হোজাইৰ ৰাজপথত উচুপি থকা ৮ বছৰীয়া বনকৰা শিশুক উদ্ধাৰ কৰিলে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ আৰু চাইল্ড লাইনে। বনকৰা কামত নিয়োগ কৰা শিশুটিক অমানৱীয় নিৰ্যাতনত অতিষ্ঠ হৈ শিশুটিয়ে সেই ঘৰৰ পৰা পলায়ন কৰি হোজাই ভিমসৰীয়া পথত আশ্ৰয় লয় আৰু কান্দি কান্দি সকলোৰে সহায় ভিক্ষা কৰে৷ সেই দৃশ্য প্ৰত্যক্ষ কৰি খাইৰুল ইছলাম নামৰ স্থানীয় এজন সচেতন লোকে বিষয়টো হোজাই আৰক্ষীক অৱগত কৰাত লগে লগে ঘটনাস্থলীত হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাং, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, চাইল্ড লাইন আৰু হোজাই আৰক্ষীৰ দল উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ বনকৰা কামত কোনে শিশুটিক নিয়োগ কৰিছিল এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ শিশু শ্ৰম নিয়োগ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় অন্যথা এনেসকলৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে প্ৰনিতা মৰাঙে৷ সম্প্ৰতি শিশুটিক শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰা হ’ব আৰু পিছত শিশুটিৰ অভিভাৱকৰ সন্ধান কৰি অভিভাৱকৰ হাতত শিশুটিক চমজাই দিয়া হ’ব বুলি মন্তব্য কৰে প্ৰনিতা মৰাঙে৷
কংগ্ৰেছ-এ আই ইউ ডি এফৰ মহাজোট বন্ধন নহয়,মহাজট বন্ধনহে হব
কংগ্ৰেছ-এ আই ইউ ডি এফৰ মহাজোট বন্ধন নহয়, মহাজট বন্ধন হব।কেইদিনমানৰ পিচত জট ভাঙোতেই কাজিয়া হব। কংগ্ৰেছো শূণ্য আৰু এ আই ইউ ডি এফো শূণ্য। গতিকে শূণ্যৰ লগত শূণ্য যোগ হ’লে উত্তৰ শূণ্যই হব। কিন্তু এই জোটবন্ধনে কিছু কিছু স্থানত যে খিলঞ্জীয়া অসমীয়া মানুহৰ বাবে কৰবাত কৰবাত যে চিন্তনীয় হব সেইটো অস্বীকাৰ নকৰো। সেয়ে অসমীয়া মানুহে সিদ্ধান্ত লব লাগিব যে তেওঁলোকে কংগ্ৰেছ-এ আই ইউ ডি এফৰ যোটবন্ধনক সমৰ্থন কৰিব নে নকৰিব। আজি নগাঁৱত ‘কিয়া’ মটৰচ নামৰ বিলাসী বাহন খন উন্মোচন কৰিবলৈ আহি এই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই। সাংবাদিকৰ আগত হাজৰিকাই কয় যে-‘জোটবন্ধনত থকা অন্যদলসমূহৰ কোনো অস্তিত্ব আছে বুলি নাভাবো। জোটবন্ধনত দুটাহে দল আছে। জোটবন্ধন হৈছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ ই শঠামিতিৰালি। ইপিনে নগাঁও জিলাৰ ধৰ্মীয় সংখ্যালঘুৰ লোক অধিক থকা ধিং আৰু ৰূপহীহাট বিধান সভা সমষ্টিৰ সম্পৰ্কত মন্ত্ৰী হাজৰিকাই কয়-‘ধিং আৰু ৰূপহীহাট সমষ্টিত বিজেপি নাইয়েই। সেই সমষ্টিত হয় কংগ্ৰেছ বা ,এ আই ইউ ডি এফ জয়ী হব। গতিকে এই দুটা সমষ্টিকলৈ আমাৰ কোনো মতলব নাই। ‘ মন্ত্ৰী হাজৰিকাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ যোটবন্ধনে এটা দুটা সমষ্টিত কৰবাত খিলঞ্জীয়া ক্ষতিগ্ৰস্ত কৰিব পাৰে বুলি মন্তব্য কৰি কয়-তাৰ বিপৰীতে খিলঞ্জীয়া ৰাইজ জাগ্ৰতও হব আৰু আমাৰ লাভো হব।সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয়-‘ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ জোটবন্ধনে বিজেপিৰ ওপৰতকোনো ধৰণৰ প্ৰভাৱ নেপেলায়।লুৰিণজ্যোতি গগৈয়ে ৰহা বিধান সভা সমষ্টিৰ কচুৱা আৰু ধিং বিধান সভা সমষ্টিৰ মৈৰাবাৰীত সভা অনুষ্ঠিত কৰিছে।এই সভাই বিজেপিক লাভান্বিতহে কৰিব। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ জোটবন্ধনে কংগ্ৰেছ আৰু এ আই ইউ ডি এফকহে ক্ষতিগ্ৰস্ত কৰিব। গতিকে বিজেপিয়েই চৰকাৰ কৰিব।
নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু : হত্যাৰ সন্দেহ পৰিয়ালৰ
নগাঁও চহৰৰ সমীপৰ চলচলি দলঙৰ ওচৰত এজন যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। এই ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি আজি একাংশ লোকে হয়বৰগাঁও আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
জানিব পৰা মতে কালি বিয়লি প্ৰায় তিনি বজাত চলচলি দলঙৰ সমীপৰ এখন চেলুনৰ স্বত্বাধিকাৰী আনন্দ মোহন ঠাকুৰে চেলুনৰ সন্মুখতে থকা ৰোচন আলি নামৰ পাণ দোকানীৰ সৈতে কথা পাতি আছিল। কথা পাতি থকা অৱস্থাতেই হঠাৎ ঢলি পৰে আনন্দ মোহন ঠাকুৰ। লগে লগে আনন্দ মোহনৰ জেষ্ঠ ভ্ৰাতৃ স্বভাষ ঠাকুৰে আনন্দক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আনন্দৰ এই মৃত্যুক পৰিয়ালৰ লোকে সহজভাৱে ল’ব পৰা নাই। আনন্দ মোহনৰ মৃত্যুক হত্যাকাণ্ড বলি অভিযোগ উত্থাপন কৰি শতাধিক লোকে হয়বৰগাঁও আৰক্ষী চকীৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁলোকে আনন্দ মোহন ঠাকুৰক পৰিকল্পিতভাৱে হত্যা কৰিছে বুলি অভিযোগ কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাই।
ইতিমধ্যে এই সন্দৰ্ভত আনন্দ মোহন ঠাকুৰৰ ভ্ৰাতৃ স্বভাষ ঠাকুৰে আজি হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দখল কৰি তেওঁ ভ্ৰাতৃৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবী জনাইছে। পাণ দোকানী ৰোচন আলিক অভিযুক্ত কৰি উল্লেখ কৰা হৈছে যে- আনন্দ মোহন ঠাকুৰৰ বুকুত এটা ফুটা পৰিলক্ষিত হৈছে। সেয়ে আনন্দ মোহন ঠাকুৰৰ মৃত্যুৰ ঘটনা পাণ দোকানী জনে সংঘটিত কৰিছে বুলি এজাহাৰত উল্লেখ কৰা হৈছে। আনহাতে হয়বৰগাঁও চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা একাংশ লোকে অভিযোগ কৰা মতে পাণ দোকানী জনে চিৰিঞ্জৰ জৰিয়তে আনন্দৰ দেহত বিষাক্ত দ্ৰব্য সুমুৱাই দিয়াৰ বাবে আনন্দৰ মৃত্যু হ’ল । আজি মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহ পৰিয়ালৰ লোকক আৰক্ষীয়ে চমজাই দিয়ে।মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তইহে যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ তথ্য পোহৰলৈ অনাৰ সম্ভাৱনা আছে। যুৱক জনৰ মৃত্যুৰপ্ৰতিবাদত আজি নগাঁও চহৰৰ চেলুন ব্যৱসায়ীসকলে চেলুন সমূহ বন্ধ ৰাখে। জানিব পৰা মতে কালি এই ঘটনা সংঘটিত হোৱাৰ পাছৰ পৰা ৰোচন আলি পলাতক অৱস্থাত আছে।
