Home Blog Page 3169

আই পি এল’ত আজি বেঙ্গালুৰ বনাম পঞ্জাৱ

ডিজিটেল ডেস্কঃ আই পি এল’ত আজি ৰয়েল চেলেঞ্জৰ বেঙ্গালুৰ (Royal Challengers Bangalore) মুখামুখি হ’ব কিংছ এলেভেন পঞ্জাৱ (Kings XI Punjab) ৷ চলিত বৰ্ষত বেঙ্গালুৰে ৭ খন খেলৰ ৫ খনত জয়ী হৈ পইন্ট তালিকাত ৩ নম্বৰত থকাৰ বিপৰীতে পঞ্জাৱে ৭ খন খেলৰ মাত্ৰ ১ খনত জয়ী হৈ একেবাৰে শেষত অৱস্থান কৰিছে ৷ আজি খেলত জয়ী হ’লে ৰয়েল চেলেঞ্জৰ বেঙ্গালুৰে শীৰ্ষ দ্বিতীয় স্থান দখল কৰিব ৷ আনহাতে কিংছ এলেভেন পঞ্জাৱ জয়ী হ’লে পইন্ট তালিকাত আগুৱাবলৈ সক্ষম নহয় যদিও শৃংখলাত অৰ্ন্তভূক্ত হৈ থাকিবৰ বাবে পঞ্জাৱে জয়ী হবই লাগিব বুলি ক্ৰীয়া সমালোচক সকলৰ পৰা জানিব পৰা গৈছে ৷ আজিৰ খেল শাহজাহৰ খেলপথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব ৷ আনহাতে কালিৰ দিল্লী কেপিটেলছে বনাম ৰাজস্থান ৰ’য়েলছৰ খেলত দিল্লীয়ে ১৩ ৰানেৰে জয় লাভ কৰি পইন্ট তালিকাত শীৰ্ষ স্থান দখল কৰে ৷

তেলেংগানাত ধাৰাসাৰ বৃষ্টিপাত, নিহত ৩০ জন

ডিজিটেল ডেস্কঃ ক’ৰবাত যদি বানপানী আন ক’ৰবাত আকৌ ভূমিকম্পৰ জোকাৰণী ৷ চলিত বৰ্ষত বিপদে লগ নেৰা হৈছে জীৱ-কুলৰ ৷ কৰোনা ভাইৰাছৰ আতংকৰ মাজতে তেলেংগানাত বুধবাৰে ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ৩০ জনকৈ লোকে হেৰুৱাই প্ৰাণ। ৰাজ্যখনৰ প্ৰায় সকলোবোৰ স্থানতে বৃষ্টিপাতৰ ফলত বহু বাট-পথ, ঘৰ-দুৱাৰ পানীত ডুব যায়। কেৱল হায়দৰাবাদতে ১৫ জনকৈ লোকৰ মৃত্যু হৈছে আৰু ইয়াৰে ভিতৰত আছিল এটি ২ মহীয়া শিশু আছিল বুলি বাতৰি যোগুতোৱাৰ পৰলৈ জানিব পৰা গৈছে ৷

এপিজে আব্দুল কালামৰ জন্ম বাৰ্ষিকী, দেশবাসীৰ মহান বিজ্ঞানী গৰাকীক স্মৰণ

ডিজিটেল ডেস্কঃ দেশৰ ১১ তম ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ড০ এপিজে আব্দুল কালামৰ আজি অৰ্থাৎ বৃহস্পতিবাৰে ৬৯ সংখ্যক জন্ম বাৰ্ষিকী। ১৯৩১ চনৰ ১৫ অক্টোবৰত ৰামেশ্বৰমত আব্দুল কালামৰৰ জন্ম হৈছিল। মিছাইল মেন খ্যাত এপিজে আব্দুল কালামৰ জন্মবাৰ্ষিকী অনুষ্ঠানত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং লগতে সমগ্ৰ দেশবাসীয়ে মহান বিজ্ঞানী গৰাকীক স্মৰণ কৰে।

চবিলাল উপাধ্যায়ৰ নামত নামকৰণ হ’ব বিহালিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ

ডিজিটেল ডেস্কঃ ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহালিত প্ৰতিষ্ঠা হব লগা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নাম ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী চবিলাল উপাধ্যায়ৰ নামত নামকৰণ কৰাৰ কথা ঘোষণা কৰে। গোৰ্খা সম্প্ৰদায়ৰ স্বাধীনতা সংগ্ৰামীয়ে সমাজৰ শিক্ষাৰ বাবে বহুখিনি কমি কৰিছিল ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল চবিলাল উপাধ্যায় ৷ বিহালিৰ অভিযান্ত্ৰিক মহাবিদ্যালয় খনৰ নাম হব “চবিলাল উপাধ্যায় অভিযান্ত্ৰিক মহাবিদ্যালয়, বিহালি”।

কিংবদন্তী খেলুৱৈ ৰোনাল্ডোৰ ৰেকৰ্ড ভংগ কৰি নেইমাৰৰ নতুন অভিলেখ

ডিজিটেল ডেস্কঃ কিংবদন্তী ফুটবল খেলুৱৈ ৰোনাল্ডোৰ ৰেকৰ্ড ভংগ কৰি ব্ৰাজিলৰ তাৰকা ফুটবল খেলুৱৈ নেইমাৰে গঢ়িলে নতুন অভিলেখ ৷ বৰ্তমান পেৰিছ চেইণ্ট জাৰ্মান দলৰ খেলুৱৈ নেইমাৰে ২০২২ চনৰ কাটাৰত অনুষ্ঠিত হব ফুটবল বিশ্বকাপৰ বাবে যোগ্যতা অর্জনৰ এখন খেলত পেৰুৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰি ব্ৰাজিলৰ হৈ সৰ্বাধিক গ’ল দিয়াৰ তালিকাত ২য় স্থান লাভ দখল কৰিছে। খেলখনত ব্ৰাজিলে পেৰুক ৪-২ গলৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হয়। ব্ৰাজিলৰ তাৰকা ফুটবল খেলুৱৈ নেইমাৰে ব্ৰাজিলৰ কিংবদন্তী খেলুৱৈ ৰোনাল্ডোৰ ব্ৰাজিলৰ হৈ কৰা দ্বিতীয় সৰ্বাধিক গলৰ ৰেকৰ্ড ভংগ কৰে। কিংবদন্তী ফুটবল খেলুৱৈ ৰোনাল্ডোয়ে ব্ৰাজিলৰ হৈ মুঠ ৯৮ খন খেলত ৬২ টা গল কৰাৰ বিপৰীতে নেইমাৰে মুঠ ১০৩ খন খেলত ৬৪ টা গল কৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ঃ ভাৰতত অন্য ৰোগত আক্ৰান্ত প্ৰতি ৫ জনৰ ভিতৰত এজনৰ ক’ৰোনাত আক্রান্তহৈ মৃত্যু

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যত জানিব পৰা গৈছে ভাৰতত কোৰোনা ভাইৰাছৰ ফলত ৫ জনৰ আক্ৰান্তৰ মাজত এজন অন্য ৰোগত আক্ৰান্ত এজন লোকৰ মৃত্যু হয়৷ এতিয়ালৈকে মৃত্যু হোৱা লোকৰ মৃত্যুৰ সংখ্যা মুঠ কোৰোনাত মৃত্যু হোৱা লোকৰ ১৭.৯ শতাংশ। এজন ব্যক্তি স্বাস্থ্যৱান ব্যক্তিৰ তুলনাত ইতিমধ্যে বেলেগ ৰোগত আক্ৰান্ত হৈ আছে আছে, তেন্তে তেওঁ কৰোনাৰ পৰা মৃত্যু হোৱাৰ সম্ভাৱনা ১৫ গুণ অধিক। কোৰোনাত সংক্ৰমিত হোৱাৰ পিছত ৰোগীৰ উচ্চ ৰক্তচাপ, ডায়বেটিচ, হৃদযন্ত্ৰ, যকৃত বা বৃক্কৰ ৰোগ থাকে, তেন্তে তেওঁৰ মৃত্যু হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে। চৰকাৰে প্ৰথমবাৰৰ বাবে ভাৰতত কোৰোনাত মৃত্যুৰ লগতে অন্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ তথ্য মুকলি কৰিছে।

