Home Blog Page 3273

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু চিকিৎসকৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক:

লোক নায়ক জয় প্ৰকাশ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অসীম গুপ্তা ক’ৰোনাত আক্ৰান্ত হৈ শনিবাৰে মৃত্যু হৈছে৷ ৫৬ বছৰীয়া গুপ্তা ক’ৰোনত আক্ৰান্ত হোৱাৰ কথা ৬ জুনত পোহৰলৈ আহিছিল৷ উল্লেখ্য যে এনাষ্ঠেছিয়াৰ আগশাৰীৰ বিশেষজ্ঞ ডাঃ গুপ্তা ক’ৰোনাৰ বিপক্ষে যুঁজত কৰ্তব্যত আছিল৷ ৬ জুনত তেওঁৰ পৰীক্ষাৰ ফলাফল পজিটিভ আহিল৷ তাৰ পাছত তেওঁক কোৱাৰেণ্টাইনত ৰখা হয়৷ কিন্তু ৭ জুনত তেওঁৰ অৱস্থা গুৰুতৰ হৈ পৰে৷ তেতিয়া তেওঁক লোক নায়ক জয় প্ৰকাশ হাস্পতালৰ আইচিইউত ভৰ্ত্তি কৰা হয়৷ মৃত্যুৰ সময়ত চিকিৎসকজনে পত্নী আৰু দুজন পুত্ৰক এৰি থৈ গৈছে৷ উল্লেখ্য যে তেওঁৰ পত্নীও ক’ভিড-১৯ত আক্ৰান্ত হৈছিল কিন্তু কিছুদিনৰ আগতে তেওঁ আৰোগ্য হয়৷

দাম কমিছে পেট্ৰল-ডিজেলৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক:

দাম কমিছে পেট্ৰল আৰু ডিজেলৰ৷ ২১ দিন ধৰি দাম বাঢ়ি থকাৰ পাছত দাম কমিল৷ দেশৰ মেট্ৰো চহৰবোৰৰ ভিতৰত দেওবাৰৰ দিনটোত কলকাতাত শনিবাৰৰ দামেই থাকিল ৷ কলকাতাত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮২.‌০৫ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৭৫.‌৫২ টকা৷ দিল্লীত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮০.‌৩৮ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৮০.‌৪০ টকা ৷ মুম্বাইত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮৭.‌১৪ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৭৮.‌৭১ টকা৷ চেন্নাইত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮৩.‌৫৯ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৭৭.‌৬১ টকা ৷ কাৰণ হিচাপে জানিব পৰা মতে আমেৰিকা আৰু চীনত নতুনকৈ ক’ৰোনা সংক্ৰমণ হোৱাত শুকুৰবাৰে আন্তৰ্জাতিক বজাৰত তেলৰ দাম বঢ়া নাই ৷

ডবকা যমুনানৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ, পৰিচয় বিচাৰি হাহাকাৰ আৰক্ষীৰ ।

ডবকা : হোজাই জিলাৰ ডবকাৰ যমুনানৈত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। শনিবাৰে সন্ধিয়াৰ ভাগত যমুনানৈত পানীত উপঙি থকা অৱস্থাত এই মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰে। হোজাইৰ নাম ডবকা  গাঁৱৰ নৈৰ পৰা উদ্ধাৰ হয় এই মৃতদেহটো। প্ৰায় ৪০-৪২  বছৰীয়া পুৰুষৰ মৃতদেহটো কোনো লোকে হত্যা কৰি নদীত উটুৱাই দিয়াৰ সন্দেহ কৰা হৈছে। মৃতদেহৰ শৰীৰৰ বিভিন্ন অংগত আঘাতৰ চিন স্পষ্ট। আৰক্ষীয়ে এই অচিনাক্ত মৃতদেহ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। বাতৰি লিখা লৈকৈ লোক জনৰ পৰিছয় উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে। কোনো লোকে লোক জনৰ পৰিছয় পালে পৰিয়ালৰ লগতে আৰক্ষীক অৱগত কৰাৰ অনুৰোধ জনাইছে ডবকা আৰক্ষীয়ে।

গহপুৰ সেৱা ভাৰতী পুৰ্বাঞ্চলৰ উদ্যোগত ৰক্তদান কাৰ্যসূচী, উপস্থিত বিধায়ক উৎপল বৰা ।

দৈনন্দিন বাৰ্তা ডেস্ক :