মাজুলীৰ বিজ্ঞান ক্ষেত্ৰখনলৈ সুখৱৰ কঢ়িয়াই আনিলে দেৱলক্ষ্মীয়ে
নলবাৰীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ২৮ তম ৰাজ্যিক সমাৰোহত চমকপ্ৰদ ভাবে উজ্বলিল মাজুলীৰ দুই ছাত্র-ছাত্ৰী। ৩৩ খন জিলাই অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনিত মাজুলীৰ ৰতনপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী দেৱলক্ষ্মী শইকীয়াই ‘ বহঁত গছৰ গাৰ পৰা সংগ্ৰহ কৰা প্ৰাকৃতিক ৰঙ আৰু ইয়াৰ সুপ্ৰয়োগ ‘ শীৰ্ষক প্ৰকল্প উপস্থাপন কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ অসমৰ ভিতৰত চতুৰ্থ স্থান দখল কৰি নিৰ্বাচিত হৈছে। শিশু বিজ্ঞানী গৰাকীয়ে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ শৰ্মাৰ তত্ত্বাৱধানত প্ৰকল্পটো প্ৰস্তুত কৰিছিল। দেৱলক্ষ্মী উজনি মাজুলী ৰতনপুৰ গাঁও নিবাসী শিক্ষক হৰেন শইকীয়া আৰু ৰিঞ্জু শইকীয়াৰ কন্যা। আন এগৰাকী কৃতিমানৰ সাফল্যত গৌৰাম্বিত মাজুলী। তেওঁ হৈছে কঢ়ালগাঁও-বাপুজী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ নৰেন্দ্ৰ শইকীয়া । নৰেন্দ্ৰ দক্ষিণপাট নাওঁশালি গাঁৱৰ বকুল শইকীয়াৰ একমাত্ৰ পুত্ৰ। নৰেন্দ্ৰই শিশু বিজ্ঞানী সকলৰ মাজত অনুষ্ঠিত হোৱা ‘শিশু মেলত’ আটাইবোৰ প্ৰশ্নৰ সুদুত্তৰ দি ‘শ্ৰেষ্ঠ মেলুৱৈ’ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। তাৰোপৰি কবিতা আবৃত্তিত সুন্দৰ ভাবে কবিতা আবৃত্তি কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়। যাৰ বাবে আই আই টি গুৱাহাটীৰ অধ্যাপক ডঃ অৰূপ কুমাৰ শৰ্মাই গলত পৰিধান কৰি থকা গামোচা নৰেন্দ্ৰক পিন্ধাই আদৰ যাচে। সামগ্ৰিক ভাৱে মাজুলীৰ দলটি নলবাৰীৰ ৰাজ্যিক সমাৰোহত সুন্দৰ ভাবে উজ্বলি উঠিল। তেওঁলোকৰ এই সাফল্যত গৌৰাম্বিত হৈছে মাজুলীবাসী | লগতে দুয়োজন কৃৰ্তীমানলৈ ছ’চিয়েল মেডিয়াযোগে অভিনন্দন জনাইছে সকলোৱে |
১ কোটি টকা উৎকোচ লোৱাৰ সময়তে CBI য়ে আটক কৰে জ্যেষ্ঠ ৰে’লৱে বিষয়াক
ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইয়ে দেওবাৰে আটক কৰে ভাৰতীয় ৰে’লৱে ১ কোটি অভিযান্ত্ৰিক সেৱাৰ এগৰাকী জ্যেষ্ঠ বিষয়াক ৷
উল্লেখ্য যে, দেশৰ 20 টা স্থানত অনুসন্ধান চলোৱাৰ মাজতে জ্যেষ্ঠ ৰে’লৱে বিষয়া গৰাকীক মুঠ ১ কোটি টকা উৎকোচ লোৱাৰ সময়তে আটক কৰে চিবিআইয়ে ৷
চিবিআইৰ সূত্ৰই জনোৱা মতে, চি বি আইয়ে আইআৰইএছৰ ১৯৮৫ চনৰ বিষয়া মহেন্দ্ৰ সিং চৌহানে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে (এনএফআৰ)ৰ প্ৰকল্পৰ চুক্তি প্ৰদান সন্দৰ্ভত ধন উৎকোচ লৈ থকাৰ সময়তে তেওঁক আটক কৰে ৷
