Home Blog Page 3217

জামুগুৰি সাহিত্য সভাৰ জনপ্ৰিয় বক্তৃতানুষ্ঠান : প্ৰকাশ পালে কৃতি শিক্ষক সাহিত্যকৰ্মী ভূপেন বৰদলৈৰ নৱতম গ্ৰন্থ “মৃত্যু তিথিৰ এটি স্মৃতি”

জামুগুৰিহাট, ২২ নবেম্বৰ : ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ অন্যতম সাহিত্যচৰ্চাৰ অনুষ্ঠান জামুগুৰি সাহিত্য সভাৰ ১০২ সংখ্যক আমন্ত্ৰণমুলক জনপ্ৰিয় বক্তৃতানুষ্ঠান আজি জামুগুৰিহাটৰ সূৰ্য্যোদয় ভৱনত বিয়লি অনুষ্ঠিত হয় ৷ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ হেমন্ত বৰাৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠানৰ মূখ্য বিষয় “বৰ্তমান সময়ত শিশু সাহিত্যৰ প্ৰয়োজনীয়তা আৰু শিশু সাহিত্যিকসকলৰ দায়িত্ব” শীৰ্ষক বিষয়ৰ আলোকপাত কৰে আলোচকৰ আসন অলংকৃত কৰা বিশিষ্ট সাহিত্যিক,গীতিকাৰ তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰপ্ৰসাদ শইকীয়াই ৷ প্ৰায় এঘন্টা জোৰা আলোচনাত শইকীয়াই সাম্প্ৰতিক সময়ত অসমীয়া ভাষাৰ শিশু সাহিত্যিকৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাৰ লগতে শিশুসকলক সাহিত্যৰ প্ৰতি আকৰ্ষণ কৰিব পৰাকৈ এক সাহিত্যৰ পৰিৱেশ গঢ়ি উঠা নাই বুলি আক্ষেপ প্ৰকাশ কৰে ৷ ফলশ্ৰুতিত অসমৰ বহুল প্ৰচাৰিত শিশু আলোচনীসমুহো মৃত্যুৰ দিশে গতি কৰিছে বুলি উল্লেখ কৰে ৷ এনে প্ৰেক্ষাপটত সাহিত্য অনুষ্ঠান সমুহে শিশুসকলক সাহিত্যৰ প্ৰতি আগ্ৰহী কৰি তোলাত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে ৷ আনহাতে অভিভাৱকসকলেও শিশুসকলক অন্যান্য বিনোদনৰ বিপৰীতে সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তুলিব নোৱাৰিলে অসমীয়া ভাষা সাহিত্যৰ শোচনীয় অৱস্থাৰ ওৰ নপৰে ৷ উল্লেখ্য যে জামুগুৰি সাহিত্য সভাৰ নৱ নিৰ্বাচিত সম্পাদক বাসৱ ভূঞাই আঁত ধৰা আৰু নৱ নিৰ্বাচিত সভাপতি জ্যোতি ভট্টাচাৰ্যই আদৰনি ভাষণ প্ৰদান কৰা সভাখনত কৃতি শিক্ষক তথা সাহিত্যকৰ্মী ভূপেন বৰদলৈৰ নৱতম গ্ৰন্থ “মৃত্যু তিথিৰ এটি স্মৃতি”ৰ উন্মোচক হিচাপে আসন গ্ৰহণ কৰে জামুগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ জনাৰ্দন ভূঞাই ৷ অঞ্চলটোৰ শতাধিক প্ৰবীন নবিন সাহিত্যনুৰাগী উপস্থিত থকা সভাখনত বিশিষ্ট ব্যক্তিসকলৰ হৈ মঞ্চত আসন অলংকৃত কৰে শোণিতপুৰ জিলা সাহিত সভাৰ প্ৰাক্তন সভাপতি , বিশিষ্ট চিন্তাবিদ ভৱেন বৰা, লক্ষীমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি ডা° হৰেন শইকীয়া, জামুগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নাৰায়ন শইকীয়া, নৱ নিৰ্বাচিত সভাপতি জ্যোতি ভট্টাচাৰ্য আৰু শিশুবন্ধু যতীন্দ্ৰ ভাগৱতীয়ে ৷ বৰ্তমানলৈকে ৮ খন গ্ৰন্থ প্ৰকাশেৰে অসমীয়া সাহিত্য ভঁৰাললৈ লেখক, ঔপন্যাসিক ভূপেন বৰদলৈয়ে গ্ৰন্থকাৰৰ একেষাৰত উল্লেখ কৰে যে গুপ্তহত্যাই এটি মধ্যবিত্ত পৰিয়াললৈ কেনেকৈ কাল অমানিশা নমাই আনিব পাৰে এনে সময়ত এখন সমাজৰ দায়বদ্ধতা কেনে হোৱা উচিত ইয়াক মূখ্য বিষয় হিচাপে লৈ উপন্যাসখন ৰচনা কৰা হৈছে ৷ সভাখনত মূল বক্তাৰ উপৰিও ৰাজহুৱা বক্তব্য দাঙি ধৰি ডা° হৰেন শইকীয়াই কয় যে শিশুসকলক শুদ্ধ পথেৰে আগবঢ়াই নিয়াত শিশু সাহিত্যিকসকলে সামাজিক দায়বদ্ধতাৰে দায়িত্ব গ্ৰহণ কৰিব লাগিব ৷ অকল বৃত্তিমুলক শিক্ষাই যে এটি শিশুৰ ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে সেইকথাও উদাহৰণসহ শইকীয়াই সভাত দাঙি ধৰে৷সভাখনত সফল সমাপ্তিত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে জামুগুৰি সাহিত্য সভাই ৷

