথাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্যৰে নিৰ্বাচনী প্ৰচাৰ অভিযান জোৰদাৰ কৰি তোলে ৷ বিজেপিৰ এই প্ৰচাৰ অভিযানত নগাঁও জিলাৰ প্ৰভাৰী শান্তনু পূজাৰী, ২২ নং পুখুৰীপাৰ সমষ্টিৰ প্ৰভাৰী বিভুতি ভূষণ বৰঠাকুৰ, নিৰ্বাচনী প্ৰচাৰ সমষ্টিৰ বিষয়-ববীয়া নৃপেন বৰদলৈ, ধীৰেন হাজৰিকা, তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ উপাধাক্ষ্য বিদু্ৎ বৰদলৈ, কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈ, পঞ্চায়ত সভাপতি ক্ৰমে পংকজ বৰা, দিগন্ত  কুমাৰ নাথ, ববিতা মেধি, আঞ্চলিক পঞ্চায়তৰ সভাপতি দিপাঞ্জলী কোঁৱৰ, বিজেপি নেতা সঞ্জীৱ কুমাৰ দেউৰী,  নিৰ্বাচনী সমিতিৰ প্ৰচাৰ সম্পাদক যুৱ নেতা ৰাজেশ কোঁৱৰকে ধৰি  মহিলা মৰ্চা, যুৱ মৰ্চা আৰু পঞ্চায়তৰ পদাধিকাৰীসকল উপস্থিত থাকে ৷

জামুগুৰিহাটত পথ দুৰ্ঘটনাত জোৱানৰ মৃত্যু

জামুগুৰিহাট, ১০ ডিচেম্বৰ: বৰদিন উপলক্ষ্যে চাকৰিৰ পৰা ছুটি লৈ ঘৰলৈ অহা জামুগুৰিহাটৰ হাটিঙাৰ ৰামপুৰৰ খৃষ্টফাৰ লগোন(৩৫)নামৰ এগৰাকী জোৱানৰ কালি সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয়। ভাৰতীয়  সেনাবাহিনীৰ চি আই এছ এফত কৰ্মৰত খৃষ্টফাৰে কালি সন্ধিয়া ঘৰৰ পৰা  ইটাখোলালৈ  এটিএমৰ পৰা ধন উলিয়াবলৈ আহি থকা অৱস্থাতে চৈবাৰী-ইটাখোলা সংযোগী পথত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে  কৰুণ মৃত্যুক সাৱতি লয়। হাটিঙাৰ ৰামপুৰৰ স্বগীয় চামেল লগোন আৰু লিয়া লগোনৰ পুত্ৰ তথা ভাৰতীয় সেনা বাহিনীৰ জোৱান জনৰ মৃত্যুত আঞ্চলটোত শোকৰ ছাঁ পৰিছে।

সোণতলীৰ গৰৈমাৰী বিলৰজানত আবকাৰী-প্ৰশাসনে ধ্বংস কৰিলে ১০ লক্ষাধিক টকাৰ ভাং গছ

 সোণতলী, ১০ ডিচেম্বৰঃ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী বিলৰজানত আজি আবকাৰী বিভাগ আৰু স্থানীয় প্ৰশাসনে অতৰ্কিত অভিযান চলাই ভাং গছ কাটি ধ্বংস কৰে ৷ জানিব পৰা মতে বকো আবকাৰী বিভাগৰ পৰিদৰ্শক অনিমা মেধিৰ নেতৃত্বত আৰু সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন তালুকদাৰৰ সহযোগত গৰৈমাৰী বিলৰজানত আজি দুপৰীয়া অতৰ্কিতভাৱে অবৈধ ভাং খেতিৰ বিৰুদ্ধে অভিযান চলায় ৷ আবকাৰী-প্ৰশাসনৰ দলটোৱে গৰৈমাৰী বিলৰজানৰ পাঁচটা পৰিয়ালৰ চৌহদ তথা পথাৰৰ অবৈধ ভাংগছ কাটি নষ্ট কৰে ৷ আবকাৰী বিভাগ-প্ৰশাসনৰ দলটোৱে ধ্বংস কৰা ভাংখিনিৰ বজাৰ মূল্য আনুমানিক দহ লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে ৷

