Home Blog Page 3175

সত্ৰীয়া নৃত্যশৈলীৰ অগ্ৰণী শিল্পী শাৰদী শইকীয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ টেগোৰ ৰাষ্ট্ৰীয় বৃত্তি

সত্ৰীয়া নৃত্যশৈলীৰ অগ্ৰণী শিল্পী শাৰদী শইকীয়াই কেন্দ্ৰীয় চৰকাৰে আগৱঢ়োৱা টেগোৰ ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰিছে। চলিত বৰ্ষত দেশৰ সৰ্বমুঠ ১৫ জন জ্যেষ্ঠ পৰিৱেশ্য কলাৰ লগত জড়িত লোকক এই বৃত্তি প্ৰদান কৰা হৈছে।

প্ৰয়াত ৰসেশ্বৰ শইকীয়া বৰবায়নৰ অন্যতম প্ৰধান ছাত্ৰী শাৰদী শইকীয়াই বিগত ৫ টা দশক ধৰি সত্ৰীয়া নৃত্যধাৰাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰ্চা, শিক্ষণৰ লগতে পৰিৱেশনমূলক বক্তৃতা প্ৰদান আৰু সংৰচনাৰ কামত আত্মনিয়োগ কৰি আহিছে।

তেওঁ ইতিমধ্য বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ লগতে ৰাষ্ট্ৰীয় সংগীত নাটক অকাডেমী বঁটাৰেও সন্মানিত হৈছিল। নৃত্যাংগনা শিল্পী গৰাকীয়ে শ্ৰীশ্ৰীকমলাবাৰী সত্ৰত প্ৰচলিত মাটি আখৰাৰ এক বিশ্লেষণাত্মক অধ্যয়নৰ বাবে লাভ কৰিছে এই বৃত্তিটো। তেওঁ ইতিমধ্যে এই কামৰ প্ৰয়োজনীয় আনুসংগিক হিচাপে নতুন দিল্লীৰ সংগীত নাটক অকাডেমীত যোগদান কৰিছে।

১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ পানী ফিল্টাৰ বিতৰণ

নলবাৰী, ২৬ ডিচেম্বৰ : কেৱল ভাৰতবৰ্ষৰে নহয় বৰ্তমান এচিয়াৰ ভিতৰত সৰ্ববৃহৎ অৰ্ধ সৈনিক বল হোৱা হেতুকে কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলে বিভিন্ন ধৰণে শত্ৰুৰ দেশক ৰক্ষা কৰাৰ লগতে সমাজ বিৰোধী কাৰ্য ৰোধ কৰাৰ উপৰিও সামাজিক কল্যাণ বাবে বিভিন্ন পদক্ষেপ হাতত লো ৱাত পৰিলক্ষিত হৈছে । সেইমৰ্মে নলবাৰী জিলাৰ সৰিয়হতলীস্থিত ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীয়ে কৰ’ণা মহামাৰীৰ সময়ৰ পৰা জিলাখনৰ বিভিন্ন গাওঁ ভূয়ে খাদ্য সামগ্ৰী, চেনেটাইজাৰ, হেণ্ড গ্লোবছ, হেণ্ড ওৱাছ, মাস্ক আদি বিতৰত কৰি আহিছে । সমান্তৰালভাৱে আজি ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনী য়ে নলবাৰী জিলাৰ ১০ খনকৈ বিদ্যালয়ত পানী ফিল্টাৰ আৰু মান পত্ৰ প্ৰদান কৰে । ফিল্টাৰ বিতৰণৰ পিছত ১৩৬ বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ কামানডেন্ট পিচি চৌহানে প্ৰকাশ কৰে যে স্বচ্ছতা মানৱ জীৱনৰ এক প্ৰয়োজনীয় অংশ আৰু এই স্বচ্ছতা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । যদিহে স্কুলত ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ত স্বচ্ছ পানী সেৱন কৰিব নাপালে শাৰিৰীক ভাৱে বহুত কষ্ট ভুগিবলগীয়া হয় যাৰ কাৰণে দৈহিক বিকাশৰ লগতে পঢ়া শুনাত প্ৰভাৱ পৰে । এই উদ্দেশ্য ৰাখি আজি ১৩৬ বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ পি চি চৌহানৰ দ্বাৰা পানী ফিল্টাৰ বিতৰণ কৰা হয় । অনুষ্ঠানৰ মাজতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰণৰ থলুৱা নৃত্য পৰিবেশন কৰে । উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত  কাশ্মিৰত শ্বহীদ হোৱা নিৰোদ শৰ্মাৰ পৰিয়ালক কামানডেন্ট পি চি চৌহান সহ চি আৰ পি এফ বাহিনীয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন : ৰক্তদান শিবিৰ আয়োজন