গুৱাহাটীত অখিল ভাৰত হিন্দু যুৱ মৰ্চাৰ গো-মাতা পুজন

অনলাইন বাৰ্তা , ২২ নৱেম্বৰ : গোপাস্ৰমী উপলক্ষে আজি মহানগৰীৰ ফটাশিল’ এন এছ ৰোড স্হিত গোশালাত অখিল ভাৰত হিন্দু যুৱ মৰ্চাই গো-মাতা পূজন অনুষ্ঠিত কৰে ৷ ৰাষ্ট্ৰীয় অধ্যক্ষ শিৱম মিশ্ৰৰ পৰামৰ্শ মৰ্মে ৰাজ্যিক সমিতিৰ তৰফৰ গো-মাত পূজন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ নিমন্ত্ৰিত অতিথি হিচাপে ৰাজ্য চৰকাৰৰ বিত্ত নিগমৰ অধ্যক্ষ বিজয় গুপ্তা উপস্থিত থাকি গো সুৰক্ষা ওপৰত মাক দৰ্শন কৰে ৷ তেওঁ লগতে কয় ৰাজ্যত অতি শীঘ্ৰেই গো মাংস বন্ধ হ’ব লাগে ৷ অধ্যক্ষ গৰাকীয়ে গৰুৰ  উপকাৰীতা সন্দৰ্ভত  বক্তব্য আগবঢ়াই ৷ উল্লেখ্য যে অখিল ভাৰত হিন্দু যুব মৰ্চাৰ ৰাজ্যিক সদস্য ক্ৰমে অৰুন গুপ্তা, বিদ্যানন্দ উপাধ্যায় , প্ৰবীৰ পাল, শত্ৰঘন চৌহান অৰুন আচাৰ্য অনুষ্ঠানত উপস্থিত থাকি সহযোগিতা আগবঢ়াই ৷