সম্প্ৰতি মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয় অভিযুক্ত চৌহানক ৷জানিব পৰা মতে, ৰে’লৱে বিষয়া গৰাকীৰ পৰা উৎকোচ লোৱা ধন জব্দ কৰে চিবিআইয়ে ৷
উল্লেখ্য যে, চিবিআইয়ে দিল্লী, অসম, উত্তৰাখণ্ড আৰু অন্য দুখন ৰাজ্যৰ মুঠ ২০ টা স্থানত ধন উৎকোচক লৈ অভিযান চলাই আছে ৷ অভিযানৰ সময়চোৱাত সংস্থাটোৱে মালিগাঁও স্থিত বিষয়া গৰাকীৰ ৰেলৱে বাংলো ৰ পৰা নগদ ৫৩ লাখ টকা ৰ সৈতে ৩ টা সোণৰ মুদ্ৰা জব্দ কৰে।
নগাঁৱত কেইবাশতাধিক লোকৰ বিজেপিত যোগদান
বিগত কিছুদিন ধৰি নগাঁও সদৰ সমষ্টিত কংগ্ৰেছকে ধৰি আন দলৰ পৰা বিজেপিত যোগদান পৰ্ব অব্যাহত আছে। বিশেষকৈ বিগত সময়চোৱাত বিধায়ক ৰূপক শৰ্মাই সমষ্টিটোৰ সৰ্বস্তৰৰ লোকৰ সামগ্ৰিক উন্নয়নত আকৃষ্ট হৈ সমষ্টিটোত বিজেপিত যোগদান কৰা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ লক্ষ্য “মিছন ১০০+” সফল কৰাৰ উদ্দেশ্য আজি নগাঁও সদৰ সমষ্টিৰ ফৌজাদাৰপট্টি স্হিত দক্ষিণ পাট স্টেন্ডৰ সমীপত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত ৰাজহুৱা এখন সভাত বিভিন্ন দলৰ পৰা অহা কেইবাশতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।যোগদান সভাখনত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই ভাষণ প্ৰসংগত কয় যে ,”নগাঁও সদৰ সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দলৰ বহু সংখ্যক নেতা,কৰ্মীয়ে বিগত দিন সমূহত বিজেপি দলত যোগদান কৰি আহিছে। আজিও আমাৰ দলৰ নীতি আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দল ত্যাগ কৰি কেইবাশতাধিক লোকে বিজেপি দলত যোগদান কৰিছে।আজি বিজেপি দললৈ আগমন ঘটা প্ৰত্যেক গৰাকী সদস্যক আমাৰ ফালৰ পৰা উস্ম আদৰণি জনাইছো ।আশাকৰো এইসকল নতুন সদস্যৰ অন্তৰ্ভুক্তিয়ে অনাগত দিনত বিজেপি দলৰ ভেটি আৰু অধিক শক্তিশালী কৰি তুলিব।লগতে তেওঁ কয় যে কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত সদৰ সমষ্টিৰ উন্নয়ন কেৱল আধাৰশিলাতহে সীমাবদ্ধ আছিল। কিন্তু এতিয়া আধাৰশিলা নহয়, কামৰ শুভ উদ্ধোধনহে হৈ আছে।নগাঁও সদৰ সমষ্টিত বিগত চাৰিটা বছৰে যিমান উন্নয়ন হৈছে, পূৰ্বৰ চৰকাৰৰ দিনত এনেধৰণৰ উন্নয়ন হোৱা নাছিল।” সবকা সাথ সবকা বিকাশ আৰু বিশ্বাস নীতিৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে সকলো শ্ৰেণীৰ লোকৰ কাৰণে কাম কৰিছে। সমষ্টি উন্নয়নৰ ক্ষেত্ৰত হিন্দু-মুছলমানৰ কথা চিন্তা কৰা নাই। সম উন্নয়নতহে গুৰুত্ব প্ৰদান কৰা হৈছে। আজি অনুষ্ঠিত যোগদান সভাখনত বিজেপি দলৰ বিভিন্ন বিষয়ববীয়া তথা কৰ্মকতা সকল উপস্থিত থাকে।

বান আৰু খহনীয়া সমস্যাৰ পৰা মাজুলীক সুৰক্ষিত গুৰুত্ব প্ৰদান চৰকাৰৰ
