নগাঁও, ২৭ নৱেম্বৰ: নগাঁও আৰক্ষীৰ বিফলতাৰ বাবে জিলাখনত বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ। সাধাৰণ ৰাইজৰ কথা বাদেই খোদ আৰক্ষীকে নিৰাপত্তা প্ৰদান কৰিব নোৱাৰা নগাঁও আৰক্ষীক এতিয়া কেৰেপ নকৰা হৈছে সাধাৰণ চোৰ-দগাবাজেও। শেহতীয়াভাৱে মৰিকলং আৰক্ষী চকীৰ ভিতৰতে ফুট-গধূলিতে আৰক্ষীক প্ৰহাৰ কৰি পলায়ণ কৰা ঘটনাৰ মুল অপৰাধীক আটক কৰাত চুড়ান্ত ভাৱে ব্যৰ্থ হোৱা নগাঁও আৰক্ষীৰ পৰিয়ালৰ লোকো এতিয়া শংকিত ক্ৰমবৰ্দ্ধমান অপৰাধজনিত কাৰ্যকলাপত। সেয়ে এতিয়া আৰক্ষী নিৱেশৰ ভিতৰতে চোৰৰ টিঘিলঘিলনি। আজি নগাঁও আৰক্ষী নিৱেশত চুৰি কৰিবলৈ আহি ধৰা পৰিল আছিক আহমেদ নামৰ এটা চোৰ। আৰক্ষী নিৱেশৰ কাষতে বাস কৰা এটা পৰিয়ালত চুৰি কৰিবলৈ যোৱা আছিক আহমেদ নামৰ চোৰটোক অৱশ্যে স্থানীয় ৰাইজে আটক কৰিবলৈ সক্ষম হয়। ৰাইজে আটক কৰি চোৰটোক উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। কিন্তু আছিকৰ সৈতে চুৰি কৰিবলৈ অহা আন এটা চোৰে সেই স্থানৰ পৰা পলায়ণ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, সামাজিক মাধ্যমত অসমৰ ভিতৰতে সৰ্বাধিক প্ৰচাৰত গুৰুত্ব দিয়া নগাঁও আৰক্ষীয়ে আইন-শৃংখলা নিয়ন্ত্ৰনৰ দিশটোত সমানে গুৰুত্ব নিদিয়াৰ ফলতে জিলাখনত ব্যাপক হাৰত বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ। শেহতীয়াভাৱে নগাঁও আৰক্ষীক অপৰাধীয়ে তিলমানো কেৰেপ নকৰা কাৰ্যই আতংকিত কৰি তুলিছে জিলাখনৰ সাধাৰণ ৰাইজক।
নদুৱাৰ ব্লক কংগ্ৰেছ, এনএছইউআই, ইয়ং ব্ৰিগ্ৰেদৰ অশ্ৰুঅঞ্জলী অনুষ্ঠান
জামুগুৰিহাট, ২৭ নবেম্বৰ: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হোৱাৰ দিনটোত জামুগুৰিহাটৰ মূল কেন্দ্ৰস্থলত জননেতাগৰাকীৰ আত্মাৰ সদগতিৰ অৰ্থে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ জৰিয়তে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে চতিয়া সমষ্টি কংগ্ৰেছ দলৰ লগতে কেবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে ৷ নদুৱাৰ ব্লক কংগ্ৰেছ, এনএছইউআই, ইয়ং ব্ৰিগ্ৰেদৰ উদ্যোগত অনুষ্ঠিত এই অশ্ৰুঅঞ্জলী অনুষ্ঠানত উপস্থিত থাকে যুৱনেতা তথা উত্তৰ অসমৰ ৰাজ্যিক সমন্বয়ক দাদুল বৰকাকতী ৷ জনতাৰ নেতাগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰি আত্মাৰ সদগতি কামনা কৰি প্ৰাৰ্থনা কৰা দাদুল বৰকাকতীয়ে কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক হেৰুৱাই মই পিতৃহাৰা হোৱাৰ দৰে অনুভৱ হৈছে ৷ প্ৰকৃতাৰ্থত আমি এগৰাকী জনহিতৈষী আৰু জাতীয়তাবাদী নেতাক হেৰুৱালো ৷ জামুগুৰিহাটৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ যি অৱদান বিশেষকৈ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাঁওনাৰ প্ৰসাৰৰ দিশত তেখেতৰ যি অৱদান সেয়া জামুগুৰিহাটবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে ৷ যাৰবাবে আজি জামুগুৰিহাটবাসী যথেষ্ট মৰ্মাহত বুলিও উল্লেখ কৰে যুৱ নেতাগৰাকীয়ে ৷ সন্ধ্যা অনুষ্ঠিত অশ্ৰুঅঞ্জলি অনুষ্ঠানটোত সুন্দৰম সাংস্কৃতিক গোষ্ঠীৰ সভাপতি প্ৰদ্যুন্ন হাজৰিকা, বাঁমপন্থী নেতা বেণুধৰ হাজৰিকা, সুদৰ্শন সাংস্কৃতিক গোষ্ঠীৰ উপ সভাপতি নীলকমল, এনএছইউআইৰ জিলা সভাপতি ময়ুৰ বৰুৱা, চতিয়া সমষ্টি এনএছইউআই সভাপতি ৰিপুন শইকীয়া, ইয়ং ব্ৰিগেদৰ সভাপতি প্ৰবিত্ৰ শইকীয়া, মহিলা সেৱা দলৰ সভানেত্ৰী ৰাণী শৰ্মা, মহিলা ব্ৰিগেদৰ চেনীমাই ৰাজখোৱা, চুমী দাস, নিভা হাজৰিকা, স্মৃতি হাজৰিকাকে ধৰি নদুৱাৰ ব্লক কংগ্ৰেছৰ বিষয়ববীয়া আৰু অন্যান্য লোকসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷
সদৌ অসম মটক সন্মিলনৰ ৮১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
অনলাইন বাৰ্তা, ২৭ নৱেম্বৰ : অসমৰ ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ আৰ্থ-সামাজিক, ক্ৰীড়া-সাংস্কৃতিক উন্নয়ন, শোষণ-বঞ্চনা আৰু ন্যায প্ৰাপ্তিৰ হকে কাম কৰি যাবৰ ১৯৩৯ চনৰ ২৪ নৱেম্বৰত তাৰিখে সেই সময়ৰ জনগোষ্ঠীটোৰ কেইগৰাকীমান পুৰুধা ব্যক্তিৰ মহান প্ৰচেষ্টাত সদৌ অসম মটক সন্মিলনে জন্ম গ্ৰহণ কৰিছিল । জন্ম লগ্নৰে পৰা সন্মিলনে মটক জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়নৰ লগতে জনজাতিকৰণ, স্বায়ত্ত শাসন আৰু অন্যান্য দাবীৰ বাবে মাত মাতি আহিছে। ভূমিপুত্ৰ হিচাপে ন্যায্য প্ৰাপ্তিৰ বাবে চলাই যোৱা দীঘলীয়া সংগ্ৰামখনত মটক জনগোষ্ঠীৰ ভাতৃ-ভগ্নী সংগঠনসমূহ সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থাৰ সৈতে পিতৃ সংগঠনস্বৰূপে সন্মিলনে নিজৰ দায়িত্ব পালন কৰি ঐক্যবদ্ধ সংগ্ৰামৰ অংশীদাৰ হৈ আহিছে। তদুপৰি অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি অসমৰ জনগোষ্ঠীয় সমস্যা, অন্যান্য জাতীয় সমস্যাসমূহৰ সমাধানৰ্থে চলাই যোৱা সংগ্ৰামখনতো সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে। মটক জনগোষ্ঠীৰ ৰাইজ তথা অসমবাসী ৰাইজৰ মৰম চেনেহৰ সহযোগত লালিত-পালিত হৈ সদৌ অসম মটক সন্মিলননে প্ৰতিষ্ঠা কালৰ পৰা ৮১ বছৰত উপনীত হৈছে। উল্লেখ যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰণ গগৈৰ মহাপ্ৰয়াণৰ বাবে সংগঠনটোৱে যোৱা ২৪ তাৰিখে কেৱল পতাকা উত্তোলন কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই সকলো কাৰ্যসূচী স্থগিত ৰাখিছিল। মোহনবাৰী মিৰি পথাৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত উক্ত দিৱসত লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী উদ্বোধন