লুৰিনজ্যোতি গগৈয়ে চেপা খুন্দা পালে চাগে, সেয়ে ওলাই আহিল আছুৰ পৰা

দুলিয়াজানত অনুষ্ঠিত হৈ যায় সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন  । সেই অধিৱেশনত সাংস্কৃতিক অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই । দুলিয়াজানৰ পৰা গুৱাহাটীলৈ ওভতি কণ্ঠশিল্পী গৰাকীয়ে আছু সম্পৰ্কে মন্তব্য প্ৰকাশ কৰি কয় যে ‘‘সদৌ অসম ছাত্ৰ সন্থা ছাত্র সন্থা হৈয়ে থাকক । ছাত্ৰ সন্থা ছাত্ৰ সন্থা হৈ থাকিলে জাতিৰ সপোন পূৰ্ণ হ’ব” । লুৰিণ জ্যোতি গগৈ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কণ্ঠশিল্পী  হাজৰিকাই কয় যে ”আহোমৰ, ৰজাঘৰীয়াৰ তেজ আছে লুৰিণৰ গাত । লুৰিনজ্যোতি গগৈয়ে চেপা খুন্দা পালে চাগে সেয়ে ওলাই আহিল আছুৰ পৰা” ।লগতে তেখেতে কয় যে “ৰাইজৰ মতামতক লৈ আছু আগবাঢ়ি  যাব লাগে । তেওঁলোকৰ মাজত থকা অসুয়াবোৰ আলোচনাৰ মাধ্যমৰে দূৰ কৰি জাতিটোৰ সংকটৰ সময়ত আগবঢ়িব লাগে ।

আৰম্ভ হ’ল ফিল’কাপ, ২০২০ : উদ্বোধনী খেলত ডুমডুমা মৰ্নীং ক্লাৱৰ জয়

ডিৰাক সীমান্ত, ২২ নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলৰ বহু প্ৰত্যাক্ষিত ফিল’কাপ ২০২০ আজিৰে পৰা ফিল’বাৰী হাইস্কুল খেলপথাৰত আৰম্ভ হৈছে । অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত ফিল’বাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হোৱা ২২ সংখ্যক আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগীতাখনি উদ্বোধন কৰে গাভৰুভেটি গাওঁ পঞ্চায়তৰ সভাপতি কিৰণ চাৰিঙ্গীয়া ফুকনে । আজিৰ পৰা অনুষ্ঠিত হোৱা ফিল’কাপ ২০২০ প্ৰতিযোগিতাৰ প্ৰথমখন খেল অনুষ্ঠিত হয় ডুমডুমা মৰ্নীং ক্লাৱ বনাম সূৰ্যোদয় এফ চি চাবুৱাৰ মাজত। ডুমডুমা মৰ্ণিং ক্লাবে সূৰ্যোদয় এফ চি চাবুৱা দলক ২-০ গলত পৰাজয়  কৰে । ডুমডুমা মৰ্ণিং ক্লাবে ১১ মিনিটত এটা পেনালটি কীকৰ সুযোগ লাভ কৰি  অভিজিৎ তাঁতীয়ে আৰু ৫০ মিনিটত লালিত সোনোৱালে একোটাকৈ গ’ল  দি দলক বিজয়ী সাব্যস্ত কৰে ।  ফিল’কাপৰ প্ৰথমখন খেল  পৰিচালনা কৰে ইনোদ চাউৰকে লাইনত সহায় কৰে  প্ৰাণজ্যোতি চুতীয়া আৰু মৃদুল বৰপাত্ৰ গোঁহাই, চতুৰ্থ ৰেফাৰী নৰেণ চাউৰকে । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জয়ন্ত দহোতীয়া, বদৌচা স্প’ষ্ট ক্লাবৰ সম্পাদক সীমান্ত মৰাণ, ক্ৰীড়া সম্পাদক দুৰ্ণ কান্ত মৰাণ, ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ তুলসী উপাধ্যায়, সমাজসেৱক ৰাজেন মেধিৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত । ফিল’কাপৰ দ্বিতীয় খন খেল অনুষ্ঠিত হ’ব  দুলিয়াজান ৰজাআলি এফ চি বনাম ফিল’বাৰী এফ চিৰ মাজত ।

যদি আপোনাৰ আদৰ্শই ভোটাৰক আপোনাৰ সৈতে যাবলৈ অনুপ্ৰেৰিত কৰা নাই, আপুনি দোকান বন্ধ কৰা উচিত !

