Home Blog Page 3270

২৬ জুনত কাহিলীপাৰাৰ ভুমিস্খলনত মৃত্যু উষা বৰা : ৰাজ্যচৰকাৰৰ হৈ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আগবঢ়ালে ৪ লাখ টকাৰ আৰ্থিক অনুদান ।

যোৱা ২৬ জুনত মহানগৰীৰ কাহিলীপাৰাৰ ভুমিস্খলনত নিহত হোৱা উষা বৰাৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে আগবঢ়ালে ৪ লাখ টকাৰ আৰ্থিক সাহৰ্য্য ৷ আজি পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উষা বৰাৰ কাহিলীপাৰাস্হিত বাসগৃহত উপস্থিত হৈ স্বামী হেমচন্দ্ৰ বৰাৰ হাতত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৪ লাখ টকাক চেক প্ৰদান কৰে৷ মন্ত্ৰীগৰাকীয়ে লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্ৰকাশ কৰে৷ উল্লেখ্য যে ২৬ জুন তাৰিখে মহানগৰীৰ কাহিলীপাৰাৰ পাৱৰ হাউচৰ সমীপত এক ভুমিস্খলনৰ ফলত এখন প্ৰকাণ্ড দেৱাল খহি পৰে৷ খহি অহা দেৱালৰ শিলে হেমচন্দ্ৰ বৰাৰ বাসগৃহৰ বিস্তাৰ ক্ষতি কৰে৷ শিলৰ আঘাতত হেম চন্দ্ৰ বৰাৰ পত্নী উষা বৰা (৭২) মৃত্যু হয় ৷ দুৰ্ভাগ্যজনক ভুমিস্খলনত মৃত্যুক সাৱতি লোৱা হেমচন্দ্ৰ বৰাৰ পত্নীৰ বিয়োগত চৰকাৰৰ তৰফৰ পৰা ৪ লাখ টকাৰ এককালিন আৰ্থিক সাহৰ্য্য প্ৰদান কৰা হয় ৷

সাতশ মিটাৰ পথ নিৰ্মাণতো চূড়ান্ত হেমাহি গড়কাপ্টানী আৰু অ’এনজিচিৰ : নাজিৰা নগৰৰ ঐতিহাসিক টকৌ আলিৰে যাতায়তত যমৰ-যাতনা ভুগিছে জনগণে।

