Home Blog Page 3264

চীনত ক’ৰোনাৰ পাছতে প্লেগৰ প্ৰাদুৰ্ভাৱ : লেভেল-থ্ৰী সতৰ্কবাৰ্তা জাৰি ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় নোহোৱা সময়তে চীনত প্লেগৰ প্ৰাদুৰ্ভাৱ ৷ ক’ৰোনাৰ পাছতে বুব’নিক প্লেগে কঁপাইছে সেইখন দেশক ৷ এই পৰ্যন্ত দুজন ৰোগীৰ সন্ধান পোৱা গৈছে যদিও পৰিস্থিতি ইমান ভয়াৱহ হৈছে যে লেভেল-থ্ৰী সতৰ্কবাৰ্তা জাৰি কৰিবলৈ বাধ্য হৈছে চীন চৰকাৰ ৷ যদি ইয়াক ইমানতে বন্ধ কৰা নাযায় পাছত মহামাৰীৰ ৰূপ ল’লে উপায় নাথাকিব বুলি বিশেষজ্ঞসকলে জনাইছে৷ চীনৰ ৰাষ্ট্ৰীয় সংবাদ পত্ৰ পিপুলছ ডেইলী অনলাইনৰ তৰফৰ পৰা জনাইছে যে যোৱা শনিবাৰে বাৱান্নুৰৰ এখন চিকিৎসালয়ত প্লেগত আক্ৰান্ত হোৱাৰ ঘটনা ঘটিছে ৷ ইয়াৰ পাছতে প্ৰশাসনিক মহলত হৈ চৈৰ সৃষ্টি হয়৷ তাৰ পাছতে দেওবাৰে বাৱান্নুৰ আৰু মংগোলীয়া প্ৰদেশত লেভেল-থ্রী সতর্কবার্তা জাৰি কৰে ৷ চলিত ২০২০ চনৰ শেষ পৰ্যন্ত এই নির্দেশিকা জাৰি থাকিব ৷ আন এক সংবাদ প্ৰতিষ্ঠান জিনহুৱাৰ প্ৰতিবেদন মতে, পশ্চিম মংগোলীয়াৰ খোভদ প্ৰদেশত সম্প্ৰতি দুটা সম্ভাব্য বুব’নিক প্লেগ ৰোগীৰ সন্ধান পাইছে ৷ আক্ৰান্তৰ মাজত এজন ২৭ আৰু আনজন ১৭ বছৰীয়া৷ দুয়ো ককাই-ভাই৷ দুয়োকে চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে ৷ তেওঁলোকৰ সংস্পৰ্শলৈ অহা আন ১৪৬ জনক চিহ্নিত কৰি আইচলেচন কৰা হৈছে ৷

লকডাউনত বিপৰ্যয়ৰ সন্মুক্ষীণ কাজিৰঙাৰ পৰ্যটন উদ্যোগ : হোটেল-ৰেষ্টুৰেন্ট-লজ-ধাৱা-জীপ-চাফাৰীৰ ব্যৱসায়ৰ লগত জড়িত হেজাৰ হেজাৰ লোক কৰ্মহীন ৷

