Home Blog Page 3310

এন এছ ইউ আইৰ অনলাইন চিত্ৰাংকন প্ৰতিযোগিতা ।

গুৱাহাটী 

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সংগঠন (এন এছ ইউ আই), কামৰূপ মহানগৰ শাখাৰ উদ্যোগত অসম ভিত্তিত এক অনলাইন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয়। দিহিং পাটকাই অভয়াৰণ্যৰ কয়লা খননক বিষয় হিচাপে লৈ আয়োজন কৰা প্ৰতিযোগিতাখনত অসমৰ মুঠ ১০০০ত কৈয়ো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। দুটা শাখাত বিভক্ত প্ৰতিযোগিতাখনত অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ বাবে এটা আৰু একাদশৰ পৰা স্নাতক পৰ্যায়লৈ এটা শাখাত অনুষ্ঠিত কৰা হয়। ঘোষণা কৰা ফলাফল অনুসৰি বিদ্যালয় পৰ্যায়ৰ শাখাত প্ৰথম স্থান লাভ কৰিছে গুৱাহাটী পাব্লিক স্কুলৰ বনস্মিতা কাশ্যপে আৰু দ্বিতীয় স্থান লাভ কৰিছে গ্লেচিয়াৰ স্কুলৰ শশাংকৰ দাসে। একেদৰে মহাবিদ্যালয় পৰ্যায়ৰ শাখাত প্ৰথম স্থান লাভ কৰিছে গুৰুকুল গ্ৰামাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ইশা গগৈ আৰু দ্বিতীয় স্থান লাভ কৰিছে এন আই টি শিলচৰৰ ছাত্ৰ ইমন কলিতাই।

বিস্ফোৰিত তৈলখাদ নিৰ্বাপনৰ বাবে বাঘজানত উপস্থিত চিংগাপুৰৰ তিনিজনীয়া অভিজন্তা দল ।

বিস্ফোৰিত তৈলখাদ নিৰ্বাপনৰ বাবে বাঘজানত উপস্থিত চিংগাপুৰৰ তিনিজনীয়া অভিজন্তা দল ।

ডিৰাক সীমান্ত

 বাঘজানত ২৭ মাৰ্চৰ পূৱা বি জি আৰ ৫ নং তৈলখাদ বিস্ফোৰণ হোৱা আজি ত্ৰয়োদশ দিনটো অপৰিবৰ্তিত অৱস্থাত নিৰ্গমন হৈ আছে গেছ আৰু তেল ৷ বিপদাপন্ন হৈ পৰা জীৱকুল, মৎস্যকুল তথা জৈৱ-বৈচিত্ৰৰ ভাৰসাম্য ক্ৰমে শেষহৈ গৈছে ৷ বিস্ফোৰিত তেলখাদটো নিয়ন্ত্ৰণৰ বাবে আজি ত্ৰয়োদশ দিনৰ দিনা খাদটো নিয়ন্ত্ৰণৰ বাবে চিংগাপুৰৰ পৰা অসমলৈ অহা অভিযন্তাৰ দলটোৱে ভৰি দিছেহি বাঘজানৰ বি জি আৰ ৫ নং তৈল খাদত ৷ অভিযন্তাৰ দলটোৱে আহি দূৰ্ঘটনা স্থলি পৰিদৰ্শন কৰি পৰিৱেশ পৰিস্থিতিৰ বুজ লয় ৷ তদুপৰি অইল ইণ্ডিয়াই বিগত বাৰ দিনে যি প্ৰাথমিক চেষ্টা অব্যাহত ৰাখিছিল আৰু এইবোৰৰ পৰা তেওঁলোকৰ কিবা সুবিধা হ’বনে নাই তাক পৰ্যবেক্ষণ কৰি আজিৰ বাবে অভিযন্তাৰ দলটোৱে বিস্ফোৰিত খাদটোৰ পৰা ওভতি আহে । বিস্ফোৰণৰ ত্ৰয়োদশ দিনলৈকে অনিয়ন্ত্ৰিত অৱস্থাতে আছে বাঘজান তৈলখাদ ৷ আজিও জীৱন, সম্পত্তিৰ নিৰাপত্তা নাই ইয়াৰ জনসাধাৰণৰ ৷ কিন্তু অইল  ইণ্ডিয়াৰ ওপৰত ৰুষ্ট হোৱা প্ৰকৃতিক শান্ত কৰিব কোনে ?  চিংগাপুৰত কৰ্মৰত এলাৰ্ট ডেমেজ কট্ৰল নামৰ কানাডাৰ কোম্পানীটোৰ বিশেষজ্ঞ অভিযন্তাৰ দলটোলে কেতিয়া কামত হাত দিব আৰু কেতিয়া অহৰহ নিৰ্গমণ হৈ থকা তেল সংমিশ্ৰিত গেছ বন্ধ কৰিবলৈ সক্ষম হব তাক লৈ এতিয়া উৎকন্ঠাই বিৰাজ কৰিছে বাঘজান বাসীৰ লগত সমগ্ৰ ৰাইজ ।

