Home Blog Page 3332

নলবাৰীত বিশ্ব ধপাত বিৰোধী দিৱস পালন ।

নলবাৰীত বিশ্ব ধপাত বিৰোধী দিৱস পালন ।

নলবাৰীঃ

কৰ’ণা ভাইৰাচৰ ত্ৰাস আৰু সন্ত্ৰাসৰ মাজত ৰাজ্যিক ধপাত নিয়ন্ত্ৰত কোষৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা উপাযুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ অনুমোদন আৰু উদগনিৰ আধাৰত নলবাৰী জিলাত এইবেলি কিছু সংক্ষিপ্ত কাৰ্যসূচীৰে  বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰা হয় । এই দিৱসৰ কাৰ্যসূচীত সমগ্ৰ জিলাখনৰ নলবাৰী চহৰ টিহু চহৰ তথা প্ৰতিখন খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত  ভিৰত মাইক যোগে ধপাতৰ সন্দৰ্ভত সজাগতা আৰু ধপাত বিৰোধী আইন ২০০৩ ৰ বিষয়ে প্ৰকাশ কৰাৰ উপৰিও কৰ’ণা ভাইৰাচৰ সংক্ৰমনত ধূমপান আৰু ধপাত জাতীয় সামগ্ৰীৰ প্ৰভাৱৰ ওপৰত প্ৰচাৰ চলোৱা হয় । এই কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: উমেশ ফ্ৰেংচু,ডা:নলনী কান্ত বৰ্মন,ডা: মধুৰাম বৈশ্য আৰু ডা: সুৰেন্দ্ৰ মজুমদাৰ সহ বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে । সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা তথা ডা: কৈলাশ ডেকাই আঁত ধৰা এই কাৰ্যসূচীত তেখেতে প্ৰকাশ কৰে যে ধপাতে মানুহৰ জীৱনলৈ কৰ্কত ৰোগ,মধুমেহ,উচ্চ ৰক্তচাপ,হাপানি,যক্ষ্মা আদি ৰোগ সৃষ্টি কৰাৰ উপৰিও বৰ্তমান সময়ত সন্ত্ৰাস সৃষ্টি কৰা কৰ’ণা ভাইৰাচৰ সংক্ৰমনত কাৰক হিচাপে কাম কৰে । চিকিৎসক গৰাকীয়ে ৰাইজলৈ আহ্বান জনাই যে ধূমপান আৰু ধপাত জাতীয় সামগ্ৰী বৰ্জন কৰি তথা চাবোনেৰে সঘনাই হাত মুখ ধুই মাস্ক পৰিধানৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি নিজক আৰু সমাজক ধপাতৰ পৰা হোৱা ৰোগ আৰু কৰ’ণা ভাইৰাচৰ সংক্ৰমনৰ পৰা হাত সৰাৰ মানসিকতা পোষণ কৰে ।

বাঘজান তৈলক্ষেত্ৰ পৰিৰ্দশন নকৰাকৈ অইলৰ চি এম ডিৰ সংবাদমেল । সাংবাদিকৰ প্ৰশ্নত বিবুধিত চি এম ডি ।

বাঘজান তৈলক্ষেত্ৰ পৰিৰ্দশন নকৰাকৈ অইলৰ চি এম ডিৰ সংবাদমেল ।

তিনিচুকীয়া :

