Home Blog Page 3327

খাৰুপেটীয়াত পুনৰ ৩ জনৰ দেহত ক’ৰোণা পজিটিভ

খাৰুপেটীয়াত পুনৰ ৩ জনৰ দেহত কৰোণা পজিটিভ

দলগাওৰ পৰা আবুল হাছেম:

 দৰঙত পুনৰ বৃদ্ধি পালে ক’ভিড আক্ৰান্তৰ সংখ্যা। সোমবাৰে আন তিনিজন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ প্ৰতিবেদন লাভ কৰিছে দৰং জিলা স্বাস্থ্য বিভাগে। সেই অনুসৰি দৰঙত থকা ক’ভিড আক্ৰান্তৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পালে। সোমবাৰে ক’ভিডত আক্ৰান্ত হোৱা লোক কেইজন হ’ল- বেছিমাৰী নদীকাষৰ ছিকন্দৰ আলী (২১), ধূলাৰ শ্বেখ ফৰিদ (২৫) আৰু বেছিমাৰীৰ নজৰুল ইছলাম  (২১)। এই আটাইকেইজন লোক যোৱা ২৬ মে’ ত মুম্বাইৰ পৰা ৰেলযোগে আহি দৰঙত উপস্থিত হৈছিল। তেতিয়াৰে পৰা তেওঁলোক খাৰুপেটীয়া মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল। অৱশ্যে তেওঁলোকক মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষলৈ অনাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি চলাইছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে।ইফালে পূৰ্বৰে পৰা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৪ জন ক’ভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

বৰষুণৰ ঢলত ৰাজ‍্যৰ জল সম্পদ বিভাগে নিৰ্মাণ কৰা কলিয়াবৰৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ শৈল স্পাৰ ক্ষতিগ্ৰস্ত : কলিয়াবৰীয়া ৰাইজ শঙ্কিত হোৱা কাৰণ নাই, জনালে বিভাগীয় সূত্ৰই ।

বৰষুণৰ ঢলত ৰাজ‍্যৰ জল সম্পদ বিভাগে নিৰ্মাণ কৰা কলিয়াবৰৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ শৈল স্পাৰ ক্ষতিগ্ৰস্ত

কলিয়াবৰ :

কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া হাতীমূৰা পাহাৰ, সেয়ে ঠাইখনৰ নাম হাতীমূৰা। এই হাতীমূৰা পাহাৰতে আছে মহিমৰ্দ্দিনী দুৰ্গা মন্দিৰ। এই স্থানতে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধ কৰিবলৈ এক শৈল স্পাৰ নিৰ্মাণ কৰা হৈছিল। কিন্তু সেই শৈল স্পাৰে যেন কলিয়াবৰবাসীক ক্ষণিকৰ বাবে হ’লেও যেন শঙ্কিত কৰি তোলে। উৎস এক সামাজিক মাধ‍্যমৰ বাৰ্তা।
‘এবাৰ সাপে খালে লেজুলৈও ভয়’ বুলি অসমীয়াত এষাৰ বাক‍্য আছে। কলিয়াবৰতো তেনে হ’ল! যোৱা ২০১৭ চনৰ আগষ্ট মাহৰ হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী ব্ৰহ্মপুত্ৰৰ মথাউৰি ভাঙি সৃষ্টি হোৱা ভয়াবহ বানৰ কথা পাহৰিব নোৱাৰা কলিয়াবৰবাসী ব্ৰহ্মপুত্ৰৰ কাষৰ হাতীমূৰাত নৱ-নিৰ্মিত এক শৈল স্পাৰৰ কিছু অংশ বৰষুণৰ পানীয় ক্ষতিগ্ৰস্ত কৰাৰ বাতৰি সামাজিক মাধ‍্যমত প্ৰচাৰ হোৱাৰ লগে-লগে পুণৰ শঙ্কিত হৈ পৰিল। পিচে শঙ্কা প্ৰশমনৰ বাবে আগবাঢ়ি আহিল স্থানীয় বিধায়ক তথা ৰাজ‍্যৰ মন্ত্ৰী কেশৱ মহন্তৰ জল সম্পদ বিভাগ।
হাতীমূৰা পাহাৰৰ পৰা এছিয়াৰ দ্বিতীয় বৃহৎ জলসিঞ্চন আঁচনি কলং উত্তোলিত জলসিঞ্চন প্ৰকল্পলৈকে অলপতে ৪৩০ মিটাৰ দৈৰ্ঘ‍্যৰ এক শৈল স্পাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল। এই স্পাৰছোৱা ৰাজ‍্যৰ জল সম্পদ বিভাগৰ তত্বাৱধানত এম. পি. আগৰৱালা আৰু তপন মেধী নামৰ দুজন ব‍্যক্তিৰ মালিকানাধীন ঠিকাদাৰ প্ৰতিষ্ঠান দুটাই নিৰ্মাণ কৰা স্পাৰটো কেইবাদিনো ধাৰাসাৰ বৰষুণৰ ঢলে প্ৰায় ৩ মিটাৰ অংশ ক্ষতিগ্ৰস্ত কৰে। স্পাৰটো ক্ষতিগ্ৰস্ত হোৱা বাতৰি সামাজিক মাধ‍্যম যোগে প্ৰচাৰ হোৱাত জল সম্পদ বিভাগৰ বিষয়াই ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰি শঙ্কাৰ কোনো কাৰণ নাই বলি জনাই।
স্পাৰটো নিৰ্মাণ হোৱা স্থানেদি হাতীমূৰা পাহাৰ আৰু স্থানীয় গাঁৱৰ বৰষুণৰ বুজন পৰিমাণ পানীভাগ ব্ৰহ্মপুত্ৰ বুকুত পৰেগৈ। সেই উদ্দেশ‍্যেই হাতীমূৰা মন্দিৰ আৰু গাঁৱৰ দিশৰ পৰা দুটা নলা নিৰ্মাণৰ আঁচনি আছে। কিন্তু গাঁৱৰ দিশৰ পৰা অহা নলাটো এতিয়াও অসম্পূৰ্ণ হৈ থকাৰ বিপৰীতে হাতীমূৰা মন্দিৰৰ দিশৰ নলাটোৰ কাম এই পৰ্য‍্যন্ত আৰম্ভই হোৱা নাই। তেনে অৱস্থাত মন্দিৰৰ দিশৰ বৰষুণৰ পানী ভাগ স্পাৰত প্ৰস্তাৱিত নলাৰ বাবে ৰখা স্থানেদি বৈ যোৱাত প্ৰায় ৩ মিটাৰৰ অংশ এটা তললৈ বহি যায়। সুখৰ বিষয় যে, ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে স্পাৰটোৰ কোনো ক্ষতি কৰিব পৰা নাই। ইতিমধ‍্যে জল সম্পদ বিভাগে ততাতৈয়াকে ক্ষতিগ্ৰস্ত হোৱা অংশ মেৰামতিৰ নিৰ্দেশ দিছ। লগতে বৰষুণৰ পানীভাগ ব্ৰহ্মপুত্ৰৰ বুকুলৈ বোৱাই নিবলৈ দুয়োটা নলা অনতি পলমে নিৰ্মাণ কৰিবলৈ ব‍্যৱস্থা গ্ৰহণ কৰিব বুলি জনাই।
সুখৰ বিষয় যে, ক্ষতিগ্ৰস্ত হোৱা অংশৰ পৰা কলিয়াবৰৰ কোনো ক্ষতি নহয় বুলি বিভাগীয় সূত্ৰৰ পৰা জনিব পৰা হৈছে।তৎস্বত্বেও, স্থানীয় বিধায়কৰ দায়িত্বত থকা জল সম্পদ বিভাগৰ আঁচনি ৰূপায়ণত যেন ক’ৰবাত যেন বিসঙ্গতি আছে বুলি সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে।