ৰক্তদান জীৱন দান ৷ এই মহান উদ্দেশ্যক সাক্ষী কৰি দেওবাৰে গহপুৰ শংকৰদেৱ শিশু নিকেতনত অনুস্থিত কৰা হয় ৰক্ত দান শিবিৰ। বিজেপি যুৱ মচাৰ ৩৪ জন কৰ্মীয়ে ৰক্ত দান কৰে। গহপুৰ সেৱা ভাৰতী পুৰ্বাঞ্চলৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰক্তদান শিবিৰত উপস্থিত থাকে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ জিলা বিজেপি সম্পাদক নোমল বৰুৱা আৰু বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী লাৱণ্য চাৰিঙীয়া আৰু সমষ্টিৰ মণ্ডলৰ সভাপতি, যুৱ মচা বিষয়ববীয়া লগতে দলীয় কৰ্মী সকল। ৰক্তদান কৰি মহানতাৰ পৰিচয় দিয়ে ৷

দুদিন জখলাবন্ধা চিকিৎসালয় বন্ধ : জখলাবন্ধা চিকিৎসালয়ত চিকিৎসক, চিকিৎসা কৰ্মীৰ স্বাৱ পৰীক্ষা, হ’ম কোৱাৰেণ্টানৰ নিৰ্দেশ ।

কলিয়াবৰ : কভিড-১৯ সংক্ৰমিত ধুতিৰাম মুণ্ডাৰ সংক্ৰমণক লৈ স্বাস্থ‍্য বিভাগৰ বৰমূৰীয়াৰ আলোচনা জখলাবন্ধা চিকিৎসালয়ত। কভিড – ১৯ সংক্ৰমণৰ প্ৰতিৰোধকল্পে জখলাবন্ধা চিকিৎসালয় দুদিনৰ বাবে বন্ধৰ নিৰ্দেশ উৰ্দ্ধতন কৰ্তৃপক্ষৰ। এশ শতাংশ পৰিস্কৰণৰ ব‍্যৱস্থা হোৱাৰ পিচত অহা মঙ্গলবাৰৰ পৰাহে চিকিৎসা সেৱা পুনৰ আৰম্ভ হব। জখলাবন্ধা চিকিৎসালয়লৈ যোৱা ২৫ জুন বৃহস্পতিবাৰে জ্বৰ আৰু পায়খানাত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে আহিছিল নিজৰিৰ ধুতিৰাৰাম মুণ্ডা। চিকিৎসা সেৱা গ্ৰহণ কৰি শনিবাৰে ঘৰলৈ উভতাৰ পিছত কডিড – ১৯ সংক্ৰমণ প্ৰমাণিত হোৱাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় চিকিৎসালয়ত। যোৱা ২০ জুনত বহিঃ ৰাজ‍্যৰ পৰা আহি স্বাৱ পৰীক্ষা কৰিবলৈ দিছিল যদিও ধুতিৰামে এই বিষয়ে চিকিৎসকক অৱগত কৰা নাছিল। সেই লৈ পোনপটীয়াকৈ সংস্পৰ্শলৈ অহা চিকিৎসক-চিকিৎসাকৰ্মী সহ চিকিৎসালয়ৰ আন সকলোৰে পৰীক্ষাৰ বাবে স্বাৱ সংগ্ৰহ কৰে। সেই লৈ নগাঁও জিলাৰ যুটীয়া স্বাস্থ‍্য সঞ্চালক অতুল চন্দ্ৰ পাটৰ উপস্থিত হৈ জখলাবন্ধা চিকিৎসালয়ৰ অধীক্ষক তথা মহকুমা স্বাস্থ‍্য বিষয়া ডা° খেমন্ত শইকীয়া আৰু চিকিৎসকৰ সৈতে এক আলোচনাত মিলিত হয়। কলিয়াবৰ মহকুমাধিপতি বিতুপন নেওগেও চিকিৎসক প্ৰতিনিধি দলটোৰে বিষয়টোৰ সন্দৰ্ভত মত বিনিযভয় কৰে। উল্লেখযোগ‍্য যে, কলিয়াবৰৰ নিজৰিৰ ধুতিৰাম মুণ্ডা (৪৫)ৰ লগত অহা জিকিল এক্কা (২৪) আৰু গোবিন্দ মূড়া (২৫)ৰো কভিড – ১৯ সংক্ৰমণ প্ৰমাণিত হোৱাত তিনিওকে নগাঁও চিকিৎসালয়লৈ শনিবাৰেই প্ৰেৰণ কৰে। শনিবাৰে সন্ধ‍্যা কুঁৱৰীটোলৰ একেটা পৰিয়ালৰ সাতজনক কভিড – ১৯ সংক্ৰমিত হোৱাৰ পিছত চিকিৎসালয়লৈ নিয়াৰ সময়ত ব‍্যাপক উত্তেজনাৰ সৃষ্টি হয় কলিয়াবৰত। আৰক্ষীৰ প্ৰত‍্যক্ষ সহযোগতহে স্বাস্থ‍্য কৰ্মীয়ে আটাইকে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ সক্ষম হয়।