জামুগুৰিহাট, ২৬ ডিচেম্বৰ: শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উত্তৰ জামুগুৰি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ আৰ্তিথ্যত  মৰিসূতিত দিনজোৰা কাৰ্যসুচীৰে উদযাপন কৰা হয়। সংগঠনটিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাই এটি ৰক্তদান শিৱিৰৰো আয়োজন কৰে ৷ মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে শুভ উদ্বোধন কৰা মৰিসুতিৰ মাউন্ট চিনাই ইংলিছ স্কুলত অনুষ্ঠিত ৰক্তদান শিবিৰটোত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৰক্তদান বিভাগৰ লগত জড়িত চিকিৎসাকৰ্মী সকলৰ উপস্থিতিত গোৰ্খা ছাত্র সন্থাৰ সদস্য সকলৰ লগতে স্থানীয় লোকসকলেও ৰক্তদান কৰে। শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে গোৰ্খা ছাত্ৰ সন্থাৰ এখনি কৰ্মী সভাও অনুষ্ঠিত হয় । শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানটিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সুনীল চেত্ৰী, ৰোহিত লমচাল, জিলা সাংগঠনিক সচিব নাৰায়ন খৰ্কা, জিলা সচিব অঞ্জন শৰ্মা, জিলা সদস্য প্ৰকাশ আচাৰ্য, হেমন্ত নিৰলা, মানস শৰ্মাকে ধৰি কেবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল ৷ উল্লেখ্য যে শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ছাত্ৰ সংগঠনটিয়ে এনেদৰে আয়োজন কৰা ৰক্তদান শিৱিৰটোত প্ৰায় ১৫০ গৰাকীয়ে ৰক্তদান কৰে ৷

জামুগুৰিহাটত নদুৱাৰ উন্নয়ন খণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ

জামুগুৰিহাট, ২৬ডিচেম্বৰ: হেৰাই যাবলৈ ধৰা কুটীৰ শিল্পক ধৰি ৰখাৰ প্ৰয়াস কৰিছে জামুগুৰিহাটৰ নদুৱাৰ উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়তে। নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সীমিত পুজিৰে নদুৱাৰ উন্নয়ন খণ্ডৰ দহটাকৈ গাঁও পঞ্চায়তৰ কিছু সংখ্যক লোকক  ক্ৰমাৎ হেৰাই যাবলৈ ধৰা কুটীৰ শিল্পৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। নদুৱাৰ উন্নয়ন খণ্ডৰ চৌহদত দুগৰাকী প্ৰশিক্ষকে  যোৱা ২১ডিচেম্বৰৰ পৰা  তিনি দিনীয়াকৈ প্ৰদান কৰা প্ৰশিক্ষণ কাৰ্যসূচীত খৰাহী, পাচি, চালনীকে ধৰি আমাৰ প্ৰয়োজনীয় সামগ্ৰী সমুহ তৈয়াৰ কৰাৰ প্ৰশিক্ষণ দিয়া হৈছে  বহু সংখ্যক লোকক। আমাৰ সমাজৰ পৰা হেৰাই যাবলৈ ধৰা এই কুটীৰ শিল্পক জীয়াই ৰখাৰ বাবে নদুৱাৰ উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়তে লোৱা এই পদক্ষেপ আদৰণীয় হিচাপে বিবেচিত হৈছে। নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰাই জনোৱা মতে ইয়াৰ পিছতে উন্নয়ন খণ্ডটোৰ ফালৰ পৰা প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীৰ পৰাও বিভিন্ন সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। কুটীৰ শিল্পৰ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত স্থানীয় বিধায়ক পদ্ম হাজৰিকাও উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক উৎসাহিত কৰে ।

বটদ্ৰৱা থানৰ শোভা বৰ্ধনৰ বাবে ১৮০ কোটি টকা চৰকাৰৰ

গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আমিনগাঁৱত দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিছে এখন বিশাল জনসভা। আজিৰ অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুকলি কৰিব চাৰিখনকৈ বিশেষ অভিলাসী আঁচনি। অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘এনেকুৱা মংগলময় দিন বহুত কম আহে। য’ত সকলো ভকতবৃন্দ একে স্থানতে সমবেত হয়। এনেকুৱা দিন পূৰ্বে কোনোও দেখা নাছিল’

