Home Blog Page 3273

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সবাতোকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ : দেবেন্দ্ৰ ফাৰ্নভিছ

দৈনন্দিন বাৰ্তা ডেস্ক : বহুৱে জল্পনা-কল্পনা কৰিছিল যে আসন্ন বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগনা ৰানাউটক এগৰাকী ষ্টাৰ কেম্পেইনাৰ হিচাপে বিজেপিয়ে চিন্তা কৰিছে ৷ এই সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ নেতা দেবেন্দ্ৰ ফাৰ্নভিছে কয় যে দলে কংগনাক ষ্টাৰ কেম্পেইনাৰ হিচাপে লোৱাৰ ক্ষেত্ৰত কোনো পৰিকল্পনা লোৱা নাই ৷ ফাৰ্নভিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক বিৰূপ কৰি কয়, দেখা গৈছে যে শিৱ সেনৰ প্ৰধানৰ কৰ’নাতকৈ কংগনাৰ লগত যুঁজখন বহু আকৰ্ষণীয় হৈছে ৷ ‘আমাৰ এনডিএৰ বাবে কোনো আন ষ্টাৰ কেম্পেইনাৰ প্ৰয়োজন নাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হ’ল সবাতোকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ ৷ ফাৰ্নভিছে সাংবাদিকক এনেদৰে কয় ৷ ইয়াৰ লগতে তেওঁ আঙুলিয়াই দিয়ে যে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক বিজেপিয়ে বিহাৰৰ নিৰ্বাচনৰ দায়িত্ব দিছে ৷ শিৱ সেনা আৰু কংগনাৰ যুদ্ধখনত অভিনেত্ৰীগৰাকীৰ মুম্বাইত থকা ঘৰ বৃহত্তৰ মুম্বাই পৌৰ নিগমে ভাঙি দিয়ে ৷ ‘ৰাজ্যখনত গুৰুতৰভাৱে প্ৰভাৱ বিস্তাৰ কৰা কৰ’নাৰ বিৰুদ্ধে উদ্ধৱ ঠাকৰেয়ে যুঁজ দিয়াত মনোনিৱেশ কৰা প্ৰয়োজন ৷’

