Home Blog Page 3264

প্ৰয়াত প্ৰিয়ংকা বড়োৰ পিতৃক ৪ লাখ টকাৰ সাহৰ্য্য প্ৰদান মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৷

আৰ্থিক অনুদানৰ পত্ৰ খাৰঘুলি হিড়িম্বাপুৰত যোৱা ২৮ জুনত সংঘটিত ভুমিস্খলনৰ ঘটনাত নিহত হোৱা গুৱাহাটী কলেজৰ মেধাবী ছাত্ৰী প্ৰিয়ংকা বড়োৰ পিতৃ কুশল বড়ো চৌধুৰীক সোমবাৰে অসম চৰকাৰৰ তৰফৰ পৰা ৪ লাখ টকাৰ সাহৰ্য্য প্ৰদান কৰা হয়৷ কামৰুপ মহানগৰ জিলা প্ৰশাসন তথা গুৱাহাটী ৰাজহ বিভাগৰ বিষয়ববীয়াৰ উপস্থিতিত গুৱাহাটী উন্নয়ন মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নৃত্য শিল্পী গৰাকীৰ  বিয়োগত যথেষ্ট দুখ প্ৰকাশ কৰাৰ লগতে শোকসমপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায়৷ সোমবাৰে শিল্পী গৰাকীৰ বাসগৃহত আদ্যশ্ৰাদ্ধ অনুষ্ঠানত পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য গুৱাহাটী ৰাজহ চক্ৰ বিষয়া আদিত্য গগৈসহ কেইবাগৰাকী বিষয়াৰ উপস্থিত হৈ প্ৰিয়ংকা বড়োৰ পিতৃ কুশল বড়ো চৌধুৰীৰ হাতত ৪ লাখ টকাৰ আৰ্থিক অনুদান পত্ৰ প্ৰদান কৰে৷ উল্লেখ্য যে কিছু দিন পূৰ্বে মন্ৰীগৰাকীয়ে প্ৰিয়ংকা বড়োৰ বাসগৃহত উপস্থিত হৈ ব্যক্তিগতভাৱে নগদ দহ হেজাৰ টকা আৰ্থিক অনুদান হিচাপে আগবঢ়ায় ৷

দৰিদ্ৰৰ বাবে সাহায্য হিচাপে বন্ধনৰ প্ৰতিস্থাপক চন্দ্ৰশেখৰ ঘোচ, এফ আই টি আৰু এন ই এফ আই টিৰ ৫০ কোটি টকাৰ সাহায্য ৷

গুৱাহাটী : নাৰী সবলীকৰণ আৰু দৰিদ্ৰতা দূৰীকৰণৰ লক্ষ্য আগত লৈ চন্দ্ৰশেখৰ ঘোচে ২০০১ চনত এটি এন জি অ’ হিচাপে বন্ধন প্ৰতিষ্ঠা কৰিছিল ৷ ইয়াৰ বাবে বন্ধনে উপাৰ্জনমুখী কামৰ উদ্দেশ্যে আৰ্থিকভাৱে পিছপৰা মহিলাসকলক ক্ষুদ্ৰ ঋণ প্ৰদান কৰি আহিছে ৷ এদিন এই এন জি অ’টোৱে লক্ষ্যস্থানত উপনীত হয় আৰু আৰ্থিকভাৱে পিছপৰা লোকসকলক উন্নয়নমূলক পৰিকল্পনাৰ বাবে ফাইনেন্সিয়েল ইনক্লুজন ট্ৰাষ্ট (এফ আই টি) আৰু নৰ্থ-ইষ্ট ফাইনেন্সিয়েল ইনক্লুজন ট্ৰাষ্ট (এন ই এফ আই টি) নামৰ দুটা ন্যাস গঠন কৰে ৷ ২০১৫ চনত বন্ধন বেংকলৈ ৰূপান্তৰিত হয় আৰু এফ আই টি আৰু এন ই এফ আই টিয়ে বেংকটোৰ প্ৰমোটাৰ হিচাপে ভূমিকা পালন কৰে ৷ দেশ বৰ্তমান গভীৰ সংকটৰ সন্মুখীন হৈছে ৷ ইফালে কৰ’না ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ দেশৰ এই সংকটৰ সময়ত এফ আই টি আৰু এন ই এফ আই টিৰ সৈতে ব্যক্তিগত সামৰ্থ্যৰে বন্ধনৰ প্ৰতিস্থাপক চন্দ্ৰশেখৰ ঘোচে আৰ্থিকভাৱে পিছপৰা লোকসকলৰ খাদ্যৰ প্ৰয়োজন পূৰণৰ চেষ্টা চলাইছে ৷ একে সময়তে চন্দ্ৰশেখৰ ঘোচ, এফ আই টি আৰু এন ই এফ আই টিয়ে ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰীৰ সাহায্য পূজিলৈ ২৫ কোটি টকাৰ সাহায্য আগবঢ়াইছে আৰু প্ৰধান মন্ত্ৰীৰ সাহায্য পূজিলৈ ২৫ কোটি ১ লাখ টকাৰ বৰঙণি আগবঢ়াইছে ৷ প্ৰতিটো দুখীয়া পৰিয়ালৰ ১৫ দিনৰ খাদ্যৰ প্ৰয়োজন পূৰণ কৰিবলৈ ১,০০০ টকা নিৰ্ধাৰণ কৰি এই ৫০ কোটি ১ লাখ টকা দেশৰ মুঠ ৫ লাখ পৰিয়ালৰ সহায়ৰ বাবে প্ৰদান কৰিছে ৷

