Home Blog Page 3329

অবিভক্ত নগাঁও জিলাত কাঠফুৰাৰ দৰে গঢ়ি উঠিছে অবৈধ ফাৰ্মাচী । ফাৰ্মাচীত ঔষধৰ পৰিবৰ্তে বিক্ৰী হয় নিচা জাতীয় দ্ৰব্য ।

এ জে আকন্দ‌, নগাঁও :

অবিভক্ত নগাঁও জিলাত চিকিৎসা সেৱাৰ নামত চলিছে মুন্নাবাই এম বি বি এচৰ দপদপনি। জিলাখনৰ বিশেষকৈ চহৰৰ-নগৰ আৰু গাঁও অঞ্চলৰ একাংশ ভিতৰুৱা ঠাইত অবাধে চলাই গৈছে মন্নাবাইৰূপী চিকিৎসকে চিকিৎসা সেৱা। একাংশ সহজ-সৰল লোকৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি চলাই গৈছে এনে কাৰ্য। যাৰ ফলত বেমাৰীয়ে আৰোগ্য লাভ কৰাটোতো দূৰৰে কথা বেমাৰৰ পৰিমানৰ বৃদ্ধি পোৱাৰ অভিযোগ পোৱা গৈছে। আনহাতে, অবিভক্ত জিলাখনৰ অলিয়ে গলিয়ে কাঠফুৰাৰ দৰে গঢ়ি উঠিছে অবৈধ ফাৰ্মাচী। বিভাগীয় নিয়ম অনুসৰি, প্ৰতিটো ফাৰ্মাচীত এগৰাকী ফাৰ্মাচিষ্ট থাকিব লাগে যদিও অধিকাংশ ফাৰ্মাচীতে নাই ফাৰ্মাচিষ্ট। আনকি, ফাৰ্মাচিষ্ট থকাটোতো দূৰৰে কথা মেট্ৰিকৰ দেওনা পাৰ নোহোৱা তথা স্বাস্থ্য সম্পৰ্কত কোনো জ্ঞান নথকা লোকেও চলাই গৈছে চিকিৎসা সেৱাৰ লগতে ঔষধ বিক্ৰী কাৰ্য। আনহাতে, চৰকাৰী অনুজ্ঞাপত্ৰৰ বাবে ফাৰ্মাচিষ্টৰ প্ৰয়োজন যদিও তেওঁলোকৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰখন ভাৰাতে আনি বিভাগীয় ভাবে অনুজ্ঞাপত্ৰ লাভ কৰাৰ অভিযোগ সৰ্বত্ৰ উঠিছে। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ জুৰীয়া, ৰূপহী, লাওখোৱা, দগাঁও, গড়াজান, সুতিৰপাৰ, ছাইদৰীয়া, বালিকা, বৰঘাট, বৰমা, কাৱৈমাৰী, আমবাগান, নলতলি, চামগুৰি, কুঠুৰী, আমনি, মিছা, জখলাবন্ধ, বঢ়মপুৰ, নগাঁও, ধিং গেট, ইছলামপট্টি, বৰভেটি, চলচলি, বটদ্ৰৱা, ধিং, ডুমডুমীয়া, ৰহা, চাপৰমুখ, ডবকা, লংকা, হোজাই, ৰাঙলু, কচুৱা আদিকে ধৰি বহু ঠাইত গঢ়ি উঠিছে অবৈধ ফাৰ্মাচী। এইদৰে সততে গঢ়ি উঠা ফাৰ্মাচীৰ বিৰুদ্ধে নগাঁও ঔষধ পৰিদৰ্শক নামৰ বিয়াগোম বিভাগটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নজিৰ নাই। ইয়াৰ বিপৰীতে এইসমুহ ফাৰ্মাচীৰ পৰা মাহেকীয়া হিচাপত এক নিৰ্দিষ্ট পৰিমাণৰ ধন আদায় কৰাৰ অভিযোগ সৰ্বত্ৰ উঠিছে। অতি আচৰ্যজনক কথাটো এই যে একাংশ ফাৰ্মাচীত নিচা জাতীয় দ্ৰব্য বিক্ৰী কৰাত নৱ প্ৰজন্মৰ বহু যুৱকৰ জীৱনত ঘোৰ অমানিশা নমাই আনিছে। এইদৰে মানৱ দেহৰ বাবে ধ্বংস ৰূপী এই ফাৰ্মাচীৰ বিৰুদ্ধে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবনে ? এতিয়া লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে।

জুৰীয়াৰ বৰালিমাৰী-ফুৰহানিআটি গাঁও পঞ্চায়ত একাধিক চৰকাৰী আঁচনিত কোটি টকীয়া কেলেংকাৰী ।

