Home Blog Page 3339

কভিড ১৯ লকডাউনত বিপদগ্ৰস্ত সংবাদ-কৰ্মী আৰু শিল্পীলৈ স্বেচ্ছাসেৱী সংস্থা ” প্ৰৱাহ” ৰ সহায়ৰ হাত ।

কভিড ১৯ লকডাউনত বিপদগ্ৰস্ত সংবাদ-কৰ্মী আৰু শিল্পীলৈ স্বেচ্ছাসেৱী সংস্থা " প্ৰৱাহ" ৰ সহায়ৰ হাত ।

দিলীপ হাজৰিকা : নাজিৰা

 ৰাজ্যজুৰি অসমীয়া বাতৰি কাকত আৰু বাতৰি চেনেল সমূহৰ ক্ষেত্ৰ সংবাদকৰ্মী সকলে লকডাউনৰ সময়ত ভোগি অহা সংকটক একাংশ লোকে লক্ষ্য কৰি অহাৰ লগতে দায়ৱদ্ধতাৰে কাষত থিয় হোৱাৰ বাবে প্ৰয়াস কৰা পৰিলক্ষিত হৈছে । কৰ’না সম্পৰ্কীয় বাতৰি সংগ্ৰহৰ বেলিকা নিতৌ নিজ স্বাস্থ্যৰ প্ৰতি ভাবুকিতো স্তব্ধ নোহোৱা সংবাদ কৰ্মী সকলৰ ভূমিকাক প্ৰশাসন যন্ত্ৰ, আৰক্ষী বাহিনীয়ে স্বীকাৰ কৰি আহিছে । দৰিদ্ৰ জনগণৰ কাষত থিয় দিবলৈ দৌৰি ফুৰা সংবাদ কৰ্মীয়ে সমস্যাৰ সমাধানৰ যোগসূত্ৰ সাধন কৰি প্ৰশাসনকো সষ্টম কৰি তোলাৰ বাবে অহৰহ সক্ৰিয় হৈ থকাৰ বাবে  নিজ পৰিয়ালৰ মাজতো বিৰাজ কৰিছে দৈন্যতাই । ২৯ মে’ত নাজিৰা ইনড’ৰ ষ্টেডিয়ামত স্বেচ্ছাসেৱী সংগঠন “প্ৰৱাহ”ৰ তৰফৰপৰা এক নাতিদীৰ্ঘ অনুষ্ঠানত বিধায়ক দেৱব্ৰত শইকীয়াৰ  তত্বাৱধানত উদ্যোক্তা সকলে খাদ্য সামগ্ৰী আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ একোটিকৈ টোপোলা আগবঢ়ায়  । অনুষ্ঠানত “প্ৰৱাহ”ৰ উদ্যোগক শলাগ লৈ নাজিৰা প্ৰেছ ক্লাৱৰ সভাপতি বুলু চেতিয়াই নাজিৰাৰ উপান্ত হৈ পৰা শিল্পী সকলকো অনুৰূপ সহায় আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । নাজিৰা জিলা সাংবাদিক সংস্থাৰ সম্পাদক অনন্ত কলিতাই সাংবাদিক সকলে জেপৰ ধন ভাঙি বাতৰি সংগ্ৰহ কৰি প্ৰকাশৰ বাবে যোগান ধৰি অহা প্ৰক্ৰিয়াত বাতৰি প্ৰকাশন গোষ্ঠী সমূহৰ পৰা প্ৰাপ্য ন্যূন্যতম পাৰিতোষিক কেইটাৰো নিয়মীয়া নোহোৱাৰ কথা উল্লেখ কৰে । এনে পৰিস্থিতিত কৰোনাৰ বাতৰিৰ বাবে তৎপৰ হোৱা সংবাদসেৱী সকলৰ ভূমিকাক শ্ৰদ্ধা জনোৱাৰ বাবে প্ৰৱাহ আৰু ইয়াৰ তত্ত্বাৱধায়ক দেৱব্ৰত শইকীয়াৰ শলাগ লয়  । সত্ৰীয়া নৃত্যশিল্পী ৰেখা বৰুৱাই চমু দুৱাষাৰ কয় । শইকীয়াৰ পত্নী বন্দনা শইকীয়াসহ “প্ৰৱাহ”ৰ কৰ্মকৰ্তা ক্ৰমে গজেন শৰ্মা, প্ৰশান্ত বৰঠাকুৰ, কৃষ্ণ কান্ত গগৈ, আৰফান আজম, যিচুৱা কন্যাক, বিনোদ সন্দিকৈ আদিয়ে বিতৰণ প্ৰক্ৰিয়া পৰিচালনা কৰে । একাংশ শিল্পীক ঘৰে ঘৰে গৈ সঁহাৰি যোগোৱা প্ৰৱাহে মুঠ পঞ্চল্লিশ জনক আজিৰ কাৰ্য্যসূচীত সামৰি লয় ।

বাঘজান তৈলখাদ বিস্ফোৰণে ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটোৰ লগতে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মতাপুং মাগুৰি বিললৈ

