Home Blog Page 3328

দেৱাশীষ হত্যাক লৈ সৰৱ শিৱসাগৰ আটাছু : ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি দোষীক দৃষ্টান্ত মূলক শাস্তিৰ দাবী ।

নাজিৰাঃ

যোৱা ২৯ মেত যোৰহাট জিলাৰ  ন-কছাৰী গাভৰু চাহ বাগিচাত দেৱাশীষ গগৈ নামৰ কলেজীয়া ছাত্র জনক এটা সাধাৰণ দূৰ্ঘটনাক কেন্দ্ৰ কৰি এদল উন্মত্ত লোকে দলৱদ্ধ আক্ৰমণ কৰি হত্যা কৰা ঘটনাক লৈ সৰৱ হৈ পৰিছে সদৌ তাই আহোম ছাত্র সন্থাৰ শিৱসাগৰ জিলা সমিতি । সংগঠনটোৱে এই ঘটনাৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি অতিশীঘ্ৰে দোষীক দৃষ্টান্ত মুলক শাস্তিৰ দাৱী তুলিছে । আজি সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক মানস সন্দিকৈয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই ঘটনাক আসুৰিক আখ্যা দি কয় যে, উক্ত অঞ্চলত এইটো দ্বিতীয় নাৰকীয় ঘটনা । প্ৰশাসনিক দূৰ্বলতাৰ বাবে এনে ঘটনা সংঘটিত হৈ আহিছে । সন্দিকৈয়ে সমগ্ৰ ঘটনাৰ বাবে বাগিছা কৰ্তৃপক্ষ আৰু প্ৰশাসনক দায়ী কৰি কয় যে , লকডাউনৰ চলি থকা সময়ত এনেদৰে বাগিছা এলেকাত শ শ মানুহ একত্ৰিত হোৱাৰ সুবিধা কেনেকৈ পালে ? বাগিছা কৰ্তৃপক্ষই কিয় তাৎক্ষণিক আৰক্ষীক অৱগত নকৰিলে ? আনহাতে এজন চাহ-জনগোষ্ঠীয় নেতা বিধায়ক হিচাবে থকা এই অঞ্চলটোত নিজ জনগোষ্ঠীৰ নতুন প্ৰজন্মক সামাজিক ভাৱে শিক্ষিত কৰিব নোৱাৰাতো অতি পৰিতাপৰ বিষয় বুলি সমালোচনা কৰিছে আটাছুৰ নেতা জনে । তাই আহোম ছাত্ৰনেতা জনে কয় যে, প্ৰতিক্ষেত্ৰতে অতি সৰৱতা প্ৰদৰ্শন কৰা বিধায়ক গৰাকীয়ে এই ঘটনাৰ সন্দৰ্ভত কিন্তু নীৰৱ দৰ্শকৰ ভূমিকা লৈছে । আছলতে নিজৰ মানুহৰ ওপৰতেই তেওঁৰ নিয়ন্ত্ৰণ নাই । যাৰ বাবে তেওঁৰ সমষ্টিত বাৰম্বাৰ এনে ঘটনাৰ সংঘটিত হৈছে । আনহাতে মৰেল পুলিচক নিয়ন্ত্ৰণ কৰাত চৰকাৰে কঠোৰ আৰু তাৎক্ষণিক পদক্ষেপ নোলোৱাৰ বাবেই , ঝংকাৰ,নীল-অভি,পৰাগজ্যোতি আৰু দেৱাশীষ হত্যাৰ দৰে নাৰকীয় ঘটনা বাৰে বাৰে সংঘটিত হৈ আহিছে । দেৱাশীষ হত্যাৰ ঘটনাত জড়িত যাতে কোনো সাৰি যাব নোৱাৰে তাৰ প্ৰতি কঠোৰ দৃষ্টি দিবলৈ সংগঠনটোৱে দাবী জনোৱাৰ লগতে মৰেল পুলিচৰ নাৰকীয় কাণ্ডৰ বলি পৰিয়ালৰ এক উজ্জ্বল সম্ভাৱনা হিচাবে থকা দেৱাশীষৰ পৰিয়াল আৰু আহত আদিত্যৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ দাবী জনায়  ।

লক ডাউন – ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰান্ধনী হলগৈ পদ পথৰ ৰান্ধনী । মুকালমুৱাৰ মনোজ মেধিয়ে পদ পথত দিলে চাহৰ দোকান।

লক ডাউন - ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰান্ধনী হলগৈ পদ পথৰ ৰান্ধনী । মুকালমুৱাৰ মনোজ মেধিয়ে পদ পথত দিলে চাহৰ দোকান।

