Home Blog Page 3303

ছিপাঝাৰত প্ৰথম প্ৰতিষ্ঠা দিৱসতেই Excel Academy ৰ আদৰণীয় পদক্ষেপ । ১০ জন কৈ দৰিদ্ৰ সীমাৰেখাৰ তলত মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়া শিক্ষা প্ৰদান ।

ছিপাঝাৰ :

ছিপাঝাৰৰ মাজমজিয়াতেই মটৰ ষ্টেচনৰ সমীপত যোৱা ৫ জুন, ২০২০ তাৰিখে পৰিৱেশ দিবসৰ লগত সংগতি ৰাখি কলা আৰু বিজ্ঞান শাখাৰ এখন নতুন জুনিয়ৰ কলেজ Excel Academy নামেৰে স্থাপিত হয়। অসমৰ কেম্ব্ৰিজখ্যাত ছিপাঝাৰক উচ্চ শিক্ষাৰ স্থলী হিচাপে গণ্য কৰি অহা হৈছে। ইয়াতেই বহুকেইখন বিদ্যালয়, মহাবিদ্যালয় গঢ় লৈ উঠাৰ সময়তে সম্পূৰ্ণ বিজ্ঞানসন্মত আৰু আধুনিক সময়ৰ লগত ফেৰ মাৰিব পৰাকৈ কাৰিকৰীভাবে শক্তিশালী কৰি ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰোৱাই Excel Academy ৰ উদ্দেশ্য। কলা আৰু বিজ্ঞান দুয়োটা শাখাতেই ১০০ খনকৈ আসন থকা কলেজখনত বিজ্ঞান শাখাৰ বাবে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ বাবে সূকীয়াকৈ শিক্ষা প্ৰদানৰ ব্যৱস্থা আছে। এইখিনিতে স্মৰ্তব্য যে ইতিমধ্যে কলেজখনত নামভৰ্ত্তিৰ বাবে হেতাউপৰা লগাৰ সময়তে অঞ্চলটিৰ চুকে কোণে থকা অতি মেধাৱী তথা অতি দুখীয়া ১০ জনকৈ ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়া শিক্ষা প্ৰদান কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ৯০ শতাংশ তথা ততোধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা তথা দৰিদ্ৰতাই জুৰুলা কৰা ছাত্ৰ-ছাত্ৰীক কৰা এই সহায়ৰ বাবে অভিভাৱক, ছাত্ৰ-ছাত্ৰী তথা অঞ্চলটিত ৰাইজে Excel Academy ৰ এই কাৰ্যৰ ভূয়সী প্ৰশংসা কৰিছে।

হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত হোজাইত বিশ্ব শিশু শ্ৰমিক নিৰ্যাতন বিৰোধী দিৱস উদযাপন ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

 আজি হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত হোজাইত পালন কৰা হয় বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস৷ লগতে শিশু আৰু কিশোৰ শ্ৰমিক নিষিদ্ধকৰণ ও অধিনিয়ম আইন সন্দৰ্ভত হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত  হোজাই তথা লংকা চহৰৰ ব্যৱসায় প্ৰতিষ্ঠান, মানুহৰ  ঘৰে ঘৰে গৈ সজাগতা কৰা হয়৷  আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙ, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, অমৰজ্যোতি শইকীয়া, চাইল্ড লাইনৰ মনজিত দাস, মিন্টু শৰ্মা, টিলাৰাম ওৰাং, জিলা শিশু সুৰক্ষা বিভাগৰ ৰুহি দাস আৰু লংকা থানাৰ আৰক্ষী বিষয়া  দিবজ্যোতি শৰ্মাই শিশু শ্ৰমিক নিয়োগ নকৰিবলৈ সকলোকে সজাগ কৰাৰ প্ৰয়াস কৰাৰ লগতে শিশু শ্ৰমিক নিয়োগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰে৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে জিলাখনৰ বিভিন্ন প্ৰান্তত সজাগতা মূলক পত্ৰ বিতৰণ কৰি সকলোকে শিশু শ্ৰমিক নিয়োগ কৰাৰ বিৰুদ্ধে সজাগ কৰাৰ প্ৰয়াস কৰে৷ ইফালে শিশু শ্ৰমিক বিৰোধী দিবস উদযাপন কৰাৰ সময়তে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ তৎপৰতাত চাইল্ড লাইন, জিলা শিশু সুৰক্ষা বিভাগ তথা লংকা আৰক্ষীৰ সহযোগত লংকাৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰা হয় ৫ গৰাকীকৈ শিশু শ্ৰমিক৷ এই শিশু শ্ৰমিকসকলক বিভিন্ন দোকান, হোটেল আদিত নিয়োগ কৰি শ্ৰম কৰিবলৈ বাধ্য কৰাইছিল একাংশ পূজিপতি ব্যৱসায়ীয়ে৷ উদ্ধাৰ কৰা শিশু শ্ৰমিক কেইজনৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত শিশু সুৰক্ষা সমিতিৰ ওচৰত হাজিৰ কৰি নগাঁওৰ শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰা হয়।

ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ নগাঁও আৰক্ষী : আৰক্ষীৰ অভিযানত আটক ৫ জন ড্ৰাগছ মাফিয়া ।

