Home Blog Page 3241

হোজাই আৰু নগাঁৱৰ গ্ৰামোন্নয়নত দুৰ্নীতি : নগাঁও গ্ৰামোন্নয়ন বিভাগত জৱকাৰ্ড প্ৰিন্টিঙৰ নামত ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ

ডবকা : কৰোনা ভাইৰাছৰ বিভিষীকাৰ মাজতে লকডাউনৰ সুযোগতে নগাঁও গ্ৰামোন্নয়ন বিভাগত জৱকাৰ্ড প্ৰিন্টিঙৰ নামত বৃহৎ দুৰ্নীতি হোৱা খৱৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি নগাঁও গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত ১৩টা উন্নয়ন খণ্ডৰ বাবে প্ৰয়োজন হোৱা জৱকাৰ্ড সমূহ  প্ৰিন্টিঙৰ ব্যৱস্থা কৰা হয়। নিয়ম অনুসৰি এই জৱকাৰ্ড সমূহ প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ে উন্নয়ন খণ্ড সমূহক যোগান ধৰে আৰু ইয়াৰ বাবে কাৰ্যালয়ে আগতীয়া জাননী দি নিবিদা সংগ্ৰহ কৰিব লাগে কিন্তু নগাঁও গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক গৰাকীয়ে আগতীয়াকৈ জাননী অবিহনে আৰু নিবিদা সংগ্ৰহ নকৰাকৈ প্ৰকল্প বিষয়া দেবাশীষ বৈশ্যৰ অতি ঘনিষ্ঠ বুলি জাহিৰ কৰা জনৈক ৰাজখোৱা নামৰ ঠিকাদাৰজনক কামখিনিৰ দ্বায়িত্ব দিয়াৰ অভিযোগ উঠিছে। প্ৰকল্প বিষয়া গৰাকীয়ে নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দ্বায়িত্বত থকাৰ লগতে নগাঁও গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালকৰ ভাৰপ্ৰাপ্ত সঞ্চালকৰ দ্বায়িত্বত থকাৰ সুবিধাৰ বাবেই প্ৰায় ১৫/২০ লাখ টকাৰ জৱকাৰ্ড প্ৰিন্টিঙৰ নামত খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছে। হয়তো কাগজে কলমে ঠিকেই   প্ৰিন্টিং কৰা দেখুৱা হৈছে যদিও প্ৰকৃততে নিজৰ লাভালাভৰ বাবে পৰিমাণতকৈ কম প্ৰিন্টিং কৰাৰ সন্দেহ কৰিছে একাংশ সচেতন লোকে। জিলাখনৰ প্ৰায় ২৩ হাজাৰ দৰিদ্ৰ শ্ৰমিকে  এম জি এনৰেগা কামৰ বাবে জবকাৰ্ডৰ জৰিয়তে কামৰ বাবে আবেদন কৰিছিল যদিও বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। নগাঁও আৰু হোজাই জিলাৰ ১৮  টা কৈ উন্নয়ন খন্ডত চতুৰ্থ বিত্তীয় আয়োগৰ অধীনতো বিয়াগোম খেলি মেলি চলাৰ লগতে জৱকাৰ্ডৰ নামত বৃহৎ দুৰ্নীতি চলোৱাৰ অভিযোগ উঠিছে। এক উচ্চ পৰ্যায়ৰ তদন্ত মৰ্মে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে একাংশ দল সংগঠনৰ লগতে ৰাইজে।

কাৰাগাৰৰত আত্মহত্যাৰ চেষ্টা প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ হত্যাকাৰীৰ

অনলাইন বাৰ্তা : কাৰাগাৰৰ ভিতৰতে আত্মহত্যাৰ চেষ্টা কৰিলে ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ হত্যাকাৰী নলিনী শ্ৰীহৰণে৷ নলিনীৰ অধিবক্তাই জনায় যে সোমবাৰে গভীৰ নিশা আত্মহত্যাৰ চেষ্টা কৰে৷ উল্লেখ্য যে বিগত ২৯ বছৰ ধৰি তামিলনাডুৰ ভেলোৰৰ মহিলা কাৰাগাৰত বন্দী হৈ আছে এলটিটিৰ সদস্যা নলিনী৷ অধিবক্তা পুগালেনথিয়ে জনায় যে ইয়াৰ আগতেও নলিনীয়ে আত্মহত্যাৰ চেষ্টা চলাইছিল৷ আনহাতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাত অভিযুক্ত হৈ নলিনীৰ স্বামী মুৰশগানো কাৰাগাৰত আছে৷ উল্লেখ্য যে ৰাজীৱ গান্ধীৰ হত্যা গোচৰত নলিনীসহ ৭জনক দোষী সাব্যস্ত কৰিছিল টাডা আদালতে৷ ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুৰ শ্ৰীপেৰুমবুদৰ এখন নিৰ্বাচনী সভাত ৰাজীৱ গান্ধীক আত্মঘাতী বিদ্ৰোহীয়ে হত্যা কৰিছিল৷ মন কৰিব লগা যে যোৱা বছৰৰ অক্টোবৰৰ শেষৰ ফালে মুক্তিৰ দাবীত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত নলিনী শ্ৰীহৰণ অনশনত বহিছিল৷ তেওঁৰ দাবী আছিল যে প্ৰায় তিনি দশক ধৰি নলিনী আৰু তেওঁৰ স্বামী কাৰাগাৰত আছে৷ তেওঁক অবিলম্বে কাৰাগাৰৰ পৰা মুক্তি দিব লাগে৷ এই আবেদন কৰি কাৰাগাৰ কৰ্তৃপক্ষলৈ তেওঁ চিঠি দিছিল৷ কিন্তু কামত নাহিল৷ ইয়াৰ এমাহৰ পাছত তেওঁ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অমৰেশ্বৰ প্ৰতাপ চাহিৰ ওচৰত তেওঁ আৰু স্বামী মুৰুগানে স্বেচ্ছা মৃত্যুৰ বাবে আবেদন জনায়৷ তাতো কোনো ফল নাপালে৷ অৱশেষত এইবাৰ তেওঁ আত্মহত্যাৰ চিন্তা কৰে৷ 

মুখ্যমন্ত্ৰী সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বৰপেটা জিলাত বান-গৰাখহনীয়া পৰিদৰ্শন

গুৱাহাটী : সাম্প্ৰতিক বান ও গৰাখহনীয়া পৰিস্থিতি পৰ্যবেক্ষণৰ লগতে অন্যান্য কেবাটাও কাৰ্যসূচী লৈ আজি বৰপেটা জিলা ভ্ৰমণ কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই।ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য মুখপাত্ৰ শ্ৰী ৰূপম গোস্বামীয়ে এক প্ৰছ বিজ্ঞপ্তি যোগে জনাইছে যে পুৱাৰ ভাগতেই বানপানীত বৰপেটা জিলাৰ গহীনপাৰাত মুখ্যমন্ত্ৰী আৰু সভাপতি ৰঞ্জিৎ কুমাৰ দাস উপস্থিত হৈ পহুমাৰা নৈৰ মথাউৰিটোৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে যুদ্ধকালীন তৎপৰতাৰে চলি থকা মেৰামতিৰ তদাৰক কৰে আৰু এই অঞ্চলত বানত ক্ষতিগ্ৰস্ত সকলক সাহাৰ্য প্ৰদানত অধিক ক্ষীপ্ৰতা প্ৰদৰ্শন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ পাছতেই মুখ্যমন্ত্ৰী শ্ৰীযুত সোণোৱালৰ সৈতে বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ দাসে দক্ষিণ বৰপেটা বিদ্যামন্দিৰ হাইস্কুলত চৰকাৰে স্থাপন কৰা বান সাহাৰ্য শিৱিৰত বানাক্ৰান্ত ৰাইজক সাক্ষাত কৰি খা-খৱৰ লোৱাৰ লগতে শিৱিৰত আশ্ৰয় লোৱা সকলোকে প্ৰয়োজনীয় সাহাৰ্য সামগ্ৰী, গুণগত খাদ্য, খোৱাপানী, ঔষধ আদি পৰ্যাপ্ত পৰিমাণে যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি ৰঞ্জিত কুমাৰ দাসৰ উপস্তিতিত আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে মৈত্ৰী আচনিৰ অধীনত বৰপেটা সদৰ আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে আৰু সৰভোগ আৰক্ষী থানাৰ নৱনৰ্মিত ভৱন ডিজিতেল পদ্ধতিৰে উদ্বোধন কৰে।ইয়াৰ পাছতেই এই আচনিৰ অন্তৰ্গত সৰ্থেবাৰী থানাৰো নৱনিৰ্মিত ভৱন উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে কভিড ১৯ৰ সময়চোৱাত ৰাইজৰ প্ৰতি আগবঢ়োৱা সমৰ্পিত সেৱাৰ বাবে অসম আৰক্ষী ৰাইজৰ প্ৰশংসাৰ পাত্ৰ। বান আৰু কৰ’ণা মহামাৰীৰ এই দুৰ্যোগৰ সময়ত অসম আৰক্ষীৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। সৰ্থেবাৰীৰ পৰা ওভতাৰ পথত মুখ্যমন্ত্ৰী সহিতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে নলবাৰী জিলাৰ চামতাৰ পুখুৰা গাঁৱৰ বানক্ষতিগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ কৰে। বানপানীৰ এই দুৰ্যোগৰ সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ সভাপতিয়ে প্ৰদৰ্শন কৰা সময়োচিত তৎপৰতা আৰু আৰ্তজনৰ কাষত থিয় দিয়া কাৰ্যৰ প্ৰতি বিজেপি অসম প্ৰদেশ সমিতিৰ মুখ্যমুখপাত্ৰ ৰূপম গোস্বামীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে ।

জখলবন্ধা আৰক্ষীৰ সফল অভিযান। চাৰি ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ৰাজ‍্যত এতিয়াও চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা

কলিয়াবৰ : জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত এক অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰে চাৰি ড্ৰাগছ সৰবৰাহকাৰী। দেওবাৰে এই অভিযানকালত ড্ৰাগছৰ লগতে অনান‍্য সামগ্ৰীও জব্দ কৰে। গ্ৰেপ্তাৰ কৰা চাৰিজন ড্ৰাগ্‌ছ সৰবৰাহকাৰীৰ দুজনক চামগুৰিৰ বৰমাৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন দুজনক কুঠৰীৰ হাৰমতীৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা চাৰি ড্ৰাগছ সৰবৰাহকাৰী হ’ল ক্ৰমে – ধিঙৰ ইছব আলি, কুঠৰীৰ আলি হুছেইন, চামগুৰিৰ মফিদুল ইছলাম আৰু আমিৰ হামজা নামৰ। গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী কেইজনৰ পৰা নগদ ৫,৭২০ টকা, ৪১টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, তিনিটা ম’বাইল ফোন আৰু দুখন মটৰ চাইকেল জব্দ কৰে। ইয়াৰে এখন বাজাজ পালচাৰ (AS 02V 5668) আৰু আনখন বাজাজ প্লেটিনাম (AS 03U 6936) বুলি জানিব পৰা গৈছে।

ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় টেষ্টত আইচিচিৰ নিয়ম ভাঙিলে ক্ৰিকেটাৰে : থু লগাই পলিচ কৰা বল ছেনিটাইজ কৰিলে আম্পায়াৰে

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনাৰ পৰৱৰ্তী ক্ৰিকেটত মাৰাত্মক ভাইৰাছটোৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ আৰু ক্ৰিকেটাৰসকলৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আইচিচিয়ে বহু নিয়ম প্ৰৱৰ্তন কৰিছে ৷ যাৰ মাজত অন্যতম হ’ল বল পলিচ কৰোতে থু বা লেলাউটি ব্যৱহাৰ কৰা নহ’ব ৷ অৰ্থাৎ থু বা লেলাউটি ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে আইচিচিয়ে ৷ উল্লেখ্য যে ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ মাজত হোৱা টেষ্ট ছিৰিজৰ যোগেৰে ক’ৰোনাৰ পাছত খেল আৰম্ভ হৈছে ৷ ইয়াৰে ছাউডাম্পটনত হোৱা প্ৰথম টেষ্টত কোনেও ভুলটো কৰা নাছিল ৷ কিন্তু মানচেষ্টাৰত হোৱা দ্বিতীয় টেষ্টত নিয়ম ভাঙিলে ইংলেণ্ডৰ এজন ক্ৰিকেটাৰে ৷ নিয়ম ভঙা ইংলেণ্ডৰ ক্ৰিকেটাৰজন হ’ল ডম ছিবলি ৷ মানচেষ্টাৰত হোৱা দ্বিতীয় টেষ্টৰ চতুৰ্থ দিনা ফিল্ডিং কৰাৰ সময়ত বলত থু লগালে ছিবলিয়ে ৷ লগে লগে দুয়োটা দিশত থকা আম্পায়াৰদ্বয়ৰ দৃষ্টি আকৰ্ষণ হয় ৷ আনহাতে নিজৰ দোষ স্বীকাৰ কৰে ছিবলিয়ে ৷ ইয়াৰ পাছত আম্পায়াৰে বলটো ছেনিটাইজ কৰি পুনৰ খেল আৰম্ভ কৰিবলৈ দিয়ে ৷ ইয়াৰ পৰা খেলত একো সমস্যাৰ সৃষ্টি নহ’ল ৷ 

লকডাউনৰ ফলত বেছি ক্ষতিগ্ৰস্ত মধ্যবিত্তৰ

দৈনন্দিন বাৰ্তা ডেস্ক :

দৰিদ্ৰ বা উচ্চবিত্ত নহয়, লকডাউনৰ ফলত বেছি ক্ষতিগ্ৰস্ত হৈছে মধ্যবিত্ত ৷ এই কথা প্ৰকাশ কৰিছে চেণ্টাৰ ফৰ মণিটৰিং দ্য ইণ্ডিয়ান ইক’নমি (চিএমআইই)য়ে৷ দেশত নিবনুৱাৰ হাৰ, আয় বৈষম্য আৰু অৰ্থনীতিৰ ওপৰত লকডাউনৰ প্ৰভাৱক লৈ তথ্য সংগ্ৰহ, সমীক্ষা আৰু গৱেষণা কৰে মুম্বাইৰ এই প্ৰতিষ্ঠানে৷ প্ৰতিষ্ঠানটোৰ দাবী, লকডাউনৰ বাবে কাম হেৰুৱাইছে বা দৰমহা কমোৱাৰ কাৰণে ৩০ শতাংশৰ বেছি আয় কমিছে এই শ্ৰেণীৰ ৷ তথ্যসহ চিএমআইই-এ জনায় যি সকল পৰিয়ালৰ বাৰ্ষিক আয় ৫ লাখ, তেওঁলোকৰ অধিকাংশৰ আয় বাঢ়িছিল যোৱা বছৰত৷ কিন্তু এই বছৰ মাত্ৰ ১৫ শতাংশ আয় বৃদ্ধিৰ খবৰ দিছে৷ যি পৰিয়ালৰ বাৰ্ষিক আয় ১০ লাখৰ বেছি তেওঁলোকৰ এটা বৃহৎ অংশৰ আয় অস্বাভাৱিকভাৱে তললৈ নামিছে ৷ বাৰ্ষিক ১৫ লাখৰ বেছি আয়ৰ পৰিয়ালবোৰৰ খুউব সামান্য অংশৰ আয় বৃদ্ধি ঘটিলেও একেবাৰে বঢ়া নাই সেই সকল পৰিয়ালৰ, যাৰ আয় বাৰ্ষিক ১৮-২০ লাখ ৷ যোৱা বছৰ এই সময়ত ৬০ শতাংশৰ বেছি পৰিয়ালৰ (বাৰ্ষিক আয় ১০ লাখৰ বেছি) আয় বৃদ্ধিৰ খবৰ দিয়া হৈছিল ৷ আনহাতে বাৰ্ষিক ২৪ লাখ টকাৰ বেছি আয় যিবোৰ পৰিয়ালৰ, সেইসকলৰ আয় বাঢ়িছে এই লকডাউনত ৷ যিবোৰ পৰিয়ালৰ বাৰ্ষিক আয় ২৪-৩৬ লাখ তেওঁলোকৰ এক তৃতীয়াংশ আয় বাঢ়িছে ৷ বাৰ্ষিক ৩৬ লাখৰ বেছি আয়ৰ পৰিয়ালৰ আধাৰ আয় বৃদ্ধি ঘটিছে এই সময়ত৷ প্ৰতিবেদনত চিএমআইই-এ এই কথা জনাইছে৷ প্ৰতিটো আয় গোটৰ গড় হিচাপে ৩৩ শতাংশ পৰিয়ালৰ আয় বৃদ্ধি ঘটিছে যোৱা বছৰৰ প্ৰথম তিনি মাহত৷ ইয়াত এই বছৰ ৬.৭ শতাংশ পৰিয়ালৰ পৰা আয় বৃদ্ধিৰ খবৰ পোৱা গৈছে ৷

