Home Blog Page 3183

নাজিৰাত ইণ্ডিয়ান বুক অব ৰেকৰ্ডছত ছাত্ৰী : জাতীয় গণ সংগ্ৰাম পৰিষদ, অসম’ৰ চৰকাৰলৈ আহ্বান, ছাত্ৰী গৰাকীলৈ শুভেচ্ছা

গেলেকী : নাজিৰা মহকুমা অন্তৰ্গত বাঁহগড়াৰ ছাত্ৰীৰ প্ৰতিভা ইণ্ডিয়ান বুক অব ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে। প্ৰতিভাৰ অভাৱ নাই এইখন অসমত ৷ এই কথাষাৰকে পুনৰ প্ৰমাণ কৰি দেখুৱালে নাজিৰা বাঁহগড়াৰ এগৰাকী ছাত্ৰীয়ে ৷ শিৱসাগৰ মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰী তথা নাজিৰা লিগিৰিপুখুৰীস্থিত কলাংগন ফাইন আৰ্ট এণ্ড ক্ৰাফট একাডেমীৰ অন্তিম বৰ্ষৰ ছাত্ৰী চন্দ্ৰিকা নেওগে নিজ প্ৰতিভাৰ ফলত এটি ৰঙা লাওৰ গুটিৰ ওপৰত দেশৰ জাতীয় পতাকা উত্তোলনৰ চিত্ৰ অংকন কৰি নিজৰ নাম Indian Book of Recordsত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। সৰুৰে পৰা চিত্ৰ অংকনৰ প্ৰতি বিশেষ আগ্ৰহী চন্দ্ৰিকাই নিজ চিন্তাৰে বহু ব্যতিক্ৰমী ছবি আঁকিবলৈ সক্ষম হৈ আহিছে ৷ চন্দ্ৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু বৰেণ্য ব্যক্তিৰ ছবি ৷ আজৰি সময়ত মানুহৰ প্ৰতিচ্ছবি আঁকি ভাল পাই চন্দ্ৰিকাই ৷ ইয়াৰ উপৰিও ব্যতিক্ৰমী চিন্তাৰে মমৰ ধোঁৱাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এখন বৃহত চিত্ৰ অঁকাৰ লগতে কফিৰ ৰঙেৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ চিত্ৰও অংকন কৰিছে যুৱতীগৰাকীয়ে। শেহতীয়াকৈ দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰী গৰাকীয়ে ৰঙা লাওৰ গুটিৰ ওপৰত দেশৰ জাতীয় পতাকা উত্তোলনৰ দৃশ্যৰ চিত্ৰ অংকনৰ বাবে Indian Book of Recordsএ দিয়া স্বীকৃতিৰ বাবে আনন্দিত চন্দ্ৰিকাৰ মাক, দেউতাক৷ নাজিৰা বাঁহড়াৰ নিবাসী কমল নেওগ আৰু শিক্ষয়িত্ৰী ৰুমী গগৈ নেওগৰ কন্যা চন্দ্ৰিকাৰ এই সফলতাত জাতীয় গণ সংগ্ৰাম পৰিষদ, অসম শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক তথা নিউজ টাইম অসম’ৰ নাজিৰা সদৰৰ স্থানীয় সাংবাদিক ফাৰহান লস্কৰে শুভেচ্ছা জনাইছে। লগতে লস্কৰে নাজিৰা অথবা উত্তৰ পূৰ্বাঞ্চলত এনে বহু প্ৰতিভাসম্পন্ন যুৱক-যুৱতী থকা বুলি সংবাদ-মাধ্যমৰ আগত আজি মত পোষণ কৰি এনে ধৰণৰ প্ৰতিভা সম্পন্ন যুৱক-যুৱতীক অসম চৰকাৰে সময় উপযুগীভাৱে আৰ্থিক সাহায্য দিয়াৰ দাবী জনাইছে।

ৰাজ্যসভাৰ অধ্যক্ষ বেংকয়া নাইডুৰ বাসভৱনত সভা : কৃষি বিধেয়কৰ বিৰুদ্ধে হুলস্থুল কৰা সাংসদৰ ওপৰত কঠোৰ ব্যৱস্থা !

