Home Blog Page 3213

মৰিগাঁওত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

অনলাইন বাৰ্তা, ২৭ নৱেম্বৰ : মৰিগাঁওত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ পূৰ্বেই মনোনয়ন পত্ৰ দাখিলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মৰিগাঁও ত । মৰিগাঁও তিৱা স্বায়ত্ব পৰিষদৰ 14 নং গোভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কংকণা বৰদলৈ পাটৰ স্বামী গোলাপ পাটৰ মনোনয়ন পত্ৰ দাখিলৰ কেইমুহূৰ্ত মান পূৰ্বে মনোনয়নৰ সকলো নথিপত্ৰ সহ মৰিগাঁও আৰক্ষীয়ে চক্ৰান্ত মূলক ভাবে গ্ৰেপ্তাৰ কৰে । যাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে প্ৰাৰ্থী গৰাকীয়ে । গতিকে শুকুবাৰে মৰিগাওঁ সদৰ থানাৰ সন্মুখত তীব্র প্ৰতিবাদ সাব্যস্ত কৰে মৰিগাঁও কংগ্ৰেছ দলে । প্ৰতিবাদী কাৰ্যসূচীত নগাঁও লোকসভা সমষ্টিৰ সাংসদ পদূত বৰদলৈৰ লগতে মৰিগাঁও জিলাৰ কংগ্ৰেছৰ সভাপতি বিৰকুমাৰ উপস্থিত থাকে ।

মিৰ্জাত প্ৰাক্তন ছাত্র নেতা, মণ্ডল কংগ্ৰেছৰ সভাপতি অৰ্ধ শতাধিকৰ অগপত যোগদান। অসমত অগপৰ বিকল্প আঞ্চলিক ৰাজনৈতিক দল আগতেও নাছিল, পিছলৈও নহ’ব : কমলা কলিতা

মিৰ্জা, ২৭ নৱেম্বৰ:  অসমত অসম গণ পৰিষদৰ বিকল্প আঞ্চলিক ৰাজনৈতিক দল আগতেও নাছিল, পিছলৈও নহ’ব । আজি পলাশবাৰীৰ মিৰ্জাৰ সমীপৱৰ্তী কোছপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত সাতপাৰা ৰাইজৰ দুৰ্গা পূজা মণ্ডপত অনুষ্ঠিত অগপৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলটোৰ জ্যেষ্ঠ নেতা তথা সাধাৰণ সম্পাদক ডাঃ কমলা কলিতাই ভাষণ প্ৰসংগত এইদৰে কয়। বৰ্তমান খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ভৰ অধ্যক্ষ ডা কলিতাই লগতে কয় যে পলাশবাৰী অগপৰ দুৰ্গ আছিল। কিন্তু দলটোৰ প্ৰতি দুৰ্বলতা আহিল, বিগত সময়চোৱাত দুই এক নেতৃত্বই নিজৰ ব্যক্তিগত ধৰণে  দলটোক ব্যৱহাৰ কৰা বাবে । কিন্তু দলীয় সমৰ্থকসকলে এতিয়াও সবল নেতৃত্বৰ আস্থা লাভৰ অপেক্ষাত ৰৈ আছে। সম্প্ৰতি গাঁঁৱে গাঁৱে সভা সমিতিত অংশগ্ৰহণ কৰোঁতে অগপৰ জন্মলগ্নৰ পৰা আবেগিকভাৱে জড়িত হৈ থকা বহু জ্যেষ্ঠ ব্যক্তিক লগ পাই এই কথা বুজিব পাৰিছোঁ বুলি দলীয় সমৰ্থক তথা আজি নতুনকৈ যোগদান কৰিবলৈ অহা আঞ্চলিকতাবাদী ৰাইজক উদ্দেশ্যি তেওঁ অবগত কৰে। এই যোগদান কাৰ্যসূচীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা দক্ষিণ কামৰূপ সচেতন মঞ্চৰ সভাপতি মদন দাস, পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক তথা উক্ত সচেতন মঞ্চৰ সম্পাদক ধৰ্মেন্দ্ৰ কলিতাসহ  অৰ্ধ শতাধিক পুৰুষ মহিলা আৰু নতুন প্ৰজন্মৰ ছাত্র ছাত্ৰী, সাতপখলি তেজপুৰ মণ্ডল কংগ্ৰেছৰ সভাপতি টংকেশ্বৰ দাস, বিজেপিৰ সাপৰটাৰি‌ আঞ্চলিকৰ সভাপতি কুশল দাসে আজি আনুষ্ঠানিকভাৱে অগপৰ সদস্য ভৰ্তি হৈ দলীয় গলপতা লৈ  অগপ দলত যোগদান কৰে।‌ দলত নতুনকৈ যোগদান কৰা সকলোকে উষ্ম আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে দলীয় নেতৃত্বই। পলাশবাৰী অগপ বিধান পৰিষদৰ সম্পাদক যমুনা দৈমাৰিয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানৰ আঁত ধৰে কামৰূপ জিলা অগপৰ সভাপতি আদিত্য ৰাভাই। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অগপৰ পলাশবাৰী বিধান পৰিষদৰ উপ সভাপতি শ্ৰীকান্ত চৌধুৰী, সম্পাদক পৰাগ দাস, যমুনা দৈমাৰি,  পলাশবাৰী যুৱ পৰিষদৰ সভাপতি দিলীপ দাস, সম্পাদক ৰুক্মিণী কুমাৰ দাস, ছাত্র পৰিষদৰ সভাপতি জোন গোস্বামী আদিয়ে ।

মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত কবি সন্মিলন উপ-সমিতিৰ সহযোগত “সুমথিৰা ৰ’দত কবিতাৰ এদিন” শীৰ্ষক কবি সন্মিলন

মৰিগাঁও, ২৭ নবেম্বৰ : মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ইয়াৰ কবি সন্মিলন উপ-সমিতিৰ সহযোগত আজি সাহিত্য সভাৰ কাৰ্য্যালয়ৰ মুকলি মঞ্চত অনুষ্ঠিত হয় এখনি গাম্ভিৰ্য পূৰ্ন কবি সন্মিলন। বিশিষ্ট কবি তথা কবি সন্মিলন  উপ-সমিতিৰ সভাপতি হৰেন্দ্ৰ বৰাৰ সঞ্চালনাত আনুষ্ঠিত  হোৱা কবি সন্মিলনখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই । উদ্বোধনী ভাষণত বিশিষ্ট সাহিত্যিক গৰাকীয়ে আদি কালৰ পৰা সাম্প্ৰতিক কাল পৰ্যন্ত কবিতাৰ ক্ৰমবিকাশ আৰু উত্তৰণ সম্পৰ্কত বিস্তৃত ভাবে আলোকপাত কৰে। অনুষ্ঠানটিৰ আঁত ধৰে কবি সন্মিলন উপ-সমিতিৰ সম্পাদক নৱ ৰাজনে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্তই। আনুষ্ঠানটোত কবিতা পাঠ কৰে ক্ৰমে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা, প্ৰাক্তন সভাপতি বুবুমনি গোস্বামী, সম্পাদক পিনাকী ভূষণ মহন্ত, কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ শইকীয়া, কল্পতৰু চৌধুৰী, জ্যোতিষ বৰ্মন, বিৰিঞ্চি কুমাৰ  শৰ্মা, চন্দ্ৰলেখা গোঁহাই লাহন, ধৰ্মেশ্বৰী শইকীয়া, জাৰ্জিনা বেগম হুছেইন, প্ৰাঞ্জল হাজৰিকা, শিশুৰাম শইকীয়া, অমিয় কুমাৰ মহন্ত, বলেন চন্দ্ৰ বৰুৱা, বাবুমনি হীৰা, লুইত অনিৰুদ্ধ, দিলীপ দাস, প্ৰণৱ কুমাৰ ভট্টাচাৰ্য, পৰেশ চন্দ্ৰ চৌধুৰী, কমলেশ্বৰ ডেকা, হেমন্ত কুমাৰ নাথ, মনোজ কুমাৰ নাথ, শিবম কন্দলী, ঋতুৰাজ গোস্বামী, মনীষা শৰ্মা কন্দলী, ফুকুল ভট্ট ডেকা, লোহিত চন্দ্ৰ দাস, সিদ্ধাৰ্থ শংকৰ, লক্ষ্মী প্ৰসাদ শৰ্মা, বুবুল কাকতি, মৃণাল কুমাৰ হাজৰিকা, প্ৰবাল গোস্বামী, দিব্যম শিৱম প্ৰমুখ্যে জিলাৰ বিভিন্ন প্ৰান্তৰ কবিসকলে। অনুষ্ঠানত পঠিত কবিতাৰাজিৰ ওপৰত চমুকৈ পৰ্যালোচনা আগবঢ়ায় বিশিষ্ট কবি তথা জাগীৰোড মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ দীপকজ্যোতি বৰুৱাই। জিলাখনৰ বিভিন্ন প্ৰান্তৰ অৰ্দ্ধ  শতাধিক নবীন আৰু প্ৰবীন কবিৰ অংশগ্ৰহনে অনুষ্ঠান টো জীপাল কৰি তোলে। ইপিনে অনুষ্ঠানৰ আৰম্ভনিতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সহিত বিশিষ্ট সাহিত্যিক সকলৰ মৃত্যুত শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ।