আজিৰ পৰা খোল খালে শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰ । মুছলিম যুৱ সন্থাৰ প্ৰসংশনীয় পদক্ষেপ ।

 যোৰহাট

ক’ৰোণাৰ আতংকৰ ৰোধীবৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউনৰ ফলত প্ৰায় দুমাহতকয়ো অধিক সময় বন্ধ হৈ আছিল দেশৰ মন্দিৰ, গীৰ্জা,মছজিদকে ধৰি ধৰ্মীয় অনুস্থানসমূহ। কিন্তু পৰবৰ্তী পৰ্য্যায়ত চৰকাৰে এতিয়া আজিৰ পৰা সকলো ধৰ্মীয় অনুস্থান-প্ৰতিস্থান খোলাৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতেই আজি যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ চৌপাশ তথা নামঘৰৰ ভিতৰচ’ৰা যোৰহাট জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ড° অমৃত শইকীয়াৰ নেতৃত্বত লগতে সদৌ অসম মুছলিম যুৱ সন্থাই নিজৰববীয়া উদ্যোগত চেনিটাইজেছনৰ ব্যৱস্থা কৰি পুনৰ একতাৰ নিদৰ্শন দাঙি ধৰিছে। উল্লেখযোগ্য যে প্ৰতিবাৰে পবিত্ৰ ভাদ মাহৰ প্ৰাকক্ষণত এই পূণ্য তীৰ্থস্থানত মুছলিম সমাজে নামঘৰৰ ভিতৰ বাহিৰ পৰিস্কাৰ কৰি সহায় কৰি ধৰ্ম নিৰপেক্ষতাৰ প্ৰমাণ দাঙি ধৰিছে।

আৰ্থিক অনাটনে শিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে, প্ৰমান কৰি সোণতলীৰ দেখুৱালে ৰুকছানা আজাদে ৷

