Home Blog Page 3213

অসমৰ মৃৎ শিল্পৰ ভবিষ্যৎ …

ধৰ্মেন্দ্ৰ বৰুৱা

মৃৎ শিল্প অসমৰ এক অন্যতম কুটিৰ শিল্প। ই গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ অন্যতম আহিলা। অতি প্ৰাচীন কালৰে পৰা অসমত মৃৎ শিল্পৰ প্ৰচলন আৰু আদৰ বিদ্যমান। পুৰণি কালত মাটিৰ পাত্ৰ অসমীয়া লোকৰ বাবে অতি প্ৰয়োজনীয় সামগ্ৰী আছিল। নিত্য ব্যৱহাৰ্য প্ৰায় প্ৰতিটো সামগ্ৰীৰ চাহিদা মৃৎ শিল্পই পূৰণ কৰিছিল। পুৰণি কালত ভাত ৰন্ধা চৰু, কলহ, টেকেলি, চৰিয়া আদি প্ৰয়োজনীয় সামগ্ৰী মাটিৰ পৰাই তৈয়াৰ কৰা হৈছিল। বৰ্তমান সময়ত ইয়াৰ প্ৰচলন হ্ৰাস পাইছে যদিও বিভিন্ন ক্ষেত্ৰত মাটিৰ পাত্ৰৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। বিয়া, পূজা, শ্ৰাদ্ধ আদি বিভিন্ন অনুষ্ঠানত আজিও ভিন্ন ক্ষেত্ৰত মাটিৰ পাত্ৰৰ প্ৰয়োজন। মাটিৰ চাকি, বিয়াত লগা ঘট ,কলহ, বাটমালা, কুমাৰৰ চৰু, কুমাৰৰ টেকেলি আদি বৰ্তমান সময়ত বিয়া-সবাহ, পূজা আদিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী। তাৰোপৰি দৈ বনাবলৈ টেকেলি, কলহ, মাটিৰ চাকি, ধূপদানি, মাটিৰ পুতলা আদি সামগ্ৰী আজিও অসমত প্ৰচলিত। এই সামগ্ৰীসমূহ সহজলব্ধৰ লগতে কম খৰচী। কিন্তু, সময়ৰ অগ্ৰগতিৰ লগে লগে সমাজত দ্ৰুত পৰিবৰ্তন আহিল। বিশ্বায়ণৰ লেলিহান শিখাই চৌপাশ চানি ধৰিলে, বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতি হ’ল, প্লাষ্টিক আৰু ধাতুৰ ভিন্ন সামগ্ৰীৰে বজাৰ ভৰি পৰিল। মানুহে ৰঙচঙীয়া বস্তুৰ প্ৰতি আকৰ্ষিত হ’ল, মানুহে মাটিৰ পাত্ৰ ঠুনুকা বুলি অবহেলিত কৰা হ’ল। যাৰ বাবে আজি মাটিৰ পাত্ৰৰ চাহিদা কমি আহিল। মৃৎ শিল্পীসকলে উপযুক্ত বজাৰৰ পৰা বঞ্চিত হ’ব লগা হ’ল। তাৰোপৰি আৰ্থিকভাবে দুৰ্বল এই শিল্পীসকলৰ বহুতে এতিয়া আন কামত মনোবিশেষ কৰিবলৈ বাধ্য হৈছে। কিন্তু, ইয়াৰ বিপৰীতে আন্তৰাষ্ট্ৰীয় বজাৰত লক্ষ্য কৰিলে দেখিবলৈ পাও চীনাসকলে আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি মাটিৰে উন্নত সামগ্ৰী তৈয়াৰ কৰি বিশ্বৰ বজাৰ দখল কৰিছে। ইয়াৰ বিপৰীতে আমাৰ অসমত এতিয়াও আওপুৰণীয়া পদ্ধতিকে খামোচ মাৰি ধৰি থকাৰ বাবে শিল্পটোৰ উন্নত হোৱা নাই আৰু যুৱ-প্ৰজন্মৰ মাজত ইয়াৰ প্ৰতি অনিহা ভাবৰ জন্ম হৈছে। যাৰ বাবে এই শিল্পটোৰ অবস্থা দিনক দিনে বেয়া হৈ গৈছে আৰু এনেদৰে থাকিলে হয়তু এদিন কালৰ সোঁ‌তত হেৰাই যাব। গতিকে, এই শিল্পটোক বচোবাৰ দায়িত্ব এতিয়া সকলোৰে আহি পৰিছে। চৰকাৰে এই ক্ষেত্ৰত বিশেষ উদ্যোগ লোৱাৰ প্ৰয়োজন। অতি সোনকালে চৰকাৰে এই উদ্যোগটিৰ প্ৰতি সু-দৃষ্টি দিয়ক আৰু আধুনিক পদ্ধতি অসমৰ মৃৎ-শিল্পত প্ৰয়োগ কৰক। তাৰোপৰি, আমাৰ যুৱ-প্ৰজন্ময়ো এই শিল্পটোৰ প্ৰতি আগ্ৰহী হোৱা উচিত আৰু আধুনিক পদ্ধতিত মনোবিশেষ কৰা উচিত। যুৱ-প্ৰজন্ম এই শিল্পত জড়িত হ’লে শিল্পটো জীয়াই থকাৰ লগতে বহুতো নিবনুৱা যুৱক-যুৱতীয়ে কৰ্ম-সংস্থাপনৰ সুবিধা পাব।