মুকালমুৱা

কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে চৰকাৰে ঘোষণা কৰা দীঘলীয়া  লকডাউনৰ বাবে বহু লোকৰ জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়া যেন সলনি হৈ গৈছে। নিজৰ দৈনন্দিন কৰ্মৰাজী বন্ধ হৈ পৰাৰ ফলত নিজৰ লগতে পৰিয়ালৰ খৰছ উলিওৱাৰ বাবে বহু লোকে নিজৰ জীৱিকা পৰ্য্যন্ত সলনি কৰিবলগীয়া হৈছে। অসমৰ এটি অন্যতম উদ্যোগ ভ্ৰাম্যমান থিয়েটাৰৰ ও বহু সৰু বৰ কলা কুশলী এতিয়া দৈনন্দিন জীৱন প্ৰক্ৰিয়া স্তব্ধ হৈ পৰাৰ ফলত অইন জীৱিকাত ব্যস্ত হৈ পৰিবলৈ যেন এক প্ৰকাৰ বাধ্য হৈ পৰিছে । ভ্ৰাম্যমাণ থিয়েটাৰ এখনত আমি দেখি থকা অভিনেতা অভিনেত্ৰী সকলৰ উপৰিও গাড়ীচালকৰ পৰা ধোবা গৰাকীলৈ , মেকআপ শিল্পী সকলৰ পৰা গায়ক গায়িকা , বৈদ্যযন্ত্ৰ চালক  সকললৈ , মঞ্চ আৰু পেণ্ডেল সাজি উলিওৱা শিল্পী গৰাকীৰ পৰা চাহ ভাত বনাই দিয়া লৰা জনলৈ বহু লোকৰ জীৱন জীৱিকা জড়িত হৈ থাকে। লক ডাউনৰ বাবে বহু এনেকুৱা কলা কুশলী এতিয়া ঘূৰি আহিছে নিজৰ আপোন গাওঁখনলৈ । মুকালমুৱাৰ টেঘেৰিয়াটাৰী নিবাসী মনোজ মেধিও লকডাউনৰ ফলত ভ্ৰাম্যমাণ থিয়েটাৰ বন্ধ  হৈ থকা বাবে উভতি আহিছিল নিজৰ ঘৰখনলৈ। বিগত ১৩  বছৰ ধৰি বিভিন্ন সৰু বৰ ভ্ৰাম্যমাণ গোষ্ঠীৰ লগত ৰান্ধনী হিচাবে জড়িত মনোজ মেধি (বয়স প্ৰায় ৩৯ বছৰ) ভ্ৰাম্যমাণ গোষ্ঠী সমূহৰ মাজত লম্বু বুলিয়ে পৰিচিত। প্ৰায় ৬ ফুট ১০ ইঞ্চি উচ্চতাৰ এই সহজ সৰল যুৱকজনে ঘৰৰ আৰ্থিক অৱস্থা বেয়া হোৱা হেতুকেই মুকালমুৱা ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত শিক্ষা সমাপ্ত কৰি ঘৰৰ পৰা ওলাই গৈছিল  জীৱিকাৰ সন্ধানত। গুৱাহাটীৰ বিভিন্ন হোটেলত কেইবছৰমান কাম কৰি  পিছত তেওঁ ৰাজশ্ৰী থিয়েটাৰত ৪ বছৰ , বৃন্দাবন থিয়েটাৰত ৩ বছৰ , ইতিহাস থিয়েটাৰত ১ বছৰ , বৰদৈচিলা  থিয়েটাৰত ১ বছৰ , সূৰ্য্য থিয়েটাৰত ১ বছৰ আৰু বিভিন্ন সৰু বৰ থিয়েটাৰ গোষ্ঠীৰ লগত বিগত প্ৰায় ১৩ বছৰ জড়িত হৈ আছিল। নিজৰ সুস্বাদু ব্যঞ্জনেৰে বহু অভিনেতা অভিনেত্ৰীৰ অৱসাদ দূৰ কৰি  প্ৰশংসা  বুটলিবলৈ সক্ষম হোৱা লম্বু ভ্ৰাম্যমাণ উদ্যোগ বন্ধ হৈ থকা বাবে এতিয়া নিজ গাওঁৰ পদপথত এখন সৰু চাহৰ হোটেল দি জীৱিকা চলাই আছে।  পথাৰত খেতি কৰিবলৈ খেতি মাটিও নোহোৱা মনোজৰ বাবে হৈ পৰিছিল লকডাউন এক অভিশাপ স্বৰূপ । ঘৰত থকা নিজৰ ৭০ বছৰীয়া মাতৃ আৰু পত্নীৰ লগতে ঘৰখনৰ উপাৰ্জনৰ একমাত্ৰ ভৰষা হল মনোজ। মনোজ ওৰফে লম্বুৰ দৰে বহু লোক এতিয়া এই উদ্যোগতো বন্ধ হোৱা বাবে  নিজৰ জীৱন জীৱিকাৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে। এতিয়া ৰাজ্যৰ চাৰিওপিনে থকা এনেকুৱা কলা-কুশলী বোৰৰ বাবে চৰকাৰৰ তৰফৰ পৰাও কিবা সহায় সহযোগ আগবঢ়োৱাৰ দাবী উত্থাপন কৰি আহিছে ৰাইজে  । অনাগত দিনত অসমৰ সংস্কৃতি ও সুনাম বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ সক্ষম হোৱা এই উদ্যোগতোৰ কলা-কুশলীৰ প্ৰতি চৰকাৰে কিবা  ব্যৱস্থা লব বুলিও জানিব পৰা গৈছে  যদিও এই ক্ষেত্ৰত কৃষি বিভাগৰ আঁচনিৰ দৰে বিভাগীয় সুৰুঙাৰ মেৰপেছত পৰি প্ৰকৃত হিতাধিকাৰী যাতে বঞ্চিত নহয় তাৰ বাবেও ৰাইজে দাবী জনাইছে। ইফালে মুকালমুৱাৰ এই যুৱক গৰাকীক নগদ তিনি হেজাৰ টকাৰে সহায় আগবঢ়ায় বৰতলা গাঁৱৰ পঞ্চায়ত প্ৰতিনিধি প্ৰীতম গোস্বামীয়ে। 

