Home Blog Page 3124

নগাঁও সদৰ সমষ্টিত ৬৫ কোটি টকাৰ ব্যয় সাপেক্ষে কেইবাটাও উন্নয়ন মূলক কামৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

“গুৰুজনাৰ আৰ্দশৰে মিত্ৰজোটৰ চৰকাৰখনে অসমৰ পাহাৰ ভৈয়ামক একাকাৰ কৰি এক উন্নয়নৰ বাতাবৰণ সৃষ্টি কৰিছে।কংগ্ৰেছ দলে ৫৫ বছৰে কৰিব নোৱাৰা কাম আমাৰ চৰকাৰখনে অতি কম সময়ৰ ভিতৰতে কৰি দেখুৱালে।আমি মূল্যবোধৰ ব্যৱস্থা প্ৰবৰ্তন কৰি অসমৰ ৰাইজৰ আস্থাভাজন হৈছো।অসমৰ ৰাইজে আমাক আস্থাত লৈছে।ৰাইজৰ আস্হা আৰু আৰ্শীবাদত অসমত পুনৰ বিজেপি চৰকাৰ হব।” এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি নগাঁও চহৰত অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি উলিওৱা সা‌ংস্কৃতিক প্ৰকল্প উদ্ধোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পূৰ্বৰ ক‌ংগ্ৰেছ চৰকাৰক সমালোচনা কৰি কয় যে ,২০১৬ চনত আমি দায়িত্ব ভাৰ লোৱাৰ সময়ত ৰাজ্যৰ শাসন ব্যৱস্থা দুৰ্নীতি ভ্ৰষ্টাচাৰে সম্পূৰ্ণ ৰূপে বিধস্ত কৰি পেলাইছিল ।

পূৰ্বৰ চৰকাৰৰ শাসন যন্ত্ৰৰ ওপৰত অসমৰ জনসাধাৰণৰ আস্থা একেবাৰে নোহোৱা হৈ গৈছিল । আমি শাসনলৈ অহাৰ পাছত আমাৰ প্ৰধান দায়িত্ব আছিল শাসনযন্ত্ৰৰ ওপৰত মানুহৰ আস্থা ঘূৰাই আনা । ই আমাৰ বাবে এক প্ৰত্যাহ্বান আছিল । সততা আৰু নিষ্ঠাৰে আমি সেই প্ৰত্যাহ্বান অতিক্ৰম কৰিলো । এখন দুৰ্নীতি মুক্ত অসম গঢ়াৰ সংকল্পৰে আমি শাসন যন্ত্রৰ সংস্কাৰৰ পণ ললো ।  অসম লোকসেৱা আয়োগকে ধৰি বিভিন্ন বিভাগত সংস্কাৰ সাধন কৰাত আমি সফল হলো। 

আনহাতে দুৰ্নীতিক  সামাজিক ব্যাধি বুলি উল্লেখ কৰি মুখ্যমন্ত্রী  সোণোৱালে  কয় যে দুৰ্নীতিৰ বিৰুদ্ধে চলা অভিযানত বহুতে জেল হাজোতলৈ যাব লগা হল। দুৰ্নীতি কৰা সকল সামাজিক ব্যাধিৰ বলি বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে কংগ্ৰেছৰ শাসনত সংঘটিত দুৰ্নীতিৰ বাবে অসম্পূর্ণ হৈ থকা ৩ লাখ ইন্দিৰা আৱাস যোজনাৰ গৃহ বৰ্তমানৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে নিৰ্মাণ সম্পূৰ্ণ কৰি দুখীয়া জনসাধাৰণৰ হিত সাধন কৰা বুলিও মুখ্যমন্ত্ৰী সোণোৱালে প্ৰসংগ ক্ৰমে উল্লেখ কৰে। 

বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত সমগ্ৰ অসমত উন্নয়ণৰ বাতাৱৰণ শক্তিশালী ৰূপত গঢ় লৈ উঠা বুলি মন্তব্য কৰি মুখ্যমন্ত্রী গৰাকীয়ে ছাত্ৰী-ছাত্ৰীৰ বিনামূলীয়া নামভর্তি, পাঠ্যপুথি যোগান , স্কুটী প্ৰদানকে ধৰি শিক্ষাৰ লগতে বিভিন্ন বিভাগত গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে “ভোটৰ লালসাত নহয় অসমৰ ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে আমি ছাত্ৰ-ছাত্ৰী সকলক সবল ৰূপত গঢ় দিয়াৰ চেষ্টা চলাইছো ।

ইপিনে নগাঁও সদৰ সমষ্টিৰ উন্নয়নত বিশেষভাৱে মনোনিবেশ কৰা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ কাম কাজত সন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্রী সোণোৱালে বিধায়ক শৰ্মাই ৰাজহ সৎ ভাৱে ব্যৱহাৰ কৰা বুলিও মন্তব্য কৰে ।