১৫৫ কোটি ব্যয়ৰে “স্বৰ্ণমন্দিৰ” আৰ্হিত সজাই তোলা হব বটদ্ৰৱা থান

শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক থানক ন ৰূপেৰে সজাই তোলাৰ প্ৰয়াসত উঠি পৰি লাগিছে  বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই । ১৫৫ কোটি টকা ব্যয়ৰে “স্বৰ্ণমন্দিৰ আৰ্হিত আটক ধুনীয়াকৈ সজাই তোলা হব বটদ্ৰৱা থান। ইতিমধ্যে ইয়াৰ আৰ্হি প্ৰস্তুত কৰি তোলো হৈছে আৰু এই প্ৰকল্পৰ আধাৰশিলা অহা ১৫ ডিচেম্বৰৰ ভিতৰত কৰা হ’ব। এই আধাৰশিলাত স্থাপন অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব। আজি বটদ্ৰৱা থান পৰিদৰ্শন কৰি সংবাদমাধ্যমক এই কথা জনালে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ।

“বটদ্ৰৱাৰ বেদখল মুক্ত ভূমিত নিৰ্মাণ কৰা হৈ এক সুবৃহৎ মণ্ডপ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৫০ হেজাৰ ভক্তৰ সমাগম ঘটাৰ আশা প্ৰকাশ কৰিছো। বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতেই অসমৰ সত্ৰ সমূহৰ বেদখল কৃত ভূমি বেদখল মুক্ত কৰিলো। বটদ্ৰৱা থানৰো ১৮০ বিঘা মাটি বেদখল মুক্ত কৰিলো।” : আঙুৰলতা ডেকা ।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাহনত আক্ৰমণ তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ !

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাহনত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ । পশ্চিম বংগ ভ্ৰমণলৈ যোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ বাহনত শিলেৰে আক্ৰমণ । তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে পশ্চিম বংগ বিজেপিয়ে। ইয়াৰ পিছতেই কলকাতাৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

এই আক্ৰমণৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰা দেখা গৈছে চচিয়েল মিডিয়াত ।

https://twitter.com/Tejasvi_Surya/status/1336979105997148160
ভাইৰেল হৈ পৰা ভিডিঅ’টো

২৪ দক্ষিণ পাৰাগন জিলাৰ ডাইমণ্ড হাৰ্বাৰ এলেকালৈ যোৱাৰ সময়তে নেতাগৰাকীৰ বাহনত এই আক্ৰমণ ।


কেৱল জে পি নড্ডাৰ বাহনেই নহয়, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গিয়াৰ বাহনকো আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰা হৈছে ।

বিজেপিৰ পশ্চিম বংগৰ সভাপতি দিলীপ ঘোষে কয় যে, “আমি ডাইমণ্ড হাৰ্বাৰলৈ গৈ থকাৰ সময়তে তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আমাৰ বাহন আগভেটি ধৰে আৰু নাড্ডাজিৰ লগতে আন বাহনত শিলেৰে আক্ৰমণ কৰে। এয়াই তৃণমূল কংগ্ৰেছৰ চৰিত্ৰকে প্ৰতিফলিত কৰিছে।”

পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা দেখা যায় ।

সাংসদ কুইন ওজাই মুকলি কৰিলে বিজেপিৰ বিনামূলীয়া আইন সাহৰ্য্য কেন্দ্ৰ

দৈনন্দিন বাৰ্তা প্ৰতিবেদন: ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা আইন কোষে আজি বিনামূলীয়া আইন সাহৰ্য্য কেন্দ্ৰ মুকলি কৰে ৷ আজি গুৱাহাটী মহানগৰ জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ন অনুষ্ঠানত সাংসদ কুইন ওজাই আইন সাহৰ্য্য কেন্দ্ৰ মুকলি কৰে ৷ অনুষ্ঠানত গুৱাহাটী মহানগৰ জিলা সভাপতি মৃগেন শৰনীয়া, মহানগৰ জিলা আইন কোষৰ আহ্বায়ক দীপাঞ্জলী বৰা, সহ আহ্বায়ক ক্ৰমে দীপ্ত প্ৰসাদ গোশ্বামী, দেৱজিত কলিতা, জিলা সাধাৰন সম্পাদক অমৰজ্যোতি ডেকা উপস্থিত থাকে ৷ এই ক্ষেত্ৰত সাংসদ কুইন ওজাই আইন সাহৰ্য্য কেন্দ্ৰ মুকলি কৰি কয় যে, এচাম দুখীয়া পৰিয়ালে বিভিন্ন গোচৰ সন্দৰ্ভত আদলতত তাতবাটি কাটিবলগীয়া হয় ৷ আইনৰ বিষয়ে জ্ঞান নথকা লোকসকলে আদলতত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷ ইয়াৰ বাবেই বিজেপি গুৱাহাটী মহানগৰ জিলা আইন কোষে সাধাৰণ ৰাইজক বিনামূলীয়াকৈ আইনী সাহৰ্য্য প্ৰদান কৰিব ৷ ইয়াৰ ফলত যথেষ্ট দুখীয়া পৰিয়ালে বিভিন্ন গোচৰৰ আইনী সাহৰ্য্য লাভ কৰিব বুলি সাংসদ কুইন ওজাই কয় ৷ আনহাতে আইন কোষৰ আহ্বায়ক দীপাঞ্জলী বৰাই কয় প্ৰতি শনিবাৰে দিনৰ ১২-২বজালৈ মহানগৰ জিলা কাৰ্যালয়ত সাধাৰন জনসাধাৰনে বিনামূলীয়াকৈ আইনী সাহৰ্য্য লাভ কৰিব ৷ আইনী সাহৰ্য্য কেন্দ্ৰত বিভিন্ন গোচৰ সন্দৰ্ভত পৰমৰ্শ প্ৰদান কৰিব বুলি বৰাই উল্লেখ কৰে ৷ ইপিনে জিলা সভাপতি মৃগেন শৰনীয়াই অনুষ্ঠানত উপস্থিত থাকি কয়  আইনী সাহৰ্য্য প্ৰদান কৰাৰ উপৰিও জনসাধাৰণৰ মাজত এক সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হ’ব ৷ ইয়াৰ বাবেই জিলা আইনী কোষৰ প্ৰতিগৰাকী সদস্য তথা অধিবক্তা সকলক ধন্যবাদ জ্ঞাপন কৰে সভাপতি মৃগেন শৰনীয়াই ৷ উল্লেখ্য যে আইনী কোষৰ ৯ গৰাকী অধিবক্তা সহ প্ৰায় শতাধিক সদস্য অনুষ্ঠানত উপস্থিত থাকে ৷৷

হোজাইৰ বিশিষ্ট লেখিকা ৰেণুকা দেৱীৰ দ্বাৰা অনুদিত মণিপুৰী ভাষাত “শ্রী মদ্ভাগৱত গীতা” আৰু অসমীয়া ভাষাৰ “মহাকবি কালিদাস” নামৰ গ্ৰন্থৰ উন্মোচন