নগাঁওঃ

নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰালিমাৰী ফুৰহানি আটি গাঁও পঞ্চায়তত বিভিন্ন আচনি ৰূপায়ণৰ নামত কেৱল  নামমাত্ৰ কাম কৰি লুন্ঠন চলোৱাৰ অভিযোগ কৰিছে আৰ টি আই কৰ্মী এ জে আকন্দয়ে । উত্থাপিত অভিযোগ অনুসৰি, পঞ্চায়তটোৰ সভাপতি আব্দুলাই  এম জি এনৰেগাৰ প্ৰায়বোৰ আচনিত নামমাত্ৰ কাম কৰিয়েই ভূৱা জব কাৰ্ডৰ জৰিয়তে চি এচ পিৰ লগত মিলি লাখ লাখ টকা আত্মসাত কৰিছে। বিভাগীয় নিয়ম অনুসৰি, জব কাৰ্ড শ্ৰমিকৰ জৰিয়তে এনৰেগাৰ কাম কৰিব লাগে যদিও স্থানীয় শ্ৰমিকক বঞ্চিত কৰি ট্ৰেক্টৰৰ জৰিয়তে কাম সম্পাদন কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াইছে স্থানীয় জি আৰ এচ গৰাকী। জানিব পৰা মতে, শ শ ভূৱা কাৰ্ডৰ নামৰ বিপৰীতে নিজৰ হাতৰ ছাপ ব্যৱহাৰ কৰি সোৱে বাৱে লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ সভাপতি আব্দুল্লাৰ বিৰুদ্ধে উঠিছে। অকল এনৰেগাই নহয় চতুৰ্দশ বিত্তীয় আয়োগ, পঞ্চম বিত্তীয় আয়োগ, চতুৰ্থ বিত্তীয় আয়োগৰ অধীনত আচনিসমুহৰ বিপৰীতে আবন্টিত প্ৰায় কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উঠিছে। বিভাগীয় নিয়ম অনুসৰি, নিজৰ আত্মীয়ৰ নামত যোগনীয়াৰ প্ৰতিষ্ঠান খুলি নামমাত্ৰ কাম কৰিয়েই পঞ্চায়ত সচিবৰ সৈতে মিলি বৃহৎ পৰিমাণৰ ধনৰ ওপৰত লুন্ঠন চলাইছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচনিত কেবা শতাধিক ভূৱা কৃষকৰ নামত চি এচ পিৰ জৰিয়তে ধন উঠাই লোৱাৰ অভিযোগ উঠিছে। জানিব পৰা মতে, নিজৰ হাতৰ ছাপ ব্যৱহাৰ কৰা ভূৱা জব কাৰ্ড শ্ৰমিকৰ একাউণ্ট পি এম কৃষাণ আচনিত ব্যৱহাৰ কৰি কেবা লক্ষাধিক টকা আত্মসাত কৰাৰ অভিযোগৰ কথা পঞ্চায়তজুৰি চৰ্চা চলিছে। ইতিমধ্যে এগৰাকী কৃষকে স্থানীয় আৰক্ষী থানাত গোচৰ তৰাৰ পিছত তেওঁক গোচৰ উঠাই লবলৈ উঠি পৰি লাগিছে। উল্লেখ্য যে বিগত পঞ্চায়ত কাৰ্যকালত নিজৰ পত্নী সভানেত্ৰী।হোৱাৰ সুবাদতে বিভিন্ন আচনিত লুন্ঠন চলাই কোটিপতিৰ গৰাকী হবলৈ সক্ষম হৈছে দুৰ্নীতিপৰায়ন আব্দুল্লাই। এই সমগ্ৰ আচনিতে তদন্ত কৰিলেই উলাই পৰিব দুৰ্নীতি-অনিয়মৰ সমগ্ৰ তথ্য। পঞ্চায়তটোত বিগত দুটা কাৰ্যকালত সংঘটিত হোৱা বিভিন্ন চৰকাৰী আচনিৰ বিপৰীতে হোৱা দুৰ্নীতি সন্দৰ্ভত অসম চৰকাৰৰ দুৰ্নীতি নিবাৰণ শাখাত গোচৰ তৰাৰ প্ৰস্তুতি চলোৱা কথা আৰ টি আই কৰ্মী এ জে আকন্দয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে জনাইছে।

লকডাউনত বিপৰ্যয়ৰ সন্মুক্ষীণ কাজিৰঙাৰ পৰ্যটন উদ্যোগ । হোটেল-ৰেষ্টুৰেন্ট-লজ-ধাৱা-জীপ- চাফাৰীৰ ব্যৱসায়ৰ লগত জড়িত হেজাৰ হেজাৰ লোক কৰ্মহীন ৷

