Home Blog Page 3253

মংগোলীয়াত বুবোনিক প্লেগত মৃত্যু কিশোৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

এটি কিশোৰ বুবোনিক প্লেগত মৃত্যু হৈছে বুলি দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে পশ্চিম মংগোলীয়াৰ গভি-আলটাই ৰাজ্যৰ ১৫ বছৰীয়া কিশোৰটিৰ যোৱা দেওবাৰে গা বেয়া লাগে৷ টুগৰুক জিলাৰ চিকিৎসালয়লৈ অনাৰ পথত কিশোৰটিৰ মৃত্যু হয় ৷ স্বাস্থ্য বিভাগৰ সন্দেহ কিশোৰটি ব্লেক ডেথে মৃত্যুৰ মুখত পেলায় ৷ আনহাতে বুবোনিক প্লেগ সন্দেহজনক প্ৰাদুৰ্ভাৱৰ বিষয়ে ইংলেণ্ডে চীনৰ মংগোলীয়া ভ্ৰমণৰ বিৰুদ্ধে সতৰ্ক কৰি দিছে ৷ বিদেশ আৰু কমনৱেলথ কাৰ্যালয়ে শেহতীয়া পৰামৰ্শ দিছে মংগোলীয়া স্বায়ত্ত্বশাসিত অঞ্চলত সকলো অপৰিহাৰ্য আন্তৰ্জাতিক ভ্ৰমণৰ বিৰুদ্ধে ৷ সন্দেহজনক বুবোনিক প্লেগৰ বিষয়ে এই মাহৰ আৰম্ভণিতে উত্তৰ পশ্চিম বেইজিঙৰ এখন চিকিৎসালয় বায়াননুৰৰ ঘটনাৰ পাছত এই সতৰ্কতা জাৰি কৰিছে ৷ ইংলেণ্ডৰ বিষয়াই কয় যে এই অঞ্চলৰ গ্ৰামীণ অঞ্চলৰ ভ্ৰমণকাৰীয়ে মুৰমোট খোৱা এৰা উচিত ৷ এইটো বিশ্বাসযোগ্য যে ই অতি সংক্ৰামক আৰু প্ৰায় মাৰাত্মক ৰোগৰ উৎস ৷ মংগোলীয়াত মুৰমোট চিকাৰ কৰা অবৈধ হ’লেও তাৰ মাংস কেতবোৰ গ্ৰামীণ অঞ্চলৰ এটা স্বাদযুক্ত খাদ্য ৷ বিদেশ আৰু কমনৱেলথ কাৰ্যালয়ৰ পৰা এই কথা জনাইছে ৷ কোনো লোক বুবোনিক প্লেগত ভুগিছে বুলি বিশ্বাস কৰিলে তৎক্ষণাত কাষৰ চিকিৎসালয়ত ৰিপৰ্ট কৰিব লাগে বুলি জনাইছে ৷ উল্লেখ্য যে বুবোনিক প্লেগক মধ্য যুগত ব্লেক ডেথ বুলি জনা গৈছিল ৷

গান্ধীমণ্ডপৰ জৰাজীৰ্ণ পথে দুৰ্ভোগ ভোগাইছে পথচাৰীক ৷ পাহাৰৰ মাটিৰে ভৰি পৰিছে নলা, কুম্ভকৰ্ণৰ নিদ্ৰাত গুৱাহাটী পৌৰনিগম-গড়কাপ্তানি বিভাগ ৷