পূব মাজুলী মহাবিদ্যালয়ত মাজুলী জিলাৰ প্ৰথমখন ৰাষ্ট্ৰীয় পৰ্য্যায় ‘ৱেবিনাৰ’ সম্পন্ন

উজনি-মাজুলী : পূব মাজুলী মহাবিদ্যালয়ৰ সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত অলপতে “কভিড-১৯ পেণ্ডেমিক: ইটচ্ ইক’নমি এণ্ড চ’চিঅ-চাইক’লজীকেল ইছু” শীৰ্ষক এখন সময়োপযোগী ৱেবিনাৰ অনুষ্ঠিত হৈ যায়। অধ্যক্ষ ড: অৰূপ কুমাৰ বৰাৰ উদ্বোধনী ভাষণ আগবঢ়োৱাৰ পিছতেই প্ৰথম কাৰিকৰী সত্ৰলৈ সমল ব্যক্তি হিচাপে আমন্ত্ৰিত মেঘালয়ৰ শ্বিলংস্থিত আই.আই.এম.ৰ সহযোগী অধ্যাপক সঞ্জীব কাকতিয়ে পেণ্ডেমিক জটিল সময়ৰ লগত সঙ্গতি ৰাখি ঐতিহাসিক উপমাৰে স্ব-উৎপাদনৰ ওপৰত গুৰুত্ব দি অৰ্থনৈতিক দিশৰ ওপৰত তথ্য সমৃদ্ধ সমলেৰে পৰ্য্যালোচনা আগবঢ়ায়। তেখেতে ভাৰত স্বাধীন হোৱাৰ সময়চোৱাত জি.ডি.পি. আৰু শিক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসম এখন শীৰ্ষ পৰ্যায়ৰ ৰাজ্য হোৱাৰ গৌৰৱোজ্জল ইতিহাসক সোঁৱৰাই ধনাত্মক দৃষ্টিভঙ্গীৰে অৰ্থনৈতিক সম্ভাৱনীয়তাৰ মন্তব্যৰে বক্তৃতা সামৰে। ইয়াৰ পিছতেই দ্বিতীয় কাৰিকৰী সত্ৰলৈ আমন্ত্ৰিত সমল ব্যক্তি, যিগৰাকীয়ে ক’ৰোণাতঙ্কৰ জটিল সন্ধিক্ষণত সামাজিক মাধ্যমৰ যোগেদি সৰ্বসাধাৰণক চিকিৎসা সম্বন্ধীয় বিভিন্ন যোগাত্মক পৰামৰ্শৰে মনোবল বৃদ্ধিৰ প্ৰয়াস কৰি আহিছে সেইগৰাকী গুৱাহাটীৰ মেডিচিন বিভাগৰ জনপ্ৰিয় চিকিৎসক ডা: সন্দিপন শৰ্মাই কভিড-১৯, পেণ্ডেমিক, এণ্ডেমিক, লকডাউন আৰু কভিড-১৯ প্ৰতিৰোধৰ ভেকচিন প্ৰস্তুতকৰণ আৰু সম্ভাব্যতাৰ সম্পৰ্কত তথ্য সমৃদ্ধ ব্যাখ্যা আগবঢ়োৱাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰাসঙ্গিক কৈ শাৰীৰিক-সামাজিক-মনোবিজ্ঞানক সামৰি শিশু, যুৱ আৰু বৃদ্ধ সকলৰ মনোবল অটুত ৰখাৰ অন্তৰায় সমূহ উনুকিয়াই হতাশগ্ৰস্ততা দূৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰে। দুয়োগৰাকী বিজ্ঞ ব্যক্তিয়ে আকৰ্ষণীয় বক্তব্যৰ শেষত অংশগ্ৰহণকাৰীক প্ৰশ্নোত্তৰ শিতানত ভাগ লয়। শেষত আয়োজক সমিতিৰ সভাপতি তথা মহাবিদ্যালয় খনৰ উপাধ্যক্ষ দিপক বৰাই সকলোলৈ শলাগৰ শৰাই আগবঢ়ায়। ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰায় পাঁচ শতাধিক শিক্ষক, গৱেষক, ছাত্ৰ/ছাত্ৰী আৰু অন্যান্য অংশগ্ৰহণকাৰীয়ে ‘ঝুম ক্লাউড মিটিং’ প্লেটফৰ্ম আৰু “ইউটিউব’ পোনপটীয়া সম্পচাৰত ভাগ লয় আৰু সমলব্যক্তিৰ সাৰুৱা বক্তব্যত আকৃষ্ট হৈ উষ্ম প্ৰেৰণাদায়ক প্ৰতিক্ৰিয়াৰে ‘চাট বক্স’ ভৰাই তোলে। প্ৰতিগৰাকী সক্ৰিয় অংশগ্ৰহণকাৰীক একোখন অনলাইন মানপত্ৰ প্ৰদান কৰা হয়। যুটীয়া সমন্বয়কদ্বয় ক্ৰমে ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অনুপ কুমাৰ বৰাই আঁত ধৰা ৱেবিনাৰখনিৰ কাৰিকৰী দিশত পৰিচালনা কৰে সমাজতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক উত্তম শইকীয়াই। মহাবিদ্যালয়ৰ এক ফেছবুক পেজৰ জড়িয়তে আয়োজক সমিতিৰ হৈ সন্মানীয় সমলব্যক্তিদ্বয়ক তেখেতলোকৰ ব্যস্ততাৰ মাজতো আমন্ত্ৰণ ৰক্ষা কৰি যি বিশাল জ্ঞানৰ তথ্য সমিদ্ধ সম্ভাৰ সকলোৰে বোধগম্য হোৱাকৈ মনোগ্ৰাহী বক্তব্যৰে দাঙি ধৰি ৱেবিনাৰখনক মানদণ্ড প্ৰদান কৰিলে তাৰ বাবে সশ্ৰদ্ধ কৃতজ্ঞতা জনাই। অনুষ্ঠানটি আয়োজন কৰিবলৈ অনুমতি প্ৰদান কৰি আৰম্ভণিৰ পৰা শেষলৈকে দিহা পৰামৰ্শ দিয়াৰ লগতে উদ্বোধকৰ দায়িত্ব পালন কৰাৰ বাবে সন্মানীয় অধ্যক্ষ মহোদয়ক কৃতজ্ঞতা জ্ঞাপন কৰে।

