Home Blog Page 3311

দৰং ওদালগুৰি নাগাৰা নাম সন্থাৰ নৱ নিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ গ্ৰহণ আৰু বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা ।

দৰং ওদালগুৰি নাগাৰা নাম সন্থাৰ নৱ নিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ গ্ৰহণ আৰু বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা ।

দৰঙৰ পৰা জয়দেৱ ডেকা 

দৰং আৰু ওদালগুৰি জিলা নাগাৰা নাম সন্থাৰ নৱ নিৰ্বাচিত সমিতিৰ দেওবাৰে দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ সভা গৃহত শপত গ্ৰহন অনুষ্ঠান অনুষ্ঠিত হয় ৷ ১৯৭৯ চনৰ ১৬ ছোপ্তেম্বৰত দুয়োখন জিলা একিত্ৰত কৰি গঠন কৰা নাগাৰা নাম সন্থাৰ মুল উদ্দেশ্য উন্নয়ন আৰু শুদ্ধৰূপত হৰিনাম ৰাইজৰ মাজত পৰিবেশন কৰা ৷ ইয়াৰ বাবে সন্থাই অধিবেশন অনুষ্ঠিত কৰি কেইবাখনো গ্ৰন্থ উন্মোচন কৰাৰ উপৰিও ন-পুৰনি শিল্পী সকলৰ মাজত অনুিষ্ঠত কৰে কৰ্মশলাৰ ৷  দুই বছৰৰ কাৰ্যকালেৰে গঠন কৰা সমিতি কেইখনে ১৯৭৯ চনৰ পৰা খটৰা সত্ৰত শপত গ্ৰহণ অনুষ্ঠিত কৰি আহিছে ৷ এই বৰ্ষত নৱ নিৰ্বাচিত সভাপতি হিচাৱে নিৰ্বাচিত হৈছে অৱসৰী কৃতি শিক্ষক বিষ্ণু প্ৰিয়ম ৰাভা আৰু সম্পাদক হিচাবে নিৰ্বাচিত হৈছে লক্ষ্যধৰ দাস ৷ শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে নাগাৰা নাম সন্থাই বিশ্বব্যাপী ত্ৰাসিত কৰা ক’ৰ’ণা ভাইৰাছে দৰং আৰু ওদালগুৰি জিলাত   আক্ৰান্তৰ সংখ্যা অস্বাভাৱিক ভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি মহামাৰিৰ পৰা সকলোকে উদ্ধাৰৰ বাবে কামনা কৰে ৷

প্ৰথম স্থানপ্ৰাপ্ত দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাক আজমল ফাউণ্ডেচনৰ ৫০ হাজাৰ টকাৰ চেক প্ৰদান । প্ৰতিমাহে প্ৰদান কৰিব স্ক’লাৰশ্বিপ ।

প্ৰথম স্থানপ্ৰাপ্ত দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাক আজমল ফাউণ্ডেচনৰ ৫০ হাজাৰ টকাৰ চেক প্ৰদান ।

দৰঙৰ পৰা জয়দেৱ ডেকা 

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থানপ্ৰাপ্ত দৰঙৰ বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাৰ বাসগৃহত উপস্থিত এইউডিএফ দল৷ এইইউডিএফৰ সাধাৰণ সম্পাদক মজিবৰ ৰহমানে আজমল ফাউণ্ডেচনৰ পৰা ধৃতিৰাজ বাস্তৱ কলিতাক প্ৰদান কৰে ৫০ হাজাৰ টকাৰ চেক৷ আনহাতে আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা ধৃতিৰাজ বাস্তৱ কলিতাক প্ৰতিমাহে প্ৰদান কৰিব স্কলাৰশ্বিপ ৷ ফলাফল ঘোষণাৰ পিছতে দলটিৰ সাধাৰণ সম্পাদক মজিবৰ ৰহমান ধৃতিৰাজৰ ঘৰত উপস্থিত হৈ ছাত্ৰ গৰাকীক শুভেচ্ছা জনোৱাৰ উপৰিও প্ৰদান কৰিছিল ৫ হাজাৰ টকা ৷ দেওবাৰে পুনৰ বদৰুদ্দিন আজমলৰ নিৰ্দেশত মজিবৰ ৰহমান ধৃতিৰাজ বাস্তৱ কলিতাৰ গৃহত উপস্থিত হৈ আজমল ফাউণ্ডেচনৰ পৰা ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ উপৰিও ছাত্ৰ গৰাকীক প্ৰতিমাহে স্কলাৰশ্বিপ প্ৰদান কৰাৰ কথা ঘোষণা কৰে সংবাদ মাধ্যমৰ জৰিয়তে ৷ উল্লেখ্য যে এইউডিএফৰ সাংসদ বদৰুদ্দিন আজমল হৈছে এজন শিক্ষানুৰাগী লোক ৷ ইতিমধ্যে আজমলে ৰাজ্যত প্ৰতিস্থা কৰিছে প্ৰায় ৭০ খনকৈ বিদ্যালয় ৷ বদৰুদ্দিন আজমলে আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা ধৃতিৰাজ বাস্তৱ কলিতাক ৫০ হাজাৰ টকা প্ৰদান কৰা আৰু মজিবৰ ৰহমানে ৫ হাজাৰ টকা প্ৰদান কৰা বাবে ধৃতিৰাজ বাস্তৱ কলিতাই ধন্যবাদ জ্ঞাপন কৰে ৷