দৈনন্দিন বাৰ্তা ডেস্ক : কৃষি বিধেয়কৰ লৈ ৰাজ্যসভাত দেওবাৰে তোলপাৰ কৰে বিৰোধী সাংসদে ৷ এইসকল সাংসদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব পাৰে ৰাজ্যসভাৰ অধ্যক্ষ বেংকয়া নাইডুৱে ৷ সংবাদ প্ৰতিষ্ঠানৰ খবৰ মতে, এই হুলস্থূলৰ বাবে অতি বিৰক্ত অধ্যক্ষ ৷ দেওবাৰে ৰাজ্যসভাৰ বিৰোধী সাংসদৰ এই আচৰণক লৈ বাসভৱনত এক বৈঠক আহ্বান কৰে বেংকয়া নাইডুৱে ৷ তাত উপস্থিত আছিল ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ, ৰে’ল মন্ত্ৰী পীযুষ গোৱেল আৰু সংসদ বিষয়ক মন্ত্ৰী প্রহ্লাদ যোশী। উল্লেখ্য যে দেওবাৰে ৰাজ্যসভাত ধ্বনি ভোটত গৃহীত হয় কৃষি বিধেয়ক ৷ এই দুই বিধেয়ক কৃষক স্বাৰ্থৰ বিৰোধী বুলি ৰাজ্যসভাত কোৱাৰ পাচতে হুলস্থূলীয়া পৰিৱেশ কৰে বিৰোধীয়ে৷ এই বিধেয়কৰ বিৰোধিতা কৰি উপাধ্যক্ষ হৰিবংশ নাৰায়ণৰ চকীৰ দিশে যায় তৃণমূলৰ সাংসদ ডেৰেক ওব্ৰায়ান, কংগ্ৰেছ সাংসদ ৰিপুন বৰা, আপ সাংসদ সঞ্জয় সিং, ডিএমকেৰ ত্ৰিচুৰি শিবা ৷ উল্লেখ্য যে অধ্যক্ষৰ কামত বাধা দিলে কঠোৰ সিদ্ধান্ত ল’ব পাৰে অধ্যক্ষই ৷ আনকি কোনো সাংসদক নিলম্বন কৰিব পাৰে এই অধিৱেশনৰ কাৰণে ৷

মধ্যস্থতাকাৰীৰ হাতৰ পৰা ৰক্ষা পালে কৃষকে : প্ৰধানমন্ত্ৰী

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্যসভাত তুমুল বিতণ্ডা, হুলস্থূল, বিক্ষোভৰ মাজত ধ্বনি ভোটত গৃহীত হ’ল কৃষি সংক্রান্তৰ দুখন বিধেয়ক ৷ এই বিধেয়ক গৃহীত হোৱাৰ পাচত প্ৰধানমন্ত্ৰীয়ে টুইটাৰত দাবী কৰে, কৃষকসকলৰ দুগুণ আয়ৰ পথ সুগম হ’ল ৷ মধ্যস্থতাকাৰীৰ হাতৰ পৰা ৰক্ষা পালে কৃষকে ৷ ইয়াৰ লগতে ন্যূনতম সহায়ক মূল্যত ফচল কিনাৰ ব্যৱস্থা আৰম্ভ হ’ব বুলি আশ্বাস দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ৰাজ্যসভাত কৃষি ক্ষেত্ৰত সংস্কাৰ সংক্ৰান্তীয় বিধেয়ক গৃহীত হোৱাৰ পাচত টুইটাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, আজি দেশৰ কৃষি ইতিহাসত যুগান্তৰকাৰী দিন ৷ সংসদত গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হোৱাৰ পাচত পৰিশ্ৰমী অন্নদাতাসকলক ধন্যবাদ জনায় ৷ কেৱল কৃষিক্ষেত্রত আমূল পৰিৱৰ্তন অনাই নহয়, বৰং কোটি কোটি কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰিব ৷ প্ৰধানমন্ত্ৰীয়ে টুইটাৰত লিখিছে, কেইবা দশক ধৰি নানা ধৰণৰ বাধাৰ সন্মুখত পৰি আছিল ভাৰতীয় কৃষকসকল ৷ মধ্যস্থতাকাৰীৰ আক্ৰমণৰ চিকাৰ হৈছিল ৷ সেই অসুবিধা দূৰ কৰি দিলে সংসদত গৃহীত হোৱা বিধেয়কে ৷ আনহাতে কৃষকৰ দুগুণ আয়ৰ পথ সুগম হ’ল ৷ দেশৰ কৃষি ক্ষেত্ৰৰ যি সংস্কাৰৰ প্ৰয়ৎ আছিল তাক মন কৰি আছিল প্ৰধানমন্ত্ৰী মোডীয়ে ৷ তেওঁ টুইট কৰি কয়, আমাৰ কৃষিক্ষেত্রত আধুনিক প্রযুক্তিৰ প্ৰয়োজন৷ এতিয়া পৰিশ্ৰমী কৃষকে সহযোগিতা পাব৷ ভৱিষ্যৎ প্রযুক্তিৰ পথ খুল খালে ৷ বাঢ়িব উৎপাদন, ভাল ফল পাব৷ এয়া স্বাগত জনোৱাৰ দৰে পদক্ষেপ ৷ ন্যূনতম সহায়ক মূল্যত ফচল কিনাৰ ব্যৱস্থাও আৰম্ভ হ’ব বুলি আশ্বস্ত কৰে প্ৰধানমন্ত্ৰীয়ে ৷ তেওঁ কয়, ন্যূনতম সহায়ক মূল্যত ফচল কিনিব চৰকাৰে ৷ আমি কৃষকসকলক সেৱা কৰিবলৈ আহিছো ৷ সকলো ধৰণৰ পদক্ষেপ ল’ব ৷ তেওঁলোকৰ আহিব লগা প্ৰজন্মই যাতে সুন্দৰ জীৱন পায় তাক নিশ্চিত কৰাটো আমাৰ ৷

