Home Blog Page 3326

লকডাউন আৰু ব‌ক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক

শিক্ষক হৈছে মানুহ গঢ়াৰ নিপুণ খনিকৰ।চৰকাৰী বা বেচৰকাৰী বুলি কথা নাই শিক্ষক সকলে কেবল শিক্ষা দানৰ উদ্দেশ্যৰেই নিজৰ কৰ্তব্য পালন কৰে। ছাত্ৰ- ছাত্ৰীৰ ভবিষ্যৎ জীৱন উজ্জ্বল কৰাত শিক্ষকৰ ভূমিকা সকলোতকৈ ওপৰত । কিন্তু ছাত্ৰ ছাত্ৰীৰ ভবিষ্যৎ গঢ়া শিক্ষকসকলৰ ভিতৰত ব্যক্তিগত খণ্ডৰ শিক্ষকৰ নিজৰে বর্তমান পানীত হাঁহ নচৰা অৱস্থা,ভবিষ্যতৰ কথা চিন্তা কৰাটো বহুত দূৰৈত। চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ শিক্ষকৰ দৰমহা আগৰ পৰাই কম। কাৰণ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনে শিক্ষকৰ প্রয়োজন পূৰণ হোৱাকৈ দৰমহা দিয়াটো সম্ভৱ নহয়। তথাপি এই সকল শিক্ষকে বহুতো অভাৱৰ মাজেৰেই ঘৰ চলাই আহিছে। বর্তমান লকডাউনৰ বাবে বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰীৰ মাহিলী মাচুল অভিভাৱকসকলে দিব পৰা নাই। ইয়াৰ প্ৰভাৱ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক সকলৰ ওপৰত বৰ বেয়াকৈ পৰিছে। যি কেইটা দৰমহাৰে মাহটো চলিবলৈ অসুবিধা হয়, তেনে ক্ষেত্ৰত মাৰ্চ,এপ্রিল, মে মাহৰ ৫০% দৰমহা নাইবা একেবাৰে নোপোৱাকৈ এখন ঘৰ চলাটো সম্ভৱ নে? আনে প্ৰদান কৰা সুবিধাৰ পৰাও এওঁলোক বঞ্চিত কাৰণ বহুতে তেওঁলোকৰ সহায়ৰ প্ৰয়োজন হোৱা নাই বুলি ভাবে। শিক্ষকতাৰ বাহিৰে বেলেগ কাম কৰিবলৈও তেওঁলোকৰ হাতত বিকল্প নাই। ইমানবোৰ অভাৱৰ মাজেৰেই প্ৰায়বোৰ শিক্ষকে ঘৰতে থাকি মোবাইলৰ জৰিয়তে হ’লেও ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদানৰ চেষ্টা অব্যাহত ৰাখিছে।
এনেদৰে ৰাজ্যত নিস্বাৰ্থভাৱে শিক্ষা আগবঢ়োৱা বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকৰ অৱস্থা দূৰ্বল হৈ পৰিছে কিন্তু এই ক্ষেত্ৰত কোনেও শিক্ষক সকলক সহায়ৰ হাত আগবঢ়োৱা নাই। বিভিন্ন সামাজিক মাধ্যম, নিউজ চেনেল সমূহটো বিভিন্নজনৰ সহায় সুবিধাৰ হকে মাত মাতি থকা দেখিবলৈ পোৱা গৈছে কিন্তু শিক্ষক সকলৰ এই অৱস্থাৰ ওপৰত কোনেও গুৰুত্ব প্ৰদান কৰা নাই । বিশেষকৈ জাতীয় বিদ্যালয় সমূহে অসমীয়া ভাষাত শিক্ষা প্ৰদান কৰি অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। তেনেহলে প্ৰশ্ন হয় এইসকল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকৰ সমাজত কোনো অৰিহনা নাছিল নেকি? এখন সমাজত শিক্ষকৰ মৰ্যদা এয়াই নেকি ? তেওঁলোকৰ বৰ্তমান পৰিস্থিতিৰ খবৰ লবলৈ চৰকাৰে এবাৰো চেষ্টা নকৰেনে ?