দ্বীপেন শইকীয়া

লকডাউনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন উদ্যোগটো চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে। পৰ্যটনৰ ক্ষেত্ৰত কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনেই বিগত এপ্ৰিল-মে’ মাহৰ সময়ছোৱাৰ ভিতৰত ডেৰ কোটিৰো অধিক টকা লোকচানৰ সন্মুখীনৰ প্ৰভাৱত পৰিছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে প্ৰকাশ কৰা অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ প্ৰতিটো বৰ্ষৰ ১৫ মে’ৰ আগত অন্ত পৰে। এপ্ৰিল-মে’ মাহৰ সময়ছোৱাৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যান খনলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ পৰা ডেৰ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছিল।এইবাৰ তলাবন্ধৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যান খন বন্ধ থকাত এই মাহ দুটাত এটকাও উপাৰ্জন কৰিবলৈ সক্ষম নহ’ল। যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যান খনে বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগীয়া হয়।
ৰাষ্ট্ৰীয় উদ্যান খনৰ সঞ্চালক জনে আৰু সদৰী কৰা অনুসৰি,এই বৰ্ষটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ ক্ষেত্ৰ খনলৈ দুৰ্যোগ নামি আহে জানুৱাৰী মাহৰ পৰাই।সেই সময়ত ৰাজ্য খনত তীব্ৰতৰ হৈ থকা কা বিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী- বিদেশী পৰ্যটকৰ আগমন যথেষ্ট পৰিমাণে হ্ৰাস পায়। আনহাতে, যোৱা ফেব্ৰুৱাৰী-মাৰ্চ মাহত ৰাষ্ট্ৰীয় উদ্যান খনলৈ কিছু সংখ্যক পৰ্যটকৰ আগমণ ঘটে যদিও কৰ’ণাৰ আতংকৰ বাবে লগতে যোৱা ২৪ মাৰ্চৰ পৰা বলবৎ কৰা তলাবন্ধৰ বাবে আজি পৰ্যন্ত দুমাহৰো অধিক কাল বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হৈ আছে।ফলত ৰাষ্ট্ৰীয় উদ্যান খনলৈ এজনো দেশী- বিদেশী পৰ্যটকৰ আগমন ঘটা নাই।ইয়াৰ লগে লগেই ৰাষ্ট্ৰীয় উদ্যান খনৰ পৰ্যটন ক্ষেত্ৰ খনলৈ নামি আহে চৰম বিপৰ্যয়।
ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি গঢ়ি উঠা পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত হেজাৰ হেজাৰ লোকৰ জীৱনলৈকো তলাবন্ধই চৰম বিপৰ্যয় নমাই অনা পৰিলক্ষিত হৈছে। দীঘলীয়া তলাবন্ধৰ ফলত একপ্ৰকাৰৰ কৰ্মহীন হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যান খনৰ আশে পাশে থকা হোটেল,ৰেষ্টুৰেন্ট,ধাৱা,লজৰ ব্যৱসায়ী সকল আৰু তাত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰী সকলো।তলাবন্ধৰ বাবে দুমাহৰো অধিক কাল ৰাষ্ট্ৰীয় উদ্যান খন বন্ধ হৈ থকাত বন্ধ হৈ পৰে জীপ চাফাৰী,হাতী চাফাৰীও।জীপ চাফাৰী,হাতী চাফাৰীৰ লগত জড়িত শ শ লোকৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। স্মৰ্তব্য যে, কাজিৰঙাৰ পৰ্যটন উদ্যোগটোৰ সৈতে সংপৃক্ত কেতবোৰ ব্যৱসায়ৰ লগত অঞ্চলটোৰ প্ৰায় পাঁচ হেজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী জড়িত হৈ জীৱিকা নিৰ্বাহ কৰিছিল।কা বিৰোধী আন্দোলনৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা কাজিৰঙাৰ পৰ্যটন উদ্যোগটো, হোটেল,ধাৱা,লজ,ৰেষ্টুৰেন্ট,জীপ চাফাৰীৰ লগত জড়িত লোক সকলে পৰৱৰ্তী সময়ত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে দেশজুৰি বলবৎ কৰা তলাবন্ধৰ সময়ত জীৱিকাকে হেৰুৱাই দিক বিদিক হেৰুৱাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।এই লোক সকলৰ বাবে চৰকাৰে কিবা চিন্তা কৰিবনে ? এইটো তেওঁ লোকৰ সন্মুখত এক উত্তৰ বিহীন প্ৰশ্ন হৈ ঠিয় দিছে ৷
ইপিনে,আগৰ দৰে এইবাৰো অহা অক্টোবৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খন পুনৰ মুকলি কৰাৰ সম্ভাৱনা আছে যদিও একেআষাৰে কোৱা বৰ্তমান সময়ত অতিকৈ সহজ নহব ৷

ভ্ৰাম্যভাষঃ  ৮৭২৪৯-১০১৪৪

মাৰ্ঘেৰিটাত আৰম্ভ হল বিধান সভা নিৰ্বাচনৰ কোচ কাৱাজ ৷ বিধায়ক ভাস্কৰ শৰ্মা বনাম লক্ষ্য কোৱৰ কোনে লাভ কৰিব প্ৰাৰ্থিত্ব ৷ দুই ফৈদৰ মাজত আৰম্ভ হল প্ৰাৰ্থিত্বকেন্দ্ৰীক সংঘাত ৷

মাৰ্ঘেৰিটাত আৰম্ভ হল বিধান সভা নিৰ্বাচনৰ কোচ কাৱাজ৷ বিধায়ক ভাস্কৰ শৰ্মা বনাম লক্ষ্য কোৱৰ কোনে লাভ কৰিব প্ৰাৰ্থিত্ব৷