“আপুনি আপোনাৰ আদৰ্শ কিয় বাদ দিব লাগে। যদি আপোনাৰ আদৰ্শই ভোটাৰক আপোনাৰ সৈতে যাবলৈ অনুপ্ৰেৰিত কৰা নাই, আপুনি হয় দোকান বন্ধ কৰা উচিত, বা আপুনি অপেক্ষা কৰিব লাগে। ভোটাৰক সৈমান কৰিবলৈ, সময় লাগিব,” শ্বলমান খুৰ্শিদ।

বিহাৰৰ নিৰ্বাচন আৰু বিধানসভা উপ-নিৰ্বাচনত দলৰ দুৰ্বল প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত কংগ্রেছৰ অৱস্থাকলৈ দলৰে কিছুমান নেতাৰ সমালোচনাৰ পিছত জ্যেষ্ঠ নেতা শ্বলমান খুৰ্শিদে আজি কয় যে “দলত কোনো নেতৃত্বৰ সংকট নাই, ছোনিয়া গান্ধী আৰু ৰাহুলৰ প্ৰতি সৰ্বত্ৰসমৰ্থন আছে।‘’

মত সম্প্ৰসাৰণৰ বাবে কংগ্ৰেছত পৰ্যাপ্ত মঞ্চ আছে বুলি দাবী কৰি খুৰ্শিদে কয়, “নেতৃত্বই মোৰ কথা শুনে, মোক এটা সুযোগ দিয়া হৈছে, তেওঁলোকক (যিসকলে মিডিয়াত সমালোচনা কৰিছে) এটা সুযোগ দিয়া হব,  য’ৰ পৰা এই কথা আহে যে নেতৃত্বই আমাৰ কথা শুনি থকা নাই : শ্বলমান খুৰ্শিদ

শেহতীয়াকৈ,  কংগ্ৰেছৰ বৰ্ষীয়ান নেতা কপিল চিব্বালে সংবাদ মাধ্যমৰ আগত কৈছিল যে দলটোক ৰাইজৰ সন্মুখত “কাৰ্যকৰী বিকল্প” হিচাপে দেখিব পৰা নাই আৰু কয় যে নেতৃত্বই বিষয়টো সমাধান কৰা নাই। তেওঁ কয়, আমি সন্মুখীন হোৱা সমস্যাবোৰৰ লগতে উত্তৰবোৰ জানে, কিন্তু তেওঁলোকক চিনাক্ত কৰিবলৈ ইচ্ছুক নাছিল।

চিব্বাল আৰু অন্যান্য নেতাসকলে কৰা মন্তব্যৰ বিষয়ে সোধাত, খৰ্শিদই কয় যে,

“বিশ্লেষণ সকলো সময়তে কৰা হয়, বিশ্লেষণৰ বিষয়ে কোনো বিবাদ নাই ।“

কিছুমান নেতাই পূৰ্ণসময়ৰ সভাপতি হোৱাৰ বাবে আগ্ৰহী বুলি সোধাত তেওঁ কয় যে তেওঁলোকে আগবাঢ়ি আহি দলৰ ভিতৰত ইয়াৰ বিষয়ে কথা পাতিব লাগে।”

বহুজন সমাজ দলত কোনো সভাপতি নাই, বাওঁদলত কোনো সভাপতি নাই,  কেৱল সাধাৰণ সচিব… প্ৰতিটো দলে একেমডেল অনুসৰণ কৰিব নোৱাৰি,” : শ্বলমান খুৰ্শিদ

লগতে তেওঁ কয় যে ‘দীৰ্ঘদিন ধৰি যুঁজৰ বাবে কংগ্ৰেছ সাজু থাকিব লাগে আৰু চৰ্টকাটৰ পথ লোৱাৰ সলনি ভোটাৰক সৈমান কৰিবলৈ চেষ্টা কৰিব লাগে। “আপুনি আপোনাৰ আৰ্থবাদ কিয় বাদ দিব লাগে। যদি আপোনাৰ আদৰ্শই ভোটাৰক আপোনাৰ সৈতে যাবলৈ অনুপ্ৰেৰিত কৰা নাই, আপুনি হয় দোকান বন্ধ কৰা উচিত, বা আপুনি অপেক্ষা কৰিব লাগে। আমি ভোটাৰক সৈমান কৰোঁ, সময় লাগিব,” তেওঁ কয়। “আমি কিয় ইমান চিন্তিত যে আমি শক্তি হেৰুৱাইছোঁ । আমি সপ্তাহ বা মাহ বা বছৰ পিছত পুনৰ শক্তিশালী হৈ উভতি যাব লাগিব। যদি এয়া কিবা সময়ৰ বাবে নঘটে, আমি কাম কৰি মৰিম। আমি আমাৰ কাৰণ অনুসৰণ কৰিব লাগিব আৰু আমি আমাৰ কাৰণ অনুসৰণ কৰিম,” ক্ষেদীয়ে কয় ।

এইবাৰ ভাৰতীৰ স্বামীকো গ্ৰেপ্তাৰ কৰিলে NCB-এ

বলীউদৰ বহু কেইগৰাকী তাৰকা মাদক দ্ৰৱ্য সেৱন কৰাৰ তথ্য সংবাদ মাধ্যমৰ জড়িয়তে পোহৰলৈ অহাৰ পিছত বহুকেইজন তাৰকাক বৰ্তমান আৰক্ষীয়ে জেৰা কৰাৰ লগতে গ্ৰেপ্তাৰ কিৰিছে ।NCB-এ জনপ্ৰীয় কমেড়িয়ান ভাৰতী সিংৰ বাসগৃহত অভিযান চলাই তালাচীত ভাৰতীৰ ঘৰৰ পৰা গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সোধা–পোছাৰ বাবে ভাৰতী আৰু স্বামীক এনচিবিৰ কাৰ্যালয়লৈ নিয়া হয়। । তাৰ পিছতে ভাৰতী সিংক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।

আনহাতে দেওবাৰে পুৱা ভাৰতীৰ স্বামী হৰ্ষ লিম্বাচিয়াক গ্ৰেপ্তাৰ কৰে নাৰ্ক’টিক্ছ কন্ট্ৰ’ল ব্যূৰ’ই। ভাৰতীৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ বিৰুদ্ধে নিষিদ্ধ ড্ৰাগছ সেৱনৰ অভিযোগ উঠিছিল। দীৰ্ঘ সময় জেৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হয় হৰ্ষ লিম্বাচিয়াক। ভাৰতীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল ৮৬.৫ গ্ৰাম গাঞ্জা । দুয়োজনেই গাঞ্জা সেৱন কৰে বুলি স্বীকাৰো কৰিছে আৰক্ষীৰ সন্মুখত।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা এনচিবিয়ে বলীউদৰ মাদক দ্ৰব্যৰ বিৰুদ্ধে চলাইছিল তীব্ৰ অভিযান। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা বলীউদৰ এজনৰ পিছত আনজন তাৰকাৰ মাদক দ্ৰৱ্য সেৱৰ তথ্য পোহৰলৈ আহিছে। সেই যোগসূত্ৰৰ আঁত ধৰি তদন্ত আগুৱাই নিছে এনচিবিয়ে। এইবাৰ তালিকাত নতুন সংযোজন ভাৰতী সিং আৰু স্বামী হৰ্ষ লিম্বাচিয়া।

ইয়াৰ উপৰি বহু তাৰকাৰ নাম মাদক দ্ৰৱ্য সেৱনত সাঙোৰ খাইছে । বিখ্যাত প্ৰযোজক ফিৰোজ নাদিওৱালা, তেওঁৰ পত্নী শাবানাক মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে এনচিবিয়ে। ইয়াৰ উপৰি দীপিকা পাডুকণ, শ্ৰদ্ধা কাপুৰ, ৰাকুল প্ৰীত সিং, ছাৰা আলী খানসহ বহুকেইজন ।

কামৰূপ মহানগৰৰ নতুন জিলা পৰিবহণ বিষয়া গৌতম দাস

ৰাজ্যৰ কেবাখনো জিলাৰ জিলা পৰিবহন বিষয়াক বদলি কৰা হৈছে। গৌতম দাসক কামৰূপ মহানগৰৰ নতুন পৰিবহণ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে ।তাৰোপৰি পূৰ্বৰ কামৰূপৰ জিলাৰ পৰিবহন বিষয়া বাপন কলিতাক বদলি কৰা হৈছে মৰিগাঁৱলৈ। মাজুলীৰ জিলা পৰিবহণ বিষয়া অপূৰ্ব কুমাৰ দাসক বঙাইগাঁৱলৈ বদলি কৰা হৈছে। কাছৰৰ জিলা পৰিবহণ পৰিবহন বিষয়া সিদ্ধাৰ্থ কৃষ্ণ শইকীয়াক শিৱসাগৰলৈ বদলি কৰা হৈছে। শিৱসাগৰৰ ডিটিঅ’ সঞ্জীৱ হাজৰিকাক ডিব্ৰুগড়লৈ বদলি কৰা হৈছে ।

চাওঁক সবিশেষ তলৰ তালিকাতঃ

বিজেপিত যোগদান বিশ্বজিৎ দৈমাৰী, ইমানুৱেল মুছাহাৰীৰ

আজি  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতি বিজেপি যোগদান কৰে বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীয়ে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দললৈ আদৰণি জনালে বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীক।

বিজেপিত যোগদান কৰাৰ পিছতেই আজিৰে পৰা বিজেপিৰ হৈ প্ৰচাৰ চলাব বিশ্বজিৎ দৈমাৰীয়ে বুলি মন্তব্য কৰে দৈমাৰীয়ে।  ‘বিটিএডিৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে বিপিফে। বিটিএডিৰ ৰাইজে এইবাৰ বিচাৰিছে । তাৰোপৰি ‘হাগ্ৰামাক ছীফ হোৱাৰ প্ৰস্তাৱ মইয়ে দিছিলোঁ’।’এতিয়াও চৰকাৰৰ অংশ বিপিএফ, মিত্ৰতা থাকে নে নাথাকে বিপিএফে সিদ্ধান্ত ল’ব’ -এই মন্তব্য দৈমাৰীৰ।

ইয়াৰ লগে লগে বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীৰ যোগদানে বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত কৰিলে।

পুনৰ আছুৰ সভাপতি পদত দীপাংক নাথ

আছুৰ সভাপতি ৰূপে পুনৰ নিৰ্বাচিত হয় দীপাংক নাথ । ইয়াৰোপৰি সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে শংকৰজ্যোতি বৰুৱা ।ইয়াৰ পূৰ্বে দুলীয়াজানৰ অন্তিম দিনাৰ অধিৱেশনত আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল লুৰিণ জ্যোতি গগৈয়ে । কালি এই ঘোষণা কৰা হয়  দুলীয়াজান ক্লাবত।

দুপৰ নিশা হাস্পতালত উপস্থিত জুবিন গাৰ্গ, কিন্ত কিয় ?

কালিৰে পৰা অসমৰ প্ৰাক্তন মুন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ কোনো উন্নতি নাই । নিশা দুপৰলৈ গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ চৌহদত ভিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সহশ্ৰাধিক গুণমুগ্ধৰ।নিশা প্ৰায় ১ মান বজাত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত উপস্থিত জুবিন গাৰ্গ। সকলো সময়তে চিকিত্‍সকৰ দলে তদাৰক কৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ।

প্ৰায় একে সময়তে ৰিপুন বৰাও উপস্থিত হয় গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত উপস্থিত । ৰকিবুল হুছেইনো নিশাই উপস্থিত হৈ তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লয়। সকলোৱে প্ৰাৰ্থনা কৰিছে অতি সোনকালেই সুস্থ হৈ উঠক তৰুণ গগৈ ।

তৰুম গগৈ সন্দৰ্ভত জুবিনে, ‘মই খুব ভাল পাওঁ তেওঁক, মই খুব মৰম কৰোঁ, মই আহিব বিচাৰিছিলো, কোভিডৰ বাবে মই আহিব পৰা নাছিলোঁ, ছাৰ্কিট হাউছত মই শেষৰ বাবে লগ পাইছিলোঁ, একেলগে দুঘণ্টা কটাইছিলোঁ’