নাজিৰা : ২ শিৱসাগৰ জিলাৰ ৰাজ্যিক গড়কাপ্টানী বিভাগৰ নাজিৰা সংমণ্ডল আৰু অ’এনজিচি অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ বৰমূৰীয়া সকলৰ চূড়ান্ত অকমন্যতা আৰু হেমাহিৰ বাবেই নাজিৰা নগৰৰ ঐতিহাসিক টকৌ আলি (হবিবুৰ ৰহমান পথ)টোৰ সম্প্ৰতি মীন পাম সদৃশ দ দ গাত সমূহৰ বাবে পথটোয়েদি যাতায়তৰ ক্ষেত্ৰত জনগণে ভোগ কৰিছে যমৰ যাতনা। গড়কাপ্টানী বিভাগে অ’এনজিচি অসম সম্পদৰ নাজিৰাস্থিত মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখৰ পৰা ধোদৰ আলি সংযোগী প্ৰায় সাতশ মিটাৰ উপ পথছোৱা নিৰ্মাণৰ সামৰ্থ নোহোৱা হৈছে। দূৰ্নীতি-অনিয়মৰ অভিযোগেৰে সঘনাই সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা গড়কাপ্টানী বিভাগৰ নাজিৰা সংমণ্ডল কৰ্তৃপক্ষই বছৰ বছৰ ধৰি এই পথছোৱা নিৰ্মাণ নকৰাত ৰাইজে জলা-কলা খাব লগা হৈছে। এই ঐতিহাসিক পথটোৰ কাষত আছে নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, নাজিৰা নগৰ বালিকা বিদ্যালয়, অসম কোম্পানী নাজিৰা ল’ৰা প্ৰাথমিক বিদ্যালয়, নাজিৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াৰ উপৰি আছে নাজিৰা মহকুমা প্ৰশাসনৰ গণৰাজ্য আৰু স্বাধীনতা দিৱস উদযাপন কৰা মুখ্যস্থল নাজিৰা খেল পথাৰৰ লগতে গান্ধী ময়দান। ইয়াৰ উপৰি এই পথেৰে ওপৰ নাজিৰা, কৈৱৰ্ত গাওঁ, বুদবাৰী সত্ৰ, ছানবছা, শেনৰ আলি, বাউলী মৈদাম, সোন্দৰ পুখুৰী আৰু অ’এনজিচিৰ নিজা দুটাকৈ আৱাস স্থলৰ বিষয়া-কৰ্মচাৰী ৰাইজৰ যাতায়ত হয়। সম্প্ৰতি এনে গুৰুত্বপূৰ্ণ পথছোৱাৰে যাতায়তৰ ক্ষেত্ৰত ত্ৰাহি মধুসূদন সুৱৰিব লগা হৈছে। এই জৰাজীৰ্ণ পথছোৱা সুপৰিকল্পিতভাৱে পুনৰ নিৰ্মাণৰ বাবে “অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ”, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু ৰাইজে অ’ এনজিচি আৰু গড়কাপ্টানী বিভাগৰ ওচৰত বাৰম্বাৰ স্মাৰক পত্ৰ তথা আবেদন-নিবেদন কৰি অহাৰ পাছতো বিভাগৰ বৰমূৰীয়া সকলে কোনো গুৰুত্বাৰোপ কৰা নাই। উল্লেখযোগ্য যে, নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰচেষ্টাত বিগত বৰ্ষত গড়কাপ্টানী বিভাগে পথছোৱা মেৰামতিৰ বাবে প্ৰায় ৮ লাখ টকা আৱণ্টন দিছিল যদিও বিভাগৰ বিষয়া আৰু ঠিকাদাৰৰ হৰণ-ভোজনৰ বাবেই পথছোৱাৰ প্ৰকাণ্ড প্ৰকাণ্ড মীন পাম সদৃশ পুখুৰী সমূহেই পোত নাখালে। ঐতিহাসিক টকৌ আলিৰ এনে বিধ্বস্ত অৱস্থাৰ বাবেই সঘনাই দূৰ্ঘটনাৰ লগতে যান-বাহনৰ সঘন বিজুতি ঘটে। সেয়ে ৰাইজে গড়কাপ্টানী বিভাগ আৰু অ’এনজিচি কৰ্তৃপক্ষক শীৰ্ঘ্ৰে পথছোৱা পুনৰ নিৰ্মাণৰ বাবে দাবী জনাইছে।

অসমৰ এক লোক সংস্কৃতি আপুৰুগীয়া “পুতলা থিয়েটাৰক” জীয়াই ৰখাৰ প্ৰচেষ্টা ৰাজু বৰাৰ। সত্তৰ দশকত ৰাইজৰ অকুণ্ঠ সহাঁৰি লাভ কৰা পুতলা থিয়েটাৰ এতিয়া অতীত ।

অসমৰ এক লোক সংস্কৃতি আপুৰুগীয়া "পুতলা থিয়েটাৰক" জীয়াই ৰখাৰ প্ৰচেষ্টা ৰাজু বৰাৰ।