দ্বিপেন শইকীয়া

দেশজুৰি আৰম্ভ হোৱা তলাবন্ধত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন উদ্যোগটো চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে। পৰ্যটনৰ ক্ষেত্ৰত কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনেই বিগত এপ্ৰিল-মে’ মাহৰ সময়ছোৱাৰ ভিতৰত ডেৰ কোটিৰো অধিক টকা লোকচানৰ সন্মুখীনৰ প্ৰভাৱত পৰিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে প্ৰকাশ কৰা অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ প্ৰতিটো বৰ্ষৰ ১৫ মে’ৰ আগত অন্ত পৰে। এপ্ৰিল-মে’ মাহৰ সময়ছোৱাৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ পৰা প্ৰায় ডেৰ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছিল। এইবাৰ তলাবন্ধৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যান খন বন্ধ থকাত এই মাহ তিনিমাহত এটকাও উপাৰ্জন কৰিবলৈ সক্ষম নহ’ল। যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যান খনে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকজনে আৰু সদৰী কৰা অনুসৰি, এই বৰ্ষটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ ক্ষেত্ৰখনলৈ দুৰ্যোগ নামি আহে জানুৱাৰী মাহৰ পৰাই। সেই সময়ত ৰাজ্যখনত তীব্ৰতৰ হৈ থকা ‘কা’ বিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী-বিদেশী পৰ্যটকৰ আগমণ যথেষ্ট পৰিমাণে হ্ৰাস পায়। আনহাতে, যোৱা ফেব্ৰুৱাৰী-মাৰ্চ মাহত ৰাষ্ট্ৰীয় উদ্যান খনলৈ কিছু সংখ্যক পৰ্যটকৰ আগমণ ঘটে যদিও কৰ’ণাৰ আতংকৰ বাবে লগতে যোৱা ২৪ মাৰ্চৰ পৰা দেশজুৰি বলবৎ কৰা তলাবন্ধৰ বাবে আজি পৰ্যন্ত দুমাহৰো অধিক কাল বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হৈ আছে। ফলত ৰাষ্ট্ৰীয় উদ্যানখনলৈ এজনো দেশী-বিদেশী পৰ্যটকৰ আগমণ ঘটা নাই। ইয়াৰ লগে লগেই ৰাষ্ট্ৰীয় উদ্যান খনৰ পৰ্যটন ক্ষেত্ৰ খনলৈ নামি আহে চৰম বিপৰ্যয়। ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি গঢ়ি উঠা পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত হেজাৰ হেজাৰ লোকৰ জীৱনলৈকো তলাবন্ধই চৰম বিপৰ্যয় নমাই অনা পৰিলক্ষিত হৈছে। দীঘলীয়া তলাবন্ধৰ ফলত এক প্ৰকাৰৰ কৰ্মহীন হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যান খনৰ আশে পাশে থকা হোটেল, ৰেষ্টুৰেন্ট, ধাৱা, লজৰ ব্যৱসায়ী সকল আৰু তাত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰী সকলো। তলাবন্ধৰ বাবে দুমাহৰো অধিক কাল ৰাষ্ট্ৰীয় উদ্যান খন বন্ধ হৈ থকাত বন্ধ হৈ পৰে জীপ চাফাৰী,হাতী চাফাৰীও। জীপ চাফাৰী, হাতী চাফাৰীৰ লগত জড়িত শ শ লোকৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। স্মৰ্তব্য যে, কাজিৰঙাৰ পৰ্যটন উদ্যোগটোৰ সৈতে সংপৃক্ত কেতবোৰ ব্যৱসায়ৰ লগত অঞ্চলটোৰ প্ৰায় পাঁচ হেজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী জড়িত হৈ জীৱিকা নিৰ্বাহ কৰিছিল।কা বিৰোধী আন্দোলনৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা কাজিৰঙাৰ পৰ্যটন উদ্যোগটো৷ হোটেল, ধাৱা, লজ, ৰেষ্টুৰেন্ট, জীপ চাফাৰীৰ লগত জড়িত লোক সকলে পৰৱৰ্তী সময়ত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে দেশজুৰি বলবৎ কৰা তলাবন্ধৰ সময়ত নিজ নিজ জীৱিকা হেৰুৱাই দিক বিদিক হেৰুৱাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এই লোক সকলৰ বাবে চৰকাৰে কিবা চিন্তা কৰিব পাৰিবনে ? বৰ্তমান সময়ত এইটো তেওঁলোকৰ সন্মুখত এক উত্তৰ বিহীন প্ৰশ্ন হৈ ঠিয় দিছে৷ ইপিনে, আগৰ দৰে এইবাৰো অহা অক্টোবৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ মুকলি কৰাৰ সম্ভাৱনা আছে যদিও একেআষাৰে কোৱা বৰ্তমান সময়ত অতিকৈ সহজ নহব ৷

বিশ্ব স্বাস্থ্য সংস্থালৈ ৩২ খন দেশৰ ২৩৯ বিজ্ঞানীৰ পত্ৰ : বতাহত বিয়পে ক’ৰোনা ভাইৰাছ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