দিল্লী,চেন্নাই,গোৱা,শিলুগুৰি,মহাৰাষ্ট্ৰ,তেলেংগানা আদি বৰ্হিৰাজ্যৰ পৰা অহা ৩৭৬ গৰাকী ব্যক্তি ওৰাং মাজবাট,ৰৌতাৰ কোৱাৰেনটাইন কেন্দ্ৰত ।

ওদালগুৰি  পৰা নব কুমাৰ ডেকাঃ

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ  অন্তৰ্গত মাজবাট মহাবিদ্যালয় শিৱিৰত ৯৮ জন ,  মাজবাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ৫ জন,ৰৌতা আৰক্ষী থানাৰ অধীনস্থ  দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গাৰ্লছ হোষ্টেলত ৮১,ৰৌতা পৰিদৰ্শন ভবনত ৪জন ইয়াৰে এগৰাকী গৰ্ভবতী মহিলা, কস্তুুবা বালিকা আবাসিক  বিদ্যালয়ত  ৩৭জন,ৰৌতা  আদৰ্শ চিকিৎসালয়ত ১০ গৰাকী,ওৰাং আৰক্ষী থানাৰ অধীনত ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ২০জন,কলাগুৰু  বিষ্ণুৰাভা কলেজত ১১৭জন আৰু পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ৪জনকৈ মুঠ  ৩৭৬ গৰাকী হ’লবহি: ৰাজ্যৰ  মহাৰাষ্ট্ৰ, দিল্লী, চেন্নাই, হাইদৰাবাদ, তেলেংগানা, দিল্লী, গোৱা, শিলুগুৰি আদিৰ পৰা অহা লোকক প্ৰশাসনে শিৱিৰস্ত কৰিছে  । ইতিমধ্যে ওদালগুৰি জিলাত  বিভিন্ন শিৱিৰ সমূহত উক্ত বহি: ৰাজ্যৰ পৰা অহা লোক সকলক কোৱাৰেনটিন কৰা বুলি প্ৰশাসনৰ তৰফৰ পৰা জনা গৈছে ।আজি ১জুনত ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা কলেজত দিল্লী,গোৱা ,চেন্নাই,শিলুগুৰিৰ পৰা অহা ৯৫ গৰাকীক কোৱাৰেনটাইন ব্যৱস্থাপনাত ৰখা হৈছে ৷

অবিভক্ত নগাঁও জিলাত কাঠফুৰাৰ দৰে গঢ়ি উঠিছে অবৈধ ফাৰ্মাচী । ফাৰ্মাচীত ঔষধৰ পৰিবৰ্তে বিক্ৰী হয় নিচা জাতীয় দ্ৰব্য ।

এ জে আকন্দ‌, নগাঁও :

অবিভক্ত নগাঁও জিলাত চিকিৎসা সেৱাৰ নামত চলিছে মুন্নাবাই এম বি বি এচৰ দপদপনি। জিলাখনৰ বিশেষকৈ চহৰৰ-নগৰ আৰু গাঁও অঞ্চলৰ একাংশ ভিতৰুৱা ঠাইত অবাধে চলাই গৈছে মন্নাবাইৰূপী চিকিৎসকে চিকিৎসা সেৱা। একাংশ সহজ-সৰল লোকৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি চলাই গৈছে এনে কাৰ্য। যাৰ ফলত বেমাৰীয়ে আৰোগ্য লাভ কৰাটোতো দূৰৰে কথা বেমাৰৰ পৰিমানৰ বৃদ্ধি পোৱাৰ অভিযোগ পোৱা গৈছে। আনহাতে, অবিভক্ত জিলাখনৰ অলিয়ে গলিয়ে কাঠফুৰাৰ দৰে গঢ়ি উঠিছে অবৈধ ফাৰ্মাচী। বিভাগীয় নিয়ম অনুসৰি, প্ৰতিটো ফাৰ্মাচীত এগৰাকী ফাৰ্মাচিষ্ট থাকিব লাগে যদিও অধিকাংশ ফাৰ্মাচীতে নাই ফাৰ্মাচিষ্ট। আনকি, ফাৰ্মাচিষ্ট থকাটোতো দূৰৰে কথা মেট্ৰিকৰ দেওনা পাৰ নোহোৱা তথা স্বাস্থ্য সম্পৰ্কত কোনো জ্ঞান নথকা লোকেও চলাই গৈছে চিকিৎসা সেৱাৰ লগতে ঔষধ বিক্ৰী কাৰ্য। আনহাতে, চৰকাৰী অনুজ্ঞাপত্ৰৰ বাবে ফাৰ্মাচিষ্টৰ প্ৰয়োজন যদিও তেওঁলোকৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰখন ভাৰাতে আনি বিভাগীয় ভাবে অনুজ্ঞাপত্ৰ লাভ কৰাৰ অভিযোগ সৰ্বত্ৰ উঠিছে। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ জুৰীয়া, ৰূপহী, লাওখোৱা, দগাঁও, গড়াজান, সুতিৰপাৰ, ছাইদৰীয়া, বালিকা, বৰঘাট, বৰমা, কাৱৈমাৰী, আমবাগান, নলতলি, চামগুৰি, কুঠুৰী, আমনি, মিছা, জখলাবন্ধ, বঢ়মপুৰ, নগাঁও, ধিং গেট, ইছলামপট্টি, বৰভেটি, চলচলি, বটদ্ৰৱা, ধিং, ডুমডুমীয়া, ৰহা, চাপৰমুখ, ডবকা, লংকা, হোজাই, ৰাঙলু, কচুৱা আদিকে ধৰি বহু ঠাইত গঢ়ি উঠিছে অবৈধ ফাৰ্মাচী। এইদৰে সততে গঢ়ি উঠা ফাৰ্মাচীৰ বিৰুদ্ধে নগাঁও ঔষধ পৰিদৰ্শক নামৰ বিয়াগোম বিভাগটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নজিৰ নাই। ইয়াৰ বিপৰীতে এইসমুহ ফাৰ্মাচীৰ পৰা মাহেকীয়া হিচাপত এক নিৰ্দিষ্ট পৰিমাণৰ ধন আদায় কৰাৰ অভিযোগ সৰ্বত্ৰ উঠিছে। অতি আচৰ্যজনক কথাটো এই যে একাংশ ফাৰ্মাচীত নিচা জাতীয় দ্ৰব্য বিক্ৰী কৰাত নৱ প্ৰজন্মৰ বহু যুৱকৰ জীৱনত ঘোৰ অমানিশা নমাই আনিছে। এইদৰে মানৱ দেহৰ বাবে ধ্বংস ৰূপী এই ফাৰ্মাচীৰ বিৰুদ্ধে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবনে ? এতিয়া লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে।