নতুন শিক্ষানীতি ২০২০ত অনুমোদন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় মন্ত্ৰীসভাই নতুন শিক্ষানীতি ২০২০ত অনুমোদন কৰিছে ৷ উল্লেখ্য যে ভাৰতত ৩৪ বছৰৰ পাচত শিক্ষা নীতি সলনি হ’ল ৷ ১৯৮৬ চনত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সলনি হৈছিল ৷ এইবাৰৰ শিক্ষানীতিত বহু গুৰুত্বপূৰ্ণ দিশ উন্মোচিত হৈছে৷ ইয়াৰে পাঁচ বছৰ প্ৰাথমিক হিচাপে হ’ব ৷ সেয়া হ’ল, নাৰ্চাৰী ৪ বছৰত, জুনিয়ৰ কেজি ৫ বছৰত, ছিনিয়ৰ কেজি ৬ বছৰত, প্ৰথম শ্ৰেণী ৭ বছৰত, দ্বিতীয় শ্ৰেণী ৮ বছৰ বয়সত হ’ব৷ তিনি বছৰ প্ৰস্তুতিমূলক হ’ব ৷ সেই অনুসৰি, তৃতীয় শ্ৰেণী ৯ বছৰত, চতুৰ্থ শ্ৰেণী ১০ বছৰত, পঞ্চম শ্ৰেণী ১১ বছৰত হ’ব৷ তদুপৰি ৩ বছৰ মজলীয়া হ’ব ৷ সেয়া হ’ল, ১২ বছৰত ষষ্ঠ শ্ৰেণী, ১৩ বছৰত সপ্তম শ্ৰেণী, ১৪ বছৰত অষ্টম শ্ৰেণী হ’ব ৷ আনহাতে ছেকেণ্ডাৰী পৰ্যায় হ’ব চাৰি বছৰৰ ৷ সেই অনুসৰি, নৱম শ্ৰেণী ১৫ বছৰত, দশম শ্ৰেণী ১৬ বছৰত, একাদশ শ্ৰেণী ১৭ বছৰত আৰু দ্বাদশ শ্ৰেণী ১৮ বছৰত হ’ব ৷ এইখিনিতে গুৰুত্বপূৰ্ণ যে কেৱল দ্বাদশ শ্ৰেণীৰ পৰীক্ষাহে ব’ৰ্ডৰ হ’ব ৷ মহাবিদ্যালয়ৰ ডিগ্ৰী চাৰি বছৰীয়া হ’ব ৷ দশম শ্ৰেণীৰ পৰীক্ষা ব’ৰ্ডৰ নহয় ৷ উল্লেখ্য যে এম ফিল ডিগ্ৰী বন্ধ কৰা হৈছে ৷ মন কৰিব লগা যে জেএনইউৰ দৰে শিক্ষানুষ্ঠানত এম ফিলৰ বাবে ৪৫ৰ পৰা ৫০ বছৰীয়া ছাত্ৰ-ছাত্ৰী বহু বছৰ ধৰি থাকি লয় ৷ এই সকলো বিতর্কিত বামপন্থী মতাদর্শৰ ছাত্ৰ-ছাত্ৰী এখন শিক্ষানুষ্ঠানৰ পৰা আঁতৰ কৰা হ’ব ৷ এতিয়া পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীয়ে মাতৃভাষা, স্থানীয় ভাষা আৰু ৰাষ্ট্ৰীয় ভাষাত শিক্ষা গ্ৰহণ কৰিব ৷ আন বিষয়বোৰ যদি সেইবোৰ ইংৰাজী হয়, বিষয় মতে শিকিব পাৰিব ৷ মাত্ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰহে ব’ৰ্ডৰ পৰীক্ষা হ’ব ৷ আগতে যিদৰে দশম শ্ৰেণীৰ পৰীক্ষা