নগাঁও :  অসমৰ সংস্কৃতিৰ পথাৰত অনবদ্য এক লোক সংস্কৃতি হৈছে পুতলা থিয়েটাৰ। এসময়ত ৰাইজৰ অকুণ্ঠ সহাঁৰি লাভ কৰা ভ্ৰাম্যমান পুতলা থিয়েটাৰ এতিয়া অতীত হোৱাৰ পথত। সত্তৰ দশকতে মধ্য অসমৰ নগাঁৱৰ পশ্চিম প্ৰান্তত জনপ্ৰিয় হৈ পৰিছিল ভ্ৰাম্যমান পুতলা থিয়েটাৰ। লোককৃষ্টীৰ অন্যতম চালিকা শক্তি পুতলা অভিনয়ক সাৰথি কৰি লৈ সত্তৰ দশকতে কেইজন সংস্কৃতিবান সামাজ সংস্কৃতি লোক ক্ৰমে-প্ৰয়াত বেঠাৰাম বৰা, মিঠাবৰ ডেকা, দুখীয়া বৰা আৰু খগেন বৰাৰ নেতৃত্বত সত্তৰ দশকৰ মাজভাগতে নগাঁও জিলাৰ পশ্চিম প্ৰান্তত জন্ম হৈছিল এই পুতলা থিয়েটাৰৰ। তেতিয়াৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তত দৰ্শক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল এইসকল সাংস্কৃতিক মনৰ অধিকাৰী পুৰুষে৷ তেওঁলোকৰ মৃত্যুৰ পিছত পৰৰ্ৱতী সময়ত এই পুতলা থিয়েটাৰৰ ধাৰাটো অব্যাহত ৰাখি  পুতলা থিয়েটাৰক সংস্কৃতিৰ পথাৰত জীয়াই ৰখাৰ প্ৰয়াস কৰিছে বৰ্তমান নগাঁৱৰ কাকমাৰীৰ নিৰণ চন্দ্ৰ বৰা আৰু প্ৰয়াত হৰিত্ৰা বৰা একমাত্ৰ পুত্ৰ ৰাজু বৰাই। নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ কাকমাৰী গাঁৱৰ ৰাজু বৰাৰ একান্ত  প্ৰচেষ্টাত অংকুৰণ ঘটিছিল এটি পুতলা থিয়েটাৰ যাৰ নাম আছিল “ৰূপালীম পুতলা থিয়েটাৰ”। নগাঁৱৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয় পৰা ১৯৯৬ চনতে প্ৰাণী বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা কাকমাৰী অঞ্চলৰ ৰাজু বৰাই এই প্ৰাচীন শিল্পকলা ধৰি ৰখাৰ প্ৰয়াস কৰিছে যদিও বৰ্তমান সময়ৰ প্ৰযুক্তি বিদ্যাৰ খৰটকীয়া গতিৰ লগত খাপ খাই চলিবলৈ অসমৰ্থ হৈ পৰিছে। বৰ্তমান অনাদ্ৰিত হৈ পৰিছে পুতলা থিয়েটাৰৰ পুতলা সমূহৰ লগতে থিয়েটাৰত ৱ্যৱহৃত সা-সৰঞ্জাম সমূহো ৷ এই পুতলা থিয়েটাৰৰ লগত জড়িত প্ৰায় ৩২ গৰাকী কৈ কলা-কুশলী সকলৰো সম্প্ৰতি জীৱনৰ পথ অনিশ্চয়তাৰ ফালে গতি কৰিছে। এই আপুৰুগীয়া লোক সংস্কৃতিবিধ জীয়াই ৰখাৰ বাবে ৰজাঘৰীয়াই যদি ব্যৱস্থা হাতত নলয় তেন্তে এই আপুৰুগীয়া লোক সংস্কৃতিবিধ এদিন সংস্কৃতিৰ পথাৰৰ পৰা লুপ্ত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। এইবাৰ বিশেষকৈ ২০১৯-২০ বৰ্ষত লকডাউনে বাৰুকৈয়ে প্ৰভাৱিত কৰিলে এই পুতলা থিয়েটাৰৰ সংস্কৃতিকৰ লগত জড়িত কাকমাৰীৰ ৰূপালীম পুতলা থিয়েটাৰ দলটিক৷ ইফালে এই সংস্কৃতিৰ অৱনতি ঘটাৰ লগে লগে নাট্যকাৰ, পৰিচালক তথা ৰূপালীম থিয়েটাৰৰ  ব্যৱস্হাপক উচ্চ শিক্ষাৰে শিক্ষিত ৰাজু বৰাই জীৱন নিৰ্বাহ কৰিবলৈ এক বিকল্প পথ গ্ৰহণ কৰিছে৷ নিজ ঘৰৰ চোতালৰ প্ৰায় দুইকঠা মাটিত বিজ্ঞান সন্মতভাৱে গ্ৰীণিফ’ল, টাৰ্কী, ব্লেক চিকেন, চিল্কি চিকেন, এ’ছিল, স্থানীয় কুকুৰা, ৰাজহাঁহ, চিনাহাঁহ, পাতিহাঁহ, ইণ্ডিয়ান ৰানাৰ, হোৱাইট প্ৰিকেন, ব’তা চৰাই, পাৰকে ধৰি প্ৰায় ১৪-১৫ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই পোহপালৰে ব্যৱসায় আৰম্ভ কৰাৰ লগতে বায়’ফ্লক পদ্ধতিৰে মৎস্য পালন কৰিবলৈ বিভিন্ন প্ৰণালীৰ কাম আৰম্ভ কৰি সমগ্ৰ অঞ্চলতে স্বাৱলম্বীতাৰ এক অৰ্পূব নিদৰ্শন দাঙি ধৰিছে। ৰাজু বৰাৰ এই ফ্ৰামতে কৰ্ম কৰি পৰিয়াল পোহপাল দি আহিছে অঞ্চলৰ কেইবাটাও পৰিয়ালে। বৰ্তমান বৃদ্ধ পিতৃ নিৰণ চন্দ্ৰ বৰা, পত্নীৰ ওপৰি এগৰাকী কণ্যাৰে এখন সুখৰ সংসাৰৰ দায়িত্ব পালন কৰি আহিছে ৰাজু বৰাই৷ যোৱা ২৪ মাৰ্চৰ পৰা দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ এই যতিল পৰিস্থিতিৰ সময়ত নিজ হাতৰ মুঠিত ধৰি ৰখা পুতলা থিয়েটাৰৰ পৰা কোনো উপাৰ্জন নোহোৱাত ৰাজু বৰাই আজিৰ পৰা দুবছৰ আগতে নিজ ঘৰতে মুকলি কৰা স্থানীয় কুকুৰাৰ লগতে অন্যান্য প্ৰজাতিৰ চৰাই সমূহ এখনি ফাৰ্মৰ আৰু সেই ফাৰ্মত উৎপাদিত কুকুৰা সমূহ বিক্ৰী কৰি দৈনিক আঠশ পৰা পোন্ধৰশ টকালৈকে উপাৰ্জন কৰি স্বাৱলম্বিতাৰ এক নিৰ্দশন দাঙি ধৰিছে৷ উল্লেখ্য যে, পুতলা থিয়েটাৰ দলৰ জন্মদাতা বেঠাৰাম বৰাৰ নাতি ৰাজু বৰাই বৰ্তমান নিজৰ বাহুবলেৰে কৰি গৈছে এই সকলো কাৰ্য৷ লাভ কৰা বেংকৰ পৰা কোনো ঋণ আদি৷ কৰ্মোদ্যমী ৪৬ বছৰীয়া এইগৰাকী যুৱকৰ স্বাৱলম্বীতাক শলাগ লৈছে অঞ্চলৰ বহু ৰাইজে লগতে অসমৰ আপুৰুগীয়া সংস্কৃতি এই পুতলা থিয়েটাৰৰ লগত জড়িত এই কলাকুশলী সকলক চৰকাৰৰ ফালৰ পৰা উপযোক্ত সহায় তথা সাহাৰ্যৰ আহ্বান জনাইছে সংস্কৃতি প্ৰেমী ৰাইজে৷

