পশ্চিম অসমৰ ধুবুৰী জিলাৰ ২৬ নং বিলাসীপাৰা পশ্চিম বিধান সভা সমষ্টি খনত ভাৰতীয় জনতা পাৰ্টিৰ মেডিকেল বিভাগৰ ৰাজ্যিক সদস্য তথা ধুবুৰী পূৱ জিলা কমিটিৰ প্ৰভাৰী ডঃ ছাইফুৰ ৰহমানৰ নেতৃত্বত বৃহস্পতিবাৰে বৰকান্দা গাওঁ পঞ্চায়তৰ বোৱাল কামৰী গাওঁত এখন জনসভাত চি,পি,আই,কংগ্ৰেছ,এ আই ইউ ডি এফ দলৰ প্ৰায় দুই শতাধিক পুৰুষ- মহিলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । উল্লেখ্যোগ্য যে উক্ত জনসভা খনত উপস্থিত থাকে,ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সদস্য আশ্ৰাৱ আলী আদিকে ধৰি লগতে কেইবা গৰাকী দলীয় সতীৰ্থ বৃন্দ উপস্থিত থাকে।
একোৱা মুণ্ডাই এৰিলে কংগ্ৰেছৰ দায়িত্ব ।দলো এৰিব নেকি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে
নিৰ্বাচন সমাগত ,এই সময়ছোৱাত সলনি হৈছে একাংশৰ নিৰ্বাচনী ৰণ কৌশল ।দল সলনি কৰিছে একাংশ প্ৰতাপী নেতাই।আজি ডিব্ৰুগড় ৰাজীৱ ভৱনত অনুষ্ঠিত এখনি গুৰুত্বপূৰ্ণ সভাত আনুষ্ঠানিকভাৱে তেওঁ দায়িত্ব এৰি জ্যেষ্ঠ নেতা দেৱৰঞ্জন গগৈক তেওঁ দায়িত্ব অৰ্পণ কৰে।আৰু ভাষণ প্ৰসংগত তেওঁ কয় বিধানসভাৰ নিৰ্বাচনৰ বাবে এই দায়িত্ব এৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ।ইফালে এই অনুষ্ঠানতে কৃষক মুক্তি সংগ্ৰাম সমিতি মৰাণ সমষ্টিৰ সভাপতি তথা কা-বিৰোধী মঞ্চৰ উপ-সভাপতি নীলমণি পানীফুকনে কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষণ হৈ বহু সংখ্যক সতীৰ্থ সহ এই সভাতে কংগ্ৰেছত যোগদান কৰে।
সৰ্ববৃহৎ নিযুক্তি ! অভিলেখ সৃষ্টিৰে সৰুসজাইত ২৯,৭০১ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীক নিযুক্তি
ৰাজ্যৰ শিক্ষাখণ্ডত সৰ্ববৃহৎ নিযুক্তি। আজি সৰুসজাইত অনুষ্ঠিত হয় ৰাজ্যৰ শিক্ষা বিভাগৰ সৰ্ববৃহৎ নিযুক্তি প্ৰদান প্ৰক্ৰিয়া ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে সৰুসজাইত সমাবেত হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ শিক্ষক-শিক্ষয়ত্ৰী ।
উল্লেখ্য যে, আজি নিযুক্তি লাভ কৰা শিক্ষক-শিক্ষয়িত্ৰী সকলৰ আগন্তুক ১২ বছৰলৈ বদলি নহ’ব ।
তিনিদিনীয়া কাৰ্যসূচীৰে আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলামঞ্চৰ ৰূপালী জয়ন্তী মহোৎসৱৰ আয়োজন
বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত আনন্দপুৰ চ’কত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলামঞ্চই ইতিমধ্যে অতিক্ৰম কৰিলে পচিশটা বৰ্ষ ৷ এই উপলক্ষে অহা ১২, ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠানটিয়ে পালন কৰিব ৰূপালী জয়ন্তী মহোৎসৱ ৷ সেই উপলক্ষে প্ৰথম দিনা পুৱা আঞ্চলিক শ্ৰীমন্তশংকৰদেৱ কলামঞ্চ নামঘৰ পুৱা শৰাই স্থাপনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হব ৷ ইয়াৰ পিচত নাম প্ৰসংগ, বৃক্ষৰোপন আৰু সম্বৰ্ধনা সভাৰ উপৰিও প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব ৷ নিশা নাগাৰা নাম প্ৰদৰ্শন ৷ সেইদৰে দ্বিতীয় দিনা পুৱা নাম প্ৰসংগেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হ’ব ৷ ইয়াৰ পিচতে বাক্সা জিলা ভিত্তিত বৈকুন্ঠগামী