আইএমএফ তথ্যঃ বাংলাদেশে জিডিপি বৃদ্ধিৰে পৰাজিত কৰিব ভাৰতক

ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক বিত্তীয় পুঁজিৰ এক প্ৰতিবেদন অনুসৰি, বাংলাদেশৰ ব্যক্তি প্ৰতি মুঠ ঘৰুৱা উত্পাদনে ভাৰতক অতিক্ৰম কৰিবলৈ গৈ হৈছে। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ডব্লিউইঅ’ অনুসৰি, ২০২০ বৰ্ষত বাংলাদেশৰ প্ৰতি জন ব্যক্তিৰ জিডিপি ৮ শতাংশৰ বৃদ্ধি হৈ ১,৮৮৮ ডলাৰ হব বুলি আশা কৰা হৈছে। আনহাতে ভাৰতৰ প্ৰতি জন ব্যক্তিৰ জিডিপি ১০.৩ শতাংশৰ হ্ৰাসেৰে ১,৮৭৭ ডলাৰ হব বুলি আশা কৰা হৈছে। ভাৰতবৰ্ষৰ এই সংখ্যা বিগত চাৰি বছৰৰ ভিতৰত আটাইতকৈ নিম্নতম। আইএমএফে চলিত বছৰ ভাৰতৰ জিডিপি ১০.৩ শতাংশ হ্ৰাস পাব বুলি মন্তব্য কৰিছে।

চলচিত্ৰ প্ৰেমীৰ বাবে ভাল খবৰ, ১৫ অক্টোবৰৰ পৰা খুলিব ছবিগৃহ

ডিজিটেল ডেস্কঃ কৰ’না মহামাৰীৰ আতংকৰ মাজতে ১৫ অক্টোবৰৰ পৰা পুনৰ মুকলি কৰিব ছবি গৃহসমূহ। কিন্তু কৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ছবিগৃহসমূহত ৫০ শতাংশ আসনহে ব্যৱহাৰ কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিছে ৷ ছবি গৃহসমূহ খোলাৰ পাছত চলিত সপ্তাহত Tanhaji The Unsung Warrior, Shubh Mangal Zyada Saavdhan, Malang, সুশান্ত সিং ৰাজপুতৰ Kedarnath, Thappad আদি ছবিসমূহ মুক্তি পাব ৷ মনোৰঞ্জন জগতৰ খবৰ অনুসৰি বিবেক অৱেৰয় অভিনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনৰ ওপৰত নিৰ্মিত ছবিখনো ছবিগৃহত পুনৰ দৰ্শকৰ কাৰণে মুক্তি দিব ৷ ইয়াৰ আগতে ছবিখন ২০১৯ত ২৪ মে’ত মুক্তি লাভ কৰিছিল ৷

১৪ মাহ গৃহবন্দীৰ পাছত মুকলি আকাশৰ তললৈ জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি

ডিজিটেল ডেস্কঃ যোৱা বৰ্ষৰ ৪ আগষ্টত জম্মু কাশ্মীৰক দুটা ভাগত ভাগ কৰাৰ লগতে বিশেষাধিকাৰ লৈ লোৱাৰে পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিক গৃহবন্দী কৰিছিল চৰকাৰে ৷ অৱশেষত ১৪ মাহৰ পাছত মুকলি আকাশৰ তললৈ ওলাই আহিল জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি ৷ এই কথা সদৰী কৰিছে জম্মু কাশ্মীৰৰ চৰকাৰৰ প্ৰবক্তা ৰোহিত কঞ্চলে ৷ মুক্তিৰ পিছতেই মেহবুবাই কয় যে “দিল্লীয়ে ৫ আগষ্টত অবৈধ আৰু অগণতান্ত্ৰিকভাৱে আমাৰ পৰা কি কি লৈছিল এতিয়া সেয়া মনত পেলোৱাৰ সময় ৷ মই যি হেৰুৱালো সেয়া মোক পুনৰ লাগে ৷” গৃহবন্দীৰ পৰা মুক্তি লাভ কৰিয়ে টুইটাৰ জৰিয়তে মুফতিয়ে কয় ‘‘মই প্ৰায় এবছৰতকৈ অধিক সময় গৃহবন্দী হৈ থাকিলো। ২০১৯ ৰ ৫ আগষ্টৰ সেই ক’লা দিনটোৱে মোৰ হৃদয় আৰু আত্মাক সদায় বিন্ধি থাকে। মই জানো মোৰ দৰে পৰিস্থিতি জম্মু কাশ্মীৰীৰ প্ৰায় জনতাৰে হৈছে। কাৰণ সেই দিনটোৰ স্মৃতি কোনেও পাহৰিব নোৱাৰে’’ ৷