বাধ্যতামূলক আছিল এতিয়া সেয়া নহ’ব ৷ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পৰীক্ষা ষান্মাষিক হ’ব ৷ বিদ্যালয় পৰ্যায় হ’ব ৫ + ৩ + ৩ + ৪ সূত্ৰত ৷ মহাবিদ্যালয়ৰ ডিগ্ৰী ৩ আৰু ৪ বছৰ পাঠ্যক্ৰমত হ’ব ৷ স্নাতকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষত ডিপ্লোমা, তৃতীয় বৰ্ষত ডিগ্ৰী প্ৰদান কৰা হ’ব ৷ যিসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণ নকৰে তেওঁলোকক ৩ বছৰত ডিগ্ৰী দিয়া হ’ব ৷ একে সময়তে উচ্চ শিক্ষা গ্ৰহণকাৰী শিক্ষার্থীৰ ৪ বছৰত ডিগ্ৰী অর্জন কৰিব ৷ চাৰি বছৰীয়া ডিগ্ৰী লোৱা ছাত্ৰ-ছাত্ৰীয়ে এবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে যোগ্যতা পাব ৷ এতিয়া শিক্ষাৰ্থীয়ে এম ফিল কৰিব নালাগে ৷ বৰং শিক্ষাৰ্থীয়ে পিএইচডি ডিগ্ৰী কৰিবলৈ সক্ষম হ’ব ৷ ইয়াৰ মাজতে শিক্ষাৰ্থীয়ে আন কৰ্চ কৰিব পাৰিব ৷ উচ্চ শিক্ষাত ২০৩৫ চনৰ ভিতৰত মুঠ তালিকাভুক্তৰ অনুপাত ৫০ শতাংশ হ’ব ৷ একে সময়তে, নতুন শিক্ষানীতি ২০২০ৰ অধীনত ছাত্ৰ-ছাত্ৰীয়ে কৰ্চৰ মাজতে আন কৰ্চলৈ যাব পাৰিব ৷ তেতিয়া তেওঁ প্ৰথম কৰ্চৰ পৰা সীমিত সময়ৰ বাবে বিৰতি লৈ দ্বিতীয় কৰ্চ কৰিব পাৰিব ৷ উচ্চ শিক্ষাত বহু সংস্কাৰ কৰা হৈছে ৷ উন্নতিৰ জৰিয়তে গ্ৰেড একাডেমি, প্রশাসনিক আৰু আর্থিক স্বায়ত্তশাসন ইত্যাদি অন্তর্ভুক্ত কৰা হৈছে ৷ ইয়াৰ উপৰি আঞ্চলিক ভাষাত ই-কৰ্চ আৰম্ভ কৰা হ’ব ৷ ভাৰ্চুৱেল পৰীক্ষাগাৰ উন্নয়ন কৰা হ’ব৷ এটা নেচনেল এডুকেচনেল ছায়েণ্টিফিক ফ’ৰাম আৰম্ভ কৰা হ’ব ৷ উল্লেখ্য যে দেশত প্ৰায় ৪৫ হাজাৰ মহাবিদ্যালয় আছে ৷ সকলো চৰকাৰী, বেচৰকাৰী, ডীমড শিক্ষানুষ্ঠানত ইউনিফৰ্মৰ নিয়ম থাকিব ৷ এই নতুন শিক্ষানীতি বিধি ২০২০ অনুসৰি, নতুন শৈক্ষিক বছৰ আৰম্ভ কৰা হ’ব পাৰে আৰু সকলো শিক্ষার্থী আৰু অভিভাৱকক এই বাৰ্তা সাৱধানে পঢ়িবলৈ আহ্বান জনাইছে ৷