গোলাঘাটত বিশিষ্ট লেখক অমল চন্দ্ৰ কোঁৱৰৰ গ্ৰন্থ উন্মোচন

গোলাঘাট , ২৭ নবেম্বৰ :  গোলাঘাট জিলা সাহিত্য সভাৰ সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক ভৱনত আজি অনুষ্ঠিত এক সভাত বিশিষ্ট লেখক অমল চন্দ্ৰ কোঁৱৰৰ ” সাম্প্ৰতিক সময় আৰু কিছু চিন্তা ” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয় । এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীবী, লেখক অৰুণ গোস্বামীয়ে । উক্ত সভাত জেষ্ঠ সাংবাদিক বিকাশ শৰ্মা , বিশ্ব হিন্দু পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি অতুল গোহাঁই , সম্পাদক অভিজিৎ বৰা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক জিতুল ৰাজখোৱা , বিশিষ্ট চিকিৎসক ডাঃ বিপুল দাস আদিকে ধৰি গণ্য মান্য ব্যক্তি সকল উপস্হিত থাকে । বিভিন্ন কাকত আলোচনীত প্ৰকাশিত ৩২ টা প্ৰবন্ধৰ একত্ৰিত সংকলন এই গ্ৰন্থ খনি প্ৰকাশ কৰি উলিয়াইছে ৰণাংগন প্ৰকাশনে ।

কৃষকৰ উৎপাদিত শস্যৰ নূন্যতম মূল্য নিৰ্দ্ধাৰণৰ দাবীত মৰিগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰেৰণ

মৰিগাঁও, ২৭ নবেম্বৰ : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কৃষকৰ উৎপাদিত শস্যৰ নূন্যতম মূল্য নিৰ্দ্ধাৰণৰ দাবী জিলা উপায়ুক্তৰ জৰিয়তে এখন  স্মাৰক পত্ৰ প্ৰেৰণ কৰে। যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ দ্বাৰা স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰে যে অসম এখন কৃষি প্ৰধান ৰাজ্য । অসমৰ গৰিষ্ঠ সংখ্যক ৰাইজে কৃষিৰ ওপৰত ভিত্তি কৰি নিজৰ  জীৱিকা আৰ্জন কৰি জীৱন নিৰ্বাহ কৰে । কিন্তু পৰিতাপৰ বিষয় এই যে অসমত কৃষিজাত সামগ্ৰীৰ সু-নিয়ন্ত্ৰিত বজাৰ নথকা আৰু সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যৰ বাবে কৃষক সকলে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হয় | যাৰ ফলত কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ লগতে বহু কৃষকে কৃষি কৰ্ম বাদ দি কৃষি ভূমি বিক্ৰী পৰ্য্যন্ত কৰিব লগা হৈছে | অসমৰ কৃষকৰ প্ৰধান সমস্যা হল যে কৃষকে নিজৰ উৎপাদিত সামগ্ৰীসমূহ যেনে ধান, মৰাপাট, সৰিয়হ, চাহ, পাচলি আদি উৎপাদনৰ বাবে হোৱা খৰছৰ অনুপাতে উৎপাদিত সামগ্ৰীৰ মূল্য লাভ নকৰে | ইয়াৰ মূল কাৰণ হল অসমৰ কৃষিজাত সামগ্ৰীসমূহ বজাৰ নিয়ন্ত্ৰণ ক্ষমতা অসমৰ কৃষকৰ হাতত নাই | সমগ্ৰ বজাৰ সমূহ নিয়ন্ত্ৰণ কৰে বহিৰাগত মুনাফাখোৰ মধ্যভোগীয়ে | যাৰ পৰিণতিত কৃষকে নিজ উৎপাদিত সামগ্ৰী মধ্যভোগীৰ সুবিধা অনুযায়ী কম মূল্যত বিক্ৰী কৰিব লগা হয় | কৃষক সকলৰ সৈতে হৈ অহা এই আৰ্থিক শোষণ বঞ্চনাৰ পৰা মুক্ত কৰাৰ বাবে কৃষকৰ উৎপাদিত কৃষিজাত সামগ্ৰী সমূহৰ উৎপাদনৰ খৰছৰ ওপৰত ভিত্তি কৰি এক সামগ্ৰীৰ চৰকাৰী নূন্যতম মূল্য নিৰ্দ্ধাৰণ কৰাৰ প্ৰয়োজন আছে | নিৰ্ধাৰিত নূন্যতম মূল্যত কৃষকে উৎপাদিত সামগ্ৰী মুকলি বজাৰত বিক্ৰী কৰিব নোৱাৰিলে চৰকাৰে সেই সামগ্ৰী সমূহ ক্ৰয় কৰাৰ এক ব্যৱস্থা কৰিলেহে মধ্যভোগী মুনাফাখোৰে একচেটিয়া বজাৰ নিয়ন্ত্ৰণৰ যোগেদি কৃষকসকলক কৰি অহা আৰ্থিক শোষণ বঞ্চনাৰ ওৰ পৰিব | অসমৰ কৃষক ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ কৃষকৰ উৎপাদিত কৃষিজাত সামগ্ৰী সমূহৰ এক চৰকাৰী নূন্যতম সমৰ্থন মূল্য নিৰ্দ্ধাৰণ কৰাৰ বাবে অনতিবিলম্বে  কাৰ্য্যকৰি পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংগঠনটোৱে দাবী উত্থাপন কৰে।

যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ শ্ৰদ্ধাঞ্জলি প্ৰাৰ্থনা সভা

যোৰহাট, ২৭ নৱেম্বৰ : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সোঁৱৰণত কালি বিয়লি ৪.৩০ বজাৰ পৰা যোৰহাট জিলা কৰ্মচাৰী পৰিষদে যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ মুখ্য কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে | সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি নৃপেন ভূঞা আৰু প্ৰাক্তন ছাত্রনেতা তথা অধিবক্তা ইন্দ্ৰজিত কাকতিয়ে ক্ৰমে বন্তি প্ৰজ্বলন আৰু মুখ্য তৰ্পক হিচাপে উপস্থিত থকা প্ৰাৰ্থনা সভাখনত গীতা, গ্ৰন্থ সাহেব, কোৰাণ, বাইবেল, ত্রিপিটক আৰু কীৰ্তন পাঠেৰে সৰ্বপ্ৰিয় জননেতা গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰা হয় | শতাধিক কৰ্মচাৰীৰ অংশগ্ৰহণত সমাপন হোৱা অনুষ্ঠানটিৰ আঁত ধৰে যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি হৰিশ শইকীয়া আৰু শেষত শলাগৰ শৰাই আগবঢ়াই প্ৰদীপ ৰাজখোৱাই | 