লকডাউনে সলনি কৰিছে বহুতৰে জীৱনৰ গতিপথ ৷ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচাৰে তৈয়াৰী মাস্ক বিক্ৰীৰে কৰি গৈছে জীৱন যুঁজৰ আন এক সংগ্ৰাম ৷

মাস্ক বিক্ৰীৰে ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙণি ৷

✍ দ্বীপেন শইকীয়া

বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে দেশজুৰি অব্যাহত থকা তলাবন্ধৰ ফলত বহু ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে হতাশাত দিন অতিবাহিত কৰিছে ৷ যোবা ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশত অব্যাহত থকা তলাবন্ধৰ ফলত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দৈনিক ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত শ্ৰেণীটো ৷ অৱশ্যে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ সময়ত কিছু কিছু ক্ষেত্ৰত বহুখিনি শিথিলতা অহাত একাংশ কমোদ্যমী ক্ষুদ্ৰ ব্যৱসায়ীয়ে কিন্তু হাত সাবতি ঘৰত বহি নেথাকি পূৰ্বৰ উপাৰ্জনৰ উৎসৰ পৰিৰ্বতে সাম্প্ৰতিক পৰিস্থিতিৰ লগত মিলাই এই ক্ষুদ্ৰ ব্যৱসায়ীক শ্ৰেণীটোবে অন্যধৰণে আৰম্ভ কৰিছে জীৱন জীয়াৰ আন এক সংগ্ৰাম ৷ দিৰ্ঘদিনীয়া তলাবন্ধত পূৰ্বৰ ব্যৱসায়ত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোবা এইসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে বৰ্তমান হাতত থকা সীমিত জমা ধনেৰে আৰম্ভ কৰিছে পুনৰ এটা নতুন ব্যৱসায় ৷ এই নতুন ব্যৱসায় কৰি দৈনিক উপাৰ্জন কৰিছে ২৫০ টকাৰ পৰা আৰম্ভ কৰি ৬০০-৭০০ টকা পৰ্যন্ত ৷ সেই টকাৰে তেওঁলোকে পৰিচালনা কৰি গৈছে নিজৰ নিজৰ পৰিয়াল-সংসাৰ সমূহ ৷ ক’ৰোনা ভাইৰাছক প্ৰতিহত কৰাৰ ক্ষেত্ৰত বৰ্তমান সৰ্বসাধাৰণ ৰাইজৰ মাজত মাস্ক এবিধ অত্যাৱশ্যকীয় সামগ্ৰী ৰূপে পৰিগণিত হোবাৰ সময়তে বহু লোকে এতিয়া মাস্ক বিক্ৰী কৰাতো এক জীৱিকা ৰূপে গ্ৰহণ কৰিছে ৷ এইক্ষেত্ৰত থলুৱাভাৱে উৎপাদিত অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচা খনকে বাচি লৈ একাংশই আৰম্ভ কৰিছে এই নতুন ব্যৱসায় ৷ এইক্ষেত্ৰত নগাঁৱৰ কলংপাৰ সাৰ্ব্বজনীন শিৱ মন্দিৰৰ প্ৰাংগণত মন্দিৰলৈ অহা দৰ্শনাৰ্থী সকলৰ সুবিধাৰ্থে মিঠা তেলৰ চাকি-বন্তি,ঘিউৰ বন্তি,ধূপ,মেছৰ লগতে মন্দিৰত প্ৰয়োজন হোবা ভিন্ন বিধ উপাসনাৰ সামগ্ৰী,নতুন মুৱাইল ফোনৰ চিম কাৰ্ডৰ সংযোগ,মুৱাইলৰ ৰিৰ্চাজ কাৰ্ড,মুৱাইল কৰ্ভাৰ,কলম,ভিন্ন বিধ অন্যান্য সামগ্ৰী বিক্ৰী কৰি আজি পোন্ধৰ-ষোল্ল বছৰে নিজৰ পৰিয়ালটো পৰিচালনা কৰি অহা চহৰৰ পাৰ্শ্ব্ৱ্তী হুঁজ গাঁৱৰ এজন উচ্চ শিক্ষিত কৰ্মোদ্যমী যুৱক বিপুল কলিতা ৷ চহৰৰ প্ৰায় সংখ্যক লোকৰ মাজতে অতিকৈ পৰিচিত বিপুল এজন ক্ষুদ্ৰ ব্যৱসায়ী ৷ সমগ্ৰ দেশতে আজি তলাবন্ধই সত্তৰ দিন অতিক্ৰম কৰিলে ৷ ক’ৰোনা ভাইৰাছৰ এই ভয়াৱহ পৰিস্থিতি ৰাজ্যখনলৈ অহাৰ আগতে মই কলংপাৰৰ সাৰ্ব্বজনীন শিৱ মন্দিৰৰ প্ৰাংগণত এই ক্ষুদ্ৰ দোকান