গুৰুজনাৰ জন্মস্থান নগাঁও জিলাক এক পৱিত্র স্হান বুলি উল্লেখ কৰি মুখ্যমন্ত্রী গৰাকীয়ে বহু মনীষীৰ জন্মস্থান নগাঁও চহৰে এক শক্তিশালী ঐতিহ্য বহন কৰা বুলিও কয় । আনহাতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই ২০০৪ চনত আধাৰশিলা স্থাপন কৰা নগাঁও সাংস্কৃতিক প্ৰকল্পই মানৱতাৰ গীত গোৱা হাজাৰ হাজাৰ শিল্পী গঢ় দিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে ।

উদ্বোধনী অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাই বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত নগাঁও চহৰকে ধৰি সদৰ সমষ্টিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ লগতে সমষ্টিটোৰ উন্নয়ণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আগবঢ়োৱা সহযোগিতাৰ শলাগ লয় । জিলা উপায়ুক্ত কবিথা পদ্মনাভণে উদ্দেশ্য বাখ্যা কৰা সভাত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ, নগাঁও সাহিত্য সভা সভাৰ সভাপতি মিন্টু শৰ্মা উপস্থিত থাকে । নগাঁও সাহিত্য সভাৰ সম্পাদক পাপুল বৰাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্রীৰ লগতে বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় ।

ইপিনে আজি কেবাটাও কাৰ্য্যসূচী লৈ নগাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰ পূর্বে নগাঁও চহৰৰ মৰিকলঙ বিল পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে বিলৰ পাৰত আটকধুনীয়া পদপথ, শিশু উদ্যান আৰু নৌকা বিহাৰৰ ব্যৱস্থা কৰাৰ বাবে গ্ৰহণ কৰা প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰে । প্রকল্পটোৰ বাবে চৰকাৰে ২৫ কোটি ৩৪ লাখ টকা আবন্টন দিয়ে। প্ৰকল্পটোৰ কামৰ শুভাৰম্ভ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মৰিকলঙত  ৬ কোটি ৬২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া আটকধুনীয়া  বাছ আস্থানৰ কামৰো শুভাৰম্ভ কৰে।

আনহাতে  নগাঁও চহৰৰ সংস্কৃতিক প্ৰকল্প উদ্ধোধন স্হলীত মুখ্যমন্ত্ৰী গৰাকীয়ে নগাঁও চহৰৰ  কলঙৰ সৌন্দৰ্য্য বৰ্ধনৰ লগতে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সমীপৰ পৰা নগাঁও আইন মহাবিদ্যালয় পৰ্যন্ত কলঙৰ পাৰত নিৰ্মাণ হবলগা এখন আটকধুনীয়া পদসেঁতুৰ আধাৰশিলা স্থাপন কৰে।

ইয়াৰোপৰি চহৰখনৰ পানীগাঁও চাৰিআলিৰ পৰা হয়বৰগাঁও পৰ্যন্ত পদপথত টাইলচ আৰু ৰেলিং নিৰ্মাণৰ কামৰো শুভাৰম্ভ কৰে।ইয়াৰ পিচতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নগাঁও  চহৰৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰে।

‘আসাম ৰাইজিং-২০২১’ : ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট সাংবাদিক, ব্যৱসায়ি, সমাজসেৱক, শিক্ষাৰ আৰু প্রশাসনিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিক সম্বর্ধনা

গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্রত ১৩ ফেব্ৰুৱাৰী ২০২১ তাৰিখে স্বেচ্ছাসেৱী সংগঠন আলােকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ সৌজন্যত আয়ােজিত ‘আসাম ৰাইজিং-২০২১’ শীর্ষক এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ তিনিজন বিশিষ্ট ব্যক্তিক ‘আলােকপ্রভঞ্জন বঁটা’, ‘দৈনন্দিন বার্তা বঁটা’ আৰু ‘দ্য আছাম ৰাইজিং বঁটা’ প্রদান আৰু সম্বধানা জনােৱা হয়।

এই বঁটা প্রদান কার্যসূচীৰ লগতে ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট সাংবাদিক, ব্যৱসায়ি, সমাজসেৱক, শিক্ষাৰ লগত জড়িত ব্যক্তি, প্রশাসনিক ক্ষেত্ৰৰ লগত জড়িত আদি ব্যক্তিক সম্বর্ধনা জনােৱা হয়।

সংবাদক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট সাংবাদিক ভূপেন্দ্রনাথ ভট্টাচার্য, প্রাঞ্জিৎ শইকীয়া, পার্থদেৱ গােস্বামী, ৰঞ্জনলাল শর্মা, মনজিত বৰা, কৌশিক কুমাৰ ডেকা আৰু দ্বীপৰাজ পেগুক বিশিষ্ট চিন্তাবিদ ড° হিতেশ ডেকাই সম্বর্ধনা জনায়।