মাজুলী জিলা প্ৰতিষ্ঠাৰ পাছৰে পৰা বিগত চাৰে চাৰি বছৰত জলসম্পদ বিভাগে জিলাখনৰ দুৰ্বল মঠাউৰিসমূহ শক্তিশালী কৰি তোলাৰ লগতে নদীপৰীয়া খহনীয়াত আক্ৰান্ত অঞ্চলসমূহক সুৰক্ষিত কৰিবলৈ জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে।
২০১৬ চনত ব্ৰহ্মপুত্ৰৰ বানে উটুৱাই নিয়া বনগাঁও মঠাউৰিৰ ক্ষতিগ্ৰস্ত অংশ জলসম্পদ বিভাগে অতি কম দিনৰ ভিতৰতে পুনৰ নিৰ্মাণ কৰি বৃহত্তৰ পূৱ মাজুলী অঞ্চলবাসী জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰে। একেদৰে, ২০১৭ চনৰ বানত বিচ্ছিন্ন ব্ৰহ্মপুত্ৰ মঠাউৰিৰ সোণোৱাল কছাৰী অংশৰ লগতে নামনি মাজুলীত সোৱণশিৰি নদীয়ে উটুৱাই নিয়া মঠাউৰিৰ নটাকৈ ভগ্ন অংশও অসম চৰকাৰৎ নিৰ্দেশত বিভাগটোৱে অতি ক্ষিপ্ৰতাৰে এবছৰতকৈয়ো কম সময়ৰ ভিতৰতে জিঅ’ বেগ সংস্থাপনেৰে মজবুত কৰি পুনৰ নিৰ্মাণ কৰি উলিয়ায়। ইতিমধ্যে ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষত বিভাগটোৱে টেকেলিফুটা-মিলি তিনিআলি-হালধিবাৰী-বনগাঁও-বেচামাৰী ব্ৰহ্মপুত্ৰ মঠাউৰিৰ স্পৰ্শকাতৰ অংশসমূহ সবলীকৰণৰ বাবে কেইবাখনো আঁচনি সফলতাৰে কাৰ্যৰূপায়ণ কৰাৰ সূত্ৰে বিগত তিনিটা বৰ্ষ (২০১৮, ২০১৯ আৰু ২০২০ চন)ৰ বাৰিষাৰ সময়ছোৱাত মাজুলী জিলাত ব্ৰহ্মপুত্ৰৰ মঠাউৰি সুৰক্ষিত হৈ ৰয়।
জলসম্পদ বিভাগৰ মাজুলী সংমণ্ডলে চলিত বিত্তীয় বৰ্ষতো উজনি মাজুলীত ব্ৰহ্মপুত্ৰ মঠাউৰি সবলীকৰণ আৰু আঁহতগুৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ লগতে জিলাখনৰ উত্তৰ দিশতো সোৱণশিৰি, খেৰকটীয়া, লুইত-খাবলুৰ খহনীয়া প্ৰতিৰোধৰ বাবে মুঠ ১৬.০২ কোটি টকা ব্যয় সাপেক্ষ ৭খনকৈ অতি গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণৰ ব্যৱস্থা কৰিছে। এই আঁচনি কেইখন হৈছে– ২ কোটি টকাৰে জেংৰাইমুখৰ পৰা পকাজৰালৈ সোৱণশিৰি মথাউৰি সবলীকৰণ আঁচনি, ১.৮০ কোটি টকাৰে জেংৰাইমুখ কুমাৰবাৰী অঞ্চলত খেৰকটীয়া নদীৰ খহনীয়া প্ৰতিৰোধ আঁচনি, ২ কোটি টকাৰে মূৱাচুকত খেৰকটীয়া নদীৰ খহনীয়া প্ৰতিৰোধ আঁচনি, ৩.৩০ কোটি টকাৰে চটাইকুৰৰ পৰা ৰতনপুৰ অংশত ব্ৰহ্মপুত্ৰ মথাউৰি সবলীকৰণ আঁচনি, ৩.৬০ কোটি টকাৰে গড়মূৰ এলেকাত লুইতৰ খহনীয়া প্ৰতিৰোধ আঁচনি, ২ কোটি টকাৰে কৰতিপাৰত সোৱণশিৰিৰ খহনীয়া প্ৰতিৰোধ আঁচনি আৰু ৩.৩২ কোটি টকাৰে আঁহতগুৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ আঁচনি। মুখ্যমন্ত্ৰী গৰাকীয়ে যোৱা ৫ জানুৱাৰীত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা বান-খহনীয়া প্ৰতিৰোধৰ এই আটাইকেইখন আঁচনিৰ ৰূপায়ণকাৰ্য আগন্তুক বাৰিষাৰ পূৰ্বেই সম্পূৰ্ণ কৰি তুলিবলৈ বিভাগটোৱে ইতিমধ্যে সময়সীমা স্থিৰ কৰিছে।

হোজাইত কৃষি বিভাগৰ দ্বাৰা মৌ পালনৰ বিষয়ত প্ৰশিক্ষণৰ সামৰণি