আৰ্থিক অনাটনক নেওচি ৮৫.৮৩ শতাংশ নম্বৰ লাভ কৰি সোণতলীক উজলালে ৰুকছানা আজাদে ৷

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী

আৰ্থিক অনাটনক নেওচি ৮৫.৮৩ শতাংশ নম্বৰ লাভ কৰি সোণতলীক উজলালে ৰুকছানা আজাদে ৷ দক্ষিণ কামৰূপৰ সোণতলীৰ শেলেসুতি প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনি কদভানু বেগমৰ প্ৰথম কন্যা ৰুকছানা আজাদ ৷ পিতৃয়ে সংবাদ মাধ্যমত জৰিত থাকি দেশ তথা ৰাইজৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰি মাহত অন্তত সামান্য পৰিমানৰ মাননি লাভ কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে ব্যাক্তিগত বিদ্যালয়ত অধ্যায়ন কৰা ৰুকছানাৰ পঢ়াৰ খৰচ বহন কৰে ৷  সোণতলীৰ শেলেসুঁতি গাঁৱৰ আবুল কালাম আজাদৰ কন্যা ৰুকছানা আজাদে শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সোণতলী অঞ্চলৰ ভিতৰত সৰ্বচ্চ নম্বৰ লাভ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ ফলাফল অনুসৰি ৰুকছানা আজাদে অসমীয়াত ৭৪, ইংৰাজীত ৮৩, গণিতত ৯৪, সাধাৰণ বিজ্ঞানত ৯৫, সমাজ বিজ্ঞানত ৮৪ আৰু আৰবীত ৮৫ নম্বৰসহ মুঠ ৫১৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ সোণতলীৰ অঞ্চলত সৰ্ব্ব প্ৰথমে স্থাপিত হোৱা আবাবিল শিশু নিকেতনত অধ্যায়ন কৰাৰ লগতে কিছুদিন সোণতলীৰ বন্দেছ আলী মেমোৰিয়েল একাডেমীত অধ্যায়ন কৰিছিল ৰুকছানা আজাদে ৷ পিতৃ-মাতৃয়ে দুবেলা দুমুঠি ভাত যোগাৰ কৰি দিয়াৰ বাহিৰে আন একো বিশেষ সুবিধা কৰি দিব পৰা নাছিল ৰুকছানাক ৷ তাৰ মাজতো অশেষ কষ্টৰে নিজ অধ্যৱসায়ৰ ফলত ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা ৰুকছানা আজাদে আৰ্থিক দৈন্য স্বত্বেও নিজ কক্ষপথৰ পৰা বিচলিত নহৈ উজলাই তুলিলে সোণতলী অঞ্চলক ৷ উল্লেখ্য যে, ছাত্ৰীগৰাকীয়ে টিনপাতৰ বেৰেৰে আবৃত এটি সৰু ঘৰতে থাকিয়ে চাকি নাইবা ম’মবাতিৰ পোহৰত দৈনিক পঢ়া শুনা কৰি ৮৫.৮৩ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷ কিন্তু ছাত্ৰীগৰাকীয়ে ভাল ফলাফল লাভ কৰাৰ পিছতো দৰিদ্ৰতাৰ বাবেই উচ্চ শিক্ষাৰ ক্ষেত্ৰত স্বাভাৱিকতেই হয়তো প্ৰতিবন্ধকতাৰ সন্মখীন হ’ব ৰুকছানা আজাদে ৷ যাৰ ফলত উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আৰু অধিক চিন্তিত হৈ পৰিছে পিতৃয়ে ৷ছাত্ৰীগৰাকীৰ এনে সাফল্যক ৰাইজে ভূয়সী প্ৰসংশা কৰাৰ লগতে বিভিন্ন দল সংগঠন, শিক্ষক তথা শুভাকাংশী সকলে ঘৰত উপস্থিত হৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যৎ কামনা কৰে ৷


প্ৰেৰকঃ ৰেজাউল কবিৰ, সোণতলী

দৰিদ্ৰতাক নেঁওচি উজলিল হাটিঙা ৰামপুৰৰ মেধাৱী ছাত্ৰ শান্তনু ৷ ভৱিষ্যত দিনত আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় কিতাপ বহীক লৈ চিন্তিত পৰিয়াল ৷

বিজ্ঞান শাখাত নামভৰ্তি কৰি ছফটৱেৰ ইঞ্জিনীয়াৰ হোৱাৰ মন শান্তনুৰ ৷

দৈনন্দিন বাৰ্তা সেৱা,জামুগুৰিহাট

ইচ্ছা শক্তি থাকিলে দৰিদ্ৰতা কেতিয়াও যিকোনো কামত হেঙাৰ হ’ব নোৱাৰে সেয়াই যেন প্ৰমাণ কৰি দেখুৱালে জামুগুৰিহাটৰ হাটিঙা ৰামপুৰ  গাঁৱৰ মেধাবী ছাত্ৰ শান্তনু হাজৰিকাই।হাটিঙা হাই স্কুলত অধ্যয়ণৰত ছাত্ৰ শান্তনু হাজৰিকাই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ ৮৯.৩% নম্বৰেৰে ডিষ্টিংচন লৈ সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ দ্বীজেন হাজৰিকা আৰু দীপশিখা হাজৰিকাই বহু কষ্টৰে পঢ়োৱা নিজ পুত্ৰৰ এই সফলতাত গৌৰৱাম্বিত হৈ পৰাৰ লগতে বিজ্ঞান শাখাত নাম ভৰ্তি কৰি ভৱিষ্যত ছফটৱেৰ ইঞ্জিনীয়াৰ হ’ব বিচৰা পুত্ৰৰ শিক্ষা জীৱন কেনেদৰে আগুৱাই নিব তাৰবাবেও চিন্তিত হৈ পৰিছে৷প্ৰণিধানযোগ্য যে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয় পৰ্যন্ত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰাত আশাৰ ৰেঙনী কঢ়িয়াই আনিছে দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ জীৱণলৈ৷জোন বৰা,জামুগুৰিহাট।

৭৫ দিনৰ অন্তত আজিৰে পৰা মুকলি হৈছে ধৰ্মীয় অনুষ্ঠানৰ দুৱাৰ । সীমিত সংখ‍্যক গ্ৰাহকেৰে আৰম্ভ হৈছে জখলাবন্ধাৰ হোটেল ব‍্যৱসায় ।