সমাজসেৱক মৈনাক পাত্র, ডাঃ ৰঞ্জন গগৈ আৰু ড° কিশােৰ হাজৰিকাক পদ্মশ্রী সম্মান প্রাপক এলি আহমেদে সম্বর্ধনা জনায়।

যুৱ ব্যবসায়ী হাবি মঃ চৌধুৰী, অজয় গগৈ, ঋষিৰাজ হাজৰিকা, ৰঘুবীৰ মাহাতাে আৰু নন্দগিৰি ভুঞাক বিশিষ্ট শৰীৰচর্চাবিদ মহাদেৱ ডেকাই সম্বর্ধনা জনায়।

শিক্ষা জগতৰ পুৰােধা দিগন্ত শর্মা আৰু বাবুল আলী চৌধুৰীক পদ্মশ্রী বঁটাপ্রাপক সূর্যকান্ত হাজৰিকাই সম্বর্ধনা জনায়।

আনহাতে, প্রশাসনিক ক্ষেত্রত আনন্দ প্রকাশ তিৱাৰী আৰু গৌতম দাসক সম্বর্ধনা জনায় বিশিষ্ট সমাজসেৱক তীর্থংক দাস কলিতাই। অনুষ্ঠানত গীতাঞ্জলী দাস বৈশ্যকো সম্বর্ধনা জনােৱা হয়।

বঁটা প্রদান অনুষ্ঠানৰ আৰাম্ভণী কৰা হয় এটা গণেশ বন্দনাৰে। ইয়াৰ পিছতে অনুষ্ঠানত অংশগ্রহণ কৰা মুখ্য অতিথি আৰু বিশিষ্ট অতিথিসকলক সম্বর্ধনা জ্ঞাপন কৰা হয়। বিশিষ্ট ভাস্কর্য শিল্পী বীৰেন সিংহ, পদ্মশ্রী বঁটাপ্রাপক এলি আহমেদ, সূর্যকান্ত হাজৰিকা, বিশিষ্ট সমাজকর্মী তীর্থংক দাস কলিতা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° হিতেশ ডেকা, বিশিষ্ট শৰীৰচর্চাবিদ মহাদেৱ ডেকাক আয়ােজক সমিতিৰ তৰফৰ পৰা গামােচা, চেলেং চাদৰ, ছচাইটীৰ অংগবস্ত্র আৰু এক স্মাৰকেৰে সম্বর্ধনা জনােৱা হয়।

ইয়াৰ পিছতে অনুষ্ঠানৰ বক্তি প্রজ্বলন কৰে আলােকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ মুখ্য উপদেষ্টা ডাঃ অঞ্জনজ্যোতি চৈধুৰী আৰু বিশিষ্ট সাহিত্যিক, সাংবাদিক নৰেন হাজৰিকাই।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আয়ােজক গােষ্ঠীৰ হৈ শংকৰ গােহাঁয়ে।

অনুষ্ঠানৰ শেষৰ ফালে আয়ােজক সমিতিৰ তৰফৰ পৰা প্রকাশ কৰা আদিত্য নামৰ স্মৃতিগ্রন্থখন উন্মােচন কৰে বিশিষ্ট সাহিত্যিক, সাংবাদিক, প্রজ্ঞাৰ সাধক হােমেন বৰগােহাত্রিয়ে।

লগতে আলাকপ্রভঞ্জন ৰেলফেয়াৰ ছচাইটীৰ সৌজন্যত আৰম্ভ কৰা ডি বি নিউজ নামৰ ডিজিটেল সংস্কৰণৰ শুভাৰম্ভ কৰে বিশিষ্ট চিন্তাবিদ প্রজ্ঞাৰ সাধক হােমেন বৰগােহাত্রিয়ে।

‘আসাম ৰাইজিং-২০২১’ : প্রবাসী বিশিষ্ট চিকিৎসক, সমাজকর্মী ডাঃ জয়ন্ত বিশ্ব শৰ্মালৈ ‘দ্যা আছাম ৰাইজিং বঁটা’

গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্রত ১৩ ফেব্ৰুৱাৰী ২০২১ তাৰিখে স্বেচ্ছাসেৱী সংগঠন আলােকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ সৌজন্যত আয়ােজিত ‘আসাম ৰাইজিং-২০২১’ শীর্ষক এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ তিনিজন বিশিষ্ট ব্যক্তিক ‘আলােকপ্রভঞ্জন বঁটা’, ‘দৈনন্দিন বার্তা বঁটা’ আৰু ‘দ্য আছাম ৰাইজিং বঁটা’ প্রদান আৰু সম্বধানা জনােৱা হয়।

প্রবাসী বিশিষ্ট চিকিৎসক, সমাজকর্মী ডাঃ জয়ন্ত বিশ্ব শৰ্মাৰ হৈ ‘দ্যা আছাম ৰাইজিং বঁটা’ গ্রহণ কৰে তেওঁৰ প্রতিনিধিয়ে । ‘দ্যা আছাম ৰাইজিং বঁটা’ প্রদান কৰে বিশিষ্ট সাহিত্যিক পদ্মশ্রী বঁটাপ্রাপক সূর্যকান্ত হাজৰিকাই ।

