Home Blog Page 3343

মহাবিদ‍্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিত জটিলতা ; বেংক একাউণ্ট খুলিবলৈ গৈ সমস‍্যাত ছাত্ৰ-ছাত্ৰী। নিৰাময়ৰ বাবে কলিয়াবৰ মহাবিদ‍্যালয় আছু গোটৰ স্মাৰকপত্ৰ।

কলিয়াবৰ :  অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় সমূহত নতুন নামভৰ্তি চলি থকা সময়তে কলিয়াবৰ মহাবিদ্যালয়ৰো নতুন নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু বহু ছাত্ৰ-ছাত্ৰী এতিয়া আহুকালৰ সন্মুখীন হৈছে এক বিশেষ কাৰণত। কিয়নো মহাবিদ‍্যালয়সমূহে নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বেংক একাউন্ট এতিয়া বাধ‍্যতামূলক। কিন্তু নামভৰ্তি কৰিবলগীয়া সৰহভাগ উচ্চ মাধ‍্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ লগতে কিছুসংখ‍্যক উচ্চতৰ মাধ‍্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰো নাই। এই ক্ষেত্ৰত বেংক একাউন্ট নথকা ছাত্ৰ-ছাত্ৰীসকল মহা বিপদত পৰিছে। একাউন্ট খুলিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকল বেংকৰ নীতি-নিয়মৰ বাবে সন্মুখীন হৈছে সীমাহীন সমস‍্যাৰ। অপ্ৰাপ্তবয়ষ্ক ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় নথি-পত্ৰ সময় মতে যোগাৰ কৰিব নোৱাৰাৰ ফলত নামভৰ্তিত বেমেজালি ঘটাৰ উপক্ৰম হৈছে। আনহাতে, বেংকে কৰ্তৃপক্ষই ইচ্ছা কৰিলেও বৰ্তমানৰ কঠিন নীতি-নিয়ম আওকাণ কৰিব নোৱাৰা অৱস্থা। মুঠতে এতিয়া বেংক একাউণ্ট খোলাক লৈ গ্ৰাহক-সেৱক দুয়োপক্ষ বিপাঙত।ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হোৱা এনে বেমেজালি নিৰাময়ৰ বাবে এক সুচল পৰিৱেশ উদ্ভাৱন বৰ্তমান সময়ৰ প্ৰয়োজন। এক সুচল প্ৰক্ৰিয়া যাতে আৰম্ভ কৰে তাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে কলিয়াবৰ মহাবিদ্যালয় আছু গোটে। শনিবাৰে আছু গোটৰ তৰফৰ পৰা ভাৰতীয় ষ্টেট বেংক, কলিয়াবৰ শাখাৰ শাখা পৰিচালক এখন স্মাৰকপত্ৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকল সন্মীখীন হোৱা জটিলতাৰ বিষয়ে অৱগত কৰে। আছু গোটৰ সভাপতি ত্ৰিদিপ বৰা, সম্পাদক প্লাৱন বৰা আৰু শিক্ষা সম্পাদক মৃন্ময়জ‍্যোতি বৰা স্বাক্ষৰিত স্মাৰক পত্ৰখন প্ৰদানৰ পাছত সমস‍্যাটোৰ তৎকালীন সমাধানৰ বাবে আছু গোটৰ সদস‍্যসকলে শাখা পৰিচালকৰ লগত এক আলোচনাত মিলিত হয়। পৰিচালকেও ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা জটিলতা নিৰাময়ৰ আশ্বাস প্ৰদান কৰে। নামভৰ্তি কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলক অগ্ৰাধিকাৰ ভিত্তিত বেংক একাউণ্ট খুলিব পৰাকৈ কিছু শিথিলতা অনাৰ বাবে ব‍্যৱস্থা গ্ৰহণ কৰিব বুলিও জনাই পৰিচালক গৰাকীয়ে। যাতে ছাত্ৰ-ছাত্ৰীসকলে অনতিপলমে বেংক একাউন্ট সমূহ খুলিব পাৰে।