চীনা এপ ত্যাগ প্ৰধানমন্ত্ৰী মোডীৰ ৷

দৈনন্দিন বাৰ্তাৰ ডেস্ক :

৫৯টা চীনা এপ বন্ধ কৰাৰ দুটা দিনৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চীনা এপ উইব’ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে ৷ উল্লেখ্য যে এইটো এটা মাইক্ৰ-ব্লগিং ৱেবছাইট ৷ এই এপটোত কেইটামান বছৰৰ আগতে প্ৰধানমন্ত্ৰী মোডীয়ে যোগ দিছিল৷ উল্লেখ্য যে মোডীয়ে নিজে কৰা বুধবাৰে ইয়াত থকা প্ৰফাইল ফটো, প’ষ্ট আৰু মতামতবোৰ আঁতৰ কৰে ৷ ভিআইপি একাউণ্টবোৰৰ বাবে উইব’ এৰিবলৈ অধিক জটিল পদ্ধতি আছে৷ যাৰ কাৰণে অফিচিয়েল প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ এই প্ৰাথমিক অনুমতি দিয়া পলম হৈছিল৷ প্ৰধানমন্ত্ৰী মোডীয়ে উইব’ত ১১৫ টা প’ষ্ট কৰিছিল ৷ এইবোৰ হাতেৰেই আঁতৰ কৰাৰ সিদ্ধান্ত লয় ৷ তাৰে ১১৩ টা আঁতৰ হয় ৷ দুটা প’ষ্ট বাকী আছে য’ত চীনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ ফটো আছে ৷ এইটো প’ষ্ট আঁতৰ কৰাটোত সমস্যা আছে ৷ 

ক’ৰোণাৰ আতংকৰ মাজতেই বছৰটোৰ দ্বিতীয়টো বানত যমুনামুখৰ বৃস্তিৰ্ণ অঞ্চল প্লাৱিত: নিৰৱ জিলা প্ৰশাসন ৷