তিনিচুকীয়া জিলা উপাযুক্তৰ কাৰ্যালয়ত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক সুশীল কুমাৰ মিশ্ৰ(CMD) আৰু কাৰ্যবাহী সঞ্চালকৰ উপস্থিতিত আজি এখন সংবাদ মেল আয়োজন কৰে। বাঘজানৰ তৈল খাদৰ পৰা নিৰ্গমন হৈ থকা গেছ আৰু তেল বন্ধ কৰিবলৈ অতি কমেও ১০ ৰ পৰা ১৫ দিন সময় লাগিব বুলি মন্তৱ্য কৰে। কিন্তু মাগুৰি মতাপুং বিলত শিহু,চৰাই চিৰিকতি মৃত্যু, বাঘজান গাঁ‌ৱৰ গৰু ছাগলি, হাঁ‌হ কুকুৰা মৃত্যু হোৱা ঘটনা অন্য কাৰণতহে বুলি মন্তৱ্য কৰে। সাংবাদিকৰ প্ৰশ্নত চিএম ডি গৰাকীয়ে গেছ ৰ্নিগতৰ ফলত পশু পক্ষী খেতি পথাৰ নষ্ট হোৱা নাই বুলি কোৱাত প্ৰকৃত তথ্যও ডাঙি ধৰিব নোৱাৰাতো অতি দুৰ্ভাগ্যজনক । আনকি গেছ ৰ্নিগত ফলত অঞ্চলটোৰ কিমান লোক ঘৰ এৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হল সেই তথ্যও নাই । সাংবাদিকৰে মুখামুখি হৈ থকা সৰকা হোৱাৰ পিছত ততা তৈয়াকৈ চিএম ডিৰ দলতো বাঘজানৰ দুৰ্ঘটনাথলীলৈ ৰাওনা হৈছে ।অন্যহাতে কুপৰ ভাভ্ল শিলশৰৰ পৰা অহা মঙলবাৰৰ ভিতৰত পোৱাৰ কথা কৈছে । ইয়াৰোপৰি বৰোদৰা, অ এন জি চি, অইলৰ বিশেষজ্ঞ দলে ৰ্নিগত গেছ বন্ধ কৰাৰ প্ৰচেষ্টা থকা হৈছে । ১০/১৫ দিনৰ ভিতৰত ৰ্নিগত গেছ বন্ধ কৰিব পৰা নগলে হয়তো ২৫ দিন পৰ্যন্ত সময় প্ৰয়োজনৰ সম্ভাবনাৰ কথাও নুই কৰা নাই দলটোৱে । ইফালে অঞ্চলটোৰ প্ৰায় সাত শতাধিক পৰিয়ালৰ গেছ ৰ্নিগতৰ ফলত খেতি বাতি নষ্ট হৈ ভবিষ্যত অন্ধকাৰ হৈ পৰিছে । ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপুৰণ আদায় দিবলৈ মটক সন্মিলনৰ সৰোজ গোঁহাই, মৰান ছাত্ৰ সন্থাৰ নব মৰান আছুৰ সমৰজ্যোতি গোঁহাইয়ে অইল ইণ্ডিয়া দুলীয়াজানক দাবী জনাইছে ।

বহিঃৰাজ্যত অসমৰ যুৱকৰ কৰুণ মৃত্যু : পতিৰ নশ্বৰদেহ দাহনৰ পূৰ্বে অন্তঃ সত্তা পত্নীক প্ৰসৱ কৰাবলৈ লৈ যোৱা হৈছে চিকিৎসালয়ত।