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ উলুবাৰীস্হিত গান্ধী মণ্ডপ পথৰ জৰাজীৰ্ণ অৱস্হাই পথচাৰীক দুৰ্ভোগ ভোগাইছে ৷ জানিব পৰা মতে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি থকা গান্ধীমণ্ডপৰ পথচোৱাত কেইবা ঠাইত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে পথচোৱাত থকা নলাসমূহ পাহাৰৰ মাটিৰে ভৰি পৰিছে ৷ বিগত কেইদিনমান বৰষুণ দিয়াৰ ফলত পাহাৰৰ মাটি খহি আহি নলাসমূহ পুতি পেলাইছে ৷ যাৰ বাবেই এজাক বৰষুণ দিলে পথচোৱাৰে নদী সদৃশ ঢাৰ বয় ৷ সেইবাবেই পথচোৱাৰ যথেষ্ট পৰিমাণৰ গাঁতৰ সৃষ্টি হৈছে ৷ এই ক্ষেত্ৰত পথচাৰী অহা যোৱাৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ ইপিনে চলিত সপ্তাহত কেইবাটাও ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ যাৰ ফলত পথচোৱাত শিল মাটিৰ দমৰে ভৰি আছে ৷ ইয়াৰ বাবেই গাড়ী মটৰ অহা-যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷ স্হানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা একাংশ লোকৰ অভিযোগ পথচোৱাৰে গাড়ী মটৰৰ লগতে খোজকাঢ়ি যাব নোৱৰা অৱস্থা হৈছে ৷ তৎস্বত্বেও গড়কাপ্তানি বিভাগৰ লগতে গুৱাহাটী পৌৰনিগম কুম্ভকৰ্ণৰ নিদ্ৰাত মগ্ন বুলি একাংশ পথচাৰীয়ে অৱগত কৰে৷ স্থানীয় ৰাইজে উক্ত পথচোৱাৰ পুননিৰ্মাণৰ লগতে নলাসমূহ পৰিস্কাৰ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ৷

বৰুৱাহোলা উন্নয়নৰ দাবীত মটক যুৱ ছাত্ৰৰ স্মাৰক পত্ৰ।

তিনিচুকীয়া : তিনিচুকীয়া ৰাজহ চক্ৰৰ অধীনৰ বৃহত্তৰ বৰুৱাহোলাৰ উন্নয়নৰ বাবে আঞ্চলিক মটক যুৱ ছাত্র সম্মিলনে নিম্নলিখিত সমস্যাসমূহ পূৰণ কৰিবলৈ দাবী জনাই উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ আজি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বৰুৱাহোলাত এটা পুথিভঁৰালৰ বাবে পুঁজিৰ আৱণ্টণ প্ৰদান কৰা, এটা অতিথিশালাৰ বাৰে পুজিঁ আৱণ্টন দিয়া, গাঁৱৰ প্ৰধান ৰাস্তা সমূহত অভিলাশী ষ্ট্রীট লাইটৰ ব্যৱস্থা কৰা, নিবনুৱা সকলৰ বাবে বিশেৰ আঁচনি প্ৰদান কৰা, গাঁৱৰ মহিলা সকলৰ স্বাৱলম্বিতাৰ বাবে তাঁতশালৰ ব্যৱস্থা কৰা, ক্রীড়া আৰু সাংস্কৃতিক ক্ষেত্রত অগ্ৰাধিকাৰ দিয়া বৰুৱাহোলা হাইস্কুল তিনিআলি আৰু বালিজান তিনিআলিত একোটাকৈ বাটচ’ৰাৰ বাবে পুঁজিৰ আবণ্টন দিয়া, কৃষিৰ বাবে বিশেষ সুবিধাৰ ব্যৱস্থা কৰা, গাঁৱৰ কেঁচাপথসমূহ অতিশীঘ্ৰে পকীকৰণৰ ব্যৱস্বা গ্ৰহণ কৰা, গাৱঁত skill Development ৰ কেন্দ্র স্থানৰ ব্যৱস্থা কৰা আৰু কৃষিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবী জনাই সভাপতি তনুশ্যাম চেতিয়া আৰু সম্পাদক পল্লব চেতিয়া স্বাক্ষৰিত স্মাৰক পত্ৰ প্ৰদান কৰে।