তিনিচুকীয়াঃ

কৰোনাৰ আতংকৰ মাজতেই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনৰ গৰম বতাহ৷ কিয়নো ২০২১ৰ বিধান সভাৰ নিৰ্বাচনলৈ আৰু বেচি দিন নাই৷ সেয়েহে কিছুদিনৰ পৰা সমষ্টিটোত নিৰ্বাচনৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে৷ বৰ্তমানে বিজেপিৰ দখলত থকা সমষ্টিটো পূৰ্বে কংগ্ৰেছৰ বাবে দুৰ্গস্বৰূপ আছিল, যদিও ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছে মুখ থেকেচা খাবলগীয়া হয়৷ ইয়াৰ পিছতে একপ্ৰকাৰে ককাল ভাঙি পৰা কংগ্ৰেছৰ অস্তিত্ব সমষ্টিটোত বৰ্তমানে শূণ্য বুলিয়েই কব পাৰি৷ ২০১৬ চনৰ নিৰ্বাচনতে কংগ্ৰেছে মুখ ঠেকেচা খোৱাৰ পিছতে আজিও গা কৰি উঠিব নোৱাৰিলে৷ এটা বছৰৰ পিছতেই ২০২১ চনত ৰাজ্যত পুনৰ আৰম্ভ হব বিধান সভাৰ নিৰ্বাচন৷ তেনে সময়তো  সমষ্টিটোত কংগ্ৰেছৰ কোনো সাৰ সুৰ নথকাৰ বিপৰীতে শাসকীয় দল বিজেপিৰ ভিতৰ চৰাত বৰ্তমানে গা কৰি উঠিছে প্ৰাৰ্থিত্বকেন্দ্ৰীক সংঘাত৷ বিগত নিৰ্বাচনত কেইবাজনো প্ৰাথিত্ব প্ৰত্যাক্ষীৰ মাজত বিধায়ক ভাস্কৰ শৰ্মাই প্ৰাথিত্ব লাভ কৰি বিজয়ী হৈছিল যদিও আগন্তুক বিধান সভা নিৰ্বাচন ভাস্কৰ শৰ্মাৰ বাবে হব প্ৰত্যাহ্বান৷ কিয়নো এইবাৰ সমষ্টিটোত দলীয় প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ হৈছে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোৱৰ৷ ছাত্ৰ অৱস্থাৰ পৰাই নেতৃত্বকামী মনোভাৱৰ লক্ষ্য কোৱৰ আছিল তাই আহোম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সম্পাদক৷ নিজৰ একাগ্ৰতা আৰু নেতৃত্ব সুলভ চৰিত্ৰৰ বাবেই লক্ষ্য কোৱৰে আটাছুৰ গুৱাহাটী মহানগৰ সমিতিৰ প্ৰচাৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ পিছতে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদকৰূপে মনোনিত হৈছিল৷ পৰবৰ্তী সময়ত তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ আসন অলংকৃত কৰিবলৈও সক্ষম হৈছিল লক্ষ্য কোৱৰ৷ ছাত্ৰ সংগঠন কৰি থাকোতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সানিধ্যলৈ অহা লক্ষ্য কোৱৰে স্বয়ং সৰ্বানন্দ সোনোৱালৰ ওচৰত ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি বৰ্তমানে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সদস্য সচিৱ হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে৷ ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত লক্ষ্য কোৱৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপিৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল যদিও প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম নহল৷ ৰাজনৈতিক ক্ষেত্ৰখনত আগুৱাই যোৱাৰ লক্ষ্যৰে ৰাজনীতিত যোগদান কৰা লক্ষ্য কোৱৰ এইবাৰ হব মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপিৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ৷ ইতিমধ্যে বিধায়ক ভাস্কৰ শৰ্মাক প্ৰত্যাহ্বান জনাই লক্ষ্য কোৱৰে সমষ্টিটোত আৰম্ভ কৰিছে নিৰ্বাচনৰ কোচ- কাৱাজ৷ এই ক্ষেত্ৰত ৰঙালী বিহুৰ পিছৰে পৰা সমষ্টিটোত লক্ষ্য কোৱৰৰ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে৷ যোৱা ১৪ মেত সমষ্টিটোৰ অন্তৰ্গত লেখাপানী জাগুনত অকস্মাতে উপস্থিত হৈ লক্ষ্য কোৱৰে চলিত বৰ্ষত বিদ্যুত পৃষ্ঠ হৈ, হাতীৰ আক্ৰমনত তথা পানীত ডুবি আকস্মিকভাবে মৃত্যু বৰণ কৰা কেইবাটাও পৰিয়ালৰ মাজত উপস্থিত হৈ পৰিয়ালবৰ্গৰ দুখত সমভাগী হোৱাৰ লগতে ব্যক্তিগতভাবে পৰিয়ালসমূহক আৰ্থিক সাহাৰ্যও প্ৰদান কৰাও দেখিবলৈ পোৱা গল৷ অকস্মাতে লক্ষ্য কোৱৰৰ এনে তৎপৰতা দেখি সচকিত হৈ পৰে বিধায়ক ভাস্কৰ শৰ্মা সহ আন এক বিজেপি লবী৷ ইয়াৰ দুদিন পিছতেই উক্ত পৰিয়ালসমূহৰত মাজত উপস্থিত হৈ বিধায়ক ভাস্কৰ শৰ্মায়ো সমবেদনা জনোৱা দেখিবলৈ পোৱা গল৷ এই ঘটনাই লক্ষ্য কোৱৰ আৰু বিধায়ক ভাস্কৰ শৰ্মাৰ মাজত যে ৰাজনৈতিক শীতল যুদ্ধ আৰম্ভ হৈছে, এই কথা স্পষ্ট কৰি তুলিলে৷ আনফালে লক্ষ্য কোৱৰে ইয়াতেই ক্ষান্ত নাথাকি বুঢ়িদিহিং মৌজাতো নিজৰ স্থিতি সবল কৰিবৰ বাবে বিভিন্নজনৰ লগত সাংগঠনিক ক্ষেত্ৰত আলোচনা বিলোচনা কৰি বিশেষভাবে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ লক্ষ্য কোৱৰৰ লবীত সমষ্টিটোৰ বহুকেইগৰাকী বচা বচা বিজেপি নেতা, ব্যৱসায়ীয়ে যোগ দিয়াৰ কথাও জানিব পৰা গৈছে৷ মুঠতে কৰোনাৰ আতংক চলি থকাৰ মাজতেই সমষ্টিটোত নিজৰ ভেটি মজবুত কৰিবলৈ উঠি পৰি লাগিছে লক্ষ্য কোৱৰ৷ লক্ষ্য কোৱৰে ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পৰাও সেউজ  সংকেট লাভ কৰাৰ কথা নিৰ্ভৰযোগ্য সূত্ৰে জানিব পৰা গৈছে৷ এতিয়া লক্ষ্য কোৱৰৰ তৎপৰতা দেখি বিধায়কৰ লবীত ব্যাপক ধুমুহাৰ সৃষ্টি হৈছে৷ বিধায়ক ভাস্কৰ শৰ্মায়ো সম্প্ৰতি লক্ষ্য কোৱৰৰ সমানেই তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ যি কি নহওক ২০২১ ত হবলগীয়া বিধানসভা নিৰ্বাচনৰ যুজখন যে মাৰ্ঘেৰিটা সমষ্টিত আকৰ্ষনীয় হব তাত কোনো সন্দেহ নাই৷ লক্ষ্য কোৱৰে প্ৰাৰ্থিত্ব লাভ কৰক বা নকৰক আগন্তুক নিৰ্বাচন বিধায়ক ভাস্কৰ শৰ্মাৰ বাবে যে হব ভীষন প্ৰত্যাহ্বান সেয়া খাটাং৷