লকডাউন উঠাই দিয়াৰ লগে লগে সমগ্ৰ বিশ্বত তৎক্ষণাত বৃদ্ধি পাবলৈ ধৰে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৷ ৰেস্তোৰা, কাৰ্যালয়, বজাৰ, বাছ, দোকান আদি সকলোতে মানুহে চলাচল কৰিবলৈ ল’লে ৷ ফলত গোষ্ঠী সংক্ৰমণ আৰম্ভ হৈছে তাত নিশ্চিত বিজ্ঞানী আৰু বিশেষজ্ঞসকল। ভাইৰাছটোক লৈ বিজ্ঞানীসকলে ইমান দিনে কৰি অহা দাবী যে ভাইৰাছটো বতাহত বিয়পা বিষয়টো নিশ্চিত বিজ্ঞানীসকল ৷ আনহাতে বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে ক’ৰোনা ভাইৰাছ প্ৰধানকৈ মানুহৰ কাঁহ, জ্বৰ বাবে সংক্ৰমিত হয় ৷ সেই সময়ত মাটিত পৰা ডাঙৰ জলকণাৰ পৰাও ভাইৰাছটো বিয়পি যায় ৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাক এক মুকলি চিঠিৰে সমগ্ৰ বিশ্বৰ ৩২ খন দেশৰ ২৩৯ জন বিজ্ঞানীয়ে প্ৰমাণ দি লিখিছে যে সংক্ৰমিত লোকৰ সৰু জলকণা বতাহত আহি কোনো সুস্থ মানুহক তৎক্ষণাত সংক্ৰমিত কৰি দিব পাৰে ৷ তেওঁলোকৰ দাবী, ঘৰৰ ভিতৰৰ বতাহত এই ভাইৰাছ বহু সময় থাকে আৰু তাৰ ফলত প্ৰায় সকলোকে সংক্ৰমিত কৰে ৷ বিজ্ঞানীসকলে এই প্ৰতিবেদন জাৰ্নেলৰ পৰৱৰ্তী সংখ্যাত প্ৰকাশ কৰিব ৷ আনকি যোৱা ২৯ জুনত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছিল, বতাহত এয়াৰবন বা পাঁচ  মাইক্ৰনতকৈ সৰু জলকণাৰ পৰা ই সংক্ৰমিত হ’ব পাৰে ৷ বিজ্ঞানীসকলে কয়, য’ত বতাহ চলাচলৰ পথ সৰু বা ভিৰ বেছি তাত বতাহত বিয়পাত এই ভাইৰাছ অত্যন্ত ক্ষতিকাৰক। সেয়ে ঘৰৰ ভিতৰতো মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব বজায় ৰখা উচিত ৷ স্বাস্থ্য কর্মীসকলে এন৮৫ মাস্ক ব্যৱহাৰ কৰা উচিত। শিক্ষানুষ্ঠান, নাৰ্চিং হোম, ঘৰ আৰু বাণিজ্যিক কেন্দ্ৰত ভেণ্টিলেটৰ এনেদৰে কমোৱা উচিত যে বতাহ পুনৰ ঘূৰি আহে আৰু শক্তিশালী ফিল্টাৰ তাত লগোৱা উচিত ৷ ঘৰৰ ভিতৰত আল্ট্ৰভায়োলেট লাইট লগাব লাগে ৷

নাজিৰাত গুটখা ব্যৱসায়ীৰ দপদপনি : কেইটামান টকাৰ লেনদেনৰ বাবেই কৰ্মচাৰীক ঘৰৰ ভিতৰত সোমোৱাই মাৰপিট গুটখা মাফিয়া বিকাশ চাহু আৰু সুভাষ চাহুৰ।

