Home Blog Page 3336

মাজুলীত এন এম অ’, এবিভিপি, সেৱা ভাৰতীৰ ৰক্তদান শিৱিৰ ।

মাজুলীত এন এম অ', এবিভিপি, সেৱা ভাৰতীৰ ৰক্তদান শিৱিৰ ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন  :

নেচনেল মেডিক’জ অৰ্গেনাইজেচন চমুকৈ এন এম অ’ৰ উদ্যোগত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, মাজুলী জিলা আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত আজি ৩১ মে’ তাৰিখে বিশ্ব ধপাত নিষেধ দিৱসৰ সৈতে সঙ্গতি ৰাখি গড়মূৰৰ পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত এক ৰক্তধাৰা নামেৰে এক ৰক্তদান শিৱিৰৰ আয়োজন কৰে । উল্লেখযোগ্য যে কৰ’না মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত ৰাজ্যৰ ব্লাড বেংক সমুহত পৰ্যাপ্ত ৰক্তৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এন এম অ’ৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে আজিৰ দিনটোত ৰক্তদান শিৱিৰৰ আয়োজন কৰিছে । পুৱা দহ বজাত বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সাহিত্য প্ৰকাশন প্ৰমুখ বিশ্বজিৎ খাউণ্ডে আঁতধৰা শিৱিৰটিৰ উদ্ধোধন কৰে মাজুলী জিলাৰ উপ-আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই । উপ-আৰক্ষী অধীক্ষক দেৱশৰ্মাই উদ্ধোধন কৰি কয় যে, নেচনেল মেডিকজ অৰ্গেনাইজেচনে দেশৰ এই সংকটৰ সময়ত ৰক্তধাৰাৰ জড়িয়তে মহৎ পদক্ষেপ লৈছে । এইক্ষেত্ৰত বিদ্যাৰ্থী পৰিষদ আৰু সেৱা ভাৰতীকো দেৱশৰ্মাই শলাগ লয় । মাজুলীৰ প্ৰায় অৰ্ধশতাধিক ৰক্তদাতা উপস্থিত থাকে যদিও চিকিৎসালয় কতৃপক্ষই সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান কেৱল ২০ ইউনিটহে গ্ৰহন কৰে । সামৰণি অনুষ্ঠানত ব্লাডবেংকৰ পৰ্য্যবেক্ষক চিকিৎসক ডাঃ মানিক মিলিয়ে ভাষন প্ৰসংগত কয় যে মাজুলীৰ একমাত্ৰ ব্লাডবেংকটি কিছুদিন আগেয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়কে উদ্ধোধন কৰিছিল । নৱ-নিৰ্মিত ব্লাডবেংকটিত আজিৰ এই শিৱিৰটোৱেই প্ৰথম ৰক্তদান শিৱিৰ । সেয়ে আজি এক ঐতিহাসিক দিন বুলিও তেখেতে উল্লেখ কৰে ।ডাঃ মিলিয়ে এবিভিপি-সেৱা ভাৰতীক প্ৰয়োজনত আৰু ৰক্তদান শিৱিৰৰ আয়োজন কৰি সৰ্বসাধাৰণ ৰাইজক উপকৃত কৰিবলৈ আহ্বান জনাই । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জিলা প্ৰচাৰক বুবুল চন্দ্ৰ ডেকা উপস্থিত থাকি এন এম অ’ , এবিভিপি, সেৱা ভাৰতীৰ শলাগ লৈ কয় যে নৰসেৱাই নাৰায়ণ সেৱা বুলি উল্লেখ কৰে । বিশিষ্ট সাংবাদিক যদু কলিতাও উপস্থিত হৈ ৰক্তদাতাসকলক সংগ দিয়ে । বিদ্যাৰ্থী পৰিষদৰ ৰূপজ্যোতি সোণোৱাল, মাধূৰ্য্য পাতিৰ, মেটম দলে, ভাইতী নৰহ, মুনু নেৱাৰ, লুহিত বৰুৱা, গড়মূৰ শংকৰদেৱশিশু নিকেতনৰ প্ৰধান আচাৰ্য্য বাবুল কলিতা, আৰ এছ এছৰ মাজুলী জিলাৰ কাৰ্য্যবাহ ত্ৰিণয়ন দত্ত, ব্যৱস্থা প্ৰমুখ দিনেশ দাস, জিলা যুৱমৰ্চাৰ সভাপতি ৰঞ্জন মহন্ত আদি উপস্থিত থাকে । আয়োজক তথা সেৱা ভাৰতীৰ কৰ্মী বাবুল নেওগ আৰু বিদ্যাৰ্থী পৰিষদৰ বিশ্বজিৎ খাউণ্ডে সকলোকে কৃতজ্ঞতা জনাই ।