উদ্যান শস্যৰ প্ৰযুক্তি মিছন আঁচনিৰ অধীনত কৃষকসকলৰ কাৰণে বিভিন্ন ধৰণৰ সা সুবিধা আগবঢ়াই আহিছে ৷ শতকৰা ৫০ শতাংশ ৰাজ সাহাৰ্যত ফল মূলৰ নাৰ্চাৰী স্থাপন, কাঠফুলা উৎপাদন, গ্ৰীণ হাউচ স্থাপন ইত্যাদিৰ লগতে ৰাজসাহাৰ্যযুক্ত মৌ আৰু মৌপালনৰ বাবে বাকচ যোগান ধৰি কৃষক ৰাইজক উপকৃত কৰি আহিছে বুলি হোজাই জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত উল্লেখ কৰে ৷ এই আঁচনিৰ অন্তৰ্গত হোজাই জিলাৰ ১২০ জন কৃষকৰ মাজত ইতিমধ্যে ৰেহাই মূল্যত মৌমাখিৰ লগতে মৌবাকচ বিতৰণ কৰা হয় ৷ আনকি হিতাধিকাৰী মৌপালক সকলে যাতে বিজ্ঞান সন্মতভাবে মৌ পালন কৰি অৰ্থনৈতিক ভাবে লাভবান হ’ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা কৃষি বিভাগৰ প্ৰশিক্ষন কেন্দ্ৰত অলপতে কৃষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় ৷ উক্ত প্ৰশিক্ষণত জিলাখনৰ বিভিন্ন গাঁৱৰ প্ৰায় ৪৫ গৰাকী মৌপালক উপস্থিত থাকে ৷ হোজাই জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই সকলো মৌ পালকক উন্নত পদ্ধতিৰে মৌপালন কৰি আৰ্থিক লাভবান হ’বলৈ প্ৰশিক্ষণত আহ্বান জনায় ৷ মৌ পালনৰ বিষয়ে সবিশেষ বাবে বহলাই ব্যাখ্যা কৰে সমল ব্যক্তি যোৰহাটৰ ৰঞ্জন দত্তই ৷ লগতে প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে উদ্যান শস্যৰ নডেল বিষয়া ঝুমুৰ গোস্মামী, কৃষি উন্নয়ন বিষয়া ময়ুৰ তৃষ্ণা ৰাজখোৱা, হেনেমিলি তেৰাংপি, বিউটি গগৈ আৰু কৃষি সম্প্ৰসাৰণ সহায়ক ৰমজান আলী ভুঞা, চামু থাউচেনসহ অন্যান্য বিষয়ববীয়া সকল প্ৰশিক্ষনত উপস্থিত আছিল বুলি জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে ৷
নগাঁৱত স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰ জাল নগাঁও আৰক্ষীৰ জালত পৰিল চাৰি প্ৰৱঞ্চক
স্বাস্থ্য বিভাগৰ চাকৰিৰ নামত একাংশ নিবনুৱাৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা এক প্ৰৱঞ্চকৰ দল নগাঁও আৰক্ষীৰ জালত পৰিছে। নিজকে স্বাস্থ্য বিষয়া বুলি পৰিচয় দি ধন নগাঁও জিলাৰ বিভিন্ন নিবনুৱাৰ পৰা অবাধে ধন সংগ্ৰহ কৰিছিল এই প্ৰৱঞ্চক চক্ৰটোৱে। নগাঁও আৰক্ষীৰ জালত পৰা এই প্ৰৱঞ্চক কেইজন হৈছে ভবেশ কালিন্দী, শ্বহীদুল ইছলাম ওৰফে বাব্লু, বিক্ৰম কালিন্দী আৰু নছৰ ৱাহিদ। নগাঁৱৰ চামগুৰি আৰু আমনিৰ এই চক্ৰটোৱে বিগত কিছুদিন ধৰি স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ব্যাপক হাৰত ধন সংগ্ৰহ কৰি আহিছিল বুলি আৰক্ষী সূত্ৰই জনাইছে। অভিযোগ অনুসৰি, এই প্ৰৱঞ্চকৰ দলটোৱে শেহতীয়াকৈ নগাঁও জিলাৰ চামগুৰিৰ তৰুণ চন্দ্ৰ নাথ নামৰ এগৰাকী লোকৰ পৰাও স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত এক লাখ ৮২হেজাৰ টকা দাবী কৰিছিল। চৰকাৰী চাকৰিৰ মোহত পৰি যুৱক জনে প্ৰৱঞ্চক দলটোৰ জালত ভৰি দিয়ে। তেওঁ কেইবাটাও কিস্তিত প্ৰৱঞ্চকৰ দলটোক লক্ষাধিক টকা আদায় দিয়ে যদিও চাকৰিৰ কোনো ওমঘাম নোপোৱাত সন্দেহ ওপজে। পাছত যুৱক জনে তেওঁক প্ৰৱঞ্চনা কৰা বুলি নিশ্চিত হোৱাৰ পাছত চাকৰিৰ নামত ধন সংগ্ৰহ কৰি প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলি ধৃত লোক কেইজনৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। নগাঁও আৰক্ষীয়ে সেই এজাহাৰৰ ভিৰ্তিত নগাঁও সদৰ আৰক্ষী থানাত ১০৪/২০২১নম্বৰত এক গোচৰ পঞ্জীভুক্ত কৰি তদন্ত আৰম্ভ কৰে। ইপিনে,কালি প্ৰৱঞ্চকৰ দলটোৱে নাথৰ পৰা অন্তিম কিস্তিৰ ধন নিবলৈ অহাৰ কথা জনায়।এই বিষয়ে ভুক্তভোগীয়ে নগাঁও আৰক্ষীক অৱগত কৰায়।সেই মৰ্মে কালি সন্ধিয়া নাথৰ ঘৰৰ পৰা টকা নিবলৈ আহোতেই নগাঁও নগৰ আৰক্ষীয়ে পুৰণিগুদাম আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত প্ৰৱঞ্চক দলটোৰ বিক্ৰম কালিন্দীক গ্ৰেপ্তাৰ কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কালি নিশা আভিযান চলাই ভুৱা স্বাস্থ্য বিষয়া তথা প্ৰৱঞ্চকৰ দলটোৰ আন তিনি জন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা এই প্ৰৱঞ্চকৰ দলটোৰ দুজনৰ ঘৰ চামগুৰিৰ আমনিত আৰু আন দুজনৰ ঘৰ ৰূপহীত বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।ইপিনে, ধৃত প্ৰৱঞ্চকৰ দলটোক আৰক্ষীয়ে মাৰাথান জেৰাৰ অন্তত আজি আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীৰ এই অভিযানৰ নেতৃত্ব দিছিল নগাঁও নগৰ আৰক্ষীৰ টি এছ আই কুন্দন ৰবি দাস আৰু পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই।
জামুগুৰিহাটৰ বামুনিপামত এটা গড় খেদিবলৈ বনবিভাগে শুন্যলৈ গুলীচালনা কৰা মুহূৰ্ততে এজনৰ হাতত গুলি লাগি আহত
জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত এটা গড়ে ওৰেটো নিশা সন্ত্ৰাস চলোৱাৰ পিছত পুৱাই জীয়াভৰলী নদীৰ পাৰত অৱস্থান কৰিছে ৷ ইয়াৰ ফল স্বৰূপে গাঁও সমুহৰ ৰাইজ আতংকিত হৈ পৰিছে ৷ বন বিভাগৰ লোক সকলে গড়টোক খেদিবলৈ প্ৰচেষ্টা চলাইছে যদিও সফল হব পৰা নাই ৷ ইয়াৰ পিছতে বামুনিপামৰ যোগীবস্তিত থকা TBI.নামৰ এটা ইটাভাটাত গড়টোৱে আশ্ৰয় লয় ৷ বনবিভাগৰ লোকে গড়টো খেদাৰ প্ৰচেষ্টাৰে শুন্যলৈ গুলীচালনা কৰি থকিৰ মুহূৰ্ততে ভাটাটোৰ ঘৰৰ ভিতৰত থকা ঋিষি শিবাকুটি নামৰ (ইটাভাটাৰ মহৰী) লোক জনৰ হাতত লগা গুলীয়ে আহত কৰে লোক জনক ৷ আহত লোক জনক ততাতৈয়াকৈ নি উত্তৰ জামুগুৰি প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছে যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে । সম্প্ৰতি গড়টোৰ সন্ত্ৰাসত গাঁওবাসী আতংকিত হৈ পৰিছে ৷ বন বিভাগৰ লোকে বৰ্তমান গড়টো ট্ৰেকোলাইজ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যাবলৈ সক্ষম হয় ।