উচ্চ সদনত ধ্বনি ভোটত গৃহীত কৃষি ক্ষেত্ৰত সংস্কাৰৰ ২ বিতৰ্কিত বিধেয়ক

দৈনন্দিন বাৰ্তা ডেস্ক : আশংকা কৰা মতেই সৃষ্টি হ’ল অশান্তি ৷ দেওবাৰে ৰাজ্যসভাৰ অধিৱেশনত সেয়া দেখিবলৈ পোৱা গ’ল ৷ বিৰোধীৰ তীব্ৰ প্ৰতিবাদ আৰু বিক্ষোভৰ মাজতে নৰেন্দ্ৰ মোডী চৰকাৰে সংসদৰ উচ্চ সদনত ধ্বনি ভোটৰ যোগেদি গৃহীত কৰে কৃষি ক্ষেত্ৰত সংস্কাৰৰ দুখন বিতৰ্কিত বিধেয়ক ৷ কৰ’নাৰ সংক্ৰমণৰ মাজতে দেওবাৰে সামাজিক দূৰত্ব বিধি কাৰ্যত আঁতৰ কৰি অধ্যক্ষৰ আসনৰ ওচৰত বিৰোধী সাংসদে বিক্ষোভ কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত চৰকাৰী পক্ষৰ সাংসদে শ্ল’গান দিয়ে ৷ সেই সময়ত সভা পৰিচালনা কৰিছিল উপাধ্যক্ষ হৰিবংশ নাৰায়ৎ সিঙে ৷ তৃণমূলৰ ডেকেক অ’ ব্রায়েনসহ কেইবাজনো বিৰোধী সাংসদে তেওঁৰ আসনৰ ওচৰলৈ গৈ কাগজপত্ৰ আৰু মাইক টনাটনি কৰে ৷ উল্লেখ্য যে বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ আগতে সাংসদসকলক বিক্ষোভ কৰাৰ বিধিনিষেধ জাৰি কৰা হৈছিল ৷ কেৱল সংসদৰ ভিতৰ মহলতে নহয়, ৰাজধানী দিল্লীসহ উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত আজি কৃষি ক্ষেত্ৰৰ সংস্কাৰ সংক্ৰান্তীয় তিনিখন বিধেয়কৰ বিৰুদ্ধে বিক্ষোভ কৰে বিৰোধী দল আৰু বিভিন্ন কৃষক সংগঠনে ৷ আন্দোলনকাৰীৰ অভিযোগ, এই সংক্ৰান্তত তিনিখন বিধেয়কৰে কৃষকসকলৰ স্বার্থ উপেক্ষা কৰি বৃহৎ ব্যৱসায়ী আৰু ক’প’ৰেট কোম্পানীবোৰক সম্পূৰ্ণৰূপে ফচলৰ দাম নিৰ্দ্ধাৰণ আৰু মজুতকাৰীক অধিকাৰ দিয়া হৈছে ৷ দিনটোৰ আগবেলাতে বিৰোধীৰ তুমুল প্ৰতিবাদৰ মাজতে ৰাজ্যসভাত গৃহিত কৰি কেন্দ্ৰীয় কৃষি উন্নয়ন, কৃষক কল্যাণ আৰু খাদ্য প্রক্রিয়াকৰণ মন্ত্রী নৰেন্দ্ৰ সিং তোমৰে কয়, কৃষকৰ ফচলৰ ন্যায্য পোৱাৰ পথত এই বিধেয়কে কোনো প্রতিবন্ধকতাৰ সৃষ্টি নকৰে ৷ বিধেয়ক গৃহিত হোৱাৰ পাচত বিজেপিৰ সভাপতি জে পি নাড্ডাই কয়, ‘নৰেন্দ্ৰ মোডীজীৰ নেতৃত্বত ভাৰতীয় কৃষকে ৭০ বছৰৰ বঞ্চনাৰ পৰা মুক্তি পালে ৷’ আনহাতে কংগ্ৰেছৰ অভিযোগ, এই বিধেয়ক আহিলে ‘কৃষকসকলৰ মৃত্যু পৰোৱানা’। বিতৰ্কত অংশ লৈ ৰাজ্যসভাৰ ডি এম কে সাংসদ টি কে এছ ইলানগোভানৰ মন্তব্য, এই কৃষি বিধেয়কে পুনৰ কৃষকসকলক ক্ৰীতদাসত পৰিণত কৰিব ৷ আনকি বিজেপিৰ পুৰণা সহযোগী শিৰোমণি আকালি দলৰ সাংসদ নৰেশ গুজকালে কেন্দ্ৰক সতৰ্ক কৰি কয়, পাঞ্জাৱৰ কৃষকক দুৰ্বল বুলি ভুল নকৰিব ৷ তেওঁলোকে এই কৃষক বিৰোধী বিধেয়ক মানি নলয়৷ ‘অত্যাৱশ্যক পণ্য আইন’ সংশোধন, ‘কৃষি পণ্য লেনদেন আৰু বাণিজ্য উন্নয়ন’ আৰু ‘কৃষিপণ্যৰ দাম নিশ্চিত কৰাত কৃষকসকলৰ সুৰক্ষা আৰু ক্ষমতায়ন চুক্তি’ সংক্ৰান্তৰ বিধেয়ক তিনিখন লোকসভাত গৃহীত কৰিছে ৷ দেওবাৰে ‘কৃষি পণ্য লেনদেন আৰু বাণিজ্য উন্নয়ন’ আৰু কৃষিপণ্যৰ দাম নিশ্চিত কৰাত কৃষকসকলৰ সুৰক্ষা আৰু ক্ষমতায়ন চুক্তি’ সংক্ৰান্তীয় বিধেয়ক গৃহীত হয় ৰাজ্যসভাত ৷