তামুলপুৰ ঃ

বিশ্বজুৰি কৰ’ণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে  তামুলপুৰৰ এটি দুখীয়া পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা । জানিব পৰা মতে লক ডাউনৰ পূৰ্বে তামুলপুৰ মহকুমাৰ হৰিণচৰা গাঁওৰ চন্দ্ৰ কুমাৰ দাস নামৰ যুৱক জনে কৰ্মৰ সন্ধানত ঢাপলি মেলিছিল সুদূৰ বেংগালুৰলৈ  । কিন্ত  লক ডাউনৰ বাবে সমগ্ৰ দেশ স্তব্ধ হৈ পৰাৰ সময়তে   হঠাৎ অসুস্থ হৈ পৰাত যুৱক জনক লগে লগে তেওঁৰ বন্ধুৱে ভৰ্তি কৰায় বেংগালুৰুৰ এখন চিকিৎসালয়ত। কেইবাদিনো ধৰি চিকিৎসাধীন হৈ থকা যুৱক জনে মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত  কালি নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈ পৰে ।  ইপিনে এই দুখ জনক খবৰটো পৰিয়ালে লাভ কৰিলে যদিও  লক ডাউন আৰু কৰ’ণা মহামাৰীৰ আতংকৰ বাবে নিজ গৃহত আনিবলৈ অসমৰ্থ হ’ল হৰিণচৰা গাঁওৰ ধীৰেন্দ্ৰ দাসৰ পুত্ৰ শ্ৰমিক চন্দ্ৰ কুমাৰ দাসৰ নশ্বৰদেহ ।  চন্দ্ৰ কুমাৰ দাসৰ সৈতে একেলগে কৰ্মৰত ভাতৃ ফুলকুমাৰ দাসে পৰিয়ালক খবৰ দিয়া অনুসৰি বেংগালুৰুতে যুৱক জনৰ শেষ কৃত্য সম্পন্ন কৰাৰ প্ৰস্তুতি চলিছে । উল্লেখযোগ্য যে মাত্ৰ এটা বছৰ পূৰ্বে বিচিত্ৰা দাস নামৰ যুৱতী গৰাকীৰ সতে বিবাহ পাশত আৱদ্ধ হৈছিল মৃত শ্ৰমিক চন্দ্ৰ কুমাৰ দাস।সম্প্ৰতি পত্নী বিচিত্ৰা ন মাহীয়া গৰ্ভৱতী এতিয়া ।  সামাজিক নিয়ম পালন কৰি এফালে গাঁওৰ মানুহে মচি দিছে মৃত শ্ৰমিক চন্দ্ৰকুমাৰৰ পত্নীৰ কপালৰ সেঁঁন্দুৰ কণ আৰু আনফালে পত্নীৰ আৰম্ভ হৈছে প্ৰসৱৰ যান্ত্ৰণা। পতিৰ নশ্বৰদেহ সৎকাৰ কৰাৰ পূৰ্বে  অন্তঃসত্তা পত্নীক  লৈ যোৱা হৈছে চিকিৎসালয়ত প্ৰসৱ কৰাবলৈ । এতিয়া পৰিয়ালৰ লোকে চৰকাৰ তথা প্ৰসাশনক কাতৰ অনুৰোধ কৰিছে মৃত  চন্দ্ৰ কুমাৰ দাসৰ সৈতে একেলগে থকা ভাতৃ ফুলকুমাৰ দাসক যাতে চৰকাৰ আৰু প্ৰশাসনৰ লোকে ঘৰলৈ উভতাই দিয়াৰ ব্যৱস্থা কৰে। মৃত চন্দ্ৰ কুমাৰ দাসৰ সৈতে একেলগে শ্রমিক হিচাবে কৰ্মৰত আছিল দাদা ফুলকুমাৰ দাস। ঘটনাৰ খবৰ বিয়পি পৰাৰ লগতে বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ লগতে শোকত ভাগি পৰিছে গাঁওবাসী তথা আত্মীয় স্বজন।

অনাহাৰী সকলক দুপুৰীয়া এসাজ বিতৰণ কৰিলে শিলাদিত্য দেৱে ।

অনাহাৰী সকলক দুপুৰীয়া এসাজ বিতৰণ কৰিলে শিলাদিত্য দেৱে ।

লংকা

 কৰ’ণা মহামাৰী ফলত সমগ্ৰ ভাৰতৰ লগতে অসমতো বলৱত  থকা লকডাউনৰ ফলত বিশেষ কৈ পথচাৰী,  মগনীয়া,  অনাহাৰী  লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছিল। লংকা চহৰতো  তাৰ পূৰ্ণ প্ৰতিফলন পৰিছিল  এই সকল লোকক সহায় কৰাৰ উদ্দেশ্যে লংকাৰ কিছু সেচ্ছাসেবকে লগ হৈ ‘সেৱা সংঘ’ নামাকৰণেৰে যোৱা ২৯ মাৰ্চৰ পৰা ৩১ মে’ লৈকে সেৱা সংঘৰ প্ৰত্যেক জন কাৰ্যকৰ্তাই নিজৰ ঘৰৰ পৰা ৰান্ধি আনি লংকা ৰেলৱে ষ্টেশনত থকা  দৰিদ্ৰ,  অন্ধ,  আৰু অনাহাৰী সকলক দুপুৰীয়াৰ এসাজ  আহাৰ যোগান ধৰি আহিছিল।  সেৱা সংঘৰ সভাপতি বিশ্বনাথ দাস আৰু সম্পাদক ধ্যান সিং ৰ নেতৃত্বত ৬২ দিনযোৰা কাৰ্য্য সূচীৰ আজি সামৰণী পৰে।  সেই উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ উপস্থিত থাকি  তেখেতে নিজে অনাহাৰী সকলক আহাৰ দিয়াৰ লগতে সেৱা সংঘৰ এই কাৰ্য্যক ভূয়সী প্ৰশংসা কৰি  সকলো কাৰ্যকৰ্তাক  ধন্যবাদ জ্ঞাপন কৰে।

