Home Blog Page 3261

নাজিৰাত শাৰীৰিক দূৰত্ব ৰক্ষাৰে ২০৫ জনলৈ খাদ্য সামগ্ৰী বিতৰণ।

নাজিৰা : ক’ভিড – ১৯ ৰোগ প্ৰতিৰোধৰ লগতে ব্যাপক সামাজিক শৃংখলাৰে এই ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত লকডাউন আৰু সান্ধ্য আইনৰ কবলত পৰি ৰোৱা ২০৫ জন লোকক নিৰ্বাচিত কৰি এক খাদ্য সামগ্ৰী বিতৰণৰ কাৰ্য্যসচী আজি সম্পন্ন কৰা হয়। নাজিৰাৰ ন-মাটিত কিডচ কেম্প বিদ্যালয়ৰ প্ৰাঙ্গণত এল জেফা ফাউণ্ডেশ্যন নামৰ দিল্লীৰ এক বে-চৰকাৰী সংগঠনৰ হৈ মহা প্ৰৱন্ধক চেইখ ৰাইছা তাবাচ্চম আৰু অতিৰিক্ত মহা প্ৰৱন্ধক বিষ্ণুপৰ্ণা দত্তই নেতৃত্ব গ্ৰহণ কৰি শাৰীৰিক দূৰত্ব ৰক্ষা আৰু হস্ত প্ৰক্ষালনৰ অনুশীলনেৰে পূৰ্ব পৰিকল্পিত ভাৱে সমবেত ৰাইজক এই সাহাৰ্য্য প্ৰদান কৰা হয় । শিক্ষক ব্ৰজবল্লভ দত্তই আঁত ধৰি আগুৱাই নিয়া নাতি-দৈৰ্ঘ্য কাৰ্য্যসূচীত শিক্ষক গোপাল বৰুৱা, সংবাদ-কৰ্মী ভাস্কৰজ্যোতি বৰগোহাঁই, কাউন্সিলৰ ৰুবুল আলী, গাওঁ বুঢ়া বিজয় বৰুৱা, জুনমণি গগৈ আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হামিদা ৰহমান উপস্থিত থাকে । উল্লেখযোগ্য যে দিল্লী বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰীৰ নেতৃত্বৰ এল জেফা ফাউনণ্ডেশ্বনে ভাৰতৰ বিশখন মহানগৰত জাতি-সংঘৰ নিৰ্ণিত উন্নয়নৰ লক্ষ্যত কাম কৰি আহিছে । ফুলপানী বৰুৱা ৰংগমঞ্চতো নিৰ্দিষ্ট একাংশ লোকে সাহাৰ্য্য সামগ্ৰী গ্ৰহণ কৰে।

বানাক্ৰান্তৰ কাষত বিধায়ক বলীন চেতিয়া : নদীত পৰি কৰুণ মৃত্যুক সাৱটি লোৱা জগত কোঁৱৰ পৰিয়াললৈ চাৰি লাখ টকা আৰ্থিক অনুদান ঘোষণা।

