Home Blog Page 3308

এম্বুলেন্সৰ পৰা পলায়ন কৰা কোভিড আক্ৰান্ত ৰোগীক আটক ।

নগাঁও

 কোভিড-১৯ ত আক্ৰান্ত এজন ৰোগীয়ে কালি নিশা ১০৮ এম্বুলেন্সৰ পৰা পলায়ন কৰা এক ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত চাঞ্চল্যৰ সৃষ্টি হয় । অৱশ্যে আৰক্ষীয়ে নিশাই কোভিড আক্ৰান্ত লোকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে  তেলেংগানাৰ পৰা প্ৰায় দহ দিন পূৰ্বে অহা ননৈ কচুপিতৰ আবেদুৰ ৰহমান (৪৯) নামৰ লোকজনক প্ৰথম অৱস্থাত ননৈৰ এখন স্কুলত এসপ্তাহৰ বাবে কোৱাৰেন্টীন কৰি ৰখা হয়। কোৱাৰেন্টীনত থকা অৱস্হাত তেওঁৰ ‘স্বোৱাৱ’ৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । ইপিনে এসপ্তাহ প্ৰতিষ্ঠানিক কোৱাৰেনন্টীনত থকাৰ পাচত আবেদুৰক নিজ গৃহলৈ যাবলৈ দিয়া হয় আৰু গৃহতে কোৱাৰেন্টীন ৰখা হয় । ইপিনে হোম কোৱাৰেন্টীনত থকা অৱস্হাত আবেদুৰ কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পায়। সেয়ে কালি নিশা স্বাস্থ্য বিভাগে আবেদুৰক ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে কন্দলী আদৰ্শ চিকিৎসালয়লৈ আনে। আনহাতে চিকিৎসালয়খনৰ প্ৰৱেশদ্বাৰৰ ওচৰত আবেদুৰে এম্বুলেন্সৰ নামি  পলায়ণ কৰে । কোভিড আক্ৰান্ত ৰোগীজনে এনেদৰে পলায়ণ কৰাত স্বাস্থ্য বিভাগ আৰু আৰক্ষী বিভাগৰ লোকৰ মাজত হাহাকাৰ লাগে ।নিশাই পলাতক ৰোগীজনৰ সন্ধানত আৰক্ষী নামি পৰে। পাচত অৱশ্যে ৰাঙলুৰ সমীপত পথাৰত লুকাই থকা অৱস্থাত আৰক্ষীয়ে আবেদুৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । আনহাতে নিশাই আৰক্ষীয়ে আবেদুৰক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় চৌহদৰ কোভিড হস্পিতালত ভৰ্তি কৰায়। গুৱাহাটীত চিকিৎসাধীন হৈ থকা দুৰ্ঘটনাগ্ৰস্ত পুত্ৰৰ চিন্তাতে আবেদুৰে এনেদৰে পলায়ণ কৰে বুলি  জানিব পৰা গৈছে ।

সোণতলী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ৷ শোকাকুল পৰিৱেশ পৰিয়ালৰ মাজত ৷

সোণতলী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ ৷ শোকাকুল পৰিৱেশ পৰিয়ালৰ মাজত ৷

সোণতলী 

দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত তথা সোণতলী আৰক্ষী চকীৰ এলেকাধীন ৩নং দক্ষিণ ৰাঙাপানীত আজি সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ গাঁওখনৰ বাদশা আলী (৩০) নামৰ দৰিদ্ৰ লোকজনে প্ৰখৰ ৰদত পথাৰত ধান কাটি আহি জিৰণি লবলৈ নিজ গৃহত উপস্থিত হয় ৷ নিজ ঘৰত বিদ্যুৎ সংযোগত বিচিন্ন হৈ থকাৰ বাবে ঘৰৰ বিদ্যুৎ মেৰামতি কৰি আছিল ৷ ঠিক সেই সময়তে হঠাৎ বিদ্যুৎপৃষ্ট হৈ অচেতন হৈ পৰে লোকজন ৷ তাৰ পিছতেই ঘৰখনত সৃষ্টি হয় এক হুৱা-দুয়া পৰিৱেশৰ ৷ পিছত স্থানীয় ৰাইজে অচেতন হোৱা বাদশা আলীক ততাতৈয়াকৈ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ উল্লেখ্য যে,পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী বাদশা আলীয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছিল ৷  বাদশা আলীৰ এনে অনাকাংশিত মৃত্যুত পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷ মৃত্যুৰ সময়ত বাদশা আলীয়ে ৭ বছৰীয়া পুত্ৰ সন্তান, দুজনী কন্যা সন্তান আৰু নিজৰ স্ত্ৰীক ইহসংসাৰত এৰি থৈ যায় ৷ স্মৰ্তব্য যে, সোণতলী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ আৰক্ষী চকীলৈ আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমছিএইচলৈ প্ৰেৰণ কৰে ৷