দেশত বৃদ্ধি পাই আছে কৰ’না আক্ৰান্তৰ সংখ্যা : ২৩ ছেপ্টেম্বৰত ৭ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠকৰ সম্ভাৱনা প্ৰধানমন্ত্ৰীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত বৃদ্ধি পাই আছে কৰ’না আক্ৰান্তৰ সংখ্যা ৷ এনে অৱস্থাত ৰাজ্যবোৰৰ পৰিস্থিতি লৈ পর্যালোচনা কৰিব মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰাপ্ত খবৰ মতে অহা ২৩ ছেপ্টেম্বৰত এই বৈঠক হোৱা সম্ভাৱনা আছে ৷ অৱশ্যে চৰকাৰীভাৱে এই বিষয়ে একো জনোৱা হোৱা নাই ৷ সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ মতে দেশজুৰি কৰ’না সংক্ৰমণৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে ৷ এই দিশত প্ৰতি মুহূৰ্তত খবৰ ৰাখি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ইয়াকে লৈ সংশ্লিষ্ট মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে ধাৰাবাহিকভাৱে আলোচনাও কৰিছে ৷ যিবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কৰ’নাৰ প্ৰকোপ বাঢ়িছে তাত প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে ৷ বৰ্তমানে দেশৰ ভিতৰত মহাৰাষ্ট্ৰ, দিল্লী আৰু উত্তৰ প্ৰদেশসহ কেইবাখনো ৰাজ্যৰ পৰিস্থিতি আশংকাজনক ৷ সেয়ে অহা ২৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে সাতখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত কৰ’না পৰিস্থিতিক লৈ পৰ্যালোচনা কৰিব বুলি জানিব পৰা গৈছে ৷ ইয়াৰ আগেয়ে যোৱা ১১ আগষ্টত অন্ধ্রপ্রদেশ, কর্ণাটক, তামিলনাডু, পশ্চিম বংগ, পাঞ্জাৱ, বিহাৰ, গুজৰাট, তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ লগত ভাৰ্চুৱেল বৈঠক কৰিছিল প্ৰধানমন্ত্ৰীয়ে৷ কৰ’নাৰ সংক্ৰমণ বৃদ্ধিৰ লগতে এই মহামাৰীৰ লগত মোকাবিলা কৰাৰ বিষয়ে কথা কৈছিল ৷ তাৰ পাচত কেতবোৰ ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷ এই অৱস্থাক লৈ অহা সপ্তাহত পুনৰ সাতখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিব নৰেন্দ্ৰ মোডী ৷ উল্লেখ্য যে দেওবাৰে পুৱা পৰ্যন্ত যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত হৈছে ৯২ হাজাৰ ৬০৫ জন লোক ৷ মৃত্যু হৈছে ১১৩৩ জন লোক ৷ ইয়াৰ ফলত দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৫৪ লাখ ৬২০ জনলৈ বৃদ্ধি পালে ৷ ইয়াৰ মাজতে এই পৰ্যন্ত ১০ লাখ ১০ হাজাৰ ৮২৪ জন লোক চিকিৎসাধীন হৈ আছে ৷ সুস্থ হৈছে ৪৩ লাখ ৩ হাজাৰ ৪৪ জন আৰু মৃত্যু হৈছে ৮৬ হাজাৰ ৭৫২ জন ৷

তামিলনাডুত সকলো শ্ৰেণীৰ পাঠদান একেলগে আৰম্ভ কৰাৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ পাঁচখন ৰাজ্যত দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ ৷ ইয়াৰ মাজতে দেশৰ অধিকাংশ ৰাজ্যত ২১ ছেপ্টেম্বৰৰ পৰা নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব ৷ কৰ’না পৰিস্থিতিৰ নিয়ন্ত্ৰণ হ’লেই সকলো শ্ৰেণীৰ পাঠদান একেলগে আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে তামিলনাডু চৰকাৰে ৷ উল্লেখ্য যে এইখন ৰাজ্যত কৰ’নাত আক্ৰান্ত ৫,৩৬,৭৭৮ জন আৰু মৃত্যু হৈছে ৮,৭৫১ জনৰ ৷ পৰ্যায়ক্ৰমে বিদ্যালয় খোলাৰ কথাত গুৰুত্ব দিয়া নাই তামিলনাডুৰ শিক্ষা মন্ত্ৰী কে এ ছেনগোটিয়ানে ৷ তেওঁ কয়, চৰকাৰে কেইটামান সপ্তাহত ৰাজ্যত কৰ’না পৰিস্থিতি চাব ৷ তাৰ পাচত সকলো বিদ্যালয় খোলি দিয়া হ’ব ৷ ছিফ্ট ক্লাছ নহয় ৷ সামাজিক দূৰত্ব বিধি মানি বিদ্যালয়ৰ চলাই নিয়াৰ পৰিকাঠামো ৰাজ্যখনত কৰা হ’ব ৷ উল্লেখ্য যে কৰ’না সংক্ৰমণৰ বাবে দেশত যোৱা ২৫ মাৰ্চৰ পৰা বিদ্যালয়বোৰ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ আনহাতে ছেপ্টেম্বৰত আৰম্ভ হৈছে আনলক ৪.০। এই সময়তে ২১ ছেপ্টেম্বৰৰ পৰা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত পাঠদান আৰম্ভ কৰাৰ কথা ভাবিছে বিভিন্ন ৰাজ্যই ৷