বানাক্ৰান্তৰ কাষত বিধায়ক বলীন চেতিয়া।

ডিৰাক সীমান্ত : বিগত কেইদিনমান পূৰ্বে নেৰানেপেৰাকৈ মুখলধাৰে দিয়া বৰষুণৰ বাঢ়নী পানীত অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অৰ্থাৎ ডিৰাক গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰডিৰাক আৰু ন-চোমণি গাঁও সংযোগী পথৰ  ডিৰাক নদীৰ ওপৰত থকা বাঁহৰ দলংখন উটুৱাই লৈ যায় । কেইবাদিনো যোগাযোগ বিচ্ছিন্ন হৈ থকাত গাঁওবাসীয়ে উপায়ন্তৰ হৈ শ্ৰমদানেৰে দলংখন পুনৰ নিৰ্মান কৰাৰ সিদ্ধান্ত লৈ যোৱা ৩ জুলাইত দলংখন নিৰ্মাণ কৰি থাকোতে নদীত পৰি কৰুণ মৃত্যুক সাৱটি লব লগা হৈছিল জগত কোঁৱৰ (৪৫) নামৰ ব্যক্তিজন । আজি ব্যক্তিজনৰ ঘৰত ১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলীন চেতিয়াই উপস্থিত হৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চাৰি লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান আৰু কেন্দ্ৰীয় চৰকাৰলৈ সাহায্যৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰাৰ লগতে বাৰিষা অহাৰ লগে লগেই আঞ্চলবাসীৰ প্ৰধান সমস্যা এই দলংখন নিৰ্মাণ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে । অন্যহাতে বাঢ়নী পানীয়ে ভাঙি নিয়া ডিৰাক ৰংপুৰীয়া আৰু তৰাজনীয়া গাঁও সংযোগী পথত থকা কালভাৰ্টটো তেখেতৰ নিজা ধনেৰে নিৰ্মাণ কৰাৰ কথা অৱগত কৰে । অঞ্চলটোৰ ৰাইজে বিধায়কজনৰ এনে প্ৰদক্ষেপ শলাগ লৈছে ।

পশুপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নগাঁৱৰ প্ৰশান্ত শৰ্মাই।

পশুপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নগাঁৱৰ প্ৰশান্ত শৰ্মাই।

ননৈঃ “মন কৰিলেই ছন বাকৰি মাটিতেই ধন”– এই কথাষাৰকে সাৰোগত কৰি নগাঁও জিলাৰ বঢ়মপুৰৰ কৰ্মদ্যোমী যুৱক প্ৰশান্ত কুমাৰ শৰ্মাই ওৰফে গনেশ আগবাঢ়ি গৈছে নিজৰ কৰ্মত ৷ যি সময়ত আমাৰ ৰাজ্যখনত ভয়াৱহ নিবনুৱা সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে সেই সময়তে এজন কৰ্মদ্যোমী যুৱকে গো-পালনৰ জৰিয়তে উপাৰ্জনৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে । আনুষ্ঠানিক কলেজীয়া শিক্ষাৰে উচ্চ শিক্ষিত হৈও এইগৰাকী ৪২ বছৰীয়া যুৱকে এনে কৰ্মৰাজিৰ জৰিয়তে ৰাজ্যখনৰ আন আন উচ্চ শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে । কেৱল চৰকাৰী চাকৰিৰ আশাতে বন্দী হৈ নাথাকি জীৱনৰ অমূল্য সময়বোৰ অপচয় কৰাৰ প্ৰৱণতাক একাষৰীয়া কৰি যুৱকজনে গো-পালনৰ জৰিয়তে ক্ৰমে স্বাৱলম্বী হৈ পৰিছে । দৰাচলতে বহু যুৱক -যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে বিভিন্ন বহুজাতিক কোম্পানী বা অন্য কোম্পানী প্ৰতিষ্ঠানত নিয়োজিত হৈ একোটা যন্ত্ৰৰ দৰে কাম কৰিও নিজে মানসিক সন্তুষ্টি লাভ কৰিব নোৱাৰাৰ সত্বেও এনে কৰ্মৰাজিতে ব্যস্ত থাকিবলগা হৈছে । কিন্তু ইয়াৰ বিপৰীতে প্ৰশান্ত কুমাৰ শৰ্মাই নিজ গৃহতে গো-পালনৰ জৰিয়তে যথেষ্ঠ লাভবান হোৱাৰ লগতে নিজৰ পৰিশ্ৰমৰ বলত স্বাৱলম্বী হৈ পৰাত আত্মসন্তুষ্টিও লাভ কৰিছে । জানিব পৰা মতে  বঢ়মপুৰৰ নিকটৱৰ্তী দেউৰীগাঁও নিবাসী ৰত্নেশ্বৰ শৰ্মা আৰু বিনু দেৱীৰ পুত্ৰ প্ৰশান্ত শৰ্মাই ২০০০ চনতে নগাঁও এ ডি পি কলেজৰ পৰা কলা শাখাৰ অৰ্থনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি চৰকাৰী চাকৰিৰ বাবে হাত সাৱটি বহি নাথাকি জ্যেষ্ঠ ভাতৃ মৃণাল শৰ্মাৰ পৰামৰ্শ অনুসৰি ২০০১ চনত পুৰণিগুদামৰ ইউ বি আই বেংকৰ পৰা ৪০ হেজাৰ  টকাৰ ঋণ গ্ৰহণ কৰি আৰম্ভণিতে দুজনী উন্নতজাতৰ গাইগৰু কিনে । সেই দুজনী গাইগৰু কিনাৰ পিছৰে পৰা তেওঁ আৰু কৰ্মসংস্থাপনৰ বাবে উভতি চাবলগীয়া হোৱা নাই পিছলৈ । নিজৰ কৰ্মস্পৃহা আৰু একাগ্ৰতাৰ বলত প্ৰশান্তই ২০০১ চনৰ পৰা বৰ্তমানলৈকে ৫ জনী উন্নতজাতৰ জাৰ্চি আৰু গাইগৰুৰ পৰা দৈনিক ৫৫-৬০ লিটাৰ গাখীৰ উৎপাদন কৰি আহিছে আৰু সেইয়া বঢ়মপুৰস্থিত দৈনিক বজাৰৰ জি এছ এম নামৰ হোটেলখনতে যোগান ধৰি আহিছে । ইয়াৰ পৰা তেওঁ মাহেকত প্ৰায় ২০-২২ হেজাৰ টকা উপাৰ্জন কৰি আহিছে । অৱশ্যে তেওঁৰ বঢ়মপুৰৰ দৈনিক বজাৰত এখন সৰু গাড়ী -মটৰৰ পাৰ্টছৰ দোকানো আছে । যুৱকজনে গো-পালনৰ সমান্তৰালকৈ  গৰুৰ বাবে প্ৰয়োজন হোৱা ঘাঁহ নিজৰ বাৰীৰ পিছফালে ২ বিঘা মাটিত নেপিয়াৰ আৰু গিনী ঘাঁহৰ খেতি কৰাৰ লগতে কাষৰ পথাৰৰ এবিঘা মাটিত ৰিনা ঘাঁহৰ খেতি কৰা বুলিও জানিবলৈ দিছে । গো-পালনৰ ক্ষেত্ৰত  প্ৰশান্ত শৰ্মাক বঢ়মপুৰৰ পশু চিকিৎসালয়ৰ চিকিৎসক প্ৰবীৰ কুমাৰ শইকীয়াই সময়ে-সময়ে  দিহা-পৰামৰ্শ আৰু প্ৰয়োজনীয় দানা , কেলচিয়াম , মিনাৰেল মিক্সাৰ , পেলুৰ দৰৱ আদি নিৰ্দিষ্ট সময়ত প্ৰদানেৰে সহায় কৰি আহিছে । এই গৰাকী কৰ্মদ্যোমী যুৱকক তেওঁৰ  সহধৰ্মিনী ভাৰতী দেৱীয়েও যথেষ্টভাৱে সহায়-সহযোগিতা কৰা বুলিও তেওঁ সদৰী কৰিছে । প্ৰশান্তই মাজে মাজে ঘৰতে গাখীৰেৰে উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰী যেনে- পনীৰ , ৰসগোল্লা আদি প্ৰস্তুত কৰিও বিক্ৰী কৰি আহিছে । উল্লেখ্য যে, বঢ়মপুৰৰ বিভিন্ন চাহ-বাগানলৈ কীটনাশক ঔষধৰ লগতে অৰ্গেনিক হিচাপে ব্যৱহাৰ কৰিবৰ বাবে প্ৰশান্তৰ গৰুৰ গো-মূত্ৰখিনি লৈ যায় আৰু ইয়াৰ বাবদ প্ৰশান্তই  প্ৰতিলিটাৰত ১০ টকাকৈ লাভ কৰে বুলিও জানিবলৈ দিছে। এইগৰাকী যুৱক প্ৰশান্ত শৰ্মাই গো-পালনৰ উপৰি কৃষিকৰ্মতো নিয়োজিত হৈ আহিছে আৰু তেওঁৰ কৃষিকৰ্মত বছৰৰ সকলো সময়তে খেতি বাতিত পানী যোগান ধৰিবৰ বাবে এটি চ’লাৰ পাম্পৰ  প্ৰয়োজনৰ হোৱা বুলি জানিবলৈ দিছে কিন্তু চ’লাৰ পাম্প এটা কিনাৰ সামৰ্থ বৰ্তমান সময়ত তেওঁৰ নথকাৰ বাবে চৰকাৰলৈ সহায়-সহযোগিতা বিচাৰি আহ্বান জনাইছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত যুঁজ দিব সংগীত শিল্পী কাইনি ৱেষ্টে ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

