Home Blog Page 3310

জয়সাগৰত ব্যতিক্ৰমী ৰূপত ঈদ-উল-জোহা উদযাপন

দৈনন্দিন বাৰ্তা,গেলেকীঃ শনিবাৰে উলহ-মালহেৰে পালন কৰা হয় ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ ঈদ-উল-জোহা৷ সকলোবোৰ উৎসৱৰ দৰে ক’ভিড-১৯ ৰ বাবে দেশত চলি থকা লক ডাউনে ম্লান পেলালে এই উৎসৱকো৷ আগষ্টৰ পহিলা দিনটোতে আল্লাৰ নামত উচৰ্গা কৰা হয়৷ কিন্তু এইবাৰ কুৰবানী পৰিহাৰ কৰি সেই ধনেৰে দুখীয়া লোকক সহায়ৰ বাবে হাত আগবঢ়ালে জয়সাগৰস্থিত ঢুলীয়াপাৰৰ সমাজকৰ্মী, সু-প্ৰতিষ্ঠিত ব্যৱসায়ী ৰফিকুল হাজৰিকা ওৰফে (বাবুজান) নামৰ ব্যক্তিজনে৷ হাজৰিকাই ঢুলীয়াপাৰ, মৌ-পীয়া গাঁও, হাতীখোঁক গাওঁ, দিচাংমুখ আদি অঞ্চলৰ প্ৰায় চাৰি শতাধিক পৰিয়ালৰ মাজত চাউল, দাইল, আলু, পিঁয়াজ, নিমখ, হালধি, মিঠাতেল, চয়াবিন, চাবোন ইত্যাদি খাদ্য সামগ্ৰী বিতৰণ কৰে৷ উল্লেখ্য যে পৱিত্ৰ ঈদ-উল-জোহাৰ দিনা কুৰবানীৰ পৰিৱৰ্তে দৰিদ্ৰৰ কাষ চাপি ব্যতিক্ৰমী ৰূপত ঈদ উদযাপন কৰা ব্যৱসায়ীজনৰ এনে পদক্ষেপ এতিয়া একমুখে শ’লাগ লৈছে জয়সাগৰ ৰাইজ তথা সচেতন মহলে ৷

পঞ্জাৱত বিষাক্ত মদ্যপান : মৃত্যু সংখ্যা ৫৭লৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ পঞ্জাৱত বিষাক্ত মদ্যপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই আছে৷ শনিবাৰৰ তথ্য মতে বিষাক্ত মদ পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৫৭ জনলৈ বৃদ্ধি পালে৷ প্ৰাপ্ত তথ্য মতে তৰেণ তাৰাণ জিলাত ৩৭ জন লোকৰ মৃত্যু হৈছে৷ আনহাতে অমৃতসৰত ১২ আৰু বাতালাত ৮ জন লোক বিষাক্ত মদ পান কৰা মৃত্যু হৈছে৷ উল্লেখ্য যে এই ঘটনাত জড়িত থকাৰ অভিযোগত বৰ্তমানলৈকে ১০জন লোকক কৰায়ত্ত কৰা হৈছে৷ ইতিমধ্যে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে৷ ইপিনে শুকুৰবাৰে অমৃতসৰৰ গাঁও, বতলা আৰু তৰণ তাৰাণ জিলাৰ পৰা সাতজন বেআইনীভাৱে মদ সৰবৰাহ কৰা সাতজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত পাঁচটা দলে ৪০ ঠাইত অভিযান চলায়৷ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ মদ, ড্ৰাম আদি জব্দ কৰে৷

সুৰাপায়ীসকল সাৱধান ! ৫ ছেকেণ্ডতে যন্ত্রত ধৰা পৰিব সুৰাপায়ী, আবকাৰী হাতত অত্যাধুনিক এলক’পেট্ৰ’ল ব্ৰেথ এনালাইজাৰ