অভিনেতা পৰেশ গোস্বামীক প্ৰদান কৰা হ’ল ২০১৯-২০ বৰ্ষৰ প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা ৷

অভিনেতা পৰেশ গোস্বামীক প্ৰদান কৰা হ'ল ২০১৯-২০ বৰ্ষৰ প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা ৷

দৰঙৰ পৰা জয়দেৱ ডেকা :  

অসমৰ মঞ্চ জগতৰ বলিষ্ঠ অভিনেতা পৰেশ গোস্বামীক প্ৰদান কৰা হ’ল ২০১৯-২০ বৰ্ষৰ প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা ৷ বিগত বৰ্ষত ৰাজমুকুট থিয়েটাৰৰ “বীৰাংগনা ” নাটকত এটা বিশেষ চৰিত্ৰত কৰা অসাধাৰণ অভিনয়ৰ বাবে অভিনেতা গৰাকীক প্ৰদান কৰা হয় এই সন্মান ৷ দক্ষিণ ৰঙিয়া অঞ্চলৰ অগ্ৰণী সমাজ সাংস্কৃতিকমূলক অনুষ্ঠান “মঞ্চ” ৰ উদ্যোগত আজি অভিনেতা গৰাকীৰ গৃহ জিলাৰ দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ত সম্পূৰ্ণ চৰকাৰী নীতি- নিৰ্দেশনাৰে এই বঁটা প্ৰদান কৰা হয় অভিনেতা গৰাকীক ৷ পূৰ্বে অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান অনুষ্ঠান গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা হৈ আহিছিল যদিও এইবাৰ লকডাউনৰ পৰিপেক্ষিতত উদ্যোক্তা সকলে পূৰ্বৰ স্থানৰ পৰিবৰ্তে দেওমৰনৈ মহাবিদ্যালয়ত এই অনুষ্ঠান ৰুপায়ন কৰা হয় ৷ বঁটা প্ৰদান অনুষ্ঠান “মঞ্চ” ৰ সভাপতি তথা নলবাৰী জিলাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক হেমন্ত ভট্ৰাচাৰ্যৰ সঞ্চালনাত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰামানন্দ ৰাজবংশী , অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান যাদৱ শৰ্মা , অভিনেতা যোগেশ কাশ্যপ , পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাকে আদি কৰি বিভিন্ন দল সংগঠনৰ লোক উপস্থিত থাকে ৷ প্ৰয়াত অচ্যুত লহকৰৰ সহধৰ্মিনী কিৰণ লহকৰৰ পৰিবৰ্তে পৰিয়ালৰ হৈ অম্লান জ্যোতি শৰ্মা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৷ অনুষ্ঠানত মুখপত্ৰ “সপ্নদ্ৰষ্টা ” উন্মোচন কৰে অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান যাদৱ শৰ্মাই ৷  উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বৰষাৰাণী বিষয়া , অঞ্জলী চেত্ৰী আৰু প্ৰাঞ্জনা দওক প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান কৰা হয় ৷ অভিনেতা পৰেশ গোস্বামী এই বঁটা লাভ কৰি দৰং বাসীৰ বাবে শুভবাৰ্তা কঢ়িয়াই অনাৰ বাবে জিলাখনৰ দল সংগঠনে অভিনেতা গৰাকীক জনায় শুভেচ্ছা ৷

মাজুলীত এন এম অ’, এবিভিপি, সেৱা ভাৰতীৰ ৰক্তদান শিৱিৰ ।

মাজুলীত এন এম অ', এবিভিপি, সেৱা ভাৰতীৰ ৰক্তদান শিৱিৰ ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন  :