আইডিয়া মবাইল নেটৱৰ্কিং কোম্পানী বন্ধ !

নগাঁও পৰা এ জে আকন্দ‌

” আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল”- এই আপ্ত বাক্য শাৰি প্ৰযোজ্য হৈছে আইডিয়া নামৰ মবাইল নেটৱৰ্কিং কোম্পানীৰ ক্ষেত্ৰত। “আইডিয়া” কোম্পানীৰ ছীম ব্যৱহাৰ কৰা সৰ্বসাধাৰণ গ্ৰাহকে সম্প্ৰতি জলাকলা খাইছে। এই কোম্পানীটোৰ অধীনত থকা গ্ৰাহক সকলে বিচৰা মতে নাপায় নেটৱৰ্ক। কল কৰিলেই প্ৰায় সংযোগ বিছিন্ন হৈ পৰা বুলি অভিযোগ সৰ্বত্ৰ উঠিছে গ্ৰাম্যঞ্চলতো বাদেই নগৰ-চহৰতো একেবাৰে নাপায় মবাইল নেটৱৰ্কিং টাৱাৰ। মুলতঃ এই কোম্পানীটোৰ দুৰ্বল নেটৱৰ্কৰ বাবে এইদৰে গ্ৰাহক সকলে মবাইলৰ জৰিয়তে কথা পতাৰ লগতে ইনটাৰনেট সেৱাৰ ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হৈছে। জানিব পৰা মতে, এই কোম্পানীটোয়ে গ্ৰাহকৰ সংখ্যা অনুসৰি ঠায়ে ঠায়ে টাৱাৰ সংস্থাপন নকৰাৰ বাবেই নেটৱৰ্কিং সেৱাত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।  এইদৰে সৰ্বসাধাৰণ গ্ৰাহকক দীৰ্ঘদিন ধৰি ৰামঠগন দি কোটি কোটি টকাৰ লুন্ঠন চলোৱাৰ অভিযোগ উঠিছে কোম্পানীটোৰ বিৰুদ্ধে। কোম্পানীটোৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে ইতিমধ্যে হাজাৰ হাজাৰ গ্ৰাহকে অন্য কোম্পানীলৈ নিজৰ মবাইল নম্বৰটো ৰূপান্তৰ কৰিছে। শেহতীয়াকৈ ৰূপান্তৰ কৰাৰ এই প্ৰক্ৰিয়াত গ্ৰাহকৰ লানি নিচিগা সুত বোৱা বুলি জানিব পৰা গৈছে। ইপিনে, কোটি কোটি টকাৰ ব্যৱসায় কৰা এই কোম্পানীটোৱে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা ধন ঘুৰাই দিবনে ? নে এইদৰে দুৰ্বল নেটৰ্কৰ জৰিয়তে চলি থাকিব কোম্পানীটো। বৰ্তমানলৈকে আইডিয়া নামৰ এই মবাইল নেটৱৰ্কিং কোম্পানী বন্ধ হ’ব নেকি ? এই লৈয়ো একাংশ গ্ৰাহকৰ মাজত চৰ্চিত চলিছে। আনহাতে, কোম্পানীটোৰ দায়িত্বহীনতা অব্যাহত থাকিলে কোম্পানীটো নিজে নিজেই বন্ধ হৈ পৰিব বুলি আশংকা কৰা হৈছে। গ্ৰাহকক ৰামঠগন দি অহা এই কোম্পানীটোৰ বিৰুদ্ধে চৰকাৰে বিহিত ব্যৱস্থা লবনে ? অন্যহাতে, নগাঁৱৰ একাংশ গ্ৰাহকে এই কোম্পানীটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহনৰ বাবে চৰকাৰক দাবী জনাইছে।

