Home Blog Page 3130

বিয়াৰ প্ৰলোভনেৰে শিক্ষকে যৌন নিৰ্যাতন চলালে একাদশ শ্ৰেণীৰ ছাত্ৰীক

শিক্ষকতাৰ বৃত্তিৰ ওপৰত পুনৰ কালিমা সানিলে এজন লম্পট শিক্ষকে। ঘটনাটো গুজৰাট । এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীক বিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতন চলাই আছিল শিক্ষকে।

কিন্তু বিয়াৰ সময়ত ২৭ বছৰীয়া লম্পট শিক্ষকে বেলেগৰ লগত বিবাহপাশত আৱদ্ধ হ’লৈ লওঁতেই হুৱা-দুৱা লাগে। মযুৰ ৰাণা নামৰ লম্পটটোৰ গণিতৰ শিক্ষক আছিল।

ছাত্ৰীগৰাকীৰ অভিযোগত ভিত্তিত ময়ুৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পকছো আইৰ অধীনত আৰক্ষীয়ে সোমাবাৰে গ্ৰেপ্তাৰ কৰি ময়ুৰক সোধ পোছ অব্যাহত ৰাখিছে।

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়স্থিত লামহাও ডুংগেলক পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP (অপৰাধ)শাখাৰ দায়িত্ব।

পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP (সীমান্ত) অমৰ চৌধুৰীক শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।

শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নুমল মাহাত্তক পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP(পশ্চিম)ৰ দায়িত্বভাৰ।

শিৱসাগৰ লিগিৰীপুখুৰীৰ 25th AP(ONGC)Bn.ৰ 2 I/C বিতুল চেতিয়াক ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ)হিচাপে বদলি।

অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ আছিফ আহমেদক কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(HQ)ৰ দায়িত্ব।

কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শ‌ইকীয়াক পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP(ADMN.)ৰ দায়িত্ব।

পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP(ADMN.)ৰ পনজিৎ দুৱৰাক মাণ্ডাকাটাস্থিত কামাণ্ডো বেটালিয়নৰ ডেপুটি কামাণ্ডেন্টৰ দায়িত্ব।

যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালক কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(HQ) হিচাপে বদলি৷

কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাক ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।

ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানবেন্দ্ৰ গগৈক যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।

পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP(যান-বাহন) মৃন্ময় গোস্বামীক যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(HQ) ৰ দায়িত্ব।

কাহিলিপাৰাৰ 4th APBn ৰ 2 I/C মাধুৰিমা দাসক পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP(traffic) ৰ দায়িত্ব।

পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP(west) সুপ্ৰতিভ লাল বৰুৱাক কাহিলিপাৰাস্থিত 10th APBn ৰ 2 I/C হিচাপে বদলি।

মাণ্ডাকাটাস্থিত কামাণ্ডো বেটালিয়নৰ ডেপুটি কামাণ্ডেন্ট বিবেকানন্দ দাসক পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP(পূৱ)ৰ দায়িত্বভাৰ

বৰপেটা হাওলিৰ 4th APTF Bn. ৰ 2 i/c আৰিফ আহমেদক শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব৷

বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আব্দুছ ছামাদ হুচেইনক হাওলিৰ 4th APTF Bn. ৰ 2 i/c ৰ দায়িত্ব।

কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰভ কুমাৰ আগৰৱালাক বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।

ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিত্য ৰঞ্জন চুতীয়াক তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(নিৰাপত্তা)হিচাপে বদলি৷

শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব৷

শিলচৰস্থিত অসম বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ SSP(সীমান্ত) ফৈজ আহমেদ বৰভূঞাক কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।

কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰশান্ত দত্তক শিলচৰস্থিত অসম বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ SSP(সীমান্ত)ৰ দায়িত্ব।

তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডেভিদ নিঙাইটেক ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(নিৰাপত্তা)হিচাপে বদলি।

দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱী মজুমদাৰক মৰিগাঁৱৰ 16th AP(IR)Bn. ৰ 2 i/c ৰ দায়িত্বভাৰ৷

কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ ৫০ লাখ কৰ্মচাৰী আৰু ৬১ লাখ পেঞ্চনাৰৰ বাবে চলিত মাহতে DA বৃদ্ধি ঘোষণাৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰেই আহিব পাৰে সুখবৰ । কিয়নো অতিশীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে ৫০ লাখ কৰ্মচাৰী আৰু ৬১ লাখ পেঞ্চনাৰৰ DA বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। চলিত মাহতেই চৰকাৰে ৪ শতাংশ DA বৃদ্ধি ঘোষণাৰ সম্ভাৱনা আছে। যিয়ে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিব।

AICPIৰওপৰত আধাৰ কৰি কোৱা হৈছে যে, চৰকাৰে DA ৪% বৃদ্ধি কৰিব পাৰে। যিয়ে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক পোনপটীয়াকৈ লাভান্বিত কৰিব। ৭ম বেতন আয়োগৰ মতে, যদি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ DA ৪ শতাংশ বৃদ্ধি হয়, তেন্তে তেওঁলোকৰ ট্ৰেভেল এলাউন্স অৰ্থাত্ TA ও ৪ শতাংশ বৃদ্ধি হ’ব।

অৱশ্যে, কেন্দ্ৰীয় কৰ্মচাৰীসকলক ১জুলাই ২০২০ ৰ পৰা ১ জানুৱাৰী ২০২১লৈ DA দিয়া নহ’ব । উল্লেখ্য যে, কেন্দ্ৰই ২০২০ চনৰ এপ্ৰিলত ক’ৰোনা সংকটৰ বাবে DA নিষিদ্ধ কৰাৰ লগতে ২০২১ৰ জুনলৈকে কৰ্মচাৰীসকলক DA দিয়া নহ’ব বুলি ঘোষণা কৰিছি।ললক্ষণীয় দিশটো হ’ল যে, এই বৃদ্ধিৰ পাচতে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বৰ্তমানৰ DA ১৭ শতাংশ শতাংশৰ পৰা ৪ শতাংশ বৃদ্ধিৰ পিছত ২১ শতাংশ হ’ব আৰু TAৰ পৰিমাণো ৪ শতাংশ বৃদ্ধি হ’ব। ইয়াৰ ফলত কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনধাৰীৰ পেঞ্চন বৃদ্ধি হ’ব। যিহেতু কেন্দ্ৰীয় কৰ্মচাৰীসকলক বৰ্তমানে DA আৰু DR পৰিশোধ কৰা হোৱা নাই। তেনেস্থলত ইয়ে দিব কৰ্নচাৰীসকলক সকাহ |ইপিনে কেন্দ্ৰই সময়ত DA সংশোধন কৰে আৰু মৌলিক দৰমহাৰ আধাৰত DA গণনা কৰা হ’ব। ইয়াক জানুৱাৰী আৰু জুলাইত বছৰত দুবাৰ ঘোষণা কৰা হয়।

নিৰ্বাচনলৈ মাজত মাথোঁ এটা মাহ,প্ৰদেশ কংগ্ৰেছৰ ডিজিটেল নিৰ্বাচনী প্ৰচাৰ আৰম্ভ

উখল–মাখল ৰাজীৱ ভৱন৷বিধানসভাৰ নিৰ্বাচনলৈ মাজত এটা মাহ বাকী থকাৰ সময়ত প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰি দিলে ডিজিটেল নিৰ্বাচনী প্ৰচাৰ৷ ইয়াৰ অংশ হিচাপে মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ কমিটীৰ অধ্যক্ষ সাংসদ গৌৰৱ গগৈয়ে মুকলি কৰে ‘অসম বচাওঁ আহক’ শীৰ্ষক এক ৱেবছাইটৰ৷ গৌৰৱ গগৈয়ে ক’লে – ৰাইজে বিচৰা মতে কংগ্ৰেছে ইস্তাহাৰ প্ৰস্তুত কৰিব আৰু তাক চৰকাৰ গঠনৰ পাছত ৰূপায়ণ কৰিব৷বিধানসভাৰ নিৰ্বাচনলৈ মাজত এটা মাহ বাকী থকাৰ সময়ত প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰি দিলে ডিজিটেল নিৰ্বাচনী প্ৰচাৰ৷ ইয়াৰ অংশ হিচাপে মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ কমিটীৰ অধ্যক্ষ সাংসদ গৌৰৱ গগৈয়ে মুকলি কৰে ‘অসম বচাওঁ আহক’ শীৰ্ষক এক ৱেবছাইটৰ৷