সংগীত জগতত নিজকে প্ৰতিষ্ঠা কৰাৰ পাছত এইবাৰ ৰাজনীতিত ভাগ্য নিৰ্ধাৰণৰ চেষ্টা কৰিছে ৰেপাৰ কাইনি ৱেষ্টে ৷ স্থানীয় সময় অনুসৰি শনিবাৰে আমেৰিকাৰ স্বাধীনতা দিৱসৰ দিনা তেওঁ টুইটাৰত লিখে, ঈশ্বৰক বিশ্বাস কৰি আমেৰিকাৰ প্ৰতি প্ৰতিজ্ঞাক মই বুজি পাও, ভৱিষ্যতৰ তৈয়াৰৰ কাৰণে আমাৰ লক্ষ্য একত্ৰিত কৰা হ’ব ৷ মই ৰাষ্ট্ৰপতি পদত যুঁজ দিম ৷ হাছটেগ ২০২০ ভিছন শ্ল’গান দি টুইট প’ষ্ট শেষ কৰিছে ছোছেলাইট কিম কাৰ্ডেছিৱানৰ স্বামীয়ে ৷ ইয়াৰ আগেয়েও শিল্পীজনে কেইবাবাৰো ৰাষ্ট্ৰপতি পদত যুঁজ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ৷ ডোনাল্ড ট্রাম্পৰ সমর্থক কাইনিয়ে অৱশ্যে তেওঁৰ সমালোচকৰ কাষত পৰিষ্কাৰ কৰিছে যে ৰাজনীতিত নমাৰ কাৰণে যে তেওঁৰ সংগীত জীৱন শেষ হৈ যাব তাৰ কোনো মানে নাই ৷ তেওঁ ৰাষ্ট্ৰপতি পদত যুঁজ দিবলৈ কোন দলৰ প্ৰাৰ্থী হ’ব বা নিৰ্দলীয় হ’ব সেই বিষয়ে মুকলিকৈ প্ৰকাশ কৰা নাই ৷ আনকি ভোট যুদ্ধৰ বাবে নির্দিষ্ট কাগজপত্র দাখিল কৰাৰ ক্ষেত্ৰত একো কৰা নাই ৷ শনিবাৰে তেওঁৰ সেই টুইট প’ষ্ট আপলোড হোৱাৰ পাছত ‘লাইক’ৰ সংখ্যা তৎক্ষণাত বহু বৃদ্ধি পায় ৷ ইতিমধ্যে আঢ়ৈ লাখৰো অধিকে ৰিটুইট কৰিছে আৰু পাঁচ লাখে ‘‌লাইক’‌ কৰিছে ৷

দিল্লীত বিশ্বৰ সকলোতকৈ ডাঙৰ ক’ৰোনা চিকিৎসালয় ।

দৈনন্দিন বাৰ্তা ডেস্ক :