বাঘজান তৈলখাদ বিস্ফোৰণে ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটোৰ লগতে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মতাপুং মাগুৰি বিললৈ

ডিৰাক সীমান্ত

 মহামাৰী কৰ’ণা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন চলি থকাৰ মাজতে কেন্দ্ৰই তথা পেট্ৰ’লিয়াম মন্ত্ৰালয়ে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ স্থানত অইল ইণ্ডিয়াৰ মুক্ত খনন আৰু হাইড্ৰকাৰ্বনৰ পৰীক্ষা চলোৱাৰ বাবে অনুমোদন জনোৱাৰ কায্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে অসমৰ একেবাৰে পূৰ্বপ্ৰান্তত অৱস্থিত তিনিচুকীয়া জিলাৰ বাঘজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ এটা খাদত পাইপলাইন বিষ্ফোৰণ ঘটি প্ৰচণ্ড শব্দৰে তীব্ৰ গতিত গেছ নিৰ্গত হৈ থকাত যিকোনো সময়তে ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি স্থানীয় ৰাইজে ঘৰবাৰী এৰি এতিয়া বাঘজান মধ্য ইংৰাজী বিদ্যালয়ত অস্থায়ী শিবিৰ পাতি বসবাস কৰি আছে যদিও উক্ত স্থানটো সম্পূৰ্ণ নিৰাপদ নহয় বুলি জানিব পৰা গৈছে যিহেতু গেছ নিৰ্গত হৈ থকা স্থানটোলৈ দূৰত্ব প্ৰায় ১ কিলোমিটাৰ । অস্থায়ী শিবিৰত থকা লোকসকলক অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা যি ধৰণৰ সুবিধা প্ৰদান কৰিব লাগিছিল তেনেদৰে সুবিধা প্ৰদান কৰা পৰিলক্ষিত নহ’ল । এনেদৰে অহৰহ গেছ নিৰ্গত হৈ থকাৰ ফলত অঞ্চটোৰ জীৱ-জন্তু, পশু-পক্ষী, চৰাই-চিৰিকটিৰ লগতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুল আৰু মতাপুং মাগুৰি বিলৰ মৎসকুলৰ বাবে ভয়ংকৰ দুৰ্যোগ নামি  আহিছে । ইতিমধ্যে খাদটোৰ পৰা অহৰহ গেছ নিৰ্গত হৈ থকাৰ ফলত জীৱ-জন্তু, চৰাই চিৰিকতি, বিভিন্ন প্ৰজাতিৰ মাছৰ লগতে দুষ্পাপ্যপ্ৰায় শিহুৰ মৃত্যু হৈছে। অইল ইণ্ডিয়া লিমিটেডে অসুৰক্ষিতভাৱে কৰা তেলখননৰ কাৰ্যৰ বাবে এনেধৰণৰ ভয়ানক ঘটনা সংঘটিত হৈছে বুলি সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে স্থানীয় ৰাইজক সুৰক্ষা প্ৰদান আৰু খাদটোৰ পৰা নিৰ্গত হৈ থকা গেছ অতিশ্ৰীঘে বন্ধ কৰিবলৈ দাবী জনাইছে । 

ডিৰাক সীমান্ত, 9101673629

কলিয়াবৰত এটা গ্ৰীণ কেট স্নেক আৰু এটা কাছ উদ্ধাৰ ।

কলিয়াবৰ

কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই আজি দুটা স্থানৰ পৰা উদ্ধাৰ কৰে এটা গ্ৰীণ কেট স্নেক আৰু এটা কাছ। গ্ৰীণ কেট স্নেকটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়পাহাৰ বনাঞ্চলৰ হস্তী শিৱিৰত বৃহস্পতিবাৰৰে পৰা সন্ত্ৰাসৰ সৃষ্টি কৰি থকাৰ পিচত আজি স্থানীয় প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰি সুৰক্ষিত অৱস্থাত গভীৰ বনাঞ্চলত মুকলি কৰি দিয়ে। আনহাতে, শিলঘাট অঞ্চলৰ পৰা উদ্ধাৰ কৰা এটা কাছ পিচত মুকলি কৰি দিয়ে সঞ্জীৱ ডেকাই।উদ্ধাৰ কৰা বন্যপ্ৰাণী দুটা আজি মুকলি কৰি দিয়া হয়।

কামৰূপ জিলাত আকাশলংঘী মাছ মাংস পাছলিৰ দৰ । অসাধু ব্যবসায়ীৰ সৈতে খাদ্য অসামৰিক যোগান বিভাগৰ গোপন মিতিৰালিৰ অভিযোগ ৰাইজৰ।