জুৰীয়াৰ বৰালিমাৰী-ফুৰহানিআটি গাঁও পঞ্চায়ত একাধিক চৰকাৰী আঁচনিত কোটি টকীয়া কেলেংকাৰী ।

নগাঁওঃ

নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰালিমাৰী ফুৰহানি আটি গাঁও পঞ্চায়তত বিভিন্ন আচনি ৰূপায়ণৰ নামত কেৱল  নামমাত্ৰ কাম কৰি লুন্ঠন চলোৱাৰ অভিযোগ কৰিছে আৰ টি আই কৰ্মী এ জে আকন্দয়ে । উত্থাপিত অভিযোগ অনুসৰি, পঞ্চায়তটোৰ সভাপতি আব্দুলাই  এম জি এনৰেগাৰ প্ৰায়বোৰ আচনিত নামমাত্ৰ কাম কৰিয়েই ভূৱা জব কাৰ্ডৰ জৰিয়তে চি এচ পিৰ লগত মিলি লাখ লাখ টকা আত্মসাত কৰিছে। বিভাগীয় নিয়ম অনুসৰি, জব কাৰ্ড শ্ৰমিকৰ জৰিয়তে এনৰেগাৰ কাম কৰিব লাগে যদিও স্থানীয় শ্ৰমিকক বঞ্চিত কৰি ট্ৰেক্টৰৰ জৰিয়তে কাম সম্পাদন কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াইছে স্থানীয় জি আৰ এচ গৰাকী। জানিব পৰা মতে, শ শ ভূৱা কাৰ্ডৰ নামৰ বিপৰীতে নিজৰ হাতৰ ছাপ ব্যৱহাৰ কৰি সোৱে বাৱে লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ সভাপতি আব্দুল্লাৰ বিৰুদ্ধে উঠিছে। অকল এনৰেগাই নহয় চতুৰ্দশ বিত্তীয় আয়োগ, পঞ্চম বিত্তীয় আয়োগ, চতুৰ্থ বিত্তীয় আয়োগৰ অধীনত আচনিসমুহৰ বিপৰীতে আবন্টিত প্ৰায় কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উঠিছে। বিভাগীয় নিয়ম অনুসৰি, নিজৰ আত্মীয়ৰ নামত যোগনীয়াৰ প্ৰতিষ্ঠান খুলি নামমাত্ৰ কাম কৰিয়েই পঞ্চায়ত সচিবৰ সৈতে মিলি বৃহৎ পৰিমাণৰ ধনৰ ওপৰত লুন্ঠন চলাইছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচনিত কেবা শতাধিক ভূৱা কৃষকৰ নামত চি এচ পিৰ জৰিয়তে ধন উঠাই লোৱাৰ অভিযোগ উঠিছে। জানিব পৰা মতে, নিজৰ হাতৰ ছাপ ব্যৱহাৰ কৰা ভূৱা জব কাৰ্ড শ্ৰমিকৰ একাউণ্ট পি এম কৃষাণ আচনিত ব্যৱহাৰ কৰি কেবা লক্ষাধিক টকা আত্মসাত কৰাৰ অভিযোগৰ কথা পঞ্চায়তজুৰি চৰ্চা চলিছে। ইতিমধ্যে এগৰাকী কৃষকে স্থানীয় আৰক্ষী থানাত গোচৰ তৰাৰ পিছত তেওঁক গোচৰ উঠাই লবলৈ উঠি পৰি লাগিছে। উল্লেখ্য যে বিগত পঞ্চায়ত কাৰ্যকালত নিজৰ পত্নী সভানেত্ৰী।হোৱাৰ সুবাদতে বিভিন্ন আচনিত লুন্ঠন চলাই কোটিপতিৰ গৰাকী হবলৈ সক্ষম হৈছে দুৰ্নীতিপৰায়ন আব্দুল্লাই। এই সমগ্ৰ আচনিতে তদন্ত কৰিলেই উলাই পৰিব দুৰ্নীতি-অনিয়মৰ সমগ্ৰ তথ্য। পঞ্চায়তটোত বিগত দুটা কাৰ্যকালত সংঘটিত হোৱা বিভিন্ন চৰকাৰী আচনিৰ বিপৰীতে হোৱা দুৰ্নীতি সন্দৰ্ভত অসম চৰকাৰৰ দুৰ্নীতি নিবাৰণ শাখাত গোচৰ তৰাৰ প্ৰস্তুতি চলোৱা কথা আৰ টি আই কৰ্মী এ জে আকন্দয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে জনাইছে।