কাৰ্বিআংলং আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান : পি ডি চি কে ৰ গৃহ সচিবসহ ৪ দুৰ্ধৰ্ষ কেডাৰ আৰক্ষীৰ জালত ।

কাৰ্বিআংলং আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান ।

বোকাজান

 “উগ্ৰপন্থীয়ে হাতত অস্ত্ৰ তুলি ললে অসম আৰক্ষীয়ে তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সদা প্ৰস্তুত ” আছে বুলি যোৱা ৩ মে তাৰিখে কাৰ্বিআংলং জিলা সদৰ ডিফুত এক সংবাদ মেলত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰাৰ পাছতেই আজি কাৰ্বিআংলং আৰক্ষীয়ে দকমকা থানাৰ অন্তৰ্গত থাৰবাছা গাওঁত অভিযান চলাই চাৰিটাকৈ দুৰ্ধষ পি ডি চি কে(পিপলছ ডেমকেটিক এলায়েন্স অৱ কাৰ্বিআংলং) ৰ উগ্ৰপন্থীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰে । বিবৰণি অনুসৰি দকমকা থানা ত পঞ্জীয়ন হৈ থকা ভাৰতীয় দণ্ড বিধি আইনৰ ৩৬৪ এ/৩৮৬ ধাৰাৰ অধীনৰ ১৯/২০ নম্বৰ গোচৰৰ ভিত্তিত বোকাজান মহকুমা  আৰক্ষী বিষয়া জন দাস আৰু কাৰ্বিআংলং ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ নেতৃত্বত জিলা খনৰ কেইবা গৰাকী আৰক্ষী বিষয়া ৰ সহযোগত দেইথোৰ আৰক্ষী থানাৰ অন্তৰ্গত আপাৰ দেইহৰি গাওঁৰ মাণিক তেৰাংৰ পুত্ৰ তথা পি ডি চি কেৰ প্ৰাক্তন স্বয়ম্ভূ সেনাধ্যক্ষ  আৰু বৰ্তমানৰ গৃহ সচিব ফ্ৰান্সিছ তেৰাং ওৰফে ডেভিড মুক্ৰঙ , বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত খানাৰী গাওঁৰ যাদৱ ৰেংমাৰ পুত্ৰ ঋষি ৰেংমা ওৰফে অখবি ৰেংমা দকমকা আৰক্ষী থানাৰ অন্তৰ্গত ৰংফাং বংগ গাওঁৰ  কেনছিং ৰংপিৰ পুত্ৰ  আন্তঃঙ ৰংপি আৰু  দকমকা আৰক্ষী থানাৰ অন্তৰ্গত ছাইটি গাওঁৰ লংকি ইংতিৰ পুত্ৰ ৰোজভেল ইংতিক আটক কৰে । আটকাধিন উগ্ৰপন্থী সদস্য কেইজনৰ পৰা মেগজিন সহ ৭.৬৫ পিষ্টল আৰু পিষ্টলৰ দহ জাই গুলী নগদ ৩ লাখ ১০৫০ টকা ৯ খন চিম কাৰ্ড সহ ৪ টা মোবাইল হেণ্ডছেট পি ডি চি কেৰ বহু খিনি লেটাৰ পেদ আৰু ধন দাবী পত্ৰ মেগজিনৰ কভাৰ সহ দুযোৰ উনিফর্ম এটা লেপটপ ৪ যোৰ বুটজতা ১ টা পিষ্টল চলজাৰ আঁঠুত পিন্ধা গাৰ্ড বুকু আৰু পাছফালৰ এটাকৈ ৰেকচেক বেকপেত খাদ্য সামগ্ৰী আৰু টৰ্চ লাইট সহ বহু কেইটা বেটাৰী জব্দ কৰিবলৈ সক্ষম হয় ।