নাজিৰা : নাজিৰাৰ আৰক্ষী এতিয়া অঞ্চলটোৰ কুখ্যাত গুটখা মাফিয়াৰ হাতৰ মুঠিত। এইয়াই যেন প্ৰতিপন্ন হৈছে নাজিৰাৰ এজন গুটখা মাফিয়া  ব্যৱসায়ীৰ শেহতীয়া কাৰ্যকলাপত।  মাত্ৰ কেইটামান টকাৰ লেনদেনৰ অজুহাত লৈ নিজৰ ঘৰৰ ভিতৰতে নাজিৰাৰ কুখ্যাত গুটখা মাফিয়া বিকাশ চাহু আৰু ভাতৃ সুভাষ চাহুয়ে  নিজৰ কৰ্মচাৰী সুনিল মাহাতুক শনিবাৰে ঘৰৰ ভিতৰত সোমোৱাই অতি বেয়াকৈ মাৰপিট কৰাৰ উপৰি প্ৰাণে মৰাৰ চেষ্টা চলায়। গুৰুতৰভাৱে আহত মাহাতুয়ে সুযোগ লৈ চাহুৰ ঘৰৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় আৰু ঘটনা সন্দৰ্ভত নাজিৰা আদৰ্শ আৰক্ষী থানাত বিকাশ চাহু আৰু তেওঁৰ ভাতৃ সুভাষ চাহুৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। কিন্তু চৰম পৰিতাপৰ বিষয় যে, এজাহাৰ তথা অভিযোগ দিয়াৰ পিছতো নাজিৰা আৰক্ষী ৰহস্য জনকভাৱে আজি তিনিদিন ধৰি নিমাত  হোৱা কাণ্ডই জোকাৰি গৈছে সকলোকে। আই টি চি কোম্পানীৰ ডিলাৰৰ অচিলা লৈ নাজিৰাত গুটখা ব্যৱসায়ৰ সাম্ৰাজ্য গঢ়ি তোলা বিকাশে তেঁওৰ অধীনত কৰ্মৰত সুনিল মাহাতু নামৰ যুৱকজনক ব্যৱসায়ীক লেনদেনৰ বাবে যুৱকজনৰ পৰা ৩৪ হাজাৰ টকা দাবী কৰে। কিন্তু যুৱকজনে মাত্ৰ ১৮ হাজাৰ টকাহে দিবলৈ আছে বুলি জনোৱাত বিকাশে যুৱকজনক নিজৰ ঘৰৰ ভিতৰত আৱদ্ধ কৰি প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ লগতে ভোটাৰ কাৰ্ড, পান কাৰ্ড কাঢ়ি লয়। ইয়াৰ উপৰিও জোৰ জবৰদস্তি কৰি যুৱকজনক এখন উকা দলিলতো চহী কৰাই লয়। ইপিনে এই সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি ভুক্তভোগী যুৱকজনৰ পৰিয়ালে নাজিৰা আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাই শেহতীয়াকৈ প্ৰতিপন্ন কৰিছে যে নাজিৰা আৰক্ষী বিকাশৰ হাতৰ মুঠিত। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে আই টি চি কোম্পানীৰ অনুমোদিত এখন পঞ্জাৱবডী ট্ৰাকত বিস্কুটৰ লগতে প্ৰায় ৫০ লক্ষ টকা মূল্যৰ গুটখাসহ নাজিৰাৰ কেইজনমান সচেতন যুৱকৰ তৎপৰতাত আৰক্ষীয়ে জব্দ কৰিছিল যদিও নাজিৰাৰ আৰক্ষীয়ে অতি কৌশলগতভাৱে গুটখাৰ লগত অহা জৰ্দা সমূহ গুটখা মাফিয়া বিকাশ চাহুক ঘূৰাই দিয়ে প্ৰায় দুই লাখ টকাৰ বিনিময়ত। নাজিৰাৰ আৰক্ষীৰ এনে কেটবোৰ কৰ্মকাণ্ড সঘনাই সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছতো গা লৰা নাই নাজিৰা আৰক্ষী প্ৰশাসন তথা দূৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি আওৰাই থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ গৃহ বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ।