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ সুৰাপায়ী সকল এতিয়াৰ পৰা সাৱধান হওক। বৰ্তমান অত্যাধুনিক এলক’পেট্ৰ’ল ব্ৰেথ এনালাইজাৰৰ গৰাকী হৈ পৰিছে আবকাৰী বিভাগ । এই অত্যাধুনিক যন্ত্ৰৰ সহায়ত কোন ব্যক্তিয়ে সুৰাপান কৰি আছে সেয়া দূৰৰ পৰাই মাত্ৰ ৫ ছেকেণ্ডতে জানিব পৰা যাব। আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বিভাগটোৰ আয়ুক্ত ৰাকেশ কুমাৰৰ বিশেষ প্ৰচেষ্টাত ২৫০ টা উপযোগী অত্যাধুনিক ব্ৰেথ এনালাইজাৰ মেচিন আবকাৰী বিভাগে ক্ৰয় কৰিবলৈ সক্ষম হয়। হংকঙৰ এটি বিশ্ব বিখ্যাত প্ৰতিষ্ঠিত কোম্পানীয়ে প্ৰস্তুত কৰা এই যন্ত্র বিশ্বৰ বহু কেইখন উন্নত দেশসমূহে ব্যৱহাৰ কৰি আহিছে। এলক’পেট্ৰ’ল নামৰ চাৰ্জিঙৰ ব্যৱস্থা থকা এই মেচিনত কেমেৰা সংলগ্ন হৈ থকাৰ লগতে থাৰ্মেল প্ৰিণ্টাৰো আছে। দীৰ্ঘদিন ধৰি আবকাৰী বিভাগে এনে অত্যাধুনিক যন্ত্ৰৰ অভাৱ অনুভৱ কৰি আহিছিল। এতিয়া আবকাৰী বিভাগৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল। ইতিমধ্যে জিলা সমূহৰ আবকাৰী বিভাগৰ কাৰ্যালয়লৈ এই অত্যাধুনিক মেচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে যাৰ জৰিয়তে মেচিনটোৰ সহায়ত ক্ষিপ্ৰতাৰে ৰাজহুৱা স্থানত আইন উলংঘা কৰি সুৰাপান কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাতো সহজ হৈ পৰিব। কিয়নো এই অত্যাধুনিক ব্ৰেথ এনালাইজাৰ মেচিনটোৱে মাত্ৰ ৫ ছেকেণ্ডতে ফলাফল দিয়ে, এইদৰে মন্তব্য কৰে আবকাৰী বিভাগৰ জনসংযোগ বিষয়া শৈলন্দ্ৰ পাণ্ডেই।

বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা

বহু বেছি কৰ্মসংস্থাপনমুখী হ’ব নতুন শিক্ষানীতি : প্ৰধানমন্ত্ৰী

দৈনন্দিন বাৰ্তা ডেস্ক : নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ দেশজুৰি বিতৰ্ক চলি থকা সময়তে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এক ভাৰ্চুৱেল সভাত অংশগ্ৰহণ কৰে৷ স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২০ৰ গ্ৰাণ্ড ফিনালৰ সূচনাপৰ্বৰ বক্তৃতাত প্ৰধানমন্ত্ৰীয়ে কয়, বাবা চাহেব আম্বেদকাৰে কৈছিল, দেশত সুলভ শিক্ষাৰ প্ৰয়োজন ৷ তেওঁৰ সেই ইচ্ছা প্ৰতিফলিত হৈছে নতুন শিক্ষানীতিত ৷ প্ৰধানমন্ত্ৰীৰ দাবী, বিভিন্ন স্তৰত ধাৰাবাহিক আলোচনাৰ পাছত কেন্দ্ৰীয় চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি অনুমোদন কৰিছে৷ কেৱল বিদ্যালয় পৰ্যায়তে নহয়, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্ৰৱল সংশয় আৰু শংকাৰ সৃষ্টি হৈছে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত৷ প্ৰধানমন্ত্ৰীয়ে জনায়, নতুন শিক্ষানীতি কাৰ্যকৰী হ’লে ১৩০ কোটিৰ বেছি দেশবাসীৰ প্ৰত্যাশা পুৰণ হ’ব৷ তেওঁ কয়, শিক্ষা ব্যৱস্থাক আধুনিক কৰি তোলাৰ বাবে পৰিকাঠামোৰ সংস্কাৰ কৰাই আমাৰ লক্ষ্য৷ আগৰ শিক্ষা পদ্ধতিৰ বেমেজালিবোৰ নতুন ব্যৱস্থাত দূৰ কৰা হৈছে৷ ভাৰতত অ’ত দিনে স্নাতক স্তৰত বিজ্ঞান, কলা আৰু বাণিজ্যৰ পাঠ আছিল তিনি বছৰ৷ সেই ক্ষেত্ৰত কোনো ছাত্ৰ-ছাত্ৰী প্ৰাথমিক স্তৰৰ পৰা স্নাতক হয় ১৫ বছৰত৷ কিন্তু বিদেশত ১৬ বছৰ পঢ়াশুনা দৰকাৰ হয়৷ নতুন শিক্ষানীতিত সেই বিদেশী ধাৰা অনুসৰণ কৰা হৈছে বুলি বহুৱে লক্ষ্য কৰিছে৷ মোডীৰ দাবী ল’কেল আৰু গ্ল’বেলৰ বন্ধন ঘটাব নতুন শিক্ষানীতিত৷ বিষয় বাচনিত ছাত্ৰ-ছাত্ৰীৰ বহু সুবিধা হ’ব৷ লগতে মৌলিক চিন্তাৰ বিকাশ ঘটাব৷ ইয়াৰ লগতে তেওঁ কয়, ছাত্ৰ-ছাত্ৰীৰ বেগৰ বোজা কমোৱাৰ প্ৰয়োজন৷ সেই বিষয়টোত গুৰুত্ব দিয়া হৈছে৷ বিশ্বৰ উন্নত দেশবোৰে নিজা ভাষাত শিক্ষাৰ ওপৰত জোৰ দিয়ে বুলি মোডীয়ে কয়, নতুন শিক্ষানীতিয়ে ভাৰতীয় ভাষাৰ বিস্তাৰ ঘটাব৷ ইয়াৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে তেওঁ কয়, নতুন শিক্ষানীতি বহু বেছি কৰ্মসংস্থাপনমুখী হ’ব৷ কেৱল চাকৰি প্ৰাৰ্থী সৃষ্টি নকৰে, চাকৰিদাতাৰ সংখ্যাও বঢ়াব৷ ২০৩৫ চনৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ অন্তত ৫০ শতাংশই উচ্চ শিক্ষাৰ সুযোগ দিয়া তেওঁৰ চৰকাৰৰ লক্ষ্য বুলি জনায়৷ স্মাৰ্ট ইণ্ডিয়া হেকাথন প্ৰতিযোগিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মৌলিক চিন্তাচৰ্চা আৰু উদ্ভাৱনী দক্ষতা বঢ়োৱা হ’ব৷ এইবাৰৰ প্ৰতিযোগিতাত প্ৰায় চাৰে চাৰি লাখ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল৷ চূড়ান্ত পৰ্যায়ত (গ্ৰাণ্ড ফিনাল) অংশগ্ৰহণকাৰীৰ সংখ্যা ১০ হাজাৰ৷ ৩ আগষ্টত এই প্ৰতিযোগিতাৰ ফাইনেল পৰ্ব৷