মুখ‍্যমন্ত্ৰীয়ে উদ্ধোধন কৰিব নৱ-নিৰ্মিত পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালন প্ৰকল্প ।কলিয়াবৰত দুই যুৱকৰ নীল বিপ্লৱৰ অভিনৱ পদক্ষেপ ।

কলিয়াবৰ : 

কলিয়াবৰৰ উলুৱনীৰ শৈলেন্দ্ৰ গোস্বামী আৰুমিছাৰ ধনঞ্জয় উপাধ‍্যায়, এই দুই শিক্ষিত যুৱকে দুবছৰৰ আগতে নিজাববীয়া প্ৰচেষ্টাৰে বৈজ্ঞানীক পদ্ধতিৰে কৃটিমভাৱে পানীৰ টেংকীত মাছ পালন আৰম্ভ কৰিছিল। সপোন আছিল মৎস‍্য পালনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ আৰু আনকো সংস্থাপিত কৰাৰ। সেই সপোন পূৰণ হোৱাৰ পথত আৰু এখোজ কলিয়াবৰৰ দুইশিক্ষিত যুৱক শৈলেন্দ্ৰ গোস্বামী আৰু ধনঞ্জয় উপাধ‍্যায়ৰ। অসম চৰকাৰৰ মীন বিভাগৰ নীল বিপ্লৱৰ পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালন আঁচনিৰ মাধ‍্যমত প্ৰত‍্যক্ষ আৰ্থিক সাহায‍্য প্ৰদান কৰিছে দুই যুৱকক। এতিয়া পূৰ্বৰ দুটা পুখুৰীৰ সংখ‍্যা বঢ়াই আন ছটা পুখুৰী নিৰ্মাণৰ লগতে বৰ্দ্ধিত আৰু উন্নত পানী নিষ্কাষণ আৰু পৰিশোধন ব‍্যৱস্থাৰ সংযোগ ঘটাই পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস‍্য পালনৰ নতুন উদ‍্যোগ লৈছে দুই যুৱকে। এই উদ‍্যোগক পূৰ্ণ সহযোগিতা আগবঢ়াইছে অসম চৰকাৰৰ মীন বিভাগে। ইতিমধ‍্যে পঞ্চাশ লাখ টকাৰ এক আৰ্থিক সাহায‍্য আগবঢ়াইছে, য’ত ৰাজসাহায‍্য লাভ কৰিব বিশ লাখ টকা। ২৫ ফুট ব‍্যাস বহল আৰু ৫ ফুট গভীৰতাৰে নিৰ্মিত কংক্ৰিটৰ টেংকী সদৃশ দুটা কৃত্ৰিম পুখুৰী তৈয়াৰ কৰি থলুৱা মাছ উৎপাদনৰ কামত ব্ৰতী হৈছিল দুই মীন পালক। শৈলেন্দ্ৰ গোস্বামীৰ নিজা ভূমিতে স্থাপন কৰা হৈছিল এই কৃত্ৰিম পুখুৰী। কৃত্ৰিম পুখুৰীত পাম্পৰ দ্বাৰা যোগান ধৰা পানী। প্ৰতিদিনে সলনি কৰা হয় টেংকীৰ পানী। এটা পথৰে নতুন পানী টেংকীলৈ প্ৰেৰণ কৰাৰ সমান্তৰাল আন এটা পথৰে বাহিৰ কৰা হয় টেংকীৰ পুৰণি পানী। টেংকীৰ পৰা বাহিৰ হৈ যোৱা পানী পৰেগৈ চাৰি তৰপীয়া আন এটা পানী পৰিস্কাৰ কৰা ফিল্টাৰত। মাছৰ বাবে অপকাৰী নাইট্ৰ’জেনৰ পৰিমাণ হ্ৰাস কৰিবলৈ টেংকীৰ সমীপতে স্থাপন কৰা এই চাৰি তৰপীয়া ফিল্টাৰ পৰা পাম্পৰে অক্সিজেনযুক্ত পানী প্ৰেৰণ কৰা হয় টেংকীলৈ। লগতে ফিল্টাৰৰ পৰা টেংকীলৈ প্ৰেৰণ কৰা পানীত মজুত থাকে বীজাণু নাশকাৰী বেক্টেৰীয়া। আনহাতে টেংকীৰ পানীৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে টেংকীৰ ওপৰত দিয়া হয় চালি। একুৰিয়ামত সৌন্দৰ্য্যবৰ্দ্ধক মাছ জীয়াই ৰাখিবলৈ যি বৈজ্ঞানিক পদ্ধতি আছে, সেই ধৰণৰ পদ্ধতিয়েই ব্যৱহাৰ কৰা হৈছে এই থলুৱা মাছ উৎপাদনৰ বাবে স্থাপন কৰা এই কৃত্ৰিম পুখুৰীত। মুঠ আঠটা পুখুৰীত এটা কৃষি ঋতুত চল্লিশ কুইণ্টেল মাছ উৎপাদনৰ লক্ষ‍্যৰে নৱ-নিৰ্মিত প্ৰকল্পটোৱে স্থানীয় তথা উত্তৰ-পূৱৰ মৎস‍্য চাহিদা পূৰণত অৱদান আগবঢ়াবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে মৎস‍্য পালকদ্বয়ে। বুধবাৰে নৱ-নিৰ্মিত পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালন প্ৰকল্পটো শুভ উদ্বোধন কৰিব অসমৰ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উপস্থিত থাকিব ৰাজ‍্য চৰকাৰৰ মীন মন্ত্ৰী পৰিমল শুক্ল বৈদ‍্য আৰু জল সম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্ত লগতে মীন বিভাগৰ বিষয়া-বৰ্গ।