দুবছৰত ৬ বিঘা মাটিত বনাঞ্চল সৃষ্টিৰ প্ৰয়াস : যাদৱ পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত ঢকুৱাখনাৰ যুৱক মনদ্বীপ।

যাদৱ পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত ঢকুৱাখনাৰ যুৱক মনদ্বীপ

ঢকুৱাখনা পৰা ৰাজীৱ বৰুৱা

ৰাজ্যৰ বিভিন্ন ঠাইত এচাম মানুহে প্ৰাকৃতিক জৈৱ-বৈচিত্ৰ্য বিনষ্ট কৰি বনাঞ্চল ধ্বংসৰ কাৰ্য  অব্যাহত ৰখাৰ লগতে শেহতীয়াকৈ দিহিং পাটকাই বনাঞ্চলৰ সমীপত চৰকাৰে কয়লা খননৰ অনুমতি দি আওপকীয়াকৈ বনাঞ্চল ধ্বংসৰ লগতে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিবলৈ লোৱাত যি সময়ত ৰাজ্যজুৰি প্ৰকৃতি প্ৰেমী দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।সেই সময়তেই নিৰৱে প্ৰকৃতি সুৰক্ষাৰ কামত জড়িত হৈ থকা ঢকুৱাখনাৰ এজন যুৱক মনদ্বীপ গোস্বামীয়ে সমাজৰ বহুজনলৈ এক শুভ বাৰ্তা কঢ়িয়াই আনিছে। ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ বাসিন্দা মনদ্বীপ গোস্বামীয়ে অকলেই কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে ভৰালভেটি নামৰ  এটা চাপৰিত ৬ বিঘাকৈ মাটিত-গমাৰি,পৌজা,নিম,চেগুন গছৰ ৬ হেজাৰৰো অধিক পুলি ৰোপন কৰি এখন ক্ষুদ্ৰ বনাঞ্চল গঢ়ি তুলাৰ প্ৰয়াস কৰিছে যোৱা দুটা বছৰ ধৰি।এই প্ৰয়াসত যথেষ্ট সফল হৈছে যুৱকজন।২০১৮ বৰ্ষৰ জুন,জুলাই মাহতে মনদ্বীপে তেওঁৰ নিজৰ পৈতিক ভুমিৰ ৬ বিঘা মাটিত হাৰমতিৰ এখন ফাৰ্মৰ পৰা আনি এই ৬ হেজাৰৰো অধিক গছ পুলি ৰোপন কৰিছিলহি।এইবছৰ লক ডাউনৰ সময়ত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰদূষণৰ পৰিমাণ কমি যোৱাৰ লগতে যুৱকজনৰ আদৰ যত্নত দুবছৰীয়া গছবোৰ লহপঢ়কৈ বাঢ়িছে এতিয়া দৃষ্টিনন্দন ৰূপত সেউজীয়া হৈ।যি সময়ত মানৱজাতিয়ে বনাঞ্চল ধবংস কৰি প্ৰাকৃতিক সম্পদ সমূহ এফালৰ পৰা নিঃশেষ কৰি আহিছে তেনে সময়তে এইজন উদ্যমী যুৱকে অৰণ্য মানৱ যাদৱ পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজৰ প্ৰচেষ্টাত গঢ়ি তুলা এই ৬ বিঘা মাটিৰ ক্ষুদ্ৰ বনাঞ্চলখন বহুতৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।উল্লেখ্য যে এইখন বনাঞ্চলে আৰু দুই/তিনি বছৰৰ ভিতৰত মৰনৈ বেবেজীয়া অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশক এক অন্য মাত্ৰ প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে প্ৰকৃতি প্ৰেমী যুৱক মনদ্বীপ গোস্বামীয়ে।তদুপৰি মনদ্বীপে আজি “সংবাদ মাধ্যম”ৰ জড়িয়তে ঢকুৱাখনাৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলে আৰু ঢকুৱাখনা মহকুমা প্ৰশাসনৰ প্ৰতি আহ্বান জনাই কয় যে -ঢকুৱাখনা নগৰৰ পৰা ঐতিহাসিক বাসুদেৱথান লৈকে নিৰ্মীয়মান পথটোৰ দুয়ো কাষে সৌন্দৰ্য্য বৰ্দ্ধক গছ-গছনি ৰোপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।লগতে ভীমপৰা চিগাৰ পৰা নাওঁজান পৰ্যন্ত বাসুদেৱথানক সামৰি সমগ্ৰ এলেকাটোক সেউজ কৰিডৰূপে গঢ়ি তুলিবলৈ আঁচনি ল’ব লাগে।এই কামত তেওঁ পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও অৱগত কৰে।