শচীনসহ আন বিধায়কক স্বাগত জনাবলৈ সাজু অশোক গেহলট

অনলাইন বাৰ্তা, ১ আগষ্ট : শচীনৰ ধুমুহাত বিপৰ্যস্ত গেহলট ৷ এতিয়া আস্থা ভোটৰ নাম মুখত নাই ৷ এইবাৰ বাৰম্বাৰ শচীন পাইলট আৰু দলৰ বিদ্ৰোহী বিধায়কক ঘুৰাই অনাৰ কথা কৈছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক পাইলটে ৷ ৰাজ্যৰ ৰাজনৈতিক সংকটৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী মোডীক লক্ষ্য কৰি ল’বলৈ এৰা নাই৷ আগতে অৱশ্যে গেহলটে দাবী কৰিছিল, ৰাজ্য কংগ্ৰেছৰ বিধায়কক লৈ চৰকাৰ পতন ঘটাব বিচাৰিছে বিজেপিয়ে৷ শনিবাৰে অশোক গেহলটে কয়, ৰাজ্যত যি চলিছে সেয়া প্ৰধানমন্ত্ৰী মোডীয়ে বন্ধ কৰা উচিত৷ প্ৰধানমন্ত্ৰী হিচাপে মোডীজীৰ উচিত এই ‘তামাচা’ বন্ধ কৰাৰ ৷ ৰাজ্যত এতিয়া বিধায়ক কিনাবেচাৰ দৰ বহু বেছি ৷ বিধানসভাৰ অধিৱেশন আৰম্ভ হ’লে ইয়াতকৈ বাঢ়ি যাব৷ উল্লেখ্য যে দল ভাঙোনৰ ভয়ত গেহলটে তেওঁৰ অনুগত বিধায়কক জয়ছলমিৰৰ এখন হোটেলত প্ৰায় বন্দী কৰি ৰাখিছে ৷ তেওঁ দাবী কৰিছে, তেওঁৰ হাতত ১০১ জন বিধায়ক আছে ৷ শনিবাৰে গেহলটে সাংবাদিকক কয়, কংগ্ৰেছৰ হাইকমাণ্ডে যদি বিদ্ৰোহী বিধায়কক ক্ষমা কৰে তেনে তেওঁৰ কোনো আপত্তি নাই৷ শচীনসহ আন বিধায়কৰ তেওঁ স্বাগত জনাবলৈ সাজু ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা ব্যৱস্থাক চৰম ভেঙুচালি নগাঁৱৰ শিক্ষানুষ্ঠানৰ । ডিগ্ৰী প্ৰদানৰ নামত কোটি টকাৰ বেহা : শিক্ষাগ্ৰহণ নকৰাকৈয়ে বহুজনে কেৱল টকাৰ জোৰতে অৰ্জন কৰিছে ডিগ্ৰী