গৌৰৱ গগৈয়ে ক’লে – ৰাইজে বিচৰা মতে কংগ্ৰেছে ইস্তাহাৰ প্ৰস্তুত কৰিব আৰু তাক চৰকাৰ গঠনৰ পাছত ৰূপায়ণ কৰিব৷ সেয়ে ৰাজীৱ ভৱনলৈ তাত-বাতি কাঢ়িবলৈ আৰম্ভ কৰিছে টিকট প্ৰত্যাশীয়ে৷ ইপিনে ইস্তাহাৰ প্ৰস্তুতত ব্যস্ত ইস্তাহাৰ কমিটীৰ অধ্যক্ষ সাংসদ গৌৰৱ গগৈ৷ মঙলবাৰে গৌৰৱ গগৈয়ে ইস্তাহাৰ কমিটীৰ অধ্যক্ষ হিচাপে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সৈতে প্ৰথমখন সংবাদমেল আয়োজন কৰে৷ এই সংবাদমেলত মুকলি কৰে ‘অসম বচাওঁ আহক’ শীৰ্ষক এক ৱেবছাইটৰ৷ ডিজিটেল প্ৰচাৰৰ অংশ হিচাপে প্ৰদেশ কংগ্ৰেছে বিচাৰিছে ৰাইজৰ পৰা পৰামৰ্শ৷

নিজ নিজ অঞ্চলৰ সা-সমস্যাক দাঙি ধৰি ৰাইজে দুই মিনিটৰ একোটা ভিডিঅ’ প্ৰেৰণ কৰিব পাৰিব প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ কমিটীলৈ৷ সেই হিচাপত উত্তম ভিডিঅ’ প্ৰেৰণ কৰা ব্যক্তিলৈ আগবঢ়াব আইফোন পৰ্যন্ত পুৰস্কাৰ৷

যোৰহাট-মাজুলী সংযোগী নতুন দলং নিৰ্মাণত অনুমোদন

যোৰহাট-মাজুলী সংযোগী নতুন দলং নিৰ্মাণত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে অনুমোদন জনাইছে।

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰি কয় যে ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ৪ বছৰত সম্পূৰ্ণ কৰা হ’ব।

বিজেপি চৰকাৰৰ কাৰ্যকাল সমাপ্ত হ’ব কেতিয়া !

অসম বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দল নামি পৰিছে নিজা নিজা ৰণকৌশলত।

ইয়াৰ মাজতে সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে কেতিয়ালৈ অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ? উল্লেখ্যে যে, কিছুদিন পূৰ্বে নিৰ্বাচনী আয়োগৰ অধিকাৰী অসমলৈ আহিছিল ।

ভাৰতৰ নিৰ্বাচনী আয়োগে চলিত বৰ্ষৰ শেষৰ পিনে নিৰ্বাচনৰদিন ঘোষণা কৰিব পাৰে। উল্লেখ্য যে, আগন্তুক সময়চোৱাত নিৰ্বাচনী আয়োগে অসম, তামিলনাডু, পশ্চিম বংগ, পণ্ডুচেৰী আৰু কেৰেলাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰে।

নিৰ্বাচনী আয়োগৰ মতে অসমত ৩১ মে’ ২০২১ত চৰকাৰৰ কাৰ্যকাল শেষ হ’ব ।

সোমবাৰে পানবজাৰ মহিলা থানাত উপস্থিত হ’ল শিল্পী জুবিন গাৰ্গ

জুবিনৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগে নিজাববীয়াকৈ ৰুজু কৰিছিল গোচৰ। 3/21 নম্বৰৰ গোচৰ সন্দৰ্ভত আৰক্ষী আয়ুক্তক তদন্তৰ নিৰ্দেশ দিছে আয়োগে। সোমবাৰে  পানবজাৰ মহিলা থানাত উপস্থিত হ’ল শিল্পী জুবিন গাৰ্গ।। আয়োগৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

তদন্ত কালত সোধা পোছাৰ বাবে জুবিন গাৰ্গক মহিলা থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে আৰক্ষীৰ। আৰু আৰক্ষীৰ নিৰ্দেশ মতে থানাত উপস্থিত হয় শিল্পীগৰাকী। আৰক্ষী থানাত প্ৰায় ১০ মিনিট সময় থাকিবলগীয়া হয় জুবিন গাৰ্গ। কিন্তু থানাৰ পৰা ওলাই আহি জুবিন গাৰ্গে সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