এইমছৰ সঞ্চালক ৰণদীপ গুলাৰিৱাৰ মতামত : এবাৰ ক’ৰোণাত আক্ৰান্ত হৈ উঠাৰ পাছত দ্বিতীয়বাৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহু কম ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন :

এবাৰ ক’ৰোণাত আক্ৰান্ত হৈ উঠাৰ পাছত দ্বিতীয়বাৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহু কম ৷ এই কথা কৈছে এইমছৰ সঞ্চালক ৰণদীপ গুলাৰিৱাই৷ তেওঁ কয় যে যি এবাৰ ক’ৰোণাত আক্ৰান্ত হৈ উঠিছে, তেওঁৰ শৰীৰত ইতিমধ্যে এণ্টিব’ডী তৈয়াৰ হৈ গৈছে ৷ ফলত তেওঁ যদি আনৰ সংস্পৰ্শলৈ যায়, তেওঁৰ শৰীৰত পুনৰ ক’ৰোণা সোমোৱাৰ সম্ভাৱনা বহু কম৷ যদিওবা সোমাই তেওঁক একো কৰিব নোৱাৰে ৷ ইয়াৰ লগতে তেওঁ কয় যে তেজত এণ্টিব’ডীৰ ক্ষমতা কিমান দিন থাকিব এই বিষয়ে এতিয়াই নিশ্চিতকৈ একো ক’ব পৰা নহ’ব৷ দেশত এতিয়াও গোষ্ঠী সংক্ৰমণ আৰম্ভ হোৱা নাই ৷ এই কথা জনালে এইমছৰ সঞ্চালকজনে৷ দেশৰ কেইখনমান ৰাজ্যত ৭০%–৮০% ক’ৰোণাত আক্রান্ত হৈছে৷ সমগ্ৰ দেশত গোষ্ঠী সংক্ৰমণ আৰম্ভ নহ’লেও এই ৰাজ্যকেইখনত গোষ্ঠী সংক্ৰমণ আৰম্ভ হৈ গৈছে৷ কাৰণ সেই ৰাজ্যকেইখনত তীব্ৰ গতিত বাঢ়িছে আক্ৰান্তৰ সংখ্যা৷ বাৰিষাত ক’ৰোণা কমিব বুলি নিশ্চয়কৈ ক’ব নোৱাৰিলে গুলাৰিৱাই৷ তেওঁ কয় যে গ্ৰীষ্ম আৰম্ভ হোৱাৰ সময়ত বহুৱে কৈছিল যে ইয়াৰ প্ৰকোপ কমিব৷ কিন্তু নকমিল৷ বৰং বাঢ়িলহে৷ আনহাতে বাৰিষাৰ সময়ত কেতবোৰ ৰোগ দেখা যায় ৷