হোজাই, ১০ ডিচেম্বৰ : হোজাইৰ বিশিষ্ট লেখিকা ৰেনুকা দেৱীৰ দ্বাৰা মণিপুৰী ভাষাত অনুদিত “শ্রী মদ্ভাগৱত গীতা” আৰু শিশু সাহিত্য গ্ৰন্থ “মহাকবি কালিদাস” নামৰ অসমীয়া ভাষালৈ অনুবাদ কৰা দুখনি গ্ৰন্থ আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয়। হোজাই গৌৰনগৰ গাওঁত অৱস্থিত সংস্কৃত বেদ বিদ্যাপিঠৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটোৰ প্ৰথম কাৰ্যসূচী হিচাপে আমন্ত্ৰিত অতিথি সকলক আসন গ্ৰহণ কৰায়, ইয়াৰ পিছত মণিপুৰী সাহিত্য পৰিষদ নগাওঁ জিলা সমিতিৰ প্ৰাক্তন উপ সভাপতি লাইলুপ গোলাপদেৱৰ বন্তি প্ৰজ্জ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।
অসম সাহিত্য সভা হোজাই জিলা সমিটিৰ উপ-সভাপতি তথা প্ৰাক্তন প্ৰধান শিক্ষক পদ্ম কান্ত নাথৰ সভাপতিত্বত অনুষ্টিত হোৱা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত ৰেনুকা দেৱীৰ পিতৃ তথা সংস্কৃত দেব বিদ্যাপিঠৰ প্ৰাক্তন অধ্যক্ষ খেলেম্বা শাস্ত্ৰী, অসম মণিপুৰী সাহিত্য পৰিষদ হোজাই জিলা সমিটিৰ সভাপতি তেনসুবম মণিহাৰ, উপ-সভাপতি পুখ্ৰম্বম কামিনী, অসম সাহিত্য সভা হোজাই জিলা সমিটিৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰ, ‘আকাশ’ উপ-সমিতিৰ আহ্বায়িকা পদ্মিনী দাউলাগুফু আদি অতিথি সকলে আসন অলংকৃত কৰে।
অনুষ্ঠানৰ উপস্থিত ব্যক্তিসকলে ৰেণুকা দেৱী শাস্ত্রীৰ প্রয়াসক একেমুখে প্রশংসা কৰে। অনুপ কুমাৰ বৰঠাকুৰে নিজৰ বক্তব্যত কয় যে মদ্ভাগৱত গীতা মণিপুৰী সংস্কৰন মণিপুৰী পাঠকসকলে মহান শ্রী মদ্ভাগৱত গীতাৰ দর্শন বুজাত তথা ধর্মৰ প্ৰতি অনুপ্রাণিত কৰাত সহায় কৰিব। তেওঁ আৰু উল্লেখ কৰি কয় যে অসমীয়া আৰু মণিপুৰী দুয়ো সাহিত্য, সমাজ, সংস্কৃতি আদিৰ বিষয়ে যুগসুত্ৰ বজাই ৰাখিবলৈ দুয়ো সাহিত্য সভাই কাম কৰি যাব লাগিব।
হোজাইৰ বিশিষ্ট লেখিকা ৰেনুকা দেৱীয়ে “শ্রী মদ্ভাগৱত গীতা” মণিপুৰী ভাষাত অনুবাদ কৰাৰ ওপৰিও “মহাকবি কালিদাস” নামৰ শিশু সাহিত্য গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰি দুয়ো ভাষাতে নিজৰ ৰুচিৰ পাৰদৰ্শী প্ৰতিপন্ন কৰে। ১৯৭৬ চনৰ ২ জুলাইত হোজাইৰ গৌৰনগৰ গাওঁত জন্ম গ্ৰহণ কৰা ৰেণুকা দেৱী বৰ্ত্তমান এগৰাকী পেছাদাৰী সংস্কৃত শিক্ষয়িত্ৰী। শৈশৱ কালৰে পৰা সমাজ সেৱা আৰু সাহিত্য চৰ্চাত মনোনিবেশ কৰা ৰেণুকা দেৱী অকল মণিপুৰী ভাষাতে নিজকে আবদ্ধ কৰি নাৰাখি অসমীয়া, হিন্দী আৰু সংস্কৃত ভাষাৰ সাহিত্য চৰ্চাত ব্ৰতী হৈ আহিছে। সাহিত্য জগতৰ বহুমুলীু্যা অৱদানৰ বাবে Kohinoor World Book of Record ৰ স্বীকৃতপ্ৰাপ্ত River and Woman (নদী আৰু নাৰী)এ সংস্কৃত ‘সমৰ্থভাৰতম’ৰ অধীনত ভাৰতৰত্ন বাবা চাহেব ড০ আম্বেদকাৰ ফেলোচিপ নেচনেল এৱাৰ্ড পুৰস্কাৰ প্ৰাপ্ত হয়। তেখেত পূৰ্বে ‘আইবা লুপ’ অসমৰ অধীনত ‘চম্লবী থম্মোয়’ (সৰল হৃদয়) নামৰ মণিপুৰী কাব্য গ্ৰন্থ প্ৰকাশ কৰিছে। উল্লেখ্য যে মণিপুৰী সাহিত্য পৰিষদ, হোজাই জিলাৰ অধীনত প্ৰকাশ পোৱা মণিপুৰী ভাষাৰ ‘শ্রী মদ্ভাগৱত গীতা’ বৃহত্তৰ অসমৰ প্ৰথমগৰাকী ব্যক্তি আৰু অসম সাহিত্য সভা, হোজাই জিলাৰ অধীনত শিশু সাহিত্য গ্ৰন্থ ‘মহাকবি কালিদাস’ নামৰ অসমীয়া গ্ৰন্থ দুখনি জনসাধাৰনে আদৰি ল’ব বুলি আশাবাদী লেখিকা গৰাকী।