নগাঁৱত দন্ত চিকিৎসালয়ত অগ্নিকাণ্ড

নগাঁও :  নগাঁও চহৰৰ হয়বৰগাঁৱৰ ডি ডি কমাৰ্চিয়েল নামৰ এখন ব্যক্তিগত দন্ত চিকিৎসালয়ত কালি পুৱা এক অগ্নিকাণ্ডৰ ঘটনা  সংঘটিত হয়। চহৰখনৰ এছ এম এছ ৰোডত থকা চিকিৎসালয়খনত সংঘটিত এই অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি  স্থানীয় ৰাইজে লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খৱৰ দিয়ে। প্ৰথম অৱস্থাত স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও পিছত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে আহি জুই নিৰ্বাপন কৰে।   অগ্নিকাণ্ডত প্ৰতিষ্ঠানখনৰ লক্ষাধিক টকাৰ মূল্যৰ সা-সম্পত্তি বিনষ্ট হোৱা  বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও একাংশ লোকে বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

দুৰ্নীতিৰ বিৰোধিতা কৰি ৰাইজৰ সেৱা কৰিবলৈ সাজু হৈছে ননৈ চেৰফাং সমষ্টিৰ ভোটাৰ্চ পাৰ্টিৰ প্ৰাৰ্থী টুলটুলি পাল