বিটিচি নিৰ্বাচনত চৰ্ত সাপেক্ষে বিপিএফলৈ সমৰ্থন অসম ৰাজ্যিক জমিয়ত উলামাৰ

ডবকা ২৭ নৱেম্বৰঃ বিটিএডি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পৰিষদখন দখল কৰাক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ব্যাপক কুচকাৱাজ চলোৱা পৰিলক্ষিত হৈছে ৷ অহা ৭ আৰু ১০ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হব বিটিচি পৰিষদীয় নিৰ্বাচন ৷ বিটিচি এলেকাত বাস কৰা ধৰ্মীয় সংখ্যালঘু ভোটাৰক আকৃষ্ট কৰাৰ বাবে প্ৰতিটো দলে চেষ্টা চলাইছে ৷ কিন্তু প্ৰশ্ন হয, তাৰ সংখ্যালঘুসকলে কাক সমৰ্থন কৰিব, সেয়া এক চৰ্চাৰ বিষয় হৈ পৰিছে ৷ ৰাজ্যৰ সংখ্যালঘুসকলৰ বৃহৎ আৰু শক্তিশালী সংগঠন অসম ৰাজ্যিক জমিয়ত উলামাই বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফলৈ মুকলি সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰিছে ৷ মৌলানা মস্তাক আনফৰ নেতৃত্বাধীন ৰাজ্যিক জমিয়ত উলামাৰ সাধাৰণ সম্পাদক মৌলানা আব্দুৰ ৰশ্বিদ কাছিমী, সম্পাদক কলিম উদ্দিনে এক বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি জমিয়ত উলামাই সমাগত বিধানসভা নিৰ্বাচনত বিটিচি নিৰ্বাচনত বিপিএফলৈ সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰিছে ৷ কেতবোৰ চৰ্ত সাপেক্ষে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন দলটোলৈ সমৰ্থন আগবঢ়োৱা বুলি সংগঠনটোৱে প্ৰকাশ কৰে ৷ দলটোৱে বিবৃতিটোত প্ৰকাশ কৰা অনুসৰি ৰাজ্যিক জমিয়ত উলামাই হাগ্ৰামা মহিলাৰীৰ সন্মুখত দহটা চৰ্ত ৰাখিছে ৷ বিপিএফ দল পুনৰ বিটিচিৰ শাসনলৈ আহিলে এই চৰ্ত কেইটা পূৰণৰ দাবী ৰাখিছে ৷ জমিয়ত উলামাই উত্থাপন কৰা দাবী কেইটা হৈছে ক্ৰমে বিটিএডি অঞ্চলত বাস কৰা ধৰ্মীয় সংখ্যালঘুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা, ২০০৩ চনত বিটিচি গঠনৰ পূৰ্বৰ পৰা তাতে বাস কৰা ধৰ্মীয় সংখ্যালঘুসকলৰ ভূমিহীন সকলক ভূমি প্ৰদান কৰা, চাকৰি-বাকৰিত সমানুপাতে সংস্থাপন প্ৰদান কৰা, বিভিন্ন সময়ত সংঘটিত গোষ্ঠী সংঘৰ্ষৰ সময়ত গৃহহাৰা হোৱা ধৰ্মীয় সংখ্যালঘুসকলক পুনৰ সংস্থাপন দিয়া, বিভিন্ন বিভাগৰ চৰকাৰী ঠিকা-ঠুকুলিত ধৰ্মীয় সংখ্যালঘুসকলক সুযোগ-সুবিধা প্ৰদান কৰা, বিটিএডিত বাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰি দ্ৰুত উন্নয়ন সাধন কৰা, স্বাস্থ্য, শিক্ষাকে ধৰি বিভিন্ন চৰকাৰী সুবিধাৰে সংখ্যালঘুসকলৰ জীৱনৰ মান উন্নত কৰাৰ দাবী অন্যতম ৷ এতিয়া বিটিচিৰ নিৰ্বাচনৰ ফলাফলে নিৰ্ণয় কৰিব, ধৰ্মীয় সংখ্যালঘুসকলে কাক সমৰ্থন কৰে ?