কাজাইকাটা ছুৱাপাতাত আজি একে দিনাই ৫ টা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

বিলাসীপাৰা, ১০ ডিচেম্বৰঃ ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত কাজাইকাটা ছুৱাপাতা গাওঁ পঞ্চায়তত এ আই ইউ ডি এফ দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা বিউটি জেচমিনা বেগমৰ গধুৰ দায়াবদ্ধতাৰ ফলত এম জি এনৰেখাঁ আঁচনিৰ আজি একে দিনাই কাজাইকাটা চতুৰ্থ খণ্ডত দুটা আৰু ছুৱাপাতা চতুৰ্থ খণ্ডত তিনিটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰে। উল্লেখ্য যে  উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে, ইঞ্জিনিয়াৰ আকিদুল ইছলাম,এ আই ইউ ডি এফ দলৰ জিলা কমিটিৰ উপ-সভাপতি তথা  কাজাইকাটা সমবয় সমিতিৰ  চেয়াৰমেনৰ শ্বেখ আবুল হাসেম,এ আই ইউ ডি এফ দলৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ সমষ্টি কমিটিৰ সম্পাদক ছাদেক আলী আহমেদ,আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হোসেন, আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ নমনি  লুৎফৰ ৰহমান আদিকে ধৰি দলীয় সতীৰ্থ বৃন্দৰ লগতে স্থানীয় গন্য মান্য ব্যক্তিও উপস্থিত থাকে।।

নলবাৰীত দুৰ্নীতি নিবাৰক ও নিৰীক্ষণ বিভাগৰ অভিযানত গ্ৰেপ্তাৰ বিদ্যালয় পৰিদৰ্শক

নলবাৰীত দুৰ্নীতি নিবাৰক ও নিৰীক্ষণ বিভাগে চলালে অভিযান।

নলবাৰী জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অভিযান।

বিদ্যালয় সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰানী বৰ্মনক হাতে লোতে ধৰিলে দুৰ্নীতি নিবাৰক ও নিৰীক্ষণ বিভাগে।

নলবাৰী জিলাৰ বৰভাগৰ এখন বিদ্যালয়ৰ নিৰ্মাণৰ বাবদ অহা ধনৰ কমিচন বিচাৰিছিল জ্যোৎস্না ৰানী বৰ্মনে ।

৫০ হেজাৰ টকা বিছাৰিছিল পৰিদৰ্শকজনে ।

আজি আগধন হিচাপে বিছাৰিছিল ১৫ হেজাৰ টকা ।

আজি এই আগধন লৈ থকাৰ মুহূৰ্ততে হাতে লোতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক ও নিৰীক্ষণ বিভাগে ।

বৰ্তমানেও বিষয়া গৰাকীৰ কার্যলয়ত চলি আছে জেৰা ।

ডিব্ৰুগড়ত পুৰণি পেন্সনৰ দাবীত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

মদাৰখাত, ৯ ডিচেম্বৰ : চৰকাৰী কৰ্মচাৰীসকলৰ পুৰণি পেন্সন ব্যৱস্থা বাতিল কৰি প্ৰৱৰ্তন কৰা নতুন পেন্সন নীতি বিৰোধিতা কৰি পুনৰ পুৰণি পেন্সন নীতি বাহাল ৰখাৰ বাবে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই সজোৰে চৰকাৰক দাবী জনাই আহিছে। ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই আজি ডিব্ৰুগড় জিলাৰ টিংখাঙত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক পেন্সন ব্যৱস্থাৰে কৰ্মচাৰীসকলৰ অৱসৰ পাছৰ কালছোৱা সুনিশ্চিত আৰু সুৰক্ষিত কৰাৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। জিলা সমিতিৰ সম্পাদক মনোজ মহন আৰু জিলা সংগঠক সুকুমাৰ ঘোষৰ নেতৃত্বত যোৱা এটি সঁজাতি দলে স্মাৰক পত্ৰখন প্ৰদান কৰে।