বিশিষ্ট সমাজকৰ্মী, অভিনেতা , শিক্ষক যতীন্দ্ৰনাথ নেওগৰ মৃত্যু ।

বিশিষ্ট সমাজকৰ্মী, অভিনেতা , শিক্ষক যতীন্দ্ৰনাথ নেওগৰ মৃত্যু ।

পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট

যোৰহাট বৰখঙীয়া গাঁৱৰ নিবাসী তথা বিশিষ্ট সমাজকৰ্মী , সু-বক্তা , অভিনেতা, শিক্ষক যতীন্দ্ৰনাথ নেওগৰ যোৱা নিশা প্ৰায় ডেৰ বজাত নিজা বাসগৃহত মৃত্যু হয়। শংকৰী সংস্কৃতিৰ আজীৱন সাধক যতীন্দ্ৰ নাথ নেওগৰ  মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে সমগ্ৰ পশ্চিম যোৰহাটত ৷ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত নেওগ প্ৰায় আঠ মাহ ধৰি কৰ্কটৰোগত আক্ৰান্ত হৈ আছিল ৷ উল্লেখ্য যে প্ৰয়াত নেওগ এগৰাকী আদৰ্শৱান শিক্ষকৰ উপৰিও সমাজ সংগঠক হিচাপে বহু অনুষ্ঠানৰ লগত জড়িত আছিল ৷শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ একান্ত সেৱক হিচাপে থাকি খঙীয়া প্ৰাথমিক শাখাৰ একাধিকবাৰ সভাপতি-সম্পাদক , পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ আঠটা বছৰ সম্পাদক, যোৰহাট জিলা সাহিত্য শাখাৰ সভাপতি-সম্পাদক, প্ৰচাৰ আৰু সহকাৰী সম্পাদকৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল ৷ শেহতীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলাৰ উপ- সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছিল ৷ কেবাখনো গ্ৰন্থ সম্পাদনা কৰা প্ৰয়াত নেওগে জন্মস্হলী বৰখঙীয়াত ৰূপজ্যোতি পুথিভঁৰালৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু বৰখঙীয়া বৰনামঘৰ পৰিচালনা সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ অঞ্চলটোত মঞ্চ নাটকৰ এগৰাকী গুৰুৰূপে জনপ্ৰিয় এই বিশিষ্ট ব্যক্তিজনৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে আজি পুৱতি নিশা অসংখ্য লোকৰ সমাগম হয় বাসগৃহত ৷ মৃতদেহ শ্মশানলৈ নিয়াৰ পূৰ্বে এক আনুষ্ঠানিকতাৰে শেষ শ্ৰদ্ধাঞ্জলি জনায় –  দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰখঙীয়া উচ্চমাধ্যমিক বিদ্যালয় , যোৰহাট জিলা সূত সন্মিলন, বৰখঙীয়া বৰনামঘৰ , অনুজ সাহিত্য-সংস্কৃতি গোষ্ঠী, শ্ৰীমন্তশঙ্কৰদেৱ সংঘ যোৰহাট জিলা , ৰূপজ্যোতি পুথিভঁৰাল, শ্ৰীশ্ৰী মাধৱদেৱ প্ৰাঃ বিঃ, পশ্চিম যোৰহাট শাখা সাহিত্য সভা, ম’হবন্ধাৰ শ্যামলী শাখা সাহিত্য সভাই।আনহাতে শ্যামলী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা মাহেকীয়া আলোচনী”দিগদৰ্শন”ৰ সম্পাদক পংকজ কুমাৰ দাসেও যতীন্দ্ৰ নাথ নেওগৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মন কৰিব লগা যে সকলোৰে প্ৰিয় প্ৰয়াত নেওগে মৃত্যুৰ সময়ত পত্নী, শিক্ষক পুত্ৰ আৰু এগৰাকী কন্যাৰ লগতে ককাই-ভাই বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায় ৷

দৰিদ্ৰতাকো নেওচি সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা টীয়কৰ ঋতুপৰ্ণ শইকীয়াৰ পঢ়াৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব টীয়ক প্ৰেছ ক্লাৱে ।