দৈনন্দিন বাৰ্তা, নগাঁও

ড্ৰাগছৰ ঘাটি হিচাপে পৰিচিত নগাঁৱত কালি আৰক্ষীয়ে অভিযান চলাই মাইনুল হক আৰু মজিবুৰ ৰহমান নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। নগাঁও জিলাত ক্ৰমাৎ বৃদ্ধি হোৱা ড্ৰাগছৰ ব্যৱসায় ৰোধ কৰাৰ স্বাৰ্থত নগাঁও আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান। কালিৰ দিনটোতে ৫ টাকৈ দুধৰ্ষ ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। নগাঁও আৰক্ষীয়ে কঁচুৱা আৰক্ষীৰ সহযোগত অভিযান চলাই জাহাঙ্গীৰ আলম নামৰ আন এটা দুধৰ্ষ ড্ৰাগছ মাফিয়াকো গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে দুদিন পূৰ্বেও জাহাঙ্গীৰক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল যদিও আৰক্ষীৰ দলক দেখি মটৰচাইকেল আৰু ড্ৰাগছৰ টোপোলা এৰি জাহাংগীৰে পলায়ন কৰিছিল। ইতিমধ্যে নগাঁও সদৰ থানাত মাইনুল হক(২২) আৰু মজিবুৰ ৰহমান(৩২)ৰ বিৰুদ্ধে এনডিপিএছ এক্টৰ অধীনত ২০(বি)/২২(এ)/২১(বি)/২৭ ধাৰাত ৮৫৭/২০২০ নম্বৰ এটা গোচৰ ৰুজু কৰাৰ বিপৰীতে জাহাঙ্গীৰ আলমৰ বিৰুদ্ধেও এনডিপিএছ এক্টৰ ২১(চি) ধাৰাত ৯৪/২০ নম্বৰত গোচৰ ৰুজু কৰি তিনিওকে জেল হাজেতলৈ প্ৰেৰণ কৰিছে। আনহাতে বৃহস্পতিবাৰৰ দিনটোতে অসম আৰক্ষীৰ ম’ষ্ট ৱাণ্টেডৰ তালিকাত স্থান লাভ কৰা ৰুবুল খান আৰু জাকিৰ হুছেইনকো নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইতিমধ্যে এই দুই ড্ৰাগছ মাফিয়াক জেৰা অব্যাহত ৰাখিছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই। নগাঁও আৰক্ষী অধীক্ষক গৌৰৱ অভিজিতে সংবাদ মাধ্যমক জনায় যে জিলাখনত বৃদ্ধি পোৱা ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অনাগত সময়ত আৰু অধিক কঠোৰ হ’ব নগাঁও আৰক্ষী।

ৰূপহীহাটত শিশুৰ মুখৰ আহাৰ কাঢ়ি খোৱা কৰ্মী-বিষয়া-মুখ্য সেৱিকাৰ বিৰুদ্ধে কিয় আজিও নহ’ল ব্যৱস্থা ?

এ জে আকন্দ‌ :