পৰাগ ডেকা, ছিপাঝাৰ

চোৰাংচোৱাগিৰি কৰা পাকিস্তানৰ ২ ভিছা বিষয়াক দিল্লীত ধৃত ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদন:

ভিছা বিষয়াৰ আলম লৈ চোৰাংচোৱাগিৰি কৰি আহিছে পাকিস্তানী লোকে৷ পূৰ্বতে পোৱা খবৰ মতেই তীক্ষ্ণ দৃষ্টি দি আছিল দিল্লী আৰক্ষীৰ বিশেষ কোষৰ বিষয়া৷ অৱশেষত মিলিল সফলতা৷ ধৰা পৰিল দিল্লীত অৱস্থিত পাকিস্তানী দূতাবাসৰ দুজন বিষয়া৷ এই বিষয়া দুজনৰ নাম হ’ল আবিদ হুছেইন আৰু তাহিৰ খান৷ এই কামত জড়িত থকাৰ অভিযোগ আন এক পাকিস্তানী নাগৰিক৷ জাভেদ হুছেইন নামৰ এই লোকজনকো গ্ৰেপ্তাৰ কৰা হৈছে৷ ধৃতসকলক জেৰা কৰি এই চক্ৰত আন কোন জড়িত আছে সেয়া জানিবলৈ চেষ্টা কৰা হৈছে৷ আনহাতে ২৪ ঘণ্টাৰ ভিতৰত পাকিস্তানৰ দুই ভিছা বিষয়াক ভাৰত এৰিবলৈ কোৱা হৈছে৷ ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা গক বিবৃতিত জনোৱা হৈছে যে এক কূটনৈতিক মিছনৰ সদস্য হিচাপে নিযুক্ত থকাৰ পাছত নিজৰ দায়িত্বৰ সৈতে অসামঞ্জস্যপূর্ণ কর্মকাণ্ডত লিপ্ত আছিল এই দুই বিষয়া৷ তেওঁলোকৰ চৰকাৰৰ তৰফৰ পৰা তেওঁলোক অনাস্থাভাজন দূত ঘোষণা কৰি ২৪ ঘণ্টাৰ ভিতৰত দেশ এৰি যাবলৈ কোৱা হৈছে৷ ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ তীব্ৰ প্ৰতিবাদ পাকিস্তান দূতাবাসৰ দায়িত্বত থকা বিষয়াক এই অভিযোগত অভিযুক্ত কৰা হৈছে৷ স্পষ্ট ভাষাত জানিবলৈ দিয়া হৈছে যে আগন্তুক দিনত পাকিস্তান দূতাবাসৰ বিষয়া বা কৰ্মীয়ে যেন নিজৰ কূটনৈতিক কামৰ পৰিৱৰ্তে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্রমূলক কামত জড়িত নাথাকে৷ এই কথা নিশ্চিত কৰা হ’ব৷ প্ৰাপ্ত খবৰ মতে আবিদ হুছেইন আৰু তাহিৰ খান নামৰ পাকিস্তান দূতাবাসৰ এই দুই বিষয়াৰ নাম ভিছা দিয়া কামত জড়িত আছিল৷ ইয়াৰ আলমতে তেওঁলোকে আইএছআইৰ হৈ কাম কৰি আছে৷ জাল কাগজপত্ৰ দেখুৱাই বিভিন্ন ঠাইত ঘুৰে৷ দেওবাৰে পুৱা দিল্লীৰ কৰোল বাগ এলেকাৰ এজন ব্যক্তিক দেখা কৰিবলৈ গৈছিল৷ তাত যিজন ব্যক্তিক লগ কৰিছিল তেওঁ ভাৰতীয় সেনা সংক্ৰান্তত কেতবোৰ নথিপত্ৰ দিওতে দিল্লী আৰক্ষীৰ বিশেষ কোষে তেওঁলোকক গ্ৰেপ্তাৰ কৰে৷ তাতে ধৰা পৰে সেই ঠাইত থকা পাকিস্তানী নাগৰিক জাভেদ৷ ধৰা পৰাৰ সময়ত জাল আধাৰ কাৰ্ড দেখুৱাই নিজকে তেওঁ ভাৰতীয় বুলি দাবী কৰিছিল৷ কিন্তু শেষ ৰক্ষা নহ’ল৷ দীৰ্ঘ সময় জেৰাৰ পাছত নিজৰ পৰিচয় স্বীকাৰ কৰে৷