টীয়কৰ পৰা অঞ্জন প্ৰকাশ :

দৰিদ্ৰতা আৰু অভাৱ  যে মানুহৰ সোণালী দিনৰ বাটত অন্তৰাই নহয় সেই কথা আজি সত্য প্ৰমানিত হয় টীয়কত৷ যোৱা কলি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা এক বিশেষ ফলাফলে  অনন্দ কঢ়িয়াইছে টীয়কলৈ । টীয়কৰ কাৱৈমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অতি অভাবি পৰিয়ালৰ ছাত্ৰ ঋতুপৰ্ণ শইকীয়াই ৫৪৩ নম্বৰৰেৰে সকলো বিষয়ত লেটাৰ মাৰ্কসহ প্রথম বিভাগত উত্তীৰ্ণ হৈ পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পিতৃ পেছাত এজন কাঠমিস্ত্ৰী ঋতুপৰ্ণৰ অভাৱ  পূৰোৱাত অসমৰ্থ পৰিয়ালটোৰ মাতৃৰ ড্ৰেছিং টেবুলখনকে পঢ়াৰ টেবুল হিচাপে লৈ টীয়কৰ এই ছাত্ৰজনে নানা ঘাট প্ৰতিঘাটৰ মাজেৰে উত্তীৰ্ণ হৈ আবেগিক হৈ কয় যে আজৰি সময়ত ছবি আঁকি সময় পাৰ কৰাৰ লগতে ঘৰৰ কামটো মাক দেউতাকক সহায় কৰে। যি সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্য শিক্ষাখণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াই আহিছে সেই সময়ত গ্ৰাম্যাঞ্চলৰ এখন বিদ্যালয়ৰ এনে ফলাফলে সমগ্ৰ অঞ্চলটোত আশাৰ সৃষ্টি কৰিছে। তাৰোপৰি ছাত্ৰজনৰ সম্পূৰ্ণ পঢ়াৰ দায়িত্ব টীয়ক প্ৰেছ ক্লাৱৰ তৰফৰ পৰা গ্ৰহন কৰিব বুলি আজি ছাত্ৰ জনৰ ঘৰত উপস্থিত হৈ টীয়ক প্ৰেছ ক্লাৱৰ বিষয়ববীয়াই জানিবলৈ দিছে। অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনে বাণিজ্য শাখাত নামভৰ্তি কৰিব বুলি জানিবলৈ দিছে।

জম্মু-কাশ্মীৰত নিহত ৩ উগ্ৰপন্থী ।

দৈনন্দিন বাৰ্তা নেচনেল ডেস্ক

জম্মু-কাশ্মীৰৰ ছোপিয়ান এলেকাত উগ্ৰপন্থীৰ বিৰুদ্ধে চিআৰপিএফ, ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে চলোৱা অভিযানত তিনিটা সন্ত্ৰাসবাদী নিহত হয়৷ ছঘণ্টা ধৰি হোৱা অভিযানত নিহত উগ্ৰপন্থীকেইটাৰ ভিতৰত এটা হিজবুল মুজাহিদিন আৰু আন এটা জইছ-ই-মহম্মদৰ বুলি জানিব পৰা গৈছে৷ আনটো সন্ত্ৰাসবাদীৰ পৰিচয় জানিব পৰা নাই৷ দেওবাৰে পুৱা জম্মু-কাশ্মীৰৰ ছোপিয়ান এলেকা গুলীচালনা ঘটনাই উত্তপ্ত কৰি তোলে৷ উল্লেখ্য যে নিৰাপত্তাৰক্ষীৰ উপস্থিতিৰ কথা জানিবলৈ পায় লুকাই থকা উগ্ৰপন্থীবোৰে গুলী চালনা কৰিবলৈ আৰম্ভ কৰে৷ প্ৰত্যুত্তৰত ভাৰতৰ যৌথ বাহিনীয়ে গুলী চালনা কৰে৷ ফলত তিনিটা উগ্ৰপন্থী নিহত হয়৷ আনহাতে অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ তালাচী অভিযান অব্যাহত আছে৷

কাৰ্বিআংলং আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান : পি ডি চি কে ৰ গৃহ সচিবসহ ৪ দুৰ্ধৰ্ষ কেডাৰ আৰক্ষীৰ জালত ।