প্রৱাসত থকা ডাঃ জয়ন্ত বিশ্ব শর্মা বঁটাপ্রদান আৰু সম্বর্ধনা অনুষ্ঠানলৈ দিয়া এক ভিডিঅ ক্লিপযােগে আয়ােজক সমিতিয়ে তেওঁক বঁটাৰ বাবে বাছনি কৰা কার্যক ধন্যবাদ জনায় আৰু কয় যে, তেওঁ দেশ আৰু অসমৰ কথা বিদেশত থাকিও এক মুহুৰ্তৰ বাবেও নভবাকৈ থকা নাই। নিজৰ ভাব-চিন্তাক কৰ্মলৈ ৰূপান্তৰ কৰাৰ প্রচেষ্টাও গ্রহণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে চাকৰিৰ সময়খিনিৰ বাহিৰে বাকীখিনি সময় তেওঁ অৱসৰ বিলাসিতাৰ বাহিৰত নিজা স্বাৰ্থৰ উৰ্ধত কর্মত প্রবৃত্ত হৈ থাকে। ব্যক্তিক পৰিস্থিতিয়ে গঢ় দিয়ে বুলি মন্তব্য কৰি ডাঃ শর্মাই এই বঁটা প্রাপ্তিৰ দ্বাৰা অনাগত সময় অধিক উচ্চাহেৰে কাম কৰি যাবলৈ উৎসাহ লাভ কৰিছে বুলি মন্তব্য কৰে।

‘আসাম ৰাইজিং-২০২১’ : সমাজসংস্কাৰক পদ্মশ্রী বঁটাপ্রাপক বীৰুবালা ৰাভাক ‘দৈনন্দিন বার্তা বঁটা’

সমাজে কাটিলেও, মাৰিলেও ডাইনী হত্যাৰ প্রতিবাদ কৰি যাব : বীৰুবালা ৰাভা

গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্রত ১৩ ফেব্ৰুৱাৰী ২০২১ তাৰিখে স্বেচ্ছাসেৱী সংগঠন আলােকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ সৌজন্যত আয়ােজিত ‘আসাম ৰাইজিং-২০২১’ শীর্ষক এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ তিনিজন বিশিষ্ট ব্যক্তিক ‘আলােকপ্রভঞ্জন বঁটা’, ‘দৈনন্দিন বার্তা বঁটা’ আৰু ‘দ্য আছাম ৰাইজিং বঁটা’ প্রদান আৰু সম্বধানা জনােৱা হয়।

সমাজসংস্কাৰক পদ্মশ্রী বঁটাপ্রাপক বীৰুবালা ৰাভাক “দৈনন্দিন বার্তা বঁটা’ প্রদান প্ৰদান কৰা হয় ।

বীৰুবালা ৰাভাক ‘দৈনন্দিন বার্তা বঁটা’ প্ৰদান কৰে পদ্মশ্রী বঁটা প্রাপক এলি আহমেদে। বঁটা গ্রহণ কৰি নিজৰ বক্তব্যত কয় যে, তেওঁ বহুত সৰুৰে পৰা সমাজৰ কাৰণে কাম কৰি আহিছে। বিশেষকৈ বিবাহপাশত আৱদ্ধ হােৱাৰ পিছৰে পৰাই তেওঁৰ সমাজৰ ডাইনী প্রথা ৰােধ কৰিবলৈ চেষ্টা চলাই আহিছে। মানুহ মানুহৰ বাবে এই আদর্শৰে তেওঁ সমাজৰ প্রতি সেৱা আগবঢ়াই আহিছে। তেওঁক সমাজে কাটিলেও, মাৰিলেও ডাইনী হত্যাৰ প্রতিবাদ কৰি যাব বুলি মন্তব্য কৰে ।

আজি কালি শিক্ষা আৰু বিজ্ঞানৰ যুগ বুলি উল্লেখ কৰি ডাইনী হত্যা ৰােধৰ বাবে সমাজৰ সকলােৰে সহায়-সহযােগিতা কামনা কৰে। ২০১৫ চনত চৰকাৰে গ্রহণ কৰা ডাইনী হত্যা প্রতিৰােধ আইন গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

‘আসাম ৰাইজিং-২০২১’ : প্রজ্ঞাৰ সাধক হােমেন বৰগােহাঞিক ‘আলােকপ্রভঞ্জন বটা’

আলোকপ্ৰভঞ্জন বঁটা গ্ৰহণ কৰি প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞিয়ে অসমীয়া সমাজক আত্মসমালোচনাৰে আগুৱাই যাবলৈ আহ্বান জনায়

গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্রত ১৩ ফেব্ৰুৱাৰী ২০২১ তাৰিখে স্বেচ্ছাসেৱী সংগঠন আলােকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ সৌজন্যত আয়ােজিত ‘আসাম ৰাইজিং-২০২১’ শীর্ষক এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ তিনিজন বিশিষ্ট ব্যক্তিক ‘আলােকপ্রভঞ্জন বঁটা’, ‘দৈনন্দিন বার্তা বঁটা’ আৰু ‘দ্য আছাম ৰাইজিং বঁটা’ প্রদান আৰু সম্বধানা জনােৱা হয়।

ৰাজ্যৰ বিশিষ্ট সাংবাদিক সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, প্রজ্ঞাৰ সাধক হােমেন বৰগােহাঞিক ‘আলােকপ্রভঞ্জন বটা’ প্ৰদান কৰা হয় । হােমেন বৰগােহাঞিক ‘আলােকপ্রভঞ্জন বঁটা’ প্রদান কৰে বিশিষ্ট স্থপতিবিদ, শিল্পী বীৰেন সিংহই ।

বঁটাপ্রাপকসকলক আয়ােজক সমিতিৰ ফালৰ পৰা একোখনকৈ গামােচা, চেলেংচাদৰ, আলােকপ্রভঞ্জন রেলফেয়াৰ ছচাইটাৰ অংগবস্ত্র, বঁটা, প্রশস্তি পত্র, শৰাই, জাপি আৰু মাননীৰে সম্বর্ধনা জ্ঞাপন কৰা হয়।

আলােকপ্রভঞ্জন বটা গ্রহণ কৰি বিশিষ্ট সাংবাদিক, সাহিত্যিক প্রজ্ঞাৰ সাধক হােমেন বৰগােহাঞিয়ে বর্তমান অসমত এক বৌদ্ধিক শূন্যতাই বিৰাজ কৰিছে বুলি মন্তব্য কৰে। নিজৰ ভাষণত তেওঁ কয় যে ‘অসমত যােৱা বহু বছৰ ধৰি এক বৌদ্ধিক শূন্যতাই বিৰাজ কৰিছে। আহাৰ-শাওণ মাহৰ নদী যেনেকৈ পুহ-মাঘ মাহত শুকাই চেৰচেৰীয়া হয় তেনে অসমৰ সমাজ জীৱনতাে এক বৌদ্ধিক শূন্যতাই বিৰাজ কৰিছে। কেৱল বৈষয়িক উন্নতিতে এখন সমাজে নিজকে সুস্থ বুলি দাবী কৰিব নােৱাৰে বুলি মন্তব্য কৰি হােমেন বৰগােহাঞিয়ে কয় যে অসমত বর্তমানে বহুত উন্নতি হৈছে। আগৰ তুলনাত অসমখন নদন-বদন হৈছে। কিন্তু অসমৰ সভ্যতা সংস্কৃতিলৈ যিধৰণৰ বৰঙণি আগবঢ়াই, এখন সমাজে, এটা জাতিয়ে নিজকে সন্মানৰ যােগ্য কৰি তুলিব পাৰে সেই ধৰণৰ ঘটনা অসমত বহু বছৰ ধৰি হােৱা নাই। এখন সমাজৰ বৈষয়িক উন্নতিয়ে নিজকে এখন সুস্থ সমাজ বুলি দাবী কৰিব নােৱাৰে।

চুইজাৰলেণ্ড আৰু ইটালীৰ উদাহৰণ দাঙি ধৰি হােমেন বৰগােহাঞিয়ে চুইজাৰলেগুত যােৱা ৭০০ বছৰ ধৰি শান্তি বিৰাজ কৰিছে যদিও তাত বিগত ৭০০ বছৰ ধৰি কোনাে উল্লেখযােগ্য সাহিত্য, শিল্প, সংগীত আদিৰ সৃষ্টি হােৱা নাই। আনহাতে, ইটালীত ডেৰশ বছৰ ধৰি গৃহযুদ্ধই বিৰাজ কৰিছিল যদিও তাত উল্লেখযােগ্য সাহিত্য, সংস্কৃতিৰ সৃষ্টি তাৰ লােকসকলে বিশ্বজুৰি অখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে। অসমীয়া জাতিৰ, অসমীয়া সমাজৰ ভৱিষ্যৎ অন্ধকাৰচ্ছন্ন বুলি মন্তব্য কৰি প্রজ্ঞাৰ সাধকগৰাকীয়ে কয় যে অসমীয়া জাতিয়ে এতিয়াও কাম কৰিবলৈ শিকা নাই, পৰিশ্ৰম কৰিবলৈ শিকা নাই, কোনাে এটা কাম সুদীর্ঘদিন ধৈর্য্য ধৰি কৰিবলৈ শিকা নাই। বিদেশৰ কথাটো বাদেই আমাৰ ভাৰতবে মাৰাঠী, উৰিয়াসকলে যিদৰে উন্নতি কৰিছে অসমীয়া মানুহে তেনে কৰিবলৈ সক্ষম হােৱা নাই। অসমীয়া মানুহে নিজকে আত্মসমালােচনা কৰিব লাগিব আৰু এই আত্মসমালােচনা কৰি আমি যে পিছপৰি আছাে সেই কথা চিন্তা কৰি অসমীয়া জাতি আগবাঢ়ি যাব লাগিব।

২১ত কোনে শেষ হাঁহি মাৰিব মাজুলী সমষ্টিত !