বটদ্ৰৱা থানৰ প্ৰসংগ মন্ত্ৰী শৰ্মাই কয় যে, ‘আমাৰ বাবে বেয়া দিন আছিল, যি সময়ত বটদ্ৰৱা থানৰ মাটি সন্দেহযুক্ত লোকে দখল কৰিছিল। বটদ্ৰৱা থানৰ পৰা আমি সন্দেহযুক্ত লোকসকলক খেদিবলৈ সক্ষম হলো। বটদ্ৰৱা থানৰ বাবে ১৮০ কোটি টকা মুকলি কৰিব আজি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ দৰে এই প্ৰকল্প বিশ্ববাসীৰ সন্মুখত জাকত জিলিকা হওক।’
২০২১ বৰ্ষৰ জুলাইত সম্পূৰ্ণ হ’ব এইমছ । ২০০০ তকৈ অধিক বিছনা থাকিব গুৱাহাটীৰ নতুন চিকিৎসা মহাবিদ্যালয়ত। ৮০০ কোটি টকা ব্যায় কৰা হ’ব।’

কন্যকা বহুমুখী কৃষি পামৰ নৱতম সংযোজন : ‘কন্যকা ৰেষ্টুৰেন্ট’ৰ শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

জামুগুৰিহাট, ২৬ ডিচেম্বৰ: চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অভিনৱ প্ৰকল্প কন্যকা বহুমুখী পামৰ এক নতুন সংযোজন “কন্যকা ৰেষ্টুৰেন্ট”ৰ কালি শুভ উদ্বোধন কৰে । খীষ্টান ধৰ্মালম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ বৰদিন আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, আধুনিক ভাৰতৰ নিৰ্মাতা স্বৰূপ অটল বিহাৰী বাজপেয়ীৰ জন্মদিন ‘সুশাসন দিন’ৰ শুভক্ষণৰ লগত সংগতি ৰাখি আয়োজন কৰা “কন্যকা ৰেষ্টুৰেন্ট”ৰ শুভ উদ্বোধনী অনুষ্ঠানত কেক কাটি বিধায়ক পদ্ম হাজৰিকাই ৰেষ্টুৰেন্টখন মুকলি কৰে । নদুৱাৰ ৰাজহ চক্ৰ বিষয়া ড° আকাশদ্বীপ কাকতি আৰু চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া সূৰ্য কমল বৰাৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানত বিধায়ক পদ্ম হাজৰিকাই কন্যকাৰ জৰিয়তে ৰাইজৰ বাবে আৰু বহুতো সা-সুবিধা আগবঢ়োৱাৰ বাবে তেওঁ বদ্ধপৰিকৰ বুলি মন্তৱ্য কৰে । উল্লেখ্য যে, বিধায়ক হাজৰিকাই কন্যকা বহুমুখী পামৰ জৰিয়তে সমষ্টিটোৰ যুৱক-যুৱতীসকলক আত্মসংস্থাপনৰ পথ দেখুওৱাৰ  লগতে থলুৱাভাবে উৎপাদিত সামগ্ৰীসমূহ ৰাইজৰ বাবে সুলভ কৰি এক যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিবলৈ সক্ষম হৈছে । পথাৰ আৰু বজাৰ দখল কৰি ল’ব নোৱাৰিলে এটা জাতিৰ অস্তিত্ব সদায় বিপদাপন্ন বুলি মন্তৱ্য কৰা পদ্ম হাজৰিকাৰ এই নতুন পদক্ষেপে ইতিমধ্যেই ৰাইজৰ সঁহাৰী লাভ কৰা পৰিলক্ষিত হৈছে ।

কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ ৰহস্যজনক ভূমিকাৰ বাবেই যমুনামুখ উদ্ধাৰ কৰিব পৰা নাই কংগ্ৰেছে : মাহমুদ হুছেইন