মহাৰাষ্ট্ৰত ৰাজহুৱা স্থানত থু পেলোৱা, ধূমপান কৰাত নিষেধাজ্ঞা ।

দৈনন্দিন বাৰ্তাৰ নিজা সেৱা :

মাৰাত্মক ক’ৰোনা ভাইৰাছ ৰোধ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে মহাৰাষ্ট্ৰৰ মহা বিকাশ আগাদি চৰকাৰে ৰাজহুৱা স্থানৰ য’তে ত’তে থু পেলোৱা, ধূমপান কৰা বা নাকেৰে খেকাৰ পেলোৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ চৰকাৰে এই সন্দৰ্ভত জাৰি কৰা জাননী মতে এই অপৰাধত ছমাহৰ পৰা দুবছৰ পৰ্যন্ত কাৰাবাসখাতিব লাগিব ৷ ৰাজ্যখনৰ স্বাস্থ্য বিভাগে সংক্ৰামক ৰোগ ৰোধৰ আইন ১৮৯৭ অনুসৰি আৰু ভাৰতীয় দণ্ডবিধি আইনৰ মতে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ক’ভিড-১৯ সংক্ৰমণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ৷ উল্লেখ্য যে মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে সৰ্বাধিক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ইয়াৰ উপৰি ৰাজ্য চৰকাৰে ইতিমধ্যে বম্বে আৰক্ষী আইন মতে থু পেলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল ৷ চিগাৰেট আৰাু আন ধঁপাত সামগ্ৰী আইন ২০০৩ মতে ধূমপান কৰা, উৎপাদন, মজুত, বিতৰণ, কঢ়িয়াই নিয়া আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি কৰিছে ৷ এই অপৰাধৰ বাবে ১০০০ টকাৰ পৰা ৫০০০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব ৷

পাইলট আক্ৰান্ত ক’ৰোনাত : মাজ আকাশৰ পৰা ঘুৰি আহিল মস্কো অভিমুখী বিমান ।

পাইলটৰ শৰীৰত পোৱা গ’ল মাৰাত্মক ক’ভিড-১৯ বীজাণু ৷

দৈনন্দিন বাৰ্তাৰ নিজা সেৱা :

ককপিটত ক’ৰোনা ভাইৰাছ ৷ পাইলটৰ শৰীৰত পোৱা গ’ল মাৰাত্মক ক’ভিড-১৯ বীজাণু ৷ ফলত আজি মাজ আকাশৰ পৰাই ঘুৰাই আনিবলৈ বাধ্য হ’ল এয়াৰ ইণ্ডিয়াৰ দিল্লীৰ পৰা মস্কো অভিমুখী বিমান ৷ দিনৰ ১২.৩০ বজাত দিল্লী বিমান বন্দৰত অবতৰণ কৰে এয়াৰবাছ এ-৩২০ নিঅ’ ৷ আনহাতে নিয়ম মানি চালকসকলক কোৱাৰেণ্টাইন কৰা হৈছে ৷ মাজ আকাশত কিদৰে পাইলট ক’ৰনাত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গ’ল, এই প্ৰশ্নৰ উত্তৰত বিমান প্ৰতিষ্ঠানটোৱে জনাইছে যে প্ৰি-ফ্লাইট টেষ্ট ৰেকৰ্ড বা বিমান৷যাত্ৰা আৰম্ভ কৰাৰ আগেয়ে ক’ৰনা পজিটিভ পালেও ভুলবশতঃ নিগেটিভ বুলি দিয়ে গ্ৰাউণ্ড দলক ৷ ফলত নিয়মমাফিক উৰণ আৰম্ভ কৰে চালকে ৷ কৰ্মীৰ এনে গাফিলতিত প্ৰশ্নৰ সন্মুখীন হৈছে বিমান প্ৰতিষ্ঠানটো ৷ তাৰ মাজতে স্বস্তিৰ বিষয় যে বিমানত কোনো যাত্ৰী নাছিল ৷ ৰাছিয়াৰ মস্কোৰ পৰা সেই বিমানত আবদ্ধ ভাৰতীয় নাগৰিকক আনিবলৈ গৈছিল বিমানখন ৷ ইতিমধ্যে আন এখন বিমান পঠোৱাৰ ব্যৱস্থা কৰে এয়াৰ ইণ্ডিয়াই ৷ 