বিশ্বৰ সকলোতকৈ ডাঙৰ ক’ৰোনা চিকিৎসালয়খন দেশৰ ৰাজধানী দিল্লীত গঢ়ি তোলা হৈছে ৷ এই চিকিৎসালয়খন দীঘলে ১৭০০ ফুট, বহলে ৭০০ ফুট। প্রায় ২০খন ফুটবল ষ্টেডিয়ামৰ সমান। মাত্ৰ ১২ দিনত এখন চাদৰ তলত ১০ হাজাৰ বিচনাৰে সাজু কৰে প্ৰতিৰক্ষা সংক্ৰান্তীয় গৱেষণাৰ চৰকাৰী প্ৰতিষ্ঠান ডিআৰডিঅ’ অৰ্থাৎ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অ’ৰ্গেনাইজেচনে৷ ৰাজধানী দিল্লীত বিশ্বৰ সকলোতকৈ ডাঙৰ ক’ৰোনা চিকিৎসালয়- চৰ্ডাৰ পেটেল ক’ভিড কেয়াৰ চেণ্টাৰ এণ্ড হাস্পতাল ৷ দিল্লীৰ লেফটেনেণ্ট গবৰ্ণৰ অনিল বৈজালে দেওবাৰে এই চিকিৎসালয়খন আৰম্ভ কৰে ৷ চিকিৎসালয়খন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পৰিদৰ্শন কৰে ৷ দক্ষিণ দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰৰ কাষৰ ভূমিত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত অস্থায়ীভাৱে এই চিকিৎসালয়খন গঢ়ি তোলা হৈছে ৷ ইয়াত ৫০খন বিচনাৰে মুঠ ২০০ খনকৈ বেলেগে বেলেগে ৰখা হৈছে ৷ ইয়াত মুঠ ১০ হাজাৰ বিচনা আছে৷ তাৰ মাজতে ২৫০ টা আইচিইউৰ ব্যৱস্থা আছে ৷ আনহাতে ১০ শতাংশ অৰ্থাৎ ১০০০ বিচনাত অক্সিজেন দিব পৰা যাব ৰোগীক৷ চিকিৎসালয়খনত দিল্লী আৰু নেচনেল কেপিটেল ৰিজিৱন (এনচিআৰ)ৰ বাসিন্দাসকলে পৰিসেৱা পাব ৷ এই কথা দিল্লীৰ লেফটেনেণ্ট গবৰ্ণৰ অনিল বৈজালে জনায় কয় যে চিকিৎসক, নাৰ্চৰ লগতে মানসিকভাৱে ভাঙি পৰা ক’ৰোনা আক্ৰান্তৰ বাবে কাউন্সিলিঙৰ ব্যৱস্থা ৰখা হৈছে ৷ তাত থাকিব মনোৰোগ বিশেষজ্ঞও ৷

গলৱান নদীৰ জলস্তৰ বৃদ্ধি : চীনে দখল কৰা এলেকাৰ ৫ কিলোমিটাৰ পৰ্যন্ত প্লাৱিত ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

গৰমত গলিছে হিমালয়ৰ বৰফ ৷ তাৰ ফলত চীনত উৎপত্তি হোৱা গলৱান নদীৰ জলস্তৰ বাঢ়িছে৷ বৰফ-ঠাণ্ডা জলস্তৰ ক্ৰমান্বয়ে বাঢ়ি আছে ৷ পূৱ লাডাখৰ গালৱান উপত্যকাৰ যি অংশ চীনে দখল কৰিছে তাৰ পৰা পাঁচ কিলোমিটাৰ পৰ্যন্ত প্লাৱিত হৈ পৰিছে ৷ ফলত সেই ঠাইত সমস্যাত পৰিছে তাত মোতায়েন কৰা পিএলএৰ জোৱান৷ চীন সেনাৰ এক শীর্ষস্থানীয় কমাণ্ডাৰে কয়, বৰফ গলিছে দ্ৰুত হাৰত৷ নদীৰ তীৰ এতিয়া খুউব বিপদজনক ৷ তেওঁ লগতে কয়, বৰফ গলাৰ কাৰণে নদীৰ জলস্তৰ বাঢ়ি গৈছে গালৱানত৷ গোগৰা, হট স্প্ৰিংছ আৰু পেংগং ছো অঞ্চলত পিএলএৰ বৰ্তমান অৱস্থান ধৰি ৰখা কঠিন হ’ব ৷ তেওঁৰ এই কথাই ইংগিত দিছে যে দ্বিপাক্ষিক বৈঠকত সম্ভৱ নহ’ল, ভাৰতীয় সেনাবাহিনী এতিয়াও সফল হোৱা নাই পিএলএক আঁতৰাই পঠোৱাত ৷ সেই কাম হয়তু কৰিব পাৰে প্ৰকৃতিয়ে ৷ প্ৰাণ বচাবলৈ নিজৰ বৰ্তমান অৱস্থানৰ পৰা পিছুৱাই যাব পাৰে পিএলএ ৷