পুনৰ আৰম্ভ ক’ৰোনা ভাইৰাছৰ জন্ম বিতৰ্ক : ক’ৰোনা ভাইৰাছৰ উৎস চীন চৰকাৰৰ তত্বাবধানৰ উহানৰ পৰীক্ষাগাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : পুনৰ ক’ৰোনা ভাইৰাছৰ জন্ম বিতৰ্ক আৰম্ভ হ’ল ৷ এইবাৰ বিতৰ্কৰ সূত্ৰপাত ঘটালে লি মেং ইয়ান নামৰ এগৰাকী ভাইৰ’লজিষ্টে ৷ এক জনপ্ৰিয় টক শ্বত তেওঁ দাবী কৰে যে ক’ৰোনা ভাইৰাছৰ উৎস চীন চৰকাৰৰ তত্বাবধানত থকা উহানৰ পৰীক্ষাগাৰ ৷ ভাইৰাছটো যে মানৱ সৃষ্ট তাৰ প্ৰমাণ কৰিবৰ বাবে উপযুক্ত প্ৰমাণ তেওঁৰ হাতত আছে ৷ সেয়ে তৎকালে তেওঁ চীনৰ পৰা আঁতৰি আহে ৷ নতুবা চীন চৰকাৰে তেওঁক হত্যা কৰিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে ভাইৰ’লজিষ্টগৰাকীয়ে ৷ উল্লেখ্য যে ভাইৰ’লজিষ্ট গৰাকীৰ জন্ম হংকঙত ৷ তেওঁ গৱেষণাৰ কাম কৰে চীনত ৷ চলিত বছৰৰ আৰম্ভণিতে তেওঁ চীনৰ পৰা পলায়ন কৰিছিল ৷ নিৰাপত্তাৰ বাবে তেওঁ মার্কিন যুক্তৰাষ্ট্ৰত আছে ৷ এক টক শ্বত এটাৰ পাচত এটাকৈ তেওঁ বিস্ফোৰক বক্তব্য ৰাখে ৷ তেওঁৰ দাবীৰ পাচতে এইবাৰ ক’ৰোনা ভাইৰাছ জন্ম বিতৰ্ক পুনৰ আৰম্ভ হৈছে ৷ উল্লেখ্য যে যোৱা বছৰৰ শেষৰ ফালে চীনৰ উহান প্ৰদেশত কৰ’না সংক্ৰমণ বৃদ্ধি পাইছিল ৷ ইয়াৰ পাচতে সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ লয় ক’ভিড-১৯য়ে ৷ বেইজিঙৰ দাবী, প্ৰাকৃতিকভাৱে এই ভাইৰাছৰ জন্ম হৈছে ৷ কিন্তু তাক মনা নাই সমগ্ৰ বিশ্বই ৷ অধিকাংশ দেশৰ দাবী, প্ৰাকৃতিকভাৱে নহয়, চীনৰ গৱেষণাগাৰতেই তৈয়াৰ হৈছে এই ভাইৰাছ ৷ ইপিনে চীনৰ দাবীৰ বিপৰীতে গৱেষকগৰাকীৰ মন্তব্য যে উহানৰ যি পৰীক্ষাগাৰৰ পৰা ক’ৰোনা ভাইৰাছ বিয়পিছে, সেইটো চীন চৰকাৰৰ তত্ত্বাৱধানত আছিল ৷ ভাইৰ’লজিষ্টগৰাকীয়ে লগতে দাবী কৰে যে ক’ৰোনা সংক্ৰমণক লৈ চীন চৰকাৰে মিছা কথা কৈছে ৷ যোৱা বছৰৰ শেষৰ ফালে চীনৰ পূৰ্বাঞ্চলত প্ৰথমে নিউমোনিয়া হিচাপে এই ৰোগ বিয়পিছিল ৷ প্ৰথম অৱস্থাত এই ৰোগ লৈ গৱেষকসকলৰ লগত আছিল ইয়ান ৷ কিন্তু যেতিয়া ৰোগীৰ সংখ্যা বাঢ়ি যায় তেতিয়া তেওঁক মৌন হৈ থাকিবলৈ কয় ৷ প্ৰাণনাশৰ ভাবুকি দিয়া হয় বুলি তেওঁ কয় ৷ ইয়ানে লগতে কয়, ক’ৰোনা ভাইৰাছৰ জিমৰ ছিকুৱেন্স মানুহৰ ফিংগাৰ প্ৰিণ্টৰ দৰে ৷ মই প্ৰমাণ দি মানুহক বুজাই দিব পাৰো যে চীনৰ পৰীক্ষাগাৰতেই এই ভাইৰাছৰ সৃষ্টি হৈছে ৷ জীৱ বিজ্ঞানৰ জ্ঞান নাথাকিলে কোনেও ইয়াক বুজিব পাৰিব ৷ নিজেই ইয়াৰ বিচাৰ কৰিব পাৰিব ৷

চীনৰ গুপ্তচৰৰ চকুত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীসহ ১০,০০০ ভাৰতীয়