টংলা : সমাগত বি টি চি নিৰ্বাচন, মহামাৰীৰ ভয়াৱহতাৰ বাবে নিৰ্বাচন পিছুৱাই দিয়া হৈছে যদিও পিছ পৰি থকা নাই বি টি চিৰ ৰাজনৈতিক দৈনিক সলনি হৈছে বিটিচি নিৰ্বাচনৰ সমীকৰণ, দৈনিক সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপটত, কোনে গঠন কৰিব বি টি চি পৰিষদ সেই লৈ অব্যাহত আছে ৰাজনৈতিক দলৰ ৰণকৌশল, বি পি এফ, বিজেপি, গণ সুৰক্ষা, ইউ পি পি এলৰ নিৰ্বাচনী ৰণ কৌশলৰ মাজতে এইবাৰ পৰিবৰ্তনৰ হকে ওলাই আহিছে ভোটাৰ্চ পাৰ্টি, সমগ্র বিটিচিত ভোটাৰ্চ পাৰ্টিয়ে প্ৰতিদ্বন্দিতা কৰিছে ২৫ খন আসনত, ৩৩ নং ননৈ চেৰফাং সমষ্টিৰ ভোটাৰ্চ পাৰ্টিৰ প্ৰাৰ্থী টুলটুলি পালৰ সৈতে এক সাক্ষাৎকাৰত টুলটুলি পালে জনালে দুৰ্নীতিৰ বিৰোধিতা কৰি ৰাইজৰ সেৱা কৰিবলৈ সাজু হৈছে তেওঁ। আমাৰ সাংসাংবাদিকৰ সৈতে হোৱা এক আছুতিয়া সাক্ষাৎকাৰত ৩৩নং ননৈ চেৰফাং সমষ্টিৰ ভোটাৰ্চ পাৰ্টিৰ প্ৰাৰ্থী টুলটুলি পালে কয় যে বিভিন্ন সময়ত ভাৰতত বিভিন্ন ৰাজনৈতিক দলে শাসনত আহিছে আৰু শাসন কৰিছে কিন্তু ভোটাৰসকলৰ মৰ্যাদা ভোটাৰসকলে এতিয়াও পোৱা নাই, বৰ্তমান বিটিচিত ভোটাৰ্চ পাৰ্টিয়ে ২৫ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু সেই সকল প্ৰাৰ্থীৰ মাজত অতি কমেও ১০ গৰাকীকৈ প্ৰাৰ্থী জয়ী হোৱাৰ আশা আছে। বিটিচিত হোৱা অবাধ দুৰ্নীতিৰ বিৰোধিতা কৰি মই এই নিৰ্বাচনত অৱতীর্ণ হৈছো আৰু ইয়াত আমাৰ জয় নিশ্চিত কৰিব ৰাইজে সেয়ে ৰাইজক আমি অনুৰোধ জনাইছো যে সকলোৱে দুৰ্নীতিৰ বিৰোধিতা কৰি ভোট প্ৰদান কৰক।

বিধায়িকা আঙুৰলতাৰ পুখুৰী বিতৰ্কক লৈ সংবাদমেল : বিধায়িকাৰ বিৰুদ্ধে ফেচবুক পোষ্ট দি ২৪ ঘণ্টাৰ ভিতৰতে পাখি কটা গ’ল বিজেপি নেতাৰ