ডবকা : ক’ৰণা ভাইৰাছৰ আতংকৰ মাজতেই বছৰটোৰ দ্বিতীয়টো বানে হোজাই জিলাৰ যমুনামুখৰ বৃস্তিৰ্ণ অঞ্চল প্লাৱিত কৰাৰ লগতে হেজাৰ হেজাৰ বিঘা কৃষি ভূমি নষ্ট কৰাত অঞ্চলবোৰৰ দৰিদ্ৰ কৃষক ৰাইজে মূৰে কপালে হাত দিছে ৷ আনকি যমুনামুখ- সৰুপথাৰ সংযোগী মূল পথছোৱাটো কপিলীৰ এই বাঢ়নি পানীয়ে বুৰাই পেলোৱাৰ লগতে বহু কেইটা পথ জহি খহি গৈছে ৷ আজি দুদিন ধৰি যমুনামুখৰ লগত যোগাযোগ প্ৰায় বিছিন্ন হৈ পৰিছে। হোজাই জিলাৰ যমুনামুখৰ চৌদিশে এতিয়া কেৱল বানৰ বিভীষিকা। যমুনামুখ সৰুপথাৰ সংযোগী গড়কাপ্টানী পথৰ ওপৰেদি গৈছে পানী। পথৰে ওপৰেদি বৈছে নিখাৰী নৈৰ পানী। বিপদজনকভাৱে যাতায়ত অব্যাহত। যমুনামুখ কার্বি আংলং সংযোগী গড়কাপ্টানী পথটোও বানে বিধস্ত কৰিছে। যমুনামুখ ডবকা সংযোগী গড়কাপ্টানী পথো বানে বিভিন্ন ঠাইত চিঙি লৈ গৈছে । যমুনামুখ হোজাই সংযোগী প্রধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পথছোৱা পানীৰ তলত। এক কথাত কবলৈ গলে বৰ্তমান নদী দীপ মাজুলৈ লৈ ৰূপান্তৰিত হৈছে যমুনামুখ অঞ্চল। বহিঃজিলাৰ সৈতে সম্পূৰ্ণ যোগাযোগ বিছিন্ন হৈছে যমুনামুখবাসীৰ ৷ ইপিনে, নিখাৰী নৈৰ বাঢ়নি পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ বাঢ়নী পানীয়ে সম্পূৰ্ণৰূপে প্লাবিত কৰিছে ভেলৌগুৰি পথাৰত, চাৰ্লক, বালিৰাম , চাংমাজি পথাৰ, সৰুপথাৰ, খকনজুৰি, ডেকেৰুৱা, যমুনামুখ, পাতিদয়া, নগঞাপাম, গৰুবন্দা, ৪৮ নং ব্লক আদি কৰি বৃহৎ অঞ্চল বানৰ কবলত পৰিছে। বিনষ্ট হৈছে হাজাৰ হাজাৰ বিঘা শালী ধানৰ খেতি ।ৰাইজৰ এই দুৰ্যোগৰ সময়ত জিলা প্ৰশাসনে কোনো ধৰণৰ খবৰ লোৱা নাই বুলি বন্যাৰ্তই অভিযোগ কৰিছে ৷ ইফালে, ভেলেউগুৰীৰ ৫৩ বছৰীয়া আবুল হুছেইন নামৰ লোকজনে প্ৰথমে বৰো ধানৰ খেতি কৰিছিল যদিও বছৰটোৰ প্ৰথমটো বানে নি: শেষ কৰি গৈছে ৷ পৰৱৰ্তী শালি ধানৰ খেতি কৰিছিল সেয়াও বৰ্তমানৰ দ্বিতীয়টো বানে শেষ কৰিছে ৷ এনে ধৰে হেজাৰ হেজাৰ কৃষকৰ সপোন পানীৰ তলত ৷ কেৱল মূৰে কপালে কৃষকৰ হাত ৷ নাই চৰকাৰী সাহাৰ্য ৷

ডিজিটেল ষ্ট্ৰাইকৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা : ৰাষ্ট্ৰীয় পথ নিৰ্মাণ কৰিবলৈ নাপায় চীনা প্ৰতিষ্ঠানে ৷

দৈনন্দিন বাৰ্তাৰ ডেস্ক :