কৰি প্ৰায় ৭ কিঃমিঃ শোভা যাত্ৰাত অংশগ্ৰহণ কৰি পুনৰ মোহনবাৰীৰ মিৰি পথাৰ গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহলৈ আহে। মটক জনগোষ্ঠী আটাইকেইটা সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়াই অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীত মটক জনগোষ্ঠীৰ গায়ন-বায়ন, বিহুৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীয় বাৰেৰহনীয়া নৃত্য প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়।
জিঅ’ জেমছে মুকলি কৰিলে দুটাকৈ নতুন ব্ৰেন্ড
অনলাইন বাৰ্তা, ২৭ নৱেম্বৰ: উত্তৰ পুৰ্বাঞ্চলৰ গ্ৰহৰত্ন আৰু হীৰাৰ ব্যৱসায়ত অন্যান্য সংযোজন ঘটাই পানবজাৰস্হিত জিঅ’ জেমছ জেনুইন প্ৰাইভেট লিমিটেডে আজি মুকলি কৰে দুটাকৈ নতুন ব্ৰেন্ড ৷ মহানগৰীৰ পানবজাৰৰ স্হিত হোটেল মে’ ফ্লাৱাৰত আয়োজিত এক অনুষ্ঠানত জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু নিশিতা গোশ্বামীয়ে কোম্পানীটোৰ ব্ৰেন্ড দুটা আনুষ্ঠানিকভাবে মুকলি কৰে ৷ মন মৰমী মহন্তই আতধৰা অনুষ্ঠানত জিঅ’ জেমছৰ সঞ্চালক চিত্ৰা কৰ্মকাৰ আৰু পৰিচালনা সঞ্চালক গোপাল কৰ্মকাৰে অনুষ্ঠানত উপস্থিত থাকি জানিবলৈ দিয়ে যে এতিয়াৰ পৰা পানবজাৰৰ ড°জেচি গোশ্বামী পথত থকা জিঅ’ ডাইমন্ডৰ পৰা গ্ৰাহকে নুন্যতম মূল্যত প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব ৷ প্ৰতিষ্ঠানটোৱে দেশৰ বিভিন্ন প্ৰান্তত অনলাইন যোগে গ্ৰাহকক গ্ৰহৰত্নৰ লগতে হীৰাৰ গহনা যোগান ধৰা অহাৰ কথা সদৰি কৰে সঞ্চালক চিত্ৰ কৰ্মকাৰে ৷ গ্ৰাহক সকলে ১৮০০১২০৯৮৯৫, ০৩৬১ ৩৫৫৯৩৮৭ নম্বৰত যোগাযোগ কৰিব পাৰিব গ্ৰাহক সকলে ৷ উল্লেখ্য যে আজি এই জিঅ’ বেন্ড মুকলি অনুষ্ঠানৰ পিছত ফেশ্বন শ্বোৰ আয়োজন কৰা হয় ৷
ডিব্ৰুগড়ত আসাম ষ্ট্ৰেট পাৱাৰ ইনঞ্জিনিয়াৰ্চ এচ্চিএছন আৰু পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ যৌথ মঞ্চত ধৰ্না কাৰ্যসূচী
ডিব্ৰুগড, ২৬ নৱেম্বৰ : সমগ্ৰ অসমৰ লগতে পাৱাৰ ৱ’কাচ্ ইউনিয়ন আৰু ইনঞ্জিনিয়াৰ্চ এচ্চিএছনে যৌথ ভাবে ডিব্ৰুগড়ত ২৬ নৱেম্বৰ তাৰিখে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বিদুৎ খণ্ড ব্যক্তিগত কৰন বন্ধ কৰক, অসম চৰকাৰ হুচিয়াৰ , ৰাজহুৱা বিদুৎ খণ্ড ব্যক্তিগত কৰন বন্ধ কৰক, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, পাৱাৰ ৱ’কাৰ্চ্ ইউনিয়ন জিন্দাবাদ, আদি শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অনাগত দিনত চৰকাৰে যদি বিদুৎ খণ্ড ব্যক্তিগত কৰন বন্ধ নকৰে তেতিয়া হ’লে ইয়াতকৈ আৰু জংগি অন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ কৰিব বুলি জানিবলৈ দিয়ে । পাৱাৰ ৱ’কাচ্ ইউনিয়ন আৰু ইনঞ্জিনিয়াৰ্চ এচ্চিয়েছনে