বোকাজান

 “উগ্ৰপন্থীয়ে হাতত অস্ত্ৰ তুলি ললে অসম আৰক্ষীয়ে তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সদা প্ৰস্তুত ” আছে বুলি যোৱা ৩ মে তাৰিখে কাৰ্বিআংলং জিলা সদৰ ডিফুত এক সংবাদ মেলত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰাৰ পাছতেই আজি কাৰ্বিআংলং আৰক্ষীয়ে দকমকা থানাৰ অন্তৰ্গত থাৰবাছা গাওঁত অভিযান চলাই চাৰিটাকৈ দুৰ্ধষ পি ডি চি কে(পিপলছ ডেমকেটিক এলায়েন্স অৱ কাৰ্বিআংলং) ৰ উগ্ৰপন্থীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰে । বিবৰণি অনুসৰি দকমকা থানা ত পঞ্জীয়ন হৈ থকা ভাৰতীয় দণ্ড বিধি আইনৰ ৩৬৪ এ/৩৮৬ ধাৰাৰ অধীনৰ ১৯/২০ নম্বৰ গোচৰৰ ভিত্তিত বোকাজান মহকুমা  আৰক্ষী বিষয়া জন দাস আৰু কাৰ্বিআংলং ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ নেতৃত্বত জিলা খনৰ কেইবা গৰাকী আৰক্ষী বিষয়া ৰ সহযোগত দেইথোৰ আৰক্ষী থানাৰ অন্তৰ্গত আপাৰ দেইহৰি গাওঁৰ মাণিক তেৰাংৰ পুত্ৰ তথা পি ডি চি কেৰ প্ৰাক্তন স্বয়ম্ভূ সেনাধ্যক্ষ  আৰু বৰ্তমানৰ গৃহ সচিব ফ্ৰান্সিছ তেৰাং ওৰফে ডেভিড মুক্ৰঙ , বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত খানাৰী গাওঁৰ যাদৱ ৰেংমাৰ পুত্ৰ ঋষি ৰেংমা ওৰফে অখবি ৰেংমা দকমকা আৰক্ষী থানাৰ অন্তৰ্গত ৰংফাং বংগ গাওঁৰ  কেনছিং ৰংপিৰ পুত্ৰ  আন্তঃঙ ৰংপি আৰু  দকমকা আৰক্ষী থানাৰ অন্তৰ্গত ছাইটি গাওঁৰ লংকি ইংতিৰ পুত্ৰ ৰোজভেল ইংতিক আটক কৰে । আটকাধিন উগ্ৰপন্থী সদস্য কেইজনৰ পৰা মেগজিন সহ ৭.৬৫ পিষ্টল আৰু পিষ্টলৰ দহ জাই গুলী নগদ ৩ লাখ ১০৫০ টকা ৯ খন চিম কাৰ্ড সহ ৪ টা মোবাইল হেণ্ডছেট পি ডি চি কেৰ বহু খিনি লেটাৰ পেদ আৰু ধন দাবী পত্ৰ মেগজিনৰ কভাৰ সহ দুযোৰ উনিফর্ম এটা লেপটপ ৪ যোৰ বুটজতা ১ টা পিষ্টল চলজাৰ আঁঠুত পিন্ধা গাৰ্ড বুকু আৰু পাছফালৰ এটাকৈ ৰেকচেক বেকপেত খাদ্য সামগ্ৰী আৰু টৰ্চ লাইট সহ বহু কেইটা বেটাৰী জব্দ কৰিবলৈ সক্ষম হয় ।

মগজুৰ জটিল অষ্ট্ৰোপচাৰ, শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি মাতৃ-আইতাকৰ মুখত হাঁহি বিৰিঙালে।