অসমৰ কৃষিভূমি শ্ৰেণী পৰিৱৰ্তনৰ নীতি বাতিলৰ দাবীত অসম জাতীয়তা যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান ।

অসমৰ কৃষিভূমি শ্ৰেণী পৰিৱৰ্তনৰ নীতি বাতিলৰ দাবীত অসম জাতীয়তা যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান ।

কলিয়াবৰ : অসমৰ খিলঞ্জীয়ৰ অধিকাৰ আৰু জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গানেৰে অসমৰ ক্ষমতা দখল কৰা ভাজপা নেতৃত্বধীন চৰকাৰখনৰ এটাৰ পিছত এটাকৈ লোৱা হঠকাৰী সিদ্ধান্তই অসমৰ অস্তিত্ব বিপদাপন্ন কৰি আহিছে। সেই হঠকাৰী সিদ্ধান্তসমূহৰ শেহতীয়া সংযোজন হ’ল – অসমৰ কৃষিভূমি শ্ৰেণী পৰিৱৰ্তনৰ নীতি। অসমৰ খিলঞ্জীয়া-ভূমিপুত্ৰসকলৰ ভূমি বনিয়াই হস্তগত কৰিব পৰাকৈ অসম চৰকাৰৰ সৰ্বনাশী নীতিৰ বিৰুদ্ধে অসমৰ জনগণে সৰৱ প্ৰতিবাদ সাব‍্যস্ত কৰিছে। চৰকাৰৰ এই জাতিদ্ৰোহী নীতিৰ বিৰুদ্ধে কলিয়াবৰতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। যোৱা শুকুৰবাৰে এক স্মাৰক পত্ৰ যোগে এই জাতিদ্ৰোহী আইন বাতিলৰ দাবী তুলিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে। অসম চৰকাৰে কৌশলপূৰ্ণভাৱে বনিক শ্ৰেণীক কৃষিভূমি উদ‍্যোগ প্ৰতিষ্ঠাৰ নামত ৰঙা দলিচা পাৰি দিয়া কাৰ্য‍্যক তীব্ৰ বিৰোধিতা কৰাৰ লগতে এই আইন বাতিল নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে। ৰাজ‍্যৰ মুখ‍্যমন্ত্ৰীলৈ প্ৰৰণ কৰা স্মাৰকপত্ৰখনত অধ‍্যাদেশখন খিলঞ্জীয়াক নিঃশেষ কৰাৰ চক্ৰান্ত বুলি অভিহিত কৰে সংগঠনটোৱে। কলিয়াবৰ জিলা শাখাৰ সভাপতি প্ৰদীপ লস্কৰ আৰু সম্পাদক দিপুমণি বৰা স্বাক্ষৰিত স্মাৰক পত্ৰখন কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি কাৰ্য‍্যালয়ত সহকাৰী অতিৰিক্ত আয়ুক্তক আনুষ্ঠানিকভাৱে অৰ্পন কৰে সমিতিৰ বিষয়ববীয়াই।

অষ্ট্ৰেলিয়াত কোৱাৰেণ্টাইন পৰ্বত হোটেলত চলিছে উদ্দাম যৌনতা ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