চাংসাৰি  

লক ডাউনৰ সুবৰ্ণ সুযোগ লৈ তথা কামৰূপ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কুম্ভকৰ্ণ নিদ্ৰাৰ বাবে কামৰূপ জিলাত নিয়ন্ত্ৰনহীন এতিয়া মাছ মাংসৰ বজাৰ । পৰ্যাপ্ত যোগান থকাৰ পিছতো বজাৰত এতিয়া প্ৰতি কেজি ব্ৰইলাৰ মুৰ্গীৰ দৰ ৩২০ টকাৰ পৰা ৩৫০ টকা হৈছেগৈ । জালুকবাৰী সমষ্টিৰ আমিনগাওঁ, উত্তৰ গুৱাহাটী, চাংসাৰি আদি বিভিন্ন ঠাইত খাহী মাংস ৮০০ ৰ পৰা ৯০০ টকা বিক্ৰীৰ সমান্তুৰালকৈ লোকেল মুৰ্গী  ৭০০ ৰ পৰা ৮০০ টকা প্ৰতি কিলোত মুকলিকৈ বিক্ৰীহৈ আহিছে । ইফালে  কামৰূপ জিলাৰ মাছৰ বজাৰতো লাগিছে জুই । প্ৰতি কেজি কুঢ়ি মৃগাৰ (সৰু) ২০০ টকাৰ মাছ এতিয়া ৩০০টকা , ডাঙৰ ৰৌ ভকুৱা ৪০০, মিছা মাছ ৬০০ টকা, বৰলীয়া ৮০০ টকাত আমিনগাঁৱ বজাৰকে আদি কৰি জালুকবাৰী সমষ্টিৰ কেইবা ঠাইত বিনা বাধাই বিক্ৰী হৈ আহিছে । ইফালে পাচলি তৰকাৰীৰো আকাশলংঘী দৰ , প্ৰতিকেজি তৰকাৰী ৬০ টকাৰ পৰা ৮০ টকা । অভিযোগ অনুসৰি অসাধু ব্যবসায়ীৰ সতে কামৰূপ অসামৰিক খাদ্য যোগান বিষয়াৰ হলিগলি ও গোপন মিতিৰালিৰ বাবেই বজাৰত নিয়ন্ত্ৰণহীন হৈছে বস্তুৰ দৰ। এতিয়া বজাৰত মোনা লৈ দুখীয়া গ্ৰাহকে তৰ্কত লিপ্ত হব লগীয়া হৈছে সামগ্ৰীৰ আকাশলংঘী দৰৰ বাবে । এনেদৰেই এফালে দীঘলীয়া লক ডাউন আনফালে জলমগ্ন ৰাজ্য আৰু তাৰ মাজতে অসাধু ব্যবসায়ীয়ে মাধমাৰ সোধাইছে জনতাক । উপাৰ্জনহীন হৈ পৰা প্ৰায় সংখ্যক লোকেই এতিয়া পৰ্যাপ্ত খাদ্যৰ অভাবত পুষ্টি হীনতাত ভুগিছে । মধ্যবিত্ত পৰিয়ালেও ধনৰ অভাবত চৰা দৰ স্বত্বেও বইলাৰ মাংসকে ভৰষা কৰিব লগীয়া হৈছে। কিন্তু জনতাৰ এই দুৰ্দশাৰ কথা চিন্তা কৰি অভাবনীয়ভাবে বৃদ্ধি কৰা ব্ৰইলাৰ, মাছ, পাছলী তথা অন্য সামগ্ৰীৰ দৰকলৈ মুৰ নঘমাই কামৰূপ অসামৰিক খাদ্য আৰু যোগান বিভাগে । জিলাৰ এই বিয়াগোম বিভাগটোৱে জনতাৰ দুৰ্দিনতো জিলাৰ বজাৰ পৰিদৰ্শনৰ বাবে অভিযান নচলোৱাৰ আৰতযে অসৎ উদ্দেশ্য নিহিত হৈ আছে তেওলোকৰ কাৰুকাৰ্য্যৰ পৰা এতিয়া সেয়া নিশ্চিত হৈ পৰিছে । পিছে পব্বত ভৈয়াম একাকাৰ কৰি সমবিকাশ, দুৰ্নীতিৰ  বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দৰিদ্ৰ জনতাৰ বিপদ কালত ৰং চোৱাটোহে আক্ষেপৰ বিষয় বুলি উল্লেখ কৰি জালুকবাৰী সমষ্টিৰ কেইবাটাও অঞ্চলৰ জনতাই জিলা খনত অসাধু ব্যৱসায়িয়ে নিজ খেয়াল খুছিৰে বজাৰৰ সামগ্ৰীৰ দৰ নিৰ্ধাৰণ কৰা কাৰ্যক ৰোধ কৰি বজাৰৰ সামগ্ৰীৰ আকাশলংঘী দৰ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনাইছে । এতিয়া চৰকাৰ ও প্ৰশাসনে ৰাইজৰ দুৰ্দশাৰ কথা চিন্তা কৰি বজাৰৰ সামগ্ৰীৰ দৰ নিয়ন্ত্ৰণ কৰিবলৈ তৎপৰ হব নে ৰাইজক দুৰ্দশাৰ মাজতে থাকিব দি অসাধু ব্যৱসায়িকহে উৎসাহিত কৰিব সেয়া সময়তহে লক্ষণীয় হব। 