নগাঁও : বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে ফেচবুকত মন্তব্য কৰি পাখি কটা গ’ল এজন বিজেপি নেতাৰ।এই বিজেপি নেতাজন হৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ কলিয়াবৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল মেধি। যোৱা ৬ আগষ্টত আঙুৰলতা ডেকাক লগত লৈ মুখ্যমন্ত্রী আহি উপস্থিত হৈছিল বটদ্ৰৱাৰ কৰচুঙত। তেওঁ এটা ৰাজহুৱা পুখুৰী পৰিদৰ্শন কৰিছিল । কেইজনমান উদ্যমী যুৱকে আত্মসহায়ক গোটৰ জৰিয়তে মৎস্য পালনৰে স্বাৱলম্বনৰ বাট বাচি লোৱা কাৰ্যত পুখুৰী পাৰতেই আনন্দিত হৈ পৰিছিল মুখ্যমন্ত্রী গৰাকী। তাৰ পিছতেই ৰাহুল মেধিয়ে দিছিল এটা ফেচবুক পোষ্ট। ফেচবুক পোষ্টটোত তেওঁ মুখ্যমন্ত্ৰী মন্ত্ৰীয়ে পৰিদৰ্শন কৰা পুখুৰীটো তেওঁহে লিজত লোৱা বুলি উল্লেখ কৰিছিল আৰু বিধায়িকা গৰাকীয়ে নাটক কৰা বুলি উল্লেখ কৰিছিল। এই পোষ্টটোৱে তোলপাৰ লগাই সংবাদ মাধ্যমৰ লগতে সমগ্ৰ ৰাজ্য। ফেচবুক পোষ্ট দিয়াৰ ২৪ ঘণ্টা নহওঁতেই বিজেপিৰ সাংগঠনিক পদবীৰ পৰা পাখি কটা গ’ল ৰাহুল মেধিৰ। ইয়াৰ পিচতে বটদ্ৰৱা সমষ্টিৰ বিধায়কা আঙুৰলতা ডেকাই মীন বিষয়াক কাষতে বহুৱাই সংবাদ মেলৰ আয়োজন কৰি নিজকে দোষমুক্ত কৰিবলৈ চেষ্টা চলাই। সংবাদ মেলত আঙুৰলতা ডেকাই কয় যে-সেইদিনা আত্মসহায়ক গোটটোৰ সেই নিদিষ্ট পুখুৰীটো মুখ্যমন্ত্রী গৰাকীয়ে পৰ্যবেক্ষণ কৰিব যোৱা নাছিল নিৰাপত্তাৰ খাতিৰত। বিধায়িকা গৰাকীৰ মতে আত্মসহায়ক গোটৰ পুখুৰীটো অলপ দূৰত থকাৰ বাবেই পথৰ কাষতে থকা এই বিতৰ্কিত পুখুৰীটোৰ পাৰতে স্থানীয় যুৱক সকলৰ সৈতে বাৰ্তালাপ কৰি বুজ লৈছিল মৎস্য পালনৰ বিষয়ে। ইয়াকে লৈ বিতৰ্কৰ সৃষ্টি কৰি অপপ্ৰচাৰ চলাইছে যুৱকজনে। তেওঁ কয় যে যুৱকজন যদি নিষ্ঠাবান বিজেপি কৰ্মী হ’লহেতেন তেওঁ মোৰ লগত পোনপটীয়াকৈ কথা পাতিলেহেতেন। তাকে নকৰি তেওঁ ফেচবুকত পোষ্ট দিলে। এনে ধৰণৰ লোকক পুলিয়ে পোখাই উভালিব লাগে। তেওঁৰ কাৰ্যত মুখ্যমন্ত্ৰীৰ ওচৰত আমি লাজ পাইছো। বিধায়িকা গৰাকীক সাংবাদিকে সমষ্টিটোৰ বিজেপি কৰ্মীৰ মাজত সংঘাত সৃষ্টি হৈছে নেকি বুলি সোধাত তেওঁ আওপকীয়াকৈ স্বীকাৰ কৰি কয় যে নিজৰ পৰিয়ালটো সংঘাত হয়। গতিকে ই অসম্ভৱ নহয়। অন্যহাতেদি উপস্থিত মীন বিষয়া গৰাকীক সাংবাদিকে ৰাজহুৱা পুখুৰীটোৰ দায়িত্বত থকা সমিতিখনক কিয় মতা হোৱা নাছিল বুলি প্ৰশ্ন কৰাত তেওঁ স্পষ্ট উত্তৰ দিব নোৱাৰিলে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ প্ৰতি সমৰ্থন কংগ্ৰেছ সাংসদৰ

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ প্ৰতি সমৰ্থন আগবঢ়াইছে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ অখিলেশ প্ৰসাদ সিঙে ৷ তেওঁ জনায় কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বিধেয়কখন আইনলৈ আনি জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰা কথাত তেওঁ সমৰ্থন দিব ৷ আমি ইয়াক সমৰ্থন দিব লাগে ৷ জনসংখ্যাৰ বাবেই ভাৰতে উন্নতিৰ মুখ দেখা নাই ৷ এনেদৰে সাংসদ সিঙে কয়৷ এয়া দেশৰ দাবী ৷ সকলো ৰাজনৈতিক দলে সহমত পোষণ কৰি একত্ৰিত হ’ব লাগে৷ মই আশা কৰো যে যেতিয়া এই বিধেয়ক সংসদত উত্থাপন হ’ব তেতিয়া কংগ্ৰেছ দলে সমৰ্থন দিব লাগে ৷ তেওঁ কংগ্ৰেছক আক্ৰমণ কৰি কয় যে এই চৰকাৰে দৃষ্টি নিবদ্ধ কৰিছিল ৰাম মন্দিৰ আৰু জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ দৰে বিষয়বোৰত৷ প্ৰধানমন্ত্ৰী মোডীৰ আত্মনিৰ্ভৰ ভাৰত বিষয়ত তেওঁ কয়, দেশ স্বাৱলম্বী হ’বলৈ এতিয়াও বাকী ৷ ফ্ৰান্সৰ পৰা ৰাফেল বিমান অনা হৈছে৷ ভাৰতে যিহেতু স্বাধীনতা অৰ্জন কৰাৰ পৰাই সকলো চৰকাৰেই স্বাৱলম্বী হোৱাৰ কথা কৈছে ৷ আনহাতে কৃষকৰ বাবে এই চৰকাৰে একো কৰা নাই বুলি তেওঁ কয় ৷

জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এটা ফেচবুক পোষ্ট, চ’চিয়েল মিডিয়াত ব্যাপক খলকনি

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এক ফেচবুক পোষ্টে চ’চিয়েল মিডিয়াত ব্যাপক খলকনি লগাইছে। গৰিমা শইকীয়াৰ আবেগভৰা পোষ্টটোত জুবিনৰ লৈ বিতৰ্ক কৰাসকলক উদ্দেশ্য কৰি কিছু কথা কোৱা হৈছে। যোৱাকালি জুবিন গাৰ্গক অসম কৃষি বিভাগৰ বেণ্ড এম্বেচাডৰৰূপে নিয়োগ কৰাৰ কথা উলাইছিল তাৰ পিছতেই বিভিন্ন মহলে জুবিনে নিজৰ পূৰ্বৰ স্থিতিত অটল নথকা বুলি প্ৰশ্ন উথাপন কৰিছিল। কা বিৰোধী মূল সুঁতিৰ পৰা আতৰি অহা বুলি জুবিন গাৰ্গক তীব্ৰ কটাক্ষ কৰা পৰিলক্ষিত হৈছিল। ৰাজ্যৰ বিভিন্ন সমস্যাত মাত মাতি অহা জুবিন গাৰ্গক লৈ সন্দেহৰ আঙুলি উঠোৱাটো দুৰ্ভাগ্যজনক বুলি গৰিমা শইকীয়া গাৰ্গে ফেচবুকৰ এক পোষ্টযোগে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে। গৰিমা শইকীয়া গাৰ্গে পোষ্টটোত লিখিছে “কোনেও এতিয়া একো কথা শুনিব পাতিব আৰু কব নালাগে।জুবিন গাৰ্গ নামৰ ভণ্ড দেশদ্ৰোহীটোক ৰাজপথতে ফাঁচি দিয়াৰ ব্যৱস্হা কৰক।”

বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা

প্ৰবীন কংগ্ৰেছ নেতা শশী থাৰুকৰ মন্তব্য : কংগ্ৰেছ দলত এজন পূৰ্ণ পৰ্যায়ৰ সভাপতিৰ প্ৰয়োজন