নেচনেল মেডিক’জ অৰ্গেনাইজেচন চমুকৈ এন এম অ’ৰ উদ্যোগত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, মাজুলী জিলা আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত আজি ৩১ মে’ তাৰিখে বিশ্ব ধপাত নিষেধ দিৱসৰ সৈতে সঙ্গতি ৰাখি গড়মূৰৰ পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত এক ৰক্তধাৰা নামেৰে এক ৰক্তদান শিৱিৰৰ আয়োজন কৰে । উল্লেখযোগ্য যে কৰ’না মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত ৰাজ্যৰ ব্লাড বেংক সমুহত পৰ্যাপ্ত ৰক্তৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এন এম অ’ৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে আজিৰ দিনটোত ৰক্তদান শিৱিৰৰ আয়োজন কৰিছে । পুৱা দহ বজাত বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সাহিত্য প্ৰকাশন প্ৰমুখ বিশ্বজিৎ খাউণ্ডে আঁতধৰা শিৱিৰটিৰ উদ্ধোধন কৰে মাজুলী জিলাৰ উপ-আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই । উপ-আৰক্ষী অধীক্ষক দেৱশৰ্মাই উদ্ধোধন কৰি কয় যে, নেচনেল মেডিকজ অৰ্গেনাইজেচনে দেশৰ এই সংকটৰ সময়ত ৰক্তধাৰাৰ জড়িয়তে মহৎ পদক্ষেপ লৈছে । এইক্ষেত্ৰত বিদ্যাৰ্থী পৰিষদ আৰু সেৱা ভাৰতীকো দেৱশৰ্মাই শলাগ লয় । মাজুলীৰ প্ৰায় অৰ্ধশতাধিক ৰক্তদাতা উপস্থিত থাকে যদিও চিকিৎসালয় কতৃপক্ষই সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান কেৱল ২০ ইউনিটহে গ্ৰহন কৰে । সামৰণি অনুষ্ঠানত ব্লাডবেংকৰ পৰ্য্যবেক্ষক চিকিৎসক ডাঃ মানিক মিলিয়ে ভাষন প্ৰসংগত কয় যে মাজুলীৰ একমাত্ৰ ব্লাডবেংকটি কিছুদিন আগেয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়কে উদ্ধোধন কৰিছিল । নৱ-নিৰ্মিত ব্লাডবেংকটিত আজিৰ এই শিৱিৰটোৱেই প্ৰথম ৰক্তদান শিৱিৰ । সেয়ে আজি এক ঐতিহাসিক দিন বুলিও তেখেতে উল্লেখ কৰে ।ডাঃ মিলিয়ে এবিভিপি-সেৱা ভাৰতীক প্ৰয়োজনত আৰু ৰক্তদান শিৱিৰৰ আয়োজন কৰি সৰ্বসাধাৰণ ৰাইজক উপকৃত কৰিবলৈ আহ্বান জনাই । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জিলা প্ৰচাৰক বুবুল চন্দ্ৰ ডেকা উপস্থিত থাকি এন এম অ’ , এবিভিপি, সেৱা ভাৰতীৰ শলাগ লৈ কয় যে নৰসেৱাই নাৰায়ণ সেৱা বুলি উল্লেখ কৰে । বিশিষ্ট সাংবাদিক যদু কলিতাও উপস্থিত হৈ ৰক্তদাতাসকলক সংগ দিয়ে । বিদ্যাৰ্থী পৰিষদৰ ৰূপজ্যোতি সোণোৱাল, মাধূৰ্য্য পাতিৰ, মেটম দলে, ভাইতী নৰহ, মুনু নেৱাৰ, লুহিত বৰুৱা, গড়মূৰ শংকৰদেৱশিশু নিকেতনৰ প্ৰধান আচাৰ্য্য বাবুল কলিতা, আৰ এছ এছৰ মাজুলী জিলাৰ কাৰ্য্যবাহ ত্ৰিণয়ন দত্ত, ব্যৱস্থা প্ৰমুখ দিনেশ দাস, জিলা যুৱমৰ্চাৰ সভাপতি ৰঞ্জন মহন্ত আদি উপস্থিত থাকে । আয়োজক তথা সেৱা ভাৰতীৰ কৰ্মী বাবুল নেওগ আৰু বিদ্যাৰ্থী পৰিষদৰ বিশ্বজিৎ খাউণ্ডে সকলোকে কৃতজ্ঞতা জনাই ।

আইডিয়া মবাইল নেটৱৰ্কিং কোম্পানী বন্ধ !