কলিয়াবৰ :

দেশত প্ৰথমটো “আনলক”ৰ সময়ত দেশৰ জনসাধাৰণক কিছু সকাহ দিয়াৰ নিৰ্দেশনা দিয়া হৈছে। সেয়ে, আজি সুদীৰ্ঘ ৭৫ দিনৰ অন্তত দেশত সুৰক্ষাৰ নীতি নিৰ্দেশনাৰে আৰম্ভ হৈছে বাণিজ‍্যিক কাম-কাজ। মুকলি হৈছে বন্ধ হৈ থকা ধৰ্মীয় অনুষ্ঠানসমূহ।আজি কলিয়াবৰতো চৰকাৰী নীতি-নিৰ্দেশনা পালনেৰে মুকলি হৈছে ব‍্যৱসায়িক প্ৰতিষ্ঠান আৰু দুৰণিবটীয়া যাত্ৰীয়ে ভীৰ কৰা ধৰ্মীয় অনুষ্ঠানসমূহ।আজি পুৱাতেই দুৱাৰ মুকলি হ’ল কলিয়াবৰৰ ঐতিহাসিক বৈষ্ণৱ ধৰ্মীয় অনুষ্ঠান ভঁৰালী নামঘৰ আৰু শালস্তম্ভ ৰজাৰ দিনত প্ৰতিষ্ঠিত অসমৰ দ্বিতীয় শক্তিপীঠ শিলঘাটৰ শ্ৰীশ্ৰীকামাখ‍্যা মন্দিৰৰ। তথা, জখলবন্ধাৰ নৃসিংহ দেৱালয়, দেউৰী চিলাবন্ধাৰ নন্দীকেশ্বৰ দেৱালয়, হাতীমূৰাৰ দুৰ্গা মন্দিৰৰ লগতে ঐতিহাসিক ধৰ্মীয় স্থলসমূহ। ভক্তৰ আগমণ সীমিত হ’লেও চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰিহে ভক্তৰ সেৱা গ্ৰহণ কৰা হ’ব বুলি জনায় পৰিচালনা সমিতিসমূহে। পুণৰ নীতি-নিৰ্দেশনা নিদিয়ালৈকে প্ৰসাদৰ ব‍্যৱস্থা কৰা নহয় বুলি সদৰি কৰে নামঘৰ আৰু মন্দিৰ পৰিচালনা সমিতিয়ে।আনহাতে, চৌবিছ ঘণ্টাই দোকন-পোহাৰ খুলি ৰখা কলিয়াবৰৰ অন‍্যতম বাণিজ‍্যিক কেন্দ্ৰৰ আকৰ্ষণৰ অন‍্যতম কাৰণ হোটেলসমূহৰ আজিৰে পৰা পুণৰ চৌকাত জুই জ্বলিছে। যোৱা ৭৫ দিনীয়া জটিল সময়ছোৱা অতি কষ্টৰে পাৰ কৰা হোটেলৰ মালিক আৰু কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙিছে। অৱশ‍্যে দুৰণিবটীয়া যাত্ৰীবাহী বাছসমূহ পূৰ্বৰ দৰে নচলালৈকে জখলাবন্ধাৰ পূৰ্বৰ প্ৰাণ চঞ্চল ৰূপ ঘূৰি অহা সম্ভৱ নহয়। চৰকাৰী নীতি-নিৰ্দেশনা পালনেৰে সীমিত সংখ‍্যক গ্ৰাহকৰ বাবেহে হোটেলসমূহে খাদ‍্য প্ৰস্তুত কৰিছে বুলি জনাইছে হোটে কৰ্তৃপক্ষই।

কা বাতিল আৰু অখিল গগৈক মুক্তিৰ দাবীত টংলাত কৃষক মুক্তিৰ প্ৰতিবাদ ।

বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল ওদালগুৰি জিলা কৃষক মুক্তি।