দৰঙত ১৩ জনলৈ বৃদ্ধি কৰ’না ৰোগীৰ সংখ্যা : পুনৰ ৩ জনৰ দেহত ক’ভিড ।

মঙলদৈ চিভিলত কভিদ ৰোগীৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

মঙলদৈঃ

দৰঙত পুনৰ বৃদ্ধি পালে ক’ভিড আক্ৰান্তৰ সংখ্যা। সোমবাৰে আন তিনিজন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ প্ৰতিবেদন লাভ কৰিছে দৰং জিলা স্বাস্থ্য বিভাগে। সেই অনুসৰি দৰঙত থকা ক’ভিড আক্ৰান্তৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পালে। আৰু দৰঙত কৰ’না ৰোগীৰ সংখ্যা হলগৈ মুঠ ১৩ জন৷ সোমবাৰে ক’ভিডত আক্ৰান্ত হোৱা লোক কেইজন হ’ল- বেছিমাৰী নদীকাষৰ ছিকন্দৰ আলী (২১), ধূলাৰ শ্বেখ ফৰিদ (২৫) আৰু বেছিমাৰীৰ নজৰুল ইছলাম  (২১)। এই আটাইকেইজন লোক যোৱা ২৬ মে’ ত মুম্বাইৰ পৰা ৰেলযোগে আহি দৰঙত উপস্থিত হৈছিল। তেতিয়াৰে পৰা তেওঁলোক খাৰুপেটীয়া মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল। অৱশ্যে তেওঁলোকক মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষলৈ অনাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি চলাইছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ৷ ইফালে পূৰ্বৰে পৰা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৪ জন ক’ভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

নাজিৰাৰ গড়গাঁও কোৱাৰেণ্টীন চেণ্টাৰত থকা ৫ জনৰ শৰীৰত কৰ’নাৰ অৱস্থিতি

নাজিৰা:

বিশেষ ৰেল গাড়ীৰে চেন্নাইৰপৰা আহি মৰিয়নি জংচনত নমা নাজিৰাৰ ৫ জনকৈ যুৱকৰ শৰীৰৰত ক’ভিড – ১৯ৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই সমগ্ৰ নাজিৰা মহকুমাতেই কৰ’নাৰ ত্ৰাসে জনসাধৰণক চুই গৈছে । সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ২লাখ লোক আক্ৰান্ত হৈ লকডাউন চলি ৰোৱাৰ পঞ্চমটো পৰ্য্যায় ওচৰ চপালৈকে নাজিৰা মহকুমাৰ ৭টাকৈ কোৱাৰেন্টীন কেন্দ্ৰৰ কোনোজন লোকেই কৰ’না পজিটিভ নোহোৱাৰ বাবে ৰাইজৰ মাজত কৰ’নাৰ আতংক হ্ৰাস পাইছিল । ইতিমধ্যে নাজিৰালৈ ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰপৰা ৰেল, বাছ আৰু বিমানেৰে আহি পোৱা প্ৰায় ৫শ জন লোকৰ নাজিৰাতে শৰীৰৰ স্বাৱ সংগ্ৰহ আৰু পৰৱৰ্ত্তী পৰীক্ষা সম্পন্ন হৈছিল যদিও কোনো জনেই কৰ’নাৰ বাহক হিচাপে প্ৰমাণ পোৱা হোৱা নাছিল । কিন্ত্ত যোৱা ২৬ মে’ত ৰেল যাত্ৰী হিচাপে চেন্নাইৰ পৰা গুৱাহাটী আৰু পৰৱৰ্ত্তী আন এখন ৰেলেৰে মৰিয়নি জংচন আহি পোৱা ৫ যুৱক ৩১ মেৰ নিশা আই চি এম আৰ লাহোৱালৰপৰা ঘোষিত স্বাব পৰীক্ষাৰ ফলাফলত কৰ’না পজিটিভ বুলি ঘোষণা হৈছে । মৰিয়নিৰপৰা বাছেৰে আহি গড়গাওঁ কলেজৰ নাজিৰা মহকুমা কোৱাৰেন্টীন কেন্দ্ৰত আবাসী হৈ পৰা শিমলুগুৰি লিকচন গাঁৱৰ বিকাশ কোঁৱৰ (১৯),একে গাঁৱৰে যদুমণি চেতিয়া (২১),লোহিত গগৈ (২০), গেলেকী ৰজাভেটাৰ বিকী সন্দিকৈ (২৪), চন্টক বিহুবৰৰ ৰাজা চাব্বাৰ (২৬) ক ৩১ মেৰ নিশাই জয়সাগৰ স্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ক’ভিড চিকিৎসা কক্ষত ভৰ্ত্তি কৰোৱা হয় । সংশ্লিষ্ট যুৱককেইজনে চেন্নাইৰ এক কোম্পানীত কৰ্মৰত আছিল আৰু চেন্নাইৰ এক কলেজৰ গৃহত সমবেত হৈ আন ৰাজ্যৰ বহু লোকৰ সৈতে শ্ৰমিক কৃষক এক্সপ্ৰেছলৈ অপেক্ষা কৰিছল ।  প্ৰথম বাৰৰ বাবে নাজিৰাত ক’ভিড ১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পাছতে কৰ্তৃপক্ষই সমগ্ৰ এলেকাতে ছেনিটাইজ কৰাৰ লগতে তৎপৰতা অধিক বঢ়াই তোলা পৰিলক্ষত হৈছে । 