বাঘজান কাণ্ডৰ সন্দৰ্ভত আয়োজন কৰা গণ শুনানীত অশগ্ৰহণ দল-সংগঠনৰ প্ৰতিনিধিৰ ।

তিনিচুকীয়া : বিগত ২৭ মে’ত বাঘজানৰ BGR ৫ নং তৈলখাদত সংঘটিত বিস্ফোৰণত ফলত অস্বাভাৱিক তেল আৰু গেছ নিৰ্গমন আৰু পৰৱৰ্তী সময়ত অগ্নিকাণ্ডৰ ফলত হোৱা বন্যপ্ৰানী, জৈৱবৈচিত্ৰ, বায়ু, পানীৰ গুনগত মানদণ্ড তথা বন আৰু পৰিৱেশৰ ওপৰত হোৱা অন্যান্য ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰূপণৰ বাবে এজনীয়া তদন্ত সমিতি গঠন কৰি অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱক দায়িত্ব অৰ্পন কৰিছিল। উক্ত সমিতিখনে অঞ্চলটোত সকলো ধৰণৰ ক্ষয়-ক্ষতিৰ লগতে সকলো সমস্যাৰ সম্পৰ্কে জনসাধাৰণৰ তথা দল-সংগঠনৰ পৰা মতামত গ্ৰহণ কৰিবলৈ তিনিচুকীয়া আৱৰ্ত্ত ভৱনত ২৬-২৮ জুনলৈ তিনিদিনিয়াকৈ এক গণ শুনানীৰ আয়োজন কৰিছিল। সেই গণ শুনানীত দেওবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, সাধাৰণ সম্পাদক নৱ মৰাণ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজিৎ গোহাঁই, মটক যুৱ ছাত্ৰ সন্মিলনৰ সম্পাদক ধৰণী গোহাঁই, চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰেশ গোৱালা, গোৰ্খা ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক অশোক লামাৰ লগতে সমূহ সংগঠনৰ প্ৰায় অৰ্ধশতাধিক নেতৃত্বই অংশগ্ৰহণ কৰি অইল ইণ্ডিয়া লিমিটেডে ভৱিষ্যতে পৰিৱেশ সংবেদনশীল আৰু জনবাসতিপূৰ্ণ এলেকাৰ ভিতৰত সকলো খনন কাৰ্য বন্ধ কৰা, বাঘজান কাণ্ডৰ ফলত ক্ষতিগ্ৰস্থ হোৱা সকলো পৰিয়ালক সকলো ধৰণৰ উচিত ক্ষতিপুৰণৰ লগতে নিকটৱৰ্তী গাঁ‌ওসমূহত শিৱিৰত বসবাস কৰি থকা লোকসকলক সাহায্য প্ৰদান কৰা, মতাপুং-মাগুৰি বিল আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলক সম্পূৰ্ণৰূপে সুৰক্ষা প্ৰদাণ কৰা, অইল ইণ্ডিয়া লিমিটেডৰ যিকোনো কাম কাজ তথা পৰিত্যক্ত খাদ সমূহত সম্পূৰ্ণৰূপে সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এইজনীয়া সমিতিখনৰ জৰিয়তে দাবী জনাই।

মুখ্যমন্ত্ৰীৰ সমষ্টিত জলপৰিবহনৰ পয়া লগা অৱস্থা, বাৰিষা নচলিলে চলিব কেতিয়া ৰ’ৰ’ জাহাজ, পনবন্দী মাজুলীবাসী ।

