Home Blog Page 3252

কাটাৰত ২০২২ চনৰ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰত বিশ্ব কাপ ফুটবল ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

২০২২ চনৰ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব বিশ্ব কাপ ফুটবল ৷ উল্লেখ্য যে প্ৰথমবাৰৰ বাবে শীতকালত এই ফুটবল বিশ্ব কাপ অনুষ্ঠিত হ’ব৷ ইয়াৰ পূৰ্বে শীতকালত পুৰুষৰ বিশ্ব কাপ ফুটবল অনুষ্ঠিত হোৱা নাছিল ৷ এইবাৰ বিশ্ব কাপ ফুটবল কাটাৰত অনুষ্ঠিত হ’ব ৷ এই বিশ্ব কাপৰ সূচী ঘোষণা কৰিছে ফিফাই৷ ২১ নৱেম্বৰত ৬০ হাজাৰ দৰ্শৰ বিশিষ্ট আল বেয়াত ষ্টেডিয়ামত উদ্বোধনী মেচ অনুষ্ঠিত হ’ব৷ সূচী অনুসৰি গ্ৰুপ পৰ্যায়ৰ মেচ ১২ দিন ধৰি হ’ব ৷ প্ৰতিদিনে চাৰিখন মেচ আয়োজন কৰা হ’ব ৷ স্থানীয় সময় দিনৰ ১, বিয়লি ৪, সন্ধিয়া ৭ আৰু ৰাতি ১০ বজাত মেচবোৰ অনুষ্ঠিত হ’ব ৷ গ্ৰুপ পৰ্যায়ৰ পাছত ৰাউণ্ড মেচ আৰু নকআউট পৰ্যায়ৰ খেল সন্ধিয়া ৬ আৰু ৰাতি ১০ বজাত অনুষ্ঠিত হ’ব ৷ ১৭ ডিচেম্বৰত খালিফা আন্তৰ্জাতিক ষ্টেডিয়ামত তৃতীয় স্থান নিৰ্ণয়ৰ মেচ অনুষ্ঠিত হ’ব ৷ তাৰ পাছ দিনা সন্ধিয়া ৬ বজাত ফাইনেল খেল অনুষ্ঠিত হ’ব ৷ ফাইনেল খেলখন লুছেল ষ্টেডিয়ামত আয়োজন কৰা হ’ব৷ এইখন ষ্টেডিয়াম ৮০ হাজাৰ আসন বিশিষ্ট ৷ তদুপৰি ছেমিফাইনেল হ’ব ৰাতি ১০ বজাত ৷ এই ফুটবল বিশ্ব কাপত ৩২ টা দলে অংশ গ্ৰহণ কৰিব ৷

টীয়কত চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী : টীয়ক আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্ধোধন ।

টীয়ক :
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বুধবাৰে টীয়কৰ কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । টীয়ক ৰজাবাৰীত স্থাপন কৰা বানপানীত আক্ৰান্ত লোকৰ আশ্ৰয় শিৱিৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৰ্বস্বান্ত কৰা পৰিয়ালে আশ্ৰয় লোৱা শিৱিৰত বৰ্নাতৰে মত বিনিময় কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয় ।তেওঁ সকলো প্ৰকাৰৰ সুবিধা প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে জিলা প্ৰশাসনক । মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াৰ পাছতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ নেদেখা জনৰ ওচৰত আৰ্শীবাদ লোৱাৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ আন্ত:গাঠনি উন্নয়নৰ বাবে চৰকাৰে আগবঢ়োৱা এক কোটি টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা ৰংগ মঞ্চৰ আধাৰশিলা কৰাৰ লগতে অসম দৰ্শন আঁচনিৰ দহ লাখ টকাৰে নিৰ্মাণ কৰিব লগা আঁচনিৰো শিলান্যাস কৰে । বিয়লি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মৈত্ৰী আঁচনিৰে নিৰ্মাণ কৰা টীয়ক আৰক্ষী থানাৰ নব নিৰ্মিত ভৱনটো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে । অনুষ্ঠানত অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, সাংসদ তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী যোগেন মহন, টীয়ক,লাহোৱাল,ডেৰগাঁও,মৰিয়নিৰ বিধায়ক সকল ,অসম আৰক্ষীৰ সঞ্চালক ভাস্কৰজ্যোতি মহন্তকে বহু লোক উপস্থিত থাকে । এই অনুষ্ঠানৰ পৰাই ভিডিঅ’ কনফাৰেন্সৰ যোগেদি শিৱসাগৰ সদৰ থানা আৰু সৰুপথাৰ আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱন দুটাও উদ্ধোধন কৰে ।