মোৰাঝাৰৰ জয়নগৰ মাদ্ৰাছাত দিন দুপৰতে চুৰি কৰিবলৈ অহা চোৰক আটক

মোৰাঝাৰ, ২৭ নৱেম্বৰ : হোজাইৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত জয়নগৰ মাদ্ৰাছাত সংগঠিত হৈছে চুৰি কাণ্ড ৷ জালৰ পৰা দিন দুপৰতে টকা চোৰ কৰিবলৈ আহি চোৰ আটক হোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ জুম্মাৰ নামাজৰ সুযোগ লৈ ১২.২০ বজাত টকা লুটিবলৈ আহিছিল চোৰ ৷ জয়নগৰ মাদ্ৰাছাৰ জাল চুৰিক লৈ বহুতো উত্তেজনা হৈছিল ৷ অৱশেষত ধৰা পৰিল চোৰ ৷ মোৰাঝাৰ আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ চোৰ কৰায়ও কৰি থানালৈ লৈ আনি মাৰাথান জেৰা অব্যাহত ৰাখে ৷ আৰক্ষীয়ে জানিব দিয়া মতে চোৰটো স্বপুৰ গাঁওৰ বাসিন্দা নুৰ আলীৰ পুত্ৰ ৰাজু আহমেদ (২৫) ৷ নীলবাগানত ভাড়া ঘৰত চোৰটো থাকে বুলি আৰক্ষী সুত্ৰত প্ৰকাশ ৷ ঘটনাৰ পিছতে জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ সম্পাদক সামচুল ইছলামে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰে৷এজাহাৰত উল্লেখ কৰা মতে প্ৰায় ১৫ দিন আগত  পথৰ কাষত  থকা জালৰ পৰা চোৰ কৰি কৰিছিল নগধ ধন ৷ চি চি টিভি ফুটেজত  চোৰটো চিনাক্ত কৰি আজি দ্বিতীয় দিনা চোৰ কৰিবলৈ অহা চোৰটো  হাতে লুটে কৰায়ও কৰিবলৈ সক্ষম হয় ৷

“আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম”ৰ অংশীদাৰ হ’বলৈ আহবান বিধায়ক পদ্ম হাজৰিকাৰ