‘২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ আৰু ৫০টা দিন। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে নদীদ্বীপ মাজুলী সমষ্টিটো তুংগত হৈ উঠিছে নিৰ্বাচনী কুচকাৱাজ। যোৱা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটেৰে জয় লাভ কৰা সৰ্বানন্দ সোণোৱালৰ বাবে ‘২১ৰ নিৰ্বাচন এক বৃহৎ প্ৰত্যাহ্বান যে হ’ব সেইটো নিশ্চিত।

‘মাজুলী’ মহকুমাক জিলা হিচাপে ঘোষণা কৰিয়ে যোৱা কেইবাটাও বছৰ নীৰৱ ভূমিকা পালন কৰা সোণোৱালৰ যোৰহাট-মাজুলী সংযোগী দলঙ নিৰ্মাণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিও বৰ্তমান প্ৰায় কাৰ্যকৰী অৱস্থালৈ আগবাঢ়িছে। তদুপৰি শেষৰ দুটা দশক যদি লক্ষ্য কৰা যায়, যোৱা ৪টা বছৰতে মাজুলী সমষ্টিৰ স্থল পথসমূহ যথেষ্ট স্বাভাবিক হৈছে বুলি অনুমান কৰিব পাৰি। আনহাতে উক্ত সমষ্টিটোৰ পৰাই ৰাজ্যৰ প্ৰাক্তন জলসম্পদ মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে কংগ্ৰেছ দলৰ হৈ ‘২১ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত। ৰাইজৰ দল আৰু এজেপি মিত্ৰজোঁটৰ হৈ সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাক্তন নেতা তথা বৰ্তমানৰ এজেপি দলৰ শিশুধৰ দলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰকট।‌এনে পৰিপ্ৰেক্ষিতত সৰ্বানন্দ সোণোৱালে কিদৰে ৰণকৌশল ৰচনা কৰে সেইয়া সময়তহে লক্ষণীয় হ’ব। আনহাতে সমষ্টিটোৰ পৰা বিজেপি দলৰ হৈ যদি সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দিতা নকৰে তেন্তে বিজেপি মিত্ৰজোঁটৰ হৈ গণ শক্তি দলৰ ৰণোজ পেগুৱেই প্ৰতিদ্বন্দিতা কৰাটো একপ্ৰকাৰৰ নিশ্চিত। অৱশ্যে ৰাজীৱ লোচন পেগু, শিশুধৰ দলে আৰু ৰণোজ পেগুৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দিতা হ’লে মিছিং সম্প্ৰদায়ৰ ভোট বিভাজনে বিজেপি দলটোক শলকেঠত পেলাব। কিন্তু এটা কথা নিশ্চিত যে বিজেপি দলৰ প্ৰতি সমষ্টিবাসীৰ আস্থা বৰ্তমানৰ দৰে প্ৰকট থাকিলে সমষ্টিটোৰ পৰা সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দিতা কৰিলে শেষ হাঁহি মৰাটো নিশ্চিত।

প্ৰেমৰ জালত পেলাই বৰ্হিৰাজ্যত বিক্ৰীৰ পৰিকল্পনা কিশোৰীক

দেশৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে লাভজেহাদৰ দৰে ঘটনা সংঘটিত হোৱা বুলি ব্যাপক চৰ্চা চলি থকাৰ সময়তে এইবাৰ নগাঁৱতো এনে ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে।প্ৰাপ্ত খবৰ মতে নগাঁও জিলাৰ ননৈৰ বাবুল খান নামৰ এজন যুৱকে ফেচবুকত নিজকে বাবুল দাস বুলি পৰিচয় দি নগাঁৱৰ ৰহাৰ এগৰাকী কিশোৰীক প্ৰেমৰ জালত পেলায়। বৰ্তমান বৰ্হিৰাজ্যত কৰ্মৰত যুৱকজনৰ পৰিয়ালৰ লোকে কালি নিশা ৰহাৰ পৰা কিশোৰীগৰাকীক পলুৱাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। কিশোৰীগৰাকীক পলুৱাই নিয়াৰ পিছত কালি নিশাই নগাঁৱৰ আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰে। বাবুল খান নামৰ যুৱকজনে নিজকে বাবুল দাস বুলি পৰিচয় দি  হিন্দু ধৰ্মাৱলম্বী কিশোৰীগৰাকীৰ সৈতে  ফেচবুকত চিনাকি হোৱাৰ পিছত প্ৰেমত পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। আনকি বাবুল খান নামৰ যুৱকজনে কিশোৰীগৰাকীক বহিঃৰাজ্যত নি বিক্ৰীৰ পৰিকল্পনা কৰাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।নগাঁৱত এনে ঘটনা পূৰ্বতে সংঘটিত হোৱা বুলিও জানিব পৰা গৈছে।