বাঘজানত পাইপ লাইনত বিস্ফোৰণ হৈ গেছ নিৰ্গত হোৱা ঘটনাত মৰাণ জাতীয় মহিলা পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

কাকপথাৰ

  মৰাণ জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী আৰু সম্পাদিকা ক্ৰমে দীপা শইকীয়া বড়া আৰু হেমা মৰাণে বাতৰি কাকতলৈ দিয়া এক বিবৃতি যোগে জনাইছে যে অইল ইণ্ডিয়াই কৰ্দৈগুৰি অঞ্চলৰ বাঘজান গাঁৱত দীৰ্ঘদিন ধৰি  স্থানীয় লোকসকলৰ লগতে অঞ্চলটোৰ পৰিৱেশত কোনো হানি বিঘিনিৰ প্ৰতি তিলমানো ভ্ৰুক্ষেপ নকৰি বিজ্ঞানসন্মত পৰিকল্পনা অবিহনে খনন কাৰ্য চলাই অহাৰ ফলশ্ৰুতিতে বৰ্তমানে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ তুলিছে৷বাঘজান তৈলক্ষেত্ৰৰ পৰা গেছ আৰু তেল নিৰ্গত হৈ স্থানীয় লোক সকলৰ লগতে গছ গছনি আৰু পক্ষীকুলৰ প্ৰতি ভাবুকি সৃষ্টি কৰা কাৰ্যত মৰাণ জাতীয় মহিলা পৰিষদে তীব্ৰ গৰিহনা দিছে।অতিশ্ৰীঘ্ৰে খাদটোৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সম্পূৰ্ণ বিজ্ঞান সন্মত পদ্ধতিৰে খনন কাৰ্য চলাবলৈ দাবী জনায় ৷ লগতে ক্ষতিগ্ৰস্ত লোকসকল ক্ষতিপূৰণ দিয়াৰ লগতে জীৱকুল আৰু পৰিৱেশৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনায় ৷ বাঘজান তেলখাদৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত মৰাণ জনজাতি অধ্যুষিত অঞ্চলৰ তেলখাদ সমূহ বন্ধ ৰাখিবলৈ দাবী জনায় ৷ অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰাৰো হুংকাৰ দিয়ে।ইফালে চুতীয়া ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ৰতন বড়াই প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি অতি সোনকালে যদি বাঘজান ৫ নং খাদৰ পৰা অহৰহ নিৰ্গত হৈ থকা গেছ আৰু তেল ওলোৱা বন্ধ নকৰে , তেতিয়া হলে অঞ্চলটোৰ বহু ক্ষয় ক্ষতি হোৱাৰ লগতে ডাঙৰী নদীৰ মাছ-কাছ, মটাপুং মাগুৰি বিলৰ দুষ্প্ৰাপ্য শিহু আৰু ভিন্ন প্ৰজাতিৰ মাছ পানীত মৰাৰ ওপৰিও গছ গছনি  হোৱাৰ অনিষ্ট হ’ব৷ গতিকেএইক্ষেত্ৰত জিলা প্ৰশাসন, বনবিভাগৰ লগতে অইল কৃৰ্তপক্ষক যথোপযুক্ত ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে।লগতে তিনিচুকীয়া জিলাত চলি থকা  প্ৰতিটো তেলখাদ এই ভয়াবহ সমস্যা বন্ধ নোহোৱালৈকে তথা তৈল নিগমৰ লগত জাতীয় আৰু সামাজিক সংগঠনৰ আলোচনা নোহোৱা পৰ্যন্ত সকলো তেলখাদ আজি তাৰিখৰ পৰা বন্ধ কৰিবলৈ দাবী জনাইছে। উক্ত দাবীসমূহ সমাধান নোহোৱাৰ প্ৰৰ্যন্ত অইল ইণ্ডিয়াই তিনিচুকীয়া জিলাত কোনো খনন কাৰ্য কৰিব নোৱাৰিব। এনে সমস্যাৰ ওপৰত তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাই আগন্তক সময়ত প্ৰতিবাদী কাৰ্যসূচীৰো গ্ৰহণ কৰাৰো সিদ্ধান্ত  লৈছে।

আৰ টি আইৰ তথ্যত ফাদিল জুৰীয়া উন্নয়ন খণ্ডৰ বৃহৎ কেলেংকাৰী : আৰক্ষী থানাত গোচৰ ৰুজু ।