ক’লা বজাৰত চৰকাৰী চাউল : টীয়কৰ এজন সাংবাদিকক আটক ।

কাকজানঃ 

যোৰহাট জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনৰ টীয়ক সমবায় সমিতিৰ টীয়ক বাম গুৱাল গাঁৱৰ সুলভ মূল্যৰ দোকানৰ এজেন্ট পার্থ হাজৰিকাক কালি টীয়ক আৰক্ষীয়ে আটক কৰে। প্ৰাপ্ত বাতৰি মতে দেশত চলি থকা লকডাউনৰ সময়ত ৰাজ্য চৰকাৰে দৰিদ্ৰ জনসাধাৰণৰ বাবে আগবঢ়োৱা চাউল ৰাইজক বঞ্চিত কৰি ক’লা বজাৰ বিক্ৰী কৰাৰ অভিযোগ উঠে। উক্ত অভিযোগৰ ভিত্তিত যোগান বিভাগে তদন্ত কৰি দোকানখন ছিল কৰি দিয়াৰ উপৰিও এজেন্ট পার্থ হাজৰিকাৰ বিৰুদ্ধে টীয়ক থানাত এক গোচৰ পঞ্জীয়ন কৰে। আৰক্ষীয়ে উক্ত গোচৰৰ ভিত্তিত হাজাৰিকাক আটক কৰি  জেল হাজোতলৈ প্ৰেৰণ কৰে। ইফালে এখন কাকতত আৰু এটি পৰ্টেল চেনেলত সংবাদ সেৱা কৰা পার্থ   ইউনিয়নৰ সদস্য আছিল । উক্ত ইউনিয়নৰ এক জৰুৰী বৈঠকত তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰা হৈছে বুলি সভাপতি সম্পাদকে জনাইছে ।

ৰহনৰ জোন বড়াই দেখুৱাইছে কৰ্ম-সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন ।

নৱ প্ৰজন্মৰ সন্মুখত আদৰ্শ হিচাপে ঠিয় দিছে চৰাইদেউ জিলাৰ এগৰাকী মহিলাই।

সোণাৰি: 

নৱ প্ৰজন্মৰ সন্মুখত আদৰ্শ হিচাপে ঠিয় দিছে চৰাইদেউ জিলাৰ এগৰাকী মহিলাই। সাপেখাতি ৰহনৰ এইগৰাকী মহিলাই প্ৰকৃতাৰ্থত দেখুৱাইছে কৰ্ম সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন। মহিলাগৰাকীৰ নাম জোন বড়া। চাৰিজনীয়া এটি সৰু পৰিয়ালৰ মহিলা গৰাকীয়ে মাছৰ পোনা বিক্ৰেতা হিচাপে নিয়োজিত কৰিছে নিজকে। নৱম শ্ৰেণীত অধ্যয়নৰত পুত্ৰ আৰু ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এগৰাকী কন্যাৰ মাতৃ এইগৰাকী জোন বড়া হ’ব পাৰে সমাজৰ আদৰ্শ। উল্লেখ কৰা প্ৰয়োজন যে অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰা এইগৰাকী মাতৃৰ দুয়োটি সন্তানেই ৰাজ্যিক পৰ্যায়ৰ দৌৰ তথা সন্তৰবিদ হিচাপে চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। মহিলা গৰাকীৰ স্বামী সম্প্ৰতি কেৰেলাৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত বুলি জানিব পৰা গৈছে। আনহাতে মহামাৰী কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ভয়াৱহৰূপে বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লক ডাউনে দেশৰ অৰ্থনীতিৰ ওপৰত বিশেষ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত দুবেলা দুসাঁজৰ বাবে সংগ্ৰাম কৰা প্ৰতিগৰাকী লোকেই যথেষ্ট অসুবিধাৰো সন্মুখীন হৈছে। তেনে সময়তে এখন দুচকীয়া বাহনৰ পাছফালে এটা পাত্ৰ বান্ধি মাছৰ পোনা বিক্ৰী কৰিবলৈ ওলাই অহা এইগৰাকী মহিলাৰ অৰ্থনৈতিক সংগ্ৰামে বাট দেখুৱাইছে বহুজনক। সহজতে টকা ঘটাৰ চিন্তাত নিমগ্ন এচাম লোকৰ বিপৰীতে সহজ সৰল মনৰ এইগৰাকী কৰ্মোদ্যমী মহিলাৰ অৰ্থনৈতিক সংগ্ৰামক এতিয়া প্ৰশংসা কৰিছে সচেতন মহলে।

মৰিগাৱৰ পৰা এজন যুৱক নিৰুদেশ মৰিগাৱৰ আহত গুৰি পৰা নিৰুদেশ যুৱক জন ।

মৰিগাৱৰ পৰা এজন যুৱক নিৰুদেশ মৰিগাৱৰ আহত গুৰি পৰা নিৰুদেশ যুৱক জন

মৰিগাওঁঃ  

মৰিগাৱৰ জিলা সদৰ আৰক্ষী থানা অন্তৰ্গত  এজন যুৱক নিৰুদেশ মৰিগাৱৰ আহত গুৰি নিবাসী হন দাসৰ প্ৰথম পুত্ৰ সুমনাথ দাস নামৰ যুৱক জন ২৯ মে ত ঘৰৰ পৰা  চাইকেল লৈ উলাই যোৱাৰ পিছৰ পৰা বৰ্তমানলৈ নিৰুদেশ হয় আছে । জানিৱ পৰা মতে যুৱক জন  মানসিক ভাৱে বিকাৰগ্ৰস্ত, কোনো লোকে যদি যুৱক জনৰ সন্ধান পাই তেন্তে 9101007919   নম্বৰত যোগাযোগ কৰিবলৈ অনুৰুধ জনাই পৰিয়ালৰ লোকে ।

ইনষ্টিটিউচনেল কুৱাৰেন্টীনৰ পৰা হ’ম কুৱাৰেন্টীনঃ দুৰ্বোধ্য হৈছে কোনোৰ বাবে ।

নাজিৰা : 

দূৰণি ৰাজ্যৰ পৰা ৰে’ ল অথবা আন বাহনেৰে অসমলৈ আহি পোৱা লোকসকলক প্ৰশাসনৰ ভূমিকাৰে কুৱাৰেন্টীন কেন্দ্ৰত বিধিগতভাৱে আৰু তাৎক্ষণিকতাৰে ভৰ্ত্তি কৰোৱা হৈছে । নাজিৰাৰ দৰে স্থানত নিৰ্দিষ্ট বাহনেৰে কুৱাৰেন্টীন গৃহত উপস্থিত কৰোৱাই স্বাৱ পৰীক্ষা পৰ্য্যন্ত অতি মসৃনভাৱে কৰি যোৱাত জনসাধাৰণে চৰকাৰী দায়ৱদ্ধতাৰ শলাগ লৈছে । নাজিৰাৰ মহকুমা কুৱাৰেন্টীন কেন্দ্ৰ হিচাপে ঘোষিত গড়গাঁও কলেজত শিমলুগুৰি জংচনত ৰেলৰপৰা নমা  শিৱসাগৰ মহকুমাৰ যাত্ৰী সকলেও পথৰ কাষৰ প্ৰথম কেন্দ্ৰ হিচাপে ইয়াতে স্বাৱ পৰীক্ষা কৰি গৈছে । কেন্দ্ৰটোৰ চিকিৎসা বিষয়া ডাঃ প্ৰদ্যুৎ কোঁৱৰে জনোৱা মতে ৩১ মে’ পৰ্য্যন্ত কেন্দ্ৰটোত পাঁচশতাধিক ব্যক্তিৰ শৰীৰৰ নমুনা গ্ৰহণ কৰি পৰীক্ষা কৰা হৈছে । আনহাতে শেহতীয়া এক নিৰ্দেশ অনুসৰি কোনো মহিলা যাত্ৰী অকলশৰীয়াকৈ আহিলে ইনষ্টিটিউচনেল কুৱাৰেন্টীন নকৰি স্বাৱ পৰীক্ষা কৰি ঘৰৰ অভিভাৱকৰ তত্বাৱধানত হ’ম কুৱাৰেন্টীন কৰোৱাৰ ব্যৱস্থা কৰা হৈছে.।  মন কৰিবলগীয়া যে যিসকল লোকে সাতদিন ধৰি কুৱাৰেন্টীন কেন্দ্ৰত থাকি স্বাৱ পৰীক্ষাৰ নিগেটিভ প্ৰমাণ পত্ৰ হাতত পায় তেওঁলোকক পৰৱৰ্ত্তী সাতদিন নিজ গৃহত হ’ ম কুৱাৰেন্টীন কৰোৱাৰ দিহা দিয়াৰ পাছত একাংশ তেনে লোকে ঘৰলৈ যোৱাৰ পথত স্বাস্থ্য বিষয়াৰ পৰামৰ্শ পাহৰি কুৱাৰেন্টীন মূক্তৰ দৰে আচৰণ কৰাও দেখা গৈছে । ঠায়ে ঠায়ে যান-বাহন আদিত কোনো সাৱধানতা নোহোৱাকৈ উঠি যোৱাৰ বাবে স্থানীয় গাঁও বাসীৰ নানা ওজৰ আপত্তি আৰু আতংকিত হোৱাৰ দৰে বাতাবৰণে গা কৰি উঠিছে । এই ক্ষেত্ৰত ব্যক্তিজন কভিড — ১৯ নিগেটিভ প্ৰমাণিত হৈয়ো স্বাস্থ্য বিভাগৰ নীতি সাতদিনলৈ কঠোৰভাৱে পালন কৰিবলৈ কোনো এম্বুলেন্স বা নিৰ্দিষ্ট বাহনেৰে ঘৰত উপস্থিত হোৱাৰ দিহা কুৱাৰেন্টীন কেন্দ্ৰ পৰাই যুগুত কৰি দিয়াৰ প্ৰয়োজন বুলি সচেতন মহলে উনুকিয়াইছে । গড়গাঁও কেন্দ্ৰত কালি ১০ জন নতুনকৈ উপস্থিত হোৱাৰ বিপৰীতে  ৬জনক হ’ম কুৱাৰেন্টীনলৈ প্ৰেৰণ কৰা হয় । সম্প্ৰতি ৬ গৰাকী মহিলাসহ সৰ্বমুঠ ৪৪ জন আবাসী হৈ ৰৈছে গড়গাঁও মহাবিদ্যালয়ৰ কুৱাৰেণ্টীন চেণ্টাৰত । 

নাগৰিক পঞ্জী সম্পূৰ্ণ নোহোৱাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাটো অতি দূৰ্ভাগ্যজনকঃ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া।

নাজিৰা  পৰা দিলীপ হাজৰিকা : 