‘নিয়া’ৰ বিশেষ আদালতৰ ৰায়ক আদৰণি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । মানস কোঁৱৰ আৰু বিতু সোনোৱাল জামিন মঞ্জুৰে সৰ্বানন্দ সোনোৱাল চৰকাৰৰ ষড়যন্ত্ৰ উন্মোচিত কৰিলে।

গুৱাহাটী :
বিগত সাত মাহ ধৰি ৰাজনৈতিক আক্ৰোশৰ বলি হৈ কাৰাগাৰৰ বন্ধ কুঠুৰীত আৱদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ইজনৰ পিছত আনজন কাৰাবন্দী মুকলি আকাশৰ তললৈ অহাৰ খবৰে কৃষক মুক্তি সংগ্ৰাম সমিতি ৰ নেতা-কৰ্মী – সমৰ্থক সকলক উৎসাহিত কৰাৰ লগতে অসমৰ সংগ্ৰামী জনতা মাজতো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। যোৱা ১৩ জুলাইত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ জামিন নিয়া’ৰ বিশেষ আদালতে মঞ্জুৰ কৰাৰ পিছত আজি নিয়া’ৰ বিশেষ আদালততে পুনৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোনোৱালৰ জামিন মঞ্জুৰ কৰাত স্বাভাবিকতে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতা-কৰ্মীসকল উৎফুল্লিত হৈ পৰিছে। আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে সংগঠনটোৰ সভাপতি ৰাজু বৰা, ভাস্কো-ডি শইকীয়া আৰু যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাই আদালতৰ এই ৰায়ক আদৰণি জনায়। নাগৰিকত্ব সংশোধন আইন বিৰুদ্ধে গণতান্ত্ৰিকভাবে আন্দোলন গঢ়ি তুলি বিজেপি- আৰ এছ এছ’ৰ ফেচীবাদী আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ তীব্ৰ প্ৰত্যাহ্বান হৈ ঠিয় দিয়া কৃষক নেতা অখিল গগৈ আৰু কৃষক মুক্তিসংগ্ৰাম সমিতিক একমাত্ৰ ৰাজনৈতিক শত্ৰু হিচাপে গণ্য কৰি লৈছে সৰ্বানন্দ সোনোৱাল চৰকাৰে ।যাৰবাবে যোৱা ১২ডিচেম্বত যোৰহাট পৰা গ্ৰেপ্তাৰ কৰা অখিল গগৈ আৰু তেওঁৰ তিনি সতীৰ্থ ক্ৰমে ধৈৰ্য কোঁৱৰ,বিতু সোনোৱাল আৰু মানস কোঁৱৰক এটাৰ পিছত আন এটা ভুৱা গোচৰ জাপি দি যোৱা সাতমাহে ধৰি কাৰাগাৰত আবদ্ধ কৰি ৰখা হৈছে। চৰকাৰৰ এই ষড়যন্ত্ৰ বিৰুদ্ধে এক দীঘলীয়া আইনী যুঁজৰ অন্ততঃ যোৱা ১৩ জুলাইত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰ আৰু আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোনোৱাল নিয়া’ৰ বিশেষ আদালতে জামিন মঞ্জুৰ কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উল্লেখ কৰে যে- অসমৰ সৰ্বস্তৰৰ ৰাইজৰ প্ৰতিবাদ, দাবী আৰু শুভ ইচ্ছাৰ বাবে চৰকাৰখনে কৃষক মুক্তি সংগ্ৰাম সমিতিক সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ বাবে যি কুটিল ষড়যন্ত্ৰত লিপ্ত হৈছিল সেয়া সম্ভৱ নহ’ল।যিহেতু ভুৱা আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বক কাৰাবন্দী কৰি ৰখা হৈছিল সেয়ে শেহতীয়াকৈ দুজনকৈ নেতাই মুকলি আকাশৰ তললৈ অহা বিষয়টোৱে আদালতৰ মজিয়াত এই কথাবোৰ উন্মোচিত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৰ্গই অভিযোগ উত্থাপন কৰে। বিগত সাতমাহে ধৰি আদালতত আইনী সাহাৰ্য্য আগবঢ়োৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰৰ উদ্যোগত জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰী, জিয়াউৰ কামাৰকে ধৰি কিশোৰ কুমাৰ কলিতা, কৃষ্ণ গগৈ, ৰাহুল শেনচোৱা, মনোজ দেউৰী, বিনীতা বড়ো, দিগন্ত ৰাজখোৱা, ডিম্পুল চুতীয়া, দেবজিত গগৈসহ এক বৃহৎ অধিবক্তাৰ দলে আইনী কাম-কাজ সমূহ চোৱাচিতা কৰিছে। এইকেইগৰাকী অধিবক্তাৰ উপৰিও অসমৰ অন্য জিলা সমূহত বিনা পাৰিশ্ৰমিকেৰে আইনী সাহায্য আগবঢ়োৱা সকলো অধিবক্তালৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। আনপিনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰাবন্দী নেতা সকলৰ মুক্তিৰ বাবে অসমৰ বহু ব্যক্তি বিশেষ, শুভাকাংক্ষী আৰু সমৰ্থক আইনী সাহাৰ্য্য প্ৰদানৰ বাবে আগবাঢ়ি আহিছে সেই সকললৈকেও কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অভিনন্দন জ্ঞাপন কৰিছে।