শ্ৰৱণশক্তি অৱিহনেই সুখ্যাতি আৰ্জিলে পিতৃহাৰা উপাংক্ষাই

নগাঁও

জন্মৰ পূৰ্বেই নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিছিল পিতৃক। জন্মৰ পৰাই নাছিল শ্ৰৱণ শক্তি। কিন্তু তথাপিও যেন আছিল জীৱন সংগ্ৰামত জয়ী হোৱাৰ দুৰ্বাৰ হেঁপাহ।  শ্ৰৱণ শক্তি অবিহনেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উৰ্ত্তীণ হ’ল নগাঁও জিলাৰ পুৰণিগুদামৰ উপাংক্ষা গোস্বামী। বিধিৰ লিখনক প্ৰত্যাহ্বান জনাই দুৰ্ভগীয়া ছোৱালীজনীৰ  অৱশ্যে কন্যাৰ শ্ৰৱণশক্তি ঘূৰাই অনাৰ চেষ্টাৰে ২০০৮ চনত ৪বছৰ বয়সতে মাতৃ অৰ্পণা শৰ্মাই যথেষ্ট কষ্টৰে কক্লিয়াৰ ইমপ্লাণ্টৰ জৰিয়তে মগজুত সংস্থাপন কৰাইছিল শ্ৰৱণ যন্ত্ৰ। পৰৱৰ্তী পৰ্যায়ত সৰস্বতী বাকধ্বনি আৰু বিভিন্ন প্ৰচেষ্টাৰে  কিছু পৰিমাণে হ’লেও শ্ৰৱণ শক্তি সক্ৰিয় কৰি কথা  বুজিব পৰা অৱস্থা এটালৈ উপাংক্ষাক তেওঁৰ মাতৃয়ে প্ৰস্তুত কৰি তুলিছিল । কিন্তু ২০১৮ চনত পুনৰ মগজুৰ আন এক জটিল অষ্ট্ৰোপচাৰৰ জৰিয়তে উপাংক্ষাৰ মগজুৰ পৰা উক্ত যন্ত্ৰবিধ  বাহিৰ কৰি আনিব লগাত  পৰে। তাৰ পিছত নৱম আৰু দশম মান শ্ৰেণীত উপাংক্ষাই শিক্ষকে পঢ়োৱা কোনো কথাই বুজিব পৰা  নাছিল । তথাপিও মাতৃ অৰ্পণা শৰ্মা আৰু প্ৰণৱ কুমাৰ হাজৰিকা নামৰ এগৰাকী শুভাকাংক্ষীৰ  সহযোগত উপাংক্ষাই সম্পূৰ্ণ কৰিছিল পাঠ্যক্ৰমৰ সকলো বিষয়। ৰাজ্যিক কোষাগাৰ বিভাগৰ নগাঁৱৰ কৰ্মচাৰী প্ৰণৱ কুমাৰ হাজৰিকাই সাধাৰণ গণিত বিষয় বিনা পাৰিশ্ৰমিকৰে উপাংক্ষাক পঢ়ুওৱাৰ বিপৰীতে প্ৰাথমিক বিদ্যালয়ত শিক্ষয়ত্ৰী হিচাপে কৰ্মৰত মাতৃ অৰ্পণা শৰ্মাই আন সকলো বিষয়  পঢ়াইছিল।কালি  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে উপাংক্ষাৰ সফলতাত তেওঁৰ মাতৃ আৰু আইতাকৰ মুখত হাঁহি বিৰিঙি উঠিল। ইপিনে শ্ৰৱণ শক্তি অবিহনে কিদৰে উচ্চ শিক্ষা সম্পূৰ্ণ কৰিব উপাংক্ষাই ? ইয়াকে লৈ তেওঁৰ মাতৃৰ মনত চিন্তাৰ উদ্বেগ হৈছে । জীৱন  জীনাৰ দুৰ্বাৰ হেঁপাহ থকা উপাংক্ষাৰ মনৰ ইচ্ছাক বুজি পাবনে ভৱিষ্যতৰ শিক্ষাগুৰু সকলে?  তথাপিও পৰিয়ালৰ লগতে শুভাকাংক্ষীৰ বিশ্বাস যে  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে আন আন পৰীক্ষা সমূহতো উপাংক্ষাই কৃতকাৰ্যতা দেখুৱাই আগুৱাই যাব জীৱন যুঁজত।

অইলৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটত বহিল বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ : বিস্ফোৰণৰ ত্ৰয়োদশ দিনলৈকে অনিয়ন্ত্ৰিত অৱস্থাত বাঘজান তৈলখাদ ।

অইলৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটত বহিল বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ ।