দৈনন্দিন বাৰ্তাৰ সেৱা টংলাঃ

কৌস্তুভমনি শৰ্মা ৮ জুন, কা আন্দোলনৰ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা কৃষক মুক্তি সংগ্রাম সমিতিৰ মূখ্য উপদেষ্টা অখিল গগৈ, যুটীয়া সম্পাদক ধৰ্য কোঁৱৰ আৰু ছাত্র মুক্তিৰ সভাপতি বিতু সোনোৱল , ছাত্র মুক্তিৰ কাৰ্য্যকৰী সভাপতি মানস কোঁৱৰক অতি শিঘ্রে মুক্তিৰ দাবীত ৮ জুন সোমবাৰে টংলা স্হিত হৰিশিঙা
ৰাজহচক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত অখিল গগৈক মুক্তি দিয়ক, বিজেপি হুচিয়াৰ, আৰ এছ এছ গ বেক, বিজেপি চৰকাৰ হায় হায়, কা আমি নামানো, কা বাতিল কৰিব লাগিবই আদি স্লোগানেৰে সম্পূর্ণ ভাবে সামজিক দুৰত্ব বজাই ৰাখি ওদালগুৰি জিলা কৃষক মুক্তি সংগ্রাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদত ওদালগুৰি জিলা কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক পংকজ অসমীয়াই কয় যে-
নাগৰিকত্ব সংশোধনী আইন ,২০১৯ বাতিলৰ দাবীত গঢ়ি উঠা অসমবাসীৰ স্বতঃস্ফূৰ্ত সংগ্ৰামৰ উমঘাম নাই , ক’ৰ’নাৰ ত্ৰাসে দল-সংগঠন-মঞ্চ সমূহৰ আন্দোলন স্তিমিত কৰিলে ,পাঁচজন অসমীয়া ডেকা শ্বহীদ হল । ১২ ডিচেম্বৰৰ পৰা কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ ওপৰত হোৱা অন্যায়ৰ ১৮০টা দিন অতিক্ৰম হল । ২০১৫ চনতেই বিদেশীক স্বদেশী কৰাৰ চক্ৰান্তৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আৰম্ভ হোৱা আন্দোলন পিছলৈ সমগ্ৰ অসমলৈ বিয়পি পৰে । কেব বিৰোধী সংগ্ৰাম চলি থকাৰ মাজতেই অখিল গগৈ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত দীৰ্ঘদিন কাৰাবন্দী হব লগাওঁ হয় , পিছলৈ উচ্চ ন্যায়ালয়ে অখিল গগৈ তথা সংগ্ৰামী জনগণৰ পক্ষত ৰায় প্ৰদান কৰে । কিন্তু গণতন্ত্ৰক নস্যাৎ কৰি জাতিধ্বংসী আইন গৃহীত কৰাৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনক বিভাজিত আৰু দুৰ্বল কৰিবৰ বাবে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত এই দীৰ্ঘদিনৰ বন্দীত্ব বা কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ ওপৰত নমাই অনা ৰাষ্ট্ৰঃ সন্ত্ৰাসৰ বিৰুদ্ধে কেন্দ্ৰীয় কাৰ্য্যসূচীৰ অংশ হিচাপে ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সামাজিক ব্যৱধান বৰ্তাই ৰাখি টংলা চহৰৰ হৰিশিঙা ৰাজহ চক্ৰৰ কাৰ্য্যলয়ৰ সমূখত আজি দিনৰ ১১বাজি ৩০ মিনিটৰ পৰা আধা ঘন্টীয়া এটি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিছোঁ।
ওদালগুৰি জিলা সমিতিৰ সভাপতি দীপক শৰ্মা আৰু সাধাৰণ সম্পাদক পংকজ অসমীয়াই নেতৃত্ব প্ৰদান কৰা প্ৰতিবাদী কাৰ্যসূচীৰ পৰা বিজেপি চৰকাৰক অতি শীঘ্ৰেই অখিল গগৈ প্ৰমুখ্যে কা বিৰোধী আন্দোলনৰ সকলো কাৰবন্দীক মুক্তি, কা বাতিল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মী সকলৰ প্ৰতি চৰকাৰে আৰক্ষীৰ সহযোগত কৰি অহা দমন নিৰ্যাতন বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে ৷

৭২ দিন বিমানবন্দৰত বন্দী ঘানাৰ ফুটবল খেলুৱৈ ।

৭২ দিন বিমানবন্দৰতে বন্দী হৈ থাকিল ঘানাৰ ৰাণ্ডী জুৱান মুলাৰ নামৰ ফুটবল খেলুৱৈজন ।