লংকাত মালবাহী ৰে’লৰ খুন্দাত নিহত এজন যুৱক ।

লংকাঃ 

লংকা-হাবাইপুৰ ৰে’ল ষ্টেচনৰ মাজত যোৱা নিশা এখন মালবাহী ৰেলৰ খুন্দাত থিতাতে নিহত হয় এজন যুৱক । মৃত যুৱকজনৰ বয়স অনুমানিক ৩০ বছৰ। বৰ্তমান সময়লৈকে উদ্ধাৰ হোৱা নাই মৃত যুৱকজনৰ পৰিচয়।বৰ্তমান লংকা ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে

কলিয়াবৰ মহকুমা কাৰ্য‍্যালয়ৰ কৰ্মচাৰীৰ বৰভগীয়াৰ বাসগৃহৰ পৰা চোৰে চুৰ কৰি নিলে নগদ ধন আৰু সোণৰ আ-অলংকাৰ

কলিয়াবৰৰ দিন-দুপৰতে চুৰি

কলিয়বৰ :

কলিয়াবৰত  দিনতে সংঘটিত হ’ল চুৰি কাৰ্য‍্য। ঘৰত কোনো নথকাৰ সুযোগতে দিনৰ পোহৰতে চোৰে লুট কৰিলে নগদ ধন আৰু সোণৰ আ-অলঙ্কাৰ।কলিয়াবৰ মহকুমাধিপতি কাৰ্য‍্যালয়ৰ কৰ্মচাৰী ধ্ৰুৱজ‍্যোতি বৰাৰ বৰভগীয়াৰ নিজ বাসগৃহৰ পৰা চোৰে দিনতে সৰকালে নগদ ৩০-৩৫ হাজাৰ টকা আৰু লক্ষাধিক টকাৰ আ-অলঙ্কাৰ। পুৱা ঘৰৰ আন সদস‍্যক সমীপৰে মন্দিৰ এটাত পূজাৰ বাবে নমাই কলিয়াবৰ তিনি আলিৰ নিজ কাৰ্য‍্যালয়ত কৰ্তব‍্যত উপস্থিত থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। পৰিয়ালৰ সদস‍্যক পুণৰ বাসগৃহত থবলৈ গৈ চুৰি কাৰ্য‍্য সংঘটিত হোৱা দেখা পাই হতভম্ব হৈ পৰে সকলো। উলুৱনী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কলিয়াবৰ মহকুমা প্ৰশাসনৰ কৰ্মচাৰীৰ বাসগৃহতে সংঘটিত হোৱা চুৰি কাৰ্য‍্যই সকলোকে আচৰিত কৰি তুলিছে।

শ্ৰমিক মগৰীয়া ভাট্ৰা ৰ্কতন ৰেল শমিকৰ সপ্তাহ যোৰা প্ৰতিবাদ ।

তিনিচুকীয়া :