ডবকা , ২৬ ডিচেম্বৰ: কংগ্ৰেছ ৰাজ্যিক নেতৃত্বৰ ৰহস্যজনক ভূমিকাৰ বাবেই বাৰে যমুনামুখ সমষ্টিত পৰাজিত হৈছে কংগ্ৰেছৰ বিধান সভাৰ প্ৰাৰ্থী। এই বিস্ফোৰক অভিযোগ বৰ্ষীয়ান কংগ্ৰেছ নেতা তথা যমুনামুখ সমষ্টিৰ প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি মাহমুদ হুছেইনৰ। যমুনামুখ কংগ্ৰেছ জেষ্ঠ নেতা বসিৰ উদ্দিন লস্কৰৰ পিছত এইবাৰ ক্ষোভ উজাৰিছে জেষ্ঠ কংগ্ৰেছ মাহমুদ হুছেইনে। ডবকাত সাংবাদিকৰ সংবাদমেল আয়োজন কৰি নেতা গৰাকীয়ে আক্ষেপৰে কয় যে কংগ্ৰেছৰ প্ৰবিন আৰু জেষ্ঠ নেতা কৰ্মীৰ কোনে গুৰুত্ব নাই যমুনামুখ সমষ্টিত। বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল হান্নানক সভাপতি নিযুক্ত দিয়াটো অবৈধ হৈছে। এই অভিযোগ 40 বছৰৰ পৰা কংগ্ৰেছৰ কৰা তথা যমুনামুখ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মাহমুদ হুছেইনৰ। বিধান সভা নিৰ্বাচনলৈ কেবামাহ বকী আছে। কিন্তু যমুনামুখ সমষ্টিত যেন এনে হৈছে নিৰ্বাচন চলিয়েই আছে। সকলো দল সংগঠনৰ এধিকাংশ  নেতাৰ যমুনামুখ সমষ্টিৰ বিধায়ক হোৱাৰ মন। নিজ দলৰ মাজতেই চলিছে প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাত । সমষ্টিৰ জেষ্ঠ কংগ্ৰেছ নেতা  তথা যমুনামুখ সমষ্টিৰ প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি মাহমুদ হুছেইনে সংবাদ মেলৰ জৰিয়তে যুৱ নেতা ৰেহান উদ্দিনৰ বিৰুদ্ধেও কৰিছে কেবাটাও বিস্ফোৰণ মন্তব্য কৰে, সাম্প্ৰতিক সময়ত যুৱ নেতা ৰেহান উদ্দিনে পুৰণি একাংশ জেষ্ঠ নেতাক গুৰুত্ব নিদিয়াকৈ চলাই গৈছে দলীয় কাম-কাজ। বিগত ৪০ বছৰৰে  পৰা কংগ্ৰেছ কৰি আহিছিল জেষ্ঠ নেতা গৰাকী। বিগত ৪০ বছৰৰে পৰা কংগ্ৰেছ কৰি অহা নেতা গৰাকী আজি নতুন কংগ্ৰেছৰী নেতা সকলৰ মাজত এলাগী হৈ পৰিছে বুলি আক্ষেপ কৰে । ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটিছে যমুনামুখত। উৰ্দতম কৰ্তৃপক্ষইৰ ৰহস্যজনক ভূমিকা তথা যমুনামুখ সমষ্টিত দুৰ্বল প্ৰাৰ্থিত্ব দিয়াৰ বাবেই কংগ্ৰেছৰ বিধায়ক জয়ী হব পৰা নাই যমুনামুখত। এইবাৰ  জেষ্ঠ নেতা গৰাকীয়েও সমাগত ২১’ৰ বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্যৰাখি চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিৰ চুকে কোণে জেষ্ঠ নেতা কৰ্মীৰ সৈতে সঘনাই চলাইছে যোগাযোগ। বৰ্ষীয়ান নেতা গৰাকীৰ মতে অসমত AIUDF য়ে সংখ্যালঘু ভোটাৰক হেয় প্ৰতিপন্ন কৰি ৰাখিছে।জেষ্ঠ নেতা গৰাকীয়ে এইবাৰ টিকট পালে ২১’ৰ বিধান সভা নিৰ্বাচনত প্ৰতিদদ্বিতা কৰিবলৈ সাঁজু বুলিও উল্লেখ কৰাৰ লগতে জয়ী হব পাৰিব বুলিও কয়। 

অসমত আৰম্ভ হ’ব কভিড ভেকচিনৰ ড্ৰাই ৰান

অহা সপ্তাহৰ পৰা কভিড ভেকচিনৰ ড্ৰাই ৰান আৰম্ভ হ’ব অসমত । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শুকুৰবাৰে এই কথা প্ৰকাশ কৰি কয় যে এই পৰীক্ষাৰ প্ৰস্তুতি মূল্যায়ন কৰাৰ বাবে ২৮ আৰু ২৯ ডিচেম্বৰত অসমৰ নলবাৰী আৰু শোণিতপুৰ জিলাৰ লগতে আন চাৰিখন ৰাজ্যত কৰ’ণা ভাইৰাছৰ টিকাকৰণৰ ড্ৰাই ৰান হ’ব।

শুকুৰবাৰে এক বিবৃতিযোগে স্বাস্থ্য মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে যে, এই ড্ৰাই ৰান অভিযান অসমৰ লগতে অন্ধ্ৰ প্ৰদেশ, গুজৰাট আৰু পঞ্জাৱৰ দুখন জিলাত আৰম্ভ কৰা হ’ব। লগতে এই বিবৃতিটোত কোৱা হৈছে যে, এই কাৰ্যকলাপৰ ভিতৰত আছে টিকাকৰণ প্ৰক্ৰিয়াত জড়িত সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব।

মন্ত্ৰালয়ে জনায় যে, মক ড্ৰিলত খণ্ড আৰু জিলা পৰ্য্যায়ত সমৱৰ্তী নিৰীক্ষণ আৰু সমীক্ষা তথা মতামত গ্ৰহণ কৰা হ’ব লগতে ৰাজ্য আৰু কেন্দ্ৰলৈ সেই মতামত প্ৰেৰণ কৰা হ’ব। ই টিকাকৰণৰ পিছত যিকোনো সম্ভাৱ্য প্ৰতিকূল ঘটনাৰ ব্যৱস্থাপনাৰ ওপৰতো গুৰুত্ব দিব।

ইতিমধ্যে,সমগ্ৰ দেশত বিভিন্ন শ্ৰেণীৰ ভেকচিন হেণ্ডলাৰ আৰু প্ৰশাসনৰ ২৩৬০ লোকক প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে কয় যে জানুৱাৰীত টিকাকৰণ “যিকোনো সপ্তাহ”(Any Week) আৰম্ভ হ’ব বুলি আশা কৰা হৈছে। চৰকাৰে ইতিমধ্যে স্বাস্থ্য সেৱা কৰ্মী আৰু বৃদ্ধ লোকসহ ৩০ কোটি লোকক চিনাক্ত কৰিছে, যি সকলে প্ৰথম পৰ্যায়ত এই টীকাকৰণ লাভ কৰিব।

নিশা প্ৰায় ১২.৩০ বজাত গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ : আজিৰ দিনটোৰ কাৰ্যসূচী কি

নিশা প্ৰায় ১২.৩০ বজাত গুৱাহাটীত উপস্থিত হল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশাৰ শীত নেওচি অমিত শ্বাহক উষ্ম আদৰণি অসমবাসীৰ।

ৰাজপথত হাজাৰ হাজাৰ বন্তিৰে স্বাগতম জনোৱাৰ লগতে অসমৰ কলা-সংস্কৃতিৰেও আপ্লুত কৰে । নিশাৰ শীতত খালী ভৰিৰে খোলবাদন, সত্ৰীয়া, বিহু, বাগৰুম্বা আদিও প্ৰদৰ্শন কৰা হয় অমিত শ্বাহক আদৰণি জনোৱাৰ বাবে।

নিশাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অসমীয়াত টুইট । টুইটতোত শ্বাহে লিখিলে- ‘গুৱাহাটী আহি পালোঁ। অসমৰ জনগণৰ অভূতপূৰ্ব আদৰণিয়ে মোক অভিভূত কৰিছে। এই উষ্ম আদৰণিৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ।’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰিবলৈ বিমান বন্দৰত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ দিলীপ শইকীয়া, সাংসদ পল্লৱ লোচন দাস, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, জয়ন্তমল্ল বৰুৱা প্ৰমুখ্যে বিজেপিৰ বহু নেতা কৰ্মী।

হাজাৰো অধিক সাধাৰণ জনতাইয়ো নিশাৰ শীত নেওচি উপস্থিত থাকে ৰাজপথৰ দুয়োকাষে। বৰঝাৰৰ পৰা পোনে পোনে গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হয় আমিনগাঁও পি ডব্লিউ ডি বাংলোত ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজিৰ দিনটোৰ কাৰ্যসূচী –

পুৱা প্ৰথমে অংশগ্ৰহণ কৰিব এক ভিডিঅ’ কনফাৰেঞ্চত ।

এই ভিডিঅ’ কনফাৰেঞ্চৰ পিছতে আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত আয়োজন কৰা এখন ৰাজহুৱা সভাত তেওঁ ভাগ ল’ব ।