প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সভা । ১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সহায়তা মূল্য বৃদ্ধিত অনুমোদন ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদন :

প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত আয়োজিত সভাত কেন্দ্ৰীয় মন্ত্ৰীসভাই ১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সহায়তা মূল্য (এমএছপি) বৃদ্ধিৰ অনুমোদন কৰিছে৷ আজি তথ্য আৰু সম্প্রচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয়, বৰ্দ্ধিত এমএছপি দাম নিশ্চিত কৰিব যিটো উৎপাদন ব্যয়ৰ ৫০ শতাংশৰ পৰা ৮৩ শতাংশ বেছি হ’ব৷ মন্ত্ৰী পৰিষদৰ সিদ্ধান্ত সম্পর্কে সাংবাদিকৰ আগত জাভেদকাৰে কয়, চৰকাৰ এমএছএমইবোৰ উন্নয়নত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে আৰু এই বহীত ২০,০০০ কোটি টকা ব্যয় কৰা হৈছে৷ মন্ত্ৰী পৰিষদে আজি এমএছএমইৰ ওপৰত চাপযুক্ত ২০,০০০ কোটি টকা অনুমোদন দিছে৷ ইয়াত ২ লাখ এমএছএমই উপকৃত হ’ব৷ মন্ত্ৰীসভাই আজি এমএছএমই (মাইক্ৰ, স্মল আৰু মিডিয়াম এণ্টাৰপ্ৰাইজ) ছেক্টৰৰ সংজ্ঞা পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লয়৷ মজলীয়া উদ্যোগৰ টাৰ্ণঅ’ভাৰৰ সীমা আগেয়ে ঘোষিত ১০০ কোটিৰ পৰা ২৫০ কোটিলৈ উন্নিত কৰা হৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ টোমাৰে মন্ত্ৰীসভাৰ সিদ্ধান্ত সম্পৰ্কে চমু বক্তব্যত কয়, কৃষকৰ স্বস্তি প্ৰদানৰ বাবে ১৪ বিধ খাৰিফ শসৎ নূন্যতম সমৰ্থন মূল্য (এমএছপি) ৫০ শতাংশৰ পৰা ৮৩ শতাংশ বৃদ্ধি কৰা হৈছে৷ আজিৰ বৈঠকৰ তাৎপৰ্যপূৰ্ণ বুলি ধৰা হৈছে৷ কাৰণ গৃহ মন্ত্ৰালয়ক ১ জুনৰ পৰা পর্যায়ক্রমে কনটেণ্ট জ’নবোৰৰ বাহিৰত থকা সকলো কাৰ্যক্ৰম পুনঃনির্মাণৰ বাবে নতুন নির্দেশিকা জাৰি কৰিছে৷

ক’ৰনা ভাইৰাছ : ব্ৰাজিললৈ দুই মিলিয়ন হাইড্ৰক্সিক্লোৰোকুইন প্ৰেৰণ আমেৰিকাৰ

দৈনন্দিন বাতা নিজা প্ৰতিবেদন :

ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ আমেৰিকাই দুই মিলিয়ন হাইড্ৰক্সিক্লোৰোকুইন ব্ৰাজিললৈ প্ৰেৰণ কৰিছে৷ মেলেৰিয়া প্ৰতিৰোধী এই ঔষধ জীৱনৰ প্ৰতি ভাবুকি অহাৰ আশংকা থাকে যদিও দুয়োখন চৰকাৰে দেওবাৰে এই কথা কয়৷ বিশ্ব স্বাস্থ্য সংস্থাই এই ঔষধ ক’ভিড-১৯ ৰোগীৰ শৰীৰত পৰীক্ষা স্থগিত কৰিবলৈ আহ্বান জনোৱাৰ কেইটামান দিনৰ পাছতে মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জায়িৰ বলছোনাৰো উভয়ে এই ঔষধৰ বিষয়ে হোৱাইট হাউচত এটা যৌথ ঘোষণা প্রকাশ কৰিছে৷ ট্ৰাম্পে নিজেই মে’ মাহৰ মাজভাগত কৈছিল যে তেওঁ প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে হাইড্ৰক্সিক্লোৰোকুইনৰ এটা স্বাস্থ্য ব্যৱস্থা লৈছিল যদিও মাৰ্কিন খাদ্য আৰু ঔষধ প্ৰশাসনে ক’ৰনা ভাইৰাছৰ ব্যৱহাৰ সম্পৰ্কে সতৰ্কতা জাৰি কৰিছিল৷ সোঁপন্থী নেতা যি৷ট্ৰাম্পৰ সৈতে ব্যক্তিগত সম্পৰ্ক কৰিছে, বলছোনাৰোয়ে কয় যে তেওঁৰ ৯৩  বছৰীয়া মাতৃৰ প্ৰয়োজন হ’লে এটা বাকচ ৰাখিছিল৷ বিবৃতিটোত কোৱা হয় যে আমেৰিকান আৰু ব্রাজিলিয়ান জনগণ ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰোতে সংহতি প্ৰকাশত থিয় দিছে৷ তেওঁ কয় যে মার্কিন যুক্তৰাষ্ট্র চৰকাৰে ব্ৰাজিলৰ জনগণৰ বাবে৷হাইড্ৰক্সিক্লোৰোকুইনৰ দুই মিলিয়ন ড’জ বিতৰণ কৰিছে৷ উল্লেখ্য যে ব্ৰাজিলত শনিবাৰ পৰ্যন্ত ৩৩২৭৪ জন লোক নতুনকৈ ক’ৰনাত আক্ৰান্ত হৈছে৷ মৃতৰ সংখ্যা ফ্ৰান্সক চেৰাই গৈছে আৰু এতিয়া আমেৰিকা, ইংলেণ্ড আৰু ইটালীৰ পিছত আছে৷

হোজাইত জিলাৰ বান খতিগ্রস্থ এলেকা পৰিদৰ্শন মুখ্যমন্ত্রীৰ ।

হোজাইত জিলাৰ বান খতিগ্রস্থ এলেকা পৰিদৰ্শন মুখ্যমন্ত্রীৰ

লংকা:

ক’ৰণাৰ আতংকৰ মাজতেই ৰাজ্যত বানৰ সংহাৰী ৰূপ । তাৰ সমান্তৰাল ভাবে হোজাইতো কপিলী নৈ বাহনী পানীয়ে নৈ পৰিয়া বিভিন্ন অঞ্চল বুৰাই পেলাইছে ।  কপিলীৰ নৈৰ বলিয়া বানে বিস্তৰ ক্ষতি কৰিছিল হোজাইৰ বহু নৈপৰীয়া গাওঁ। গাওঁৰ বহু ঠাইত এতিয়াও শুকুৱা নাই পানী, বৰ্তমানো আশ্রয় শিবিৰত বহুলোক ।দৰাচলতে পানীত হাহঁ নচৰা অৱস্থা নৈ পৰীয়া ৰাইজৰ।উক্ত নৈ পৰীয়া ৰাইজৰ পৰিস্হিতি বুজ ল’বলৈ আৰু বান পৰিস্থিতি প্ৰৰ্য্যবেক্ষণ কৰিবলৈ হোজাইৰ নভঙা, দক্ষিণ কেন্দ্ৰূগুৰি আৰু হাতীমৰা অঞ্চলত উপস্হিত হয় অসমৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । হাতীমৰা গাওঁৰ কপিলী নৈ গঢ়া সহনীয়াৰ পৰ্য্যবেক্ষণ কৰাৰ লগতে অঞ্চলটোৰ আশ্রয় শিবিৰত থকা লোকসকলৰ অৱস্হা বুজ লয় মূখ্যমন্ত্ৰী গৰাকীয়ে । পৰ্য্যবেক্ষণ কালত উপস্হিত থাকে মন্ত্ৰী পিয়ুজ হাজৰিকা, হোজাই আৰু লামডিং সমষ্টিৰ দুই বিধায়ক, বিজেপি নেতা-কৰ্মী আৰু জিলা প্ৰশাসনৰ মূৰব্বী সকল । লগতে বানপিৰিত ৰাইজক ক্ষতিপূৰণ দিয়া হ’ব বুলি মন্তব্য প্ৰকাশ কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে লগতে ক’ৰণা ভাইৰাছৰ বিষয়েও চৰকাৰখনে লোৱা বিভিন্ন প্ৰদক্ষেপৰ ওপৰতো মন্তব্য প্ৰকাশ কৰে ।