নগাঁও পৰা এ জে আকন্দ‌

” আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল”- এই আপ্ত বাক্য শাৰি প্ৰযোজ্য হৈছে আইডিয়া নামৰ মবাইল নেটৱৰ্কিং কোম্পানীৰ ক্ষেত্ৰত। “আইডিয়া” কোম্পানীৰ ছীম ব্যৱহাৰ কৰা সৰ্বসাধাৰণ গ্ৰাহকে সম্প্ৰতি জলাকলা খাইছে। এই কোম্পানীটোৰ অধীনত থকা গ্ৰাহক সকলে বিচৰা মতে নাপায় নেটৱৰ্ক। কল কৰিলেই প্ৰায় সংযোগ বিছিন্ন হৈ পৰা বুলি অভিযোগ সৰ্বত্ৰ উঠিছে গ্ৰাম্যঞ্চলতো বাদেই নগৰ-চহৰতো একেবাৰে নাপায় মবাইল নেটৱৰ্কিং টাৱাৰ। মুলতঃ এই কোম্পানীটোৰ দুৰ্বল নেটৱৰ্কৰ বাবে এইদৰে গ্ৰাহক সকলে মবাইলৰ জৰিয়তে কথা পতাৰ লগতে ইনটাৰনেট সেৱাৰ ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হৈছে। জানিব পৰা মতে, এই কোম্পানীটোয়ে গ্ৰাহকৰ সংখ্যা অনুসৰি ঠায়ে ঠায়ে টাৱাৰ সংস্থাপন নকৰাৰ বাবেই নেটৱৰ্কিং সেৱাত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।  এইদৰে সৰ্বসাধাৰণ গ্ৰাহকক দীৰ্ঘদিন ধৰি ৰামঠগন দি কোটি কোটি টকাৰ লুন্ঠন চলোৱাৰ অভিযোগ উঠিছে কোম্পানীটোৰ বিৰুদ্ধে। কোম্পানীটোৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে ইতিমধ্যে হাজাৰ হাজাৰ গ্ৰাহকে অন্য কোম্পানীলৈ নিজৰ মবাইল নম্বৰটো ৰূপান্তৰ কৰিছে। শেহতীয়াকৈ ৰূপান্তৰ কৰাৰ এই প্ৰক্ৰিয়াত গ্ৰাহকৰ লানি নিচিগা সুত বোৱা বুলি জানিব পৰা গৈছে। ইপিনে, কোটি কোটি টকাৰ ব্যৱসায় কৰা এই কোম্পানীটোৱে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা ধন ঘুৰাই দিবনে ? নে এইদৰে দুৰ্বল নেটৰ্কৰ জৰিয়তে চলি থাকিব কোম্পানীটো। বৰ্তমানলৈকে আইডিয়া নামৰ এই মবাইল নেটৱৰ্কিং কোম্পানী বন্ধ হ’ব নেকি ? এই লৈয়ো একাংশ গ্ৰাহকৰ মাজত চৰ্চিত চলিছে। আনহাতে, কোম্পানীটোৰ দায়িত্বহীনতা অব্যাহত থাকিলে কোম্পানীটো নিজে নিজেই বন্ধ হৈ পৰিব বুলি আশংকা কৰা হৈছে। গ্ৰাহকক ৰামঠগন দি অহা এই কোম্পানীটোৰ বিৰুদ্ধে চৰকাৰে বিহিত ব্যৱস্থা লবনে ? অন্যহাতে, নগাঁৱৰ একাংশ গ্ৰাহকে এই কোম্পানীটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহনৰ বাবে চৰকাৰক দাবী জনাইছে।

দুবছৰত ৬ বিঘা মাটিত বনাঞ্চল সৃষ্টিৰ প্ৰয়াস : যাদৱ পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত ঢকুৱাখনাৰ যুৱক মনদ্বীপ।

যাদৱ পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত ঢকুৱাখনাৰ যুৱক মনদ্বীপ