কোৱাৰেণ্টাইন পৰ্বত হোটেলত চলিছে উদ্দাম যৌনতা ৷ কোনোও এবাৰো ভুলতে হেৰুৱাব বিচৰা নাই৷ এনে অৱস্থাৰ সৃষ্টি হৈছে অষ্ট্ৰেলিয়াৰ একাধিক চহৰত ৷ উল্লেখ্য যে মেলবৰ্ণত ভয়ানকভাৱে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ ৷ কিন্তু তাত মনা নাই কোৱাৰেণ্টাইনৰ নিয়ম৷ যৌৱনতাত মছগুল বহুজন ৷ তাকে লৈ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে৷ অষ্ট্ৰেলিয়াত জুন মাহৰ পৰা ক’ৰোনা সংক্ৰমণ বৃদ্ধি পাইছে৷ ইয়াৰ বাবে দুটা বিষয়ক দায়ী কৰিছে দেশখনৰ প্ৰশাসনে৷ তাৰে প্ৰথমটো হ’ল মানুহ ঘুৰি আহিছে৷ তেওঁলোকক বাধ্যতামূলকভাৱে বিভিন্ন হোটেলত কোৱাৰেণ্টাইনত ৰখা হৈছে ৷ দ্বিতীয়তে কোৱাৰেণ্টাইনৰ সুবিধা লৈ চলিছে যৌৱনৰ বাসনা ৷ সম্প্ৰতি সমীক্ষাত দেখা গৈছে  যে অষ্ট্ৰেলিয়াৰ বেছিভাগ মানুহে লকডাউনৰ সময়ত যৌৱনতাত মগ্ন হয় ৷ উল্লেখ্য যে অষ্ট্ৰেলিয়াত ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন বাধ্যতামূলক ৷ কিন্তু হোটেলবোৰত কোৱাৰেণ্টাইনৰ কোনো গাইডলাইন মনা নাই ৷ ফলত হোটেলবোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ কৈছে প্ৰশাসনে৷ মন কৰিব লগা যে মেলবৰ্ণৰ এখন নামী হোটেলত এদিনতে ৩১জন ক’ৰোনা পজিটিভ চিহ্নিত হয় ৷ আন হোটেলটো বহু ধৰা পৰিছে৷ প্ৰত্যেকে স্বীকাৰ কৰিছে যে কোৱাৰেণ্টাইনত থকাৰ সময়ত তেওঁলোক নিজৰ যৌৱনতাত ব্যস্ত ৷ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে জনাইছে যে এই ঘটনাৰ দোষী প্ৰমাণিত হ’লে উপযুক্ত  শাস্তি দিয়া হ’ব ৷ 

গড়গাঁও মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক দীপজ্যোতি গোৱালাই ।

নাজিৰা : অসম চৰকাৰৰ ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী কোষ (State Tobacco Control Cell, Assam), ৰাষ্ট্ৰীয় সেৱা আঁচনি অসম, ‘Assam Cancer Care Foundation, আৰু ‘Tata Trust’ ৰ সহযোগত আৰম্ভ হোৱা ‘Anti Spitting Campaign’ ৰ আধাৰত ‘Public Spitting and Covid-19’ বিষয়ৰ ওপৰত অনুষ্ঠিত হোৱা পোষ্টাৰ প্ৰতিযোগিতাত গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক দীপজ্যোতি গোৱালাই প্ৰথম স্থান লাভ কৰি মহাবিদ্যালয়লৈ গৌৰৱ কঢিয়াই আহিছে। তেওঁৰ এই সাফল্যত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্ত আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড০ ৰিমঝিম বৰাই সন্তোষ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই ‘Anti Spitting Campaign’ ত অংশগ্ৰহণ কৰি গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিয়ে এতিয়া লৈকে পাঁচ শতাধিক লোকৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