ৰাছিয়াক অতিক্ৰম : ক’ৰোনাৰ আক্ৰান্ত তালিকাত তৃতীয় স্থানত ভাৰত ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনা আক্ৰান্ত দেশবোৰৰ তালিকাত তৃতীয় স্থান পাইছেগৈ ভাৰত৷ ভাৰতে ৰাছিয়াক পিছ পেলাই এই স্থান লাভ কৰিছে ৷ উল্লেখ্য যে ফ্ৰান্স, ইটালী, ব্ৰিটেইনৰ দৰে দেশক পিছ পেলাই চতুৰ্থ স্থানত আছিল ভাৰত ৷ কিন্তু দ্ৰুত সংক্ৰমণৰ ফলত ভাৰতে ৰাছিয়াক পিছ পেলালে ৷ তথ্য মতে ৰাছিয়াত মুঠ আক্ৰান্তৰ সংখ্যা ৬ লাখ ৮০ হাজাৰ ৷ যোৱা ২৪ ঘণ্টাত প্ৰায় ২৫ হাজাৰ বাঢ়ি ভাৰতত ৭ লাখ স্পৰ্শ কৰাৰ অৱস্থা হৈছে ৷ ক’ৰোনাত আক্ৰান্তৰ তালিকাত বিশ্বৰ প্ৰথম স্থানত আছে আমেৰিকা ৷ সেইখন দেশত ২৮ লাখৰো অধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ১৬ লাখৰ অধিক সংক্ৰমণ হৈ দ্বিতীয় স্থানত আছে ব্ৰাজিল৷ ভাৰতত যোৱা ২৪ ঘণ্টাত ২৪,২৪৮ জন আক্ৰান্ত হয় ৷ তাকে লৈ ভাৰতত মুঠ ৬ লাখ ৯৭ হাজাৰ ৪১৩ জন ক’ৰোনাত আক্ৰান্ত হৈছে ৷ তদুপৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৪২৫ জন লোক মৃত্যু হয়৷ ইয়াকে লৈ দেশত মুঠ ১৯৬৯৩ জন লোকৰ মৃত্যু হৈছে ৷ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ৮৮২২ জন লোক এই ভাইৰাছত মৃত্যু হৈছে ৷ দিল্লীত ৩০৬৭, গুজৰাটত ১৯৪৩ জন লোকৰ মৃত্যু হৈছে ৷ আনহাতে তামিলনাডুত ১৫১০, উত্তৰ প্রদেশত ৭৮৫, পশ্চিমবংগত ৭৫৭ মধ্যপ্রদেশত ৬০৮ জন লোকৰ মৃত্যু হৈছে ৷ তদুপৰি ৰাজস্থানত ৪৫৬, কর্নাটকত ৩৭২, তেলেংগানাত ২৯৫, হৰিয়ানাত ২৬৫, অন্ধ্রপ্রদেশত ২৩২, পঞ্জাবত ১৬৪, জম্মু আৰু কাশ্মীৰত ১৩২ জনৰ মৃত্যু হৈছে৷ আনহাতে দেওবাৰে সুস্থ হোৱা লোকৰ সংখ্যা চাৰি লাখ অতিক্ৰম কৰে ৷ যোৱা ২৪ ঘণ্টাত ১৫ হাজাৰ ৩৫০ জন সুস্থ হই। ইয়াকে লৈ মুঠ ৪ লাখ ২৪ হাজাৰ ৪৪৩ জন ক’ৰোনাৰ কৱলৰ পৰা মুক্ত হয় ৷

কৃতী ছাত্ৰক অভিনন্দন জ্ঞাপন।

টিংখাং : সদ্যঘোষিত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পঞ্চম স্থান অধিকাৰ কৰা টিংখাঙৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ মানস উত্তম নেওগক কালি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ টিংখাং আঞ্চলিকৰ নৱ-নিৰ্বাচিত সমিতিৰ এটি সঁজাতি দলে ছাত্ৰজনৰ ৰাজগড়স্থিত বাসগৃহত উপস্থিত হৈ বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে। এখন ফুলাম গামোচা, এখন মানপত্ৰ আৰু এখন সঁফুৰাৰে কৃতী ছাত্ৰগৰাকীক অভিনন্দন জনোৱা হয়। সঁজাতি দলটিত থাকে টিংখাং আঞ্চলিক সমিতিৰ সভাপতি সুবোধ কুমাৰ গগৈ, সম্পাদক প্ৰভাত ৰাজকোঁৱৰ, উপদেষ্টা যোগেশ বিকাশ চেতিয়া, কোষাধ্যক্ষ ৰোহিত কাকতি, উপসভাপতি পূৰ্ন গন্ধীয়া, সহ-সম্পাদক মহেন্দ্ৰ নেওগ, সাংগঠনিক সম্পাদক বিশ্বজিত গগৈ আৰু সদস্য দিলীপ গগৈ।

সৃষ্টিসুলভ মনৰ অতি দৰিদ্ৰ পৰিয়ালৰ এটি কণমানি ছাত্ৰই পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে বৈজ্ঞানিক বিভিন্ন আহিলা।