এইচ.এম এন্টাৰটেইনমেন্টৰ চুটি ছবি ‘পথ-উপপথ’।

ভিকি শৰ্মা

বিশ্ব ব্যাপি ক’ৰোনাৰ ত্ৰাসৰ কৱলত পৰি অসমৰ শিল্পীসকল ঘৰতেই আৱদ্ধ হৈ আছে কিন্তু তেওঁলোকৰ শিল্প চৰ্চাৰ ধাৰা অটুট ৰাখিছে বিভিন্ন কৰ্মৰাজিৰে। ঠিক এইদৰে ভ্ৰাম্যমাণ মঞ্চ জগতৰ। জনপ্ৰিয় অভিনেতা তথা এমেচাৰ জগতৰ অক্লান্ত সেনানি হিৰন্ময় বৰুৱাই প্ৰযোজনা কৰি উলিয়াইছে এইচ.এম এন্টাৰটেইমেন্টৰ বেনাৰত এখনি সৰ্বাংগ সুন্দৰ মননশীল চুটি ছবি ‘পথ-উপপথ’। ইতিমধ্যে ছবিখনে ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ছ’চিয়েল নেটৱৰ্কিং চাইটসমূহত আৰু মুক্তিৰ কম দিনৰ ভিতৰতে যথেষ্ট সমাদৰ লাভ কৰিছে দৰ্শকৰ পৰা। মুন হাজৰিকাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিয়মান ছবিখন দৃশ্যগ্ৰহণ কৰিছে হিৰন্ময় বৰুৱা আৰু তাপস হাজৰিকাই। শিল্পী এগৰাকীৰ জীৱন পৰিক্ৰমা এক সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছে ছবিখনৰ মাধ্যমেৰে। কুলদ্বীপ বৰুৱাৰ সম্পাদনাৰে সম্পাদিত পথ-উপপথত সংগীত প্ৰদান কৰিছে মানস হাজৰিকাই। অভিনয়ৰ দিশটো অলংকৃত কৰিছে অভিনেতা জিউ অনিৰ্ব্বান দত্ত, দিব্যজ্যোতি নাৰায়ন দেৱ আৰু অভিনেত্ৰী ভিয়েনা বৰা আৰু ধনদা কাকতিয়ে। পথ-উপপথৰ জনপ্ৰিয়তাৰ আঁত ধৰি এইচ.এম এন্টাৰটেইনমেন্টে পৰৱৰ্তী পৰ্য্যায়ত অসমৰ দৰ্শক ৰাইজলৈ মুকলি কৰি দিব এখনি বিগ বাজেটৰ ৰহস্যঘন ৱেব চিৰিজ দ্যা কনচিকুৱেন্স। দুয়োখন ছবিকে দৰ্শকে মৰমেৰে আকোৱালী ল’ব বুলি বিশ্বাসী নিৰ্মাতাসকল।

উজনি মাজুলীৰ গেজেৰাত শোকাৱহ ঘটনা।

উজনি-মাজুলী : উজনি মাজুলীৰ নতুন বজাৰ তহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত মাজ গেজেৰা গাঁৱত মঙ্গলবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত এক শোকাৱহ ঘটনা সংঘটিত হয়। ঘটনাৰ বিবৰণী অনুসৰি মাজ গেজেৰা গাঁৱৰ সমীপবৰ্তী লেপং গাঁৱৰ উৎপল দলেৰ পুত্ৰ পাপু দলে (১৭) ক পানীয়ে উটুৱাই নিয়ে। জানিব পৰা মতে পাপু দলে নামৰ কিশোৰ জনে এজন সমনীয়াৰ সৈতে গেজেৰা গাঁৱৰ দক্ষিণ দিশত থকা ব্ৰহ্মপুত্ৰৰ এটা উপ-সুঁতিত মাছ ধৰিবলৈ গৈ সংঘটিত হয় এই দুৰ্ঘটনাৰ। ঘটনাস্হলিত আৰক্ষী আৰু SDRF উপস্থিত হৈ ৰাতি ১২ বজালৈকে অনুসন্ধান কৰে যদিও প্ৰতিকূল বতৰৰ বাবে অভিযান স্থগিত ৰাখিব লগাত পৰে। আজি পুৱাৰে পৰা পুনৰ অভিযান আৰম্ভ কৰি আগবেলা ১০.৩০ বজাত যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ধুবুৰীত বান পৰিস্থিতি বুজ ল’লে প্রমিলাৰাণী ব্ৰহ্মই।