আদালতৰ ৰায় অৱমাননা শিক্ষাবিভাগৰ

ৰাজ্য চৰকাৰে টেট উত্তীৰ্ণ নতুন নিযুক্তি আৰু বিদ্যালয় প্ৰদেশিকৰণেৰে এক বৃহৎ নতুন চমক সৃষ্টি কৰাৰ সময়তে অন্যায়ভাবে এগৰাকী টেট উত্তীৰ্ণ শাৰীৰিক ভাবে অক্ষম মহিলাক নিযুক্তিৰ পৰা বঞ্চিত কৰাৰ খবৰ পোহৰলৈ আহিছে । 

ৰাজ্যখনৰ সৰ্বশিক্ষা মিচন ডাইৰেক্টৰে বিগত বৰ্ষৰ ২৪ছেপ্টেম্বৰ তাৰিখে নিযুক্তিৰ বাবে ঘোষণা কৰা বিজ্ঞাপন মৰ্মে শ্বৰিফা খাতুন নামৰ টেট উত্তীৰ্ণ শাৰিৰীক ভাবে অক্ষম মহিলা গৰাকীয়ে জ’ন-৩ যোগ্যতা অৰ্জনেৰে মৰিগাও জিলাত উচ্চ প্ৰাথমিক বিদ্যালয়ত আবেদন নং.২০০০৬০৯৮ মৰ্মে আবেদন কৰে আৰু সেইমৰ্মে দ্বিতীয় প্ৰাথমিক বাচনি তালিকাত মৰিগাও জিলাৰ দুটা শাৰীৰিক ভাবে অক্ষম ব্যক্তিৰ বাবে সংৰক্ষিত পদৰ বিপৰীতে এটাত এই মহিলা গৰাকীৰ নাম বাচনিত অন্তৰ্ভুক্ত হয়।

কিন্তু অতি পৰিতাপৰ বিষয়যে, ৫০ বছৰ পৰ্যন্ত নিযুক্তিৰ বাবে আবেদন কৰিব পৰা এই মহিলা গৰাকীয়ে ৪০ বছৰ পিছত ডিএল এড,শিক্ষক প্ৰশিক্ষণ ডিগ্রী লোৱাৰ অজুহাত দেখুৱাই যোৱা চলিত বৰ্ষৰ ৬জানুৱাৰীত গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত  অনুষ্ঠীত হোৱা নথি পৰীক্ষণ অনুষ্ঠানত এই মহিলা গৰাকীৰ নাম চূড়ান্ত বাচনি তালিকাত বাদ পেলাই ।

উল্লেখনীয় যে, যি সময়ত শাৰীৰিক ভাবে অক্ষম প্ৰাৰ্থীয়ে ৫০ বছৰ বয়স পৰ্যন্ত চাকৰিৰ বাবে আবেদন কৰিব পাৰে ঠিক তেনেসময়ত  ৪০ বছৰ বয়সৰ পিছত ডি এল এড উত্তীৰ্ণ হোৱাৰ বাবে নিযুক্তিৰ পৰা বঞ্চিত কৰাটো অযুক্তিকৰ । মৰিগাঁও জিলাৰ লাহৰিঘাটৰ গৰখীয়াখুটি(কাঠনি)নিবাসী এই শাৰিৰীক ভাবে অক্ষম প্ৰাৰ্থী গৰাকীয়ে হতাশা আৰু নিৰাশাত ভুগি গুৱাহাটী উচ্চ ন্যায়ালয়ত ডব্লিউ (পি চি) ৩৮০/২০২১ নম্বৰত এক গোচৰ কৰে । আদালতে শুনানি গ্ৰহণ কৰি চলিত বৰ্ষৰ ২১ ফেব্ৰুৱাৰী তাৰিখে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে লগতে চূড়ান্ত শুনানি নোহোৱা পৰ্যন্ত জিলাখনৰ এই দুটা পোষ্টৰ বিপৰীতে নিযুক্তি স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰিছে  । কিন্তু আদালতৰ এই ৰায়ক   বৃদ্ধা্ংগুষ্ঠ দেখুৱাই যোৱা৫ফেব্ৰুৱাৰী/২০২১তাৰিখে এই পদ দুটাৰ বিপৰীতে নিযুক্তি প্ৰদান কৰে। এনে অন্যায় পূৰ্বক নিযুক্তিয়ে ৰাজ্য চৰকাৰকৰ নিকা ভাবমূৰ্তি এক অমোচনীয় কালিমাহে সানিছে বুলি সৰ্বত্ৰে চর্চিত হৈছে । সেয়েহে টেট উত্তীৰ্ণ হৈ বাচনি তালিকাত নাম থকা এই শাৰীৰিক ভাবে অক্ষম মহিলা গৰাকীক শিক্ষা বিভাগে নিযুক্তি দিবলৈ পৰিয়ালটোৱে   শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছে।