টুকটুকী, নগাঁও

নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তত বিগত সময়ছোৱাত এম জি এনৰেগাকে প্ৰমুখ্য কৰি বহুকেইটা গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়নত সংঘটিত হৈছে কেৱল দুৰ্নীতি আৰু লুণ্ঠন । আনকি এই আঁচনিবোৰৰ লগত জড়িত একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে চৰকাৰে গ্ৰহণ কৰা শূন্য সহনশীলতা নীতি পৰিহাৰ কৰি যেন চৰকাৰী ধন উদৰস্থ কৰাৰ প্ৰতিযোগিতাতহে নামি পৰিছে । কিয়নো কোনোটো পঞ্চায়তত যদিহে প্ৰধানমন্ত্ৰী আবাস যোজনাত কেলেংকাৰী হৈছে, তেন্তে আন কোনোটো পঞ্চায়তত হৈছে ভুৱা আঁচনিৰে চৰকাৰী ধনৰ হৰলুকি ৷ তদুপৰি কোনোটো পঞ্চায়তত আকৌ জৱ কাৰ্ডৰ জৰিয়তে আত্মসাৎ কৰিছে দৰিদ্ৰ হিতাধিকাৰীৰ ধন । মুঠতে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ পৃষ্ঠপোষকতাত জুৰীয়া উন্নয়ণ খণ্ডৰ এলেকাধীন পঞ্চায়তসমূহত এতিয়া দুৰ্নীতিয়েই যেন হৈ পৰিছে নীতি ৷ কিন্তু শেহতীয়াভাবে এই উন্নয়ণ খণ্ডটোত সংঘটিত হোৱা এনে এক দুৰ্নীতিৰ তথ্য আৰ টি আইৰ জৰিয়তে পোহৰলৈ আহিছে । জানিব পৰা মতে, এছ অ’ পি ডি ২০১৭-১৮ বৰ্ষৰ নিৰ্মিত  ‘সৌৰশক্তিযুক্ত পোহৰ তথা পানী উত্তোলন সহ ৰাজহুৱা শৌচাগাৰ নিৰ্মান আচঁনি’ত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে ৷ ইয়াৰে মুঠ আঠ লাখ টকা ব্যয়ৰে বলিকটিয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত ডুমডুমীয়া বজাৰ সংলগ্ন খেল পথাৰত এই আঁচনিৰ কাম বিগত বৰ্ষৰ অক্টোবৰ মাহত আৰম্ভ কৰা হৈছিল । প্ৰাপ্ত তথ্য মতে, এই আচঁনিখন নিৰ্মাণ কৰিবলৈ প্ৰথম কিস্তিত মুঠ ৪ লাখ টকা অনুমোদন জনোৱা হৈছিল ৷ কিন্তু ৩,৩৭,৭৬৫ টকা প্ৰথম পৰ্যায়ত উক্ত আচঁনিত ব্যৱহাৰিক হিচাপে ভূৱা বিল বনাই কাগজে পত্ৰই খৰছ কৰা দেখুৱাই সেই সময়ৰ উন্নয়ন খণ্ডটোৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া আলতাফ হুছেইন আৰু যুটীয়া স্বাক্ষৰকাৰী প্ৰকল্প সঞ্চালক তথা নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱশীষ বৈশ্যই আঁচনিৰ ধন সমুদায় হৰলুকি কৰে । অভিযোগ অনুসৰি ,বিষয়া দুজনে এক গোপন বুজাবুজিৰে নাম মাত্ৰ কাম কৰিয়েই কৌশলেৰে আঁচনিখন সম্পূৰ্ণ নহওঁতেই প্ৰথম পৰ্যায়তেই লাখ লাখ টকা আত্মসাৎ কৰে । কিন্তু দুৰ্নীতিপৰায়ণ বিষয়াদ্বয়ৰ এনে বিয়াগোম কেলেংকাৰীৰ বিষয়ে আৰ টি আইৰ জৰিয়তে বৰ্তমান উন্মোচিত হোৱাত স্থানীয় অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইফালে, এনে কেলেংকাৰীক লৈ ক্ষুভিত হৈ পৰা স্থানীয় এজন সচেতন ব্যক্তিয়ে যোৱা ১৯ মে’ত দগাঁও আৰক্ষী পহৰা চকীত উক্ত আচঁনিখনত সংঘটিত হোৱা দুৰ্নীতিৰ উচিৎ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰাত দগাঁও আৰক্ষীয়ে  ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ৪২০/৪০৬ ধাৰাত ২০৩ নম্বৰত এটি গোচৰ ৰুজু কৰি বৰ্তমান তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে ।

নগাঁৱৰ হাতীজুযোৱাত বেংক চি এছ পিৰ অবাধ লুন্ঠন । হাতৰ ছাপ ব্যৱহাৰ কৰি ভূৱা একাউন্টৰ জৰিয়তে একাধিক আঁচনিৰ ধন লক্ষ লক্ষ টকা আত্মসাতৰ অভিযোগ ।