ধুবুৰী : ধুবুৰীত কালি বান পৰিস্থিতিৰ বুজ ল’লে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম‌ই। বান পৰিস্থিতিয়ে ক্ৰমশঃ জটিল ৰূপ ধাৰণ কৰাত ধুবুৰীৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে কালি জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক সকলকৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। কালিৰ এই গুৰুত্বপূৰ্ণ বৈঠকখনত উপস্থিত থাকে স্থানীয় বিধায়ক সকল। মন্ত্ৰী ব্ৰহ্ম‌ই বানপীড়িত অঞ্চল ভ্ৰমণ কৰি জিলাখনত জলবন্দী হৈ ঘৰত ককবকাই থকা পৰিয়ালবোৰৰ বুজ লয়। পানী আৰু বাঢ়িলে তেনে পৰিয়ালবোৰ  নিশ্চিতভাৱে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি মন্তব্য প্ৰকাশ কৰে। ৰাইজৰ এনে সংকটৰ সময়ত স্থানীয় বিধায়ক সকলক নিজৰ সমষ্টিত থাকি বানপীড়িতক সহায়-সহযোগিতা কৰিবলৈ আহ্বান জনায়। লগতে জিলা প্ৰশাসনক সদায় সজাগ থাকিবলৈ নিৰ্দেশ দিয়ে। আনহাতে বানপীড়িতক সাহায্য প্ৰদানৰ ক্ষেত্ৰতো জিলাখনত পৰ্যাপ্ত পৰিমাণৰ খাদ্যৰ লগতে পশু খাদ্য মজুত ৰখাৰ বাবে জিলা উপাযুক্তক নিৰ্দেশ দিয়ে।ইতিমধ্যে বানপানীত তিনিজনৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৱকান্ত বৰুৱাক স্মৰণ।

উজনি-মাজুলী : এখুদ ককাইদেউ খ্যাত ককাদেউতাৰ হাড়ৰ স্ৰষ্টা নৱকান্ত বৰুৱাৰ ১৯ সংখ্যক মৃত্যু দিৱসটি মঙ্গলবাৰে ‘সুৰ-শব্দ-কথা’ৰে পালন কৰা হয়। উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উদ্যোগত আলিপুখুৰী শাখা সাহিত্য সভাৰ সহযোগত আয়োজিত এখনি ভ্ৰাম্যভাষিক সাহিত্য সন্মিলনত অসম সাহিত্য সভাৰ ১৯৯০ চনৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতি নৱকান্ত বৰুৱাদেৱলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ায়। আলিপুখুৰী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক শংকুসিদ্ধ নাথে| পদ্মভূষণ উপাধিৰে বিভূষিত আৰু অসম প্ৰকাশন পৰিষদ বঁটাৰে সন্মানিত মহীৰূহগৰাকীৰ কৰ্মময় জীৱনৰ আলোকপাত কৰে মাজুলী জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক মনোজ্যোতি ৰেগন আৰু নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই। ব্যতিক্ৰমী অনুষ্ঠানটিত মাজুলী জিলা সাহিত্য সভাৰ কবি সন্মিলনৰ আহ্বায়ক মহিম চন্দ্ৰ নাথ, কবি গাৰ্গী ভূঞা, অংকুৰিতা ফুকন, সংগীতা বৰা, মধ্য মাজুলী শাখা সাহিত্য সভাৰ উপসভাপতি তথা কবি পাপু বৰা প্ৰমুখ্যে কেইবাজনো সাহিত্যসেৱকে কথা-কবিতাৰে সাহিত্য অকাডেমি বঁটাপ্ৰাপক নমস্য সাহিত্য কাণ্ডাৰীগৰাকীক অনন্য ৰূপত সোঁৱৰণ কৰে।