নাজিৰাৰ মেকিপুৰ, বিহুবৰ চাহ বাগিচাত ২০শতাংশ বোনাছ প্ৰদান

গেলেকী : সমাগত শাৰদীয় দুৰ্গা পূজা মহোৎসৱ। মহোৎসৱক লৈ নাজিৰাকে ধৰি ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে থকা চাহ বাগিচা শ্ৰমিক-কৰ্মচাৰীসকলৰ মাজত উখল-মাখল পৰিবেশ। কাৰণ চাহ বাগিচা শ্ৰমিক-কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া দাবী অসম চৰকাৰে মানি লৈছে। এইবাৰ দুৰ্গা পূজাত মালিক কৰ্তৃপক্ষ্যৰ পৰা শ্ৰমিক-কৰ্মচাৰীয়ে পাব ২০শতাংশ বোনাছ। সামান্তৰালভাৱে নাজিৰা মহকুমা অন্তৰ্গত মেকিপুৰস্থিত কেংকৌ চাহ প্ৰতিষ্ঠানৰ অধীনত থকা বামুনপুখুৰী চাহ বাগিচা, লক্ষ্মীজান চাহ বাগিচা, হাতীপটি চাহ বাগিচাৰ বিপৰীতে বিহুবৰ চাহ বাগিচাত শিৱসাগৰ জিলা উপায়ুক্তই দিয়া ক’ভিড-১৯ৰ পৰামৰ্শৱলী মানি শান্তি শৃংখলতাভাৱে শ্ৰমিক-কৰ্মচাৰীৰ মাজত দুয়োখন বাগিচা কৰ্তৃপক্ষ্যই ২০শতাংশ বোনাছ প্ৰদান কৰা বুলি জানিব পৰা গৈছে। সম্প্ৰতি মেকিপুৰ চাহ বাগিচাত ৯ অক্টোবৰ আৰু বিহুবৰ চাহ বাগিচাত ১০ অক্টোবৰৰ দিনা আবেলি পৰত চাহ বাগিচা কৰ্তৃপক্ষই বাগিচা কেইখনৰ শ্রমিক-কর্মচাৰীসকলক বোনাছৰ ধন প্ৰদান কৰে। চাহ বাগিচা কৰ্তৃপক্ষই নাজিৰা আদৰ্শ আৰক্ষী থানাৰ সহযোগত কটকটীয়া নিৰাপত্তাৰ মাজত এই বোনাছৰ ধন শ্রমিক-কর্মচাৰীসকলক শান্তিপূৰ্ণ পৰিৱেশত মোকলাই দিয়ে। অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়া দেবেন ৰবিদাসৰ পৰা জানিব পৰা মতে, চলিত অক্টোবৰ মাহত শিৱসাগৰ জিলা উপায়ুক্ত, মালিক কৰ্তৃপক্ষৰ লগত হোৱা আলোচনাত বাগিচাৰ মালিক কৰ্তৃপক্ষই শ্রমিক-কর্মচাৰীসকলক ২০ শতাংশ বোনাছ দিবলৈ সন্মত আছিল। সেই অনুযায়ী এই দুর্গা পূজাৰ সময়ত ২০ শতাংশ বোনাছ প্ৰদান কৰা হয়। যদিও বাকী কিছু অংশ বোনাছৰ ধন ফাঁকুৱা উৎসৱৰ সময়ত প্ৰদান কৰা হ’ব।