দৈনন্দিন বাৰ্তা ক্ৰীড়া সংবাদ

এদিন বা দুদিন নহয়, ৭২ দিন বিমানবন্দৰতে বন্দী হৈ থাকিল এজন ফুটবলাৰ৷ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ লগতে বহু লোকৰ দুৰ্ভোগৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে৷ তেনে এক কাহিনী সদ্যহতে পোহৰলৈ আহিছে৷ ঘানাৰ ৰাণ্ডী জুৱান মুলাৰ নামৰ ফুটবল খেলুৱৈজন ভাৰতলৈ আহিছিল৷ ২৩ বছৰীয়া এই ফুটবলাৰজন ৭২ দিন থাকিল মুম্বাই বিমানবন্দৰতে৷ কেৰালা অ’আৰপিচি স্প’ৰ্টছ ক্লাবৰ এই খেলুৱৈজন যোৱা নৱেম্বৰ মাহত ভাৰতলৈ আহে৷ তাৰ পাছত ২১ মাৰ্চত ঘৰলৈ যাবলৈ বিমানবন্দৰলৈ যায়৷ তাৰ পাছত তেওঁ তাতে বন্দী হৈ পৰে৷ যোৱা বুধবাৰে বান্দ্রাৰ এখন হোটেললৈ তেওঁক নিয়া হয়৷ মহাৰাষ্ট্ৰৰ পর্যটন আৰু পৰিৱেশ মন্ত্রী আদিত্য ঠাকৰেয়ে তেওঁৰ দুৰ্দশাৰ কথা জানিবলৈ পাই উদ্ধাৰ কৰে৷ আনহাতে ছচিয়েল মিডিয়াত কথাটো প্ৰকাশ হোৱাৰ পাছত হুলস্থূলৰ সৃষ্টি হয়৷ উল্লেখ্য যে বিমানবন্দৰত নিৰাপত্তাকৰ্মী আৰু কৰ্মচাৰীসকলৰ সহায়ত তেওঁ দিন কটাইছিল৷ 

লকডাউনৰ লগে লগে দেশত বৃদ্ধি নিবনুৱাৰ : স্নাতকোত্তৰ ডিগ্ৰীধাৰীয়ে বিচাৰিছে এমজিএনৰেগাত কাম ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবৰ বাবে দেশত লকডাউন দিয়া হ’ল৷ এই লকডাউনৰ লগে লগে দেশত নিবনুৱাৰ সংখ্যা বাঢ়িবলৈ ধৰিলে৷ আনকি উচ্চ শিক্ষাৰে শিক্ষিত হ’লেও দেশত পাবলৈ নাই চাকৰি৷ ইয়াৰ লগতে দেশৰ অৰ্থনৈতিক অৱস্থা ক্ৰমশঃ নিন্মগামী৷ সেইবাবে বহুৱে চাকৰি হেৰুৱাব লগা হৈছে৷ ইয়াৰ ফলত চাকৰি নাপায় নিবনুৱা আৰু চাকৰি কৰি ক’ৰোনাৰ বাবে হেৰুৱাই নিবনুৱা হৈছে বৃহৎ সংখ্যক৷ কিন্তু পেটৰ ভোক নিবাৰণৰ বাবে কিবা এটা কৰিব লাগিব৷ পৰিয়াল পোহপাল দিব লাগিব৷ তেনে দিশৰ প্ৰতি গুৰুত্ব দি স্নাতক বা স্নাতকোত্তৰ যি ডিগ্ৰী থাকক তালৈ মন দিবলৈ এতিয়া সময় নাই৷ ফলত একাংশই এমজিএনৰেগাৰ দৰে কাম কৰিবলৈ লৈছে৷ দুমাহ ধৰি হৈ গ’ল লকডাউন৷ এই লকডাউনৰ ফলত দেশত আয়ৰ পৰিৱৰ্তে ব্যয় বেছি হ’ল৷ লাভ বুলিবলৈ ক’তো নাই৷ কেৱল লোকচান৷ দেশত ব্যৱসায়-বাণিজ্যত আহি পৰিল স্থবিৰতা৷ এনে সময়ত যুৱ সমাজে চাকৰি এটা পোৱাটো পাহাৰত কাছ কণী বিচৰাৰ দৰে হ’লগৈ৷ এই সময়তে এমজিএনৰেগাত নাম লিখাইছে উত্তৰ প্ৰদেশৰ যুৱকে৷ স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক ৰোহন কুমাৰ৷ এইজন যুৱকে চাকৰি বিচাৰি হাবাথুৰি খালে৷ অৱশেষত ক’ৰোনাৰ বাবে আহিল লকডাউন৷ কিন্তু পেটৰ ভোকে জানো কিবা বুজি পায়? শিক্ষাৰ দ্বাৰা আহৰণ কৰা ডিগ্ৰী ঘৰতে থৈ যুৱকজনে এমজিএনৰেগাত কাম বিচাৰিলে৷ মন কৰিব লগা যে লকডাউনৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত থকা কৰ্মচাৰী ঘৰলৈ ঘুৰি আহে৷ ফলত কৰ্মহীন হৈ পৰে বহু লোক৷ দেশত এনেদৰে কমেও ৩০ লাখ লোক কৰ্মহীন হৈ পৰে বুলি প্ৰকাশ৷ এনে লোকক এমজিএনৰেগাত নিযুক্ত কৰাৰ কথা কোৱা হৈছে৷ কিন্তু বাস্তৱ ক্ষেত্ৰত এই লোকসকলেই নহয় উচ্চ শিক্ষিতসকলেও এতিয়া দ্বিগ্বাহীনভাৱে এনে কাম বিচাৰিছে৷ ইয়াৰ লগে লগে দেশত নিবনুৱাৰ ভয়াৱহ দৃশ্য প্ৰকট হৈ পৰিছে৷