নগাঁও

 দেশৰ খাটি খোৱা ৰাইজৰ কষ্ঠোপাৰ্জিত ধন সহজে বেংকত সঞ্চয় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ভাৰতীয় বেংকসমূহে দেশজুৰি প্ৰৱৰ্তন কৰিছে লাখ লাখ গ্ৰাহক সেৱা কেন্দ্ৰ চমুকৈ চি এছ পি কেন্দ্ৰ। সংশ্লীষ্ট স্থানীয় বেংক সমূহত পঞ্জীয়নভুক্ত গ্ৰাহক সেৱাৰ এই চি এছ পি কেন্দ্ৰ সমূহত সীমিত লেনদেনৰ বাবে গ্ৰামাঞ্চলৰ দৰিদ্ৰ আৰু অশিক্ষিত ৰাইজে সহজে বেংক একাউন্ট খুলি ধন সঞ্চয় কৰাৰ লগতে চৰকাৰ জন ধন আচঁনি, প্ৰধানমন্ত্ৰীৰ বীমা যোজনা, ৰন্ধন গেছ, প্ৰধানমন্ত্ৰীৰ কৃষি সন্মান নিধি আচঁনি, সংখ্যালঘু ছাত্ৰ-ছাত্ৰী বৃত্তি, জব কাৰ্ড  আদিকে ধৰি বহু আচঁনিৰ অধীনত হিচাধিকাৰীয়ে একাউন্ট খুলিছিল । একাউন্ট খোলাৰ পিছত অধিকাংশ চি এছ পিয়ে ৰাইজৰ সৰলতাৰ সুযোগ লৈ কোটি কোটি টকা সম্পদ গঢ়ি তুলি চহৰে-নগৰে বিলাসী অট্টালিকা সাজি তোলাতহে ব্যস্ত হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰ কৃষকসকলক সকাহ দিয়াৰ উদ্দেশে প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচঁনিৰ জৰিয়তে প্ৰতি ৪ মাহৰ মূৰে মূৰে কৃষক সকলৰ বেংক একাউন্টত দুহেজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে যদিও এই অভিলাসী আচঁনিত একাংশ বিজেপিৰ নেতা পালি নেতা আৰু একাংশ বিষয়া কৰ্মচাৰীয়ে বেংকৰ চি এছ পিৰ বাণিজ্যিক প্ৰতিনিধিৰে মিলি প্ৰকৃত কৃষকক বঞ্চিত কৰি ভুৱা কৃষকৰ নামত একাউন্ট খুলি কোটি কোটি টকা লুন্ঠন কৰাৰ অভিযোগ সৰ্বত্ৰে উঠাৰ সময়তে নগাঁও জিলাৰ গ্ৰামীণ বিকাশ বেংক ৰাইদঙীয়া শাখাৰ অধীনত থকা হাতীযুজোৱা চি এচ পিৰ  বাণিজ্যিক প্ৰতিনিধিয়ে ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে। প্ৰথম অৱস্থাত এই চি এচ পিৰ স্বত্বাধিকাৰী আনজাৰ হুছেইন আছিল যদিও বিভিন্ন অনিয়ম-দুৰ্নীতিৰ তথ্য ধৰা পৰাত বেংক কৰ্তৃপক্ষই তেওঁৰ চি এচ পিটো কিছুদিন পূৰ্বে বন্ধ কৰি দিয়ে। পৰৱৰ্তী সময়ত বেংকৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি পুণৰ তেওঁৰ পত্নী ৰেজিনা বেগমৰ নামত চি এচ পিটো মুকলি কৰিবলৈ সক্ষম হয়। এই চি পিটোৰ জৰিয়তে স্বামীৰ পদাংক অনুকৰণ কৰি একেই দুৰ্নীতি অনিয়মত লিপ্ত হোৱাৰ অভিযোগ উঠিছে। উত্থাপিত অভিযোগ অনুসৰি পত্নীৰ নামত থকা চি এচ পিৰ জৰিয়তে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধিৰ আচনিত শ শ ভূৱা কৃষকৰ নাম সন্নিবিষ্ট কৰি লক্ষ লক্ষ টকা আনজাৰে আত্মসাত কৰিছে বুলি সৰ্বত্ৰ চৰ্চা চলিছে। নগাঁও জিলাত প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধি আচনিত সংঘটিত কৰা দুৰ্নীতিৰ মুল নায়ক আনজাৰ হুছেইন বুলি অঞ্চলজুৰি চৰ্চা লাভ কৰিছে। অকল ইমানেই নহয়, সংখ্যালঘু ছাত্ৰ বৃত্তি, জব কাৰ্ড আদিকে ধৰি অন্যান্য আচনিতো বহু ভূৱা হিতাধিকাৰীৰ নামত ভুৱা একাউন্টৰ জৰিয়তে তেওঁ কোটিপতি হ’বলৈ সক্ষম হৈছে। যাৰ বলত তেওঁ নামে বেনামে সম্পত্তি ক্ৰয় কৰাৰ ওপৰিও বিলাসী গাড়ী ক্ৰয় কৰি দপদপাই ফুৰি গুৰু গোহাঁই নমনা হৈছে। বিভাগীয় কৰ্তৃপক্ষই সঠিক তদন্ত কৰিলেই জুলুঙাৰ মেকুৰী উলাই পৰিব বুলি  আৰ টি আই কৰ্মী  আব্দুল জলিল আকন্দ‌ই  অভিযোগ কৰিছে। 

