Home Blog Page 3183

জামুগুৰিহাটৰ উদীয়মান সাংস্কৃতিক কৰ্মী জুমণি শইকীয়াৰৰ স্মৃতিত ভৱন উদ্বোধন

জামুগুৰিহাট, ২০ ডিচেম্বৰ: জামুগুৰিহাটৰ উদীয়মান সাংস্কৃতিক কৰ্মী জুমনী শইকীয়াৰ মৃত্যু কেৱল জামুগুৰিহাটৰ বাবেই নহয় সমগ্ৰ ৰাজ্যখনৰ বাবেই এক বৃহৎ ক্ষতি৷মৃত্যু চিৰন্তন সত্য৷মৃত্যুৰ পিছত এগৰাকী ব্যক্তিক আমি ঘুৰাই আনিব নোৱাৰো যদিও তেঁওৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰাখিব পৰা যায় ৷ অকাল মৃত্যুক আকোৱালি লোৱা সাংস্কৃতিক কৰ্মীগৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ স্বাৰ্থত মোৰ সমষ্টিৰ মধ্য চিলাবন্ধা গাঁও পঞ্চায়তৰ বিষয়া কৰ্মী আৰু ৰাইজৰ সহযোগত প্ৰয়াত সাংস্কৃতিক কৰ্মীগৰাকীৰ স্মৃতিত এটি ভৱণ উদ্বোধন কৰিবলৈ পাই মই নিজকে সৌভাগ্যবান বুলি অনুভৱ কৰাৰ লগতে শিল্পী জুমনিৰ আত্মাৰো চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷ আজি জামুগুৰিহাটৰ প্ৰয়াত উদীয়মান শিল্পী জুমনি শইকীয়াৰ কোঁচগাঁৱৰ নিজা বাসগৃহৰপৰা মাত্ৰ ১ কি:মি: দূৰত্বত অৱস্থিত মধ্য চিলাবন্ধা গাঁও পঞ্চায়তত “শিল্পী জুমনি শইকীয়া স্মৃতি ভৱন”টি উদ্বোধন কৰি আৱেগিক হৈ এইদৰে কয়  চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ ভৱন উদ্বোধনী অনুষ্ঠানটিত বিহু,শংকৰী কলাকৃষ্টিৰে পৰিপুষ্ট বহুমুখী প্ৰতিভাৰ অধিকাৰী শিল্পীগৰাকীৰ লগত ওতপ্ৰোত সম্পৰ্ক থকা তথা ৰাজ্যৰ ইমুৰৰপৰা সিমুৰলৈ বিহুমঞ্চসমুহ কপাই তোলা জামুগুৰিহাটৰ ভৰলীপৰীয়া বিহুৱা দলটিকো শিল্পী জুমনিৰ অনুপস্থিতিত পূৰ্বৰ সেই ধাৰাবাহিকতা তথা সুনাম  অনাগত দিনসমুহতো অক্ষুন্ন ৰাখি শিল্পীগৰাকীক সকলোৰে মাজত জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈও বিহু দলটিক আহবান জনাই বিধায়ক হাজৰিকাই ৷ সমাজকৰ্মী শৈলেন বৰকটকী আৰু যুৱ সমাজকৰ্মী ৰাতুল নাথে যুটীয়াভাৱে আঁত ধৰা স্মৃতি ভৱন উদ্বোধনী অনুষ্ঠানটিত প্ৰয়াত শিল্পী জুমনিৰ শইকীয়াৰ পৰিয়ালবৰ্গও উপস্থিত থাকি জুমনিৰ স্মৃতিত ভৱনটি উচৰ্গিত কৰি স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে লোৱা এনে পদক্ষেপৰ বাবে বিধায়ক পদ্ম হাজৰিকাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বিষয়া কৰ্মীসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে পৰিয়ালবৰ্গই৷১২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভৱনটিৰ উদ্বোধনী অনুষ্ঠানটিত নদুৱাৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ কুমাৰ বৰা,বৰভগীয়া জিলা পৰিষদৰ সদস্য পলি চুতীয়া বৰা, নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা, মধ্য চিলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী জলী ভড়ালী, আঞ্চলিক পঞ্চায়তৰ সদস্য দীনেশ দাস, বিমান বৰা, নিৰজ বৰা, প্ৰফুল্ল নাথ, আহবায়ক বিজয় কটকীকে আদি কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে জামুগুৰিহাটৰ কোঁছগাঁৱৰ উদীয়মান সাংস্কৃতিক কৰ্মী জুমনি শইকীয়া(২৮) যোৱা ৭ নৱেম্বৰত বালিপাৰাৰ নিকটৱৰ্তী দীঘলীত এক পথ দূৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আঁকোৱালী ল’বলগীয়া হৈছিল ৷ শিল্পীগৰাকীৰ স্মৃতিত এইদৰে সামুহিক ভৱন এটি উচৰ্গা কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে জামুগুৰিবাসী ৰাইজে ৷