শিশু, কিশোৰী, গৰ্ভৱতী মহিলা, প্ৰসূতি আৰু পুষ্টিহীনতাত ভোগা শিশুক পুষ্টিকৰ আহাৰ খোৱাৰ অভিযোগ সন্দৰ্ভত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ পিছতো ৰূপহী সংহত উন্নয়ন প্ৰকল্পৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  আন সময়ৰ কথাতো বাদেই কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি বলবৎ কৰা দীঘলীয়া তলাবন্ধৰ সময় ছোৱাতো দৰিদ্ৰ পৰিয়ালৰ শিশু আৰু পুষ্টিহীনতাত ভোগা শিশুৰ আহাৰৰ নামত আবন্টিত ধনৰ ওপৰতো সামুহিক লুন্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উঠাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ ৰহস্যজনকভাৱে নিৰৱ ভুমিকা গ্ৰহণ কৰিছে। উল্লেখ্য যে, দেশজুৰি বলবৎ হৈ থকা তলাবন্ধৰ ফলত সমাজ কল্যাণ বিভাগৰ অধীণস্থ অংগণবাড়ী কেন্দ্ৰ সমূহ বন্ধ হৈ থকা হেতুকে কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশনা অনুসৰি প্ৰতিটো অংগণবাড়ী কেন্দ্ৰৰ শিশুসকলক পুষ্টিকৰ খাদ্যৰ বাবদ প্ৰতিদিনে আঠ টকাকৈ আৰু পুষ্টিহীনতাত ভোগা প্ৰতিটো শিশুৰ বাবে প্ৰতিদিনে ১২ টকাকৈ দিয়াৰ ব্যৱস্থা কৰে। সেই মৰ্মে ইতিপূৰ্বে অংগনবাড়ী কেন্দ্ৰসমুহৰ বেংক একাউন্টত চৰকাৰে নিৰ্দিষ্ট পৰিমাণৰ ধন জমা দিয়ে। ইয়াৰ ভিত্তিতে ১৫ দিনত প্ৰতিটো শিশুৰ বাবদ ১২০ টকাকৈ আৰু পুষ্টিহীনতাত ভোগা প্ৰতিটো শিশুৰ বাবদ ১৮০ টকাকৈ চৰকাৰে আবন্টন দিয়ে। সেই ধনৰে অংগণবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে হিতাধিকাৰীৰ ঘৰলৈ গৈ পুষ্টিকৰ শিশু খাদ্য সামগ্ৰী যোগান ধৰিব লাগে। কিন্তু,  ৰূপহীহাটৰ একাংশ অংগনবাড়ী কেন্দ্ৰ‌ই পুষ্টিকৰ খাদ্য যোগান ধৰাৰ নামত ১৫ দিনৰ বাবদ ঠাই বিশেষ মাত্ৰ এক-ডেৰ কেজি চাউল,  আধা কেজি দাইল,  অলপ চয়াবিন যোগান ধৰি ব্যাপক পৰিমাণৰ লুন্ঠন চলোৱাৰ অভিযোগৰ বাতৰি সংবাদ মাধ্যমত বিস্তাৰিত বাতৰি প্ৰকাশ পাইছিল। এই সমগ্ৰ দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ মহানায়িকা হিচাপে পৰিচিত ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া পাৰুল তামুলীৰ লগতে, একাংশ মুখ্য সেৱিকা আৰু অংগণবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে সংবাদ মাধ্যমৰ বাতৰি কেৰেপ নকৰি এতিয়া আবোল তাবোল বকিবলৈ আৰম্ভ কৰিছে। আনকি, কোনো বাতৰিয়েও তেওঁলোকক টলাব নোৱাৰে বুলি দম্ভালি মাৰি ফুৰিছে। উল্লেখ্য যে ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ২৯৪টা অংগনবাড়ী কেন্দ্ৰ আছে। ইয়াৰে দুই কুৰিৰো অধিক কেন্দ্ৰ কেৱল কাগজে কলমেহে চলি আছে। অথচ বিগত দিন সমূহত সেই অংগণবাড়ী কেন্দ্ৰ সমূহৰ নামতো প্ৰতিমাহে শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতিক পুষ্টিকৰ খাদ্য খুওৱাৰ নামত হেজাৰ হেজাৰ টকা আত্মসাৎ কৰি অহাৰ অভিযোগ সৰ্বত্ৰ উঠাৰ পিছতো জিলা সমাজ কল্যাণ বিভাগ নিৰৱ কিয় বুলি প্ৰশ্ন উত্থাপিত হৈছে। সততে দম্ভালি মাৰি থকা সংহত উন্নয়ন প্ৰকল্প বিষয়া আৰু মুখ্য সেৱিকাসকলৰ মুখা অচিৰেই তথ্য সহকাৰে খোলা হ’ব। কিয়নো বহু অংগনবাদী কেন্দ্ৰ বছৰ বছৰ ধৰি দৰ্জাই খোলা নাই। সেয়ে এই ক্ষেত্ৰত জিলা সমাজ কল্যাণ বিষয়া দীনেশ চন্দ্ৰ দাসক হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে সচেতন মহলে। 

নামখলাৰ হেঙালপাৰা গাঁৱৰ চাৰুলতা ৰাজবংশী কিডনী ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন ।

নামখলাৰ হেঙালপাৰা গাঁৱৰ চাৰুলতা ৰাজবংশী কিডনী ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন ।

দ্বীপেন ডেকা :

দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত হেঙালপাৰা গাঁৱৰ চাৰুলতা ৰাজবংশীৰ বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে৷ অতি দুখীয়া তথা পেটে ভাতে খায় থকা এটা পৰিয়াল৷ পৰিয়াল বুলিবলৈ তেওঁৰ স্বামী আৰু বিশেষভাৱে সক্ষম একমাত্ৰ ল’ৰাজনেও নেদেখে এটা চকুৰে৷ ইফালে দুজনী ছোৱালী  বিয়া হৈ ইতিমধ্যে সংসাৰৰ মায়াৰ জালত৷ আলপৈচান ধৰিবলৈ কেৱল আছে তেওঁৰ স্বামী টংকেশ্বৰ ৰাজবংশী৷ দিন হাজিৰা কৰিব নগলে নাপায় খাব৷ ইফালে চিকিৎসাৰ নামত টংকেশ্বৰ ৰাজবংশীয়ে স্থাৱৰ অস্থাৱৰ সা-সম্পত্তি সকলো বিক্ৰী কৰি পোৱা নাই সুফল৷ চিকিৎসকে পৰামৰ্শ দিছে দুয়োটা যকৃত সলনি কৰিব৷ চিকিৎসকৰ পৰামৰ্শৰ পিচত মুৰত সৰগ ভাঙি পৰাৰ দৰে হ’ল টংকেশ্বৰ ৰাজবংশীৰ৷ সেয়েহে চাৰুলতা ৰাজবংশীৰ স্বামীয়ে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়াৰ জৰিয়তে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়া তথা অসমবাসীৰ ওচৰত হাতযোৰ কৰি সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে৷

কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা আৰু মহামাৰীৰ পিছৰ পৃথিৱীখন ।