নগাঁও : বি ফাৰ্ম ডিগ্ৰী প্ৰদানৰ নামত নগাঁৱৰ এখন শিক্ষা প্রতিষ্ঠানৰ বিৰুদ্ধে ভয়ংকৰ জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে । শিক্ষা প্রতিষ্ঠানখনে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ধনৰ বিনিময়ত চাৰ্টিফিকেট প্ৰদানৰ অভিযোগ জিলা প্ৰশাসনৰ ওচৰত দাখিল কৰিছে এগৰাকী চিকিৎসকে। হাম এক গ্ৰুপ অৱ ইনষ্টিটিউট নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। ২০১৭ চনতে ৰাষ্ট্ৰীয় সংখ্যালঘূ শিক্ষা সঞ্চালকালয়ে বাতিল কৰা সংখ্যালঘূ শিক্ষা বৰ্ডৰ নামত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উৰ্ত্তীণ হোৱাৰ চাৰ্টিফিকেট প্ৰদান কৰি সেইসকল ছাত্ৰকে পুনৰ ডি ফাৰ্মৰ ডিগ্ৰী প্ৰদান কৰে এইখন প্ৰতিষ্ঠানে। আৰ কে ডি এফ আৰু এচ ভি এন নামৰ দুখন বিশ্ববিদ্যালয়ৰ পৰা BPharm, বি ফাৰ্ম, বি এ, বিএচ চি, এম এচ চি, পিএইচ ডি, এমফিল,বি এড আদি ডিগ্ৰী প্ৰদান কৰা এইখন প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰতিটো ডিগ্ৰীৰ বাবদ চাৰি লক্ষাধিক টকা আদায় লয় বুলিও অভিযোগ উঠিছে।অৱশ্যে এই অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ কোনো উত্তৰ নিদিলে শিক্ষা প্ৰতিষ্ঠানখনৰ মুৰব্বী ইমামূল হাছানে।সংবাদ মাধ্যমৰ সন্মুখীন হ’ব নিবিচৰা প্ৰতিষ্ঠানটোৰ মুৰব্বী গৰাকীৰ বিৰুদ্ধে নগাঁও জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছে গোলাঘাটৰ চিকিৎসক ডা: কামাল হাছানে । ডা: হাছানৰ মতে শিক্ষা ব্যৱস্থাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা শিক্ষা প্ৰতিষ্ঠান খনে কোনোধৰণৰ পাঠদান অথবা পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে কেৱল বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বিভিন্ন আদবয়সীয়া লোকক প্ৰদান কৰি আহিছে ডিগ্ৰী। আনকি এজন ছাত্ৰক মাচুল সংগ্ৰহৰ নামত দুখন বিশ্ববিদ্যালয়ৰ ৰছিদ প্ৰদান কৰাৰো প্ৰমাণ ইতিমধ্যে জিলা প্ৰশাসনক দাখিল কৰিছে চিকিৎসক গৰাকীয়ে । উল্লেখযোগ্য যে প্ৰতিজন ছাত্ৰৰ পৰা ৪লাখকৈ টকা সংগ্ৰহ কৰা এইখন প্ৰতিষ্ঠানে বিগত ৫বছৰত শিক্ষাৰ নামত চলোৱা ব্যৱসায়ৰ বিৰুদ্ধে তদন্ত চলোৱাৰো দাবী তুলিছে। চিকিৎসক গৰাকীৰ মতে বহু আদবয়সীয়া লোকক কোনোধৰণৰ শিক্ষা গ্ৰহণ নকৰাকৈয়ে ৪লাখ টকাৰ বিনিময়ত ডিগ্ৰী প্ৰদান কৰা কাৰ্যই ৰাজ্যখনৰ শিক্ষাবিভাগৰ লগতে স্বাস্থ্যখণ্ডকো চৰম ক্ষতিগ্ৰস্ত কৰিব। সেয়ে উল্লেখিত শিক্ষা প্রতিষ্ঠানখনৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অভিযোগকাৰী চিকিৎসক গৰাকীয়ে আহ্বান জনায় । ইপিনে ইউ ই বি অৰ্থাৎ উৰ্দু এডুকেচন বৰ্ডৰ বৈধতাক লৈ দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ চলি থকাৰ সময়তে নগাঁৱৰ এইখন শিক্ষানুষ্ঠানে উৰ্দু শিক্ষা ব’ৰ্ডৰ নামত চাৰ্টিফিকেট প্ৰদান কৰাৰ জৰিয়তে কোটি কোটি টকাৰ ব্যৱসায় কৰা ঘটনাৰ তদন্ত কৰাৰ প্ৰয়োজন যদিও নগাঁও জিলা প্ৰশাসনে ইমানদিনে কিয় কৰা নাই সেয়াও ৰহস্যজনক হৈ পৰিছে । আনহাতে, নাম প্ৰকাশত অনিচ্ছুক প্ৰতিষ্ঠানখনৰ একাংশ ছাত্ৰৰ মতে জিলা প্ৰশাসন তথা নগাঁও জিলা শিক্ষাবিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ এই প্ৰতিষ্ঠানটোৰ লগত আছে গোপন সম্পৰ্ক। পিছে শিক্ষাখণ্ডত দূৰ্নীতি তথা অনিয়ম কঠোৰ হাতেৰে দমন কৰিম বুলি হুংকাৰ দি অহা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত কেতিয়া তদন্ত কৰিব সেয়া আগ্ৰহৰে বাট চাইছে নগাঁৱৰ প্ৰবীণ শিক্ষাবিদ সকলে ।