পুলুৱামা আক্ৰমণৰ দুবছৰ সম্পূৰ্ণ

কাশ্মীৰৰ সেই ৰক্তাক্ত দিনটোত দেশে হেৰুৱাইছিল ৪০জনকৈ বীৰ সন্তানক। ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰিত কাশ্মীৰৰ পুলুৱামাত চিআৰপিএপৰ কনভয়ত চলোৱা হৈছিল ভয়ংকৰ আক্ৰমণ। শ্বহীদ হৈছিল ৪০জনকৈ জোৱান।

আত্মঘাতী বোমা আক্ৰমণকাৰীৰ গাড়ীয়ে চিআৰপিএফৰ কনভয়ত খুন্দা মাৰিছিল। এই আক্ৰমণত ৪০জন জোৱানৰ মৃত্যু হৈছিল।

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এ চাৰ্জশ্বীট দাখিল কৰে। পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদৰ নেতা মাছুদ আজাহাৰ আৰু তেওঁৰ ভাতৃ ৰৌফ আজগৰৰ নাম মূল ষড়যন্ত্ৰকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।

পুলুৱামা আক্ৰমণত ব্যৱহাৰ হোৱা আৰ ডি এক্স পাকিস্তানৰ পৰাই যে আহিছিল তাৰ প্ৰমান তদন্তকাৰী সংস্থাটোৱে দাখিল কৰিছে। সেইদৰে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ প্ৰমানো এন আই এ দাঙি ধৰিছে।

আনহাতে, ঘটনাৰ সৈতে জড়িত হোৱাটছএপ চ্যাট, মোবাইলত ৰেকৰ্ড কৰা ভিডিঅ’, কল লিষ্টকে ধৰি এন আই এৰ হাতত বহুত প্ৰমান আছিল।

এন আই এৰ ষড়যন্ত্ৰকাৰীসকলৰ তালিকাত প্ৰায় ২০ জনৰ নাম আছে। ইয়াৰ মাজত আদিল আহমেদ ডৰ, চাকিব বছিৰ মাৰগ্ৰে, মহম্মদ ইকবাল, বিলাল আহমেদ কুচে আৰু ওমৰ ফাৰুক। তদুপৰি, চাৰ্জশ্বীটত লস্কৰৰ কেইবাজনো স্থানীয় কৰ্মীৰ নামো আছে।

পুলুৱামাৰ সেই ভয়ংকৰ ঘটনাৰ আজি দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশবাসীয়ে শ্বহীদ বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছে।

বটদ্ৰৱা কংগ্ৰেছে এৰি নিদিয়ে আঞ্চলিক গণমৰ্চাক, নগাঁৱত কংগ্ৰেছৰ অসম বচাওক অভিযান

বটদ্ৰৱাত আমাৰ কংগ্ৰেছ দলৰ ভেটি যথেষ্ট শক্তিশালী, সেয়ে বটদ্ৰৱাত আমি নিৰ্বাচন খেলাটো খাটাং, বটদ্ৰৱা এৰি দিয়াৰ প্ৰশ্নই নুঠে”- এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা বটদ্ৰৱাৰ প্ৰাক্তন বিধায়ক গৌতম বৰাৰ। আজি গুৰুজনাৰ জন্মস্থান বৰদোৱা থানৰ পৰা নগাঁৱৰ ধিং গেটত পথসভা কৰি উভতাৰ পথত কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখতে এই মন্তব্য নেতা গৰাকীৰ। উল্লেখযোগ্য যে, মিত্ৰজোটে বটদ্ৰৱা আসনখন আঞ্চলিক গণমৰ্চাক এৰি দিয়াৰ কথা প্ৰায় নিশ্চিত হোৱাৰ পিচতো বটদ্ৰৱাত প্ৰাৰ্থিত্ব বিচাৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা গৌতম বৰা, শিৱামণি বৰা আৰু অভিজিৎ বৰাই আবেদন দাখিল কৰিছে। সেয়ে বটদ্ৰৱাত প্ৰস্তাৱিত মহাজোটৰ অংকত আউল লগাৰ সম্ভাৱনাই দেখা দিছে। কেন্দ্ৰীয় নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্য্যবেক্ষক জিতেন্দ্ৰ সিঙ, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ ৰিপুণ বৰা, বিৰোধী দলৰ প্ৰাক্তন দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত আৰম্ভ হোৱা এই অসম বচাও অভিযানত উপস্থিত থাকে নগাঁৱৰ প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱা, চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা শান্তনু শৰ্মাৰ লগতে নগাঁও জিলা কংগ্ৰেছৰ বিষয়ববীয়াক