লকডাউনত বিপৰ্যয়ৰ সন্মুক্ষীণ কাজিৰঙাৰ পৰ্যটন উদ্যোগ । হোটেল-ৰেষ্টুৰেন্ট-লজ-ধাৱা-জীপ- চাফাৰীৰ ব্যৱসায়ৰ লগত জড়িত হেজাৰ হেজাৰ লোক কৰ্মহীন ৷

দ্বীপেন শইকীয়া

লকডাউনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন উদ্যোগটো চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে। পৰ্যটনৰ ক্ষেত্ৰত কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনেই বিগত এপ্ৰিল-মে’ মাহৰ সময়ছোৱাৰ ভিতৰত ডেৰ কোটিৰো অধিক টকা লোকচানৰ সন্মুখীনৰ প্ৰভাৱত পৰিছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে প্ৰকাশ কৰা অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ প্ৰতিটো বৰ্ষৰ ১৫ মে’ৰ আগত অন্ত পৰে। এপ্ৰিল-মে’ মাহৰ সময়ছোৱাৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যান খনলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ পৰা ডেৰ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছিল।এইবাৰ তলাবন্ধৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যান খন বন্ধ থকাত এই মাহ দুটাত এটকাও উপাৰ্জন কৰিবলৈ সক্ষম নহ’ল। যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যান খনে বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগীয়া হয়।
ৰাষ্ট্ৰীয় উদ্যান খনৰ সঞ্চালক জনে আৰু সদৰী কৰা অনুসৰি,এই বৰ্ষটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ ক্ষেত্ৰ খনলৈ দুৰ্যোগ নামি আহে জানুৱাৰী মাহৰ পৰাই।সেই সময়ত ৰাজ্য খনত তীব্ৰতৰ হৈ থকা কা বিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী- বিদেশী পৰ্যটকৰ আগমন যথেষ্ট পৰিমাণে হ্ৰাস পায়। আনহাতে, যোৱা ফেব্ৰুৱাৰী-মাৰ্চ মাহত ৰাষ্ট্ৰীয় উদ্যান খনলৈ কিছু সংখ্যক পৰ্যটকৰ আগমণ ঘটে যদিও কৰ’ণাৰ আতংকৰ বাবে লগতে যোৱা ২৪ মাৰ্চৰ পৰা বলবৎ কৰা তলাবন্ধৰ বাবে আজি পৰ্যন্ত দুমাহৰো অধিক কাল বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হৈ আছে।ফলত ৰাষ্ট্ৰীয় উদ্যান খনলৈ এজনো দেশী- বিদেশী পৰ্যটকৰ আগমন ঘটা নাই।ইয়াৰ লগে লগেই ৰাষ্ট্ৰীয় উদ্যান খনৰ পৰ্যটন ক্ষেত্ৰ খনলৈ নামি আহে চৰম বিপৰ্যয়।
ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি গঢ়ি উঠা পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত হেজাৰ হেজাৰ লোকৰ জীৱনলৈকো তলাবন্ধই চৰম বিপৰ্যয় নমাই অনা পৰিলক্ষিত হৈছে। দীঘলীয়া তলাবন্ধৰ ফলত একপ্ৰকাৰৰ কৰ্মহীন হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যান খনৰ আশে পাশে থকা হোটেল,ৰেষ্টুৰেন্ট,ধাৱা,লজৰ ব্যৱসায়ী সকল আৰু তাত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰী সকলো।তলাবন্ধৰ বাবে দুমাহৰো অধিক কাল ৰাষ্ট্ৰীয় উদ্যান খন বন্ধ হৈ থকাত বন্ধ হৈ পৰে জীপ চাফাৰী,হাতী চাফাৰীও।জীপ চাফাৰী,হাতী চাফাৰীৰ লগত জড়িত শ শ লোকৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। স্মৰ্তব্য যে, কাজিৰঙাৰ পৰ্যটন উদ্যোগটোৰ সৈতে সংপৃক্ত কেতবোৰ ব্যৱসায়ৰ লগত অঞ্চলটোৰ প্ৰায় পাঁচ হেজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী জড়িত হৈ জীৱিকা নিৰ্বাহ কৰিছিল।কা বিৰোধী আন্দোলনৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা কাজিৰঙাৰ পৰ্যটন উদ্যোগটো, হোটেল,ধাৱা,লজ,ৰেষ্টুৰেন্ট,জীপ চাফাৰীৰ লগত জড়িত লোক সকলে পৰৱৰ্তী সময়ত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে দেশজুৰি বলবৎ কৰা তলাবন্ধৰ সময়ত জীৱিকাকে হেৰুৱাই দিক বিদিক হেৰুৱাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।এই লোক সকলৰ বাবে চৰকাৰে কিবা চিন্তা কৰিবনে ? এইটো তেওঁ লোকৰ সন্মুখত এক উত্তৰ বিহীন প্ৰশ্ন হৈ ঠিয় দিছে ৷
ইপিনে,আগৰ দৰে এইবাৰো অহা অক্টোবৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খন পুনৰ মুকলি কৰাৰ সম্ভাৱনা আছে যদিও একেআষাৰে কোৱা বৰ্তমান সময়ত অতিকৈ সহজ নহব ৷