বহিৰাজ্যৰ পৰা কৰ্মবিমুখ হৈ ঘূৰি অহা শ্ৰমিকসকলক ২০০ দিনৰ কৰ্মসংস্থাপনৰ দাবীত স্মাৰকপত্ৰ ।

বঢ়মপুৰ:

নিজৰ লগতে পৰিয়ালৰ ভৰণ পোষণৰ বাবে কৰ্মৰ সন্ধানত বহি:ৰাজ্যলৈ যোৱা শ্ৰমিক তথা নিবনুৱা যুৱকসকলৰ লকডাউনৰ বাবে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । যাৰ ফলত একাংশ নিবনুৱা উপায়বিহীন হৈ কোনোৱে যদি ৰেলেৰে , কোনো বাছেৰে , কোনোৱে চাইকেল আৰু কোনোৱে খোজকাঢ়ি অহাৰ লগতে একাংশই নিজ ৰাজ্যলৈ আহিবলৈ চেষ্টা অব্যাহত ৰাখিছে । এইসকল নিবনুৱাক স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে এম জি এনৰেগাৰ অধীনত ২০০ দিন কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰাৰ দাবীত আজি বঢ়মপুৰ খণ্ড উন্নয়ন বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰে । বঢ়মপুৰ ব্লক কংগ্ৰেছৰ ব্যবস্থাপনাত ১১ টা পঞ্চায়তৰ মণ্ডল সভাপতিৰ সহযোগত বঢ়মপুৰ সমষ্টিৰ কংগ্ৰেছ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সুৰেশ বৰাই প্ৰদান কৰা স্মাৰক পত্ৰত প্ৰধানমন্ত্ৰী কিষান নিধি যোজনাৰ খেলিমেলি দূৰ কৰি প্ৰকৃত হিতাধিকাৰী নিৰ্বাচন কৰাকে ধৰি কেইবাটাও দাবী স্মাৰকপত্ৰখনত উত্থাপন কৰে ।

গণ প্ৰহাৰত মৃত্যু এজন বাংলাদেশী গৰু চোৰৰ । আটক এজন।

গণ প্ৰহাৰত মৃত্যু এজন বাংলাদেশী গৰু চোৰৰ

কৰিমগঞ্জ পৰা ৰাহুল পাল :

কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশৰ বিভিন্ন সীমান্ত এলেকাত বাংলাদেশী চোৰৰ দৌৰাত্ম্যত অতিষ্ঠ ৰাইজৰ গণ প্ৰহাৰত এজন বাংলাদেশী গৰু চোৰৰ থিতাতে মৃত্যু ঘটে। লগতে আন এটা চোৰক কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে। ঘটনাটি স্ংঘটিত হৈছে  কৰিমগঞ্জৰ জিলাৰ পাথাৰকান্দি সমষ্টিৰ পুতনি চাহ বাগিছাত।  পুতনি চাহ বাগিছাত আজি অজ্ঞাত পৰিচয় এজন লোকে ঘুৰি ফুৰা দেখি স্থানীয় ৰাইজৰ সন্দেহ হোৱাত সেই লোকজনক আবদ্ধ কৰি সোধা পোছা কৰাত ওলাই আচল তথ্য। লোকজনে জানিব দিয়া মতে তেওৰ সৈতে আন এজন লোক গৰু চোৰ কৰাৰ উদ্দেশ্যৰে সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিছিল। গৰু চুৰি কৰাৰ বাবে তেওঁলোকক স্থানীয় একাংশ লোকে এই কামত সহযোগ কৰে। লোকজনৰ মুখত চাঞ্চল্যকৰ বক্তব্য শুনি স্থানীয় লোকে অভিযান চলাই পুতনি চাহ বাগিছাৰ দুজন স্থানীয় লোকৰ ঘৰৰ পৰা    বাংলাদেশী গৰু চোৰক আটক কৰিবলৈ সক্ষম হোৱাৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে। যাৰ ফলত গন প্ৰহাৰত ৰুবেল মিঞা নামৰ বাংলাদেশী চোৰৰ এজনৰ মৃত্যু হয়।  এই ঘটনাৰ পিছত স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে পাথাৰকান্দি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে আটক কৰা এজন বাংলাদেশী চোৰসহ আৰক্ষীৰ হাতত গতাই দিয়ে। এনে ঘটনা সংঘটিত হোৱাৰ পিছত চাহ বাগিছা অঞ্চলত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। আনহাতে কৰিমগঞ্জৰ  আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়ববীয়া সকলক লৈ তদন্ত আৰম্ভ কৰিছে। আটক কৰা বাংলাদেশীৰ নাম মলান মুণ্ডা ( ৩০) ঘৰ বাংলাদেশৰ মৌলবী বজাৰ জিলাৰ সোনা-ৰূপা চাহ বাগিচাত। ভাৰতীয় দুটাৰ ঘৰ পাথাৰকান্দীৰ পুতনি চাহ বাগিচাৰ প্ৰদীপ তাঁতী (৩৫) আৰু শংকৰ কৈৱৰ্ত (৪৫)।বৰ্তমান তিনিটা গৰু চোৰক পাথাৰকান্দী থানাত ৰখা হৈছে। আনহাতে মৃত বাংলাদেশীক কৰিমগঞ্জ চৰকাৰী চিকিৎসালয়ৰ মৰগত ৰখা হৈছে। মৃত দেহ পৰীক্ষাৰ পিছত চৰকাৰী নীতি নিয়মৰ মাধ্যমেৰে বাংলা দেশলৈ দিয়া হ’ব বুলি চৰকাৰী সূত্ৰে জনাইছে ।

স্ব-নিয়োজন আঁচনিৰ শুভাৰম্ভ

স্ব-নিয়োজন আঁচনিৰ শুভাৰম্ভ

পশ্চিম যোৰহাট: 

যোৰহাটত বহি:ৰাজ্যৰ পৰা ঘূৰি অহা শ্ৰমিকসকলৰ সুবিধাৰ্থে যুগুত কৰা “স্ব-নিয়োজন” আঁচনিখনৰ আজি শুভাৰম্ভ কৰে অসম বিধানসভাৰ অধ্যক্ষ  হিতেন্দ্ৰ নাথ গোস্বামীয়ে। অনুষ্ঠানত উপস্হিত থাকে  ৰাজ্যসভাৰ সাংসদ  কামাখ্যা প্ৰসাদ তাচা, জিলা উপায়ুক্ত ৰশ্নি অপৰজ্ঞি কৰাটীকে  ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি।  

মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশত হোজাইৰ বিভিন্ন স্থানৰ কোৱেৰান্টাইন কেন্দ্ৰ পৰিদৰ্শন ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাৰ ৷

অসমৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকা হোজাইত উপস্থিত হৈ হোজাই জিলাৰ ১০ খনতকৈ অধিক কোৱেৰান্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰে ৷

ডবকা :