মৃনাভলৈ শিশু শিক্ষা সমিতি, অসমৰ অভিনন্দন ।

গুৱাহাটী :
আজি ঘোষণা কৰা চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সমৰ্থ হৈছে মৃনাভ মুৰাৰি মজুমদাৰ। গুৱাহাটী মহানগৰীৰ নাৰেংগীস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ মৃণাভে ৯৮.৬ শতাংশ নম্বৰ লাভ কৰিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰঞ্জিত মজুমদাৰ আৰু পিনা মজুমদাৰৰ জ্যেষ্ঠ পুত্ৰ মৃণাভৰ এই সফলতাত অভিনন্দন জনাইছে শিশু শিক্ষা সমিতি, অসমে। উল্লেখ্য যে মৃনাভ আছিল শিশু শিক্ষা সমিতি, অসমৰ অধীনস্থ শংকৰদেৱ বিদ্যা নিকেতন, ধিঙৰ প্ৰাক্তন ছাত্ৰ। উল্লেখযোগ্য যে মৃনাভে সংস্কৃত আৰু গণিতত ১০০% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

ভাল ইংৰাজী কোৱা, ভাল বাইট দিয়া, সুদৰ্শন হ’লে সকলো নহয় : অশোক গেহলট ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

বৰ্খাস্ত কৰা উপ মুখ্যমন্ত্ৰী শচীন পাইলট আৰু ১৮ জন বিদ্ৰোহী কংগ্ৰেছ বিধায়কক শুকুৰবাৰৰ ভিতৰত প্ৰত্যুত্তৰ দিবলৈ জাননী জাৰি কৰিছিল ৷ আনহাতে বুধবাৰে মুখ্যমন্ত্ৰী অশোক গেহলট চৰকাৰক অস্থিতিশীল কৰাৰ কাৰণে বিজেপিৰ প্ৰভাৱত ষড়যন্ত্ৰ কৰাৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰিছে ৷ সংবাদ মাধ্যমৰ আগত গেহলটে কয়, ভাল ইংৰাজী কোৱা, ভাল বাইট দিয়া আৰু সুদৰ্শন হ’লে সকলো নহয় ৷ দেশ, আপোনাৰ আদৰ্শ, নীতি আৰু প্ৰতিশ্ৰুতিৰ বাবে আপোনাৰ ভিতৰত যি আছে সকলো বিবেচনা কৰা হয় ৷ ৰাজস্থানৰ মুখ্যমন্ত্ৰীজনে কয়, জয়পুৰত হৰ্চ ট্ৰেডিং কৰা হৈছিল ৷ মোৰ হাতত প্ৰমাণ আছে ৷ মই এখন হোটেলত ১০ দিনৰ বাবে ৰখা উচিত ৷ যদি তাকে নকৰা হ’লে তেতিয়া এই ঘটনা ঘটিলহেতেন ৷ কংগ্ৰেছত দীঘলীয়া ইনিংছ থকা অশোক পাইলটে কয়, মই ৰাজনীতিত ৪০ বছৰ ধৰি আছো ৷ আমি নৱ প্ৰজন্মক ভাল পাও৷ তেওঁলোকৰ হাততে আছে ভৱিষ্যৎ ৷ এই নৱ প্ৰজন্ম, তেওঁলোক কেন্দ্ৰীয় মন্ত্ৰী, দেশৰ ৰাষ্ট্ৰপতি হৈ উঠিব যদি তেওঁলোকে আমাৰ সময়ত আমি যি কৰিছো বুজি পায় ৷ এনেদৰে কয় মুখ্যমন্ত্ৰীজনে ৷ আনহাতে এআইচিচিয়ে ৰাজস্থানৰ সকলো জিলা কংগ্ৰেছ সমিতি আৰু ব্লক কংগ্ৰেছ সমিতি তৎক্ষণাৎ প্ৰযোজ্য হোৱাকৈ ভংগ কৰিছে ৷ ৰাজস্থান কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়াই কয় যে সোনকালে নতুন সমিতি গঠন কৰা হ’ব ৷ আনহাতে ৰাজস্থান বিধানসভাৰ অধ্যক্ষই শচীন পাইলট আৰু ? ১৮ জন বিধায়কক বিধানসভাত অযোগ্য বুলি জাননী জাৰি কৰিছে ৷ যিহেতু তেওঁলোকে হুইপ মনা নাছিল আৰু বিধায়িনী পৰিষদৰ সোমবাৰ আৰু মঙলবাৰৰ সভাত উপস্থিত নাছিল ৷ ইপিনে গোবিন্দ সিং দোতাছাৰাক ৰাজস্থানত দলৰ সভাপতি হিচাপে নিয়োগ কৰিছে ৷

অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লবলৈ কৃষক মুক্তিৰ গোট গঠন । অসমৰ বান আৰু গৰাখহনীয়া সমস্যা নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে সৰ্বানন্দ সোনোৱাল চৰকাৰৰ ।

গুৱাহাটী :
কভিড্-১৯ মহামাৰী সংক্ৰমণৰ ফলত দেশজুৰি চলি থকা লকডাউন প্ৰভাৱে অৰ্থনৈতিক আৰু সামাজিক ভাৱে সৰ্বসাধাৰণ ৰাইজক চৰম বিপৰ্যয়ৰ দিশে গতি কৰোৱাৰ পিছত অসমত এতিয়া ইটো পিছত সিটো বানপানী সৃষ্টি হোৱাত জ্বলা-কলা খাব লগা হৈছে বানপীড়িত ৰাইজ। চৰকাৰে সময়মতে মাথাউৰী নিৰ্মান তথা মেৰামতি নকৰাৰ ফলত অসমৰ কেইবাটাও ঠাইত শেহতীয়াকৈ অভাৱনীয় বান প্রতিস্থিতিৰ উদ্ভৱ হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।প্ৰেৰণ কৰা এক বিবৃতিত সংগঠনটোৰ সভাপতি ৰাজু বৰা, ভাস্কো-ডি শইকীয়া আৰু যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাই যে কয় যে অসমৰ বান আৰু গৰাখহনীয়া পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি দলৰ চৰকাৰ আৰু জলসম্পদ বিভাগ। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজাববীয়াকৈ ৰাইজৰ পৰা সংগ্ৰহ কৰা খবৰ অনুসৰি কামৰূপ(গ্ৰাম্য) জিলা আৰু বাক্সা জিলাৰ পুঠিমাৰী আৰু বৰলীয়া নদীৰ মথাউৰী ছিঙাৰ ফলত বিস্তৃত অঞ্চল বানৰ কবলত পৰিছে। ঠিক তেনেকৈ বৰপেটা আৰু নলবাৰী জিলাৰ পহুমৰা, বেকী, মানাহ, পাগলাদিয়া, নদী আৰু বঙাইগাঁও জিলাৰ আই নদীৰ বান আৰু গৰাখহনীয়াই বিস্তৰ ক্ষতি সাধন কৰিছে। উজনি অসমৰ যোৰহাট, মাজুলী, দেৰগাঁৱকে ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশী শতাংশতকৈয়ো অধিক এলেকা পানীত বুৰ যোৱাৰ ফলত ইয়াৰ বন্যপ্ৰাণী সমূহৰ তীব্ৰ খাদ্য সংকট আৰু প্ৰাণৰ সংশয় আহি পৰিছে।ইতিমধ্যে বহু জীৱ- জন্তু মৃত্যু মুখত পৰিছে। তিনিচুকীয়া জিলাৰ বাঘজানত অইলৰ খাদ বিস্ফোৰণৰ ঘটনাত যোৱা ডেৰ মাহতকৈয়ো অধিক সময় ধৰি নিজৰ সা-সম্পত্তি হেৰুৱাৰ দুখ শেষ নহঁতেই পুনৰ সেই অঞ্চলৰ ৰাইজ বানৰ কবলত কক বকাই থাকিব লগা হোৱা কথাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই যে অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সম্পূৰ্ণ ব্যৰ্থ হৈছে তাক প্ৰমাণ কৰি দিছে। অন্য অঞ্চল সমূহৰ দৰে মধ্য অসমৰ কলিপি নদীৰ বাঢ়নী পানীয়ে নগাঁও,মৰিগাঁও অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰা দেখা গৈছে। প্ৰতি বছৰে বান নিয়ন্ত্ৰণৰ নামত কোটি কোটি টকা ধার্য কৰাৰ লগতে বিভিন্ন আঁচনি হাতত লোৱা হয় যদিও কাৰ্যতঃ ৰূপায়ণ কৰাত যে BJP চৰকাৰ ব্যৰ্থ সেয়া ইতিমধ্যে অসমৰ ৰাইজে দেখিছে। সময়মতে মাথাউৰী নিৰ্মান কৰিব নোৱৰা এই চৰকাৰ খনে এতিয়া বান শিবিৰত সাহায্য দিবলৈও ব্যৰ্থ হৈছে।খাদ্য আৰু পানীৰ অভাৱত মানুহ তথা পোহনীয়া জীৱ জন্তুৰ মাজত হাহাকাৰ সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে।ইতিমধ্যে অসমত ৫০ ৰো অধিক লোকে বানপানীত নিজৰ জীৱন হেৰুৱাব লগা হোৱাৰ পিছতো সমগ্ৰ চৰকাৰখনে বান পৰিস্থিতি নিয়ন্ত্ৰণ বিষয়টো গুৰুত্ব সহকাৰে নোলোৱা পৰিলক্ষিত হৈছে।তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ অষ্ট্ৰলক্ষ্মীৰ অসমৰ খবৰ কেৱল ফোনযোগে লাভ কৰি দায়িত্ব সামৰিছে।কিন্তু আজি পর্যন্ত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে ঘোষণা কৰি বান নিয়ন্ত্ৰণ কৰা কামত অৱহেলা প্ৰদৰ্শন কৰিছে ।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই অসমৰ বানপানী নিয়ন্ত্ৰণৰ বাবে যি সমূহ নিৰ্বাচনী আশ্বাস আগবঢ়াইছিল,তাৰ তিলমানো পূৰণ কৰিবলৈ সমৰ্থ নহল।ব্ৰহ্মপুত্ৰ খনন কৰি এক্সপ্ৰেছ হাইওয়ে নিৰ্মান,গড়াখহনীয়া ৰোধৰ বাবে মেনগ্ৰভ ৰোপণ কৰা আদি আঁচনি হাতত লব দূৰৰ কথা সময়তে মাথাউৰী নিৰ্মান তথা মেৰামতি কৰা,জিঅ বেগৰ ব্যবস্থা কৰা,পাৰকুপাইনৰ ব্যৱস্থা কৰা নহল।আনকি বিগত বছৰ কেইটাৰ বান সাহাৰ্যই আজি পৰ্যন্ত মুকলি নহল।অসমৰ ৰাইজক কৰা প্ৰতাৰণা আৰু অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উজনি অসম,মধ্য অসম আৰু নামনি অসমৰ বাবে আজি তিনিটা গোট গঠন কৰি বানাক্ৰান্ত ৰাইজৰ খবৰ লোৱা আৰু দুৰ্গত সকলৰ মাজলৈ গৈ সহায়- সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত লয়।।উক্ত গোটে অহা ১০ দিনৰ ভিতৰত সমগ্ৰ বান বিধ্বস্ত অঞ্চলৰ পৰিস্থিতি অধ্যয়ন কৰি অসমৰ ৰাইজৰ প্ৰাপ্য অধিকাৰ আজুৰি আনিবলৈ প্ৰয়োজনত আন্দোলন ঘোষণা কৰিব সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত স্পষ্ট কৰি দিয়ে ।