যৌথ ভাবে লোৱা কাৰ্যসূচীত উপস্থিত থাকে পাৱাৰ ইনঞ্জিনিয়াৰ এচ্ছিএছনৰ হৈ শ্ৰীযুত ৰঞ্জন দত্ত , শ্ৰীযুত প্ৰাঞ্জল বৰঠাকুৰ, শ্ৰীযুত অভিজিত শইকিয়া, শ্ৰীযুত সিমাংচু গগৈকে ধৰি কেইবাজনো শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ উপস্থিতিৰ লগতে বহুতো সংখ্যক কৰ্মচাৰী উপস্থিতি দেখা পোৱা যায়। পাৱাৰ ৱকাচ্ ইউনিয়নৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি শ্ৰীযুত লিলা চাংমাই, উপ-সভাপতি শ্ৰীযুত সুখেন গগৈ, ডিব্ৰুগড় শাখা সভাপতি শ্ৰীযুত থানুৰাম ফুকন, সম্পাদক শ্ৰী বিপ্লব গোঁহাই, চাপ্লাই শাখাৰ সম্পাদক শ্ৰী বিপুল কোঁৱৰ লগতে বহু সংখ্যক কৰ্মচাৰিয়ে হাতে হাতে প্লে-কাৰ্ডলৈ আজি ডিব্ৰুগড় জিলা মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসুচী সাব্যস্ত কৰা দেখা পোৱা যায়।
অসম যুৱ পৰিষদৰ তৰফৰ পৰা ধুবুৰী জিলাৰ তিনিগৰাকী যুৱ কৰ্মীক সম্বৰ্ধনা
ধৰ্মশালা, ২৬ নৱেম্বৰ : অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠণ অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ধুবুৰী জিলাৰ তিনিগৰাকী যুৱ কৰ্মী ক্ৰমে নুৰে ছিবলীক অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হিচাপে, লুতফৰ ৰহমান খন্দকাৰক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য হিচাপে আৰু গৌৰীপুৰৰ সঞ্জয় বিশ্বাসক কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা বুলি জানিব পৰা গৈছে । অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক দিলীপ দত্ত আৰু অসম যুৱ পৰিষদৰ ধুবুৰী বিধান পৰিষদৰ সভাপতিয়ে তিনিওগৰাকীক অভিনন্দন জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে লগতে অসম যুৱ পৰিষদৰ ধুবুৰী বিধান পৰিষদৰ সভাপতিয়ে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি তথা কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাই ক অসম যুৱ পৰিষদৰ ধুবুৰী বিধান পৰিষদৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে ।
চাৰিদিনীয়া ভ্ৰমণ সূচীৰে আজি মাজুলীলৈ মুখ্যমন্ত্ৰী সোণোৱাল : কেইবাটাও প্ৰকল্পৰ আধাৰশিলাৰ লগতে উদ্বোধন কৰিব স্থায়ী প্ৰকল্পৰ
মাজুলী, ২৬ নৱেম্বৰ : চাৰিদিনীয়া চৰকাৰী কাৰ্যসূচীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কাইলৈ বিয়লি মাজুলীত উপস্থিত হ’বহি । এইবাৰৰ চৰকাৰী ভ্ৰমণসূচীৰ সময়ছোৱাত মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাখনত ৰূপায়ণ কৰিবলৈ লোৱা কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ আধাৰ শিলা স্থাপনৰ লগতে আন কেইবাটাও নৱনিৰ্মিত প্ৰকল্পৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰিব ৷ সেই অনুসৰি কালিলৈ বিয়লি ৪.