আজি অসমৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকা হোজাইত উপস্থিত হৈ হোজাই জিলাৰ ১০ খনতকৈ অধিক কোৱেৰান্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰে৷স্বাস্থ্য বিভাগৰ সঞ্চালকৰ লগতে হোজাইৰ উপায়ুক্তক লগত লৈ ডবকা,মোৰৰঝাৰ  আদি বিভিন্ন স্থানৰ কোৱেৰান্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰে ৰাজ্যিক মন্ত্ৰীজনে৷উল্লেখ্য যে ৰবিবাৰে বহি:ৰাজ্যৰ পৰা অসমলৈ আহিছিল দুই সহস্ৰাধিক লোক৷ইয়াৰে অৰ্ধেক সংখ্যক গুৱাহাটীত কোৱেৰান্টাইন কৰি ৰখাৰ লগতে 950 জন লোকক হোজাইৰ বিভিন্ন স্থানত কোৱেৰান্টাইন কৰা হৈছে৷কোৱেৰান্টাইনত থকা লোকসকলৰ স্বাৱ সংগ্ৰহ কৰি অতি কম সময়ৰ ভিতৰতে পৰীক্ষাৰ ব্যৱস্থা কৰা হব বুলি মন্তব্য কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীজনে৷কোবিড ১৯ ক পৰাস্ত কৰিবলৈ অসম চৰকাৰৰ লগতে স্বাস্থ্য বিভাগ সম্পূৰ্ণৰুপে সাজু বুলি মন্তব্য কৰে পিযুষ হাজৰিকাই৷মন্ত্ৰী গৰাকীয়ে প্ৰথমে পিৰ বজাৰ ব্ৰাইট ফিউচাৰ  কোৱাৰাইন্টাই চেন্টাৰ পৰিদৰ্শন কৰাৰ লগতে মোৰাজাৰ কলেজ,মৰাজাৰ HS স্কুল, জয়নগৰ মাদ্ৰাছা,ডবকা  আৰু NRI প্ৰাৱলিক ইস্কুল কোৱাৰাইন্টাইন চেন্টাৰ পৰিদৰ্শন কৰে । মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্দেশ মৰ্মে তিনি চাৰি দিনৰ বাবে হোজাই জিলাখনৰ পর্যবেশন কৰিবৰ বাবে আজি উপস্থিত হয় মন্ত্ৰী গিৰাকী। কোৱাইণ্টাইন চেণ্টাৰ থকা সকলৰ সকলো পর্যবেশন কৰে মন্ত্ৰী গৰাকীয়ে। হোজাই উপায়ুক্তক লগত লৈ কোৱাইণ্টাইন চেণ্টাৰ পৰ্যবেক্ষণ কৰা লগতে কোৱাইণ্টাইন থকা সকলৰ আজিৰ ভিতৰতে শ্বফ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা নিৰ্দেশ দিয়া লগতে হোজাইত পূৰ্বৰে পৰা থকা অৰ্থাৎ  7 দিনতকৈ অধিক কোৱাইণ্টাইনত থকা 4শ ব্যক্তিক ঘৰলৈ পঠোৱা নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীক।

খাৰুপেটীয়াত পুনৰ ৩ জনৰ দেহত ক’ৰোণা পজিটিভ

খাৰুপেটীয়াত পুনৰ ৩ জনৰ দেহত কৰোণা পজিটিভ

দলগাওৰ পৰা আবুল হাছেম:

 দৰঙত পুনৰ বৃদ্ধি পালে ক’ভিড আক্ৰান্তৰ সংখ্যা। সোমবাৰে আন তিনিজন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ প্ৰতিবেদন লাভ কৰিছে দৰং জিলা স্বাস্থ্য বিভাগে। সেই অনুসৰি দৰঙত থকা ক’ভিড আক্ৰান্তৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পালে। সোমবাৰে ক’ভিডত আক্ৰান্ত হোৱা লোক কেইজন হ’ল- বেছিমাৰী নদীকাষৰ ছিকন্দৰ আলী (২১), ধূলাৰ শ্বেখ ফৰিদ (২৫) আৰু বেছিমাৰীৰ নজৰুল ইছলাম  (২১)। এই আটাইকেইজন লোক যোৱা ২৬ মে’ ত মুম্বাইৰ পৰা ৰেলযোগে আহি দৰঙত উপস্থিত হৈছিল। তেতিয়াৰে পৰা তেওঁলোক খাৰুপেটীয়া মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল। অৱশ্যে তেওঁলোকক মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষলৈ অনাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি চলাইছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে।ইফালে পূৰ্বৰে পৰা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৪ জন ক’ভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে।