Home Blog Page 3241

আই পি এল’ত আজি মুম্বাই বনাম বাংগালোৰ, প্ৰথমতে কোনে প্ৰৱেশ কৰিব প্লে অফত!

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি মুম্বাইৰ মুখামুখি হ’ব বাংগালোৰ। চলিত বৰ্ষত দুয়োটা দলে ১১ খন খেলৰ ৭ খনত জয়ী হৈছে। নেট ৰান ৰেট আৰু ১৪ পইণ্টৰে পইন্ট তালিকাত ১ নম্বৰত স্থানত মুম্বাই থকাৰ বিপৰীতে বাংগালোৰে পইন্ট তালিকাৰ ২ নম্বৰত স্থানত অৱস্থান কৰিছে।

আজি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২০ বৰ্ষৰ প্লে অফলৈ উত্তীৰ্ণ হোৱা প্ৰথমটো দল আমি দেখিবলৈ পাম। আজিৰ মুম্বাই ইণ্ডিয়ানছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ খেলখনত যিটো দলে বিজয়ী হব সেই দলটোৱে প্লে অফলৈ উত্তীৰ্ণ হব।

দুয়োটা দলৰ মাজত অনুষ্ঠিত প্ৰথমখন খেল এক ৰোমাঞ্চকৰ পৰ্য্যায়ত দ্ৰ হৈছিল। পিছত অনুষ্ঠিত চুপাৰ অভাৰত বিজয়ী হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ। আজিৰ মুম্বাই বনাম বাংগালোৰ খেলখন আবু ধাবীৰ খেলপথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷

বিচিচিআইক সমালোচনা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ

দৈনন্দিন বাৰ্তা সেৱাঃ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতীয় ক্ৰিকেট দলৰ সদস্যৰ নাম সোমবাৰে বিচিচিআইয়ে ঘোষণা কৰে। সুনীল যোশী নেতৃত্বাধীন ৰাষ্ট্রীয় নির্বাচক মণ্ডলীয়েঅষ্ট্রেলিয়াৰ বিৰুদ্ধে অহা নৱেম্বৰ–ডিচেম্বৰত খেলিবলগীয়া ৩খন টি-২০, ৩খন এদিনীয়া,আৰু ৪ খন টেষ্ট শৃংখলালৈ ঘোষণা কৰিলে ভাৰতীয় দলৰ খেলুৱৈসকলৰ নাম৷

অষ্ট্ৰেলিয়া ভ্ৰমনৰ বাবে ঘোষনা কৰা ভাৰতীয় দলত মিডিল অৰ্ডাৰ বেটছমেন সূৰ্য কুমাৰ যাদৱে স্থান লাভ নকৰাৰ পিছতে বিচিচিআইক সমালোচনা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ। নিজৰ টুইটাৰ একাউন্ট যোগে বিচিচিআইক সমালোচনা কৰে প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে।

নিজৰ টুইটাৰত ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে লিখে-নাজানো ভাৰতীয় দলত স্থান লাভৰ বাবে সূৰ্য্যকুমাৰে কি কৰিব লাগিব। তেওঁ প্ৰতিখন আইপিএল আৰু ৰঞ্জী ছিজনত ভাল প্ৰদৰ্শন কৰি আহিছে। মই বিচিচিআইৰ সকলো নিৰ্বাচককে তেওঁৰ ৰেকৰ্ড এবাৰ পৰ্যবেক্ষন কৰিবলৈ আহ্বান জনাও।

অসমৰ দৰিদ্ৰ শিক্ষাৰ্থী সকললৈ আহি আছে স্মাৰ্টফোন

দৈনন্দিন বাৰ্তা সেৱাঃ মঙলবাৰে জনতা ভৱনত ৰাজ্যৰ শিক্ষা বিভাগৰ লগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ বিদ্যালয়সমূহ খোলাৰ প্ৰসংগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত কোৰোনা মহামাৰীৰ ফলত যোৱা ৭ মাহে বন্ধ হৈ থকা বিদ্যালয়-মহাবিদ্যালয় সমূহৰ পাঠদানৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কোৰোনাৰ বাবে শিক্ষা বিভাগে আগবঢ়োৱা অনলাইল পাঠদানৰ পৰা ৰাজ্যৰ দৰিদ্ৰ শিক্ষাৰ্থীসকেল যাতে বঞ্চিত হব লগা নহয় তাৰ বাবে অতি সোনকালে ৰাজ্যৰ দৰিদ্ৰ শিক্ষাৰ্থীসকলক স্মাৰ্টফোন প্ৰদান কৰাৰ নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালে কোৰোনাত আক্ৰান্ত

দৈনন্দিন বাৰ্তা সেৱাঃ কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু অধিকাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আথৱালৰ আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। মঙলবাৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক দক্ষিন মুম্বাইৰ বোম্বে হস্পিতালত ভৰ্তি কৰোৱা হৈছে। আনহাতে কিছুদিনৰ পূৰ্বে দলৰ যোগদান অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক মাস্ক নিপিন্ধাকৈ ফটো উঠা দেখা গৈছে।

মিঞা সংগ্ৰহালয় বিতৰ্ক, নাজিৰাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ স্থিতিস্পষ্ট

দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাই থকা মিঞা সংগ্ৰহালয় সন্দৰ্ভত আজি নিজৰ স্থিতি স্পষ্ট কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া কয় যে ডাঃ হিমন্ত বিশ্ব শৰ্মাই উক্ত বিষয়টোৰ অপ-ব্যাখ্যা কৰিছে। কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে শংকৰদেৱ কলাক্ষেত্ৰত ‘মিঞা সংগ্ৰহালয়’ স্থাপনৰ দাবী কৰা বিতৰ্কৰ সৃষ্টি কৰাৰ পাছত এইবাৰ বিতৰ্কিত প্ৰসংগত নিজৰ স্থিতিস্পষ্ট কৰিছে বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই।

নাজিৰা সমষ্টিৰ বিধায়ক শইকীয়াৰ মতে বিষয়টো সন্দৰ্ভত অনাহকত বিজেপিয়ে বিতৰ্কৰ সৃষ্টি কৰি নিৰ্বাচনী ইছ্যু কৰিব বিচাৰিছে। তেওঁ শইকীয়াই লগতে কয় যে অসম বিধানসভাৰ শিক্ষা সম্পৰ্কীয় স্থায়ী সমিতিৰ বৈঠকত কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে এই প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু বৈঠকত প্ৰস্তাৱটো গৃহিত হৈছিল। উক্ত ১৫ জনীয়া সমিতিৰ ৮ গৰাকী সদস্যই শাসকদলৰ বিধায়ক।

তেনে ক্ষেত্ৰত বিষয়টোক বিজেপিয়ে নিৰ্বাচনী ইছ্যু কৰিব খোজাৰ কোনো যুক্তি নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয় চৰ-চাপৰিত কেৱল মিঞা লোকেই বসবাস নকৰে। উজনি অসম আৰু উত্তৰ অসমৰ বিভিন্ন চৰ-চাপৰিত মূল সুঁতিৰ অসমীয়াৰ লগতে বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয় লোকো বাস কৰি আহিছে।আনহাতে সম্প্ৰতি নামনিৰ চৰাঞ্চলত মুছলমান লোকৰ বসতি অধিক।

ভাৰতীয় এথেলেটিকচ ফেডাৰেচনৰ উপ-সভাপতিৰ আসনত প্ৰথমজন অসমীয়া লক্ষ্য কোঁৱৰ, মাৰ্ঘেৰিটাত ১০০ টা দল-সংগঠনৰ সম্বৰ্ধনা

দৈনন্দিন বাৰ্তাৰ সেৱা, তিনিচুকীয়াঃ প্ৰতিভা আৰু যোগ্যতাক কোনেও বাধা দি ৰাখিব নোৱাৰে এইকথা পুনৰ এবাৰ প্ৰমাণিত হল। মাৰ্ঘেৰিটাৰ সুযোগ্য সন্তান তথা অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ নিৰ্বাচিত হৈছে ভাৰতীয় এথেলেকিটচ ফেডাৰেচনৰ উপ-সভাপতিৰ পদত৷ ভাৰতীয় এথেলেকিটচ ফেডাৰেচনৰ উপ-সভাপতিৰ ৰূপে মনোনিত হোৱা লক্ষ্য কোঁৱৰ হৈছে প্ৰথমজন অসমীয়া৷

শাৰদীয় দূৰ্গোৎসৱৰ মাজতে এই খবৰে কোঁৱৰৰ জন্মস্থান মাৰ্ঘেৰিটাত আনন্দৰ বন্যা বোৱা দেখিবলৈ পোৱা গৈছে৷ মাৰ্ঘেৰিটাৰ ব্লক কনফাৰেঞ্চ প্ৰেক্ষাগৃহত আজি তেখেতৰ গুনমুগ্ধসকলে  ৰাজহুৱাকৈ তেখেতক অভিনন্দন জ্ঞাপন কৰে৷ অঞ্চলটোৰ ৫ টাকৈ যুৱ সংঘই অনুষ্ঠিত কৰা এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰে বিজেপি অ বি চি মৰ্চা মাৰ্ঘেৰিটাৰ সভাপতি কৃষ্ণ শইকীয়াই৷

উক্ত সভাত তিনি শতাধিকৰো অধিক লোকৰ উপস্থিতিত সমষ্টিটোৰ বিভিন্ন স্থানৰ পৰা অহা ১০০ টা দল সংগঠন, অনুষ্ঠানে লক্ষ্য কোঁৱৰক ফুলাম গামোচা, চেলেং চাদৰ, শৰাই, সম্বৰ্ধনা পত্ৰ, ফুলৰ থোপা আদিৰে অভিনন্দন জ্ঞাপন কৰে৷ তেখেতক অভিনন্দন জ্ঞাপন কৰা দল সংগঠনসমূহৰ ভিতৰত অন্যতম আছিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, তাই আহোম ছাত্ৰ সন্থা,  বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠন, বিজেপি অ বি চি মৰ্চা, কিশান মৰ্চা, মহিলা মৰ্চা, বৃহত্তৰ মাৰ্ঘেৰিটা সাংবাদিক সমাজ, মাৰ্ঘেৰিটা সাংবাদিক সন্থা, বিভিন্ন যুৱ সংঘ, ক্ৰীড়া সংঘ, ক্লাব আদি।

মন কৰিব লগীয়া যে, মাৰ্ঘেৰিটাৰ এখন অখ্যাত গাৱৰ পৰা ওলাই গৈ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ আসন অলংকৃত কৰিবলৈ সক্ষ্যম হোৱা লক্ষ্য কোৱৰে ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে৷ ইয়াৰ পিছতে তেও ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সদস্য সচিবৰ দায়িত্ব লাভ কৰে৷ পৰবৰ্তী সময়ত অসম অলিম্পিক সন্থাৰ সম্পাদকৰ দায়িত্বও লাভ কৰে৷

কিছুদিনৰ আগতে ৰাজ্যিক বিজেপিৰ ‘মুখপাত্ৰ’ৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হোৱা লক্ষ্য কোঁৱৰ এইবাৰ ভাৰতীয় এথেলেটিকচ ফেডাৰেচনৰ উপ-সভাপতিৰূপে নিৰ্বাচিত হোৱাটো মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যৰ বাবে এক সুখবৰ।

নাৰী সুৰক্ষাৰ বাবে এখনি সংগ্ৰাম “Warriors”

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ কেৱল নাৰী সুৰক্ষাৰ বাবে এখনি সংগ্ৰাম৷ এই সংগ্ৰাম কোনো প্ৰতিবাদ নহয়, “Warriors” নামেৰে আৰম্ভ কৰা ধৰ্ষণবিৰোধী, নাৰী-অধিকাৰ, সবলীকৰণ, নাৰী স্বাধীনতাৰ ওপৰত আৰম্ভ কৰা এক জাগৰণ৷ বিশ্বনাথ জিলাৰ নাগশংকৰৰ এগৰাকী উদ্যমী যুৱক,বিশিষ্ট কবি,শিক্ষক তথা সমাজসেৱক উৎপল শিৱমৰ এটা ফেচবুক প’ষ্টৰ জৰিয়তে এই জাগৰণৰ উত্থাপন হৈছিল আৰু বৰ্তমান ছ’চিয়েল মিডিয়া ফেচবুকতে সীমাবদ্ধ নাথাকি সমগ্ৰ ৰাজ্যতে বিয়পি পৰিছে জাগৰণ৷

সম্পূৰ্ণ অৰাজনৈতিক আৰু অসাম্প্ৰদায়িক তথা সামাজিক আৰু মানবীয়তাৰ প্ৰমূল্যবোধৰে আৰম্ভ কৰা এই জাগৰণৰ মূল উদ্দেশ্য হৈছে নাৰী সবলীকৰণ,নাৰী সুৰক্ষা,কন্যা শিশুৰ উন্নয়ন, ভ্ৰূণ হত্যা, ডাইনী হত্যাৰ বিপক্ষে বৈজ্ঞানীক দৃষ্টিভংগীৰ প্ৰসাৰ, কুটিৰ শিল্প,বয়ন,পশুপালন আদিৰ দ্বাৰা নাৰীক স্বাৱলম্বী হবলৈ সহায় কৰা, বিধবা বা অসহায় মহিলাক আৰ্থিক সংস্থাপন, দৰিদ্ৰ মেধাবী ছাত্ৰীক শিক্ষা গ্ৰহণত সহায় কৰা,নাৰী নিৰ্য্যাতনৰ বিপক্ষে আইনী প্ৰক্ৰিয়াৰে সহায় কৰা,ধৰ্ষণকাৰী মাত্ৰেই ফাঁচীৰ দাবী হেতু জনমত সৃষ্টি কৰা ইত্যাদি।

এই জাগৰণৰ প্ৰতি সঁহাৰি জনায়েই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ  অতি কম সময়ৰ ভিতৰতে হাজাৰ হাজাৰ পুৰুষ মহিলা,আবাল বৃদ্ধ বনিতা সদলবলে আগুৱাই আহিছে আৰু অসমৰ প্ৰায় সকলো জিলাতেই “Warriors”ৰ শাখা গঠন হৈছে আৰু পূৰ্ণোদ্যমে নাৰীৰ মাজত জাগৰণ তথা সমাজ সংস্কাৰ মূলক কাম আৰম্ভ হৈছে। সেই জিলা শাখা সমূহৰ অধীনত প্ৰতিজিলাত ইতিমধ্যে কেইবাটাও আঞ্চলিক শাখাও গঠন হৈছে।

সেই উদ্দেশ্যে অসমৰ আন জিলা সমূহৰ দৰেই শোণিতপুৰ জিলাতো “Warriors” শোণিতপুৰ জিলা শাখাৰ আহ্বায়িকা  সুস্বপ্না হাজৰিকাৰ আহ্বান মৰ্মে এখনি সজাগতা সভা অনুস্থিত হয়।মুঢ়াদ’ল মাধৱ গোঁসাই থানত অনুষ্ঠিত উক্ত সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা সম্পৰ্কত সুস্বপ্না হাজৰিকাই কয় “নাৰীৰ সৰ্বাংগীন বিকাশৰ বাবে সমগ্ৰ অসমতে এক জাগৰণ সৃষ্টি কৰাৰ অন্য এক নাম হৈছে ‘Warrior’।

ইয়াৰে এটি শাখা গঠন কৰাৰ উদ্দেশ্য এই সভাখন আহ্বান কৰা হৈছে যাতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত নাৰী সকলক সুৰক্ষা,সুবিধা প্ৰদানেৰে আগুৱাই লৈ যাব পৰা যায়”। প্ৰায় শতাধিক মহিলাই অংশগ্ৰহণ কৰা উক্ত সভাত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে Warriors ৰ মুখ্য আহ্বায়ক তথা  বিশিষ্ট কবি,শিক্ষক তথা সমাজসেৱক  উৎপল শিৱমে।“Warrior” ৰ মুখ্য উদ্দেশ্য সমূহ দাঙি ধৰি মুখ্য আহ্বায়ক গৰাকীয়ে কয় “নাৰীৰ সৰ্বাংগীন উন্নতি আৰু সবলীকৰণৰ ক্ষেত্ৰত আইনগত তথা চৰকাৰী ভাৱে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও নাৰীসকল এতিয়াও অসুৰক্ষিত,শোষিত আৰু অৱহেলিত হৈ আছে।

সেয়ে নাৰীৰ সুৰক্ষা তথা সবলীকৰণ আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত এক জনজাগৰণ সৃষ্টি কৰা আৰু তেওঁলোকক সহায় কৰিব পৰাকৈ এক মঞ্চ প্ৰদান কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। বিশেষকৈ ধৰ্ষণকাৰী সকলক উপযুক্ত শাস্তি প্ৰদানৰ বাবে ন্যায়পালিকাৰ ওচৰত জনমত গঠন কৰাটোও হৈছে Warriors ৰ আন এক মুখ্য উদ্দেশ্য”।

বিয়লি ৩ বজাৰ পৰা আৰম্ভ হোৱা উক্ত সভাত অসমৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটতো Warriors ৰ এটা আঞ্চলিক গোট গঠন কৰা হয় আৰু সেই গোটত মূৰ্চনা কাকতি আৰু স্মৃতি হাজৰিকাক দায়িত্বত জামুগুৰি অঞ্চলৰ কেইবাখনো গাওঁৰ যুৱতী মহিলা অৰ্ন্তভূক্ত হৈ Warriors ৰ দ্বাৰা নাৰী সবলীকৰণ আৰু উন্নয়নৰ হকে কাম কৰি যাবলৈ সংকল্পবদ্ধ হয়।

উল্লেখ্য যে যোৰহাটত ১৪ টা,ডিব্ৰুগড়ত ৪টা,মাজুলী,লক্ষীমপুৰ,নাৰায়ণপুৰ,লালুক আদিতো Warriorsৰ এনে গোট গঠণ কৰি পূৰ্ণোদ্যমে নাৰীৰ মাজত জাগৰণ তথা সমাজ সংস্কাৰ মূলক কাম আৰম্ভ হৈছে।

বিহাৰ নিৰ্বাচন, প্ৰথম পৰ্যায়ত ১০৬৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা

দৈনন্দিন বাৰ্তা সেৱাঃ বুধবাৰে বিহাৰত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে দেশৰ বিভিন্ন হাইপ্ৰফাইল নেতা-মন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা বিহাৰ বিধানসভা নিৰ্বাচনৰ সোমবাৰে প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ অন্ত পৰে।

বিহাৰৰ মুঠ ৬ খন জিলাত অন্তৰ্ভুক্ত ৭১ টা সমষ্টিত হ’ব লগীয়া বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ন হ’ব ১০৬৬ গৰাকী প্ৰাৰ্থী। প্ৰথম পৰ্যায়ত প্ৰতিদন্দিতা আগবঢ়োৱা প্ৰাৰ্থী সকলৰ ভিতৰত ৯৫২ গৰাকীৰ পুৰুষ আৰু ১১৪ গৰাকী মহিলা প্ৰাৰ্থী আছে।

বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আৰজেদিয়ে ৪১ টা সমষ্টিত, জেদিইউ ৪১ টা সমষ্টিত, বিজেপি ২৯ সমষ্টিত, কংগ্ৰেছ ২১ টা সমষ্টিত আৰু লোক জনশক্তি দলে ৪১ টা সমষ্টিত অৱতীৰ্ণ হ’ব।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বমুঠ ২,১৪,৬,৯৬০ গৰাকী ভোটাৰে ১০৬৬ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় কৰিব। বিহাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৩১ হাজাৰ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে।

সোণতলী আঞ্চলিক মহাবিদ্যালয়ত চৰম অৰাজকতা, অধ্যক্ষৰ বিৰুদ্ধে সংবাদমেল সভাপতি, সহ অধ্যাপকৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলীঃ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ আবুল কালাম আজাদৰ বিৰুদ্ধে দেওবাৰে মহাবিদ্যালয় খনৰে জিবিৰ সভাপতি আৰু অধ্যাপকে এখনি যুটীয়া সংবাদ মেল আয়োজন কৰে৷ অধ্যক্ষ আবুল কালাম আজাদে মহাবিদ্যালয়খনৰ বিভিন্ন শিতানৰ লাখ লাখ টকা আত্মহাত কৰাৰ অভিযোগ কৰি উক্ত সংবাদ মেলত৷

সংবাদ মেলত  মহাবিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক নৌশাদ আলী আহমেদ আৰু পৰিচালনা সমিতিৰ সভাপতি নুৰুল আমিন ভূঞাই সংবাদমেলত কয় যে ২০১৩ চনত সোণতলী আঞ্চলিক মহাবিদ্যালয়খন প্রাদেশিকীৰণ হয় যদিও দুর্ভাগ্যজনকভাৱে অধ্যক্ষৰ পদ প্রাদেশিকীৰণ নহ’ল। ফলত উচ্চ শিক্ষা বিভাগৰ সঞ্চালকৰ নিৰ্দেশমৰ্মে চিঠি নং-AHE98/2014/2 Date-12/03/14 যোগে মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক নৌশাদ আলী আহমেদক সদস্য, বিত্তীয় দিশ তদাৰকৰ বাবে দায়িত্ব অর্পণ কৰি ডি ডি অ’ হিচাপে নিযুক্তি দিয়ে৷

আনহাতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ আবুল কালাম আজাদে বিগত ২০১৪ চনৰ পৰা ১৬ চনলৈ চৰকাৰী নির্দেশনাক কার্যকৰি নকৰি নিজেই বিত্ত বিভাগৰ দায়িত্ব চলাই আহিছে৷ মহাবিদ্যালয়ৰ ডি ডি অ’ৰ দায়িত্বভাৰ ৩ মাহৰ মূৰে মূৰে বৃদ্ধি কৰাৰ লগতে উন্নয়নৰ যাৱতীয় কাম ডি ডি অ’ই পৰিচালনা কৰিব লাগে বুলি পৰিচালনা সমিতিয়ে লোৱা প্ৰস্তাৱৰ কার্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে অধ্যক্ষগৰাকীয়ে।

আনহাতে শিক্ষকসকলৰ দৰমহা, জৰুৰী সমস্যাৰ বাবে যোৱা ২১ মাৰ্চত মহাবিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষক গোটৰ যুটীয়া বৈঠকত ডি ডি অ’ৰ কার্যকাল পৰৱর্তী ৩ মাহৰ বাবে লোৱা প্ৰস্তাৱো অধ্যক্ষগৰাকীয়ে কার্যকৰী কৰাৰ কোনো পদক্ষেপ গ্রহণ নকৰিলে৷ চৰকাৰৰ এম এছ ডি পি আৰু ইউ জি চি আঁচনিৰ কামৰ দায়িত্ব ডি ডি অ’ক দিয়াৰ পিচতো তাক অধ্যক্ষই কার্যকৰী নকৰি পৰিচালনা সমিতি আৰু নির্মাণ কমিটিক অন্ধকাৰত ৰাখি নিজ খেয়ালখুঁচিমতে চলাই আহিছে৷

শেহতীয়াকৈ উচ্চ শিক্ষা বিভাগে PC/HE/MISC/112/2019/47 নং নির্দেশযোগে কলেজৰ যাৱতীয় নথিপত্ৰ ডি ডি অ’ক হস্তান্তৰ কৰিবলৈ নির্দেশ দিয়ে যদিও অধ্যক্ষই তাক বর্তমানলৈকে কার্যকৰী কৰা নাই৷ আনহাতে Assam Education Provinsilisation of Services of Teacher’s and Recognisation of Educational Institutions Bill-2017ত উল্লেখ কৰামতে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব দি কলেজখন সুচাৰুৰূপে চলাই নিয়াৰ বাবে বৰ্তমানৰ ডি ডি অ’ তথা কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মাধৱ চন্দ্ৰ ডেকাই পৰিচালনা সমিতিক দিয়া পৰামৰ্শ অনুযায়ী বিগত ৮ মাহে জ্যেষ্ঠ অধ্যাপক নৌশাদ আলী আহমেদে ডি ডি অ’ৰ কাৰ্যকালত যাৱতীয় বিত্তীয় হিচাপ-নিকাচ জিবি আৰু নিৰ্মাণ কমিটিৰ নিৰ্দেশমতে পৰিচালনা কৰা বুলি সংবাদমেলত উল্লেখ কৰে৷

আনকি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° আবুল কালাম আজাদে বিগত ৩৩টা বছৰ ধৰি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ পৰা আলোচনীৰ নামত ধন সংগ্ৰহ কৰি আহিছে যদিও আজিলৈকে আলোচনী প্ৰকাশ নকৰি লাখ লাখ টকা আত্মসাৎ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জিবিৰ সভাপতি নুৰুল আমিন ভূঞাৰ লগতে অধ্যাপক নৌসাদ আলীয়ে৷ 

আই পি এল’ত আজি হাইদৰাবাদ বনাম দিল্লী

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি হাইদৰাবাদৰ মুখামুখি হ’ব দিল্লী। চলিত বৰ্ষত হাইদৰাবাদে ১১ খন খেলৰ ৪ খনত জয়ী হৈ পইন্ট তালিকাত ৭ নম্বৰত থকাৰ বিপৰীতে দিল্লীয়ে ১১ খন খেলৰ ৭ খনত জয়ী হৈ পইন্ট তালিকাৰ ২ নম্বৰত স্থানত অৱস্থান কৰিছে।

আজিৰ হাইদৰাবাদ বনাম দিল্লী খেলখন দুবাইৰ খেলপথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