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ মানুহৰ তথ্য নিয়াৰ আশংকাত এটাৰ পাচত এটাকৈ চীনৰ এপ নিষিদ্ধ কৰিছে ভাৰতে ৷ লাডাখত সংঘৰ্ষৰ সেই আশংকা অধিক তীব্ৰ হৈছিল ৷ কিন্তু তাৰ তলে তলে ভাৰতৰ লগত ডাটা যুদ্ধ আৰম্ভ কৰিছে চীনে ৷ এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ খবৰ মতে ভাৰতৰ ১০,০০০ প্ৰভাৱশালী ব্যক্তিৰ ওপৰত নজৰ ৰাখিছে চীনে ৷ এক তদন্তমূলক প্ৰতিবেদনত লিখা হৈছে যে চীনৰ ছেনঝেনৰ তথ্য প্ৰযুক্তিৰ কোম্পানী ঝেনহুৱা ডাটা ইনফৰ্মেচন টেকন’লজি কোম্পানী লিমিটেডে এই কাম কৰিছে ৷ এই কোম্পানীৰ সৈতে যোগাযোগ আছি চীন চৰকাৰ আৰু চীনা কমিউনিষ্ট পাৰ্টিৰ ৷ ইয়াতে এটা গ্ল’বেল ডাটাবেচ তৈয়াৰ কৰিছে, য’ত আছে ভাৰতৰ ১০,০০০ প্ৰভাৱশালী ব্যক্তি ৷ উল্লেখ্য যে দেশৰ সাধাৰণ জনতা কেতিয়াবা তেওঁলোকৰ বেংক একাউণ্টসহ আন তথ্য লৈ চিন্তিত হয়৷ কিন্তু দেখা গৈছে এইবাৰ চিন্তাৰ কাৰণ আহিছে স্বয়ং প্ৰধানমন্ত্ৰীৰো ৷ চীনৰ এই কোম্পানীৰ নজৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰপতি, মুখ্য ন্যায়াধীশ, ছোনীয়া গান্ধী আৰু তেওঁৰ পৰিয়াল, মমতা বেনাৰ্জী, অমৰেন্দ্ৰ সিং, উদ্ধৱ ঠাকৰে, নবীন পাটনায়ক, শিৱৰাজ সিং চৌহান, ৰাজনাথ সিং, ৰবিশংকৰ প্ৰসাদ, নিৰ্মলা সীতাৰমন, স্মৃতি ইৰানী, চিডিএছ বিপিন ৰাৱাত, ১৫ জন প্ৰাক্তন সেনা প্ৰধান, নৌ সেনা প্ৰধান, আৰু বায়ু সেনা প্ৰধান৷ ইয়াৰ লগতে আছে দেশৰ একাধিক উদ্যোগপতি, সাংবাদিক, বিজ্ঞানী, খেলুৱৈসহ বিশিষ্ট ব্যক্তি ৷ ঝেনহুৱাই স্বীকাৰ কৰে তেওঁলোকে চীন চৰকাৰ আৰু চেনা গুপ্তচৰ সংস্থাৰ হৈ কাম কৰে ৷ যোৱা কেইবা মাহ ধৰি এই কোম্পানীয়ে ডাটা বিশ্লেষণ কৰি এই সিদ্ধান্তত উপনীত হৈছে এই সংবাদ মাধ্যম ৷ উল্লেখ্য যে চীনৰ এই কোম্পানীৰ নজৰত আছে মার্কিন যুক্তৰাষ্ট্র,ব্ৰিটেইন, জাপান, অষ্ট্ৰেলিয়া, কানাডা, জাৰ্মানী, ইউএইৰ দৰে দেশ ৷ এই তথ্য হাতলৈ আহিছে ভাৰতৰ সংবাদ মাধ্যমটোৰ উপৰি লণ্ডনৰ দ্য ডেইলি টেলিগ্ৰাফ, অষ্ট্ৰেলিয়াৰ ফাইনান্সিয়েল ৰিভিউ, ইটালীৰ এল ফোগিলোৰ ৷ ৰেকৰ্ডত কোৱা হৈছে, ঝেনহুৱা কোম্পানী হিচাপে নথিভূক্ত হয় ২০১৮ চনত৷ দেশখনত ইয়াৰ ২০ টা শাখা আছে ৷ কোম্পানীটোৰ ক্লায়েণ্টৰ ভিতৰত আছে চীন চৰকাৰ আৰু চীনা সেনা ৷ বিশ্বজুৰি হাজাৰ হাজাৰ মানুহৰ ওপৰত নজৰ দিয়া হৈছে৷ এই অভিযোগ লৈ ছেনঝেনৰ এই কোম্পানীটোৰ মুখামুখি হৈছিল এজন সাংবাদিক ৷ তেওঁৰ প্ৰশ্নৰ তালিকাত আছিল ভাৰতৎ সংবাদ মাধ্যমৰ প্ৰশ্নবোৰ৷ কিন্তু কোম্পানীৰ এজন কৰ্মীয়ে কয়, এইবোৰ প্ৰশ্নৰ উত্তৰ প্ৰকাশ কৰা নহ’ব৷ কাৰণ ইয়াত আমাৰ ব্যৱসায়ৰ স্বাৰ্থ আছে ৷ ইয়াকে লৈ ভাৰতীয় সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত দিল্লীৰ চীনা দূতাবাসৰ পৰা কয় যে চীন চৰকাৰে কোনো কোম্পানীক এনে ধৰণেৰে আন দেশৰ তথ্য সৰবৰাহ কৰিবলৈ কোৱা নাই, নকয় ৷ ভাৰতীয় সংবাদ মাধ্যমে জানিব পাৰিছে যে ঝেনহুৱাৰ গুপ্তচৰৰ তালিকাত আছে প্রধান মন্ত্রী আৰু তেওঁৰ পৰিবাৰ যশোধা বেন, মনমোহন সিং আৰু তেওঁৰ পৰিয়াল, কেন্দ্ৰৰ একাধিক বৰ্তমান আৰু প্ৰাক্তন মন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়াল, উত্তৰ প্ৰদেশৰ মুলায়েম সিঙৰ পৰিয়াল, দেশৰ একাধিক সংবাদ মাধ্যমৰ সম্পাদক, ২৫০ জন কূটনীতিবিদ, ২৩ জন প্রাক্তন আৰু বর্তমানৰ মুখ্য সচিব, দেশৰ অধিকাংশ ৰাজ্যৰ আৰক্ষী প্ৰধান ৷