উজনি মাজুলী : মাজুলী আৰু যোৰহাট সংযোগী জল পৰিবহণ ব্যৱস্থাক উন্নীত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ২০১৮ চনৰ ১১ অক্টোবৰৰ পৰা প্রৱর্তন কৰিছিল অত্যাধুনিক ৰ’ ৰ’ জাহাজ। নিমাতি-মাজুলী ফেৰী সেৱালৈ অহা যুগান্তকাৰী পৰিবৰ্তনৰ দিনটোত উপস্থিত থাকি ফিটা কাটি নৌকা বিহাৰেৰে শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল এই জাহাজে মাজুলীৰ পৰিবহনলৈ এক নতুন গতি প্ৰদান কৰিব৷ ইয়াৰ দ্বাৰা সাধাৰণ মানুহৰ লগতে নদীদ্বীপটোৰ ব্যৱসায়িক ক্ষেত্ৰখনতো নতুন মাত্ৰা প্ৰদান কৰিব। প্ৰায় ১০০ জন যাত্ৰীক কঢ়িয়াই নিয়াৰ লগতে ২৫ খন সৰু গাড়ী আৰু আঠখন ট্ৰাক কঢ়িয়াই নিব পৰা ক্ষমতা থকা জাহাজখন পাই উৎফুল্লিত হৈ পৰিছিল মাজুলীবাসী। পিছে অসম চৰকাৰৰ সদিচ্ছাৰ অভাৱত সাত মাহ চলিয়েই চলাচল বন্ধ হৈ পৰিল ৰ’ ৰ’ জাহাজৰ৷ ৰঙা ফিটাৰ মেৰপেছত পৰি ১০ কোটি টকাৰ ব্যয় সাপেক্ষত নিৰ্মাণ কৰা অত্যাধুনিক ৰ’ ৰ’ জাহাজে এতিয়া নিমাতি ঘাটত মৃত্যুৰ ক্ষণ গণিছে৷ ভাৰতীয় জলমার্গ প্রাধিকৰণৰ পৰিচালনাত চলাচল কৰা জাহাজখনৰ চলাচল কৰি থকাৰ সময়তো সৰহভাগ দিন বিকল হৈ থকাৰ উপৰি নদীত জলস্তৰ হ্রাস হোৱাৰ অজুহাতত জাহাজখন বন্ধ থকাৰ লগতে বাৰিষাৰ সময়ছোৱাতো জাহাজখন বন্ধ ৰাখিছিল। একেদৰে লাভ কম হোৱা, কর্মচাৰীৰ সংখ্যা উপযুক্ত নোহোৱা আদিকো কাৰণ হিচাপে দেখুৱাব খোজা ভাৰতীয় জলমার্গ প্রধিকৰণে চলাচলৰ সাত মাহৰ পিছত একেবাৰেই বন্ধ কৰি দিলে ৰ’ ৰ’ জাহাজৰ চলাচল। এতিয়া নিমাতি ঘাটত ফুলদানী হৈ পৰি ৰৈছে প্ৰায় ১০ কোটি টকীয়া অত্যাধুনিক ৰ’ ৰ’ জাহাজ। খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিতে জলপৰিবহন ব্যৱস্থাৰ এই দশা। ইফালে ব্ৰহ্মপুত্ৰত জলস্তৰ সামান্য বৃদ্ধি হলেই তাৎক্ষণিকভাৱে নিমাতি-মাজুলী সংযোগী ফেৰী সেৱা বন্ধ কৰি নিচিন্ত হৈ থকা আভ্যন্তৰীণ জলপৰিবহন বিভাগটোৰ কাণ্ড কাৰখানাই বিতুষ্ট কৰি তুলিছে মাজুলীবাসীক। পূৰ্বে ভৰ বাৰিষাৰ সময়তো ফেৰী চলিছিল। মাজুলীবাসী সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পূৰ্বে বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে সুকলমে ফেৰী সেৱা আগবঢ়াই আহিছিল। আৰু এতিয়া নদীৰ পাৰ দেখি নোপোৱা বিভাগটোৰ উৰ্ধতম বিষয়াই নদীত পানী বাঢ়িলেই ফেৰী বন্ধ কৰি দায়িত্ব সামৰা কাণ্ডত ক্ষোভিত হৈ পৰিছে মাজুলীবাসী। অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাৰ বাবে যোৰহাটৰ ওপৰত নির্ভয় কৰি অহা মাজুলীবাসী এতিয়া ফেৰী ঘাট বন্ধৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। ৰ’ৰ’ ফেৰীখনো নিমাতীতে তেনেদৰে পৰি ৰোৱাত নানান সমস্যাৰ সন্মুখীন হৈছে মাজুলীবাসী। ইফালে বিশ্বনাথৰ কংগ্ৰেছ ভৱনত এক সংবাদমেলত মাজুলীৰ এই গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰি শীঘ্ৰে ৰ’ৰ’ জাহাজখন চলাচলৰ ব্যবস্থা কৰিবৰ বাবে দাবী জনায় কংগ্ৰেছে। অলপতে মাজুলীৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে মাজুলীলৈ আহিবলৈ আহি ফেৰী বন্ধৰ বাবে নিমাতি ঘাটৰ পৰাই উভতি যাব লগা হয় কংগ্ৰেছ দলৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। ফেৰী ঘাটত পৰিত্যক্ত অৱস্থাত থকা ৰ’ ৰ’ জাহাজখন দেখি অবাক হৈ পৰে বিধায়ক কুৰ্মী। বানৰ এই জটিল সময়ত সুকলমে ব্ৰহ্মপুত্ৰত চলি থাকিব পৰা ক্ষমতা থকা ফেৰীখন এনেদৰে পেলাই থোৱাত ক্ষোভ প্ৰকাশ কৰে বিধায়ক জনে। শীঘ্ৰে ৰ’ৰ’ জাহাজখন কাৰ্যক্ষম কৰি তুলিবৰ বাবে দাবী জনাইছে বিধায়ক কুৰ্মীয়ে|

খাৰুপেটীয়াত বৰষুণৰ পানীত খহি পৰিল পকী দলং। নিম্নমানৰ সামগ্রী ব্যৱহাৰ কৰাৰ অভিযোগ, তদন্তৰ দাবী ৰাইজৰ ।