 শাসনাধীষ্ঠ বি জে পি নেৰ্তৃত্বাধীন চৰকাৰে অসমত নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ লোৱা কিৰ্য অতি দূৰ্ভাগ্যজনক । যিহেতু ৰাজ্যৰ জনগাথনি ভিত্তিত পুনৰ ২০২৬ ,চনত সমষ্টি বৃদ্ধি কৰা হ’ব , তেনেস্থলত অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰখা উচিত বুলি মত প্ৰকাশ কৰিছে নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । আজি সংবাদ মাধ্যমলৈ দিয়া এক বিবৃতিত বিৰোধী দলপতিগৰাকীয়ে বিষয়টোৰ সন্দৰ্ভত লগতে উল্লেখ কৰে যে, ২০০৭ চনতেই কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এক অধিসূচনি অনুযায়ী সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পদক্ষেপ লোৱা হৈছিল যদিও পৰৱৰ্তী কালত ইয়াক ২০২৬ চনলৈ সমষ্টিৰ সংখ্যা বৃদ্ধি নহয়, বৰং সীমা পুনৰ নিৰ্ধিৰণহে হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ২০০৭ চনতে অসম বিধান সভাৰ পৰা সৰ্বদলীয় সজাতি দল এটাই কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি অসমত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন কৰিব নালাগে বুলি অভিমত প্ৰকাশ কৰিছিল আৰু দলটোৱে এন আৰ চি প্ৰক্ৰিয়া সম্পন্ন নোহোৱাৰ যুক্তি দৰ্শাইছিল । তদুপৰি এন আৰ চি প্ৰক্ৰিয়া সম্পন্ন হ’লেহে শুদ্ধ নাগৰিকৰ পঞ্জীয়ন পোৱা যাব , গতিকে তেতিয়ালৈকে সীমা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰখাৰ প্ৰস্তাৱ লোৱা হৈছিল ‌ তাৎপৰ্যপূৰ্ণ ভাৱে উক্ত দলটোত বৰ্তমানৰ শাসনাধিষ্ঠিত চৰকাৰৰো বহুকেইজন সদস্য আছিল । বৰ্তমান সময়ত আকৌ বি জে পি নেৰ্তৃত্বাধীন চৰকাৰখনে কৰ’না ভাইৰাছৰ আতংকৰ সময়ত ৰাজনৈতিক লাভালাভৰ অংক হিচাপে অসমৰ পৰিৱেশথ পুনৰ আউল লগাবলৈ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আগবাঢ়িছে বুলি বিৰোধী দলপতি গৰাকীয়ে অভিযোগ কৰে । এন আৰ চি প্ৰক্ৰিয়া সম্পন্ন নোহোৱা পৰ্যন্ত সমগ্ৰ।অসমখনৰ বিৰোধীতাৰ পিছতো বি জে পিয়ে সংখ্যা গৰিষ্ঠতাৰ সুবিধা লৈ অসম বিৰোধী ” নাগৰিকত্ব সংশোধনী আইন ” ৰণয়ন কৰাৰ ফলত ৰাজ্যত আইন –- শৃংখলা বিঘ্নিত হৈছিল । এতিয়া পুনৰ সকলোৰে অসন্মতিৰ পিছতো সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ লোৱাত ৰাজ্যখনৰ পৰিৱেশ বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে । বিৰোধী দলপতি গৰাকীয়ে লগতে প্ৰকাশ কৰে যে, যিহেতু ২০২৬ চনত সমষ্টিৰ সংখ্যা বৃদ্ধি প্ৰক্ৰিয়া আৰম্ভ হ’বই , তেনেক্ষেত্ৰত অন্ততঃ তেতিয়ালৈকে পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰাখিব লাগে । যিহেতু চৰকাৰৰ এই প্ৰক্ৰিয়াত অযথা দুবাৰকৈ অৰ্থৰ লগতে কাম — কাজৰ পৰিমাণ বৃদ্ধি হ’ব । ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰথমে ১৯৭১ চনৰ ২৪ মাৰ্চক ভিত্তিবৰ্ষ হিচাপে লৈ এন আৰ চি খন সম্পন্ন কৰাৰ দাবী জনোৱাৰ লগতে জনসাধাৰণ তথা সংবিধান অনুসৰি বিৰোধী দলৰ মতামতকো গুৰুত্ব দিবলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰৰ ওচৰত আহ্বান জনায় ।

প্ৰধান শিক্ষকক প্ৰাণে মাৰাৰ ভাবুকি প্ৰাক্তন সভাপতিৰ।আৰক্ষী থানাত গোচৰ।

দলগাও পৰা  আবুল হাছেম ঃ

মধ্যাহ্ন ভোজনৰ সামগ্ৰী বিতৰণক লৈ  প্ৰধান শিক্ষকক প্ৰাণে মাৰাৰ ভাবুকি দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দৰঙৰ খাৰুপেটীয়াত। এই ঘটনা সংঘটিত হৈছে  জিলাখনৰ দলগাও শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ২নং মাগুৰমাৰী প্ৰাথমিক বিদ্যালয়ত। জানিব পৰা মতে ছাত্র ছাত্ৰীক মধ্যাহ্ন ভোজনৰ সামগ্ৰী বিতৰণ কৰাৰ মুহূৰ্তত প্ৰাক্তন সভাপতি ফকীৰ আলীয়ে অনাধিকাৰে বিদ্যালয়ত প্ৰৱেশ কৰি অযথা গালি গালাজ পাৰে ।বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হব নোৱাৰাৰ বাবেই মানসিক হাৰাশাস্তি কৰি থকা বুলি অভিযোগ উত্থাপিত হৈছে।প্ৰাক্তন সভাপতি ফকিৰ আলীৰ কাৰ্য্যকালত বিদ্যালয় খনত ব্যাপক অনিয়ম সংঘটিত হোৱাত স্থানীয় ৰাইজে সাধাৰণ সভাৰ জড়িয়তে  আন এজন ব্যক্তিক পৰিচালনা সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে। প্ৰধান শিক্ষকৰ লগতে পৰিচালনা সমিতিৰ একাংশ সদস্যক দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণৰ ভয় ভাবুকি দি আহিছিল ফকীৰ আলীয়ে। প্ৰাক্তন সভাপতিৰ বিৰূদ্ধে ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে প্ৰধান শিক্ষকৰ লগতে বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে। আনহাতে প্ৰাক্তন সভাপতি ফকীৰ আলীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ একাংশ সদস্যই।