নহ’ল সৰ্বদলীয় বৈঠক : সোমবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন

দৈনন্দিন বাৰ্তা ডেস্ক : সংসদৰ বৰ্ষাকালীন অধিবেশন সোমবাৰৰ পৰা আৰম্ভ হ’ব ৷ কিন্তু তাৰ আগেয়ে অধিবেশনৰ কাৰ্যপ্ৰণালী লৈ যি সৰ্বদলীয় বৈঠক হোৱাৰ কথা সেয়া বাতিল কৰিলে লোকসভাৰ অধ্যক্ষ ওম বিড়লাই ৷ যোৱা দুটা দশকত এয়া এক নজিৰবিহীন সিদ্ধান্ত বুলি উল্লেখ কৰিছে সচেতন মহলে ৷ ক’ভিডৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এনে সিদ্ধান্ত লয় বুলি প্ৰাপ্ত সূত্ৰই প্ৰকাশ কৰে ৷ এই অধিবেশন আৰম্ভ হোৱাৰ আগৰ পৰা কেতবোৰ নজিৰবিহীন সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে ৷ সংসদীয় প্ৰথা ভাঙি প্রশ্নোত্তৰ পর্ব বাতিল আৰু জিৰ’ আৱাৰৰ সময়সীমা বাতিল কৰা হ’ব পাৰে বুলি জানিব পৰা গৈছে ৷ সৰ্বদলীয় বৈঠক আহ্বান নকৰাত অধিবেশন আৰম্ভ হোৱাক লৈ ইতিমধ্যে অসন্তোষ প্রকাশ কৰিছে বিৰোধীয়ে ৷ এই অসন্তোষ প্রকাশত সাধাৰণতে কি কি বিধেয়ক দাখিল কৰা হ’ব তাৰ এটা সৰ্বসন্মত খচৰা কৰা হয় ৷ কিন্তু এই বৈঠক আহ্ডা° নকৰি গণতন্ত্ৰ বিৰোধী বুলি উল্লেখ কৰিছে বিৰোধীয়ে৷ জানিব পৰা মতে এই অধিবেশনত ২৩খন বিধেয়ক আনিব পাৰে কেন্দ্ৰই ৷ যাৰ ভিতৰত ১৭খন অনুমোদনৰ চেষ্টা চলাব চৰকাৰে ৷ প্রশ্নোত্তৰ পর্ব প্রত্যাহাৰ কৰিলে বিৰোধীৰ অধিকাৰ খৰ্ব কৰা হ’ব বুলি আশংকা কৰিছে বিভিন্নজনে ৷ লোকসভা আৰু ৰাজ্যসভাৰ অধিবেশন বিভিন্ন সময়ত আৰম্ভ হ’ব ৷ প্ৰথম দিনা লোকসভাৰ অধিবেশন আৰম্ভ হ’ব পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১ বজালৈ ৷ বাকী দিনটোৰ বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ চলিব৷ ৰাজ্যসভাৰ সময় ইয়াৰ বিপৰীত ৷ সাংসদসকল দুটা কক্ষত বহিব পাৰিব৷ দুয়োটা কক্ষত বৃহৎ জয়েণৎ স্ক্ৰীণ লগোৱা হৈছে ৷ ক’ৰোনা সংক্ৰমণ এৰাই চলিবলৈ অধিকাংশ ক্ষেত্ৰত কাগজৰ পৰিবৰ্তে অনলাইনত নথি পাব সাংসদে ৷