চীনৰ বুলেটৰ প্ৰত্যুত্তৰ : চীনা সামগ্ৰী বৰ্জনৰ আহ্বান ‘থ্ৰী ইডিয়ট’ খ্যাত ছোনম ৱাংচুকৰ ।

চীনা সামগ্ৰী বৰ্জনৰ আহ্বান 'থ্ৰী ইডিয়ট' খ্যাত ছোনম ৱাংচুকৰ

দৈনন্দিন বাৰ্তাৰ নিজা সেৱা

লাডাখত চীনৰ আগ্ৰাসনৰ বিপৰীতে সেই দেশৰ পণ্য বৰ্জনৰ আহ্বান কৰিছে ‘থ্ৰী ইডিয়ট’ খ্যাত ছোনম ৱাংচুকে ৷ তেওঁৰ আহ্বানৰ উপৰি ‘টিকটক’ এপৰ পৰা আঁতৰি আহিল অভিনেতা তথা মডেল মিলিন্দ ছুমন ৷ লগতে দিলে চীনা পণ্য বৰ্জনৰ আহ্বান ৷ চীনৰ প্ৰতিষ্ঠানবোৰে ভাৰতত ব্যৱসায় কৰিছে ৷ তেওঁলোকৰ পৰিসেৱা ব্যৱহাৰ কৰিছে এই দেশৰ নাগৰিকে ৷ সেই টকাৰে চলাইছে চীনৰ সেনা বাহিনী ৷ শিক্ষা সংস্কাৰক ছোমন ৱাংচুকেৰ ভিডিঅ’ বাৰ্তাত চীনৰ বুলেটৰ প্ৰত্যুত্তৰ দিছে ৷ এই ভিডিঅ’টো টুইট কৰি ছুপাৰ মডেল মিলিন্দ ছুমনে লিখিছে, টিকটক এৰিলো ৷ Boycott Chinese Products ৷ উল্লেখ্য যে এটা গৱেষণাত দেখা গৈছে যে চীনৰ এপ টিকটকৰ সবাতোকৈ বেছি ব্যৱহাৰকাৰী ভাৰতীয়৷ ১২ কোটি মানুহে এই এপটো ব্যৱহাৰ কৰে ভাৰতত ৷ এনে ধৰণৰ এপবোৰ বাতিল কৰিবলৈ আহ্বান জনাইছে ছোনম ৱাংচুকে ৷ লকডাউনত ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে দেশক আত্মনির্ভৰ হোৱাৰ আহ্বান কৰিছিল ৷ স্বদেশী সামগ্ৰী কিনিবলৈ আহ্বান কৰিছে প্ৰধানমন্ত্ৰীয়ে ৷ তাৰ আগেয়ে ‘মেক ইন ইণ্ডিয়া’ কৰ্মসূচী লৈছিল নৰেন্দ্ৰ মোডী চৰকাৰে ৷ সেই সুৰতে হিমালয়ৰ মাজত সিন্ধুপাৰত বহি ৱাংচুকে কয়, চীনা পণ্য বৰ্জন কৰিলে সেই দেশৰ অৰ্থনীতিৰ ওপৰত চাপ পৰিব ৷ ইয়াৰ ফলত চৰকাৰ পতন হোৱাৰ সম্ভাৱনাও আছে ৷ কেৱল এই বাৰ্তা দিয়াই নহয়, এসপ্তাহৰ ভিতৰত চীনা ম’বাইল ব্যৱহাৰ নকৰে বুলিও জনায় ছোমন ৱাংচুকে ৷