উল্লেখ্য যে, অভিনেত্ৰী নিশিতা গোস্বামী আৰু প্ৰস্তুতি পৰাশৰ সন্দৰ্ভত অশ্লীল মন্তব্য দিয়াৰ অভিযোগত মহিলা আয়োগৰ ৰোষত পৰিছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী।

চিকিৎসকৰ গাফিলতিৰ বাবেই প্ৰসূতিৰ মৃত্যু, নগাঁৱৰ জি ডি নাৰ্ছিং হ’মত উত্তপ্ত পৰিস্থিতি

এগৰাকী প্ৰসূতি মাতৃৰ  মৃত্যুক কেন্দ্ৰ কৰি সোমবাৰে নগাঁও চহৰৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্ছ চেন্টাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।ৰোগীৰ আত্মীয় আৰু আন একাংশ লোক উত্তেজিত হৈ পৰি নাৰ্ছিহোম খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত আৰক্ষী আহিহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগীয়া হয় ৷ জানিব পৰা মতে, নগাঁও জিলাৰ জাজৰিৰ মমতা দাস নামৰ এগৰাকী মহিলাই দুদিন পূৰ্বে এটি সন্তান প্ৰসৱ কৰিছিল।প্ৰসৱৰ ‌পাছতেই মহিলা গৰাকী অসুস্থ হৈ পৰাত দুদিন পূৰ্বে তেঁওক নগাঁও চহৰৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্ছ চেন্টাৰ নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰসূতি গৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। তাৰ পাছতো তেওঁ সুস্থ হৈ নুঠাত পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ বিচাৰে যদিও নাৰ্ছিং হোম কৰ্তৃপক্ষই ৰোগীৰ আত্মীয়ক “ইয়াতে ভাল হ’ব” বুলি আশ্বাস দি নাৰ্ছিং হোমৰ ভেন্টিলেটৰতহে ৰাখি থয় বুলি ৰোগীৰ আত্মীয়ই অভিযোগ কৰে। কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে আজি প্ৰসূতি মাতৃ গৰাকীৰ মৃত্যু হয়। ইয়াৰ লগে লগেই প্ৰসূতি গৰাকীৰ আত্মীয় জাঙুৰ খাই উঠে। প্ৰসূতি মাতৃ গৰাকী ভুল চিকিৎসা, চিকিৎসকৰ গাফিলতি আৰু নাৰ্ছিং হ’ম কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷  মহিলা গৰাকীৰ পৰিয়ালে লগতে অভিযোগ উত্থাপন কৰি কয় যে, একমাত্ৰ ধনৰ লালসাতে জিডি নাৰ্ছিংহ’ম কৰ্তৃপক্ষই মহিলাগৰাকীক পৰিকল্পিত ভাবে নগাঁৱত ৰখাৰ লগতে ভুল চিকিৎসা কৰিছিল। লগতে তেওঁ লোকে মহিলা গৰাকীৰ মৃত্যুৰ সন্দৰ্ভত এক তদন্তৰো  দাবী তোলে ৷ ইফালে, প্ৰসূতি গৰাকীৰ মৃত্যুৰ পাছত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ সন্দৰ্ভত নাৰ্ছিংহোম খনৰ এজন কৰ্মচাৰীয়ে অবাঞ্চিত মন্তব্য কৰাত ক্ষোভিত হৈ পৰে মহিলা গৰাকীৰ আত্মীয় সকল আৰু অন্য লোকসকল ৷

হয়বৰগাঁৱত ব্ৰাউন ছুগাৰ সহ আটক ৩ ড্ৰাগছ ব্যৱসায়ী

ড্ৰাগছৰ ঘাটি হিচাপে পৰিচিত হোৱা নগাঁৱত আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান। বিশেষকৈ নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত এলেকা সমূহত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাইছে কঠোৰ অভিযান।