ন্যায়ৰ আশাত মহাৰাষ্ট্ৰৰ ৰাজ্যপালক সাক্ষাৎ কংগনাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : শিৱসেনাৰ সৈতে কংগনা ৰানাউটৰ মতানৈক্য অব্যাহত আছে ৷ তাৰ মাজতে মহাৰাষ্ট্ৰৰ ৰাজ্যপালক সাক্ষাৎ কৰিলে অভিনেত্ৰীগৰাকীয়ে ৷ ৰাজভৱনৰ পৰা বাহিৰলৈ আহি কংগনাই জনালে, মোৰ লগত যে অন্যায় হৈছে সেয়া জনাইছো, আশা কৰো ন্যায়বিচাৰ পাম৷ মই কোনো ৰাজনীতিবিদ নহয়, সাধাৰণ নাগৰিক হিচাপে দেখা কৰিছো ৷ মই ন্যায়বিচাৰ পালে, দেশৰ আন মহিলাসকলেও ছিষ্টেমটোৰ প্ৰতি আস্থা ঘুৰাই পাব ৷ তেওঁ অভিভাৱক৷ মই ভাগ্যবান যে তেওঁ নিজৰ ছোৱালীৰ দৰে মোৰ কথা শুনিলে ৷ দেওবাৰে বিয়লি ৪.৩০ বজাত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰিক সাক্ষাৎ কৰাৰ কথা আছিল যদিও কংগনাই কিছু সময়ৰ আগতে ৰাজভৱন পায়গৈ ৷ অভিনেত্রীগৰাকীৰ লজত তেওঁৰ ভনীয়েক তথা মেনেজাৰ ৰংগোলী চান্দেল আছিল ৷ আনহাতে দেওবাৰে শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কংগনাক আক্রমণ কৰা বন্ধ কৰা নাই ৷ চামনাত নিজৰ কলম ‘ৰোখটোখ’ত কংগনা প্ৰসংগত বিজেপিক সমালোচনা কৰে ৷ তেওঁ লিখে, দুঃখজনক, যি কংগনাই মুম্বাইক পাক অধিকৃত কাশ্মীৰৰ লগত তুলনা কৰিছম তেওঁকেই মহাৰাষ্ট্ৰৰ প্ৰধান বিৰোধী দলটোৱে সমৰ্থন দিছে ৷ সঞ্জয় ৰাউতৰ কথাৰ বিপৰীতে উত্তৰ দি কংগনাই টুইটত লিখে, এয়া দুর্ভাগ্যজনক যে বিজেপিয়ে এনে এজনক সুৰক্ষা দিছে যি ড্ৰাগছ আৰু মাফিয়াৰ পৰ্দা খুলি দিছে ৷ তাৰ পৰিবৰ্তে বিজেপিৰ উচিত আছিল, শিৱসেনাৰ গুণ্ডাই যাতে মোৰ মুখ ভাঙি দিয়ে, ধৰ্ষণ কৰে বা গণ প্ৰহাৰ কৰে, সেইটো কৰিবলৈ দিয়ক ৷

ক’ভিডক জয় কৰা ৰোগীলৈ কেন্দ্ৰৰ নতুন নিৰ্দেশনা : যোগ কৰক, চাবনপ্ৰাছ খাওক

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত ক’ভিড সংক্ৰমণ নিতৌ বৃদ্ধি পাই আছে ৷ আক্ৰান্তৰ তালিকাত বিশ্বৰ দ্বিতীয় স্থান দখল কৰিছে ভাৰতে ৷ ভাৰতৰ আগত আছে আমেৰিকা ৷ অৱশ্যে ভাৰতত সুস্থতাৰ হাৰ ভাল ৷ ক’ভিডৰ পৰা সুস্থ হৈ উঠা ৰোগীৰ বাবে দেওবাৰে এক নতুন নিৰ্দেশিকা প্ৰকাশ কৰিলে কেন্দ্ৰই ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ক’ভিডৰ পৰা সুস্থ হৈ উঠিলেও ৰোগীয়ে বহু সময়ত ক্লান্তি বোধ কৰে ৷ কাঁহ, দিঙিৰ কষ্ট, শৰীৰৰ যন্ত্রণা, শ্বাসকষ্ট আদি হ’ব পাৰে ৷ সেয়ে ৰোগী সতৰ্ক থাকিব লাগিব ৷ প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব৷ যিসকলৰ ক’ভিড উপসৰ্গ যথেষ্ট আছিল বা যাৰ আগৰে পৰাই আন কোনো শাৰীৰিক সমস্যা আছিল, তেওঁলোকৰ ভাল হ’বলৈ বেছি সময় লাগে ৷ নতুন নিৰ্দেশিকাত স্বাস্থ্য মন্ত্ৰালয়ে এনে ৰোগীক নিয়মীয়াকৈ যোগ কৰিবলৈ কৈছে ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ বাবে চাবনপ্ৰাছ খাবলৈ কৈছে৷ শৰীৰত অক্সিজেনৰ মাত্ৰা সঠিক আছে নে নাই বা বুকুত কষ্ট হৈছে নেকি তাত মন দিব লাগিব ৷ অসুবিধা হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব ৷ স্বাস্থ্য মন্ত্ৰালয়ে লগতে জনাইছে, ক’ভিডৰ পৰা আৰোগ্য হ’লেও নিয়মিত মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব ৷ দূৰত্ব বিধি মানি চলিব লাগিব৷ প্ৰতিদিনে বহু পৰিমাণৰ পানী খাব লাগিব ৷ সুস্থ হৈ উঠা ৰোগীয়ে আন এটা দায়িত্ব পালন কৰিবলৈ স্বাস্থ্য মন্ত্ৰালয়ে অনুৰোধ কৰিছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে তেওঁলোকে নিজৰ অভিজ্ঞতা ছচিয়েল ছাইটত বাকীসকলৰ লগত ভাগ কৰে যেন ৷ ধৰ্মীয় বা সম্প্ৰদায়ৰ নেতাৰ সৈতেও ভাগ কৰিব পাৰে ৷ এনে কৰিলে সমাজত সচেতনতাৰ সৃষ্টি হয় ৷ লগতে ক’ভিডক লৈ ভুল ধাৰণা ভাঙিব ৷ ক’ভিড পৰৱৰ্তী পুনৰ্বাসনৰ বাবে ৰোগীসকল নাগৰিক সংগঠন, স্বেচ্ছাসেৱী সংগঠন বা আত্মনিৰ্ভৰশীল গোষ্ঠীৰ সহায় ল’ব পাৰে বুলি স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে ৷