ৰাজমিস্ত্ৰীক এমচিএলএ পাতিলে বিজেপিয়ে; বিজয়উৎসৱত আৱেগিক হৈ পৰিল বঢ়মপুৰৰ ইন্দ্ৰ

 নগাঁও, ২০ডিচেম্বৰ: সদ্যঘোষিত তিৱা স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনত নগাঁও জিলাৰ অন্তৰ্গত ১০ টা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ১০গৰাকী বিজেপি প্ৰাৰ্থীৰ ভিতৰত এজন প্ৰাৰ্থীৰ নাম  বিশেষ ভাৱে চৰ্চিত হৈছে । পেচাত  সাধাৰণ ৰাজমিস্ত্ৰীৰ কাম কৰি জীৱন নিৰ্বাহ কৰা ইন্দ্ৰ বৰদলৈক এইবাৰ নামবৰ লালুংগাঁও পৰিষদীয় সমষ্টিত বিজেপি দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল । নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ইন্দ্ৰ বৰদলৈক টিকট প্ৰদান কৰাৰ ক্ষেত্ৰত  বিশেষভাৱে আগভাগ লয়। আনহাতে ইন্দ্ৰ বৰদলৈৰ হৈ  বিধায়ক ৰূপক শৰ্মা আৰু বিজেপিৰ জিলা সভাপতি অভিজিৎ নাথে ভালেসংখ্যক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল । উল্লেখ্য যে বিজেপি দলে ইন্দ্ৰ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষুণ্ণ হৈ পোনাকণ বৰদলৈ নামৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীজনে  বিজেপি ত্যাগ কৰি অগপৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীর্ণ হৈছিল । ইপিনে পোনাকণ বৰদলৈৰ লগতে আন  কেইবাগৰাকী বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ইন্দ্ৰ বৰদলৈৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত নামিছিল। তৎসত্বেও ইন্দ্ৰ বৰদলৈয়ে অৱশেষত বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়। আজি নগাঁও জিলা বিজেপি কাৰ্যালয়ত আৱেগিক হৈ পৰা ইন্দ্ৰ বৰদলৈয়ে কয় :  “মই নৰেন্দ্ৰ মোডীক ভালপাই বিজেপি দলত যোগদান কৰিছিলো।  বিজেপি দলে সৰু মানুহক গুৰুত্ব দিয়ে। সেয়ে মই বিজেপিক ভালপাঁও । ইপিনে ইন্দ্ৰক লগত লৈ জিলা সভাপতি অভিজিৎ নাথে কয় : প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ উদাহৰণ হৈ পৰক ইন্দ্ৰ বৰদলৈ। উল্লেখ্য যে এইবাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত লালুংপাৰত বিজেপি প্ৰাৰ্থী মদন বৰদলৈ আৰু নামবৰ লালুংগাঁৱত ইন্দ্ৰ বৰদলৈয়ে জয়লাভ কৰে। অগপৰ দুৰ্গস্বৰূপ বঢ়মপুৰ সমষ্টিৰ দুয়োটা তিৱা পৰিষদীয় সমষ্টিত বিজেপিয়ে বিজয়ধ্বজা উৰুওৱাৰ পিছত ২০২১ ৰ বিধানসভা নির্বাচনত বঢ়মপুৰ সমষ্টি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ  মহন্তক এৰি নিদিয়াৰ সংকল্প লৈছে নগাঁও জিলা বিজেপিয়ে।