গুনোজীৎ দাস

বিশ্বায়নৰ সময়ত সমগ্ৰ পৃথিৱী আজি বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছে। ইমান দিনে জলপথ, স্থলপথ, আকাশ মাৰ্গত দপদপনিৰ জয় যাত্ৰাত এয়া কিহৰ স্থৱিৰতা! পৃথিৱীখন যেন আজি গোলকীয় অসহিষ্ণুতাত ভাগৰি পৰিছে ক’ৰবাত। বিজ্ঞানৰ যুগত এয়া যেন বিয়োগাত্মক প্ৰভাৱ মানৱ সমাজে প্ৰকৃতিৰ ওপৰত চলোৱা অবাধ খননকাৰ্যৰ । এই অস্থিৰতাৰ প্ৰতিকাৰ বিচাৰি এতিয়া মানৱ সমাজ দিনে-ৰাতি নামি পৰিছে ভয়াবহভাৱে বিয়পি পৰা এই ক’ৰ’না মহামাৰীৰ প্ৰতিৰোধত। কিন্তু বাস্তৱত ইয়াক প্ৰতিৰোধ কৰাটো মানৱ সভ্যতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত প্ৰধান দায়িত্ব আৰু কৰ্তব্য যদিও প্ৰকৃতিৰ ওপৰত হোৱা অবাধ খনন কাৰ্যকলাপৰ ওপৰত ভাৰসাম্যতা অনাটো বৰ্তমান সময়ত ৰাষ্ট্ৰ তথা নাগৰিকৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত । বিজ্ঞানৰ কু-প্ৰভাৱ সমুহৰ ওপৰত সেয়ে এতিয়া গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজনীয়তা অনুভৱ কৰি ৰাষ্ট্ৰ সমুহে সমাজকল্যাণ ধাৰণাৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে । কিয়নো প্ৰকৃতিৰ ওপৰত হোৱা অবাধ খনন কাৰ্যকলাপৰ কাৰণে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য বিনষ্ট হোৱা দেখা যায় । ইয়াৰ ফলত প্ৰদূষণৰ পৰিমাণ বাঢ়ি সমগ্ৰ মানৱ জাতিক কঙাল কৰা দেখা গৈছে । এনেবোৰ কাৰণতে প্ৰকৃতিৰ পৰা ভিন্ন জীৱ-জন্তু বিলুপ্ত হোৱাৰ ফলত পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য বিনষ্ট হৈ মানৱ সভ্যতালৈ বিপদ চপাই আনিছে । জল, স্থল, বায়ুমণ্ডলৰ মাজত বিৰাজমান দুষিত পদাৰ্থ সমুহে নতুন নতুন সমস্যাৰ সৃষ্টি কৰাৰ লগতে দুৰাৰোগ্য ৰোগৰ সৃষ্টি কৰি মানৱ সভ্যতালৈ চপাই আনিছে বিপদ । এনে সময়ত সমগ্ৰ মানৱ জাতিৰ লক্ষ্য আৰু উদ্দেশ্য সমুহৰ মাজত পৰিস্থিতন্ত্ৰনৰ ভাৰসাম্য বজাই ৰখাটো বৰ্তমান সময়ত চৰ্চিত বিষয় হোৱা দেখা যায়। বিশেষকৈ দ্ৰুত হাৰতত হোৱা পৰিৱৰ্তনে মানৱ সমাজত হোৱা কু-প্ৰভাৱ সমুহ প্ৰতিৰোধ কৰাটো আজি ৰাষ্ট্ৰ সমুহৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে বিবেচনা কৰা হয়। বিশেষকৈ উন্নত ৰাষ্ট্ৰ সমুহে পৰিৱেশৰ ওপৰত হোৱা অবাধ খনন কাৰ্যকলাপৰ জড়িয়তে মানৱ সমাজলৈ যাতে সমস্যাৰ সৃষ্টি নকৰে তাৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। এই ক্ষেত্ৰত তেওঁলোকে সমাজ কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটোৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। সমাজকল্যান ধাৰণা মতে ভবিষ্যত প্ৰজন্মৰ ক্ষতি নকৰাকৈ সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ কৰাটো ৰাষ্ট্ৰ সমুহৰ প্ৰধান কৰ্তব্য হোৱা উচিত। ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশ সমুহে সমাজকল্যানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ জড়িয়তে তেওঁলোকে প্ৰদূষণমুক্ত শক্তি সমুহৰ ব্যৱহাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উদাহৰণস্বৰূপে সৌৰশক্তি, এলক’হল ইঞ্জিন আদি ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ ফলত অনৱীকৰণ সম্পদ সমুহৰ ভবিষ্যত প্ৰজন্মলৈ সুৰক্ষিত হোৱাৰ উপৰিও পৰিৱেশ প্ৰদূষণ কমি হোৱা দেখা যায়। ইয়াৰ উপৰিও ৰাষ্ট্ৰসমুহে বৃক্ষ ৰোপন, বন্যপ্ৰাণী সংৰক্ষণ আদি কেতবোৰ দিশত প্ৰয়োজনীয় আঁচনি গ্ৰহণ কৰা দেখা যায়। সেয়ে মহামাৰীৰ পিছৰ পৃথিৱীখনত মানৱ সমাজৰ কৰ্তব্য কি হোৱা উচিত সেই সম্পৰ্কে ৰাষ্ট্ৰসমুহে পৰ্যালোচনা কৰাটো প্ৰয়োজন । বিশেষকৈ ৰাষ্ট্ৰৰ নাগৰিক সকলে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য বজাই ৰখাত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। উদাহৰণস্বৰূপে বন্যপ্ৰাণী সংৰক্ষণ, বনাঞ্চল জীৱ-জন্তুৰ কাৰণে সংৰক্ষণ কৰাটো প্ৰয়োজনীয়। কিয়নো পৰিৱেশৰ ভাৰসাম্য বিনষ্ট হোৱাৰ কাৰণে বৈশ্বিক উষ্ণতা বৃদ্ধি, সেইজগৃহৰ প্ৰভাৱত দুৰাৰোগ্য ৰোগৰ সৃষ্টি আদিকে ধৰি কেতবোৰ গুৰুতৰ সমস্যা সৃষ্টি হোৱা দেখা যায়। আনহাতে বৰ্তমান হোৱা অবাধ প্ৰদূষণৰ প্ৰভাৱত কৃষিৰ উপযোগী জলবায়ুৰ পৰিৱৰ্তন হোৱা দেখা যায়। সেয়ে এনে এক জতিল সময়ত ৰাষ্ট্ৰসমূহে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ উপৰিও জৈৱিক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন। বৈজ্ঞানিক আৰু জৈৱিক দৃষ্টিভংগীৰ সংমিশ্ৰণত ভৱিষ্যত প্ৰজন্মৰ ক্ষতি নকৰাকৈ সম্পদ সমুহৰ সৰ্বোত্তম ব্যৱহাৰৰ যোগেদি এক সুস্থ সবল বিশ্ব মানৱ জাতি গঢ় লৈ উঠিব বুলি সমাজকল্যাণ ধাৰণা মতে যুক্তি দাঙি ধৰিছে। সেয়ে বিশ্ব নাগৰিক সকলে মহামাৰী পিছৰ সময়চোৱাত পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাৰ জড়িয়তে এক সুস্থ সৱল মানৱ জাতি গঢ় দিয়াটো প্ৰধান দায়িত্ব আৰু কৰ্তব্য হিচাপে বিবেচিত হৈছে। 