খন দি পৰিয়াল চলাই আছিলো ৷ নগাঁৱৰ আদালত,জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ওপৰি আন আন চৰকাৰী কাৰ্যালয় সমূহত কৰ্মৰত চাকৰীয়াল সকল,চহৰৰ ভিন্ন খন কলেজৰ ছাত্ৰছাত্ৰী সকলে মোৰ দোকানৰ পৰাই বিভিন্ন মুৱাইলৰ নতুন সংযোগ,মুৱাইলৰ ৰিৰ্চাজ কাৰ্ডৰ ওপৰি মন্দিৰলৈ অহা অসংখ্য দৰ্শনাৰ্থীয়ে মিঠাতেল,ঘিউৰ চাকি-বন্তি-ধূপ-মেছৰ লগতে মন্দিৰত উপাসনাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ মোৰ পৰা ক্ৰয় কৰি আহিছিল ৷ কিন্তু,আজি দিৰ্ঘদিনীয়া তলাবন্ধৰ ফলত সেই সকলো ব্যৱসায়ত যতি পেলালে ৷ দিৰ্ঘদিনীয়া তলাবন্ধৰ সময়ত ঘৰতে বহি থাকিলো বিভিন্ন ঘৰুৱা কাম-কাজ কৰি লগতে লৰা-ছোৱালী হতঁৰ লগত ব্যস্ত হৈ থাকি ৷ যদিও চৰকাৰে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ পিছত নিতী-নিয়ম এতিয়া কিছু শিথিল কৰিছে আৰু পূৰ্বৰ দৰে বৰ্তমান ৰাইজ মঠ-মন্দিৰলৈ আহিব লৈছে ৷ গতিকে,আমাৰ দৰে ক্ষুদ্ৰ ব্যৱসায়ীয়ে সেয়ে এতিয়া বজাৰত বাঢ়ি অহা প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দি উন্নত মানদণ্ডৰ ফুলাম গামোচাৰে তৈয়াৰী মাস্কৰ লগতে N-95 মাস্ক, গ্ৰামাঞ্চলৰ বিভিন্ন আত্মসহায়ক গোটৰ মহিলা গোটে তৈয়াৰ কৰা ফুলাম গামোচাৰ মাস্ক সমূহ বিক্ৰী কৰাত নিয়োজিত হোৱাৰ কথা ভৌৰৱেৰে ব্যক্ত কৰে ক্ষুদ্ৰ ব্যৱসায়ৰে নিজৰ পিতৃ-মাতৃ,পত্নীৰ লগতে দুটি সন্তানৰে ছয় জনিয়া পৰিয়ালটো পৰিচালনা কৰা ৩৪ বছৰীয়া এইগৰাকী উচ্চ শিক্ষিত তথা কৰ্মোদ্যমী যুৱক বিপুল কলিতাই ৷ বৰ্তমান জনমানসত গামোচাৰে তৈয়াৰী মাস্কৰ চাদিহা বৃদ্ধি পোৱাত দৈনিক চাৰিশ টকাৰ পৰা আৰম্ভ কৰি ছশ-সাতশ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হোবা বুলি জনায় এইজন যুৱ ব্যৱসায়ীয়ে ৷ আনহাতে, পূৰ্বে নগাঁও চহৰৰ শ্বহীদ ভৱনৰ সন্মুখত এখন ঠেলাত আটকধুনীয়াকৈ সুসজ্জিত ৰূপত শিশু সকলৰ উপযোগী বিভিন্ন খন জ্ঞানৰ পুথি,সাধুকথাৰ কিতাপ,কবিতা,ৰসাল গ্ৰন্থ,দেশ-বিদেশৰ নানা লাগতিয়াল জ্ঞানৰ কিতাপ,বিভিন্ন অসমীয়া ফকঁৰা যোজনা,হিন্দী চায়েৰী,ইংৰাজী সাধুকথা আদিৰ কিতাপ,কলম,স্কেল,ৰং-পেঞ্চিল,ৰৱৰ,কাৰ্যালয়ৰ বিভিন্ন বিধ সামগ্ৰী বিক্ৰী কৰি নিজৰ দেউতাকৰ লগতে তেওঁৰ চাৰি জনিয়া পৰিয়ালটো পৰিচালনা কৰা নগাঁৱৰ কছলুখোৱা নিৱাসী মঞ্জু দাসে ঢাকাপট্টিস্থিত বিষ্ণুৰাভা মাৰ্কেটৰ পৰা ফুলাম গামোচা সমূহ ক্ৰয় কৰি নিজ ঘৰত তেওঁৰ পত্নীৰ সৈতে তৈয়াৰ কৰা মাস্ক সমূহ শ্বহীদ ভৱনৰ সন্মুখতে এতিয়া পুনৰ এনেদৰে মাস্ক বিক্ৰী কৰি দৈনিক ৪০০ ৰ পৰা ৬০০ টকা পৰ্যন্ত উপাৰ্জন কৰি গৈছে ৷ এইক্ষেত্ৰত মঞ্জু দাস নামৰ চল্লিছ বছৰীয়া যুৱ ব্যৱসায়ী জনে কয়- আগতে এই স্থানতে মই এখন থেলাত কিতাপৰ দোকান দি উপাৰ্জন কৰি পৰিয়াল পোহপাল দিছিলো ৷ কিন্তু আজি দিৰ্ঘদিনীয়া এই লকডাউনৰ বাবে আমাৰ সেই ব্যৱসায়ত বহু ব্যাঘাত পৰিল ৷ স্কুল-কলেজ-চৰকাৰী কাৰ্যালয় সমূহৰ বন্ধত অস্থায়ীৰূপে থেলাত কিতাপৰ দোকান দি উপাৰ্জন কৰাতো এতিয়া কঠিন হৈ পৰিছে ৷ সেয়ে কি কৰিম কি নকৰিম বুলি চিন্তা কৰি থাকোতেই মনলৈ আহিল মাস্ক বিক্ৰী কৰা কথাটো ৷ তেতিয়াৰ পৰাই এইস্থানত মাস্ক বিক্ৰী কৰি আহিছো ৷ হাতত পৰ্যাপ্ত টকাৰ অভাৱৰ বাবে প্ৰথমাৱস্থাত মাত্ৰ চল্লিছ খন মাস্ক তৈয়াৰ কৰি বিক্ৰী কৰিছিলো ৷ পৰৰ্বতি সময়ত ডেৰশ-দুশখন মাস্ক তৈয়াৰ কৰি বিক্ৰী কৰিব পৰা অৱস্থা হৈছে ৷ বৰ্তমান সময়ত তলাবন্ধৰ নিতী নিয়ম চৰকাৰে কিছু শিথিল কৰাত মানুহ ঘৰৰ পৰা বাহিৰলৈ উলাব পৰা হৈছে আৰু শ্বহীদ ভৱনৰ কাষেৰে পাৰ হৈ যোবা প্ৰায়ভাগ লোকেই মোৰ পৰা মাস্ক ক্ৰয় কৰি আহিছে ৷ এতিয়া দৈনিক মাস্ক বিক্ৰী কৰি ৪০০ টকাৰ পৰা ৬০০-৭০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছো ৷ ইফালে, চহৰ খনৰ নতুন বজাৰস্থিত এগৰাকী ট্ৰেইলাৰিং ব্যৱসায়ী হয়ৱৰগাওঁ ৰেল ষ্টেচনৰ কাষৰ এজন আৱাসী ৫৩ বছৰীয়া স্বপন দাসে আজি প্ৰায় ২৮ বছৰ ধৰি নতুন বজাৰত ট্ৰেইলাৰিংৰ কাম কৰি নিজৰ এজন ককাইয়েকৰ ওপৰি পত্নী আৰু দুজন পুত্ৰ সন্তানেৰে পাঁচ জনিয়া পৰিয়ালটো পৰিচালনা কৰি আহিছিল ৷ কিন্তু,আজি দিৰ্ঘদিনীয়া তলাবন্ধৰ ফলত ট্ৰেইলাৰিং ব্যৱসায়টোত ঘোৰ অমানিশা মানি আহিল ৷ তলাবন্ধৰ আৰম্ভণিৰে পৰা আজি পৰ্যন্ত এজনো গ্ৰাহক অহা নাই ট্ৰেইলাৰলৈ ৷ চিলাব পৰা নাই এযোৰ কাপোৰ ৷ এনেদৰে আৰু কিমান দিন ঘৰতে হাত সাবতি বহি থাকিব এইসকল ক্ষুদ্ৰ ব্যৱসায় ৷ সেয়ে আৰম্ভ কৰিছে এতিয়া এনেদৰে ফুলাম গামোচাৰে তৈয়াৰী মাস্ক আৰু বিক্ৰী কৰি গৈছে নিজৰ ট্ৰেইলাৰৰ সন্মুখত অস্থায়ীৰূপে গঢ়ি উঠা বজাৰত ৷ সেইদৰে নতুন বজাৰত ফুলাম গামোচাৰে নিজ হাতে মাস্ক তৈয়াৰ কৰি বিক্ৰী কৰা আন এগৰাকী উদ্যমী মহিলা হৈছে অনিতা দত্ত দাস ৷ নগাঁও চহৰৰ পানীগাওঁ শান্তিবন নিৱাসী পেছাত এজন টম্-টম্ চালক প্ৰদীপ দাসৰ পত্নী এইগৰাকী মহিলাৰো চহৰৰ নতুন বজাৰতে আছে এখন ট্ৰেইলাৰিংৰ দোকান ৷ তলাবন্ধৰ বাবে কোনো এবিধ পোচাক তৈয়াৰ কৰিবলৈ সক্ষম নোহোবা ৪২ বছৰীয়া মহিলা গৰাকীয়ে বজাৰৰ পৰা ক্ৰয় কৰা ফুলাম গামোচাৰ লগতে কটনৰ ভিন্ন ৰঙি কাপোৰ কাটি অত্যাধুনিক ৰূপত নিজ হাতে তৈয়াৰ কৰি গ্ৰাহকক বিক্ৰী কৰি আহিছে ইখনৰ পিছত সিখন মাস্ক ৷ এই মাস্ক বিক্ৰী কৰি বৰ্তমান তেওঁ দৈনিক উপাৰ্জন কৰিছে ৩০০ পৰা পাঁচশৰো অধিক টকা আৰু তাৰেই সুন্দৰকৈ পৰিচালনা কৰি আহিছে স্বামীৰ লগতে পুত্ৰ-কন্যাৰে চাৰিজনীয়া পৰিয়ালটো ৷ এক কথাত কবলৈ গলে সম্প্ৰতি লকডাউনে সলনি কৰিছে বহুতৰে জীৱনৰ গতিপথ | বিশ্বব্যাপী মহামাৰীৰ প্ৰভাৱে ৰাজ্যখনৰ অৰ্থনীতি বহু পৰিমানে বিধ্বস্ত কৰাৰ সময়তে প্ৰতিজন অসমীয়াৰ অতিকৈ আপোন,অসমীয়া জাতিৰ পৰিচয় তথা স্ব্যভিমানৰ প্ৰতীক ফুলাম গামোচাৰে তৈয়াৰী মাস্কৰ এই চাহিদা বৃদ্ধিয়ে বহু সংখ্যক ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ কঢ়িয়াই আনিছে এক আশাৰ ৰেঙণি ৷

ভ্ৰাম্যভাষঃ ৮৭২৪৯-১০১৪৪

নগাঁৱত সামাজিক দুৰত্ব ভৰিৰে মোহাৰি কংগ্ৰেছৰ ইয়ং ব্ৰিগেড সেৱাদলৰ কৰ্মী সভা। “২০২১ৰ নিৰ্বাচনত কংগ্ৰেছ আৰু ‘কা’ বিৰোধী শক্তিয়ে এশ খন আসন লাভ কৰিব”: ৰকিবুল।

নগাঁও : নগাঁৱত কংগ্ৰেছৰ ইয়ং বিগ্ৰেড সেৱা দলৰ এখন কৰ্মীসভা আজি জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত হয়। ইয়ং বিগ্ৰেডৰ জিলা সভাপতি দিব্যজ্যোতি বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, গৌতম বৰা , বিধায়ক ইলিয়াছ আলি, নুৰুল হুদা, প্ৰাক্তন বিধায়ক ডাঃ দূৰ্লভ চমুৱাৰ লগতে ইয়ং বিগ্ৰেডৰ ৰাজ্যিক সভাপতি দ্বীপ বায়নকে ধৰি বহু কেইগৰাকী জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে । ইয়ং বিগ্ৰেডত শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা সভাৰ আৰম্ভণিতে ভাৰত-চীন সীমান্ত লাডাখত নিহত হোৱা ভাৰতৰ বীৰ শ্বহীদ ২০ জোৱানৰ প্ৰতিচ্ছবিত কংগ্ৰেছৰ নেতা-কৰ্মী সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সভাৰ ভাষণ প্ৰসংগত ইয়ং বিগ্ৰেডৰ ৰাজ্যিক সভাপতি দ্বীপ বায়নয়ে কয়, “কেন্দ্ৰ আৰু ৰাজ্যত বৰ্তমান ঘৃণাৰ ৰাজনীতি চলিছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত দীৰ্ঘদিন ধৰি বৰ্তি থকা সাতামপুৰুষীয়া ঐক্য-সংহতিৰ মাজত ঘুণে ধৰিছে।” তেওঁ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কংগ্ৰেছৰ হাত মজবুত কৰিবলৈ আহ্বান জনায়।সভাত প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে কয়, “বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে। সৰ্বসাধাৰণ ৰাইজক মিছা প্ৰতিশ্ৰুতিৰে আভুৱা ভাৰি আছে। তেওঁলোকে ৰাইজক দিয়া কোনো এটা প্ৰতিশ্ৰুতিয়েই পুৰণ নকৰিলে।” ফলত ৰাইজে অনাগত নিৰ্বাচনত বিজেপিক এসেকা দিবলৈ সাজু হৈছে বুলি মন্তব্য কৰি হুছেইনে আৰু কয়,” ইয়ং বিগ্ৰেড কংগ্ৰেছৰ শক্তি। ২০২১ ত কংগ্ৰেছৰ নেতৃত্বত ‘কা’ বিৰোধী শক্তিয়ে ১০০ টা খন আসন লাভ কৰিব।” লগতে হুছেইনে বিজেপিয়ে কৰ’না ভাইৰাছক লৈ ৰাজনীতি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে,ইতিমধ্যে বিজেপি সমাজৰ পৰা আঁতৰি গৈছে। তেওঁ নিজৰ ভাষণত টোলগেটত কৰ সংগ্ৰহ কৰিবলৈকে অখিল গগৈক চৰকাৰে আৱদ্ধ কৰি ৰাখিছে বুলিও মন্তব্য কৰাৰ লগতে নতুন উদ্যোগ নীতিৰ অধ্যাদেশৰ বিৰুদ্ধেও সৰৱ হৈ পৰে। উক্ত সভাত বিধায়ক নুৰুল হুদাই কয়যে,কংগ্ৰেছ এটা ইতিহাস প্ৰসিদ্ধ দল। এনে ইতিহাস আন কোনো দলতেই নাই। কংগ্ৰেছে এতিয়া নতুন ৰূপত আত্মপ্ৰকাশ কৰিব বুলিও তেওঁ কয়। সভাত প্ৰাক্তন বিধায়ক ডাঃ দুৰ্ল্লভ চমুৱায়ো ভাষণ দিয়ে। অতি আচৰ্যজনক বিষয় এই যে ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁৱতো কৰ’না ভাইৰাছে সামাজিক সংক্ৰমণৰ ৰূপ লোৱাৰ সময়ত আজিৰ কংগ্ৰেছৰ সভাখনত একাংশ নেতা-কৰ্মীয়ে সামাজিক দূৰত্ব বজাই ৰখা পৰিলক্ষিত নহ’ল। যিয়ে সকলোকে চিন্তিত কৰি তুলিছে। উক্ত সভাত বিজেপি নেতা মোহন দে’, হেমৰাজ ভাজপাৰ, হেমেন বৰদলৈ আৰু মদন ঘোষৰ নেতৃত্বত শতাধিক বিজেপি কৰ্মী কংগ্ৰেছত আজি আনুষ্ঠানিক ভাবে যোগদান কৰে।

গেলেকীত দৈখনা নদীৰ বানৰ তাণ্ডৱ : কেইবাশ হেক্টৰ ভূমি বানৰ কবলত : কেইবাখনো গাওঁ প্লাৱিত ।

নাজিৰা : শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত বৰনৈৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে কালি নিশাৰ ভাগৰ পৰা গেলেকী দৈখনা নদীৰ বানৰ তাণ্ডৱ অব্যাহত আছে।সীমান্তবৰ্তী অঞ্চলটোৰ নগা পাহাৰৰ পৰা ওলোৱা দৈখনা নদী জলপৃষ্ঠ তীব্ৰ গতিত বাঢ়ি অহাত নদীখনৰ বাঢ়নী পানীয়ে ভয়াবহৰূপ ধাৰণ কৰিছে ।ধাৰাষাৰ বৰষুণৰ ফলত ফেনে-ফুটুকাৰে উপচি পৰা নৈখনৰ বাঢ়নি পানীয়ে গেলেকী নপুখুৰী পঞ্চায়তৰ অধীনৰ লাহন গাওঁ,মৰাণ গাওঁ,ওখটিং,নামদাং ট্ৰাইবেল গাওঁ,তল মৰাণ গাঁও আদি কৰি কেইবাখনো গাওঁ প্লাৱিত কৰি তুলিছে।গাওঁকেইখনৰ শ শ লোক বানত আক্ৰান্ত হোৱাৰ লগতে গাওঁকেইখনৰ কেইবাশ হেক্টৰ কৃষি ভূমি জলমগ্ন কৰি তুলিছে।গাওঁৰ কৃষক ৰাইজে কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা আগতীয়া ধানৰ পথাৰ জলমগ্ন কৰি অনিষ্ট সাধন কৰিছে।উল্লেখ্য যে এই বাঢ়নী পানীৰ ফলত নামদাং ট্ৰাইবেল গাৱঁৰ নামঘৰকে ধৰি বহু ঘৰ বাৰী পানীৰ তলত ডুব যায়।নদীখনৰ বাঢ়নি পানীয়ে নিশাৰ ভাগত নদীখনৰ পাৰত থকা নাম মাত্ৰ মাথাউৰিটোৰ বিভিন্ন অঞ্চলত খহাই নিয়াৰ ফলত অঞ্চলটোৰ বাট-পথ সকলো পানীৰ তলত।ইফালে হাহাকাৰ পৰিস্হিতিৰ সৃষ্টি হৈছে গঞা ৰাইজৰ মাজত।স্মৰ্তব্য যে বছৰি ব্যাপক বানপানী আৰু নদীখনৰ পাৰত উন্নত মানৰ মাথাউৰি নোহোৱাৰ বাবে নাগালেণ্ড ত হোৱা অবৈধ কয়লা খননৰ ফলত নদীখনৰ পানীয়ে কয়লাৰ বিষাক্ত দ্ৰব্য কঢ়িয়াই আনি অঞ্চলটোৰ কৃষি ভূমিত ভয়াবহ প্ৰদূষণৰ সৃষ্টি কৰাৰ বাবে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি নষ্ট কৰাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কৰো কেইবাশ হেক্টৰ ভূমিৰ চাহ নষ্ট কৰি আহিছে ।অসম-নাগালেণ্ড সীমান্তবৰ্তী এই অঞ্চলৰ বান খহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন সংগঠন আৰু স্হানীয় ৰাইজে দাবী জনাই অহাৰ পাছতো এই পৰ্যন্ত কোনো প্ৰদক্ষেপ গ্ৰহন কৰা নাই।যাৰবাবে দশক দশক ধৰি নদীখনৰ ভয়াবহ বান খহনীয়াৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে সীমান্ত অঞ্চলটোৰ ন-পুখুৰী পঞ্চায়তৰ ৰাইজে। 

অসম জৰীপ আৰু বন্দবস্তী প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষক যোগেন নাথৰ দেহাৱসান ৷

নামখলা : দৰং জিলাৰ বৰদৌলগুৰিৰ নিবাসী তথা কৰ্মসূত্ৰে বৰ্তমান গুৱাহাটীৰ বাসিন্দা যোগেন নাথ ৷ লকডাউনত ঘৰতে আছে যদিও পুৱা ঘৰৰ ওচৰৰ  জপনাত বিদ্যুত সংযোগ হৈ থকা এখন টিনত হাতেৰে ধৰাত সংজ্ঞাহীন হৈ পৰে ৷ ততাতৈয়াকৈ গুৱাহাটীৰ মেডিকেল হাস্পতালত ভৰ্ত্তি কৰে যদিও ডাক্তৰে তেওঁক মৃত বুলি ঘোষণা কৰে ৷ ৫৫ বছৰীয়া যোগেন নাথক মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী সহ দুজন ল’ৰা ছোৱালীক এৰি থৈ যায় ৷ তেওঁৰ মৃত্যুত বৰদৌলগুৰি অঞ্চলত শোকৰ ছা পৰে ৷ আনহাতে পাথৰিঘাট ৰাজহ চক্ৰ বিষয়া আৰু কৰ্মচাৰী বৃন্দই শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জনায় ৷

ফেচবুক, ৱাটছএপৰ মাজত নতুন এপ ‘এলিমেণ্টছ’ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

ভাৰতত চীনৰ ৫৯টা এপৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হ’ল ৷ চীনা এপবোৰ বন্ধ কৰি দিয়াৰ পাছত ভাৰতত নতুনকৈ এপ তৈয়াৰ কৰা হৈছে ৷ লগতে জনসাধাৰণৰ দেশীয় পণ্য ব্যৱহাৰৰ প্ৰৱনতা বাঢ়িছে ৷ এনে পৰিস্থিতিত আত্মনির্ভৰ ভাৰত প্ৰচাৰৰ আওতাত দেশীয় ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এলিমেণ্টছ’ এপ আনিছে ভাৰতীয় প্ৰতিষ্ঠানে ৷ এণ্ড্ৰইড আৰু আইঅ’এছ উভয়তে উপলব্ধ এই এপ ৷ মুঠ আঠটা আঞ্চলিক ভাষা ব্যৱহাৰ কৰিব পাৰি ‘এলিমেণ্টছ’এপত ৷ এপৰ ভিতৰত আছে অডিঅ’, ভিডিঅ’ আৰু কনফাৰেন্স কলৰ সুবিধা ৷ এই এপ বিনামূলীয়া ৷ ফেচবুক, ৱাটছএপ, টুইটাৰৰ মাজত এই নতুন এপটোৱে জনসাধাৰণৰ মাজত কি দৰে প্ৰভাৱ বিস্তাৰ কৰে সেয়া গুৰুত্বপূৰ্ণ ৷

চৰকাৰৰ নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰৰ দাবীত নাজিৰাৰ প্ৰান্তে প্ৰান্তে উত্তাল প্ৰতিবাদ বিভিন্ন সংগঠনৰ।

নাজিৰা : জাতি-মাটি-ভেটি সুৰক্ষাৰ কথাৰে ৰাজপাট দখল কৰা বিজেপি নেতৃত্বাধীন অসম চৰকাৰে শেহতীয়াকৈ নতুন উদ্যোগ নীতিৰ অধ্যাদেশৰ সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ হাতত থকা বাকী কৃষি ভূমিসমূহ বহিৰাগত পুজিপতিৰ হাতত গতাই দিয়াৰ পদক্ষেপৰ বিৰুদ্ধে অসমৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদৰ ৰণডংকাৰ সূচনা কৰি উত্তাল কৰি তুলিছে বিভিন্ন দল-সংগঠনে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰৰ দাবী জনাই আজি নাজিৰাতো বিভিন্ন সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি বিকাশ ফুকন, যুটীয়া সম্পাদকদ্বয় পৰাগ কুমাৰ গগৈ,  অৰিন্দম শইকীয়া আৰু উপ-সভাপতি মানস দত্তৰ নেতৃত্বত নাজিৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ কৰা আৰু অসমবাসীৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত সংগঠনটোৱে নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। আনহাতে টাই আহোম যুৱ পৰিষদৰ নাজিৰা মহকুমা সমিতিয়ে নাজিৰা নাট্য মন্দিৰৰ সন্মুখত, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু বীৰ লাচিত সেনাৰ নাজিৰা মহকুমা সমিতিয়ে নাজিৰা নগৰ চাৰিআলিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে। টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি যতীন বৰুৱা, সাংগাঠনিক সম্পাদক প্ৰাঞ্জল বৰুৱা, সাংস্কৃতিক সম্পাদক অৰুণ ৰাজকোঁৱৰ, নাজিৰা মহকুমা সমিতিৰ সভাপতি ৰাতুল দুৱৰা, কাৰ্যকৰী সভাপতি দিলীপ গগৈ, যুটীয়া সম্পাদকদ্বয় অসীম ৰঞ্জন বুঢ়াগোহাঁই, ৰিদিপ গগৈৰ লগতে নাজিৰা, পিয়লি ফুকন আৰু গেলেকী আঞ্চলিক সমিতিৰ ভিলেকেইজন বিষয়-ববীয়াই উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে ধৰ্ণা দি নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

চীনত ক’ৰোনাৰ পাছতে প্লেগৰ প্ৰাদুৰ্ভাৱ : লেভেল-থ্ৰী সতৰ্কবাৰ্তা জাৰি ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় নোহোৱা সময়তে চীনত প্লেগৰ প্ৰাদুৰ্ভাৱ ৷ ক’ৰোনাৰ পাছতে বুব’নিক প্লেগে কঁপাইছে সেইখন দেশক ৷ এই পৰ্যন্ত দুজন ৰোগীৰ সন্ধান পোৱা গৈছে যদিও পৰিস্থিতি ইমান ভয়াৱহ হৈছে যে লেভেল-থ্ৰী সতৰ্কবাৰ্তা জাৰি কৰিবলৈ বাধ্য হৈছে চীন চৰকাৰ ৷ যদি ইয়াক ইমানতে বন্ধ কৰা নাযায় পাছত মহামাৰীৰ ৰূপ ল’লে উপায় নাথাকিব বুলি বিশেষজ্ঞসকলে জনাইছে৷ চীনৰ ৰাষ্ট্ৰীয় সংবাদ পত্ৰ পিপুলছ ডেইলী অনলাইনৰ তৰফৰ পৰা জনাইছে যে যোৱা শনিবাৰে বাৱান্নুৰৰ এখন চিকিৎসালয়ত প্লেগত আক্ৰান্ত হোৱাৰ ঘটনা ঘটিছে ৷ ইয়াৰ পাছতে প্ৰশাসনিক মহলত হৈ চৈৰ সৃষ্টি হয়৷ তাৰ পাছতে দেওবাৰে বাৱান্নুৰ আৰু মংগোলীয়া প্ৰদেশত লেভেল-থ্রী সতর্কবার্তা জাৰি কৰে ৷ চলিত ২০২০ চনৰ শেষ পৰ্যন্ত এই নির্দেশিকা জাৰি থাকিব ৷ আন এক সংবাদ প্ৰতিষ্ঠান জিনহুৱাৰ প্ৰতিবেদন মতে, পশ্চিম মংগোলীয়াৰ খোভদ প্ৰদেশত সম্প্ৰতি দুটা সম্ভাব্য বুব’নিক প্লেগ ৰোগীৰ সন্ধান পাইছে ৷ আক্ৰান্তৰ মাজত এজন ২৭ আৰু আনজন ১৭ বছৰীয়া৷ দুয়ো ককাই-ভাই৷ দুয়োকে চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে ৷ তেওঁলোকৰ সংস্পৰ্শলৈ অহা আন ১৪৬ জনক চিহ্নিত কৰি আইচলেচন কৰা হৈছে ৷

লকডাউনত বিপৰ্যয়ৰ সন্মুক্ষীণ কাজিৰঙাৰ পৰ্যটন উদ্যোগ : হোটেল-ৰেষ্টুৰেন্ট-লজ-ধাৱা-জীপ-চাফাৰীৰ ব্যৱসায়ৰ লগত জড়িত হেজাৰ হেজাৰ লোক কৰ্মহীন ৷

দ্বিপেন শইকীয়া

দেশজুৰি আৰম্ভ হোৱা তলাবন্ধত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন উদ্যোগটো চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে। পৰ্যটনৰ ক্ষেত্ৰত কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনেই বিগত এপ্ৰিল-মে’ মাহৰ সময়ছোৱাৰ ভিতৰত ডেৰ কোটিৰো অধিক টকা লোকচানৰ সন্মুখীনৰ প্ৰভাৱত পৰিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে প্ৰকাশ কৰা অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ প্ৰতিটো বৰ্ষৰ ১৫ মে’ৰ আগত অন্ত পৰে। এপ্ৰিল-মে’ মাহৰ সময়ছোৱাৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ পৰা প্ৰায় ডেৰ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছিল। এইবাৰ তলাবন্ধৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যান খন বন্ধ থকাত এই মাহ তিনিমাহত এটকাও উপাৰ্জন কৰিবলৈ সক্ষম নহ’ল। যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যান খনে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকজনে আৰু সদৰী কৰা অনুসৰি, এই বৰ্ষটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ ক্ষেত্ৰখনলৈ দুৰ্যোগ নামি আহে জানুৱাৰী মাহৰ পৰাই। সেই সময়ত ৰাজ্যখনত তীব্ৰতৰ হৈ থকা ‘কা’ বিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী-বিদেশী পৰ্যটকৰ আগমণ যথেষ্ট পৰিমাণে হ্ৰাস পায়। আনহাতে, যোৱা ফেব্ৰুৱাৰী-মাৰ্চ মাহত ৰাষ্ট্ৰীয় উদ্যান খনলৈ কিছু সংখ্যক পৰ্যটকৰ আগমণ ঘটে যদিও কৰ’ণাৰ আতংকৰ বাবে লগতে যোৱা ২৪ মাৰ্চৰ পৰা দেশজুৰি বলবৎ কৰা তলাবন্ধৰ বাবে আজি পৰ্যন্ত দুমাহৰো অধিক কাল বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হৈ আছে। ফলত ৰাষ্ট্ৰীয় উদ্যানখনলৈ এজনো দেশী-বিদেশী পৰ্যটকৰ আগমণ ঘটা নাই। ইয়াৰ লগে লগেই ৰাষ্ট্ৰীয় উদ্যান খনৰ পৰ্যটন ক্ষেত্ৰ খনলৈ নামি আহে চৰম বিপৰ্যয়। ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি গঢ়ি উঠা পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত হেজাৰ হেজাৰ লোকৰ জীৱনলৈকো তলাবন্ধই চৰম বিপৰ্যয় নমাই অনা পৰিলক্ষিত হৈছে। দীঘলীয়া তলাবন্ধৰ ফলত এক প্ৰকাৰৰ কৰ্মহীন হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যান খনৰ আশে পাশে থকা হোটেল, ৰেষ্টুৰেন্ট, ধাৱা, লজৰ ব্যৱসায়ী সকল আৰু তাত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰী সকলো। তলাবন্ধৰ বাবে দুমাহৰো অধিক কাল ৰাষ্ট্ৰীয় উদ্যান খন বন্ধ হৈ থকাত বন্ধ হৈ পৰে জীপ চাফাৰী,হাতী চাফাৰীও। জীপ চাফাৰী, হাতী চাফাৰীৰ লগত জড়িত শ শ লোকৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। স্মৰ্তব্য যে, কাজিৰঙাৰ পৰ্যটন উদ্যোগটোৰ সৈতে সংপৃক্ত কেতবোৰ ব্যৱসায়ৰ লগত অঞ্চলটোৰ প্ৰায় পাঁচ হেজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী জড়িত হৈ জীৱিকা নিৰ্বাহ কৰিছিল।কা বিৰোধী আন্দোলনৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা কাজিৰঙাৰ পৰ্যটন উদ্যোগটো৷ হোটেল, ধাৱা, লজ, ৰেষ্টুৰেন্ট, জীপ চাফাৰীৰ লগত জড়িত লোক সকলে পৰৱৰ্তী সময়ত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে দেশজুৰি বলবৎ কৰা তলাবন্ধৰ সময়ত নিজ নিজ জীৱিকা হেৰুৱাই দিক বিদিক হেৰুৱাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এই লোক সকলৰ বাবে চৰকাৰে কিবা চিন্তা কৰিব পাৰিবনে ? বৰ্তমান সময়ত এইটো তেওঁলোকৰ সন্মুখত এক উত্তৰ বিহীন প্ৰশ্ন হৈ ঠিয় দিছে৷ ইপিনে, আগৰ দৰে এইবাৰো অহা অক্টোবৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ মুকলি কৰাৰ সম্ভাৱনা আছে যদিও একেআষাৰে কোৱা বৰ্তমান সময়ত অতিকৈ সহজ নহব ৷