ক’ৰোনাত আক্ৰান্ত দুমহীয়া দেৱশিশুটি সুস্থ হৈ ঘৰলৈ আহিল ।

মোৰাঝাৰ পৰা ছাদিকুজ জামান

মাৰাত্মক কৰ’নাৰ সৈতে যুঁজি  ঘৰ পালেহি হোজাইৰ মোৰাঝাৰৰ চাৰ্টাজ উদ্দিন ,যোৱা ১৯ মেত মুম্বাইৰ পৰা নিজৰ ঘৰলৈ প্ৰথমবাৰলৈ সপৰিয়ালে আহিছিল মোৰাঝাৰৰ দেৱস্থানৰ চৈফুদ্দিন। কিন্তু অসম অহাৰ পাছতে পিতৃ আৰু কণমানি দেৱশিশু চাৰ্টাজৰ দেহত ধৰা পৰিছিল কৰ’না। কিন্তু সৌভাগ্যক্ৰমে কৰ’নাৰ পৰা মুক্ত আছিল মাতৃ তৈয়বুন নেচা৷২৩ ফেব্ৰুৱাৰিত মুম্বাইত জন্মগ্ৰহন কৰা চাৰ্তাজ আছিল অসমৰ সৰ্বকনিষ্ট কৰ’না আক্ৰান্ত৷পিতৃ মাতৃৰ সৈতে মুম্বাইৰ পৰা হোজাইৰ দেৱস্থানৰ ঘৰলৈ ১৬ মে’ ত অহাৰ পিচতেই পৃথিবীৰ পোহৰ দেখাৰ মাত্ৰ দুমাহ ২৬ দিন বয়সতেই মাৰাত্মক কৰ’নাত আক্ৰান্ত হৈছিল শিশুটি৷লগে লগে পিতৃ মাতৃ সহ শিশুটিক ভৰ্তি কৰোৱা হৈছিল GMCH ত৷ দীৰ্ঘ দহটা দিন চিকিৎসক নাৰ্চ আৰু অন্যান্য স্বাস্থ্যকৰ্মীসকলৰ আপ্ৰাণ চেষ্টাত কৰ’নামুক্ত হ’ল চাৰ্তাজ৷পিতৃ চৈফুদ্দিনো সম্পূৰ্ণ সুস্থ৷নিজ ঘৰত আহি উপস্থিত হ’ল পুত্ৰ চাৰ্তাজ  সহ ছৈফুদ্দিন৷যি সময়ত পৃথিবীৰ কেবাখনো দেশ কৰ’নাৰ বাবেই মৃত্যু উপত্যকাত পৰিণত হৈছে তেনে সময়ত অসমৰ চিকিৎসকে সুস্থ কৰিলে বৰ্তমানে তিনিমহীয়া চাৰ্তাজক৷চাৰ্তাজ এতিয়া সম্পূৰ্ণ সুস্থ৷  কৰ’না কি? বুজি নোপোৱা চাৰ্তাজৰ মূখৰ হাহিঁ ঘূৰাই আনিলে GMCHৰ চিকিৎসকসকলে৷ইপিনে চৈফদ্দিনে চিকিৎসালয়ৰ আই চি ইউ কক্ষত টিকটক ভিডিঅ বনোৱাক লৈ হোজাইৰ দেৱস্থানৰ স্থানীয় লোকে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল |

ৰূপহীহাটত গ্ৰামীণ বিকাশ বেংকৰ চি এচ পিৰ ব্যাপক লুন্ঠনৰ অভিযোগ ।

ৰূপহীহাটত গ্ৰামীণ বিকাশ বেংকৰ চি এচ পিৰ ব্যাপক লুন্ঠনৰ অভিযোগ

নগাঁও পৰা এ জে আকন্দ‌ :