২৭ জুলাইত চূড়ান্ত পৰ্যায়ৰ পৰীক্ষা : ৰাছিয়াৰ পাছত আশাৰ বাণী শুনালে আমেৰিকাই ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনা ভাইৰাছত প্ৰতিদিনে বহু লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰিছে৷ ইতিমধ্যে ৰাছিয়াৰ গামালেই ইনষ্টিটিউট অৱ এপিডেম’লজী এণ্ড মাইক্ৰবায়’লজীৰ পাছত আশাৰ বাণী শুনালে আমেৰিকাৰ গৱেষণা প্ৰতিষ্ঠান মডেৰ্ণাই৷ এই প্ৰতিষ্ঠানৰ দাবী, তেওঁলোকে প্ৰস্তুত কৰা ক’ৰোনা ভেকছিনৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা সফল হৈছে৷ অহা ২৭ জুলাইত এই ভেকছিনৰ চূড়ান্ত পৰ্যায়ৰ পৰীক্ষা হ’ব৷ এই পৰীক্ষা সফল হ’লেই তাক অনুমোদনৰ বাবে পঠিওৱা হ’ব৷ যোৱা ১৬ মাৰ্চত বিশ্বৰ প্ৰথম ক’ৰোনা ভাইৰাছৰ ভেকছিন মানৱ দেহত প্ৰয়োগ কৰে মডেৰ্ণাই৷ প্ৰথম পৰ্যায়ত মুঠ ৪৫ জন স্বেচ্ছাসেৱকক ভেকছিনৰ ডাবোল ডজ দিয়া হয়৷ মার্কিন প্ৰতিষ্ঠানটোৰ দাবী, প্ৰথম পৰ্যায়ৰ সেই পৰীক্ষা সফল হৈছে৷ সিসকলৰ শৰীৰত এই ভেকছিন প্ৰয়োগ কৰা হৈছে তেওঁলোকৰ ক’ৰোনা প্ৰতিৰোধ ক্ষমতা আগৰ তুলনাত বাঢ়িছে৷ যিসকলৰ ওপৰত পৰীক্ষা কৰা হৈছিল তেওঁলোকৰ কাৰোৰে শৰীৰত তেনে গুৰুতৰ পার্শ্বপ্রতিক্রিয়া হোৱা নাই৷ সামান্য মূৰৰ বিষ, বমিভাৱ, সিৰামুৰি আৰু বেয়া লগাৰ বাদে আন কোনো সমস্যা দেখা নাছিল৷ মডেৰ্ণাই জনাই যে প্ৰথম পৰ্যায়ৰ পৰীক্ষা আশানুৰূপ ফল পোৱাৰ পাছত অহা ২৭ জুলাইত ভেকছিনটোৰ চূড়ান্ত পৰ্যায়ৰ পৰীক্ষা আৰম্ভ হ’ব৷ সাধাৰণ পৰিৱেশত মানুহৰ শৰীৰত কিমান কাৰ্যকৰ সেয়া চাব৷ উল্লেখ্য যে আমেৰিকা চৰকাৰ এই প্ৰতিষ্ঠানটোৰ ভেকছিনক লৈ আশাবাদী৷ ইতিমধ্যে মডেৰ্ণাক বৃহৎ অংকৰ ধন দি সহায় কৰিছে ৷