ডিৰাক সীমান্ত 

বাঘজানত ২৭ মাৰ্চৰ পূৱা বি জি আৰ ৫ নং তৈলখাদ বিস্ফোৰণ হোৱা আজি দ্বাদশ দিনটো অপৰিবৰ্তিত অৱস্থাত নিৰ্গমন হৈ আছে গেছ আৰু তেল ৷ বিপদাপন্ন হৈ পৰা জীৱকুল, মৎস্যকুল তথা জৈৱ-বৈচিত্ৰৰ ভাৰসাম্য ক্ৰমে শেষহৈ গৈছে ৷ আনহাতে আজিলৈকে বিস্ফোৰিত তেলখাদটো নিয়ন্ত্ৰণৰো কোনো বিশেষ ব্যৱস্থা লোৱা নাই অইল ইণ্ডিয়া নতুবা চৰকাৰে ৷ আৰম্ভ নহ’ল বিস্ফোৰিত খাদটো নিয়ন্ত্ৰণলৈ অনা বিশেষ কাৰিকৰী ব্যৱস্থা ৷ অন্যহাতেদি খাদটোৰ পৰা নিৰ্গমণ হৈ থকা তেল সংমিশ্ৰিত গেছে সমগ্ৰ এলেকাটোৰ খেতি-পথাৰ, গছ-লতা, চাহ বাগিছা আদি জ্বলাই সমষ্টে নষ্ট কৰি পেলোৱাৰ পাছতো, অইল আৰু চৰকাৰে আজিলৈকে কেৱল আশ্ৰাস দিয়াৰ বিপৰীতে কোনো কাৰ্যব্যৱস্থা হাতত নোলোৱাত ক্ষতিগ্ৰস্থ লোকসকল ক্ষোভত অগ্নীশৰ্মা হৈ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হৈছে ৷ আশ্ৰয় শিবিৰত থকা প্ৰায় পাঁচ শতাধিক লোকে  দুদিনৰ পূৰ্বে প্ৰতিবাদী সমদল বাহিৰ কৰাৰ পিছতো কোনোধৰণৰ সুফল নোপোৱাত কালিৰ পৰা পুনৰ বাঘজান গাঁও মিলন জ্যোতি যুৱক সংঘৰ উদ্যোগত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটত বহিছে বাঘজান গাঁৱৰ আশ্ৰয় শিৱিৰত থকা লোকসকলে ৷ তেওলোকৰ মূল দাবী তেওঁলোকৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা, উচিত ক্ষতিপূৰণ আৰু অতি শ্ৰীঘে তেল সংমিশ্ৰিত গেছ নিৰ্গমণ বন্ধ কৰা  ৷ শিৱিৰত অস্বাস্থ্যকৰ পৰিৱেশত ক্ৰমে অসুস্থহৈ পৰা একাধিক শিশুকে ধৰি সকলোৱে উপযুক্ত চিকিৎসা নোপোৱাৰো অভিযোগ উত্থাপিত হৈছে । ৰাইজৰ প্ৰতিবাদৰ ভাষা যদি অইল আৰু চৰকাৰে সময়ত বুজি নাপাই তেন্তে  জনতাই বিস্ফোৰিত তেলখাদটোতে আত্মজাহ দিয়াৰ ভাবুকি প্ৰদান কৰিছে ৷ এনেদৰে পৰিৱৰ্তিতভাবে তেল সংমিশ্ৰিত গেছ নিৰ্গমন হৈ থাকিলে অনাগত দিনত ৰাজপথলৈ ওলাই অহাকে আদি কৰি অধিক জংগী আন্দোলন হ’ব সেয়া নিশ্চিত ৷