বিত্তীয় প্ৰতিষ্ঠান বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰসমুহ চমুকৈ চি এছ পি এতিয়া যেন হৈ পৰিছে লুন্ঠনৰ আহিলা।   গ্ৰামাঞ্চলৰ দৰিদ্ৰ আৰু অশিক্ষিত ৰাইজে সহজে বেংক একাউন্ট খুলি লেনদেন কৰাৰ সুবিধাৰ্থ ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰৱৰ্তন কৰা চি এচ পিৰ একাংশ বানিজ্যিক প্ৰতিনিধিয়ে বিভিন্ন আঁচনিৰ বিপৰীতে হিতাধিকাৰীৰ একাউন্টত  ধন সুমুৱাই ব্যাপক হাৰত লুন্ঠন চলোৱাৰ অভিযোগ সৰ্বত্ৰ উঠিছে। তেনে এক অভিযোগ উঠিছে অসম গ্ৰামীণ বিকাশ বেংকৰ আউনিআটি শাখাৰ অধীনত থকা ৰূপহী থানা ৰোডস্থ চি এচ পিৰ বিৰুদ্ধে। এই চি এচ পিৰ বানিজ্যিক প্ৰতিনিধি আবু হানিফাই এম জি এনৰেগাৰ জব কাৰ্ড শ্ৰমিক, সংখ্যালঘু জলপানি আচনি, প্ৰধানমন্ত্ৰী কৃষি সন্মান আচনিকে ধৰি একাধিক আঁচনিৰ ভুৱা একাউন্টৰ জৰিয়তে লক্ষ লক্ষ টকা আত্মসাত কৰাৰ অভিযোগৰ কথা এতিয়া ৰাইজৰ মুখে মুখে। উল্লেখ্য যে উক্ত চি এচ পিটো প্ৰথম অৱস্থাত হানিফাৰ ভাতৃ মোস্তাফা হুছেইনৰ নামত আছিল যদিও একাংশ গ্ৰাহকৰ একাউণ্টৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ অভিযোগত সংশ্লিষ্ট বেংক কৰ্তৃপক্ষই এই চি এচ পিটো বন্ধ কৰি দিছিল। কিন্তু পৰৱৰ্তী সময়ত চতুৰ হুছেইনে সংশ্লিষ্ট বেংকৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি পুনৰ একেটা চি এচ পি নিজৰ ভাতৃ আবু হানিফাৰ নামত আবন্টন কৰাবলৈ সক্ষম হয়। বৰ্তমান দুই ভাতৃয়ে চলাইছে এই চি এচ পিটো। মনকৰিবলগীয়া বিষয় এই যে গ্ৰাহকৰ একাউন্টত সংঘটিত বিভিন্ন অনিয়ম সন্দৰ্ভত প্ৰশ্ন কৰিলেই সততে দুৰ্ব্যহাৰ কৰাৰ অভিযোগ আছে এই দুই ভাতৃদ্বয়ৰ বিৰুদ্ধে। অলপতে এগৰাকী মহিলা গ্ৰাহকক অপদস্থ কৰাৰ বাবে দুই ভাতৃদ্বয়ৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত এক গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে। কোনো গুৰু গোহাঁই নমনা এই দুই ভাতৃদ্বয়ে বিভিন্ন আচনিৰ নামত লুন্ঠন চলাই অগাধ সম্পত্তিৰ গৰাকী হবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ইমানেই ধনবন্ত হ’বলৈ সক্ষম হৈছে যে তেওঁলোকে নগাঁও চহৰত বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি মাটি ক্ৰয় কৰা বুলি অঞ্চলজুৰি চৰ্চা চলিছে। লক্ষ্যনীয় বিষয় এই যে ইতিপূৰ্বে এই চি এচ পিৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতি-অনিয়ম সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতো ৰহস্যজনক ভাবে বেংক কৰ্তৃপক্ষই নিৰৱ ভুমিকা গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ।

তিনিচুকীয়াৰ বাঘজানত চতুৰ্থদিনাও অব্যাহত আছে তেল মিশ্ৰিত গেছ নিৰ্গত, উপস্থিত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ।

তিনিচুকীয়াৰ বাঘজানত চতুৰ্থদিনাও অব্যাহত আছে তেল মিশ্ৰিত গেছ নিৰ্গত, উপস্থিত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ।