শিক্ষাৰ্থীলৈ জলপানি ঘোষণা অভিনেতা ছনু সুদৰ

দৈনন্দিন বাৰ্তা ডেস্ক : উচ্চ শিক্ষা গ্ৰহণত আগ্ৰহী কম সুযোগ-সুবিধা প্ৰাপ্ত শিক্ষাৰ্থীৰ বাবে জলপানি আৰম্ভ কৰিছে অভিনেতা ছনু সুদে ৷ তেওঁ কয়, শিক্ষাৰ্থীয়ে তেওঁলোকৰ লক্ষ্য অৰ্জনৰ পথত আৰ্থিক প্ৰত্যাহ্বান অহা উচিত নহয় ৷ টুইটাৰত এই বাতৰি ঘোষণা কৰে অভিনেতাজনে ৷ উচ্চ শিক্ষাৰ বাবে শিক্ষাৰ্থীসকলৰ বাবে পূৰ্ণ জলপানি আৰম্ভ কৰাৰ কথা তেওঁ কয় ৷ মই বিশ্বাস কৰো আৰ্থিক প্ৰত্যাহ্বানে তেওঁলোক লক্ষ্যত উপনীত হোৱাৰ পৰা বিৰত থকা উচিত নহয় ৷ ১০ দিনৰ ভিতৰত নাম scholarships@sonusood.me লৈ পঠাবলৈ তেওঁ কয় ৷ লগতে তেওঁৰ ওচৰ পাবগৈ বুলিও কয়৷ ক’ৰোনা ভাইৰাছৰ বাবে চৰকাৰে দেশজুৰি লকডাউন দিয়াৰ আদেশৰ পাচত অভিনেতাজনে সম্প্ৰতি বৃহৎ চহৰত থকা লোকসকলক গাঁৱৰ ঘৰলৈ ঘুৰি যোৱাত সহায় কৰি শিৰোনামা দখল কৰিছিল ৷