ভ্ৰাম্যভাষঃ  ৮৭২৪৯-১০১৪৪

মাৰ্ঘেৰিটাত আৰম্ভ হল বিধান সভা নিৰ্বাচনৰ কোচ কাৱাজ ৷ বিধায়ক ভাস্কৰ শৰ্মা বনাম লক্ষ্য কোৱৰ কোনে লাভ কৰিব প্ৰাৰ্থিত্ব ৷ দুই ফৈদৰ মাজত আৰম্ভ হল প্ৰাৰ্থিত্বকেন্দ্ৰীক সংঘাত ৷

মাৰ্ঘেৰিটাত আৰম্ভ হল বিধান সভা নিৰ্বাচনৰ কোচ কাৱাজ৷ বিধায়ক ভাস্কৰ শৰ্মা বনাম লক্ষ্য কোৱৰ কোনে লাভ কৰিব প্ৰাৰ্থিত্ব৷

তিনিচুকীয়াঃ

কৰোনাৰ আতংকৰ মাজতেই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনৰ গৰম বতাহ৷ কিয়নো ২০২১ৰ বিধান সভাৰ নিৰ্বাচনলৈ আৰু বেচি দিন নাই৷ সেয়েহে কিছুদিনৰ পৰা সমষ্টিটোত নিৰ্বাচনৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে৷ বৰ্তমানে বিজেপিৰ দখলত থকা সমষ্টিটো পূৰ্বে কংগ্ৰেছৰ বাবে দুৰ্গস্বৰূপ আছিল, যদিও ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছে মুখ থেকেচা খাবলগীয়া হয়৷ ইয়াৰ পিছতে একপ্ৰকাৰে ককাল ভাঙি পৰা কংগ্ৰেছৰ অস্তিত্ব সমষ্টিটোত বৰ্তমানে শূণ্য বুলিয়েই কব পাৰি৷ ২০১৬ চনৰ নিৰ্বাচনতে কংগ্ৰেছে মুখ ঠেকেচা খোৱাৰ পিছতে আজিও গা কৰি উঠিব নোৱাৰিলে৷ এটা বছৰৰ পিছতেই ২০২১ চনত ৰাজ্যত পুনৰ আৰম্ভ হব বিধান সভাৰ নিৰ্বাচন৷ তেনে সময়তো  সমষ্টিটোত কংগ্ৰেছৰ কোনো সাৰ সুৰ নথকাৰ বিপৰীতে শাসকীয় দল বিজেপিৰ ভিতৰ চৰাত বৰ্তমানে গা কৰি উঠিছে প্ৰাৰ্থিত্বকেন্দ্ৰীক সংঘাত৷ বিগত নিৰ্বাচনত কেইবাজনো প্ৰাথিত্ব প্ৰত্যাক্ষীৰ মাজত বিধায়ক ভাস্কৰ শৰ্মাই প্ৰাথিত্ব লাভ কৰি বিজয়ী হৈছিল যদিও আগন্তুক বিধান সভা নিৰ্বাচন ভাস্কৰ শৰ্মাৰ বাবে হব প্ৰত্যাহ্বান৷ কিয়নো এইবাৰ সমষ্টিটোত দলীয় প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ হৈছে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোৱৰ৷ ছাত্ৰ অৱস্থাৰ পৰাই নেতৃত্বকামী মনোভাৱৰ লক্ষ্য কোৱৰ আছিল তাই আহোম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সম্পাদক৷ নিজৰ একাগ্ৰতা আৰু নেতৃত্ব সুলভ চৰিত্ৰৰ বাবেই লক্ষ্য কোৱৰে আটাছুৰ গুৱাহাটী মহানগৰ সমিতিৰ প্ৰচাৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ পিছতে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদকৰূপে মনোনিত হৈছিল৷ পৰবৰ্তী সময়ত তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ আসন অলংকৃত কৰিবলৈও সক্ষম হৈছিল লক্ষ্য কোৱৰ৷ ছাত্ৰ সংগঠন কৰি থাকোতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সানিধ্যলৈ অহা লক্ষ্য কোৱৰে স্বয়ং সৰ্বানন্দ সোনোৱালৰ ওচৰত ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি বৰ্তমানে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সদস্য সচিৱ হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে৷ ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত লক্ষ্য কোৱৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপিৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল যদিও প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম নহল৷ ৰাজনৈতিক ক্ষেত্ৰখনত আগুৱাই যোৱাৰ লক্ষ্যৰে ৰাজনীতিত যোগদান কৰা লক্ষ্য কোৱৰ এইবাৰ হব মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপিৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ৷ ইতিমধ্যে বিধায়ক ভাস্কৰ শৰ্মাক প্ৰত্যাহ্বান জনাই লক্ষ্য কোৱৰে সমষ্টিটোত আৰম্ভ কৰিছে নিৰ্বাচনৰ কোচ- কাৱাজ৷ এই ক্ষেত্ৰত ৰঙালী বিহুৰ পিছৰে পৰা সমষ্টিটোত লক্ষ্য কোৱৰৰ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে৷ যোৱা ১৪ মেত সমষ্টিটোৰ অন্তৰ্গত লেখাপানী জাগুনত অকস্মাতে উপস্থিত হৈ লক্ষ্য কোৱৰে চলিত বৰ্ষত বিদ্যুত পৃষ্ঠ হৈ, হাতীৰ আক্ৰমনত তথা পানীত ডুবি আকস্মিকভাবে মৃত্যু বৰণ কৰা কেইবাটাও পৰিয়ালৰ মাজত উপস্থিত হৈ পৰিয়ালবৰ্গৰ দুখত সমভাগী হোৱাৰ লগতে ব্যক্তিগতভাবে পৰিয়ালসমূহক আৰ্থিক সাহাৰ্যও প্ৰদান কৰাও দেখিবলৈ পোৱা গল৷ অকস্মাতে লক্ষ্য কোৱৰৰ এনে তৎপৰতা দেখি সচকিত হৈ পৰে বিধায়ক ভাস্কৰ শৰ্মা সহ আন এক বিজেপি লবী৷ ইয়াৰ দুদিন পিছতেই উক্ত পৰিয়ালসমূহৰত মাজত উপস্থিত হৈ বিধায়ক ভাস্কৰ শৰ্মায়ো সমবেদনা জনোৱা দেখিবলৈ পোৱা গল৷ এই ঘটনাই লক্ষ্য কোৱৰ আৰু বিধায়ক ভাস্কৰ শৰ্মাৰ মাজত যে ৰাজনৈতিক শীতল যুদ্ধ আৰম্ভ হৈছে, এই কথা স্পষ্ট কৰি তুলিলে৷ আনফালে লক্ষ্য কোৱৰে ইয়াতেই ক্ষান্ত নাথাকি বুঢ়িদিহিং মৌজাতো নিজৰ স্থিতি সবল কৰিবৰ বাবে বিভিন্নজনৰ লগত সাংগঠনিক ক্ষেত্ৰত আলোচনা বিলোচনা কৰি বিশেষভাবে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ লক্ষ্য কোৱৰৰ লবীত সমষ্টিটোৰ বহুকেইগৰাকী বচা বচা বিজেপি নেতা, ব্যৱসায়ীয়ে যোগ দিয়াৰ কথাও জানিব পৰা গৈছে৷ মুঠতে কৰোনাৰ আতংক চলি থকাৰ মাজতেই সমষ্টিটোত নিজৰ ভেটি মজবুত কৰিবলৈ উঠি পৰি লাগিছে লক্ষ্য কোৱৰ৷ লক্ষ্য কোৱৰে ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পৰাও সেউজ  সংকেট লাভ কৰাৰ কথা নিৰ্ভৰযোগ্য সূত্ৰে জানিব পৰা গৈছে৷ এতিয়া লক্ষ্য কোৱৰৰ তৎপৰতা দেখি বিধায়কৰ লবীত ব্যাপক ধুমুহাৰ সৃষ্টি হৈছে৷ বিধায়ক ভাস্কৰ শৰ্মায়ো সম্প্ৰতি লক্ষ্য কোৱৰৰ সমানেই তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ যি কি নহওক ২০২১ ত হবলগীয়া বিধানসভা নিৰ্বাচনৰ যুজখন যে মাৰ্ঘেৰিটা সমষ্টিত আকৰ্ষনীয় হব তাত কোনো সন্দেহ নাই৷ লক্ষ্য কোৱৰে প্ৰাৰ্থিত্ব লাভ কৰক বা নকৰক আগন্তুক নিৰ্বাচন বিধায়ক ভাস্কৰ শৰ্মাৰ বাবে যে হব ভীষন প্ৰত্যাহ্বান সেয়া খাটাং৷