প্ৰায় ৫ ঘন্টীয়া উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰ হ’ল ছাত্ৰৰ মৃতদেহ । নলবাৰীৰ শুকেকুছিত শোকাকুল পৰিবেশ ।

প্ৰায় ৫ ঘন্টীয়া উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰ হ'ল বানে উটুৱাই নিয়া ছাত্ৰৰ মৃতদেহ।

নলবাৰী

 উৎকন্ঠাৰ অন্তত আজি বিয়লিৰ ভাগত উদ্ধাৰ হ’ল বানে উটুৱাই নিয়া ছাত্ৰৰ মৃতদেহ । লগে লগে কান্দোনৰ ৰোল উঠিল নলবাৰীৰ চামতা অঞ্চলত । জিলাখনৰ চামতাৰ কাউচাপাৰা গাওঁৰ পুতুল আলীৰ একমাত্ৰ পুত্ৰ সন্তান মইদুল হকক  বুঢ়াদিয়া নৈৰ মথাউৰি চিগি অহা বানে উটুৱাই নিছিল ।  স্থানীয় ৰাইজ আৰু এছ ডি আৰ এফ বাহিনীৰ জোৱান সকলে উদ্ধাৰ অভিযান চলাই  ছাত্ৰ গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে এছ ডি আৰ এফ বাহিনীৰ জোৱান সকলে । ইফালে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত এক হাহাকাৰ তথা শোকাকুল পৰিবেশৰ সৃষ্টি হয় । কান্দোনত ভাগি পৰিছে মৃত কিশোৰ গৰাকীৰ পৰিয়াল সহ আত্মীয় লোকসকলে । বানপানীয়ে অৱশেষত কিশোৰ গৰাকীৰ এনে অকাল মৃত্যুৰ কাৰণ হল বুলি স্থানীয় ৰাইজে মত ব্যক্ত কৰে ।

বহু বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ ভৱিষ্যত কোন দিশে !

এ জে আকন্দ‌, নগাঁও 

অসমৰ এগৰাকী বহু বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱ। নামেই যাৰ পৰিচয়। হোজাই সমষ্টিৰ বিজেপি দলৰ এইগৰাকী বিধায়কে সততে বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমৰ শিৰোনাম প্ৰায়ে দখল কৰি আহিছে। বিশেষকৈ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্যৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে। কেতবোৰ সাম্প্ৰদায়িক আৰু নিচ মন্তব্যৰ বাবে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত এইজন বিধায়কৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা শতাধিক ছুইছেগৈ। এনে এগৰাকী সাম্প্ৰদায়িক নেতাক গ্ৰেপ্তাৰৰ দাবী সৰ্বস্তৰৰ লোকে উত্থাপন কৰাৰ পিছতো তেওঁক গ্ৰেপ্তাৰ কৰাতো দূৰৰে কথা আৰক্ষীয়ে আজিলৈকে সোধা পোচা কৰিবলৈ সাহস গোটাব পৰা নাই। তদুপৰি, একমাত্ৰ শাসকীয় দলৰ বিধায়ক হোৱাৰ বাবেই তেওঁক আৰক্ষীয়ে থানালৈ মাতি পঠিয়াবলৈ সাহসো কৰা নাই। কিন্তু ইয়াৰ বিপৰীতে ধিঙৰ বিধায়ক আমিনুল ইছলামকে ধৰি অন্যান্য বহু বিতৰ্কিত লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। বিতৰ্কিত মন্তব্য কৰি আত্ম সন্তুষ্টি লাভ কৰি ভাল পোৱা বিধায়ক শিলাদিত্য দেৱে শেহতীয়াকৈ নিজৰ দলৰ একাংশ নেতাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰাত ৰাজনৈতিক মহলত ব্যাপক আলোড়ন সৃষ্টি কৰি আহিছে। তেওঁ কৰা বিস্ফোৰক অভিযোগ অনুসৰি, বিজেপিৰ একাংশ নেতা-পালিনেতা কয়লাকে ধৰি বিভিন্ন চিণ্ডিগেটত জৰিত হৈ আছে। আনকি, দলটোৰ এটা প্ৰভাৱশালী চক্ৰ‌ই এই চিণ্ডিগেট চক্ৰটোক ৰক্ষণাবেক্ষণ দি অহাৰো গুৰুতৰ অভিযোগ তোলা এইগৰাকী বিধায়কে অলপতে হোজাইলৈ গ্ৰামোন্নয়নৰ কামৰ পৰ্যবেক্ষণ কৰিবলৈ অহা গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেকো ৰেহাই দিয়া নাই। মন্ত্ৰী গৰাকীকো সমালোচনা কৰি সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি অহা এই জন বিধায়ক কাৰ আৰ্শীবাদত আবোল তাবোল মন্তব্য কৰিবলৈ সাহস পাইছে এই লৈ বিভিন্ন মহলত চৰ্চা লাভ কৰিছে। এইগৰাকী নেতাক নাকি লগাব পাৰিবনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এয়াই এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। ইপিনে, সমষ্টিবাসীৰ সৰ্বাঙ্গীন উন্নয়নত মন নিদি সততে বিতৰ্কিত মন্তব্য কৰা এই গৰাকী বিধায়কৰ ভৱিষ্যত এতিয়া কোন দিশে এই লৈয়ো সমষ্টিখনৰ ভোটাৰ ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছে। তেওঁৰ বিতৰ্কিত মন্তব্য‌ই সমষ্টিবাসী মন জয় কৰিব পাৰিবনে  ? এই লৈয়ো ৰাজনৈতিক মহলত গুনাগথা চলিছে। অনাগত দিনত নিজৰ দলীয় শীৰ্ষ নেতৃত্ব‌ই তেওঁক কেনেদৰে গ্ৰহণ কৰে, সেয়াও পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ’ব।