চীনক পুনৰ প্রত্যাঘাত ভাৰতৰ৷ বিএছএনএল, ৰে’লৰ পৰা আঁতৰ কৰাৰ আগতেই আঘাত দিছে চীনা প্ৰতিষ্ঠানক ৷ ৫৯ টা চীনা এপৰ ওপৰত ডিজিটেল ষ্ট্ৰাইক কৰা হৈছে ৷ এনে সময়তে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিলে দেশৰ ৰাষ্ট্ৰীয় পথ নিৰ্মাণ কৰিবলৈ কোনো চীনা প্ৰতিষ্ঠানে নাপায়৷ আনকি ভাৰতৰ কোনো প্ৰতিষ্ঠানৰ লগ হৈ কাম কৰিব বিচাৰিলেও দিয়া নহ’ব ৷ যোৱা দুমাহ ধৰি ভাৰত-চীনৰ স্নায়ুযুদ্ধ চলিছে ৷ পূৱ লাডাখ সীমান্তত চীনৰ আগ্রাসী মনোভাবৰ বাবে ১৫ জুনত এক ৰক্তক্ষয়ী সংঘর্ষৰ সাক্ষী থাকিল গালৱান উপত্যকা৷ শ্বহীদ হ’ল ২০জনকৈ জোৱান৷ ইয়াৰ পাছৰ পৰা বেইজিঙক ভাতে মৰাৰ প্ৰস্তুত হয় কেন্দ্ৰীয় চৰকাৰ ৷ তাৰে ফলশ্ৰুতিত চীনা প্ৰতিষ্ঠানবোৰক মাধমাৰ দিবলৈ প্ৰস্তুতি চলাইছে ভাৰতে ৷ এই প্ৰসংগত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে জনায় যে ৰাষ্ট্ৰীয় পথ প্ৰকল্পৰ একোকে চীনা প্ৰতিষ্ঠান কাম কৰিবলৈ দিয়া নহ’ব ৷ যদি ভাৰতৰ কোনো প্ৰতিষ্ঠানৰ সৈতে যৌথ ব্যৱসায় কৰে তেতিয়াও দিয়া নহ’ব৷ মন্ত্ৰী গাডকাৰী মজলীয়া, ক্ষুদ্ৰ আৰু কুটীৰ শিল্প মন্ত্ৰালয়ৰ দায়িত্বতো আছে ৷ 

কাশ্মীৰত আৰক্ষী-উগ্ৰপন্থীৰ গুলীয়াগুলী : ককাকৰ ৰক্তাক্ত মৃতদেহৰ ওপৰত অসহায় শিশু ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

চিআৰপিএফ জোৱানৰ ওপৰত আক্ৰমণ কৰা উগ্ৰপন্থীৰ গুলীত মৃত্যু হোৱা ককাকৰ ৰক্তাক্ত দেহাৰ ওপৰত অসহায়ভাৱে কান্দিছে এটি তিনি বছৰীয়া শিশুৱে৷ বুধবাৰে পুৱা এই ছবি আৰু ভিডিঅ’ ভৰি পৰে ছচিয়েল মিডিয়াত৷ এই অসহায় শিশুটিৰ ছবি দেখি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে৷ চকুৰ আগত গুলী চালনাৰ ঘটনা দেখি ভয়ত ভিতিগ্ৰস্ত হোৱা শিশুটিক উদ্ধাৰ কৰে আৰক্ষীয়ে৷ জম্মু আৰু কাশ্মীৰৰ ছোপোৰে এলেকাত পুৱা চিআৰপিএফ জোৱানৰ ওপৰত উগ্ৰপন্থীয়ে আক্ৰমণ কৰে৷ এই ঘটনাত কৰ্তব্যৰত এজন জোৱানৰ মৃত্যু হয়৷ সেই সময়ত পথত গাড়ী লৈ যোৱাৰ সময়ত এই শিশুটিৰ ককাকৰ মৃত্যু হয়৷ উল্লেখ্য যে সন্ত্ৰাসবাদী আৰু আৰক্ষীৰ গুলী বিনিময়ৰ মাজত সাধাৰণ নাগৰিকৰ অসহায়ভাৱ ফুটি উঠে তিনি বছৰীয়া শিশুটিৰ চকুত৷ পুৱা গাড়ীত ককাকৰ লগত শিশুটি শ্ৰীনগৰৰ পৰা হাণ্ডৱাৰালৈ গৈছিল৷ সেনা আৰু উগ্ৰপন্থীৰ গুলীৰ মাজত পৰে গাড়ীখন৷ তাতেই গুলীবিদ্ধ হয় শিশুটিৰ ককাক৷ ইয়াৰ পাছত শিশুটিক আৰক্ষীয়ে উদ্ধাৰ কৰে৷ সেই উদ্ধাৰৰ ছবি৷কাশ্মীৰৰ আৰক্ষীয়ে টুইটাৰত প’ষ্ট কৰে৷ এজন আৰক্ষী বিষয়াই জনোৱা মতে উদ্ধাৰৰ সময়ত কপিছিল শিশুটি৷ আনহাতে আৰক্ষীৰ গাড়ীত যোৱাৰ সময়ত শিশুটিয়ে কান্দিছিল৷