দলগাঁও : নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ নহওঁতেই সাধাৰণ বৰষুণৰ পানীত খহি পৰিল ২৫ লাখ টকীয়া দলঙ। অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম কৰাৰ বাবেই বৰষুণৰ পানীত খহি পৰাৰ অভিযোগ ৰাইজৰ। দৰঙৰ খাৰুপেটীয়া-ভকতপাৰা সংযোগী পথৰ বাহাবাৰী গাঁৱত নিৰ্মাণ হৈ থকা পকী দলঙখন বৰষুণৰ পানীত খহি যোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। দলঙৰ উজনিত মথাউৰী বান্ধ নিৰ্মাণ নকৰাৰ বাবে টাংনী নদীৰ বাঢ়নী পানীয়ে বাহাবাৰী গাঁৱৰ এইটো পথেৰে বৈ গৈ ভাবুকি কঢ়িয়াই আনিছে নিৰ্মিয়মান পকী দলং খনলৈ। কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত টাংনী নদীৰ পানী উফন্দি উঠাৰ ফলত দলংখনৰ এটা অংশ খহি যোৱাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে। পুনিয়া, ঘেনামাৰী, ভোটপুখুৰী, নিজ বৰুৱাঝাৰ আদি গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ পথত থকা দলং খন বিধস্ত হোৱাত বহু অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলবাসীয়ে। উল্লেখ্য যে দলংখনৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱাৰ পৰাই অতি নিম্নমানৰ হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছিল যদিও ঠিকাদাৰ জনে বিধায়ক ইলিয়াছ আলীৰ ঘণিষ্ঠ হোৱাৰ বাবেই ৰাইজৰ অভিযোগক কোনো গুৰুত্ব নিদি চলাই গৈছিল দলঙখনৰ কাম। সেয়েহে উচ্চ পৰ্যায়ৰ তদন্ত কৰি লুণ্ঠনৰূপী ঠিকাদাৰ জনৰ বিৰূদ্ধে বিহীত ব্যৱস্থা ল’বলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

নলবাৰীৰ ৪৬ নং পূৱ নম্বৰ ভাগ গাঁও পঞ্চায়তত চলিছে ব্যাপক কেলেংকাৰী আৰু অৰাজকতা। পঞ্চায়তৰ সদস্যক হাজাৰে হাজাৰে উৎকোচ প্ৰদান নকৰিলে হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত নকৰে চৰকাৰী আঁচনিৰ তালিকাত ।