গাঁৱত পানী যোগানৰ উদ্দেশ্যে ৩০ বছৰত ৩ কিলোমিটাৰ দীঘল খাল খান্দিলে বৃদ্ধই

দৈনন্দিন বাৰ্তা ডেস্ক : জলসিঞ্চনৰ বাবে পানী যোগান ধৰিবলৈ তিনি কিলোমিটাৰ দীঘল খাল নিজ হাতেৰে খান্দিলে এজন বৃদ্ধই ৷ যাতে পাহাৰত হোৱা বৰষুণৰ জলধাৰা এই খালেৰে বৈ যায় তেওঁৰ গাঁৱৰ পুখুৰীলৈ ৷ তেনেদৰেই শস্য পথাৰত পানীৰ ব্যৱস্থা কৰা সম্ভৱ হ’ব ৷ এই কামটো কৰিছে গয়াৰ লাঠুৱা অঞ্চলৰ কোঠিলবা গাঁৱত ৷ লৌংগি ভূঞা নামৰ এই বৃদ্ধই গৰু চৰিবলৈ গৈ বহি নাথাকি নিজকে খাল খন্দাৰ কামত জড়িত কৰে ৷ তেওঁ কয়, ‘এই খালটো খান্দিবলৈ মোক ৩০ বছৰ লাগিছে ৷ ইয়াৰ যোগেদি আমাৰ গাঁৱলৈ পানী যাব ৷ যোৱা ৩০ বছৰ ধৰি মই হাবিত গৰু চৰাবলৈ গৈ এই খালটো খান্দিছো ৷ এই কামত মোক কোনেও সহায় কৰা নাই ৷ গাঁওবাসীয়ে চহৰত যিপাৰে কামৰ বাবে যায় ৷ কিন্তু মই ইয়াতে থকাৰ স্থিৰ কৰো ৷’ গয়া জিলাৰ সদৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰৈত অৱস্থিত কোঠিলবা গাঁওখন পাহাৰ আৰু হাবিয়ে আবৰা ৷ ফলত মাওবাদীৰ অন্যতম নিৰাপদ ঘাটি বুলি পৰিচিত ৷ গাঁওবাসীয়ে মূলত খেতি আৰু গো পালন কৰি জীবিকা নিৰ্বাহ কৰে ৷ অৱশ্যে কিছু ব্যক্তিয়ে নগৰত বাস কৰিছে ৷ গাঁৱত সাধাৰণতে পানী থাকে৷ কিন্তু বাৰিষাৰ সময়ত পাহাৰৰ পৰা অতিৰিক্ত পানী নদীত পৰে ৷ সিয়ে লৌংগিৰ মনলৈ ভাব আহে এই পানীৰ সদ্ব্যৱহাৰ কৰাৰ ৷ কাৰো সহায় নোলোৱাকৈ তেওঁ নিজ হাতেৰে এটা খাল খান্দি গাঁৱৰ কল্যাণ কৰাৰ বাবে প্ৰশংসাৰে উপচাই দিছে স্থানীয় শিক্ষক ৰামবিলাস সিঙে ৷ শিক্ষকজনে কয়, নিজৰ কামৰ বাবেই এইবাৰ পৰিচিত হ’ল লৌংগি ৷ এই কামত লৌংগিক কোনেও সহায়ৰ হাত আগবঢ়োৱা নাই বুলি স্থানীয় গাঁওৱাসী পট্টি মাঞ্জিয়ে কয় যে নিজৰ সুবিধাৰ কথা নাভাবি গাঁৱৰ কথা ভাবিলে লৌংগিয়ে ৷

অসুস্থ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ : দিল্লীৰ এইমছত ভৰ্ত্তি

দৈনন্দিন বাৰ্তা ডেস্ক : শনিবাৰে নিশা পুনৰ শ্বাসকষ্ট অনুভৱ কৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক দিল্লীৰ এইমছত ভৰ্ত্তি কৰা হয় ৷ যোৱা নিশা ১১ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনক এইমছৰ কাৰ্ডিঅ’-নিউৰো টাৱাৰত ভৰ্ত্তি কৰা হয় ৷ প্ৰাপ্ত তথ্য মতে এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াৰ তত্ত্বাৱধানত গৃহমন্ত্ৰীৰ চিকিৎসা চলিছে ৷ তেওঁৰ শাৰীৰিক অৱস্থা স্থিতিশীল বুলি জানিব পৰা গৈছে ৷ অৱশ্যে বাতৰি লিখা পৰ্যন্ত চিকিৎসালয়ৰ পৰা কোনো বুলেটিন প্ৰকাশ কৰা নাই ৷ উল্লেখ্য যে দুসপ্তাহৰ আগতে এইমছৰ পৰি আহিছিল অমিত শ্বাহ ৷ উল্লেখ্য যে যোৱা ডেৰ মাহৰ ভিতৰত গৃহমন্ত্ৰীজনক তৃতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় ৷ যোৱা এমাহ চিকিৎসালয়ত কটাই আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ যোৱা ২ আগষ্টত টুইট কৰি তেওঁ জনাইছিল ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা ৷ চিকিৎসকৰ পৰামৰ্শ মতে তেওঁ সেই দিনাই চিকিৎসালয়ত ভৰ্ত্তি হৈছিল ৷ তেওঁক গুৰগ্ৰামৰ মেদান্ত হাস্পতালত ভৰ্ত্তি কৰা হৈছিল ৷ তাৰ পাচত ১৪ আগষ্টত ক’ৰোনাৰ পৰা মুক্ত হোৱাৰ কথা নিজেই টুইট কৰি জনাইছিল ৷ কিন্তু ইয়াৰ কেইদিনমানৰ পাচতে অমিত শ্বাহ পুনৰ অসুস্থ হয়৷ চিকিৎসকে অমিত শ্বাহৰ শাৰীৰিক অৱস্থাৰ ওপৰত নজৰ ৰাখিছে ৷ গৃহ মন্ত্ৰীজনৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিছে তেওঁৰ পৰিয়াল, অনুগামী আৰু শুভাকাংক্ষীসকল ৷