কাহিৰাম কুমাৰ সোৱৰণী দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হব ৷ নিশা অনুষ্ঠিত হ’ব সাংস্কৃতিক সমাৰোহ ৷ উদ্বোধন কৰিব বিজেপিৰ ৰাজ্যিক সদস্য কুমুদ দাসে ৷ শেষৰ দিনা পুৱা নাম প্ৰসংগৰ পিচতে পতাকা উত্তোলন কৰিব আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলামঞ্চৰ সভাপতি বাসৱ চন্দ্ৰ ঠাকুৰীয়াই ৷ ইয়াৰ পিচতে অনুষ্ঠিত হ’ব বাপেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷ উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণ সদস্য ভূমিধৰ পাঠকে ৷ দিনৰ এঘাৰ বজাত বাসৱ চন্দ্ৰ ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘ বাক্সা জিলা সমিতিৰ সাহিত্য শাখাৰ সম্পাদক ডাঃ সমৰ তালুকদাৰে উদ্বোধন কৰিবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া, জিলা উপায়ুক্ত ৰঞ্জন শৰ্মা, বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি ৷ সেইদৰে সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা আৰু শিক্ষা শাখাৰ সম্পাদক মৃনাল কুমাৰ বৰা ৷ নিশা দৰদী কন্ঠ বিদ্যাসাগৰৰ সাংস্কৃতিক অনুষ্ঠান ৷ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব ধমধমাৰ লুইত একাডেমীৰ সঞ্চালক মনোৰঞ্জন ভাগৱতীয়ে ৷ অনুষ্ঠানটোৰ সকলো কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছে কলামঞ্চৰ সম্পাদক গোকুল ৰাজবংশী আৰু আদৰণি সমিতিৰ সম্পাদক গদাধৰ ৰাজবংশীয়ে ৷
ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চাৰিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ আজি প্ৰথমখন খেল
চেন্নাইৰ ঐতিহাসিক এম এ চিদাম্বৰম ষ্টেডিয়ামত আজি অনুষ্ঠিত হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চাৰিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল ।
খেলখন পুৱা চাৰে ৯ বজাত আৰম্ভ হৈছে । এইখন খেল হৈছে কৰোনা মহামাৰীৰ বাবে প্রায় এবছৰৰ ব্যৱধানত ভাৰতত অনুষ্ঠিত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্রিকেট খেল।
ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান
অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ বৃহত্তৰ ফিল’বাৰী অঞ্চলৰ শিক্ষাৰ পোহৰ বিলাই আলোকিত কৰা ফিল’বাৰী কণিষ্ঠ মহাবিদ্যালয়ে গৌৰৱোজ্জ্বল ২৫ বছৰ সম্পূৰ্ণ কৰিলে । এই উপলক্ষে বছৰজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান আগন্তুক ৬ আৰু ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব । ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানটি সফল ৰূপায়ণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ২৫ খন পতাকা উত্তোলনেৰে ৰূপালী জয়ন্তী অনুষ্ঠান আৰম্ভ হ’ব । তাৰ পিছত স্মৃতি তৰ্পণ আৰু সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্জলন কৰিব ক্ৰমে মহাবিদ্যালয় খনৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ সম্পাদক তুলসী উপাধ্যায় আৰু বিশিষ্ট নাট্যকৰ্মী ৰাজীৱ লোচন বৰাই । পুৱা ১০ বজাত গ্রন্থমেলাৰ দ্বাৰ উন্মোচন কৰিব ফিল’বাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুহেশ্বৰ দাসে । অনুষ্ঠানৰ লগত সংগতি ৰাখি ‘নতুন শিক্ষা নীতি’ ২০২০’ শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব । ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰকাশ জ্যোতি বৰঠাকুৰৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া এই আলোচনাচক্ৰ উদ্বোধন কৰিব তিনিচুকীয়া জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাই । অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ডঃ মদন শৰ্মা, তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক উত্তম দুৱৰাৰ উপৰিও ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । উল্লেখযোগ্য যে ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ অসমীয়া বিষয়ৰ বিষয় শিক্ষয়িত্ৰী নিৰদা বৰাৰ সম্পাদনাত প্ৰকাশ হ’বলগীয়া স্মৃতিগ্ৰন্থ ” ৰূপালী কিৰণ”ৰ উন্মোচন কৰিব তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাই । তাৰ পিছত ন-পুৰণি ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত হ’ব । দ্বিতীয় দিনাখন বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্যসূচী আৰম্ভ হ’ব । উদ্ধোধন কৰিব ডুমডুমা আৰক্ষী চক্ৰৰ আৰক্ষী পৰিদৰ্শক মনিমোহন কোঁচে। বিয়লি শিক্ষাবিদ দ্ৰোণ চাৰিংগীয়া ফুকনৰ সঞ্চালনাত মুকলি সভা অনুষ্ঠিত হ’ব । এই সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ অমৰ উপাধ্যায়, ডুমডুমা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ প্ৰাণজিত শইকীয়া, অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী সঞ্জয় কিশান, সাংসদ প্ৰদান বৰুৱা, বিধায়কত্ৰয় ক্ৰমে দুৰ্গা ভূমিজ, সুৰেন ফুকন আৰু ভাস্কৰ শৰ্মা উপস্থিত থাকিব । সন্ধিয়া বিশিষ্ট শিল্পী বসন্ত দুৱৰাই সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব ।
বাক্সাত কৃষি বিভাগৰ দ্বাৰা কৃষকৰ মাজত চইল হেল্থ কাৰ্ড বিতৰণ
ৰাজ্যৰ কৃষি বিভাগে কৃষক সকলক অধিক গুৰুত্ব আৰোপ কৰি সময়ে সময়ে সাৰ, বীজ, পাৱাৰটিলাৰ, পাম্পছেট আদি বিতৰণ কৰি আহিছে ৷ তাৰেই ফলস্বৰূপে আজি বাক্সা জিলাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বগুলামাৰী গাৱত বাক্সা জিলা কৃষি বিভাগৰ দ্বাৰা কৃষকসকলৰ মাজত চইল হেল্থ কাৰ্ড বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা কৃষি বিষয়া মৃগেন স্বৰ্গীয়াৰীয়ে এই কাৰ্ডৰ জৰিয়তে কৃষকসকলে খেতিৰ বাবে নিৰ্বাচিত মাটিৰ গুণাগুণ সম্পৰ্কে বিস্তৃত প্ৰতিবেদন লাভ কৰাৰ উপৰিও বিশেষজ্ঞৰ পৰামৰ্শক্ৰমে কি শস্য ৰোপণ কৰিব অথবা উৎপাদন বৃদ্ধিৰ বাবে খেতিত কি ধৰণৰ সাৰৰ প্ৰয়োগ কৰিব এই সম্পৰ্কে কৃষকসকল জ্ঞাত হ’ব পাৰিব বুলি উল্লেখ কৰে ৷ কৃষক সকলে কেনেধৰণৰ ব্যৱস্থা ল’লে কৃষি সামগ্ৰী চৰকাৰৰ পৰা পাব পাৰি সেই সম্পৰ্কেও বিষদভাৱে বক্তব্য আগবঢ়ায় জিলা কৃষি বিষয়া গৰাকীয়ে ৷ আজিৰ এই অনুষ্ঠানত কৃষকৰ মাজত ৫৮০ খন চইল হেল্থ কাৰ্ড বিতৰণ কৰা হয় ৷ কাৰ্ড বিতৰণী অনুষ্ঠানত কৃষি বিষয়া দুলাল দাস, মুনীন্দ্ৰ শৰ্মাৰ লগতে কেবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