নলবাৰীত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

নলবাৰী, ২০ ডিচেম্বৰ: নলবাৰীৰ অসম ৰাজ্যিক গ্ৰামীণ অভিযান মিছনৰ উদ্যোগত আত্মসহায়ক গোটৰ মাজত বেংকৰ ঋণ প্ৰদান কাৰ্যসূচীৰ ওপৰত আজি নলবাৰী জিলাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহিলাৰ এখন বিশাল সভা অনুষ্ঠিত হয়।এই অনুষ্ঠানত দুৰ্যোগ  প্ৰসমন পুঁজি আৰুসামূহিক বিনিময় পুঁজিৰ চেক আনুষ্ঠানিক ভাবে প্ৰদান কৰে ৰাজ্যৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। ইয়াত ১৭২৩ টা আত্মসহায়ক গোটক এক লাখ,পাঁচ লাখ আৰু দহ লাখ টকাৰ চেক আৰু ২১ টা গ্ৰাম্য সংগঠনক এক লাখ পঞ্চাশ হাজাৰ টকাকৈ এই ঋণ প্ৰদান কৰা হয়। আজি মুঠ ৭৩ কোটি ১০লাখ ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়।এই অনুষ্ঠানত নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, জিলাৰ উপায়ুক্ত পূৰবী কোঁৱৰ,মিছন গ্ৰাম্য জীৱিকা মিছন অভিযানৰ মিছন সঞ্চালিকা কৃষ্ণা বৰুৱা,পঞ্চায়ত সভাপতি পবিত্ৰ ডেকাকে ধৰি বিভিন্ন ব্যক্তি উপস্থিত আছিল। তদুপৰি এই সভাত বহুত দল-সংগঠনৰ উপৰিও বহুত ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা পঞ্চায়তৰ এজন সদস্যই কংগ্ৰেছ দলৰ বিৰুদ্ধে বিভিন্ন ভয়ংকৰ মন্তব্য প্ৰকাশ কৰে । পঞ্চায়ত সদস্য গৰাকীয়ে কয় যে কংগ্ৰেছ দলটোৱে দলৰ কৰ্মী সকলক সদায় তলত থয় আৰু ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কাম নকৰে । ভাৰতীয় জনতা পাৰ্টিৰ সময়ত বহুত কাম হোৱা বুলিও পঞ্চায়ত সদস্য গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে । আজিৰ এইটো কাৰ্যসূচী পূৰ্বেই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বনগাওঁ পঞ্চায়ত নতুন গৃহ উদ্বোধন কৰে ।

হোজাইত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড

হোজাই, ২০ ডিচেম্বৰঃ হোজাই বিদ্যানগৰত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। বিদ্যানগৰৰ বিশ্বজিৎ বিশ্বাস নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। ঘৰৰ গৰাকী বাহিৰৰ অন্য ঠাইত থকা সময়ত অগ্নিকাণ্ডৰ সংঘটিত হয়, অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় বাসগৃহ। দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫০-৬০ হাজাৰ টকাৰ সা-সম্পত্তি বিনষ্ট হোৱা বুলি গৃহস্থ জনে প্ৰকাশ কৰাৰ লগতে বিদ্যুৎ শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্ধেহ প্ৰকাশ কৰে।

নলবাৰীত নৱৰত্ন ক্ৰিকেট একাডেমীৰ শুভাৰম্ভনি কৰিলে বিধায়ক অশোক শৰ্মাই

নলবাৰী, ২০ ডিচেম্বৰ : নলবাৰী জিলাক ক্ৰীড়াৰ দিশত আগবঢ়াই নিবলৈ চৰকাৰ-প্ৰশাসনৰ লগতে সামাজিক ভাৱে ও বহুত সচেতন লোকে পদক্ষেপ লোৱাত পৰিলক্ষিত হৈছে । সেইমৰ্মে আজি নলবাৰী জিলাৰ দেৱীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নৱৰত্ন ক্ৰিকেট একাডেমী নামৰ এটি কোচ্চিং চেন্টাৰ মুকলি কৰা হয় । অঞ্চলটোৰ স্হানীয় কেইগৰাকী মান যুৱকৰ প্ৰচেষ্টাত স্থাপিত হোৱা এই নৱৰত্ন ক্ৰিকেট একাডেমীৰ আজি শুভ উদ্বোধনী কৰে স্থানীয় বিধায়ক অশোক শৰ্মাই । ভাষণ প্ৰসংগত বিধায়ক অশোক শৰ্মাই মন্তব্য প্ৰকাশ কৰে যে, স্থানীয় উদ্যমী যুৱক কেইজনৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই একাডেমী এখৰ বাবে খেলৰ দিশত নৱ প্ৰজন্মই আগবাঢ়ি যাব পাৰিব । আনহাতে এই একাডেমীৰ এখনৰ শুভাৰম্ভনি কৰি বিধায়ক অশোক শৰ্মাই ও বেট ধৰি খেল উপভোগ কৰা দেখা গল ।

নগাঁৱত ৭ বছৰীয়া পুত্ৰসহ সন্ধানহীন দুটি সন্তানৰ মাতৃ : পত্নী-পুত্ৰক বিচাৰি নগাঁৱৰ অ’লিয়ে-গ’লিয়ে ঘূৰি ফুৰিছে স্বামী