জামুগুৰিহাট,২৭ নৱেম্বৰ: হাতত কাঁচি লৈ মুখত গানৰ কলি গুণগুনাই দাৱনিৰ সৈতে এতিয়া সোণগুটি চপোৱাত ব্যস্ত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷ বাৰিষাৰ বতৰত কন্যকাৰ মেটমৰা বোকাত ৰোৱনিয়ে গোঁজ মৰা মেজিক ৰাইচৰ কঠিয়া বৰ্তমান সোণগুটিত পৰিণত হৈছে ৷ যাৰবাবে জামুগুৰিহাটৰ কন্যকা বহুমুখী কৃষি পামত বিধায়কগৰাকীও দাৱনিৰ সৈতে ব্যস্ত হৈ পৰিছে ধান চপোৱা কৰ্মত ৷ প্ৰায় সাঁতশ বিঘা মাটিত ৰোপন কৰা মেজিক ৰাইচৰূপে খ্যাত কুনকুনি জঁহা,মানিকী মাদুৰী, কেতেকী জঁহা, পদুমী জঁহা, কলাজঁহাকে ধৰি থলুৱা প্ৰজাতিৰ কঠিয়াৰপৰা উৎপন্ন সোণগুটিৰ সুগন্ধই এতিয়া কন্যকাৰ চৌপাশ আমোলমোলাই তুলিছে ৷ ক্ৰমাৎ হেৰাই যাব ধৰা এই ধানগছ লহপহকৈ ডাঙৰ হৈ লাহে লাহে খজা ধৰি এতিয়া পৈণত হোৱাত সোণগুটি পথাৰৰপৰা চপাই আনিবৰ বাবেই ২শ গৰাকী দাঁৱনিৰ সৈতে ধান কটাত  ব্যস্ত হৈ পৰিছে  কন্যকাৰ গুৰিধৰোতা বিধায়ক পদ্ম হাজৰিকা ৷ প্ৰথমবাৰৰ বাবে কন্যকাৰ মাটিত ৰোপন কৰা এই থলুৱা প্ৰজাতিৰ ধানৰ বীজ ৰোপন কৰি সফলতা লাভ কৰা বিধায়ক গৰাকীয়ে সেয়ে পথাৰৰ মাজত মুখত এমোকোৰা সফলতাৰ হাঁহি লৈ আৰু একাংশ মিছিং সম্প্ৰদায়ৰ দাঁৱনিৰ সৈতে একেলগে গানৰ কলি গুণগুনাই আপোনপাহৰা হৈ ধান কটাত ব্যস্ত হৈ পৰা দেখা পোৱা গৈছে ৷ জীয়াভৰলীৰ দাঁতিচৰত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা কৃষি পামত এইবেলি থলুৱা প্ৰজাতিৰ কেবাটাও উন্নত তথা বৰ্তমান গ্ৰামাঞ্চলৰ পথাৰৰপৰা লোপ পোৱা ধানৰ কঠিয়া একেলগে ৰোপন কৰোৱাইছিল বিধায়ক পদ্ম হাজৰিকাই ৷ বৰ্তমান সেই ধানৰপৰা উৎপন্ন সোণগুটি দেখা পাই উৎফুল্লিত কন্যকা পৰিয়ালৰ লগতে বিধায়ক পদ্ম হাজৰিকাও ৷ “বজাৰ আমাৰ পথাৰ আমাৰ” বাক্যফাকি আগত লৈ কন্যকাই আৰম্ভ কৰা এই কৃষি বিপ্লৱৰ জৰিয়তে উৎপাদিত এই ধানৰ বীজ কোনো ইচ্ছুক লোকে উৎপাদন কৰিবৰ বাবে বিচাৰিলে তেঁওলোকক সেই ধানৰ বীজ দিবৰ বাবেও কন্যকাই প্ৰস্তুতি চলাইছে বুলিও জানিব দিছে বিধায়ক পদ্ম হাজৰিকাই ৷ কন্যকাই যিদৰে একত্ৰিত হৈ সু-সংগঠিত ৰূপত কৃষিকাৰ্যত মনোনিবেশ কৰি আত্মনিৰ্ভৰশীল হোৱাৰ দিশত পদক্ষেপ লৈছে ঠিক সেইদৰে ৰাজ্যৰ থলুৱা যুৱক যুৱতী সকলক একত্ৰিত হৈ চৰকাৰৰ “আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম”ৰ অংশীদাৰ হৈ স্বনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়ি যাবলৈও আহবান জনাই বিধায়ক পদ্ম হাজৰিকাই ৷ উল্লেখ্য যে কন্যকাৰ ভূমিত উৎপাদিত থলুৱা প্ৰজাতিৰ ধানৰ এই চাউল শীঘ্ৰে বজাৰত মুকলি কৰি দিয়া হ’ব বুলিও জানিব দিয়ে বিধায়কগৰাকীয়ে ৷

ফিল’কাপৰ কোৱাৰ্টাৰ ফাইনেলত চৰাইদেউ পহু চুঙী এফ চি

ডিৰাক সীমান্ত, ২৭ নৱেম্বৰঃ অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত ফিল’বাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত ফিল’বাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ আছে আমন্ত্ৰণ মূলক ২২ সংখ্যক “ফিল’কাপ ২০২০ ” ফুটবল প্ৰতিযোগীতা। আজি ফিল’কাপৰ খেল অনুষ্ঠিত হয় চৰাইদেউ পহু চুঙী এফ চি বনাম দিৰাক এফ  চি  মাজত। তিব্ৰ উত্তেজনাপূৰ্ণ খেলত  চৰাইদেউ পহু চুঙী এফ চি দলে ২-০ গ’লৰ ব্যৱধানত দিৰাক এফ চি দলক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। চৰাইদেউ পহু চুঙী এফ চিৰ হৈ  ২৮ আৰু ৬০ মিনিটত দুটাকৈ গ’ল দি সঞ্জয় ভুমিজে দলক জয়ী কৰোৱাই। আজি খেল পৰিচালনা কৰে ডিম্বেশ্বৰ নাথ, লাইনত সহায় কৰে ইনোত চাউৰক আৰু ৰবাৰ্টো বৰুৱা, চতুৰ্থত অৰুপ চুতীয়া। অহাকাইলৈ “ফিল’কাপ ২০২০” আমন্ত্ৰণ মূলক ফুটবল প্ৰতিযোগিতাৰ আন এখন খেল অনুষ্ঠিত হব টেঙাখাত এফ চি বনাম এলেভেন ষ্টাৰ এফ চি মাকুম মাজত।