দৰঙত গুৱাহাটী জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ অশোক কুমাৰ ভাৰ্গৱৰ খাদ্য সামগ্ৰী বিতৰণ ।

দৰঙত গুৱাহাটী জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ অশোক কুমাৰ ভাৰ্গৱৰ খাদ্য সামগ্ৰী বিতৰণ ।

দৰঙৰ পৰা  জয়দেৱ ডেকা 

বিশ্বব্যাপী কৰ’ণা ভাইৰাছৰ বাবে ৰাজ্যত অব্যাহত আছে লকডাউন ৷ যাৰ বাবে এতিয়াও একাংশ লোক খাদ্য সংকটত ভুগিছে ৷ চৰকাৰী ভাবে আৰু বেচৰকাৰী সংস্থা সমুহে বিভিন্ন সময়ত আৰ্তজনক সহায়ৰ হাত আগবঢ়াইছে যদিও একাংশ লোক এতিয়াও খাদ্য সংকটত ৷ এতিয়াও খাদ্য সংকটত পৰা লোক সকলক সহায়ৰ হাত আগবঢ়াবলৈ ছিপাঝাৰ সমষ্টিৰ দুটাকৈ মণ্ডল ক্ৰমে ছিপাঝাৰ মণ্ডল আৰু পাথৰিঘাট মণ্ডলৰ একাংশ লোকক সহায় আগবঢ়াবলৈ উপস্থিত হল গুৱাহাটী জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ অশোক কুমাৰ ভাৰ্গৱ ৷ ছিপাঝাৰ মণ্ডলৰ পিছত দেওবাৰে পাথৰিঘাট মণ্ডল বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ খাদ্য সামগ্ৰী সমুহ অৰ্পণ কৰে পাথৰিঘাট মণ্ডল বিজেপিৰ কৰ্মকৰ্তাক ৷ পাথৰিঘাট মণ্ডল বিজেপিয়ে খাদ্য সংকটত পৰা লোক সকলক বিতৰণ কৰিব এই খাদ্য সামগ্ৰী সমুহ ৷  উল্লেখ্য যে পাথৰিঘাট মণ্ডল বিজেপি গঠিত ১২ টা পঞ্চায়ত এলেকাৰে ৷ আছে ২৪ টা শক্তি কেন্দ্ৰ ৷ পাথৰিঘাট মণ্ডল বিজেপি কাৰ্যালয়ত সামগ্ৰী অৰ্পণ অনুষ্ঠানত উপস্থিত আছিল পাথৰিঘাট মণ্ডলৰ সভাপতি হৰেন ডেকা , প্ৰাক্তন সভাপতি গজেন কলিতা , সম্পাদক দ্বয় ৰুক্ম বড়া আৰু শৰৎ নাথকে আদি কৰি কেইবাজনো কৰ্মকৰ্তা ৷ সামগ্ৰীখিনি দি আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ বাবে অশোক কুমাৰ ভাৰ্গৱক পাথৰিঘাট মণ্ডল বিজেপিয়ে ধন্যবাদ জ্ঞাপন কৰে ৷