দৈনন্দিন বাৰ্তা ডেস্ক : কংগ্ৰেছ দলত এজন পূৰ্ণ পৰ্যায়ৰ সভাপতিৰ প্ৰয়োজন বুলি প্রাক্তন কেন্দ্রীয় মন্ত্রী আৰু প্ৰবীন কংগ্ৰেছ নেতা শশী থাৰুকে উল্লেখ কৰিছে৷ এক সাক্ষাৎকাৰত থাৰুকে কয় যে কট্টৰহীন আৰু অবিচল থকা কংগ্ৰেছৰ পূৰ্ণ ম্যাদী সভাপতি নিৰ্বাচনৰ বাবে প্ৰক্ৰিয়া ত্বৰান্বিত কৰা দৰকাৰ৷ তেওঁ কয় যে ছোনীয়া গান্ধী কংগ্ৰেছৰ অন্তর্বর্তীকালীন প্রধান হিচাপে এবছৰ পূৰ্ণ কৰাৰ দিন আহি আছে৷ ৰাহুল গান্ধীয়ে এই পদৰ পৰা পদত্যাগ কৰাৰ আগতে ২০১২ চনৰ ১০ আগষ্টৰ পৰা ছোনীয়া গান্ধীয়ে দলৰ প্ৰধান হিচাপে দায়িত্ব লৈ আছিল৷ ত্ৰিবান্দপুৰামৰ সাংসদজনে লগতে কয় যে ৰাহুল গান্ধীয়ে দলক নেতৃত্ব দিব পৰাকৈ সাহস, দক্ষতা আৰু প্ৰৱনতা আছে৷ কিন্তু তেওঁ সেয়া কৰিব বিচৰা নাই ৷ তাৰ বাবে নতুন প্ৰধান এজন নিৰ্বাচন কৰিব লাগে৷ থাৰুকে ৰাহুল গান্ধীক প্ৰশংসা কৰি কয় যে তেওঁ ক’ভিড-১৯ৰ মোকাবিলাত কেন্দ্ৰৰ সাম্প্ৰতিক পদক্ষেপ আৰু ব্যৰ্থতাৰ বাবে কেন্দ্ৰক দায়বদ্ধ কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য কাম কৰিছে৷ থাৰুকে দৃঢ়তাৰে কয় যে পুৰণি বৃহৎ দলটোত সুস্পষ্ট নেতৃত্ব থকা দৰকাৰ৷ তেওঁ লগতে দাবী কৰে যে ছোনীয়া গান্ধীয়ে দলৰ প্ৰধানৰ বোজা অনিৰ্দিষ্টকালৰ বাবে বহন কৰা আশা কৰা অন্যায় হ’ব৷ ‘মই নিশ্চিতভাৱে বিশ্বাস কৰো যে আমাৰ নেতৃত্ব আগুৱাই যোৱাৰ সম্পৰ্কে আমি পৰিষ্কাৰ হোৱা উচিত৷ আমি যোৱা বছৰ অন্তর্বর্তীকালীন সভাপতি হিচাপে ছোনীয়া গান্ধীক দায়িত্ব দিয়াত স্বাগত জনাইছিলো৷ মই বিশ্বাস কৰো যে তেওঁক অনির্দিষ্টকালৰ বাবে এই বোজা বহন কৰাৰ আশা কৰা তেওঁৰ বাবে অন্যায় হ’ব ৷

১০১ বিধ সামগ্ৰীৰ আমদানি নিষেধ ভাৰতৰ, আত্মনিৰ্ভৰশীল ভাৰতৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এক বিশেষ পদক্ষেপ

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে আত্মনিৰ্ভৰশীল ভাৰত গঢ়িবৰ বাবে এক বৃহৎ পদক্ষেপ হাতত লয়। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, বিদেশত নিৰ্মাণ হোৱা ১০১ বিধ অস্ত্ৰ-শস্ত্ৰৰ ওপৰত অচিৰেই প্ৰতিবন্ধকতা লগোৱা হ’ব৷ এতিয়াৰে পৰা এইসমূহ অস্ত্ৰ শস্ত্ৰ ভাৰততে নিৰ্মাণ কৰা হ’ব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আত্মনিৰ্ভৰশীল ভাৰতৰ কাৰণে পাঁচটা স্তম্ভৰ কথা সদৰী কৰিছিল। ইয়াৰ ভিতৰত আছিল ইক’ন’মি, ইনফ্ৰাচষ্ট্ৰাকছাৰ, চিষ্টেম, ডেম’গ্ৰাফী, ডিমাণ্ড আৰু ছ’চিয়েল পেকেজ। প্ৰধানমন্ত্ৰী মোডীৰ আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণ কৰাত সহায় কৰিব এই সিদ্ধান্তই। ইয়াৰ জৰিয়তে আমাৰ সাংগঠনিক কামসমূহো উন্নত হ’ব৷ আনহাতে ভাৰত আৰু চীনৰ মাজত শনিবাৰে এখন উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত হয়। প্ৰায় ৪.৩০ ঘন্টা হোৱা বৈঠকখনত ভাৰত চীন সীমান্তৰ এল এ চিত সেনা পিছুৱাক লৈ অনুষ্ঠিত হোৱা বুলি অনুমান কৰা হৈছে।
বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা

বিধায়ক শিলাদিত্যক সকীয়নি গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