অখিল, বলদেৱৰ মুক্তিৰ দাবীত টিংখাঙত অনশন।

টিংখাং : অখিল গগৈ, বলদেব তেলীসহ সকলো “কা” বিৰোধী কাৰাবন্দীক মুক্তিৰ দাবীত চিপিআই (এম এল)ৰ অসম ৰাজ্যিক সমিতিয়ে আহ্বান জনোৱা আজি ৰাজ্যজোৰা প্ৰতিবাদৰ অংশ হিচাপে ডিব্ৰুগড়ৰ ৰাজগড়ত দলৰ সমৰ্থকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজগড়ৰ শ্বহীদ বেদী তিনিআলিত উপস্থিত দলৰ সমৰ্থকসকলে অখিল গগৈক মুক্তি দিয়ক, বলদেব তেলীক মুক্তি দিয়ক, বিজেপিৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে সকলো এক হওঁক আদি শ্ল’গানেৰে শ্বহীদবেদী তিনিআলি উত্তাল কৰি তোলে। আনহাতে দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপনৰ মুক্তিৰ দাবী জনাই দলৰ ৰাজগড়স্থিত কাৰ্যালয়ৰ সন্মুখত দিনৰ ১২ বজাৰ পৰা অনশনত বহে। কাইলৈ দিনৰ ১২ বজাত এই অনশন কাৰ্যসূচীৰ সামৰিক পৰিব। দলৰ বয়োজেষ্ঠ কৰ্মী মাগডালী মুড়াই শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনায় শুভাৰম্ভ কৰা অনশন কাৰ্যসূচীত “কা” বিৰোধী ঐক্য মঞ্চ, টিংখাঙৰ সভাপতি যাদব গগৈ উপস্থিত থাকে। কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দলে কয় যে বিজেপি চৰকাৰে “কা” বিৰোধী নেতা সকলৰ প্ৰতি চৰম আক্ৰোসমূলকভাৱে ভুৱা গোচৰ জাপি দি জেলত ৰাখিছে। দলে অখিল গগৈ, বলদেব তেলীৰ লগতে সকলো কা বিৰোধী বন্দীক মুক্তি দিবলৈ দাবী জনায়। লগতে দলে বিজেপিৰ বিৰুদ্ধে সকলো শক্তিক এক হ’বলৈ আহবান জনায়।

হিন্দু ক্ৰান্তি দলৰ সংবাদ মেলৰ আয়োজন।

নলবাৰী : সমগ্ৰ অসমতে ভাৰতীয় সংস্কৃতিক এক দুষ্ট চক্ৰই বিলুপ্ত ঘটোৱাৰ প্ৰয়াস কৰাৰ সময়তে নিজৰ আসনৰ সুৰক্ষিত ৰখাৰ উদ্যেশ্যে ধৃতৰাষ্ট্ৰৰ দৰে নেদেখা ভাও জুৰি আছে সৰ্বানন্দ নেতৃত্বধীন অসম চৰকাৰে। এই কথা সদৰি কৰে আজি নলবাৰীত অনুষ্ঠিত কৰা সংবাদ মেলত হিন্দু ক্ৰান্তি দল অসমে। উক্ত সংবাদ মেলত হিন্দু ক্ৰান্তি দল নলবাৰী জিলাৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে কয় যে যোৱা কিছুদিন পুৰ্বে গো মাতা হত্যা বন্ধ কৰা, ডিটেইনচন কেম্পত বন্দী হৈ থকা হিন্দুক মুক্তি আৰু অসমৰ সাংস্কৃতিক বিভাগক কুলসিত কৰা বেগজান নামক ধাৰাবাহিকখন বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী মহোদয়লৈ শান্তিপুৰ্নভাৱে স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে স্মাৰক পত্ৰৰ কোনো বাস্তৱত ফলপ্ৰসু নহ’ল। সংযোজক গৰাকীয়ে মন্তব্য কৰে যে অতিকৈ গুৰুত্বপূৰ্ণ কথাতো হ’ল যিখন চৰকাৰক অসমৰ ৰাইজে অতি সততা আৰু নিষ্ঠাৰে ৰাজপাতত বহুৱাইছিল সেইখন চৰকাৰে আকৌ অসমীয়া ৰাইজৰ আবেগ অনুভুতিক সম্পূৰ্ণভাৱে মোহাৰী নিজৰ আসনৰ সুৰক্ষাৰ চিন্তাতহে মগ্ন হৈ থাকিল। নিৰ্বিকাৰ অসম চৰকাৰ।লগতে সংযোজক গৰাকীয়ে কয় যে এসময়ত ইছলামিক সাহিত্য সভাৰ মুখ্য পৃষ্ঠপোষকতাৰে পৰিচিত বৰ্তমান অসম চৰকাৰৰ বিধায়ক নাৰয়ণ ডেকাৰ সমষ্টিত দৈনন্দিন চলি আছে গো মাংস বিক্ৰী কেন্দ্ৰ। ভাৰতভূমিত ভাৰতীয় লোক কেতিয়াও বিদেশী হ’ব নোৱাৰে তথাপিও হিন্দুসকলক ডিটেইনচন কেম্পত এতিয়ালৈকৈ আবদ্ধ কৰি ৰখা হ’ল। অসমত আৰবীয় সংস্কৃতিৰে নিৰ্মাণ কৰা দূৰদৰ্শনৰ ধাৰাবাহিক বেগম জান বন্ধ নহ’ল। তথাপিও সৰ্বানন্দ নেতৃত্বধীন চৰকাৰ নিৰবতা অবলম্বন কৰা দেখা গল। কথা হ’ল ভাৰতীয় সংস্কৃতিৰ মুলতঃ নাৰী ধৰ্ষণকাৰী আৰু গো মাতা হত্যা ওপৰত আইন প্ৰণয়ন কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ভাৰত মাতাৰ সু-সন্তান যোগী আদিত্য নাথ জীয়ে কিন্তু এক দেশ, এক সংবিধান, এক পতকা হোৱো স্বত্বেও অসম চৰকাৰে কিয় নোৱাৰে। মুঠতে ক’ব পাৰি যে বৰ্তমান চৰকাৰখনে নিজৰ ৰাজ আসন সুৰক্ষাৰ স্বাৰ্থত ভোটকেন্দ্ৰীক ৰাজনীতিত মতলীয়া হৈ আছে হয়তো যাৰ কাৰণে ষ্পষ্টবাদী ভাৰতীয় ভূমিপুত্ৰ মান্যবৰ শিলাদিত্য ডাঙৰীয়াও দলৰ পৰা অব্যাহতি ল’বলৈ বাধ্য হৈছিল। সেয়েহে হিন্দু ক্ৰান্তি দলৰ স্পষ্ট কথা অসম চৰকাৰে যদি ভাৰতীয় সংস্কৃতিক নিশেষ কৰিব বিচৰা লোকক দৃষ্টান্ত মূলক শাস্তি প্ৰদান নকৰে, ডিটেইনচন কেম্পত আৱদ্ধ কৰি ৰখা হিন্দুক মুক্তি আৰু বেগজান নামক ধাৰাবাহিক বন্ধ নকৰে তেন্তে আমি আমাৰ নিজৰ লক্ষ্যত উপনিত হ’বলৈ বাধ্য হ’ম। উক্ত সংবাদ মেলত হিন্দু ক্ৰান্তি দল নলবাৰীৰ উপদেষ্টা দীপক হালৈ, যুটীয়া সম্পাদক অপূৰ্ব কলিতা, সাংগঠনিক বিদ্যুৎ কুমাৰ দাস আৰু পূৱ নলবাৰী আঞ্চলিকৰ সভাপতি সিমান্ত মেধী উপস্থিত আছিল।