‘আনলক’ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া ।

দিলীপ হাজৰিকা :

যোৱা ২৪ মাৰ্চত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰিছিল আৰু মাত্ৰ ৩-৪ ঘণ্টা সময়সীমা দিয়া হৈছিল দেশৰ সমগ্ৰ জনগণক তেওঁলোকৰ নিত্যনৈমিত্তিক বয়-বস্তু ক্ৰয় কৰিবলৈ, লাগতীয়াল দৰৱ ল’বলৈ তথা যিসকল নাগৰিক, শ্ৰমিক, ৰোগী নিজৰ গৃহ ঠাইৰ পৰা অন্য ঠাইত আছিল তেওঁলোকক ঘূৰি আহিবলৈ। যিটো কেন্দ্ৰীয় চৰকাৰৰ এক সাংঘাটিক ভুল সিদ্ধান্ত আছিল বুলি খোদ উচ্চতম ন্যায়ালয়েও বিভিন্ন সময়ত এই কথাকে দোহাৰি অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সংবাদসেৱীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আনলক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,  যেতিয়া লকডাউন আৰম্ভ হৈছিল,  তেতিয়া সমগ্ৰ দেশতে তথা অসমত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা তেনেই তাকৰ আছিল, কিন্তু তাৰ পিছৰ পৰ্যায়ত এই ৰোগীৰ সংখ্যা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমটো দিনক দিনে বৃদ্ধি পালে। যিহেতু এই ৰোগৰ দৰৱ এতিয়াও উপলব্ধ হোৱা নাই, গতিকে আমাৰ ওচৰত প্ৰাথমিক দুটাই বিকল্প আছে, এটা হ’ল মাস্ক পৰিধান কৰা আৰু শাৰীৰিক দূৰত্ব বজাই ৰখা। এই সন্দৰ্ভত অসম চৰকাৰ আৰু প্ৰশাসন যিমান সতৰ্ক হ’ব লাগিছিল,  সেয়া এতিয়া একেবাৰে দেখিবলৈ পোৱা নাই। যিটো সময়ত দৈনন্দিন ভয়ানক ভাৱে কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আমাৰ ৰাজ্যত বৃদ্ধি পাইছে, সেই সময়ত চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা মাস্ক পৰিধান কৰা তথা শাৰীৰিক দুৰত্ব বজাই ৰখাৰ নিয়ম বলৱৎ কৰিবলৈ ল’বলগীয়া কঠোৰ অনুশাসনৰ অভাৱ পৰিলক্ষিত হৈছে। যেতিয়া,  ৰাজ্যত এজনো ক’ভিড-১৯ৰ ৰোগী নাছিল,  তেতিয়া চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে ঔষধ কিনিবলৈ অহা ব্যক্তি, ঘৰৰ ৰেচন ল’ব অহা ব্যক্তিৰ ওপৰত বৰ্বৰতাৰে প্ৰহাৰ কৰাৰ ছবি এতিয়াও চাগে সকলোৰে মনত আছে। কিন্তু এতিয়া, ৰাজ্যত এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ভয়ানক ভাৱে বৃদ্ধি পোৱাৰ পিছতো আৰক্ষী প্ৰশাসন তথা চৰকাৰে কিয় নিৰৱ দৰ্শকৰ নিচিনা ব্যৱহাৰ কৰিছে, ‌তাৰ ওপৰত গভীৰ আশ্বৰ্য প্ৰকাশ কৰি বিৰোধী দলপতি গৰাকীয়ে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক অনুৰোধ জনাই কয় যে, ৰাইজৰ বৃহত্তৰ স্বাৰ্থত লকডাউন শিথিল কৰি দিলেও অন্ততঃ মাস্ক পৰিধান কৰাটো আৰু শাৰীৰিক দূৰত্ব বজাই ৰখা নিয়ম দুটা যেন ৰাইজৰ মাজত কঠোৰ ভাৱে বলৱৎ কৰে।