দেওবাৰে পাঞ্জাৱৰ কৃষকে জ্বলাব কৃষি বিধেয়কৰ প্ৰতিলিপি

দৈনন্দিন বাৰ্তা ডেস্ক : ৩০ টা বাওঁপন্থীৰ সমৰ্থিত আৰু আন কৃষক অধিকাৰ সংগঠনৰ প্ৰতিনিধিয়ে শনিবাৰে ঘোষণা কৰিছে যে তেওঁলোকে লোকসভাত গৃহিত হোৱা বিধেয়ক তিনিখন কৃষি বিধেয়কৰ অনুলিপি দেওবাৰে পাঞ্জাৱত জ্বলাব ৷ ইয়াৰ লগতে ২৫ ছেপ্টেম্বৰত ৰাজ্যজুৰি বন্ধ পালন কৰিব ৷ সদৌ ভাৰত কৃষাণ সংহতি সমন্বয়ৰক্ষী সমিতিৰ এজন সদস্য জগমোহন সিঙে কয় যে মোগাত সাক্ষাৎকাৰ কৰা প্ৰতিনিধিয়ে ২০ ছেপ্টেম্বৰত প্ৰতিৱেশী হাৰিয়ানাৰ কৃষকসকলৰ আন্দোলনলৈ সমৰ্থন আগবঢ়োৱাত সন্মত হৈছে ৷ কাইলৈ প্ৰতিবাদ হিচাপে পাঞ্জাৱৰ কৃষক সন্থাই কৃষি বিধেয়কৰ প্ৰতিলিপি ৰাজ্যখনত জ্বলাব বুলি তেওঁ কয় ৷ বামপন্থী কৃষক সংঘই আহ্বান জনোৱা পাঞ্জাৱ বন্ধৰ সন্দৰ্ভত তেওঁ কয়, ৰাজ্যজুৰি প্ৰতিবাদ হিচাপে দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ লগতে ৰে’ল আৰু ৰাজপথ অৱৰোধ শুকুৰবাৰে বিয়লি ৪ বজা পৰ্যন্ত হয় ৷ ভাৰতী কিষাণ ইউনিয়নৰ (লক্ষৱাল)ৰ হৰিন্দৰ সিঙে কয় যে কৃষক নেতাই বিধেয়ক গৃহিত কৰাৰ বিৰোধিতা কৰাৰ বাবে একক মঞ্চত অহাৰ সিদ্ধান্ত লয় আৰু কোনো ৰাজনৈতিক দলক এই আন্দোলনত অংশ ল’বলৈ নিদিয়াৰ সংকল্প লয় ৷ তেওঁ লগতে কয়, কৃষক সম্প্রদায়ৰ স্বার্থত অৰাজনৈতিক ফ্ৰণ্টবোৰ একত্রিত কৰাৰ পাচত সপ্তাহত পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত লোৱা হ’ব ৷ আন কৃষক সন্থাৰ সৈতে সমন্বয় সাধনৰ বাবে আৰু বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে এক সাধাৰণ মঞ্চ গঠনৰ লক্ষ্যৰে এই সভা আয়োজন কৰা হৈছিল ৷ ভাতী কিষাণ ইউনিয়ন (লক্ষৱাল)ৰ বি এছ ৰাজেৱালে এই কথা কয় ৷ প্ৰতিনিধিসকলে মোগাত নাচাট্টাৰ সিঙক শনিবাৰে বিয়লি সাক্ষাৎ কৰে ৷ শুকুৰবাৰৰ সভাত এখন পাঁচজনীয়া সদস্যৰে সমিতি গঠন কৰা হয় ৷

ৰাজ্যসভাত অনুমোদন নতুন বিধেয়ক : কৰ’না যুদ্ধাক আক্ৰমণ কৰিলে ৫ বছৰ পৰ্যন্ত কাৰাবাস