০০ বজাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ শুভ উদ্ধোধন কৰিব ৷ ৰাতিটো আৱৰ্ত ভৱনত কটাই ২৮ নৱেম্বৰৰ পূৱা ৯.০০ বজাত মেখেলীগাঁৱত আজলী আই (বা-ভগা) থানৰ নৱনিৰ্মিত সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ শুভ উদ্বোধন আৰু অতিথিগৃহ-দেৱাল নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন কৰিব ৷ পুৱা ১০.৪৫ বজাত কৰতিপাৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নিৰ্মাণ কৰিব লগা বহুমুখী বানপানী আশ্ৰয় শিবিৰৰ আধাৰশিলা স্থাপন আৰু ১১.০০ বজাত উখলচুকত কৰতিপাৰ বহুমুখী বানপানী আশ্ৰয় শিবিৰৰ আধাৰশিলা তথা জলসম্পদ বিভাগৰ তিনিখন আঁচনিৰ ৰূপায়ণ কাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷ এই অনুষ্ঠানত ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনৰ লগতে সাংসদ প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰিব ৷ এই কাৰ্যসূচীৰ পাছতে বিয়লিলৈ মুখ্যমন্ত্ৰী ডিব্ৰুগড়লৈ ৰাওনা হ’ব আৰু নিশাটো ডিব্ৰুগড়ত কটাই পুনৰ ২৯ নৱেম্বৰৰ পুৱা হেলিকপ্টাৰেৰে জেংৰাইমুখত পদাৰ্পণ কৰি ১১ বজাত জেংৰাইমুখ থানাত মৈত্ৰী আঁচনিৰ অধীনত পুলিচ বেৰেক নিৰ্মাণ আঁচনিৰ শিলান্যাস কৰিব তাৰ পিছতে ১১.৩০ বজাত উজনি মাজুলী উন্নয়ন খণ্ডৰ সমীপত নৱগঠিত উজনি মাজুলী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিব ৷ দুপৰীয়া ১২ বজাত জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নৱগঠিত উজনি মাজুলী ৰাজহ চক্ৰৰ শুভ উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে ৷ এই অনুষ্ঠানত ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ যোগেন মহনৰ লগতে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰিব। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগে উজনি মাজুলীত ৰূপায়ণ কৰিবলৈ লোৱা চাৰিখন আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে পৰিবহন বিভাগে মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহন আঁচনিৰ অধীনত বাচনি কৰা মাজুলীৰ তিনিগৰাকী হিতাধিকাৰীক আৱণ্টিত বাহন আনুষ্ঠানিক ভাৱে প্ৰদান কৰিব। বিয়লি ২.৩০ বজাত নয়াবজাৰত জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা নিৰ্মিত ‘মহিলা বজাৰ’ এখনৰ শুভ উদ্বোধন কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ৷৩০ নৱেম্বৰ পুৱা ৯.৩০ বজাত কমলাবাৰী ঘাটত জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ এখন স্পীড বোটৰ শুভ উদ্বোধন কৰিব ৷ পূৱা ১০ বজাত কমলাবাৰীৰ আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত গৃহৰ শুভ উদ্বোধন কৰিব তাৰ পিছতে পূৱা ১০.৩০ বজাত কমলাবাৰীত অসম ক্ৰিকেট সন্থাৰ প্ৰস্তাৱিত ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব ৷ইয়াৰ পাছতে মুখ্যমন্ত্ৰী চৰকাৰী ভ্ৰমণসূচী সামৰি মাজুলীৰ পৰা বিহপুৰীয়ালৈ ৰাওনা হ’ব।