শোকস্তদ্ধ টিংখাঙত : তিনিগৰাকী কিশোৰী পানীত পৰি সলিল সমাধি।

ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩নং দিঘলীয়াত আজি পুৱা তিনিগৰাকী কিশোৰী পানীত পৰি সলিল সমাধি হয়।

টিংখাং : ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩নং দিঘলীয়াত আজি পুৱা প্ৰায় সাত বজাত পানীত পৰি তিনিগৰাকীকৈ কিশোৰী কৰুণভাৱে মৃত্যু হয় । কৰুণ ঘটনাটোত গাঁওখনৰ ৰমেশ খাৰিয়াৰ দুগৰাকী কন্যা টিংখাং বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষষ্ট শ্ৰেণীৰ ছাত্ৰী বেবী খাৰিয়া(১১), শিঙৰাজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী সঞ্জনা খাৰিয়া(৭) আৰু একেখন গাঁৱৰে শিঙৰাজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী বাবু কেওটৰ কন্যা মণ্টি কেওটে পুৱা প্ৰায় সাত বজাত কঁঠাল আনিবলৈ ঘৰৰ পৰা ওলাই গৈ এখন দ- জান পাৰ হওঁতে পানীত ডুবগৈ কৰুণ ভাৱে মৃত্যুক আকোঁৱালী লয় | উল্লেখযে,ৰমেশ খাৰিয়াৰ আন এগৰাকী প্ৰায় চাৰি বছৰীয়া কন্যা লগতে আছিল যদিও দৈৱক্ৰমে স্থানীয় এগৰাকী মহিলাই প্ৰাণ বচাবলৈ সক্ষম হয়। আনহাতে তিনিগৰাকী কিশোৰীৰ কৰুণ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্য অঞ্চলটো শোকস্তদ্ধহৈ পৰে | স্থানীয় লোক সকলে ঘটনাস্থলীত উপস্থিত হৈ কিশোৰী তিনিগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় | আনহাতে এনে অনাকাংক্ষিত ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় বিধায়ক বিমল বড়া গুৱাহাটীৰ পৰাই দুৰ্ভগীয়া পৰিয়াল দুটাৰ লগত টেলিফোনত বাৰ্তালাপ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰী আৰু জিলা উপায়ুক্তক অৱগত কৰি তাৎক্ষণিকভাৱে এককালীন সাহাৰ্য ঘোষণা কৰে | অসম পেট্ৰকেমিকেলৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাই দুৰ্ভগীয়া পৰিয়াল দুটি ঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে সমবেদনা জ্ঞাপন কৰে | আনহাতে টিংখাং থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিতহৈ মৃতদেহ কেইটা চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে | ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