সনাতন ডেকাৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিলে হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিয়ে ।

সনাতন ডেকাৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিলে হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিয়ে ।

নলবাৰী

অসমত চৰকাৰ আৰু প্ৰশাসনক ভেঙুচালি কৰি নিৰিহ জনতাৰ ওপৰত অসুৰ ৰুপে থিয় দিছে একাংশ গুণ্ডাবাহিনীয়ে । ইয়াৰ সাক্ষী হিচাবে ৰৈ গল হাজোৰ সনাতন ডেকাক পৰিকল্পিতভাৱে কৰা হত্যাকাণ্ড । সনাতন ডেকাক ৰাজপথত মৰিয়াই মৰিয়াই হত্যা কৰা দেখিছিল ৰাইজে আৰু এই  হত্যাকাণ্ডৰ ঘটনা প্ৰত্যেক্ষ কৰা ১১ পৰিয়ালক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে মাফিয়াৰাজ ফইজুল হকৰ গুণ্ডাবাহিনীয়ে । আৰু আজি সেই বিষয় সন্দৰ্ভত এনে অসুৰ তথা অমানৱীয় ঘটনা সংঘটিত কৰা লোক কেইজনক দৃষ্টান্তমূৰক শাস্তি প্ৰদানৰ দাবীত  নলবাৰীস্থ হৰিমন্দিৰ চকত হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে । হিন্দু ক্ৰান্তি দলৰ কৰ্মী সকলে জয় শ্ৰীৰাম ,হত্যাকাৰীক ফাচী দিয়ক,তুষ্টিকৰন ৰাজনীতি বন্ধ কৰক, সনাতন ডেকাক ন্যায় দিয়ক আদি বিভিন্ন শ্লোগানেৰে নলবাৰী চহৰখনৰ পৰিবেশ উত্তাল কৰি তোলে । উক্ত কাৰ্যসূচীত জিলাৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে কয় যে হিন্দু ক্ৰান্তি দলৰ অভিযোগ চৰকাৰে সম্পুৰ্ণ ভাৱে তুষ্টিকৰনৰ ৰাজনীতি কৰিছে কিয়নো লাফিকুল ইছলামৰ মিত্যুত তেওলোকে ২০ লাখ টকা আৰু এটা চাকৰি প্ৰদান  কৰিছে,তেনে ক্ষেত্ৰত সনাতন ডেকাক কিয় ২ লাখতে সমাপ্তি হল । তাতোকৈ দুখৰ বিষয় যিটো পৰিয়ালৰ আশ্ৰয় বাবে হাহাকাৰ তেনেক্ষেত্ৰত কুলিৰ দৰে নেদেখা ভাও জোৰো হাজোৰ বিধায়িকা গৰাকীয়ে এই সময়তেহে পকী ঘৰ প্ৰদান কৰিলে আগতে কিয় নকৰিলে । সেয়েহে হিন্দু ক্ৰান্তি দলৰ স্পষ্ট কথা সনাতন ডেকাৰ পৰিয়ালক উচিত ন্যায় প্ৰদান কৰি ২০লাখ টকা আৰু এটা সামেন্য হলেও চৰকাৰী চাকৰি প্ৰদান কৰক অন্যথাই অনাগত দিনত তিব্ৰ আন্দোলন কৰিবলৈ বাধ্য হম । লগতে সংযোজক গৰাকীয়ে কয় য়ে সম্প্ৰীতিৰ পীঠ স্থলী  হাজোত কিয় নৃশংস হত্যাকাণ্ড হল,আৰত আছিল নেকি পুৰ্ববংগীয় ইছলামিক পন্থি, সকলো তথ্য পোহৰলৈ অনাৰ বাবে দাবী কৰিছে সংযোজক গৰাকীয়ে । আৰু নিৰপেক্ষতাৰ সুযোগ লৈ আইনী মেৰপেচত যাতে হত্যাকাৰী সাৰি যাব নোৱাৰে তাৰ বাবে দৃষ্টি আকৰ্ষন কৰিবলৈ অসমবাসীলৈ আহ্বান জনাইছে হিন্দু ক্ৰান্তি দলে।