নাজিৰা : শিৱসাগৰৰ লংকা গোহাঁই গাঁৱৰ নিবাসী ৰুবুল বুঢ়াগোঁহাঁ‌ই আৰু আৰতী বুঢ়াগোহাঁ‌ইৰ একমাত্ৰ পুত্ৰ অলেঞ্চু বুঢ়াগোহাঁ‌ইয়ে পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে বতাহ চালিত পাংখা, কাগজ কটা মেচিন, কাগজেৰে চেলুটেপ কাটোটে ব্যৱহৃত যন্ত্ৰৰ লগতে ডাঠ কাগজেৰে নিৰ্মিত এটি আলমিৰা। পেলনীয়া সামগ্ৰীৰে অলেঞ্চু বুঢ়াগোহাঁ‌ইয়ে সামগ্ৰীসমূহ নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হয় কিছু সা-সামগ্ৰী। ঘৰলৈ কোনো অতিহি আহিলে মৰমত দিয়া টকা-পইচাৰে বজাৰৰ পৰা দৰিদ্ৰ পৰিয়ালৰ এই কণমানি ছাত্ৰজনে ক্ৰয় কৰে বিভিন্ন সামগ্ৰী। পেলনীয়া সামগ্ৰীৰে বৈজ্ঞানিক আহিলা নিৰ্মিত ছাত্ৰ অলেঞ্চু বুঢ়াগোহাঁ‌ই শিমলুগুৰি শংকৰদেৱ শিশু নিকেটনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ। কোনো প্ৰতিষ্ঠানে অলেঞ্চু বুঢ়াগোহাঁ‌ইক এই বৈজ্ঞানিক আহিলা নিৰ্মাণত সহায়ৰ হাত আগবঢ়ালে ইয়াতকৈও উন্নত বৈজ্ঞানিক আহিলা প্ৰস্তুত কৰাৰ চেষ্টা চলাব পাৰি বুলি কয় দৰিদ্ৰ পৰিয়ালৰ কণমানি সন্তান অলেঞ্চু বুঢ়াগোহাঁ‌ইয়ে।

গেলেকীত বৰনৈৰ বান, পথৰ ওপৰৰে বাগৰিছে পানী : বুৰাই পেলাইছে ঘৰবাৰী-কৃষি ভূমি।

নাজিৰা : আজি তিনিদিন ধৰি নগা পাহাৰত হোৱা মুষলধাৰ বৰষুণৰ ফলত নগা পাহাৰৰ পৰা ওলোৱা বৰনৈ বাঢ়নী পানীয়ে সীমান্তবৰ্তী গেলেকীৰ বিস্তূৰ্ণ অঞ্চল জলমগ্ন কৰি তুলিছে। নদীখনৰ বাঢ়নী পানীয়ে গেলেকী ন-আলি, ৰঙাগড়া, চপৰীয়া আদি বিভিন্ন অঞ্চলত বহু ঘৰ আৰু কৃষি ভূমি বুৰাই পেলাইছে। গেলেকী-ৰঙাগড়া পথৰ ওপৰেৰে পানী বাগৰি বহু মানুহৰ ঘৰ জলমগ্ন কৰি তোলাৰ লগতে শাওণৰ কৃষিভূমিৰ ৰোৱা সমূহ নষ্ট কৰিছ। নদীখনৰ বাঢ়নি পানী গেলেকী-ৰঙাগড়া বিধ্বস্ত পথৰ ওপৰৰে বাগৰিব ধৰাত পথটোৰ পুখুৰী সদূশ গাঁতসমূহৰ বাবে যাতায়তত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ইয়াৰ উপৰি নদীখনৰ বাঢ়নী পানীয়ে বিস্তূৰ্ণ অঞ্চল জলমগ্ন কৰি তোলাত অ’এনজিচিৰ তৈলক্ষেত্ৰ সমূহৰ বৰ্জিত খাৰুৱাতেল মিশ্ৰিত গেদেৰীসমূহ বাঢ়নী পানীত মিহিলৈ সেইবোৰ বিভিন্ন স্হানৰ কৃষিভূমিত পৰাৰ ফলত ধানকে আদি কৰি বিভিন্ন কৃষি নষ্ট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