শিলাদিত্য আৰু হোজাই বিজেপি সমিতিৰ কৰ্মীৰ মাজত চলিছে আভ্যান্তৰীণ সংঘাত ।

লংকা : হোজাই জিলাৰ বিজেপিত হৈছে নেকি দলীয় সংঘাত। যাৰ পৰিণতিত দেওবাৰে বিধায়ক শিলাদিত্য‌ই বিজেপিৰ পৰা অৱসৰ লোৱাৰ পথ বাছি লৈছে। বিধায়ক শিলাদিত্য আৰু হোজাই বিজেপি সমিতিৰ কৰ্মীৰ মাজত চলিছে আভ্যান্তৰীণ সংঘাত যাৰ পৰিণতিত জিলা বিজেপি কাৰ্য্যালয়ত জিলা পৰিষদৰ উপ-সভাপতি নুৰ আহমেদক সভাৰ জৰিয়তে ততাতৈয়াকৈ বিজেপিত যোগদান কৰা হʼল। ৰাজ্যিক বিজেপি, নেতা কৰ্মী কাৰ পক্ষত? কিয় বিষয়টো নিয়ন্ত্ৰণ কৰিব পৰা নাই উচ্চ ৰাজ্যিক পৰ্যায়ৰ নেতাসকলে। সকলো বৰ্তমান পানীৰ তলৰ কাঁইট সদৃশ পৰিবেশ। কালি বিজেপিৰ হোজাই জিলা সমিতিৰ সভাপতি অনুপ দেৱ আৰু প্ৰাক্তন সভাপতি অৰ্জুন মজুমদাৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সাংবাদিকক কয় যে বিধায়ক শিলাদিত্য দেৱে বিজেপি দলৰ পৰা অৱসৰ লোৱাৰ ক্ষেত্ৰত জনোৱা নাছিল হোজাই জিলা বিজেপিৰ কৰ্মকৰ্তাক। আনহাতে, আকৌ হোজাই সভাপতি গৰাকীকো ব্যক্তিগতভাৱে জনোৱা নাছিল কোনো কথা। তেওঁ পৰিষদৰ সন্দৰ্ভত কয় যে, বিধায়ক গৰাকীয়ে কোৱাৰ দৰে কথাবোৰ নহয়। হোজাই জিলা পৰিষদৰ উপ-সভাপতি নুৰ আহমেদে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি নিৰ্দলীয় হৈ আহিছিল। পদত্যাগৰ লিখিত পত্ৰ হোজাই জিলা বিজেপিৰ হাতত আছে। পিছতহে কংগ্ৰেছৰ পৰা নুৰ আহমেদক বহিষ্কাৰ কৰিছিল। পৰিষদত অবাধ দুৰ্নীতি সন্দৰ্ভত কয় যে, পুৰণি পৰিষদৰ কিছু পুঁজি আছিল যদিও পৰিষদত পুঁজিক লৈ কোনো দুৰ্নীতি হোৱা নাই । পুঁজিয়েই নাই দুৰ্নীতি হ’ব কʼৰ পৰা? কান্ধত মোনা লৈ হোজাইত দলীয় কৰ্মীৰ মাজত বিভাজন অনা ৰাজ্যিক পৰ্যায়ৰ নেতা, কাৰ কথা বিধায়ক শিলাদিত্য‌ই কৈছে নাজানো। তেওঁ নাম কোৱা নাই। বিজেপিৰ প্ৰায় সংখ্যক কৰ্মকৰ্তাই কান্ধত মোনা লয়। ৰাজ্যিক পৰ্যায়তো বহু আছে কাৰ কথা কৈছে নাজানো। এইদৰে কয় জিলা সভাপতি অনুপ দেৱে। আনহাতে প্ৰাক্তন সভাপতি অৰ্জুন মজুমদাৰে কয় যে, বিধায়ক শিলাদিত্য‌ই কিছু দিনৰ পৰা এনে কথা কৈ দলৰ কৰ্মীসকলৰ মনোৱল ভাঙিছে। কোন সেই কান্ধত মোনা লোৱা ব্যক্তিৰ লগত প্ৰাক্তন জিলা সভাপতি অৰ্জুন মজুমদাৰ সম্পৰ্ক আছে, যদি সত্ সাহস আছে শিলাদিত্য‌ই স্পষ্ট কৰক। হোজাই বিজেপিত হোৱা নাই দল কেন্দ্ৰীক ৰাজনীতি। আনহাতে আকৌ শিলাদিত্যই অৰ্জুন মজুমদাৰক নাৰী লগত অপকৰ্ম কৰা বুলি সংবাদমেলত যি মন্তব্য আগবঢ়াইছিল তাৰ সন্দৰ্ভত অৰ্জুন মজুমদাৰে কয় যে, মোৰো এটা পৰিয়াল আছে। এনেবোৰ কথা দুনাই যাতে শিলাদিত্য‌ই নকয়। ৰাজনৈতিকভাবে যি কয় ক‍ওঁক কিন্তু ব্যক্তিগতভাবে যাতে শিলাদিত্যই নকয়। নহ’লে ম‌ই আইনৰ আশ্ৰয় লম।