ঢকুৱাখনা পৰা ৰাজীৱ বৰুৱা

ৰাজ্যৰ বিভিন্ন ঠাইত এচাম মানুহে প্ৰাকৃতিক জৈৱ-বৈচিত্ৰ্য বিনষ্ট কৰি বনাঞ্চল ধ্বংসৰ কাৰ্য  অব্যাহত ৰখাৰ লগতে শেহতীয়াকৈ দিহিং পাটকাই বনাঞ্চলৰ সমীপত চৰকাৰে কয়লা খননৰ অনুমতি দি আওপকীয়াকৈ বনাঞ্চল ধ্বংসৰ লগতে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিবলৈ লোৱাত যি সময়ত ৰাজ্যজুৰি প্ৰকৃতি প্ৰেমী দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।সেই সময়তেই নিৰৱে প্ৰকৃতি সুৰক্ষাৰ কামত জড়িত হৈ থকা ঢকুৱাখনাৰ এজন যুৱক মনদ্বীপ গোস্বামীয়ে সমাজৰ বহুজনলৈ এক শুভ বাৰ্তা কঢ়িয়াই আনিছে। ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ বাসিন্দা মনদ্বীপ গোস্বামীয়ে অকলেই কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে ভৰালভেটি নামৰ  এটা চাপৰিত ৬ বিঘাকৈ মাটিত-গমাৰি,পৌজা,নিম,চেগুন গছৰ ৬ হেজাৰৰো অধিক পুলি ৰোপন কৰি এখন ক্ষুদ্ৰ বনাঞ্চল গঢ়ি তুলাৰ প্ৰয়াস কৰিছে যোৱা দুটা বছৰ ধৰি।এই প্ৰয়াসত যথেষ্ট সফল হৈছে যুৱকজন।২০১৮ বৰ্ষৰ জুন,জুলাই মাহতে মনদ্বীপে তেওঁৰ নিজৰ পৈতিক ভুমিৰ ৬ বিঘা মাটিত হাৰমতিৰ এখন ফাৰ্মৰ পৰা আনি এই ৬ হেজাৰৰো অধিক গছ পুলি ৰোপন কৰিছিলহি।এইবছৰ লক ডাউনৰ সময়ত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰদূষণৰ পৰিমাণ কমি যোৱাৰ লগতে যুৱকজনৰ আদৰ যত্নত দুবছৰীয়া গছবোৰ লহপঢ়কৈ বাঢ়িছে এতিয়া দৃষ্টিনন্দন ৰূপত সেউজীয়া হৈ।যি সময়ত মানৱজাতিয়ে বনাঞ্চল ধবংস কৰি প্ৰাকৃতিক সম্পদ সমূহ এফালৰ পৰা নিঃশেষ কৰি আহিছে তেনে সময়তে এইজন উদ্যমী যুৱকে অৰণ্য মানৱ যাদৱ পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজৰ প্ৰচেষ্টাত গঢ়ি তুলা এই ৬ বিঘা মাটিৰ ক্ষুদ্ৰ বনাঞ্চলখন বহুতৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।উল্লেখ্য যে এইখন বনাঞ্চলে আৰু দুই/তিনি বছৰৰ ভিতৰত মৰনৈ বেবেজীয়া অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশক এক অন্য মাত্ৰ প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে প্ৰকৃতি প্ৰেমী যুৱক মনদ্বীপ গোস্বামীয়ে।তদুপৰি মনদ্বীপে আজি “সংবাদ মাধ্যম”ৰ জড়িয়তে ঢকুৱাখনাৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলে আৰু ঢকুৱাখনা মহকুমা প্ৰশাসনৰ প্ৰতি আহ্বান জনাই কয় যে -ঢকুৱাখনা নগৰৰ পৰা ঐতিহাসিক বাসুদেৱথান লৈকে নিৰ্মীয়মান পথটোৰ দুয়ো কাষে সৌন্দৰ্য্য বৰ্দ্ধক গছ-গছনি ৰোপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।লগতে ভীমপৰা চিগাৰ পৰা নাওঁজান পৰ্যন্ত বাসুদেৱথানক সামৰি সমগ্ৰ এলেকাটোক সেউজ কৰিডৰূপে গঢ়ি তুলিবলৈ আঁচনি ল’ব লাগে।এই কামত তেওঁ পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও অৱগত কৰে।