হাৰিয়া নৈত ডুব যোৱা বৰক’লাৰ যুৱক চিংকু বৰদলৈ মৃতদেহ উদ্ধাৰ ৷

দৈনন্দিন বাৰ্তাৰ সেৱা

ননৈ : নগাঁও জিলাৰ বৰক’লা আদৰ্শ লালুং গাৱঁৰ চিংকু বৰদলৈ নামৰ এজন যুৱক (৩৫) হাৰিয়া নৈত গা ধুবলৈ বুলি যাওঁতে নৈৰ বুকুত ডুব গৈছিল যোৱা শনিবাৰে ৷ কালি দিনৰে পৰা এছ ডি আৰ এফৰ লোকে যুৱক জনৰ সন্ধানত সমগ্ৰ অঞ্চলতে অভিযান আৰম্ভ কৰিছিল যদিও যুৱক জনৰ কোন সন্ধান লাভ কৰা নাছিল ৷ অৱশ্যে আজি দুপৰীয়া এছ ডি আৰ এফে অশেষ কষ্ট কৰি ঘটনাস্থলীৰ কিছু নিলগত মৃত যুৱক জনৰ নশ্বৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, যোৱা ৪ জুলাই শনিবাৰে দিনৰ ভাগত গাৱঁৰ এগৰাকী  ব্যক্তিৰ মৃতদেহ সৎকাৰ কৰি হাৰিয়া নৈত গা ধুৱলৈ বুলি নামোতেই উক্ত ঘটনাটো সংঘটিত হয় ৷ বৰ্তমান হাৰিয়া নৈ ফেনেফুটুকাৰে বাঢ়ি অহা নৈৰ বুকুত ডুব যোৱা যুৱক জনৰ আজি দুপৰীয়া সন্ধান পোৱাৰ পিছতে বৰ্তমান সমগ্ৰ অঞ্চলতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷

মহাবিদ‍্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিত জটিলতা ; বেংক একাউণ্ট খুলিবলৈ গৈ সমস‍্যাত ছাত্ৰ-ছাত্ৰী। নিৰাময়ৰ বাবে কলিয়াবৰ মহাবিদ‍্যালয় আছু গোটৰ স্মাৰকপত্ৰ।