ক’লা বজাৰত চৰকাৰী চাউল : টীয়কৰ এজন সাংবাদিকক আটক ।

কাকজানঃ 

যোৰহাট জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনৰ টীয়ক সমবায় সমিতিৰ টীয়ক বাম গুৱাল গাঁৱৰ সুলভ মূল্যৰ দোকানৰ এজেন্ট পার্থ হাজৰিকাক কালি টীয়ক আৰক্ষীয়ে আটক কৰে। প্ৰাপ্ত বাতৰি মতে দেশত চলি থকা লকডাউনৰ সময়ত ৰাজ্য চৰকাৰে দৰিদ্ৰ জনসাধাৰণৰ বাবে আগবঢ়োৱা চাউল ৰাইজক বঞ্চিত কৰি ক’লা বজাৰ বিক্ৰী কৰাৰ অভিযোগ উঠে। উক্ত অভিযোগৰ ভিত্তিত যোগান বিভাগে তদন্ত কৰি দোকানখন ছিল কৰি দিয়াৰ উপৰিও এজেন্ট পার্থ হাজৰিকাৰ বিৰুদ্ধে টীয়ক থানাত এক গোচৰ পঞ্জীয়ন কৰে। আৰক্ষীয়ে উক্ত গোচৰৰ ভিত্তিত হাজাৰিকাক আটক কৰি  জেল হাজোতলৈ প্ৰেৰণ কৰে। ইফালে এখন কাকতত আৰু এটি পৰ্টেল চেনেলত সংবাদ সেৱা কৰা পার্থ   ইউনিয়নৰ সদস্য আছিল । উক্ত ইউনিয়নৰ এক জৰুৰী বৈঠকত তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰা হৈছে বুলি সভাপতি সম্পাদকে জনাইছে ।

ৰহনৰ জোন বড়াই দেখুৱাইছে কৰ্ম-সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন ।

নৱ প্ৰজন্মৰ সন্মুখত আদৰ্শ হিচাপে ঠিয় দিছে চৰাইদেউ জিলাৰ এগৰাকী মহিলাই।

সোণাৰি: 

নৱ প্ৰজন্মৰ সন্মুখত আদৰ্শ হিচাপে ঠিয় দিছে চৰাইদেউ জিলাৰ এগৰাকী মহিলাই। সাপেখাতি ৰহনৰ এইগৰাকী মহিলাই প্ৰকৃতাৰ্থত দেখুৱাইছে কৰ্ম সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন। মহিলাগৰাকীৰ নাম জোন বড়া। চাৰিজনীয়া এটি সৰু পৰিয়ালৰ মহিলা গৰাকীয়ে মাছৰ পোনা বিক্ৰেতা হিচাপে নিয়োজিত কৰিছে নিজকে। নৱম শ্ৰেণীত অধ্যয়নৰত পুত্ৰ আৰু ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এগৰাকী কন্যাৰ মাতৃ এইগৰাকী জোন বড়া হ’ব পাৰে সমাজৰ আদৰ্শ। উল্লেখ কৰা প্ৰয়োজন যে অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰা এইগৰাকী মাতৃৰ দুয়োটি সন্তানেই ৰাজ্যিক পৰ্যায়ৰ দৌৰ তথা সন্তৰবিদ হিচাপে চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। মহিলা গৰাকীৰ স্বামী সম্প্ৰতি কেৰেলাৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত বুলি জানিব পৰা গৈছে। আনহাতে মহামাৰী কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ভয়াৱহৰূপে বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লক ডাউনে দেশৰ অৰ্থনীতিৰ ওপৰত বিশেষ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত দুবেলা দুসাঁজৰ বাবে সংগ্ৰাম কৰা প্ৰতিগৰাকী লোকেই যথেষ্ট অসুবিধাৰো সন্মুখীন হৈছে। তেনে সময়তে এখন দুচকীয়া বাহনৰ পাছফালে এটা পাত্ৰ বান্ধি মাছৰ পোনা বিক্ৰী কৰিবলৈ ওলাই অহা এইগৰাকী মহিলাৰ অৰ্থনৈতিক সংগ্ৰামে বাট দেখুৱাইছে বহুজনক। সহজতে টকা ঘটাৰ চিন্তাত নিমগ্ন এচাম লোকৰ বিপৰীতে সহজ সৰল মনৰ এইগৰাকী কৰ্মোদ্যমী মহিলাৰ অৰ্থনৈতিক সংগ্ৰামক এতিয়া প্ৰশংসা কৰিছে সচেতন মহলে।

মৰিগাৱৰ পৰা এজন যুৱক নিৰুদেশ মৰিগাৱৰ আহত গুৰি পৰা নিৰুদেশ যুৱক জন ।

মৰিগাৱৰ পৰা এজন যুৱক নিৰুদেশ মৰিগাৱৰ আহত গুৰি পৰা নিৰুদেশ যুৱক জন

মৰিগাওঁঃ  

মৰিগাৱৰ জিলা সদৰ আৰক্ষী থানা অন্তৰ্গত  এজন যুৱক নিৰুদেশ মৰিগাৱৰ আহত গুৰি নিবাসী হন দাসৰ প্ৰথম পুত্ৰ সুমনাথ দাস নামৰ যুৱক জন ২৯ মে ত ঘৰৰ পৰা  চাইকেল লৈ উলাই যোৱাৰ পিছৰ পৰা বৰ্তমানলৈ নিৰুদেশ হয় আছে । জানিৱ পৰা মতে যুৱক জন  মানসিক ভাৱে বিকাৰগ্ৰস্ত, কোনো লোকে যদি যুৱক জনৰ সন্ধান পাই তেন্তে 9101007919   নম্বৰত যোগাযোগ কৰিবলৈ অনুৰুধ জনাই পৰিয়ালৰ লোকে ।