ঢেকীয়াজুলিৰ গেজেঙ্গাগুৰিত শোকাবহ পথ দুৰ্ঘটনাত দুজন লোক নিহত
ঢেকীয়াজুলি, ২৬ নৱেম্বৰ : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত গেজেঙ্গাগুৰিত শোকাবহ দুৰ্ঘটনাত দুজন লোক নিহত হোৱা ঘটনাত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বুধবাৰে নিশা ৮-৩০ মান বজাত ওদালগুৰি জিলাৰ ওৰাঙৰ দিশৰ পৰা ঢেকীয়াজুলিৰ গেজেঙ্গাগুৰি অভিমুখে আহি থকা এখন (টমটম) ই-ৰিক্সা আৰু বিপৰীত দিশৰ পৰা তীব্ৰবেগত আহি থকা এখন AS 01 8545 নম্বৰৰ 709 ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাত ই-ৰিক্সা আৰোহী ৰিপুঞ্জয় শৰ্মা আৰু ব্ৰজেন শৰ্মা নামৰ লোক দুজন থিতাতে নিহত হোৱাৰ লগতে ই-ৰিক্সাখনৰ চালকজনৰ কথমপি প্ৰাণৰক্ষা পৰে ৷ নিহত দুয়ো সম্বন্ধত ভিনিহীয়েক খুলশালি আছিল ৷ নিহত ৰিপুঞ্জয় শৰ্মা নামৰ লোকজন দুৰ্ঘটনাত নিহত ব্ৰজেন শৰ্মাৰ সম্বন্ধত ভিনীহিয়েক আছিল ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে ঢেকীয়াজুলিৰ যানবাহন আৰক্ষীয়ে ৷ নিহত ৰিপুঞ্জয় শৰ্মা গেজেঙ্গাগুৰিৰ শ্বহীদ দ্বীজেন ভূঁঞা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰণতি শৰ্মাৰ স্বামী আছিল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যেই দুৰ্ঘটনাটোত নিহত লোকদুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ পথ দুৰ্ঘটনাত আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱা সৰৱৰহী লোক দুজনৰ মৃত্যুত ঢেকীয়াজুলি আৰু গেজেঙ্গাগুৰিৰ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগত মৃতকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷
উত্তৰ পুৰুষৰ মঞ্চৰ সৰ্বোচ্চ সন্মান “অক্লান্ত উত্তৰ পুৰুষ বঁটা-২০২০” শৰ্মিষ্ঠা প্ৰীতমলৈ
চাংসাৰি, ২৬ নৱেম্বৰ : জীৱন যুদ্ধত যিসকল ব্যক্তিয়ে কেতিয়াও হাৰ মনা নাই,অথচ আনক সহায়ৰ হাত আগবঢ়াই দিছে, সেইসকল বিশিষ্ট ব্যক্তিক উত্তৰ পুৰুষৰ মঞ্চ নামৰ সাহিত্য-সংস্কৃতিক, সামাজিক আৰু প্ৰকৃতি সুৰক্ষাৰ বাবে নিৰন্তৰ সাধনা কৰি অহা সংগঠনটোয়ে মঞ্চৰ সৰ্ব্বোচ্চ সন্মান অক্লান্ত উত্তৰ পুৰুষ বঁটাৰে অসমৰ বহু কেইগৰাকী ব্যক্তিক সন্মানিত কৰি আহিছে। ২০১৬ বৰ্ষৰে পৰা উত্তৰ পুৰুষৰ মঞ্চই এই বঁটা প্ৰদান কৰি আহিছে বুলি মুখ্য সম্পাদক দিবাকৰ ৰেণুবে জানিব দিয়ে । জীৱন যুদ্ধত সাহসেৰে যুঁজ দি জীয়াই থাকি আনৰ বাবে কিবা কৰি ভালপোৱা বিশিষ্ট শিশু সাহিত্যিক তথা ধঁপাত বিৰোধী আন্দোলনৰ নীৰৱ কৰ্মী দেৱৰাজ কলিতা, এইডছ্ আৰু দেৱাংগৰ বাবে সদা