কলিয়াবৰ :  অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় সমূহত নতুন নামভৰ্তি চলি থকা সময়তে কলিয়াবৰ মহাবিদ্যালয়ৰো নতুন নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু বহু ছাত্ৰ-ছাত্ৰী এতিয়া আহুকালৰ সন্মুখীন হৈছে এক বিশেষ কাৰণত। কিয়নো মহাবিদ‍্যালয়সমূহে নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বেংক একাউন্ট এতিয়া বাধ‍্যতামূলক। কিন্তু নামভৰ্তি কৰিবলগীয়া সৰহভাগ উচ্চ মাধ‍্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ লগতে কিছুসংখ‍্যক উচ্চতৰ মাধ‍্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰো নাই। এই ক্ষেত্ৰত বেংক একাউন্ট নথকা ছাত্ৰ-ছাত্ৰীসকল মহা বিপদত পৰিছে। একাউন্ট খুলিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকল বেংকৰ নীতি-নিয়মৰ বাবে সন্মুখীন হৈছে সীমাহীন সমস‍্যাৰ। অপ্ৰাপ্তবয়ষ্ক ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় নথি-পত্ৰ সময় মতে যোগাৰ কৰিব নোৱাৰাৰ ফলত নামভৰ্তিত বেমেজালি ঘটাৰ উপক্ৰম হৈছে। আনহাতে, বেংকে কৰ্তৃপক্ষই ইচ্ছা কৰিলেও বৰ্তমানৰ কঠিন নীতি-নিয়ম আওকাণ কৰিব নোৱাৰা অৱস্থা। মুঠতে এতিয়া বেংক একাউণ্ট খোলাক লৈ গ্ৰাহক-সেৱক দুয়োপক্ষ বিপাঙত।ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হোৱা এনে বেমেজালি নিৰাময়ৰ বাবে এক সুচল পৰিৱেশ উদ্ভাৱন বৰ্তমান সময়ৰ প্ৰয়োজন। এক সুচল প্ৰক্ৰিয়া যাতে আৰম্ভ কৰে তাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে কলিয়াবৰ মহাবিদ্যালয় আছু গোটে। শনিবাৰে আছু গোটৰ তৰফৰ পৰা ভাৰতীয় ষ্টেট বেংক, কলিয়াবৰ শাখাৰ শাখা পৰিচালক এখন স্মাৰকপত্ৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকল সন্মীখীন হোৱা জটিলতাৰ বিষয়ে অৱগত কৰে। আছু গোটৰ সভাপতি ত্ৰিদিপ বৰা, সম্পাদক প্লাৱন বৰা আৰু শিক্ষা সম্পাদক মৃন্ময়জ‍্যোতি বৰা স্বাক্ষৰিত স্মাৰক পত্ৰখন প্ৰদানৰ পাছত সমস‍্যাটোৰ তৎকালীন সমাধানৰ বাবে আছু গোটৰ সদস‍্যসকলে শাখা পৰিচালকৰ লগত এক আলোচনাত মিলিত হয়। পৰিচালকেও ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা জটিলতা নিৰাময়ৰ আশ্বাস প্ৰদান কৰে। নামভৰ্তি কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলক অগ্ৰাধিকাৰ ভিত্তিত বেংক একাউণ্ট খুলিব পৰাকৈ কিছু শিথিলতা অনাৰ বাবে ব‍্যৱস্থা গ্ৰহণ কৰিব বুলিও জনাই পৰিচালক গৰাকীয়ে। যাতে ছাত্ৰ-ছাত্ৰীসকলে অনতিপলমে বেংক একাউন্ট সমূহ খুলিব পাৰে।

অসমৰ কৃষিভূমি শ্ৰেণী পৰিৱৰ্তনৰ নীতি বাতিলৰ দাবীত অসম জাতীয়তা যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান ।

অসমৰ কৃষিভূমি শ্ৰেণী পৰিৱৰ্তনৰ নীতি বাতিলৰ দাবীত অসম জাতীয়তা যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান ।

কলিয়াবৰ : অসমৰ খিলঞ্জীয়ৰ অধিকাৰ আৰু জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গানেৰে অসমৰ ক্ষমতা দখল কৰা ভাজপা নেতৃত্বধীন চৰকাৰখনৰ এটাৰ পিছত এটাকৈ লোৱা হঠকাৰী সিদ্ধান্তই অসমৰ অস্তিত্ব বিপদাপন্ন কৰি আহিছে। সেই হঠকাৰী সিদ্ধান্তসমূহৰ শেহতীয়া সংযোজন হ’ল – অসমৰ কৃষিভূমি শ্ৰেণী পৰিৱৰ্তনৰ নীতি। অসমৰ খিলঞ্জীয়া-ভূমিপুত্ৰসকলৰ ভূমি বনিয়াই হস্তগত কৰিব পৰাকৈ অসম চৰকাৰৰ সৰ্বনাশী নীতিৰ বিৰুদ্ধে অসমৰ জনগণে সৰৱ প্ৰতিবাদ সাব‍্যস্ত কৰিছে। চৰকাৰৰ এই জাতিদ্ৰোহী নীতিৰ বিৰুদ্ধে কলিয়াবৰতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। যোৱা শুকুৰবাৰে এক স্মাৰক পত্ৰ যোগে এই জাতিদ্ৰোহী আইন বাতিলৰ দাবী তুলিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে। অসম চৰকাৰে কৌশলপূৰ্ণভাৱে বনিক শ্ৰেণীক কৃষিভূমি উদ‍্যোগ প্ৰতিষ্ঠাৰ নামত ৰঙা দলিচা পাৰি দিয়া কাৰ্য‍্যক তীব্ৰ বিৰোধিতা কৰাৰ লগতে এই আইন বাতিল নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে। ৰাজ‍্যৰ মুখ‍্যমন্ত্ৰীলৈ প্ৰৰণ কৰা স্মাৰকপত্ৰখনত অধ‍্যাদেশখন খিলঞ্জীয়াক নিঃশেষ কৰাৰ চক্ৰান্ত বুলি অভিহিত কৰে সংগঠনটোৱে। কলিয়াবৰ জিলা শাখাৰ সভাপতি প্ৰদীপ লস্কৰ আৰু সম্পাদক দিপুমণি বৰা স্বাক্ষৰিত স্মাৰক পত্ৰখন কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি কাৰ্য‍্যালয়ত সহকাৰী অতিৰিক্ত আয়ুক্তক আনুষ্ঠানিকভাৱে অৰ্পন কৰে সমিতিৰ বিষয়ববীয়াই।

অষ্ট্ৰেলিয়াত কোৱাৰেণ্টাইন পৰ্বত হোটেলত চলিছে উদ্দাম যৌনতা ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

কোৱাৰেণ্টাইন পৰ্বত হোটেলত চলিছে উদ্দাম যৌনতা ৷ কোনোও এবাৰো ভুলতে হেৰুৱাব বিচৰা নাই৷ এনে অৱস্থাৰ সৃষ্টি হৈছে অষ্ট্ৰেলিয়াৰ একাধিক চহৰত ৷ উল্লেখ্য যে মেলবৰ্ণত ভয়ানকভাৱে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ ৷ কিন্তু তাত মনা নাই কোৱাৰেণ্টাইনৰ নিয়ম৷ যৌৱনতাত মছগুল বহুজন ৷ তাকে লৈ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে৷ অষ্ট্ৰেলিয়াত জুন মাহৰ পৰা ক’ৰোনা সংক্ৰমণ বৃদ্ধি পাইছে৷ ইয়াৰ বাবে দুটা বিষয়ক দায়ী কৰিছে দেশখনৰ প্ৰশাসনে৷ তাৰে প্ৰথমটো হ’ল মানুহ ঘুৰি আহিছে৷ তেওঁলোকক বাধ্যতামূলকভাৱে বিভিন্ন হোটেলত কোৱাৰেণ্টাইনত ৰখা হৈছে ৷ দ্বিতীয়তে কোৱাৰেণ্টাইনৰ সুবিধা লৈ চলিছে যৌৱনৰ বাসনা ৷ সম্প্ৰতি সমীক্ষাত দেখা গৈছে  যে অষ্ট্ৰেলিয়াৰ বেছিভাগ মানুহে লকডাউনৰ সময়ত যৌৱনতাত মগ্ন হয় ৷ উল্লেখ্য যে অষ্ট্ৰেলিয়াত ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন বাধ্যতামূলক ৷ কিন্তু হোটেলবোৰত কোৱাৰেণ্টাইনৰ কোনো গাইডলাইন মনা নাই ৷ ফলত হোটেলবোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ কৈছে প্ৰশাসনে৷ মন কৰিব লগা যে মেলবৰ্ণৰ এখন নামী হোটেলত এদিনতে ৩১জন ক’ৰোনা পজিটিভ চিহ্নিত হয় ৷ আন হোটেলটো বহু ধৰা পৰিছে৷ প্ৰত্যেকে স্বীকাৰ কৰিছে যে কোৱাৰেণ্টাইনত থকাৰ সময়ত তেওঁলোক নিজৰ যৌৱনতাত ব্যস্ত ৷ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে জনাইছে যে এই ঘটনাৰ দোষী প্ৰমাণিত হ’লে উপযুক্ত  শাস্তি দিয়া হ’ব ৷