নিশাৰ ভিতৰতে কোটিপতি হ’ল দুটাকৈ হাতী ।

নিশাৰ ভিতৰতে কোটিপতি হ’ল দুটাকৈ হাতী৷ বিহাৰৰ এজন বন্যপ্ৰেমীয়ে তেওঁৰ সম্পত্তিৰ আধা অংশ নিজৰ হাতী দুটাৰ নামত লিখি দিছে৷ এই কথা শুনি বহু লোকে আশ্চৰ্য প্ৰকাশ কৰিছে৷ পাটনাৰ বাসিন্দা আখতাৰ ইমাম নামৰ লোকজনে তেওঁৰ পোহনীয়া হাতী দুটাক অতি মৰম কৰে৷ সেই হাতী দুটাৰ এটাৰ নাম ৰাণী আৰু আনটোৰ নাম মতি৷ ইমামে তেওঁৰ সন্তান স্নেহ কৰে হাতী দুটাক৷ সেয়ে তেওঁৰ আধা সম্পত্তি হাতী দুটাৰ নামত লিখি দিয়ে৷ ফলত নিশাৰ ভিতৰতে কোটিপতি হয়গৈ দুয়োটা হাতী৷ এই হাতী দুটাৰ ভিতৰত মতিৰ বয়স ১৫ আৰু ৰাণীৰ বয়স ২০ বছৰ৷ হাতী দুটা মানুহতকৈ বেছি বিশ্বস্ত বুলি লোকজনে কয়৷ দুয়োটা হাতী তেওঁৰ সংগী৷ বৰ্তমান ইমাম হাতী ৰক্ষণাবেক্ষণৰ এনজিঅ’ এটাৰ গৰাকী৷ বিপদৰ সময়ত তেওঁক এই হাতী দুটাই বহুবাৰ ৰক্ষা কৰিছে বুলি তেওঁ জনায়৷

শত, সহস্ৰ প্ৰণাম হে’ চাফাই কৰ্মী সকল !

ৰাজীৱ কমল শইকীয়া

কৰ’না আৰু মানুহৰ সাম্প্ৰতিক যুঁজখনত, আমাৰ পক্ষৰ মূল ৰক্ষকৰ ভূমিকা লোৱা চিকিৎসক, চিকিৎসা কৰ্মীৰ লগতে সমূহ ফৰ্নটলাইন যুঁজাৰু যেনে- চৰকাৰ-প্ৰশাসন, পুলিচ, প্ৰেছ আদি বিভিন্ন জৰুৰীকালীন সেৱাত জড়িত লোকক আমি শ্ৰদ্ধা ভৰা ধন্যবাদ-কৃতজ্ঞতা জনাইছোঁ|  তাৰ মাজতো আমি এচাম লোকক প্ৰসংশা কৰিবলৈ, উৎসাহ যোগাবলৈ হয়তো ভুলতে পাহৰি থাকিলোঁ| তেখেতসকল হ’ল বিশ্বৰ বিভিন্ন প্ৰান্তৰ কোৱাৰেণটাইন চেন্টাৰ, হাস্পতালক কৰ’নাৰ কদৰ্য গুচাই নিকা কৰা চাফাই কৰ্মী সকল আৰু কৰ’নাক্ৰান্ত হৈ  মৃত্যু হোৱা সকলৰ শৱ-দেহ সমূহৰ অগ্নি সংস্কাৰ কৰা বা কবৰ দিয়া ব্যক্তিসকল|পেছা হ’লেও এই বিভীষিকাৰ মাজত নিজৰ প্ৰাণৰ মমতাৰ কথা নাভাবি মানৱজাতিৰ সেৱাত অন্তঃকৰণেৰে উৎসৰ্গিত এই সকল পৰম শ্ৰদ্ধেয় বীৰ যোদ্ধাক আমি সম্ভ্ৰমপূৰ্ণ নমস্কাৰ জনাবই লাগিব, নহ’লে ইতিহাস পঢ়ি ভৱিষ্যত পৃথিৱীৰ নাগৰিক সকলে আজিৰ মানুহক বৰকৈ বেয়া পাই থাকিব| বাকী সকল ফৰ্নটলাইন যোদ্ধাক কৃতজ্ঞতা জনাই আমি, কভিডাক্ৰান্ত সমাজৰ এইসকল অন্যতম ধাৰকক অনিচ্ছাকৃত ভাৱেও যদি প্ৰসংশা কৰিবলৈ পাহৰি যাওঁ,  তেতিয়া হ’লে নিজৰ আত্মাৰ ওচৰত আমি লজ্জিত আৰু অকৃতজ্ঞ হৈ ৰ’ম|