সমগ্ৰ বিশ্বত ১৩, ভাৰতত ৭ টা ভূমিকম্প।

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে সমগ্ৰ বিশ্বত ঘনাই ভূমিকম্প হৈ থকাত বহু লোকৰ নিদ্ৰা হৰণ হৈছে ৷ যোৱা ২৪ ঘণ্টাত সমগ্ৰ বিশ্বত ১৩ টা ভূমিকম্প সৃষ্টি হয়৷ তাৰে ভিতৰত ভাৰতত সাতটা ভূমিকম্প সৃষ্টি হয় ৷ ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান বিভাগে এই কথা প্ৰকাশ কৰিছে৷ ইয়াৰে ভিতৰত জাপানৰ টকীয়ত শুকুৰবাৰে পুৱা এটা ভূমিকম্পৰ সৃষ্টি হয় ৷ এই ভূমিকম্পটো ৰিখটাৰ স্কেলত ৫.১ প্ৰাৱল্যৰ আছিল ৷ ভূমিকম্পটোৰ কেন্দ্ৰ আছিল টকীয়ৰ পৰা ২৯১ কিলোমিটাৰ পূৱ-উত্তৰ অঞ্চলত৷ এই ভূমিকম্পটো পুৱা ১০.৪২ বজাত অনুভূত হয় ৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল৷ আনহাতে টংগাৰ নুকুৱাল’ফাত ৰিখটাৰ স্কেলত ৫.১ প্ৰাৱল্যৰ এটা ভূমিকম্পৰ সৃষ্টি হয়৷ টংগাৰ নুকুৱাল’ফাৰ পৰা ৩৬৪ কিলোমিটাৰ উত্তৰে ইয়াৰ কেন্দ্ৰ আছিল ৷ এই ভূমিকম্পটো পুৱা ৮.২৯ বজাত সৃষ্টি হয়৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল ৷ ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ গানদহত ৰিখটাৰ স্কেলত ৪.৪ প্ৰাৱল্যৰ এটা ভূমিকম্পৰ সৃষ্টি হয় ৷ বৃহস্পতিবাৰে বিয়লি হোৱা ভূমিকম্পটোৰ কেন্দ্ৰ আছিল জম্মু আৰু কাশ্মীৰৰ কাটৰাৰ পৰা ৮৮ কিলোমিটাৰ পূৱে৷ এই ভূমিকম্পটো দিনৰ ১.১০ বজাত সৃষ্টি হয় ৷ ৫ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল ৷ আনহাতে টাইৱানৰ টাইপেত ৰিখটাৰ স্কেলত ৫.৪ প্ৰাৱল্যৰ এটা ভূমিকম্পৰ শুকুৰবাৰে সৃষ্টি হয় ৷ টাইপেৰ পৰা ৪২৭ কিলোমিটাৰ দক্ষিণ পূৱত ইয়াৰ কেন্দ্ৰ আছিল৷ এই ভূমিকম্পটো পুৱা ৭.৫৩ বজাত সৃষ্টি হয় ৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল ৷ তদুপৰি উত্তৰ মাৰিয়না দ্বীপৰ ছাইপানত ৰিখটাৰ স্কেলত ৫.২ প্ৰাৱল্যৰ এটা ভূমিকম্প শুকুৰবাৰে সৃষ্টি হয় ৷ ছাইপানৰ পৰা ৫৫৯ কিলোমিটাৰ উত্তৰে ইয়াৰ কেন্দ্ৰ আছিল ৷ এই ভূমিকম্পটো পুৱা ৭.