পাকিস্তানত গাধ গ্ৰেপ্তাৰ : গোচৰ ৰুজু ।

দৈনন্দিন বাৰ্তা ইণ্টাৰনেচনেল ডেস্ক

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ৰহিম ইয়াৰ খান চহৰত জুৱা খেলৰ অপৰাধত আঠজন ব্যক্তিৰ লগতে এটা গাধক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰিছে৷ ইয়াৰ লগতে লোককেইজনৰ পৰা ১ লাখ ২০ হাজাৰ পাকিস্তানী মুদ্ৰা উদ্ধাৰ হৈছে৷ প্ৰকৃততে সেই ঠাইত গাধৰ দৌৰৰ আয়োজন কৰা হৈছিল৷ অভিযুক্তই সেই গাধ দৌৰৰ বাবে টকাৰ বাজি মাৰিছিল৷ কিন্তু সেয়া হ’ল বেআইনী৷ খবৰ পায়ে আৰক্ষী সেই স্থানত উপস্থিত হয়৷ আৰক্ষীয়ে অভিযুক্ত আঠ ব্যক্তি আৰু এটা গাধ ধৰি নিয়ে৷ স্থানীয় চেনেল ছামা টিভিৰ মতে অভিযুক্তৰ নাম তালিকাত গাধৰ নাম আছিল৷ তাৰ বিৰুদ্ধেও এফআইআৰ দিয়া হৈছে৷

১০ বছৰে মুকলি নহ’ল বকোৰ বদলা উপ-স্বাস্থ্য কেন্দ্ৰ ৷

১০ বছৰে মুকলি নহ'ল বকোৰ বদলা উপ-স্বাস্থ্য কেন্দ্ৰ ৷

সোণতলী

 বকো সমষ্টিৰ অন্তৰ্গত বদলাৰ উপ-স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ প্ৰায় ১০ বছৰে ৰাইজৰ বাবে মুকলি নোহোৱাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে৷ অঞ্চলৰ চিকিৎসাৰ সুবিধাৰ্থে স্বাস্থ্য বিভাগে নিৰ্মাণ কৰা বদলা উপ-স্বাস্থ্য কেন্দ্ৰটো অদ্যাপি মুকলি নোহোৱাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ জানিব পৰামতে দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত অতিকৈ পিচপৰা তথা দুৰ্গম বদলা, বদলা পথাৰ, ৩নং দক্ষিণ ৰাংগাপানী, ১নং টুপামাৰী, টিয়াপাৰা আদি অঞ্চলৰ বৃহৎসংখ্যক ৰাইজৰ চিকিৎসাৰ সুবিধাৰ্থে বিগত প্ৰায় দহ বছৰ পূৰ্বে আধাৰশিলা স্থাপন কৰি যথাসময়ত আটকধুনীয়াকৈ উপ-স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণকাৰ্যও সম্পূৰ্ণ কৰা হয়৷ কিন্তু বিগত প্ৰায় দহ বছৰে ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা নহ’ল বদলা উপ-স্বাস্থ্য কেন্দ্ৰটো৷ বিগত দহ বছৰে উপৰিউক্ত উপ-স্বাস্থ্য কেন্দ্ৰটো দুৰ্গম অঞ্চলৰ ৰাইজৰ চিকিৎসাৰ বাবে মুকলি নোহোৱাত সম্প্ৰতি চিকিৎসালয়খনৰ দৰ্জা-খিৰিকীবোৰ জহি-খহি গৈছে৷ উপ-স্বাস্থ্য কেন্দ্ৰৰ অন্য মূল্যৱান সামগ্ৰীসমূহো নষ্ট হ’বলৈ ধৰিছে৷ বিগত বছৰবোৰত উপৰিউক্ত উপ-স্বাস্থ্য কেন্দ্ৰটো সৰ্বসাধাৰণ ৰাইজৰ বাবে ৰাজ্য চৰকাৰে মুকলিৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত গৃহটো সম্পূৰ্ণৰূপে জৰাজীৰ্ণ হৈ পৰিছে৷ সম্প্ৰতি জহি-খহি যোৱা বদলাৰ উপ-স্বাস্থ্য কেন্দ্ৰটো মেৰামতিৰ জৰিয়তে কাৰ্যক্ষম কৰি চিকিৎসক-কৰ্মচাৰী নিযুক্তিৰ জৰিয়তে অতিশীঘ্ৰে মুকলি কৰিবলৈ ৰাইজে মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিভাগীয় মন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে৷

সফল হৈয়ো চিন্তিত হৈ পৰিছে মাজুলীৰ আৰতী হাতীমটা ; ৰাইজৰ পৰা সহায়ৰ আহ্বান ।

সফল হৈয়ো চিন্তিত হৈ পৰিছে মাজুলীৰ আৰতী হাতীমটা ; ৰাইজৰ পৰা সহায়ৰ আহ্বান ।

উজনি-মাজুলী 

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১.৮৩ শতাংশ নম্বৰসহ ডিষ্টিংচন মাৰ্ক লাভ কৰা মাজুলীৰ বনগাওঁ সমীপৱৰ্তী পুখুৰী-পৰীয়া চুকৰ বাসিন্দা আৰতী হাতীমটা নামৰ ছাত্ৰীগৰাকী এতিয়া উচ্চশিক্ষা লাভৰ বাবে থমকি ৰ’ব লগা হৈছে ৷ মাজুলীৰ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ এই ছাত্ৰীগৰাকী এতিয়া উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত হেঙাৰ হৈ পৰিছে আৰ্থিক দৈন্যতা ৷ মাজুলীৰ পুখুৰী-পৰিয়া চুকৰ প্ৰশান্ত হাতীমটা আৰু ৰূপা হাতীমটাৰ কন্যা আৰতী হাতীমটাৰ উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত চিন্তিত হৈ পৰিছে ৷ এতিয়া আৰতীৰ মাক দেউতাকে আৰতীৰ উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত আৰ্থিকভাৱে সহযোগিতা কামনা কৰিছে সহৃদয় জনৰ পৰা ৷ আৰ্থিক সহায়ৰ বাবে কোনো ইচ্ছুক ব্যক্তি যদি আগ্ৰহী তেনেহ’লে ৬৯০০২৮৭৯১৯ নম্বৰত যোগাযোগ কৰি সহায়ৰ হাত আগবঢ়াব পাৰিব

‘কালু’ : আইপিএলত বর্ণবৈষম্য ।

দৈনন্দিন বাৰ্তা ক্ৰীড়া

মার্কিন কৃষ্ণাংগ নাগৰিক জর্জ ফ্লয়েডৰ হত্যাকাণ্ডৰ পাছত গৰিহণা দি সৰৱ হৈ পৰিছে ক্ৰিছ গেইল৷ ছচিয়েল মিডিয়াত তেওঁ উজাৰিছে ক্ষোভ৷ ৱেষ্ট ইণ্ডিজৰ এই কিংবদন্তি ক্রিকেটাজনে জনায় যে কেৱল ফুটবলতে নহয় ক্ৰিকেট খেলতো বর্ণবৈষম্যই বিৰাজ কৰিছে৷ দীৰ্ঘ কেৰিয়াৰত বিশ্বৰ বিভিন্ন দেশ ঘুৰা খেলুৱৈজনে নিজৰ অভিজ্ঞতাৰ কথা কৈছে৷ গেইলৰ সুৰত সুৰ মিলাই ৱেষ্ট ইণ্ডিজৰ প্রাক্তন অধিনায়ক ডাৰেন শ্বামীয়ে কয় যে আইপিএল খেলাৰ সময়ত তেওঁ বর্ণবৈষম্যৰ বলি হৈছে৷ নিজৰ ইনষ্টাগ্ৰামৰ পেজত শ্বামীয়ে কয় যে ছানৰাইজ হায়দৰাবাদৰ হৈ খেলোতে তেওঁক ‘‌কালু’‌ বুলি মাতিছিল৷ কিন্তু কেতিয়া, কোনে তেওঁক এই নামেৰে মাতিছিল সেয়া তেওঁ নির্দিষ্টকৈ জনোৱা নাই৷ তেওঁ লিখিছে, আইপিএলত ছানৰাইজৰ হৈ খেলোতে তেওঁক আৰু পেৰেৰাক কালু নামেৰে মাতিছিল৷ তেতিয়া তেওঁৰ খং উঠিছিল বুলি কয়৷

সংবাদ মাধ্যমৰ বাতৰিৰ প্ৰভাৱ : মাজুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰী আৰতি হাতিমতাক আৰ্থিক সাহাৰ্য্য প্ৰদান শাখা সাহিত্য সভাৰ ।

মাজুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰী আৰতি হাতিমতাক আৰ্থিক সাহাৰ্য্য প্ৰদান শাখা সাহিত্য সভাৰ ।

উজনি-মাজুলী পৰা উজনি-মাজুলী বিকাশ শইকীয়া চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯২ শতাংশ নম্বৰলৈ ডিষ্টিংচনসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মাজুলী বনগাঁও সমীপৱৰ্তী পুখুৰীপৰীয়াচুক গাঁওৰ আৰতি হাটীমতাৰ এতিয়া উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্রত আৰ্থিক দৈন্যতা হেঙাৰ হৈ পৰিছে | এই সন্দৰ্ভত সংবাদ মাধ্যমত  প্ৰচাৰিত প্ৰতিবেদনৰ পিছতেই সহায়ৰ বাবে আগবাঢ়ি আহিছে মাজুলীস্থ শাখা সাহিত্য সভাৰ বহুকেইজন সুহৃদ | আজি বিয়লি দৰিদ্ৰ ছাত্রীগৰাকীৰ গৃহত উপস্থিত হৈ মাজুলীৰ প্ৰথমটো পৰম সুহৃদ হিতৈষী পৰিয়ালৰ সদস্যা তথা খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অনুপ্ৰভা দেৱী, মাজুলী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মনোজ্যোতি ৰেগন, মধ্য মাজুলী শাখা সাহিত্য সভাৰ উপসভাপতি পাপু বৰা আৰু উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক শংকুসিদ্ধ নাথে কিছু অৰ্থসাহাৰ্য্য আগবঢ়োৱাৰ লগতে অনাগত সময়ত সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে |

দক্ষতা অনুযায়ী প্ৰৱজিত শ্ৰমিকক কামৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ।

দৈনন্দিন বাৰ্তা নেচনেল ডেস্ক

দক্ষতা অনুযায়ী প্ৰৱজিত শ্ৰমিকক কামৰ ব্যৱস্থা কৰক৷ মঙলবাৰে প্ৰৱজিত শ্ৰমিক সংক্ৰান্তত দেশৰ উচ্চতম ন্যায়ালয়ে এক গোচৰৰ এই ৰায় দিয়ে৷ আনকি৷লকডাউনৰ সময়ত চৰকাৰী৷নিৰ্দেশ ভঙাৰ বাবে বহু প্ৰৱজিত শ্ৰমিকক দায়ী কৰি গোচৰ ৰুজু কৰা হৈছিল৷ কেন্দ্ৰ আৰু ৰাজ্যবোৰক সেইবোৰ প্ৰত্যাহাৰ কৰাৰ বিষয়টো বিবেচনা কৰিবলৈ কয়৷ মানৱীয় কাৰণতে ২০০৫ চনৰ দুৰ্যোগ মোকাবিলা আইন অনুযায়ী এই সিদ্ধান্ত লোৱা উচিত বুলি জনায় বিচাৰপীঠে৷ মঙলবাৰে এই গোচৰৰ শুনানিৰ পাছত বিচাৰপীঠে পুনৰ নিৰ্দেশ দিয়ে যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰবোৰে ১৫ দিনৰ ভিতৰত প্ৰৱজিত শ্ৰমিকসকলক নিজ এলেকালৈ ঘুৰাই আনিব লাগিব৷ লগতে কেন্দ্ৰক নিৰ্দেশ দিয়ে যে ৰাজ্য চৰকাৰে দাবী জনালে ২৪ ঘণ্টাৰ ভিতৰত প্ৰৱজিত শ্ৰমিকৰ বাবে ৰে’লৰ ব্যৱস্থা কৰিব৷ আনকি ইয়াৰ বাবে কোনো টকাও ল’ব নালাগিব বুলি পুনৰ সতৰ্ক কৰি দিয়ে৷

ক’ৰোনা ভাইৰাছ সংক্ৰমণ : পাকিস্তানৰ চিকিৎসালয়ত নাই বিচনা, ভেণ্টিলেটৰ ।

দৈনন্দিন বাৰ্তা ইণ্টাৰনেচনেল ডেস্ক

পাকিস্তানত ক’ৰোনা আক্ৰান্তৰ সংখ্যা এক লাখৰো অধিক হ’ল৷ দেশখনৰ চিকিৎসালয় কর্তৃপক্ষই জনাইছে যে চিকিৎসালয়ত বিচনা নাই৷ চিকিৎসকসকলেও কৈছে, চিকিৎসালয়ত পর্যাপ্ত বিচনা নাই, ভেণ্টিলেটৰ নাই৷ চিকিৎসা কৰা দুঃসাধ্য হৈ পৰিছে৷ উল্লেখ্য যে কেৱল লাহোৰতে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৭০ হাজাৰ৷ লাহোৰৰ এখন চিকিৎসালয়ৰ চিকিৎসক ফাৰুক ছাহিলে কয় যে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে৷ স্বাস্থ্য কৰ্মীও ক’ৰোনাত আক্ৰান্ত হৈছে৷ ইয়ং ডক্টৰছ এছ’চিয়েছনৰ সভাপতি খাইজাপ হায়াটে জনাইছে যে চিকিৎসালয়বোৰত আটাইবোৰ বিচনা ভৰ্ত্তি হৈছে৷ প্ৰয়োজনীয় ভেণ্টিলেটৰো নাই৷ অৰ্থনীতিৰ কথাত গুৰুত্ব আৰোপ কৰি সমগ্ৰ দেশত সম্পূর্ণ লকডাউন কৰা নাই প্রধানমন্ত্রী ইমৰান খানে। পাকিস্তানৰ ক’ৰোনা টাস্কফ’ৰ্চৰ প্ৰধান ওমৰে৷সোমবাৰে পুৱা ঘোষণা কৰিছিল যে দেশৰ প্ৰধান চহৰবোৰত নতুনকৈ ১০০০ বিচনা যোগ কৰিব৷ বালুচিস্তান প্রদেশৰ চৰকাৰী মুখপাত্র লিয়াকৎ ছাহাৱানিয়ে কয় যে পৰিস্থিতি গুৰুতৰ৷ কর্তৃপক্ষই যুঁজ কৰি আছে৷