দৈনন্দিন বাৰ্তা ডেস্ক : কৰ’না যুদ্ধা চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ ওপৰত আক্ৰমণ কৰিলে সর্বোচ্চ শাস্তি হ’ব পাৰে ৫ বছৰ কাৰাবাস ৷ এই মৰ্মে শনিবাৰে ৰাজ্যসভাত গৃহিত হ’ল নতুন বিধেয়ক ৷ মহামাৰী ৰোগ (সংশোধনী) বিধেয়ক ২০২০ নামৰ এই বিধেয়কখন শনিবাৰে উচ্চ সদনত দাখিল কৰে স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনে ৷ যোৱা ২২ এপ্ৰিলত ইছ্যু হোৱা অধ্যাদেশখন সংশোধন কৰি নতুন আইন বলবৎ কৰাৰ উদ্দেশ্যে এই বিধেয়ক ৷ এই বিধেয়কত কোৱা হৈছে যে বর্তমান মহামাৰীৰ সময়ত স্বাস্থ্য পৰিসেৱাৰ সৈতে যুক্ত কোনো কৰ্মীৰ প্ৰতি কোনো ৰকমৰ আক্ৰমণ মানি লোৱা নহ’ব ৷ এপ্ৰিলত এই সংক্ৰান্তত অধ্যাদেশ অনা হৈছিল ৷ মহামাৰী ৰোগ আইন, ১৮৯৭ৰ সংশোধন কৰি এই অধ্যাদেশ গৃহিত কৰোৱা হৈছিল মহামাৰীৰ সময়ত স্বাস্থ্যকর্মীৰ ওপৰত হোৱা আক্ৰমণ আৰু সম্পত্তিৰ ক্ষয়ক্ষতিৰ পৰা ৰক্ষা কৰিবৰ বাবে ৷ কৰ’না সংক্রমণ মহামাৰীৰ আকাৰ লোৱাৰ পাচৰ পৰাই সমগ্ৰ দেশত স্বাস্থ্যকর্মীক নানা ধৰণেৰে আক্ৰমণ কৰাৰ ঘটনা ঘটি আহিছে ৷ কোনো কোনো ঠাইত আক্ৰমণ বা সম্পত্তি নষ্ট কৰাৰ অভিযোগ যিদৰে আহিছে, তেনেদৰে নিজৰ এলেকাত কৰ’না যুদ্ধাৰ সোমাবলৈ নিদিয়াৰ ঘটনা ঘটিছে ৷ এনে ধৰণৰ ঘটনা যাতে নঘটে তাৰ বাবে এই অধ্যাদেশ গৃহিত কৰোৱা হৈছিল ৷ অৱশেষত বিধেয়ক হিচাপে অনুমোদন কৰি এই অধ্যাদেশক আইনত পৰিণত কৰাৰ পদক্ষেপ ল’লে কেন্দ্ৰই ৷ বিধেয়কখনত কোৱা হৈছে, স্বাস্থ্যকর্মী বা চিকিৎসকক শাৰীৰিক আক্ৰমণৰ উপৰি কোনো চিকিৎসা কেন্দ্ৰ বা মহামাৰীৰ চিকিৎসাত ব্যৱহৃত কোনো স্থান ধ্বংস কৰিলেও শাস্তি হ’ব ৷ নতুন বিধেয়ক অনুসৰি এই ধৰণৰ কোনো অভিযোগ আহিলে পৰিদৰ্শক পৰ্যায়ৰ কোনো বিষয়াই বিষয়টো তদন্ত কৰি ৩০ দিনৰ ভিতৰত চাব ৷ বিচাৰ শেষ কৰিব লাগিব এবছৰৰ ভিতৰত৷ আদালতে চাই কোনো লিখিত কাৰণৰ ভিত্তিত বিচাৰৰ সময়সীমা বৃদ্ধি কৰিব পাৰে৷ অপৰাধ প্ৰমাণিত হ’লে তিনি মাহৰ পৰা ৫ বছৰ কাৰাবাস খাতিব লাগিব ৷ ইয়াৰ লগতে ৫০ হাজাৰ টকাৰ পৰা ২ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব ৷

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ঘোষণা : উত্তৰ প্ৰদেশত দেশৰ বৃহৎ-সৰ্বাধিক ধুনীয়া ফ্লিম চিটীৰ প্ৰস্তুতি

দৈনন্দিন বাৰ্তা ডেস্ক : মুম্বাই চিনেমা উদ্যোগকলৈ বিতৰ্ক চলি থকা সময়তে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘোষণা কৰিলে দেশৰ বৃহৎ আৰু সৰ্বাধিক ধুনীয়া ফ্লিম চিটী ৰাজ্যখনৰ গৌতম বুদ্ধ নগৰত স্থাপন কৰা হ’ব ৷ সন্যাসী ৰাজনীতিবিদজনে কয় যে নয়দি আৰু বৃহত্তৰ নয়দাত হ’ব লগা এই ফ্লিম চিটীৰ বাবে জনসাধাৰণ সাজু ৷ শুকুৰবাৰে মিৰাট ডিভিজন, গৰিজাবাদ, বুলন্দচহৰ, হাপুৰ, বাঘপট আৰু গৌতম বুদ্ধ নগৰ জিলা উন্নয়নৰ পৰ্যালোচনা সভাত মুখ্যমন্ত্ৰীজনে এই ঘোষণা কৰে ৷ ধুনীয়া ফ্লিম চিটীৰ প্ৰয়োজনীয়তাত যোগী আদিত্যনাথে কামৰ বাৰে সাজু হ’বলৈ কয় ৷ দেশৰ সবাতোকৈ ডাঙৰ আৰু ধুনীয়া ফ্লিম চিটী গৌতম বুদ্ধ নগৰত গঢ়ি তোলাৰ কথা মুখ্যমন্ত্ৰীজনে পৰ্যালোচনা সভাত ঘোষণা কৰে ৷ তেওঁ সুবিধাজনক ভূমি নয়দা, বৃহত্তৰ নয়দা আৰু যমুনা এক্সপ্ৰেছৱেত বাহিৰে ভিতৰে চাবৰ বাবে আৰু এক আঁচনি প্ৰস্তুত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