নগাঁও, ২০ ডিচেম্বৰ: নগাঁও জিলাৰ বেবেজীয়া পহৰা আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণপাট হাতীগড়ৰ এগৰাকী দুটি সন্তানৰ মাতৃ ৭ বছৰীয়া পুত্ৰসহ বিগত এমাহধৰি  সন্ধানহীন হৈ থকাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । ননৈৰ ৰাজু শইকীয়া নামৰ ব্যক্তি জনৰ পত্নী তৃষ্ণা শইকীয়া আৰু তেওঁৰ ৭ বছৰীয়া পুত্ৰ যুগান্ত প্ৰতিম শইকীয়া দক্ষিণপাট চাৰিআলিত বজাৰ কৰিবলৈ অহাৰে পৰা সন্ধানহীন হৈ আছে । বিগত ৯ নবেম্বৰতেই সন্ধানহীন হোৱা পত্নী-পুত্ৰক বিচাৰি এতিয়া নগাঁৱৰ অ’লিয়ে-গ’লিয়ে ঘূৰি ফুৰিছে স্বামী ৰাজু শইকীয়া । ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় বেবেজীয়া আৰক্ষী চকীৰ লগতে নগাঁৱৰ আৰক্ষী অধীক্ষকৰ ওচৰতো এজাহাৰ দাখিল কৰিছে ৰাজু শ‌ইকীয়াই  । কোনো লোকে এই সন্দৰ্ভত কিবা সম্ভেদ পালে নিকটৱৰ্তী আৰক্ষী থানা বা ৯১০১৬-৪৯৭৭০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

নগাঁৱত চুৰি সামগ্ৰীসহ আটক চোৰ

নগাঁও, ২০ ডিচেম্বৰ: নগাঁও সদৰ আৰক্ষীয়ে কালি নিশা অভিযান চলাই  বৃহৎ পৰিমানৰ চুৰি সামগ্ৰী সহ কেইবাটাও চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে,নগাঁৱৰ আম্বেদকাৰ ভৱনত যোৱা দহ ডিচেম্বৰত সংঘটিত হৈছিল চুৰি কাৰ্যৰ ঘটনা  ৷ ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এটা গোচৰ ৰজু কৰা হৈছিল৷ সেই গোচৰৰ ভিত্তিতে নগাঁও আৰক্ষীৰ নগৰ শাখাৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কালি নিশা  চহৰখনৰ খ্ৰীষ্টানপট্টিত অভিযান চলায় চিলাই মেচিন, স্কুল বেগ, পোছাক সহ বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। উল্লেখ্য , দীপু আহমেদ নামৰ চোৰ জনৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীৰ দলটোৱে নিশা অভিযান চলাই বৃহৎ চুৰি সামগ্ৰী জব্দ কৰাৰ লগতে আন তিনিজন লোকক আটক কৰে ৷ আটক কৰা লোক কেইজনৰ নাম ক্ৰমে ছলমান ৰহমান,মজিবুৰ আলী আৰু ৱাচিম খন্দকাৰ।

নলবাৰী জিলা বাদ্যযন্ত্ৰী সংস্থা গঠন

নলবাৰী, ২০ ডিচেম্বৰ : আজি বিয়লি নলবাৰী দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এখন সভাত নলবাৰী জিলা বাদ্যযন্ত্ৰী সংস্থা খন গঠন কৰা হয় । প্ৰবীণ বাদ্যশিল্পী অলকেশ বৰুৱাৰ সভাপতিত্বত আৰু প্ৰবীণ তবলা বাদক ভগবান কলিতাৰ উপস্থিতিত অনুষ্ঠিত সভাখনত জিলাখনৰ ভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক বাদ্যযন্ত্ৰীয়ে অংশগ্ৰহণ কৰে । আজিৰ সভাত সৰ্বসন্মতি মৰ্মে সংস্থাটোক -“সংকল্প সংস্থা”নামেৰে নামাকৰণ কৰা হয় । এই সংস্থাই  বাদ্যযন্ত্ৰী সকলৰ বহুদিনীয়া অভাৱ পূৰণ কৰিব বুলি নৱ নিৰ্বাচিত সভাপতি হিমাংশু ডেকা আৰু সম্পাদক কিশোৰ মেনাই সভাত উপস্থিত শিল্পী সকলক জনাই ।

গুৱাহাটীত অসম কেশৰী কবি অম্বিকাগিৰী ৰায় চৌধুৰীৰ ১৩৫ সংখ্যক জন্মজয়ন্তী উদযাপন; সাংবাদিক গকুল তালুকদাৰক সম্বৰ্ধনা জ্ঞাপন