নলবাৰী : ৰাজ্যৰ বিভিন্ন পঞ্চায়তত সংঘটিত হৈ আহিছে দুৰ্নীতি। একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে এতিয়া বিভিন্ন চৰকাৰী আঁচনিৰ নামত ব্যাপক কেলেংকাৰী আৰু দুৰ্নীতি সংঘটিত কৰি দুখীয়া ৰাইজক মাধমাৰ সোধোৱাত পৰিলক্ষিত হৈছে। প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব নাপায় চৰকাৰী আঁচনি। যদি আঁচনিৰ তালিকাত প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে তেন্তে একাংশ পঞ্চায়ত প্ৰতিনিধিক পঞ্চাশ টকা পৰা বিশ হাজাৰ টকালৈ উৎকোচ প্ৰদান কৰিব লগা হয়। এনে এক ঘটনা সংঘটিত হৈ আছে নলবাৰী জিলাৰ ৪৬ নং পূৱ নম্বৰ ভাগ গাঁও পঞ্চায়তত। পঞ্চায়তটোৰ অন্তৰ্গত বৰঝাৰ অঞ্চলৰ প্ৰায় খেতিয়ক তথা দিন হাজিৰা কৰা দুখীয়া হিতাধিকাৰীয়ে লাভ কৰিব পৰা নাই চৰকাৰী আঁচনি। আৰু ইয়াৰ মুখ্য কাৰণ হিচাপে ৰাইজে পঞ্চায়ত খনৰে সদস্য লোহিত হালৈ বুলি অভিযোগ উত্থাপন কৰিছে। স্থানীয় ৰাইজৰ অভিযোগ কৰা অনুসৰি, অগপ দলৰ পৰা প্ৰতিনিধিত্ব কৰি নিৰ্বাচনত জয় লাভ কৰি পঞ্চায়ত সদস্য হোৱা লোহিত হালৈয়ে যিবিলাক দুখীয়া দিন হাজিৰা কৰা লোক আৰু অঞ্চলটোৰ যিবিলাক ৰাইজে বিজেপি অথবা অন্যান্য দলক ভোট প্ৰদান কৰিছে সেই লোক সকলক পঞ্চায়ত সদস্য গৰাকীয়ে চৰকাৰী আঁচনি লাভ কৰিব নিদিয়ে। যদি হিতাধিকাৰী জন অগপ দলৰ সমৰ্থনকাৰী নহয় নাইবা কোনো দলৰ লগত সম্পৰ্ক নথকা দিন হাজিৰা কৰা লোক হয় তেতিয়া চৰকাৰী আঁচনিৰ তালিকাত প্ৰকৃত হিতাধিকাৰীজনৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিলে বিশ হাজাৰ টকালৈ শকত ধনৰ টোপোলাৰ ঘোষ দিব লাগে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। ইয়াৰ উদাহৰণ স্বৰূপে অঞ্চলটোৰ হৰমোহন বৰ্মন নামৰ গাড়ী চলাই কিম্বা প্ৰকাৰে পৰিয়াল পোহ পাল দি থকা ব্যক্তি এজনৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ তালিকাত নাম অহাৰ পিছতো পঞ্চায়ত সদস্য লোহিত হালৈক ঘোষ দিব নোৱাৰাৰ বাবদ তালিকাৰ পৰা হিতাধিকাৰী জনৰ নাম কাটি আইন মানুহৰ নাম অন্তৰ্ভুক্ত কৰা বুলি পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰে। লোহিত হালৈয়ে ঘোষ নোপোৱাৰ বাবে ভোটাৰ তালিকাত হৰমোহন বৰ্মনৰ নাম থকাৰ পিছত ও সেই অঞ্চলৰ লোক নহয় বুলি এক মিছা অজুহাত প্ৰকাশ কৰে বুলিও পৰিয়ালটোৱে মত ব্যক্ত কৰে। পঞ্চায়ত সদস্য গৰাকীয়ে ব্যক্তিগত ভাৱে কৰা এনে ৰাজনৈতিক সংঘাটৰ বাবে এতিয়া স্থানীয় ৰাইজে বিভিন্ন ধৰণৰ সমস্যাত পৰি বহুতো চৰকাৰী আঁচনি পৰা বঞ্চিত হব লগীয়া হোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। আনহাতে কিষাণ সন্মান নিধি আঁচনি নামত ও পঞ্চায়ত সদস্য গৰাকীয়ে ব্যাপক কেলেংকাৰী সংঘটিত কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। কৃষকৰ আঁচনিৰ তালিকাত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ বিনিময়ত ফটো,খাজনা ভৰা ৰচিদ আদি নথি পত্ৰৰ লগতে ৫০-১০০ টকাকৈ পঞ্চায়ত সদস্য গৰাকীৰ দালাল ৰূপজ্যোতি হালৈয়ে লোৱা বুলি একাংশ স্থানীয় মহিলাই অভিযোগ উত্থাপন কৰিছে। আনহাতে পঞ্চায়তৰ সদস্য হোৱাৰ পিছত ও লোহিত হালৈয়ে জনসাধাৰণৰ ওচৰত নাথাকি এখন বাছত কনডাক্টৰ হিচাপে কাম কৰে। অঞ্চলটো চলি থকা এইবিলাক বিষয় সন্দৰ্ভত ৰাইজে জিলা উপাযুক্তক লিখিত ৰূপে অভিযোগ কৰিছে যদিও আজিলৈ কোনো ব্যৱস্থা লোৱা হোৱা নাই বুলি ৰাইজে মন্তব্য কৰে। স্থানীয় ৰাইজৰ লগত সংঘটিত হৈ থকা এই বিলাক বিষয় সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰাই ৰাইজে চৰকাৰ অনুৰোধ জনাইছে যে পঞ্চায়ত সদস্য গৰাকীয়ে সংঘটিত কৰা এনে দুৰ্নীতিৰ ওপৰত যেতিয়া সোণকালে ব্যৱস্থা গ্ৰহণ কৰে আৰু প্ৰকৃত হিতাধিকাৰীয়ে যেতিয়া কোনো ৰাজনৈতিক মেৰপাচ অথবা উৎকোচ নিদিয়াকৈয়ে আঁচনি লাভ কৰিব পৰে তাৰ বাবে গুৰুত্ব প্ৰদান কৰিবলৈ ৰাইজে চৰকাৰক অনুৰোধ জনায়।