তাৰ পিছত আমিনগাঁৱৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা অসম দৰ্শন অনুষ্ঠানৰ ভব্য গব্য অনুষ্ঠানত অংশগ্ৰহণ কৰিব অমিত শ্বাহে । ‘অসম দৰ্শন’ আঁচনিৰ অংশ হিচাপে ৮০০০ নামঘৰলৈ আগবঢ়াব খোজা ২.৫ লাখ টকীয়া অনুদানৰ শুভাৰম্ভ কৰিব গৃহমন্ত্ৰী গৰাকীয়ে ।

ইয়াৰোপৰি, ৯ খন নতুন আইন মহাবিদ্যালয় আৰু গুৱাহাটীত আন এখন চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ।

সভাৰ শেষত নিশা অতিথি শালাত ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে আলোচনাত মিলিত ‌হ’ব‌ গৃহমন্ত্ৰীগৰাকী।

আজিৰ কাৰ্যসূচী সামৰি কালিলৈ পুৱা কামাখ্যা দৰ্শন কৰিব অমিত শ্বাহে ।

ইয়াৰ পিছতেই মণিপুৰলৈ ৰাওনা হব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

নগাঁৱত সুশাসন দিৱস উদযাপন : কৃষকসকল হৈছে সমাজৰ অৰ্থনৈতিক ব্যৱস্থাৰ ভেটি গঢ়োতা : ৰূপক শৰ্মা

নগাঁও, ২৫ ডিচেম্বৰ: ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশ জুৰি উদযাপিত হোৱা “সুশাসন দিৱস” আজি নগাঁৱতো উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লগতে পাখিমৰীয়া উন্নয়ন খন্ড, খাগৰিজান উন্নয়ন খন্ডৰ সহযোগত  “সুশাসন দিৱস” ৰ কাৰ্যসূচী অনুষ্ঠিত হয়। পাখিমৰীয়া উন্নয়ন খন্ডৰ “সুশাসন দিৱস”ৰ কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত কৃষক সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত কবিথা পদ্মনাভন , জিলা মুখ্য কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ শৰ্মা , জিলা কৃষি বিষয়া অশোক বৰঠাকুৰ, পাখিমৰীয়া খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱৰ্তী , পাখিমৰীয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰিয়াজুল হক, খাগৰিজান আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দিপাঞ্জলী কোঁৱৰ আৰু স্থানীয় কৃষক সকল উপস্থিত থাকে। উক্ত সভাত বিধায়ক ৰূপক শৰ্মাই  প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত আৰম্ভ হোৱা সুশাসনৰ ভেটি  সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি লগতে কয় যে এই গৰাকী মহান নেতাৰ সপোনক সম্পূৰ্ণ ৰূপে বাস্তবায়িত  কৰিব পাৰিলেহে আমি ভবিষ্যত দিনত সফল হব পাৰিম। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ কৃষক সকলৰ বাবে কৃষক সন্মান নিধি মুকলি কৰা কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰি বিধায়ক শৰ্মাই কয় যে মানৱজীৱনত কৃষকৰ অপৰিসীম অৱদান আছে। কৃষকসকল হৈছে সমাজৰ অৰ্থনৈতিক ব্যৱস্থাৰ ভেটি গঢ়োতা। এই কৃষক সকলৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীয়ে গ্ৰহণকৰা পদক্ষেপক বিধায়ক শৰ্মাই শলাগ লয়। ইপিনে সুশাসন দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষক সকলৰ বাবে মুকলি কৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক সভাত উপস্থিত কৃষক সকলে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে পাখিমৰীয়া উন্নয়ন খন্ডৰ লগতে খাগৰিজান উন্নয়ন খন্ডত আজি অনুষ্ঠিত কৃষক সভাৰ কাৰ্যসূচীত উপস্থিত সকলোৱে দূৰদৰ্শন যোগে সম্পচাৰ হোৱা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ শুনি অনুপ্ৰাণিত হোৱা পৰলক্ষিত হয়। ইফালে অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ সদৰ মন্ডল আৰু হয়বৰগাঁও মন্ডলৰ কৰ্মকতা সকলে মহান নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। এই উপলক্ষে আমোলাপট্টিস্হিত ৰত্নকান্ত বৰকাকতী  হাইস্কুল খেলপথাৰত বিজেপিৰ সদৰ মন্ডল আৰু হয়বৰগাঁও মন্ডলৰ মাজত এখনি প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়। উক্ত প্ৰীতি ক্ৰিকেট খেলত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই খেলুৱৈ সকলক উৎসাহিত কৰে।