অনিশ্চয়তাৰ সন্মুখীন ভ্ৰাম্যমান থিয়েটাৰ ।

অনিশ্চয়তাৰ সন্মুখীন ভ্ৰাম্যমান থিয়েটাৰ ।

মহামাৰী ব্যাধি ক’ৰোনাৰ সক্ৰমণ ৰোধৰ বাবে চৰকাৰে আহ্বান জনোৱা ল’ক ডাউনে দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগতে  সকলো ক্ষেত্ৰতে গুৰুতৰ প্ৰভাৱ পেলাইছে। ক’ৰোনা ভাইৰাছৰ বিৰূপ প্ৰভাৱৰ ফলত এইবাৰ ৰাজ্যত বাপতি সাহোন বহাগ বিহুৰ কোনো অনুষ্ঠান নোহোৱাত যিদৰে শিল্পী সকলৰ জীৱনলৈ ভয়ংকৰ সকংট নামি আহিছে, ঠিক তেনেকৈ ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত সহস্ৰাধিক লোকৰ জীৱনলৈ দুৰ্বিস নামি পৰিছে। এই বিশ্ব বিৰল ভ্ৰাম্যমান থিয়েটাৰৰ জৰিয়তে বহু সংখ্যক লোকৰে পৰিয়াল পোহপাল দিছে, নাট্যদল সমূহক আমন্ত্ৰণ কৰি কমিটীসমূহে নিৰ্মাণ কৰিছে বিদ্যালয়, মন্দিৰ, ক্লাৱ ইত্যাদি। উল্লেখযোগ্য যে ডিচেম্বৰ মাহটো নাট্যদলসমূহৰ বাবে ব্যৱসায়িকভাৱে অতি গুৰুত্বপূৰ্ণ মাহ কিন্তু ‘কা’ বিৰোধী আন্দোলনৰ সময়ত ভ্ৰাম্যমান নাট্যদল সমূহে প্ৰায় ১০ দিন নাট প্ৰদৰ্শন কৰিব নোৱাৰিলে। আনহাতে এদিন নাট প্ৰদৰ্শন বন্ধ হ’লেই লক্ষাধিক টকাৰ ক্ষতি থিয়েটাৰ সমূহৰ। ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা  নাট্যদল সমূহে অকণমান গা কৰি উঠাৰ লগে লগেই মাৰ্চ মাহত ক’ৰোনাৰ প্ৰকোপে একপ্ৰকাৰ নাট্যদল সমূহৰ প্ৰদৰ্শনীয়ে বন্ধ কৰি পেলালে। আনহাতে জুন-জুলাই মাহৰ পৰা এটা নতুন নাট্যবৰ্ষৰ বাবে থিয়েটাৰৰ দলবোৰে শিল্পী, কলা-কুশলীসহ সকলোৰে চুক্তিবদ্ধ হয় আৰু অগ্ৰিম ধন দিয়ে। কিন্তু এই বৰ্ষত(২০-২১) নাট্যবৰ্ষত থিয়েটাৰ কৰিব পাৰিব নে নাই তাকে লৈ অনিশ্চিয়তাত প্ৰযোজক তথা শিল্পী সকল। থিয়েটাৰত কাম কৰি ঘৰ চলোৱা সেইসকল ব্যক্তিৰ অৱস্থা কিমান ভয়াৱহ হ’ব তাকে লৈ এতিয়া দু:চিন্তাত পাৰ কৰিছে তেওলোক। সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ভ্ৰাম্যমান থিয়েটাৰৰ সম্পাদক, অভিনেতা-অভিনেত্ৰী, নাট্যকাৰ, সংগীত পৰিচালকৰ মন্তব্য এই প্ৰতিবেদনৰ লগত সংযোগ কৰা হ’ল-

ৰাজদ্বীপ, নাট্যকাৰ-গীতিকাৰ :- কৰোনাৰ আতংকৰ বাবেই চৰকাৰৰ সিদ্ধান্ত অনুসৰি সম্পূৰ্ণ এমাহ পূৰ্বেই নাট্যযাত্ৰা বন্ধ কৰিবলগীয়া হ’ল নাট্যদল সমূহে। এনে পৰিস্থিতিত শিল্পী-কলা, কুশলী সকলে কেনে এক জটিল সন্ধিক্ষণৰ মাজেৰে সময় পাৰ কৰিছে, সেয়া ভাষাৰে বুজাব নোৱাৰি। কোনোৱে হয়তো ক’ব যে ভ্ৰাম্যমানৰ শিল্পীয়ে লাখ লাখ টকা উপাৰ্জন কৰে। কিন্তু আকাশলংঘী মাননি লাভ কৰা কেইগৰাকীমান সৌভাগ্যৱান শিল্পীৰ বাহিৰে আন আন শিল্পী সকলৰ আৰ্থিক অৱস্থা তেনেই তথৈবচ। উদ্যোগটিৰ সৈতে জড়িত হোৱাৰে পৰা এইসকল লোকক অধিক ওচৰৰ পৰা দেখিছো তেওলোকৰ জীৱন সংগ্ৰাম অধিক ওচৰৰ পৰা অনুভৱ কৰিছো।এনে অৱস্থাত আগন্তুক নাট্যবৰ্ষ বাতিল হোৱাৰ আতংকই খেদি ফুৰিছে তেওলোকক।