তিনিচুকীয়াৰ জেষ্ঠ চিকিৎসক পি কে ৰ্শমাৰ কৰোনাত মৃত্যু ।

তিনিচুকীয়া : তিনিচুকীয়াৰ মেডিচিন বিভাগৰ জেষ্ঠ চিকিৎসক ডঃ পি কে ৰ্শমা আজি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত কৰোনা ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। তিনিচুকীয়াৰ গেলাপুখুৰী পথৰ নিবাসী চিকিৎসক গৰাকীয়ে দুদিন পূৰ্বে জ্বৰ আৰু কাঁহত ভুগি স্বাৱ টেষ্ট কৰিছিল। কৰোনা পজিটিভ হোৱাত চিকিৎসকগৰাকীৰ স্বাস্থ্য অবনতি ঘটাত কালি এ এম চি এইচলৈ প্ৰেৰণ কৰে। আন কেইবাটাও ৰোগত আক্ৰান্ত থকা চিকিৎসকগৰাকীয়ে তিনিচুকীয়াৰ ৰঙাগড়া পথত ব্যক্তিগত ফাৰ্মাচীত ৰোগীক চোৱা চিতা কৰি আছিল। ফাৰ্মাচীখনতে কোনো ৰোগীৰ চিকিৎসা কৰাৰ পিচতেই কৰোনা সংক্ৰমণ হোৱা বুলি তিনিচুকীয়াবাসীয়ে সন্দেহ প্ৰকাশ কৰিছে। জেষ্ঠ চিকিৎসক গৰাকীৰ কৰোনাত মৃত্যু হোৱাৰ পিছতে তিনিচুকীয়াৰ ৰাইজ আতংকিত হৈ পৰিছে।