কামৰূপ মহানগৰ, ১৯ ডিচেম্বৰঃ অনতৰগত কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ উদ্যোগত শুক্ৰবাৰে অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰীৰ ১৩৫ সংখ্যক জন্মদিন তথা ” চেতনা দিৱস ” পালন কৰা হয় । অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি তথা কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সভাপতি কৰোনাকান্ত বৰ্মনৰ সভাপতিত্বত গুৱাহাটীৰ অসম সাহিত্য সভাৰ নেহা আগৰৱালা সভাকক্ষত অনুষ্ঠিত এই অনুস্থানৰ আৰম্ভণিতে অম্বিকাগিৰী ৰায় চৌধুৰী ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি প্ৰদান কৰা হয় । এই অনুস্থান মুকলি কৰে কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি হাছমত আলীয়ে । ইয়াৰ পিছতে সভাত বিশিষ্ট কবি- সাহিত্যিক কাপুৰ চান্দ জৈনক “কাব্য বিভূতি”উপাধি প্ৰদান আৰু দৈনিক অসমৰ সাংবাদিক তথা কবি গোকুল তালুকদাৰক বিশেষ সমবৰ্ধনা জ্ঞাপন কৰা হয় । কবি সন্মিলনৰ যুটীয়া সম্পাদক মনোজ দাসে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লয়  বিশিষ্ট কবি দীনেশ দাস আৰু বিপুল শৰ্মাই । শলাগৰ শৰাই আগবঢ়াই সন্মিলনৰ যুটীয়া সম্পাদক ৰুমা ভট্টাচাৰ্য্যই । সভাত অসম কবি সন্মিলনৰ কেইবাগৰাকীও বিষয় ববীয়াই অংশ গ্ৰহণ কৰে ।

আছুৰ লৰাই ক’লা পতাকা দেখালে যুৱ মৰ্চাৰ লৰাইয়ো আছুৰ লৰাক ক’লা পতাকা দেখুৱাব !

‘কা’ বিৰোধী আন্দোলনৰ সময়চোৱাত বিজেপিৰ বহুকেইজনো মন্ত্ৰী-বিধায়ক সন্মুখীন হব লগা হৈছিল ক’লা পতাকাৰ । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কেইবাবাৰো আছুৰ লৰাই ক’লা পতাকাৰ দেখুৱা দেখিবলৈ পোৱা গৈছিল । কিন্ত এতিয়াৰে পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আছুৱে দেখুৱাব নোৱাৰিব ক’লা পতাকা । ক’লা পতাকা দেখুৱা সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, “এতিয়াৰে পৰা আছুৱে বিজেপিৰ নেতা-মন্ত্ৰীত দেখুৱাব নোৱাৰিব ক’লা পতাকা। যদিহে দেখুৱাই তেতিয়া বিজেপিৰ যুৱ মৰ্চাইও আছুৰ সদস্যসকলক ক’লা পতাকা দেখুৱাব। লগতে অসমত অ-ৰাজনৈতিক নতুন সংগঠনৰ জন্ম হ’ব।”

মন্ত্ৰী শৰ্মাই শনিবাৰে কয়, ”এতিয়া সদৌ অসম ছাত্ৰ সন্থাই লৰাই যেতিয়া ক’লা পতাকাৰ সন্মুখীন হ’ব তেতিয়া আমাৰো যুৱ মৰ্চাৰ লৰাই তেওঁলোকক ক’লা পতাকা দেখুওৱাৰ অধিকাৰ থাকিব। কাৰণ এইটো ৰাজনৈতিক দল আৰু ৰাজনৈতিক দল। আছুক ৰাজনীতিকৰণ কৰাটো মই ভাবো অসমৰ জাতীয় জীৱনৰ বাবে এটা ডাঙৰ অন্যায় হ’ল। আৰু আছুৰ গাত এইটো যিটো দাগ পৰিলে ইয়াৰ পৰা আছু ওলাই আহিবলৈ বহুত সময় লাগিব। আৰু হয়তো মই ভাবো অসমত আন কোনো অৰাজনৈতিক ছাত্ৰ সংগঠনৰো জন্ম হ’ব। কাৰণ এতিয়া আছুক মানুহে কোনোবা এটা ৰাজনৈতিক সংগঠনৰ ছাত্ৰ সংগঠৰূপেই ব্যৱহাৰ কৰিব।” ইফালে দলটো গঠন হোৱাৰ সময়তে কোন সভাপতি হ’ব সেয়াও ঠিক হৈ থকা বুলি কয় মন্ত্ৰী শৰ্মাই।