প্ৰাসংগিক ভাৱে অপ্ৰাসংগিক

আশাহত আমবাৰী: আহ্বান-আত্মবিশ্লেষণ (১)কৰিবলৈ একো কাম নথকা জনেই সাংবাদিক হয়গৈ নে? If a person is not talented enough to be a novelist, not smart enough to be a lawyer, and his hands are too shaky to perform operations, he becomes a journalist.”   – Norman Mailer
“এজন মানুহ যদি ঔপন্যাসিক হোৱাৰ জোখেৰে মেধাসম্পন্ন নহয়, অধিবক্তা হ’বৰ জোখাৰে চতুৰ নহয়, আৰু অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ হ’লে যদি তেওঁৰ হাত কপে, তেন্তে তেনে মানুহ সাংবাদিক হয়গৈ” – নৰ্মান মেইলাৰ । সাংবাদিক বৃত্তিধাৰীসকলৰ বিষয়ে এবাৰ এনেদৰেই মন্তব্য কৰিছিল প্ৰখ্যাত ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, ছবি নিৰ্মাতা, অভিনেতা, সমাজ সংগঠক তথা নিজেই খোদ সাংবাদিক, ইহুদী মূলৰ স্বনামধন্য আমেৰিকান সাহিত্যিক নৰ্মান কিংশ্লে মেইলাৰে। ২০০৭ চনত মৃত্যু ঘটা মেইলাৰ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত নিজৰ জীৱনকালৰ প্ৰায় ৭টা দশকৰ প্ৰতিটো দশকতে এখনকৈ হ’লেও অবিৰতভাৱে সৰ্বাধিক বিক্ৰী হোৱা (bestseller) গ্ৰন্থ লিখি উলিওৱা বিশ্বৰ একমাত্ৰ লিখক বুলিও সৰ্বজনবিদিত। এই নৰ্মান মেইলাৰে যেন বুজাব খুজিছিল, সাংবাদিক বৃত্তিটোক আচলতে সমাজে কিদৰে গণ্য কৰে। তেওঁ এই মন্তব্য কৰাৰ আৰু এটা কাৰণ আছিল। তেওঁ নিজেই আছিল হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক বিজ্ঞানৰ স্নাতক। তৎস্বত্বেও তেওঁ বাছি লৈছিল সাংবাদিকতা বৃত্তি আৰু পাছলৈ পৰিচিত হৈ পৰিছিল এজন জনপ্ৰিয় সাহিত্যিক ৰূপে।পৃথিৱীজুৰি স্কুলীয়া দিনৰে পৰাই প্ৰখৰ মেধাসম্পন্ন ল’ৰা ছোৱালীবোৰৰ প্ৰথম পছন্দ চিকিৎসা বিজ্ঞান। নিজৰ নহ’লেও ঘৰৰ মানুহ, অভিভাৱকে অন্ততঃ সেইয়াই বিচৰাৰ প্ৰৱণতাই প্ৰৱল। চিকিৎসা শাস্ত্ৰ অধ্যয়নৰ সুযোগ নাপালে দ্বিতীয়তে স্থান পায় অভিযান্ত্ৰিক বিজ্ঞানে।অসমীয়াত সততে এই ঈৰ্ষনীয় যুটিটোক ডাক্তৰ ইঞ্জিনিয়াৰ বুলিয়েই গৰ্বেৰে নামাঙ্কিত কৰা হয়। অভিভাৱকে ল’ৰা ছোৱালী গৰ্ভস্থ হোৱাৰে পৰাই এই যুটিৰ যিকোনো এটা বৃত্তিলৈ আশা কৰে। সন্তানে যাতে ডাক্তৰ নাইবা ইঞ্জিনিয়াৰ হয় তাৰেই কামনা কৰে। কাৰণ এই দুটা বৃত্তিৰ যিকোনো এটাত নিয়োজিত হ’ব পাৰিলেই সন্তানৰ ভৱিষ্যত একপ্ৰকাৰ সুৰক্ষিত বুলিয়েই বেছিভাগ অভিভাৱকেই মনে প্ৰাণে বিশ্বাস কৰে। মানুহৰ এইয়া এক বিশ্বজনীন চৰিত্ৰই বুলিব পাৰি।অৱশ্যে তাৰ মাজতেই বহু সংখ্যকেই সন্তানৰ ভৱিষ্যত কৰ্মজীৱন সম্পৰ্কে কোনোধৰণৰ আগতীয়া অপেক্ষা নকৰাকৈয়ো সকলো সময়ৰ হাতত এৰি দিয়ে। কিন্তু তথাপিও আশা কৰে যে ল’ৰা ছোৱালী পিছলৈ অন্ততঃ অধিবক্তা, প্ৰশাসনিক বিষয়া নাইবা অধ্যাপক হৈ উঠিব।কিন্তু বহু কম সংখ্যক ব্যক্তিয়েই হয়তো বিচাৰে যে নিজৰ ল’ৰা ছোৱালী ডাঙৰ হৈ সাংবাদিক হওঁক। উপৰোক্ত লোভনীয় বৃত্তিবোৰৰ এটাও আঁকোৱালি লব নোৱাৰিলেহে অভিভাৱক নাইবা সন্তানেও হয়তো সাংবাদিকতাৰ দৰে নানান প্ৰত্যাহ্বানেৰে ভৰা বৃত্তিৰ প্ৰতি ধাউতি মান হয়।নৰ্মান মেইলাৰে তেনেকুৱাকৈয়ে বোধকৰোঁ বুজাব খুজিছিল কাৰণ তেওঁ নিজেই এজন অভিযন্তা হৈয়ো শেষত বাছি লৈছিল সাংবাদিকতাৰ বৃত্তি। অৱশ্যে ইয়াৰ অন্তৰালত লুকাই আছে বহু ঘটনা*** (ক্ৰমশঃ)

মনজিত কুমাৰ শৰ্মা https://www.manjitkumarsarma.com/blog