দেশৰ যানবাহনৰ নম্বৰ প্লেটৰ ৰং সলনিৰ সিদ্ধান্ত কেন্দ্ৰৰ

দৈনন্দিন বাৰ্তা ডেস্ক :

যানবাহনৰ নম্বৰ প্লেটৰ ৰং সলনি কৰিবলৈ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে ৷ ছাৰ্ভিচ অব ৰ’ড ট্ৰেন্সপৰ্ট এণ্ড হাইৱে (এমঅ’আৰটিএইচ)ৰ তৰফৰ পৰা যোৱা ১৬ জুলাইত ইয়াকে লৈ জাননী জাৰি কৰিছে৷ এই নতুন নম্বৰ প্লেটৰ ক্ষেত্ৰত কেতবোৰ ৰং সালসলনি কৰাৰ ব্যৱস্থা কৰা হৈছে৷ মুঠতে আঠটা ৰঙৰ হ’ব বিভিন্ন গাড়ীৰ নম্বৰ প্লেট ৷ সেই অনুসৰি ব্যক্তিগত যানবাহনৰ নম্বৰ প্লেটখন বগা হ’ব আৰু আখৰ ক’লা হ’ব ৷ বাণিজ্যিক যানবাহনৰ নম্বৰ প্লেট, যেনে টেক্সি, বাছ আৰু ট্ৰাকৰ নম্বৰ প্লেট হালধীয়া আৰু আখৰ ক’লা হ’ব৷ আনহাতে ভাৰাতীয়া যানবাহনৰ নম্বৰ প্লেট ক’লা আৰু আখৰ হালধীয়া হ’ব৷  দূতাবাস বা কনছুলেটৰ যানবাহনৰ নম্বৰ প্লেট পাতল নীলা আৰু  আখৰ বগা হ’ব৷ আনহাতে বেটেৰীত চলা যানবাহন, ইলেক্ট্ৰিক যানবাহনৰ নম্বৰ প্লেট সেউজীয়া আৰু আলফা নম্বৰ হালধীয়া হ’ব ৷ যিবোৰ যানবাহনৰ পঞ্জীয়ন অস্থায়ী সেইবোৰৰ নম্বৰ প্লেট হালধীয়া আৰু আলফা নম্বৰ ৰঙা হ’ব ৷ ডিলাৰৰ যানবাহনৰ নম্বৰ প্লেট ৰঙা আৰু আলফা নম্বৰ বগা হ’ব৷ নম্বৰ প্লেটৰ আঠটা প্ৰকাৰ  অতি বিশেষ আৰু একচেটিয়া৷ আনহাতে ৰঙা নম্বৰ প্লেটত সোণৰ মাজত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক থাকিব ৷ এই নম্বৰ প্লেট ভাৰতৰ ৰাষ্ট্ৰপতি বা ফেডাৰেল ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপালে ব্যৱহাৰ কৰিব পাৰিব ৷

ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা গঁড়টো । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা গঁড়টো এতিয়াও ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত

কলিয়াবৰ :
ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা গঁড়টো। অৱশ‍্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিত অৱস্থান লোৱা গঁড়টোয়ে এতিয়াও সেই স্থান এৰা নাই। পুৱাৰে পৰা গঁড়টোৱে উদ‍্যান কৰ্তৃপক্ষই যোগান ধৰা ঘাঁহ আশা কৰা ধৰণে।ৰাষ্ট্ৰীয় উদ‍্যানৰ বাগৰি বনাঞ্চলৰ বান্দৰডুবিত এতিয়াও অৱস্থান লৈ থকা গঁড়টোক কৰ্তৃপক্ষই ঘাঁহৰ লগতে ঔষধ যোগান ধৰি আছে। লগতে বিশিষ্ট পশু চিকিৎসক পদ্মশ্ৰী কুশল কুমাৰ শৰ্মাৰ নেতৃত্বত অহা চিকিৎসকৰ দলটোৰ পৰামৰ্শ মতে ৰোগীয়া চকুত নিয়মিত ঔষধ দি আছে বন কৰ্মীয়ে। বিশিষ্ট পশু চিকিৎসক গৰাকীয়ে গঁড়টো বয়ষ্ক আৰু চকুৰ দৃষ্টি দোষ থকাৰ বাহিৰে আন কোনো বেমাৰত আকান্ত নহয় বুলি জনাইছিল।আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়াই জনোৱা মতে, যোৱা ১৪ জুলাইতে ৰাষ্ট্ৰীয় উদ‍্যানখনৰ পৰা ওলাই অহা গঁড়টো পুণৰ উদ‍্যানৰ সীমাত আছে। যিহেতু, বন‍্য জীৱই প্ৰকৃতিৰ লগত যুঁজ দিয়েই জীয়াই থাকিব লাগে, সেয়ে এই গঁড়টোও ব‍্যতিক্ৰম নহয়। কৰ্তৃপক্ষৰ দ্বাৰা পৰিচৰ্য‍্যা আৰু চিকিৎসা সেৱা সঠিক ভাবেই চলাই নিয়া হৈছে। বানৰ  জলস্তৰ কমিলেই দুই-এদিনতে সুস্থ হৈ ৰাষ্ট্ৰীয় উদ‍্যানৰ অন্তৰ্ভাগলৈ গতি কৰিব বুলি বিষয়া গৰাকীয়ে আশা প্ৰকাশ কৰে।