এনৰেগা প্ৰৱৰ্তনত মুখ্য ভূমিকা গ্ৰহণকাৰী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ মৃত্যু

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাষ্ট্ৰীয় জনতা দল অৰ্থাৎ আৰজেডিৰ পৰা কিছু দিনৰ আগতে পদত্যাগ কৰা আৰু বিহাৰৰ ভোটাৰৰ মুখত লালুপ্ৰসাদ যাদৱৰ দীৰ্ঘদিনা ৰাজনৈতিক সংগী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেওবাৰে পুৱা দিল্লীৰ এইমছত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স ৭৪ বছৰ আছিল ৷ উল্লেখ্য যে কিছুদিনৰ আগতে ক’ৰোনাত আক্ৰান্ত হৈছিল ৰঘুবংশ প্ৰসাদ সিং ৷ তাৰ পৰা আৰোগ্য হ’লেও কেতবোৰ শাৰীৰিক সমস্যাত তেওঁ ভোগি আছিল ৷ সেয়ে তেওঁক এইমছত ভৰ্ত্তি কৰা হৈছিল ৷ চিকিৎসালয়ত থাকোতেই লালুপ্ৰসাদ যাদৱলৈ চিঠি লিখি দল এৰাৰ কথা ৰঘুবংশ প্ৰসাদ সিঙে জনাইছিল ৷ চিঠিত লিখিছিল, ‘জননায়ক কৰ্পূৰি ঠাকুৰৰ মৃত্যুৰ পাচৰ পৰা দীৰ্ঘ ৩২ বছৰ ধৰি আপোনাৰ সৈতে আছো ৷ কিন্তু আৰু নহ’ব ৷’ ইয়াৰ লগতে জনায়, ‘বিহাৰৰ সাধাৰণ মানুহৰ উপৰি দলৰ নেতা-কর্মীৰ ওচৰত থাকি বহু ভাল পাইছো ৷ মোক ক্ষমা কৰিব৷’ আনহাতে কাৰাগাৰত থাকি ৰঘুবংশ প্ৰসাদ সিঙৰ এই চিঠিৰ উত্তৰ দিয়ে লালুপ্ৰসাদ যাদৱে ৷ চিঠিত দীৰ্ঘদিনৰ সংগীৰ ‘পৰিয়ালৰ সদস্য’ বুলি উল্লেখ কৰে লালুপ্ৰসাদ যাদৱে ৷ আনকি তেওঁ বিষয়টো মিলামিছাৰ প্ৰস্তাৱ দিয়ে ৷ কেইটামান দিনৰ পাচতে বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ তাৰ আগতে ৰঘুবংশ প্ৰসাদ সিঙৰ পদত্যাগ আৰজেডি শিবিৰত বৃহৎ আঘাত হিচাপে প্ৰতিপন্ন হৈছিল ৷ ১৯৯৭ চনত জনতা দল ভাঙি আৰজেডি গঢ়াৰ সময়ৰে পৰা লালুপ্ৰসাদ যাদৱৰ সংগী আছিল ৰঘুবংশ প্ৰসাদ সিং ৷ মনমোহন সিঙৰ প্ৰথমখন চৰকাৰত তেওঁ গ্রামোন্নয়ন মন্ত্রী আছিল ৷ তাৰ আগতে দেৱেগৌড়া চৰকাৰৰ দিনত তেওঁ পশুপালন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী আছিল ৷ উল্লেখ্য যে ১০০ দিনৰ কামৰ প্ৰকল্পটো তেওঁৰেই মস্তিস্কপ্ৰসূত ৷ দেশত এনৰেগা প্ৰৱৰ্তন কৰাত তেওঁৰ ভূমিকা সকলোতকৈ বেছি ৷ আৰজেডিৰ ৰাষ্ট্ৰীয় উপ সভাপতি, চাৰি দশক ধৰি বিহাৰ আৰু ৰাষ্ট্ৰীয় ৰাজনীতিৰ বহু ঘাট-প্রতিঘাতৰ সাক্ষী আছিল ৰঘুবংশ প্ৰসাদ সিং ৷ তেওঁৰ মৃত্যুত এটা যুগৰ পৰিসমাপ্তি ঘটিল বুলি ৰাজনৈতিক মহলে মত প্ৰকাশ কৰে৷