প্ৰসেনজিত বৰা, অভিনেতা:- বৰ্তমান যি এক পৰস্থিতিৰ উদ্ভৱ হৈছে ইয়াৰ পৰিত্ৰাণ কেতিয়া পাম সেয়া কোনেও ক’ব নোৱাৰে। তথাপি আমি বিশ্বাসী কিবা নহয়, কিবা এটা সমাধান ওলাব আৰু চৰকাৰে অন্তত এই উদ্যোগটিৰ প্ৰতি সহানুভূতি জনাব। চৰকাৰে যি নীতি-নিয়ম বান্ধি দিয়ে ঠিক তেনেকৈ নাটকীয় যাত্ৰা চলাই নিবলৈ আমি প্ৰস্তুত। লগতে মই আশাবাদী যে দৰ্শকে আমাক পুনৰায় আকোৱালি ল’ব কাৰণ ছবি এখন চিনেমা হ’লত মুক্তি নিদিলেও পিছত বিভিন্ন মাধ্যমত মুক্তি দিব পাৰে কিন্তু ভ্ৰাম্যমানশৈলী সম্পূৰ্ণ পৃথক, ইয়াক দৰ্শকে ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ আমোদ সুকীয়া।

অংকিতা শইকীয়া, অভিনেত্ৰী :- বৰ্তমান যি পৰস্থিতি হৈছে তাতকৈ প্ৰায় ৮ বছৰ পূৰ্বৰে পৰাই ভ্ৰাম্যমান ইতিমধ্যেই এটি বেয়া পৰ্য্যায়লৈ গৈ আছিলে কিন্তু এইবাৰ বেছি সংকটপূৰ্ণ অৱস্থালৈ গল কিয়নো কা ই ক্ষতি কৰিলে লগতে কৰোনাৰ বিৰূপ প্ৰভাৱে কোঙা কৰিলে থিয়েটাৰক। দেশৰ পৰস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক নাট্যবৰ্ষটো কি হব অনিশ্চিয়তাত পাৰ কৰিবলগীয়া হৈছে। এইদৰে ভ্ৰাম্যমানৰ নিয়মীয়া নাটকীয় শিকলিডাল যদি চিঙি যায় তেন্তে বহু শিল্পী, কলা-কুশলী পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থত বেলেগ কৰ্মত নিয়োজিত হ’ব তেতিয়া সেইসকল ব্যক্তি পুনৰায় ভ্ৰাম্যমানলৈ আহিব নে নাই, সেয়া সন্দেহজনক। যদি চৰকাৰে অকনমান নজৰ দিয়ে এই থলুৱা উদ্যোগটিৰ প্ৰতি লগতে পৰস্থিতিও সংকটমুক্ত হয় তেন্তে কম দিনীয়াকৈ হ’লেও ভ্ৰাম্যমান হোৱাটো প্ৰয়োজনীয় সেইসকল লোকৰ স্বাৰ্থত। মই এগৰাকী অভিনেত্ৰী হিচাপে সদায় আশাবাদী, যাতে ভ্ৰাম্যমান উদ্যোগটি জীয়াই থাকে।

হিমাংশু(মিন্টু)ডেকা, সম্পাদক(কহিনুৰ থিয়েটাৰ):– কৰোনাৰ প্ৰভাৱৰ ফলত অনিশ্চিয়তাত পাৰ কৰিবলগীয়া হৈছে ভ্ৰাম্যমানৰ কথা চিন্তা কৰি। চৰকাৰে এই থলুৱা অঘোষিত উদ্যোগটিৰ হিতাৰ্থে অকনমান হ’লেও কৃপা দৃষ্টি কৰক যাতে ইয়াৰ লগত জড়িত ব্যক্তি সকল জীয়াই থাকিব পাৰে।যদি চৰকাৰে অনুমতি দিয়ে তেন্তে আহ্বায়ক কমিটি সমূহেও কিছু এৰা-ধৰা কৰিব লাগিব মাননিৰ ক্ষেত্ৰত লগতে প্ৰযোজকেও সহযোগ কৰিব লাগিব। ইয়াৰ উপৰিও টিকটৰ বৰ্দ্ধিত মূল্য হ্ৰাস কৰিব লাগিব তেতিয়াহে দৰ্শক আহিব নাট উপভোগ কৰিবলৈ। চৰকাৰে শিল্পী সকল যি ৫০,০০০ টকাকৈ এককালীন সাহাৰ্য্য দিয়াৰ এক আঁচনি হাতত লৈছিলে সেয়া ফলপ্ৰসু হলে যথেষ্ট সকাহ হ’ব শিল্পী তথা কলা-কুশলী সকলৰ।

পৰাণ বৰকটকী(জ’জ), সংগীত পৰিচালক:– প্ৰকৃতিয়ে এই ল’ক ডাউনৰ সময়ত যিদৰে নিজকে নতুন ৰূপত পৰিস্কাৰ কৰিলে, ঠিক একেদৰে  ভ্ৰাম্যমান উদ্যোগটিয়েও নিজকে পৰিস্কাৰৰ কৰাৰ এয়া উচিত সময়। গিমিকবাজী বাদ দি পূৰ্বৰ সুতি লৈ ঘুৰি আহি এক সুস্থিৰ বাতাবৰণ সৃষ্টি কৰাৰ এয়া উপযুক্ত সময়। যদি ভ্ৰাম্যমান নহৈ তেন্তে খাটি খোৱা শিল্পী তথা কলা-কুশলীৰ অৱস্থা অতি ভয়াৱহ হ’ব সেইবাবে অনুগ্ৰহ চৰকাৰে এবাৰ চকু দিয়ক এই থলুৱা উদ্যোগটিৰ ওপৰত। সাংস্কৃতিক প্ৰতিনিধি