ঐতিহাসিক পথৰুঘাটত বানপানী, ৰাজা ফাউণ্ডেশ্যন, অসমৰ সঁজাতি দলৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ ৷

মঙলদৈ : দৰং জিলাৰ পথৰুঘাট অঞ্চলৰ আলিখাপাৰা গাঁৱৰ ননৈ নদীৰ পূব ফালৰ মথাউৰিটো নদীত থকা অতিৰিক্ত পানীৰ হেঁচাত যোৱা ১১ জুলাইত প্ৰায় ২০ ফুট মান দীঘলকৈ চিঙি যায়৷ উল্লেখযোগ্য যে আগৰ পৰা মথাউৰিৰ কিছু অংশ দুৰ্বল হৈ পৰিছিল আৰু বিভিন্ন অংশত গাঁতৰ সৃষ্টি হৈছিল৷ পানী যোৱাৰ লগে লগে পানীৰ প্ৰৱল সোঁতে আলিখাপাৰা গাঁৱৰ মানুহসকলৰ ঘৰ-দুৱাৰ মুধচ পৰ্যন্ত ডুবাই পেলায় আৰু মানুহসকলে টলকিব পৰা আগতেই ঘৰুৱা সা-সম্পত্তি, খেতি-পথাৰ ডুবাই পেলায়৷ এই পানীভাগ পিছত পাথৰিঘাটৰ দ্বিগজ নদী তথা বুঢ়া নদীত প্ৰৱেশ কৰি উভতি বৈ পাথৰিঘাট গাঁৱৰ উত্তৰ অংশত যোৱা ৩৫ বছৰ আগৰ পৰাই চিঙি থকা দ্বিগজ নৈৰ দক্ষিণ পাৰৰ ভঙা মথাউৰিৰে পানী ওলাই আহে৷ লগে লগে পথৰুঘাট গাঁও, ১৮৯৪ চনৰ শ্বহীদ সকলৰ শ্বহীদ স্তম্ভ, শ্বহিদ বাকৰি, পাৰ্ক আদিৰ লগতে নিৰনচুবা, ১নং ঘোঁৰাশাল (তুৰাই), বৰকুমাৰপাৰা, বৰ কলিয়াঝাৰ আদি গাঁও সমূহৰ ঘৰ-বাৰী বুৰাই পেলায়৷ ছিপাঝাৰ-বড়িচৌকা পকী পথচোৱাৰ প্ৰায় আধা কিলোমিটাৰ ৰাস্তাও বোৱতী পানীৰে বুৰাই পেলায়৷ দুৰ্ভাগ্যজনক ভাৱে বাসিন্দাসকলৰ মীন পালন কৰা পুখুৰী সমূহ বুৰাই পেলায়৷ এই আটাইবোৰ ক্ষতিগ্ৰস্ততাৰ বুজ ল’বলৈ আজি ৰাজা ফাউণ্ডেশ্যন, অসমৰ সম্পাদকপ্ৰধান, লেখক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰী, মুখপাত্ৰ আজমল হুছেইনকে ধৰি এটি সঁজাতী দলে ভঙা মথাউৰিৰ লগতে বানাক্ৰান্ত গাঁও সমূহৰ ক্ষতিগ্ৰস্ত লোকসকলৰ লগত সাক্ষাৎ কৰি মত বিনিময় কৰে৷ লগতে জানিব পাৰে যে দুৰ্গতিৰ এই সময়চোৱাত ভুক্তভোগী সকলৰ ওচৰত বিভিন্ন স্বেচ্ছাসেৱী