নগাঁৱত পিষ্টলসহ দুধৰ্ষ ডকাইট গ্ৰেপ্তাৰ।

নগাঁও : নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত চিলঙনীত যোৱা নিশা প্ৰায় ৯.৩০বজাত নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিৰ্তিত অভিযান চলাই পিষ্টল সহ দুজন দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত দুজন হ’ল- চিলঙনী অঞ্চলৰ  কুদ্দুছ আলী(২১ ) আৰু আমিনুল হক(৩২ )। প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পমখেদি নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাস আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদুৰ ৰহমানৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নগাঁও চহৰৰ ধিং গেটৰ সমীপৰ চিলঙনীত নিশা  অভিযান চলাই এই  দুধৰ্ষ ডকাইত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে অভিযান কালত ধৃত ডকাইত দুজনৰ পৰ  এটা ৭.৬৫ পিষ্টল, ১৬জাই সজীৱ গুলী, মবাইল ফোন, ডকাইটৰ দলটোৱে ব্যৱহাৰ কৰা এ এছ ০২ জেদ ১৭১১ নম্বৰৰ  গ্লেমাৰ মটৰ চাইকেল খনৰ লগতে কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, ডকাইতৰ দলটোৱে ৰাষ্ট্ৰীয় ঘাইপথৰে নিশা চলাচল কৰা বাহনত ডকাইটি কাণ্ড সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল ।নিশা ডকাইতৰ দলটোৱে আৰক্ষীৰ অভিযানকাৰী দলটোৰ মুখামুখি হোৱাৰ পিছতে বাইকেৰে  পলায়ণ কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ দলটোৱে  কৰায়ত্ত কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে জিলাখনত সন্ধ্যা ৭বজাৰ পুৱা ৭ বজালৈকে বলবৎ থকা সান্ধ্য আইনৰ সুযোগ গ্ৰহন কৰি বৰ্তমান দুধৰ্ষ ডকাইটৰ দলে নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইটি কৰাৰ পৰিকল্পনাৰ খবৰ নগাঁও আৰক্ষীয়ে ইতিপূৰ্বেই লাভ কৰিছিল। ইয়াৰ পাছৰে পৰা নগাঁও আৰক্ষী সষ্টম হৈ আছিল আৰু অৱশেষত ডকাইটৰ দলটোক গ্ৰেপ্তাৰ কৰি সফলতা লাভ কৰিছে । সম্প্ৰতি নগাঁও আৰক্ষীয়ে ডকাইট দুটাৰ বিৰুদ্ধে ১৭৪১/২০ নম্বৰৰ এক গোচৰ পঞ্জীয়ণ কৰি অধিক তথ্য উদঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

ৰাজস্থানৰ ৰাজনীতিৰ নতুন অধ্যায়, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সেখাৱাটলৈ SOGৰ নটিচ প্ৰেৰণ

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰাজনৈতিক অস্থিৰতাৰ মাজতে ৰাজস্থানৰ ৰাজনীতিৰ নতুন অধ্যায়ৰ সৃষ্টি হৈছে। ANI ত প্ৰকাশিত বাতৰি মতে ৰাজস্থানত  মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজত চলি থকা ৰাজনৈতিক যুদ্ধৰ মাজতে কংগ্ৰেছে এটা অডিঅ ক্লিপ জাৰি কৰি দাবী কৰিছিল যে গেহলট চৰকাৰক ভাঙিবলৈ এটা গভীৰ ষড়যন্ত্র ৰচনা কৰা হৈছিল আৰু দাবী উত্থাপন কৰা হৈছিল যে এই অডিঅ ক্লিপত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সেখাৱাটৰ মাত স্পষ্টকৈ শুনা পোৱা গৈছিল। ঘটনাৰটোৰ সন্দৰ্ভত  ৰাজস্থান Special Operation Group য়ে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সেখাৱাটলৈ নটিচ জাৰি কৰিছে। দিল্লীত থকা মন্ত্ৰীজনৰ ঘৰলৈ এই নটিচ প্ৰেৰণ কৰি Special Operation Group সয়ে সোধা পোছা কৰিবলৈ সময় বিচাৰিছে। উল্লেখ্য যে  কংগ্ৰেছে এই অডিঅ ক্লিপত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সেখাৱাটৰ মাত স্পষ্টকৈ থকাৰ অভিযোগ তুলি মন্ত্ৰীজনৰ পদত্যাগৰ দাবী কৰিছিল। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সেখাৱাটৰে এই অভিযোগ খণ্ডণ কৰি কয় যে তেওঁ যিকোনো ধৰণৰ তদন্তৰ বাবে প্ৰস্তুত হৈ আছে কিন্তু একেসময়তে একাংশ কংগ্ৰেছীয়ে দাবী কৰিছে যে গজেন্দ্ৰ সিং সেখাৱাটে নিজৰ ভইচ চেম্পল দিবলৈ এতিয়াও মান্তি হোৱা নাই।