মহাৰাষ্ট্ৰত ৰাজহুৱা স্থানত থু পেলোৱা, ধূমপান কৰাত নিষেধাজ্ঞা ।

দৈনন্দিন বাৰ্তাৰ নিজা সেৱা :

মাৰাত্মক ক’ৰোনা ভাইৰাছ ৰোধ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে মহাৰাষ্ট্ৰৰ মহা বিকাশ আগাদি চৰকাৰে ৰাজহুৱা স্থানৰ য’তে ত’তে থু পেলোৱা, ধূমপান কৰা বা নাকেৰে খেকাৰ পেলোৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ চৰকাৰে এই সন্দৰ্ভত জাৰি কৰা জাননী মতে এই অপৰাধত ছমাহৰ পৰা দুবছৰ পৰ্যন্ত কাৰাবাসখাতিব লাগিব ৷ ৰাজ্যখনৰ স্বাস্থ্য বিভাগে সংক্ৰামক ৰোগ ৰোধৰ আইন ১৮৯৭ অনুসৰি আৰু ভাৰতীয় দণ্ডবিধি আইনৰ মতে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ক’ভিড-১৯ সংক্ৰমণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ৷ উল্লেখ্য যে মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে সৰ্বাধিক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ইয়াৰ উপৰি ৰাজ্য চৰকাৰে ইতিমধ্যে বম্বে আৰক্ষী আইন মতে থু পেলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল ৷ চিগাৰেট আৰাু আন ধঁপাত সামগ্ৰী আইন ২০০৩ মতে ধূমপান কৰা, উৎপাদন, মজুত, বিতৰণ, কঢ়িয়াই নিয়া আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি কৰিছে ৷ এই অপৰাধৰ বাবে ১০০০ টকাৰ পৰা ৫০০০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব ৷

পাইলট আক্ৰান্ত ক’ৰোনাত : মাজ আকাশৰ পৰা ঘুৰি আহিল মস্কো অভিমুখী বিমান ।

পাইলটৰ শৰীৰত পোৱা গ’ল মাৰাত্মক ক’ভিড-১৯ বীজাণু ৷

দৈনন্দিন বাৰ্তাৰ নিজা সেৱা :

ককপিটত ক’ৰোনা ভাইৰাছ ৷ পাইলটৰ শৰীৰত পোৱা গ’ল মাৰাত্মক ক’ভিড-১৯ বীজাণু ৷ ফলত আজি মাজ আকাশৰ পৰাই ঘুৰাই আনিবলৈ বাধ্য হ’ল এয়াৰ ইণ্ডিয়াৰ দিল্লীৰ পৰা মস্কো অভিমুখী বিমান ৷ দিনৰ ১২.৩০ বজাত দিল্লী বিমান বন্দৰত অবতৰণ কৰে এয়াৰবাছ এ-৩২০ নিঅ’ ৷ আনহাতে নিয়ম মানি চালকসকলক কোৱাৰেণ্টাইন কৰা হৈছে ৷ মাজ আকাশত কিদৰে পাইলট ক’ৰনাত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গ’ল, এই প্ৰশ্নৰ উত্তৰত বিমান প্ৰতিষ্ঠানটোৱে জনাইছে যে প্ৰি-ফ্লাইট টেষ্ট ৰেকৰ্ড বা বিমান৷যাত্ৰা আৰম্ভ কৰাৰ আগেয়ে ক’ৰনা পজিটিভ পালেও ভুলবশতঃ নিগেটিভ বুলি দিয়ে গ্ৰাউণ্ড দলক ৷ ফলত নিয়মমাফিক উৰণ আৰম্ভ কৰে চালকে ৷ কৰ্মীৰ এনে গাফিলতিত প্ৰশ্নৰ সন্মুখীন হৈছে বিমান প্ৰতিষ্ঠানটো ৷ তাৰ মাজতে স্বস্তিৰ বিষয় যে বিমানত কোনো যাত্ৰী নাছিল ৷ ৰাছিয়াৰ মস্কোৰ পৰা সেই বিমানত আবদ্ধ ভাৰতীয় নাগৰিকক আনিবলৈ গৈছিল বিমানখন ৷ ইতিমধ্যে আন এখন বিমান পঠোৱাৰ ব্যৱস্থা কৰে এয়াৰ ইণ্ডিয়াই ৷