নাজিৰা তেল খাদত নিয়োজিত ৯ জনৰ দেহত ক’ভিড-১৯ পজিটিভ

গেলেকী : নাজিৰা মহকুমা অন্তৰ্গত (চেলেং পথাৰ) নিৰ্মলীয়া গাঁৱত অৱস্থিত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ এটি তেল খাদত নিয়োজিত কৰ্মচাৰীসকলৰ ৩১ জুলাইলৈকে ৫৫জন কৰ্মচাৰীৰ স্বোৱাব পৰীক্ষাৰ অন্তত ৯ গৰাকীৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। এই তথ্য লাভ কৰা পাছতে নাজিৰা মহকুমা প্ৰশাসনে ততালিকে তেল খাদটো কনটেইনমেণ্ট জ’ন হিচাবে চিনাক্ত কৰি ঘোষণাৰ বাবে ব্যৱস্থা গ্ৰহণৰ লগতে আক্ৰান্ত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ইয়াৰোপৰি তেল খাদৰ এলেকাটো বীজাণুনাশকৰণ কৰা হৈছে। ঠিক সেই সময়ত কোনো লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেখেতসকলৰ সংস্পৰ্শত আহিছিল বুলি অনুভৱ কৰে। তেন্তে স্ব-ইচ্ছাৰে স্বোৱাব পৰীক্ষা কৰিবৰ বাবে সদৰ প্ৰশাসনৰ তৰফৰ পৰা তেখেত লোকক অনুৰোধ জনোৱা হৈছে। আনহাতে ৰাইজক ভয় অথবা শংকা মনত নাৰাখিবৰ বাবে নাজিৰা মহকুমা প্ৰশাসনে পুনৰবাৰ অনুৰোধ জনাইছে।

ৰাম মন্দিৰৰ আধাৰশিলা : ৪-৫ আগষ্টত উত্তৰ প্ৰদেশত দীপাৱলী

দৈনন্দিন বাৰ্তা ডেস্ক : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অহা ২ আগষ্টত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ বাবে চলাই থকা প্ৰস্তুতিৰ বুজ লোৱা উদ্দেশ্যে অযোধ্যা ভ্ৰমণ কৰিব ৷ উল্লেখ্য যে অহা ৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব ৷ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সভাপতি মহন্ত নৃত্য গোপাল দাসে এই কথা জনাইছে ৷ ৰাম মন্দিৰৰ ভূমি পূজাৰ বাবে সমগ্ৰ উত্তৰ প্ৰদেশত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷ অহা ৪-৫ আগষ্টত মথুৰা, কাশী, চিট্ৰকপুৰ, প্ৰয়াগৰাজ, গোৰখপুৰ আৰু নাইমিশ্ৰায়ন আৰু টেক্সাছত প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে৷ অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ উপলক্ষে এই তীৰ্থস্থান বোৰত দেৱালীসদৃশ আয়োজন কৰা হৈছে ৷ এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিৰ্দেশ দিছে৷ ৩১ জুলাইত পুৰুহিতে অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা অনুষ্ঠানৰ বাবে হিমালয় অঞ্চলৰ পৰা বৈ অহা যমুনোত্ৰী ধামৰ মাটি, যমুনা নদীৰ পানে আৰু ব্ৰহ্মা কমল ফুল প্ৰেৰণ কৰিছিল ৷ গংগোত্ৰী ধামৰ মাটি আৰু গংগাৰ পানী মঙলবাৰে স্পীড প’ষ্টৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল বুলি গংগোত্ৰী মন্দিৰ সমিতিৰ সভাপতি সুৰেশ ছেমৱালে জনায় ৷

জামুগুৰিহাটৰ চকীঘাট পৰিদৰ্শন বিধায়ক মৃণাল শইকীয়াৰ। অসমৰ বিৰোধী দল পাকিস্তান পন্থী ৷ কিছু সংগঠন, ভুৱা বুদ্ধিজীৱিৰ সাহসত চকীঘাটৰ সংঘটিত হ’ল এই ঘটনা

জামুগুৰিহাট : জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ চকীঘাটত যোৱা ৩০ জুলাইত একাংশ সন্দেহজনক নাগৰিকৰ হাতত চক্ৰ বিষয়া,আৰক্ষী বিষয়াসহ ১২ জনকৈ খিলঞ্জীয়া লোক আক্ৰমণৰ বলি হোৱাৰ পিছত আজি জীয়া ভৰলী নদীৰ পাৰৰ সেই ঘটনাস্থলী পৰিদৰ্শন কৰি বিস্ফোৰক মন্তব্য আগবঢ়াই খুমতাইৰ বিধায়ক মৃণাল শইকীয়াই। একাংশ জাতীয় সংগঠন, কৃষক সংগঠন আৰু ভুৱা বুদ্ধিজীৱীৰ পৰা লাভ কৰা সাহসৰ বাবেই সন্দেহজনক বাংলাদেশী নাগৰিকে এইদৰে খিলঞ্জীয়াৰ ওপৰত জপিয়াই পৰিবলৈ সুবিধা পোৱা বুলি উল্লেখ কৰি নেতা বনোৱা এগৰাকী কৃষক নেতা আজি জেলত নথকা হলে এইসকল সন্দেহজনক লোকক সপক্ষে ওকালতি কৰিবলৈ জামুগুৰিহাটত উপস্থিতি হ’লহি হেতেন বুলিও উল্লেখ কৰে।নগাওঁ, মৰিগাঁও, দৰংৰ পাছত এতিয়া শোণিতপুৰ জিলাখনো বাংলাদেশী নাগৰিকৰ হাতলৈ নিবলৈ ভয়াবহ পৰিকল্পনা চলা বুলি উল্লেখ কৰি বিধায়ক শইকীয়াই এই ক্ষেত্ৰত সন্দেহজনক নাগৰিকৰ আগ্ৰাসী ৰূপ বাধা দিয়াৰ ক্ষেত্ৰত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ দৰে সাহসৰে আগবাঢ়ি আহিব লাগিব বুলিও উল্লেখ কৰে। খিলঞ্জীয়াৰ ওপৰত হোৱা ভয়াৱহ আক্ৰমণৰ পাছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই খিলঞ্জীয়াৰ পক্ষ ন’লৈ সন্দেহজনক নাগৰিকৰ পক্ষ লোৱা বুলি উল্লেখ কৰি অসমৰ বিৰোধী দল এতিয়া পাকিস্তান পন্থী বুলি বিস্ফোৰক মন্তব্য আগবঢ়াই ।অসমত এতিয়া এটা হিন্দুস্থান পন্থী আৰু আন এটা পাকিস্থান পন্থী বুলি দুটা পন্থী থকা বুলি উল্লেখ কৰি পাকিস্থান পন্থীৰ দ্বাৰা শোণিতপুৰ খনো দ্বিতীয় বাংলাদেশত পৰিণত কৰোৱাৰ ষড়যন্ত্ৰ চলা বুলি তাৎপযপূৰ্ণ মন্তব্য আগবঢ়াই ।মনকৰিবলগীয়া যে সন্দেহজনক নাগৰিকৰ কবলৰ পৰা জামুগুৰিহাটৰ চকীঘাটত বেদখল মুক্ত কৰা চৰকাৰী মাটি একাংশ আত্মসহায়ক গোটক চমজাই দিবলৈ যাওঁতে এই সন্দেহজনক নাগৰিকৰ আক্ৰমণত যোৱা ৩০ জুলাইত খিলঞ্জীয়া লোক আহত হোৱাৰ পাছত আজি সেই ঘটনাস্থলী খুমতাই বিধায়ক মৃণাল শইকীয়াই পৰিদৰ্শন কৰাৰ সময়ত তেওঁৰ সংগ দিয়ে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা আপত্তি বিহীন প্ৰমাণপত্ৰ ল’ব লাগিব সেনাবাহিনীক লৈ চিনেমা, ডকুমেণ্টেৰী নিৰ্মাণত

দৈনন্দিন বাৰ্তা ডেস্ক : যিকোনো বিষয়বস্তুত এতিয়াৰে পৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা আপত্তি বিহিন প্ৰমাণপত্ৰ (এনঅ’চি) বা ক্লিয়েৰেঞ্ছ ল’ব লাগিব৷ কেতবোৰ ৱেব ছিৰিজে সশস্ত্ৰ বাহিনীৰ একোটা বিকৃত চিত্ৰ উপস্থাপন কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হয়৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ওপৰত কোনো ফ্লিম, ডকুমেণ্টেৰী, ৱেব ছিৰিজ প্ৰচাৰৰ আগতে প্ৰডাকচন হাউচবোৰে এনঅ’চি ল’বলৈ পৰামৰ্শ দিয়াৰ বাবে চেণ্ট্ৰেল ব’ৰ্ড অব ফ্লিম চাৰ্টিফিকেট (চিবিএফচি), ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়লৈ চিঠি দিছে৷ এই পত্ৰখন প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২৭ জুলাইত প্ৰেৰণ কৰিছিল৷ এক সূত্ৰই জনোৱা মতে ভাৰতীয় সেনাবাহিনীৰ সদস্য আৰু সামৰিক ইউনিফৰ্মক অৱমাননাৰে চিত্ৰিত কৰাৰ বিষয়ে মন্ত্ৰালয়ক তীব্ৰ আপত্তি উত্থাপন কৰি অভিযোগ দিয়া হৈছে৷ ‘জি ৫’ত ‘কোড এম’ আৰু এএলটি বালাজীৰ এক্সএক্সএক্স আনচেনছ’ৰ্ড (ছিজন -২)’ৰ দৰে ৱেব ছিৰিজৰ কেতবোৰত সেনাবাহিনীৰ সৈতে সম্পৰ্কিত দৃশ্যবোৰ বাস্তৱতাৰ পৰা বহু দূৰত আৰু সশস্ত্ৰ বাহিনীৰ এটা বিকৃত চিত্ৰ উপস্থাপন কৰা হৈছে৷ এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই এনেদৰে কয়৷ কেইজনমান সংশ্লিষ্ট নাগকিক আৰু প্ৰাক্তন সৈনিক সমিতিয়ে এনে প্ৰযোজক আৰু অ’টিটি প্লেটফৰ্মৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে এএলটি বালাজীৰ বিৰুদ্ধে গোচৰ তৰিছে৷ অ’ভাৰ-দ্য-টপ (অ’টিটি) মিডিয়া পৰিসেৱা হ’ল এটা ষ্ট্ৰিমিং মিডিয়া পৰিসেৱা যি সচৰাচৰ দৰ্শকৰ ওচৰলৈ ইণ্টাৰনেটৰ জৰিয়তে দিয়া হয়৷ এনঅ’চি লোৱাটো বাধ্যতামূলক কৰাৰ পদক্ষেপ বহু বিবেচনাৰ পাছত লোৱা হৈছে৷ সূত্ৰটোৱে লগতে উল্লেখ কৰে যে প্ৰতিৰক্ষা বাহিনীৰ ভাৱমূৰ্ত্তি বিকৃত কৰা আৰু প্ৰতিৰক্ষা কৰ্মী আৰু প্ৰৱীণসকলৰ অনুভূতিত আঘাত কৰা ঘটনাবোৰ ৰোধ কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে৷