নাজিৰা : গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দ্বাৰা প্ৰেৰিত এক প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৰ বিষয়ববীয়াসকলে শোণিতপুৰৰ ঠেলামৰা কাণ্ডক সাঙুৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভপতি, পদ্মশ্ৰী, পদ্মভুষন বৰেণ্য সাহিত্যিক চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী বুলি কোৱা বিদেশীমূলৰ বিধায়ক শিলাদিত্যক সকীয়নি  দি কয় যে ইতিহাসৰ জ্ঞান নথকা বাংলাদেশৰ পৰা প্ৰব্ৰজিত শীলাদিত্যই  প্ৰথমে অসম আৰু অসমীয়া সাহিত্যৰ ওপৰত অধ্যয়ন কৰক। শোণিতপুৰৰ ঠেলামৰা কাণ্ডত বহিৰাগত-বিদেশীমূলৰ দুই ফৈদৰ মাজত হোৱা সংঘাতক সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা গৰিহনা  আৰু ধিক্কাৰ  দি কয় যে মহামান্য উচ্চতম ন্যায়লয়ৰ ৰায়ক সন্মান প্ৰদৰ্শন কৰা সকলো ভাৰতীয় নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য। কিন্তু উচ্চতম ন্যায়ালয়ৰ ৰায়ক ভেঙুচালি কৰি এটা পক্ষই  ৰাষ্ট্ৰদ্ৰোহী মন্তব্য কৰাৰ উপৰিও চৰকাৰী অনুমতি অবিহনে কৰ’ণা মহামাৰীৰ গণ সংক্ৰমণৰ দিনত সামজিক দূৰত্ব মানি চলাৰ আদেশক ভেঙুচালি কৰি সাম্প্ৰদায়িক সংঘৰ্ষত লিপ্ত হোৱা বহিৰাগত দুই ফৈদৰ অপৰাধী সকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক সংগঠনটোৱে  দাবী জনায়। দুৰ্ভাগ্যজনক ভাবে এই যে বহিৰাগত দুই ফৈদৰ হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ আলমলৈ বিদেশীমূলৰ বিধায়ক শিলাদিত্য দেৱে অসম সাহিত্য সভাৰ প্ৰাক্তন সভপতি, পদ্মশ্ৰী, পদ্মভুষন, সাহিত্যচাৰ্য, বৰেণ্য সাহিত্যিক চৈয়দ আব্দুল মলিক মহাশয়ক বৌদ্ধিক জেহাদী বুলি খিলঞ্জীয়া অসমীয়া সমাজখনক, অসম সাহিত্য সভাক অপমান কৰা কাৰ্যক সংগঠনটোৱে  তীব্ৰ নিন্দা কৰে। অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মীসকলৰ অন্যতম পুৰোধা ব্যক্তি, কবি, সাহিত্যিক গৰাকীৰ বিষয়ে বাংলাদেশৰ পৰা প্ৰবজন কৰা  শিলাদিত্যৰ দৰে এজন  সন্দেহজনক মানুহে এনেধৰণে মন্তব্য কৰাৰ অধিকাৰ তেওঁক কোনে দিলে? তেওঁৰ এনে ধৰণৰ কথা বতৰাৰ দ্বাৰা ঠেলামৰা কাণ্ডৰ দৰে ঘটনাত শিলাদিত্যৰ দৰে সাম্প্ৰদায়িক মনোভাৱৰ কুখ্যাত নেতাক ঘটনাৰ আঁৰৰ মূল ব্যক্তি হিচাবে আমি ভাৱিবলৈ বাধ্য হৈছো বুলি  কৈ  অসম চৰকাৰক  এই বিতৰ্কিত সাম্প্ৰদায়িক মানুহজনক লেকাম লগাবলৈ দাবী জনায়, অন্যথা তেওঁ এনে ধৰণৰ কথা বতৰাৰ প্ৰমাণ হয় যে ঠেলামৰা কাণ্ড এক পৰিকল্পিত ঘটনা আৰু শিলাদিত্য দেৱৰ দৰে সাম্প্ৰদায়িক মনোভাৱৰ ৰাজনৈতিক নেতা এই ঘটনাৰ আঁৰৰ মুল ব্যক্তি বুলি ৰাইজে ভাৱিবলৈ বাধ্য হব। এই বিতৰ্কিত সাম্প্ৰদায়িক ব্যক্তিজনক এতিয়াই লেকাম নলগালে নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বলৈ অসমত সাম্প্ৰদায়িক কথাৰে উত্তৰ ভাৰতৰ দৰে এক কুলষিত আৰু বিশৃংখল পৰিৱেশ সৃষ্টি কৰি ভাতৃঘাতী সংঘৰ্ষৰে অসম ৰক্তাক্ত কৰাৰ আশঙ্কা আছে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ দলৰেই বিদেশীমূলৰ বিধায়ক এজনকেই যদি লেকাম লগাব নোৱাৰে তেনেহ’লে খিলঞ্জীয়াৰ জাতি, মাটি আৰু ভেটি কেনেকৈ ৰক্ষা কৰিব এয়া এক ডাঙৰ প্ৰশ্ন  বুলি কয় সংগঠনটোৱে।