আজি নগাঁৱৰ চলচলিত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুলক কুমাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে এগৰাকী মহিলা সহ তিনিজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ উপৰিও জব্দ কৰিছে ১২গ্ৰাম ব্ৰাউন ছুগাৰ। আৰক্ষীয়ে আটিকা বেগম নামৰ এগৰাকী মহিলাৰ ঘৰত চলাইছিল অভিযান। আটিকা বেগমৰ ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কুখ্যাত ড্ৰাগছ মাফিয়া জমিৰ আলী আৰু ছাইফুল ইছলামক। জানিবপৰা মতে, আটিকা বেগমে দীৰ্ঘদিনৰে পৰা অঞ্চলটোৰ ড্ৰাগছৰ ব্যৱসায় চলাই আছিল। একাংশ ৰাইজৰ অভিযোগ, ৰহমান নামৰ এগৰাকী আৰক্ষী বিষয়াৰ সৈতে থকা সু সম্পৰ্কৰ বাবেই আটিকা বেগমে দীৰ্ঘদিনে নিৰ্বিঘ্নে চলাই গৈছিল মাৰাত্মক ড্ৰাগছৰ বেহা ।

উত্তৰাখণ্ডত সন্ধানহীন হোৱা অসমৰ যুৱকৰ আজিও সন্ধান নাই

উত্তৰাখণ্ডত হোৱা জলপ্ৰলয়ৰ সময়ত নগাঁও জিলাৰ কামপুৰৰ দুজন যুৱক সন্ধানহীন হৈ পৰাৰ খবৰে  অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে আৰু এজন যুৱক সন্ধানহীন হোৱাৰ তথ্য পোহৰলৈ আহিছে।সন্ধানহীন হোৱা বুলি শেহতীয়াকৈ জানিব পৰা এই যুৱকজনৰ নাম সুশান্ত ডুলি।সুশান্তৰ ঘৰ হোজাই জিলাৰ কাকীত ।সুশান্ত ডুলি উত্তৰাখণ্ডত সন্ধানহীন হোৱা কমল দাসৰ খুলশালী।উল্লেখযোগ্য যে নগাঁও জিলাৰ কামপুৰৰ উত্তৰ চাংচকীৰ একে ঘৰৰে দুই ভাতৃ উত্তৰাখণ্ডত সন্ধানহীন  হোৱা ঘটনাই  ইতিমধ্যে সমগ্ৰ কামপুৰ অঞ্চলত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।বৰ্তমানলৈকে কোনো সন্ধান ওলোৱা নাই যুৱক কেইজনৰ।যাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সদস্য সকল শংকিত হৈ পৰিছে ।উল্লেখযোগ্য যে উত্তৰাখণ্ডত হোৱা জলপ্ৰলয়ে জীৱন্তে উটুৱাই নিয়ে প্ৰায় ১৫০ৰো অধিক লোকক ৷ গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত চামোলী জিলাত ভয়ংকৰ পৰিৱেশ সৃষ্টি হয়।এটা সূত্ৰৰ পৰা জানিব পৰামতে গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা জলপ্ৰলয়ে পলকতে ধ্বংস স্তুপত পৰিনত কৰিছিল এটা অট্টালিকা ৷সেইখিনি সময়ত অট্টালিকাটোৰ  ভিতৰত ২১ জন লোক আছিল । ইয়াৰ ভিতবত অসমৰো এই তিনিজন যুৱক ক্ৰমে কমল দাস , অমৰজ্যোতি দাস আৰু সুশান্ত ডুলি আছিল।যাৰ বাবে যুৱক তিনিজন জলপ্ৰলয়তে সন্ধানহীন হোৱাৰ আশংকা প্ৰৱলহৈ উঠিছে।আজি কামপুৰৰ দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হয় কামপুৰ চক্ৰৰ চক্ৰ বিষয়া সংগীতা বৰঠাকুৰ । চক্ৰবিষয়া গৰাকীয়ে চৰকাৰী ভাৱে কোনো তথ্য পোৱা নাই বুলি জানিব দিছে।সন্ধানহীন কমল দাসৰ এটি পাচঁমহীয়া কণমানি সন্তানো আছে। বৰ্তমানেও সন্ধানহীন হৈ থকা যুৱক তিনিজনৰ পৰিয়ালৰ লোকে যুৱক তিনিজনক উদ্ধাৰ কৰি পৰিয়ালক গটাই দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছে।অন্যহাতেদি পুত্ৰদ্বয় সন্ধানহীন হোৱাৰ দুখত চিঞৰি চিঞৰি কান্দিছে তেওঁলোকৰ মাতৃয়ে ।