ৰঙিয়া মহকুমা প্ৰশাসনৰ নিৰ্বাচনী তৎপৰতা,নিন্মতম সুবিধা উপলব্ধ কৰাৰ অংগীকাৰ
আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা নিৰ্বাচনী বিষয়া তথা ৰঙিয়াৰ মহকুমাধিপতি(অ) শ্ৰী স্বপ্নীল পাল,আইএএচ ৰ পৌৰহিত্যত এখন গুৰুত্ব পূৰ্ণ সভা অনুষ্ঠিত হয়। ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনত আগন্তুক বিধানসভা নিৰ্বাচনৰ সযয়ত প্ৰতিটো বুথত নিন্মতম সা-সুবিধা যেনে পুৰুষ মহিলা উভয়ৰে বাবে পৃথক প্ৰচাবগাৰ,শৌচাগাৰ,খোৱাপানী, পৰ্যাপ্ত ফাৰ্ণিচাৰ,পোহৰ,ডাইচ ইত্যাদি ব্যৱস্থা নিশ্চিতভাৱে উপলব্ধ কৰাৰ উদ্দেশ্যেৰে বিশদভাৱে আলোচনা কৰা হয় । উক্তসভাত উপস্থিত থাকে গোৰেশ্বৰৰ ৰাজহ চক্ৰ বিষয়া জোনটি ডেকা, ৰঙিয়া ৰাজহ চক্ৰ বিষয়া চন্দন বৰগোহাই,কমলপুৰ ৰাজহ চক্ৰ বিষয়া ডঃঅংকিতা শৰ্মাৰ লগতে গড়কাপ্তানি,বিদ্যুত,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাসকল আৰু ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া,কমলপুৰ,বিহদিয়া-জাজিকোণা,কৰাৰা,তামুলপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াকে ধৰি নিৰ্বাচনী দায়িত্বত থকা বিভিন্ন বিভাগৰ কৰ্মচাৰী সকল ।
অসম জাতীয় পৰিষদৰ কুমাৰীকাটাত আঞ্চলিক সমিতি গঠন
তামুলপুৰ সমষ্টিৰ অন্তৰ্গত কুমাৰীকাটাত কুমাৰীকাটা সামূহিক ভৱন প্ৰাংগণত অলপতে অসম জাতীয় পৰিষদৰ কুমাৰীকাটা আঞ্চলিক সমিতিখন গঠন কৰা হয়। কুমাৰীকাটা অঞ্চলৰ জাতীয়তাবাদী শিৱিৰৰ শতাধিক লোকে অংশগ্ৰহণ কৰা আৰু অসম জাতীয় পৰিষদৰ তামুলপুৰ সমষ্টিৰ তত্বাৱধায়ক বীৰেণ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিভিন্ন দিশ আলোচনাৰ অন্তত কুমাৰীকাটাৰ বিশিষ্ট সমাজকৰ্মী দুলুজিৎ ভৰালীক সভাপতি, বীৰেণ দাসক উপ সভাপতি আৰু মঃ মহনুৰ হুছেইনক মুখ্য সম্পাদক হিচাপে লৈ ৩১ জনীয়া সদস্যৰে অসম জাতীয় পৰিষদৰ কুমাৰীকাটা আঞ্চলিক সমিতিখন গঠন কৰা হয়। সভাত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ বাক্সা জিলাৰ আহ্বাহয়ক দমণ পাটোৱাৰী আৰু বাক্সা জিলাৰ সমন্বয়ক প্ৰাণজিৎ তালুকদাৰে সাৰুৱা ভাষণ প্ৰদান কৰাৰ লগতে পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজক ঐক্যবদ্ধ হবলৈ আহ্বান জনায়।
নগাঁৱৰ উৰিয়াগাঁৱত বিনামূলীয়া মঞ্চাভিনয় কৰ্মশালাৰ আয়োজন
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ সাংস্কৃতিক কেন্দ্ৰ, নগাঁও-ৰ উদ্যোগত আৰু সুন্দৰম নাট্য গোষ্ঠী, উৰিয়াগাঁও-ৰ সহযোগত অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈকে দুয়ো বেলা দুটা ভাগত সপ্তাহ যোৰা এটি বিনামূলীয়া মঞ্চাভিনয় (Physical theatre)কৰ্মশালাৰ আয়োজন কৰা হৈছে ।
কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে গোবিন নাথ (মৰিগাঁও)ৰ লগতে আন কেইবাগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব।ইচ্ছুক প্ৰশিক্ষাৰ্থীক সম্পাদক, সুন্দৰম নাট্য গোষ্ঠী, উৰিয়াগাঁও, নগাঁও, পিন-৭৮২০০৩ অথবা ফোন- ৯৯৫৪৬২৮৪৭৪, ৮৬৩৮৫০২০৭৩, ৯৪৩৫৯২৫০৩৭ৰ সৈতে যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে ।