তিনিচুকীয়া

 যোৱা বুধবাৰৰ পৰা অহৰহভাবে নিৰ্গত হৈ থকা বাঘজান তৈলখাদ পৰিদৰ্শন কৰাৰ লগতে আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহন কৰা লোকসকলৰ লগত কৰিলে মত বিনিময় কৰিলে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ।আছুৰ এটা সজাতি দল সহ ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সম্পাদকগৰাকীয়ে ।অইল কৰ্তৃপক্ষৰ লগতে ৰাজ্য চৰকাৰক তৎপৰতাৰে নিৰ্গত হৈ থকা তেল, গেছ  নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অতিশীঘ্ৰে ডিব্ৰু ছৈখোৱাৰ লগতে মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি অহা এনে তৈলখাদসমূহ বন্ধ কৰিবলৈও দাবী জনাই লুৰিণজ্যোতি গগৈয়ে ।ইফালে বাঘজানৰ উত্তৰ পশ্চিম এলেকাত পুনৰ ৭টাকৈ তৈলখাদৰ অনুমোদন জনোৱা কাৰ্য্যৰ বিৰোধিতা কৰি নতুনকৈ এটাও তৈলখাদ স্থাপন কৰিব দিয়া নহব বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে ।আনহাতে কালি এটা দুস্প্ৰাপ্য শিহুৰ মৃত্যু হোৱাৰ পাছত এটা মৰিবলৈ আৰম্ভ কৰিছে খাল-বিলৰ মাছৰ লগতে জলচৰ প্ৰাণী, নষ্ট হৈছে কৃষিকাৰ্য, গছ-গছনি ৷ বাদোডৰাৰ পৰা অহা বিশেষ দলটোৱে চেষ্টা অব্যাহত ৰাখিছে যদিও বন্ধ কৰিবলৈ সক্ষম হোৱা নাই তেল মিশ্ৰিত গেছ, ফলত ব্যাপক ক্ষতিৰ দিশত আগুৱাই গৈছে বৃহত্তৰ বাঘজানৰ লগতে কাষৰীয়া অঞ্চলসমূহ ৷ গগৈৰ স’তে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কায্যনিৰ্বাহক বিনয় ডুবে, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ  ভাৰপ্ৰাপ্ত সভাপতি ৰাজা বালিমৰাৰ লগতে দুয়োখন জিলাৰ অৰ্ধশতাধীক ছাত্ৰ সন্থাৰ কৰ্মীয়ে পৰিদশন কৰে ।

নাজিৰাত গুটখাৰ অবাধ প্ৰচলন : দুৰ্নীতি বিৰোধী যুব শক্তি, অসমৰ স্মাৰকপত্ৰ প্ৰদান ।

নাজিৰা

  শিৱসাগৰ জিলা প্ৰশাসনে যোৱা ১৫ মে’ত এক নিৰ্দেশযোগে শিৱসাগৰ জিলাত ধপাতজাতীয় সামগ্ৰী ,গুটখা ,লালিগুৰ আদি সামগ্ৰী বিক্ৰী আৰু প্ৰচলন ৬০ দিনৰ বাবে নিষিদ্ধ ঘোষণা কৰিছিল ৷কিন্তু এই নিৰ্দেশক বৃদ্ধাগুষ্ঠ দেখুৱাই নাজিৰা মহকুমাৰ বিভিন্ন প্ৰান্তত একাংশ ব্যবসায়ীয়ে এই সামগ্ৰী সমূহ অধিক মূল্য আদায় কৰি ৰমৰমীয়া ব্যবসায় কৰাৰ অভিযোগ উঠিছে ৷ ” দুৰ্নীতি বিৰোধী যুব শক্তি , অসম”ৰ শিৱসাগৰ জিলা সমিতিয়ে যোৱা ২৮ মে’ত নাজিৰাৰ মহকুমাধিপতিক এখনি স্মাৰকপত্ৰ পত্ৰ প্ৰদান কৰি নাজিৰাৰ বিভিন্ন প্ৰান্তত চলি থকা এনে অবৈধ ব্যবসায়ৰ বিৰুদ্ধে ব্যবস্থা লবলৈ আহ্বান জনায় ৷ স্মাৰকপত্ৰত সংগঠনটোয়ে নাজিৰাৰ আৰক্ষীয়ে কেৱল যুগ্ম-অযুগ্ম সংখ্যাৰ গাড়ী ধৰাৰ বাহিৰে প্ৰশাসনৰ দ্বাৰা অবৈধ ঘোষণা কৰা ধপাত জাতীয় সামগ্ৰীৰ ক্ষেত্ৰত মৌনতা অবলম্বন কৰা ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