নাজিৰাত শাৰীৰিক দূৰত্ব ৰক্ষাৰে ২০৫ জনলৈ খাদ্য সামগ্ৰী বিতৰণ।

নাজিৰা : ক’ভিড – ১৯ ৰোগ প্ৰতিৰোধৰ লগতে ব্যাপক সামাজিক শৃংখলাৰে এই ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত লকডাউন আৰু সান্ধ্য আইনৰ কবলত পৰি ৰোৱা ২০৫ জন লোকক নিৰ্বাচিত কৰি এক খাদ্য সামগ্ৰী বিতৰণৰ কাৰ্য্যসচী আজি সম্পন্ন কৰা হয়। নাজিৰাৰ ন-মাটিত কিডচ কেম্প বিদ্যালয়ৰ প্ৰাঙ্গণত এল জেফা ফাউণ্ডেশ্যন নামৰ দিল্লীৰ এক বে-চৰকাৰী সংগঠনৰ হৈ মহা প্ৰৱন্ধক চেইখ ৰাইছা তাবাচ্চম আৰু অতিৰিক্ত মহা প্ৰৱন্ধক বিষ্ণুপৰ্ণা দত্তই নেতৃত্ব গ্ৰহণ কৰি শাৰীৰিক দূৰত্ব ৰক্ষা আৰু হস্ত প্ৰক্ষালনৰ অনুশীলনেৰে পূৰ্ব পৰিকল্পিত ভাৱে সমবেত ৰাইজক এই সাহাৰ্য্য প্ৰদান কৰা হয় । শিক্ষক ব্ৰজবল্লভ দত্তই আঁত ধৰি আগুৱাই নিয়া নাতি-দৈৰ্ঘ্য কাৰ্য্যসূচীত শিক্ষক গোপাল বৰুৱা, সংবাদ-কৰ্মী ভাস্কৰজ্যোতি বৰগোহাঁই, কাউন্সিলৰ ৰুবুল আলী, গাওঁ বুঢ়া বিজয় বৰুৱা, জুনমণি গগৈ আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হামিদা ৰহমান উপস্থিত থাকে । উল্লেখযোগ্য যে দিল্লী বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰীৰ নেতৃত্বৰ এল জেফা ফাউনণ্ডেশ্বনে ভাৰতৰ বিশখন মহানগৰত জাতি-সংঘৰ নিৰ্ণিত উন্নয়নৰ লক্ষ্যত কাম কৰি আহিছে । ফুলপানী বৰুৱা ৰংগমঞ্চতো নিৰ্দিষ্ট একাংশ লোকে সাহাৰ্য্য সামগ্ৰী গ্ৰহণ কৰে।

বানাক্ৰান্তৰ কাষত বিধায়ক বলীন চেতিয়া : নদীত পৰি কৰুণ মৃত্যুক সাৱটি লোৱা জগত কোঁৱৰ পৰিয়াললৈ চাৰি লাখ টকা আৰ্থিক অনুদান ঘোষণা।

বানাক্ৰান্তৰ কাষত বিধায়ক বলীন চেতিয়া।

ডিৰাক সীমান্ত : বিগত কেইদিনমান পূৰ্বে নেৰানেপেৰাকৈ মুখলধাৰে দিয়া বৰষুণৰ বাঢ়নী পানীত অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অৰ্থাৎ ডিৰাক গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰডিৰাক আৰু ন-চোমণি গাঁও সংযোগী পথৰ  ডিৰাক নদীৰ ওপৰত থকা বাঁহৰ দলংখন উটুৱাই লৈ যায় । কেইবাদিনো যোগাযোগ বিচ্ছিন্ন হৈ থকাত গাঁওবাসীয়ে উপায়ন্তৰ হৈ শ্ৰমদানেৰে দলংখন পুনৰ নিৰ্মান কৰাৰ সিদ্ধান্ত লৈ যোৱা ৩ জুলাইত দলংখন নিৰ্মাণ কৰি থাকোতে নদীত পৰি কৰুণ মৃত্যুক সাৱটি লব লগা হৈছিল জগত কোঁৱৰ (৪৫) নামৰ ব্যক্তিজন । আজি ব্যক্তিজনৰ ঘৰত ১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলীন চেতিয়াই উপস্থিত হৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চাৰি লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান আৰু কেন্দ্ৰীয় চৰকাৰলৈ সাহায্যৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰাৰ লগতে বাৰিষা অহাৰ লগে লগেই আঞ্চলবাসীৰ প্ৰধান সমস্যা এই দলংখন নিৰ্মাণ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে । অন্যহাতে বাঢ়নী পানীয়ে ভাঙি নিয়া ডিৰাক ৰংপুৰীয়া আৰু তৰাজনীয়া গাঁও সংযোগী পথত থকা কালভাৰ্টটো তেখেতৰ নিজা ধনেৰে নিৰ্মাণ কৰাৰ কথা অৱগত কৰে । অঞ্চলটোৰ ৰাইজে বিধায়কজনৰ এনে প্ৰদক্ষেপ শলাগ লৈছে ।