আত্মনিৰ্ভৰ ভাৰতৰ কথা কোৱা প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ মৰগীয়া ভাট্টা কৰ্তন কৰা হঠকাৰী নীতিৰ বিৰুদ্ধে আজিৰ পৰা সপ্তাহজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে ৰে’ল শ্ৰমিক সকলে | ৰে’ল শ্ৰমিক সকলৰ একমাত্র শক্তিশালী অৰাজনৈতিক শ্ৰমিক সংগঠন অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ আহৱান ক্ৰমে ৰূপায়ন কৰা ৰাষ্ট্ৰব্যাপী প্ৰতিবাদী কাৰ্যসূচীত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নেও জপিয়াই পৰিছে বুলি ৰে’ল শ্ৰমিক নেতা পুলক গগৈয়ে আজি তিনিচুকীয়াত প্ৰকাশ কৰিছে | এই প্ৰতিবাদী কাৰ্যসূচী দেশৰ আন আন প্ৰান্তৰ লগতে এন এফ ৰে’লৱেৰ তিনিচুকীয়া ডিভিজনৰ লিডু,তিনিচুকীয়া,নিউ তিনিচুকীয়া,ডিব্ৰুগড়,শিমলুগুৰি,মৰিয়নি আৰু ফৰকাটিং আদি শাখা সমূহৰ উপৰি লামডিং, ৰঙিয়া,আলিপুৰদুৱাৰ আৰু কাটিহাৰ ডিভিজনৰ মুঠ 52 টা শাখাই সপ্তাহজোৰা প্ৰতিবাদ সাব্যস্ত কৰিছে  | এই প্ৰতিবাদ সন্দৰ্ভত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক তথা তিনিচুকীয়া ডিভিজনৰ কনভেনৰ পুলক গগৈয়ে এক প্ৰেছ বাৰ্তাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, মূৰৰ ঘাম মাটিত পেলাই তেজক পানী কৰি ৰে’ল শ্ৰমিক সকলে দেশৰ আৰ্থিক বুনিয়াদ গঢ়িছে | ক’ভিড19 কোৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰা ফলত দেশত বলবত হৈ থকা পৰতো  শ্ৰমিক সকলে নিজৰ জীৱনক তুচ্ছ কৰি ৰে’ল যাতায়াত ব্যাহত নোহোৱাকৈ দিনে ৰাতিয়ে মেহনত কৰি কৰ্তব্য সম্পাদন কৰিছে নিৰ্বিঘ্নে | এফালে কোৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ আন ফালে দেশ আৰু মানৱ জাতিক সংকটৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰৰ লগত পূৰ্ণ সহযোগীতাৰে সেৱা কৰি আছে ৰে’ল শ্ৰমিক সকলে | ৰাষ্ট্ৰৰ মেৰুদণ্ড স্বৰূপ ৰে’ল শ্ৰমিক সকলৰ তেজ আৰু ঘাম বিজড়িত মেহনতৰ বিনিময়ত পাব লগীয়া মৰগীয়া ভাট্টা কৰ্তন কৰি আৰ্থিক মণ্ডাৱস্থা জোৰা মাৰিবলৈ মৰগীয়া ভাট্টা কৰ্তন কৰা কাৰ্যক মুঠেই গ্ৰহণযোগ্য নহয় বুলি কঠোৰ ভাষাৰে সমালোচনা কৰিছে কেন্দ্ৰীয় চৰকাৰক | ইয়াৰ উপৰিও ৰে’ল শ্ৰমিক নেতাজনে প্ৰেছ বাৰ্তাটোত আৰু কয় যে কোৰোনা ভাইৰাছ সংক্ৰমণে কাল মহামাৰী ৰূপ ধাৰণ কৰা সময়তে আত্মনিৰ্ভৰ  ভাৰতৰ কথা কোৱা প্ৰধান মন্ত্রী নৰেন্দ্ৰী মোডী চৰকাৰে দেশৰ তৈল ক্ষেত্র,কয়লা খনি তথা বনজ সম্পদ,টেলিকম বিভাগ,এয়াৰ ইণ্ডিয়া,কাগজ কল আদি লাভজনক উদ্যোগ সমূহৰ দৰে ভাৰতীয় ৰে’ল শিল্পটোক পুঁজিপতি গোষ্ঠীক গতাই গৈছে | ইয়াৰ ফলত লাখ লাখ নিবনুৱা যুৱক-যুৱতীৰ নিয়োগৰ সুবিধা চিৰদিনৰ বাবে বন্ধ হৈ পৰিছে | নতুন পেঞ্চন নীতিৰ জৰিয়তে ৰে’ল শ্ৰমিকৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে ঘোৰ অমানিশা | কেন্দ্ৰীয় চৰকাৰৰ এনে বিলাক হঠকাৰী নীতিৰ বিৰুদ্ধে আজি 1 জুনৰ পৰা 6 জুনলৈকে প্ৰতিবাদ সপ্তাহ পালন কৰা হৈছে বুলি কোৱা হৈছে | ইয়াৰ উপৰি আঠ জুনত দেশব্যাপী ক’লা দিৱস পালন কৰা হব বুলিও প্ৰেছ বাৰ্তাটোত কোৱা হৈছে | কোৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বলবত হৈ থকা লকডাউনৰ সময়ত চৰকাৰৰ সকলো নীতি নিৰ্দেশনা পালন কৰা লগতে সমান্তৰাল ভাবে নিজ নিজ কৰ্মস্থলীতে প্ৰতীকি ৰূপত মুখত ক’লা কাপোৰ পৰিধান কৰি ক’লা দিৱস পালন কৰিব বুলি প্ৰকাশ কৰিছে ৰে’ল শ্ৰমিক নেতাজনে |

তিনিচুকীয়া কাকপথাৰৰ টঙনাত এজন কৰ’ণাত আক্ৰান্ত

তিনিচুকীয়া জিলাৰ টঙনা চাহ বাগিছাত এজন কভিড ১৯ ত আক্ৰান্ত লোক ধৰা পৰিছে ৷

ডিৰাক সীমান্ত: 

তিনিচুকীয়া জিলাৰ টঙনা চাহ বাগিছাত এজন কভিড ১৯ ত আক্ৰান্ত লোক ধৰা পৰিছে ৷ লোকজন টঙনা চাহ বাগিছাৰ বিলাশপুৰ লাইনৰ ৰমেশ বাক্সী ৷ শ্ৰমিক হিচাপে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাইত কৰ্মৰত ৰমেশে প্ৰথম পৰ্য্যায়ৰ লক ডাউনৰ ১০ দিনৰ পূৰ্বে ঘৰলৈ আহিছিল ৷  লোকজনে লক ডাউনৰ সময়ত জ্বৰ কাঁহত ভূগি আছিল ৷ তেওঁ কাকপথাৰ আৰু তিনিচুকীয়াত চিকিৎসা গ্ৰহণ কৰিছিল যদিও  ভাল নোহোৱাত ২৭ মে’ত তিনিচুকীয়াত স্বাৱ পৰীক্ষা কৰাত কভিড ১৯ পজিটিভ বুলি ধৰা পৰে ৷ শেহতীয়াকৈ আজি প্ৰায় ১ মান বজাত ১০৮ ৰে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ লৈ যায় ৷ এতিয়াৰে পৰা টঙনা চাহ বাগিছাৰ বিলাশপুৰ লাইন কণ্টেইমেন জ’ন হিচাপে ঘোষণা কৰিছে ৷

বিদ্যুৎ খণ্ড ব্যক্তিগত কৰণৰ বিৰুদ্ধে নাজিৰাত আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ প্ৰতিবাদ

বিদ্যুৎ খণ্ড ব্যক্তিগত কৰণৰ বিৰুদ্ধে নাজিৰাত আসাম ষ্টেট পাৱাৰ ৱ'কাৰ্চ ইউনিয়নৰ প্ৰতিবাদ

নাজিৰা :

বিদ্যুৎ খণ্ড ব্যক্তিগত কৰণৰ বিৰুদ্ধে নাজিৰাৰ গড়গাঁ‌ৱত অৱস্থিত বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্য্যালয়ত দেশত চলি থকা লকডাউনৰ মাজতে আজি  সামাজিক দূৰত্ব বৰ্তাই প্ৰতিবাদ সাব্যস্ত কৰে আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ ইউনিয়ন গড়গাওঁ শাখাই। আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ আহ্বান মৰ্মে নাজিৰাৰ গড়গাঁও শাখাই  কোনো কাৰণতে বিদ্যুৎ খণ্ড  ব্যক্তিগতকৰণ হ’বলৈ নিদিয়ে বুলি সকীয়াই দিয়ে।কিয়নো ইয়াৰ ফলত অধিক লোকচানৰ সন্মুখীন হ’ব বিদ্যুৎ খণ্ডৰ লগত জড়িত কৰ্মচাৰী সকল।এই প্ৰতিবাদৰ মাজতেই অসম বিদ্যুৎ সংমণ্ডলৰ অধ্যক্ষ ভি কে পিপাচেনিয়ে আহি সমগ্ৰ ঘটনা বুজ লয়।সামাজিক দূৰত্ব বৰ্তাই বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণৰ বিৰোধিতাৰে এইদৰে একঘণ্টা প্ৰতিবাদ সাব্যস্ত কৰে আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ গড়গাঁও শাখাই । সংগঠনটোৰ শাখা সভাপতি তথা ইউনিয়নৰ কেন্দ্ৰীয় বিশেষ প্ৰচাৰ সম্পাদক প্ৰণৱ খাটনিয়াৰকে ধৰি ভালেকেইজন বিষয় – ববীয়াই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