নগাওঁ জিলা গোর্খা ছাত্র সন্থাৰ আদৰণীয় পদক্ষেপ।

কলিয়াবৰ : সদ‍্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ‍্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন নগাওঁ জিলা গোর্খা ছাত্র সন্থাৰ। উচ্চতৰ মাধ‍্যমিকৰ কলা শাখাত সপ্তম স্থান লাভ কৰা প্ৰিয়াংসী গোস্বামী আৰু নৱম স্থান লাভ কৰা নম্ৰতা বৰুৱাৰ ঘৰলৈ গৈ সন্থাৰ কৰ্ম-কৰ্তাসকলে অভিনন্দন জনাই। লগতে কলা শাখাৰ ৰাণু দেৱী আৰু বিজ্ঞান শাখাৰ মণিষ উপাধ‍্যায়কো অভিনন্দন জনায়। তদুপৰি আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰী মণিকা দেৱীৰ উচ্চতৰ মাধ্যমিক পৰ্য্যায়ৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিব বুলি জনাই সংগঠনটোৱে। অতি দুখীয়া পৰিয়ালৰ এইগৰাকী ছাত্ৰীয়ে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে উচ্চতৰ মাধ্যমিক পৰ্য্যায়ত নামভৰ্তি কৰিব পৰা নাছিল ছাত্ৰীগৰাকীয়ে। ইতিমধ‍্যে ছাত্ৰীগৰাকীক কলিয়াবৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান কে. জি. ইনষ্টিটিউট অফ একাডেমীত নামভৰ্তি কৰি দিয়াত সহায় কৰিছে নগাঁও জিলা গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে। লগতে ছাত্ৰীগৰাকীৰ পঢ়াৰ সম্পূৰ্ণ দায়িত্ব বহন কৰে সংগঠনটোৱে। লগতে দৰিদ্ৰতা আৰু আৰ্থিক অনাটনৰ বাৱে কোনো শিক্ষাৰ্থীয়ে যাতে শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত নহয় তাৰ বাবে সংগঠনটিয়ে সদায় চকু ৰাখিব বুলি জানিবলৈ দিয়ে। এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা কলিয়াবৰৰ হৃদয়বান ব্যক্তি মদন উপাধ্যায়, স্বপ্ন বৰা, অজয় বুচ্চা, চন্দন গোস্বামী আৰু ৰবিকান্ত বুচ্চাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে সংগঠনটোৱে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান জলমগ্ন । জীৱকূলক ৰক্ষাৰ বাবে সষ্টম কৰ্তৃপক্ষ ।

কলিয়াবৰ : জলমগ্ন বিশ্ব ঐতিহ‍্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আৰু নেৰানেপেৰা বৰষুণৰ ফলত ৰাষ্ট্ৰীয় উদ‍্যানখনত এতিয়া নব্বৈ শতাংশ জলমগ্ন। কালি বতৰ ফৰকাল হোৱাৰ বাবে জলস্তৰ কমিছে যদিও,  কাজিৰঙাৰ জীৱকূলৰ বিপদ এতিয়াই কমা নাই। ৰাষ্ট্ৰীয় উদ‍্যানখনৰ মাজত থকা উচ্চ ভূমিৰ লগতে কাষৰীয়া কাৰ্বি-আংলঙৰ পাহাৰলৈ গতি কৰিছে পহু,  হাতীকে ধৰি অনান‍্য জীৱ-জন্তু। অৱশ‍্যে কাজিৰঙাৰ পৰা গঁড় ৰাষ্ট্ৰীয় পথ পাৰ হৈ কাৰ্বি-পাহাৰলৈ যোৱা নাই বুলি ৰাষ্ট্ৰীয় উদ‍্যানৰ কৰ্তৃপক্ষই জনাইছে। বানৰ কঠিন সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ জীৱ-কূলক সুৰক্ষা দিবলৈ সষ্টম ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ। কৰ্তৃপক্ষক সহায়ৰ বাবে সাজু বন বিভাগ,  বোকাখাট আৰু কলিয়াবৰ মহকুমা প্ৰশাসন,  আৰক্ষী প্ৰশাসন, গাঁওৰক্ষী বাহিনী,  ইক ডেভেলপমেণ্ট কমিটী  স্বেচ্ছসেৱী সংস্থা তথা উদ‍্যানখনৰ দাঁতি-কাষৰীয়া বাসিন্দা। উদ‍্যানৰ বিষয়া-কৰ্মচাৰী,  বনৰক্ষীসকলে বানৰ সময়ছোৱাত দিনে-নিশাই কৰ্তব‍্যত নিয়োজিত হৈ আছে যাতে জীৱ-জন্তুৰ হানি-বিঘিনী নহয়। ৩৭ নং ৰাষ্ট্ৰীয় পথত যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ‍্যে দিন-ৰাতি সমানে “টাইম কাৰ্ড”ৰ ব‍্যৱহাৰ কৰিছে। তদুপৰি,  মেছিন নাও,  হাত নাঁৱৰ জৰিয়তে বনৰক্ষীয়ে দিনে-নিশাই কাজিৰঙাৰ অন্তৰ্ভাগত তহল দি জীৱকূল ৰক্ষাৰ বাবে তৎপৰ হৈ আছে। কোনো কাৰণতে যাতে গঁড় চিকাৰীয়ে বানৰ সুবিধা ল’ব নোৱাৰে তাৰ বাবেও সষ্টম কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ। তাৰ মাজতে বানৰ কৱলত দুৰ্ভাগ‍্যজনকভাৱে এটা গঁড় আৰু চৈধ‍্যটা সুগৰী পহুৰ মৃত‍্যু হৈছে।