সংগঠন উপস্থিত হৈ সাহায্য বিতৰণ কৰিছে লগতে স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই উক্ত ঠাই পৰিভ্ৰমণ কৰি ভাঙি যোৱা মথাউৰিখণ্ড শীৰ্ঘ্ৰেই পুনৰনিৰ্মাণ কৰিবলৈ আশ্বাস দিয়ে বুলি জনা গৈছে৷ উল্লেখ্য যে ৰাজা ফাউণ্ডেশ্যন, অসমৰ চৰজমিন তদন্তৰ অন্তত পথৰুঘাটৰ ৰাইজক দীৰ্ঘদিনীয়া বান সমস্যাৰ পৰা উদ্ধাৰ কৰিবলৈ বিজ্ঞানসন্মত তথা ফলৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সজোৰে দাবী জনায় ৷

কুসুমটোলাৰ বিশিষ্ট সমাজ কৰ্মী,দুখীয়াৰ পৰম বন্ধু খ্যাত বাবুল নেওগঁৰ দেহাৱসান। বন্ধ ৰখা হ’ল কুসুমটোলা ব্যৱসায়িক প্ৰতিষ্ঠান।

জামুগুৰিহাট : জামুগুৰিহাটৰ কুসুমটোলাৰ বিশিষ্ট সমাজ কৰ্মী, প্ৰতিষ্ঠিত ব্যৱসায়ী বাবুল নেওগঁৰ তেজপুৰৰ টাইমছ হস্পিতালত মৃত্যু ঘটে ।মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৬৯ বছৰ ।১৯৫২ চনত জন্ম গ্ৰহণ কৰা নেওগেঁ জীৱন যুঁজত বহুতো ঘাট প্ৰতিঘাটৰ মাজেদি আগবাঢ়ি নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে আধুনিক কুসুমটোলা নিৰ্মানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।দুখীয়াৰ পৰম বন্ধু বুলি অঞ্চলটোত পৰিচিত নেওগঁ কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকাত পৰিয়ালৰ লোক ১২ জুলাইত টাইমছ হস্পিতালত ভৰ্তি কৰিছিল যদিও অৱশেষত তেওঁ নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয়।তেখেতৰ মৃতুৰ প্ৰতি সন্মান জনাই আজি দিনটোৰ বাবে কুসুমটোলা ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে বন্ধ ৰাখে কুসুমটোলা ব্যৱসায়ি সন্হাই ।মৃত্যুৰ সময়ত নেওগেঁ পত্নী ,দুই পুত্ৰ, জীয়ৰী সহ অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।