দেৱাশীষ হত্যাক লৈ সৰৱ শিৱসাগৰ আটাছু : ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি দোষীক দৃষ্টান্ত মূলক শাস্তিৰ দাবী ।

নাজিৰাঃ

যোৱা ২৯ মেত যোৰহাট জিলাৰ  ন-কছাৰী গাভৰু চাহ বাগিচাত দেৱাশীষ গগৈ নামৰ কলেজীয়া ছাত্র জনক এটা সাধাৰণ দূৰ্ঘটনাক কেন্দ্ৰ কৰি এদল উন্মত্ত লোকে দলৱদ্ধ আক্ৰমণ কৰি হত্যা কৰা ঘটনাক লৈ সৰৱ হৈ পৰিছে সদৌ তাই আহোম ছাত্র সন্থাৰ শিৱসাগৰ জিলা সমিতি । সংগঠনটোৱে এই ঘটনাৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি অতিশীঘ্ৰে দোষীক দৃষ্টান্ত মুলক শাস্তিৰ দাৱী তুলিছে । আজি সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক মানস সন্দিকৈয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই ঘটনাক আসুৰিক আখ্যা দি কয় যে, উক্ত অঞ্চলত এইটো দ্বিতীয় নাৰকীয় ঘটনা । প্ৰশাসনিক দূৰ্বলতাৰ বাবে এনে ঘটনা সংঘটিত হৈ আহিছে । সন্দিকৈয়ে সমগ্ৰ ঘটনাৰ বাবে বাগিছা কৰ্তৃপক্ষ আৰু প্ৰশাসনক দায়ী কৰি কয় যে , লকডাউনৰ চলি থকা সময়ত এনেদৰে বাগিছা এলেকাত শ শ মানুহ একত্ৰিত হোৱাৰ সুবিধা কেনেকৈ পালে ? বাগিছা কৰ্তৃপক্ষই কিয় তাৎক্ষণিক আৰক্ষীক অৱগত নকৰিলে ? আনহাতে এজন চাহ-জনগোষ্ঠীয় নেতা বিধায়ক হিচাবে থকা এই অঞ্চলটোত নিজ জনগোষ্ঠীৰ নতুন প্ৰজন্মক সামাজিক ভাৱে শিক্ষিত কৰিব নোৱাৰাতো অতি পৰিতাপৰ বিষয় বুলি সমালোচনা কৰিছে আটাছুৰ নেতা জনে । তাই আহোম ছাত্ৰনেতা জনে কয় যে, প্ৰতিক্ষেত্ৰতে অতি সৰৱতা প্ৰদৰ্শন কৰা বিধায়ক গৰাকীয়ে এই ঘটনাৰ সন্দৰ্ভত কিন্তু নীৰৱ দৰ্শকৰ ভূমিকা লৈছে । আছলতে নিজৰ মানুহৰ ওপৰতেই তেওঁৰ নিয়ন্ত্ৰণ নাই । যাৰ বাবে তেওঁৰ সমষ্টিত বাৰম্বাৰ এনে ঘটনাৰ সংঘটিত হৈছে । আনহাতে মৰেল পুলিচক নিয়ন্ত্ৰণ কৰাত চৰকাৰে কঠোৰ আৰু তাৎক্ষণিক পদক্ষেপ নোলোৱাৰ বাবেই , ঝংকাৰ,নীল-অভি,পৰাগজ্যোতি আৰু দেৱাশীষ হত্যাৰ দৰে নাৰকীয় ঘটনা বাৰে বাৰে সংঘটিত হৈ আহিছে । দেৱাশীষ হত্যাৰ ঘটনাত জড়িত যাতে কোনো সাৰি যাব নোৱাৰে তাৰ প্ৰতি কঠোৰ দৃষ্টি দিবলৈ সংগঠনটোৱে দাবী জনোৱাৰ লগতে মৰেল পুলিচৰ নাৰকীয় কাণ্ডৰ বলি পৰিয়ালৰ এক উজ্জ্বল সম্ভাৱনা হিচাবে থকা দেৱাশীষৰ পৰিয়াল আৰু আহত আদিত্যৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ দাবী জনায়  ।