জাগ্ৰত কৰ্মী জাহ্নৱী গোস্বামী, চকুৰ দৃষ্টিশক্তি যোৱাৰ পিছতো সংগীত সাধনাৰে উত্তৰ পুৰুষৰ আদৰ্শ হোৱা শিল্পী মনোজ কাশ্যপ, উত্তৰ পুৰুষৰ বাবে আদৰ্শ প্ৰচণ্ড আত্মশক্তিসম্পন্না লেখিকা, সমাজকৰ্মী , বিজয়িনী নামৰ এখন আত্মজীৱনীমূলক গ্ৰন্থৰ স্ৰষ্টা জুলী বৰুৱাই ইতিমধ্যে এই বঁটা লাভ কৰিছে। অহা ৬ ডিচেম্বৰ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱৰ এখন গাম্ভীৰ্যপুৰ্ণ সভাত ২০২০ বৰ্ষৰ বাবে এই বঁটাটি প্ৰদান কৰা হ’ব বিশিষ্টা লেখিকা শৰ্মিষ্ঠা প্ৰীতমক। বহুকেইখন উপন্যাস আৰু গ্ৰন্থৰ ৰচয়িতা শৰ্মিষ্ঠাই জীৱনৰ বিভিন্ন শাৰীৰিক বাধাকো নেওচাদি উত্তৰ পুৰুষৰ বাবে দেখুওৱা আদৰ্শৰ বাবে উত্তৰ পুৰুষৰ মঞ্চই এইবৰ্ষৰ বাবে তেখেতক এই সন্মানেৰে বিভূষিত কৰিব। আনহাতে এই অনুষ্ঠানতে অসমৰ এগৰাকী অপ্ৰমাদী নাট্যশিল্পী নৰেশ্বৰ হালৈৰ উপৰিও বহু কেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব বুলি সাংবাদিক কমল কুমাৰে এক বিজ্ঞপ্তি যোগে জানিবলৈ দিছে।
নিশা দুলীয়াজানত ভয়াৱহ পথ দূৰ্ঘটনা : ৭ জন গুৰুতৰ ভাৱে আহত : ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ
বৰডুবি, ২৬ নৱেম্বৰ : কালি নিশা দুলীয়াজানত এক ভয়াৱহ পথ দূৰ্ঘটনা সংঘটিত হয় । নিশা প্ৰায় ১ বজাত দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষত হোৱা পথ দুৰ্ঘটনাত ৭ জনকৈ লোক আহতপ্ৰাপ্ত হয় । প্ৰাপ্ত খবৰ অনুসৰি এ এচ ০৪ জে ৫৪৪৮ ইয়ন বাহনখনে নাহৰকটীয়াৰ এখন বিয়া ঘৰৰ পৰা দুলীয়াজানৰ পোৱালী পথাৰত কইনা থবলৈ আহোতে দুলীয়াগাঁওৰ পথৰ সমীপত হঠাৎ টেঙাখাটৰ পৰা দুলীয়াজানমুখী এ এচ ২৩ ডব্লিউ ৭৫৬৫ নম্বৰযুক্ত এস্ক ইউ ভি ৩০০ আন এখন বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । পথ দূৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এস্ক ইউ ভি বাহনখনত অহা দুলীয়া গাঁওৰ সত্যজিত গগৈ (৪০), ইন্দ্ৰপুৰীৰ সুৰজিৎ দেব(৩৩) । ইফালে ইয়ন বাহনখনৰ চালক ডিব্ৰুগড় দক্ষিণ আমোলাপট্ৰীৰ ৰাজু গগৈ(২৫), একে অঞ্চলৰ অভিনৱ বৰুৱা(৩০), ৰিমা সোনাৰ (১৪), মানসপ্ৰতিম বৰুৱা(১৪) আৰু নাহৰকটীয়া চাচনিৰ ৰূপম চমুৱা(১৬) গুৰুত্বৰ ভাৱে আহত হয় । স্থানীয়লোকে আহতলোক সকলক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ অইল ইণ্ডিয়া লিমিটেডৰ হাস্পতাললৈ অনা হয় । পিছত আঘাত অধিক গুৰুত্বৰ হোৱা বাবে চিকিৎসকে সত্যজিত গগৈ, ৰাজু গগৈ, অভিনৱ বৰুৱা, ৰিমা সোনাৰ, মানসপ্ৰতিম বৰুৱা আৰু ৰূপম চমুৱাক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰে । শেহতীয়া খবৰ অনুসৰি উপৰোক্ত লোককেইজন ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন হৈ আছে আৰু সংকটমুক্ত বুলি জানিব পৰা গৈছে ।