৫০ বজাত সৃষ্টি হয় ৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল ৷ ইয়াৰ উপৰি ইণ্ডোনেছিয়াৰ ছুলাৱেছিৰ ক’টাম’বাগুত ৰিখটাৰ স্কেলত ৫.১ প্ৰাৱল্যৰ এটা ভূমিকম্পৰ সৃষ্টি হয় ৷ ক’টাম’বাগুৰ পৰা ৬৪৭ কিলোমিটাৰ উত্তৰ-উত্তৰ পূৱে ইয়াৰ কেন্দ্ৰ আছিল৷ এই ভূমিকম্পটো দিনৰ ১২.৩০ বজাত সৃষ্টি হয়৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল ৷ ইপিনে, হায়দৰাবাদত ৰিখটাৰ স্কেলত ৫.২ প্ৰাৱল্যৰ এটা ভূমিকম্পৰ সৃষ্টি হয়৷ হায়দৰাবাদৰ পৰা ১০৭ কিলোমিটাৰ দক্ষিণ পশ্চিমে ইয়াৰ কেন্দ্ৰ আছিল৷ এই ভূমিকম্পটো পুৱা ৬.২০ বজাত সৃষ্টি হয়৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল৷ আনহাতে লাডাখৰ কাৰ্গিলত ৰিখটাৰ স্কেলত ৪.৫ প্ৰাৱল্যৰ এটা ভূমিকম্পৰ সৃষ্টি হয়৷ কাৰ্গিলৰ পৰা ১১৯ কিলোমিটাৰ উত্তৰ-উত্তৰ পশ্চিমে ইয়াৰ কেন্দ্ৰ আছিল ৷ এই ভূমিকম্পটো দিনৰ ১.১১ বজাত সৃষ্টি হয়৷ ৯০ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল ৷ অৰুণাচল প্ৰদেশৰ চাংলঙত ৰিখটাৰ স্কেলত ৪.৪ প্ৰাৱল্যৰ এটা ভূমিকম্প বৃহস্পতিবাৰে সৃষ্টি হয়৷ চাংলঙৰ পৰা ১৭৪ কিলোমিটাৰ দক্ষিণ-দক্ষিণ পূৱে ইয়াৰ কেন্দ্ৰ আছিল ৷ এই ভূমিকম্পটো দিনৰ ১.০৮ বজাত সৃষ্টি হয়৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল ৷ উত্তৰ প্ৰদেশৰ বাৰিউটত ৰিখটাৰ স্কেলত ৪.৫ প্ৰাৱল্যৰ এটা ভূমিকম্পৰ সৃষ্টি হয় ৷ নতুন দিল্লীৰ পৰা ৬৫ কিলোমিটাৰ উত্তৰ-উত্তৰ পূৱত ইয়াৰ কেন্দ্ৰ আছিল ৷ এই ভূমিকম্পটো পুৱা ৯.৫১ বজাত সৃষ্টি হয়৷ ৭৪২ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল ৷ ৰাজস্থানৰ টোদাৰাসিং টেহছিলত বৃহস্পতিবাৰে পুৱা ৰিখটাৰ স্কেলত ৪.৬ প্ৰাৱল্যৰ এটা ভূমিকম্পৰ সৃষ্টি হয়৷ ৰাজস্থানৰ আজমিৰৰ পূৱ-দক্ষিণ পূৱে ৮৬ কিলোমিটাৰ নিলগত ইয়াৰ কেন্দ্ৰ আছিল ৷ পুৱা ৬.৫৪ বজাত হোৱা এই ভূমিকম্পটো ১০ কিলোমিটাৰ গভীৰতাত আছিল ৷

নগাঁৱৰ বৃহত্তৰ মৰিকলং-বৰঘাটত ক’ৰোনা গণসংক্ৰমণৰ আশংকা। নগাঁৱত ক’ৰোনা আক্ৰান্ত যুৱকৰ মুকলি বিচৰণ ।

ননৈ : কৰোণা ভাইৰাছৰ গণ সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে নগাঁও জিলা৷ কোনো ভ্ৰমণ বৃত্তান্ত নথকা কেইবাজনো লোক বৰ্তমান সময়ত নগাঁৱত আক্ৰান্ত হৈয়ে আছে ৷ নগাঁও আদালতৰ দণ্ডাধীশৰ পৰা আৰম্ভ কৰি আদালতৰ চৰকাৰী কৰ্মচাৰী, শ্ৰমিক, সাধাৰণ লোককে ধৰি কোনো ভ্ৰমণ বৃত্তান্ত নথকা কেইবাজনো লোক ইয়াৰ ভিতৰত আছে। নতুনকৈ কভিড-১৯ত আক্ৰান্ত হোৱা ৬০ জনৰ ভিতৰত কেইবাজনো ভ্ৰমণ বৃত্তান্ত নথকা লোক আছে যদিওঁ বৰ্তমানলৈকে সঠিক তথ্য লাভ কৰিব পৰা হোবা নাই। জিলাখনত এতিয়ালৈকে ভ্ৰমণ বৃত্তান্ত নথকা বহুকেইজন লোক আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। দ্ৰুতগতিত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত নগাঁও জিলাবাসীৰ মনত এক সংকাৰ ভাৱ অধিক ঘনীভূত হৈ পৰিছে। সচেতন মহলে সামাজিক সংক্ৰমণৰ আশংকা কৰিছে যদিও একাংশ লোকে বজাৰ-সমাৰ, ৰাজহুৱা স্থান, চৰকাৰী কাৰ্যালয় আদি সকলোতে ভিৰ কৰা পৰিলক্ষিত হৈছে। শাক-পাচলিৰ বজাৰ গেলামালৰ বিপনী, ঔষধৰ বিপনী, ভিতৰুৱা অঞ্চলৰ বজাৰ বেংক, চি এছ পি আদিত ৰাইজৰ অভাবনীয় ভিৰ পৰিলক্ষিত হৈছে। চৰকাৰ প্ৰশাসন স্বেচ্ছাসেৱী অনুষ্ঠান আদিয়ে সকলোকে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাই আহিছে যদিও কোনেও এই আহ্বানৰ প্ৰতি গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত জিলা প্ৰশাসন কঠোৰ নহলে নগাঁও জিলাত কৰোণাই ভয়াৱহ পৰিস্হিতি সৃষ্টি কৰাৰ আশংকা বৃদ্ধি পাইছে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভ্ৰমণ বৃত্তান্ত নথকা তিনিগৰাকী ছাফাই কৰ্মী ২ জুলাইত কৰোনাত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। এই তিনিগৰাকী ছাফাই কৰ্মী চিকিৎসালয়খনৰ বিভিন্নজনৰ সংস্পৰ্শলৈ আহিছিল বুলি চিকিৎসালয়খনৰ বহুকেইজন কৰ্মচাৰীয়ে অৱগত কৰিছে৷ যাৰ বাবে চিকিৎসালয়খনৰ একাংশ চিকিৎসক-কৰ্মচাৰী বৰ্তমান চিন্তিত হৈ পৰিছে। জানিব পৰা মতে ইয়াৰে এগৰাকী অস্থায়ী ছাফাই কৰ্মীয়ে ২ জুলাইত অস্থায়ী কৰ্মচাৰীয়ে ৰূপায়ন কৰা ধৰ্ণা কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছিল। এনেদৰে ভ্ৰমণ বৃত্তান্ত নথকা কৰোণা আক্ৰান্ত লোক কোৱাৰেণ্টাইনত থকা সময়ত বিভিন্নজনৰ সংস্পৰ্শলৈ অহাৰ অভিযোগ আছে। জিলাখনৰ বিভিন্ন স্থানত হোম কোৱাৰেন্টাইন হোৱা বহু লোকে স্বাস্থ্য বিভাগৰ নিয়ম নীতি নামানি বিভিন্নজনৰ সংস্পৰ্শলৈ আহিছে। যাৰ বাবেই জিলাখনত এতিয়া গণ-সংক্ৰমণ হোৱাৰ সম্ভাৱনাই দেখা দিছে। উল্লেখ্য যে, বৃহত্তৰ মৰিকলং-বৰঘাটবাসী ৰাইজো এতিয়া নিজাকৈ সাৱধান হোৱাৰ সময় আহি পৰিছে৷ কিয়নো মাজ-মৰিকলঙৰ সম্পৰ্কীয় এঘৰ লোকৰ বিবাহ অনুষ্ঠানত বহু সময় ধৰি অংশগ্ৰহণ কৰিছিল নগাঁৱৰ স্বাস্থ্য বিভাগে যোৱা ২ জুলাইত ক’ৰোনা পজিটিভৰূপে চিনাক্ত কৰা নগাঁও ন্যায়িক আদালতৰ কৰ্মচাৰী মৃন্ময় জ্যোতি বৰাই৷ এইলৈ এতিয়া বৃহত্তৰ মৰিকলংবাসী ৰাইজৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰাৰ লগতে বিবাহ অনুষ্ঠানত ক’ৰোনা পজিটিভ ৰূপে চিনাক্ত হোৱা ন্যায়িক আদালতৰ কৰ্মচাৰী বৰাৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোকৰে স্বাস্থ্য  পৰীক্ষা কৰোবাৰ বাবে জিলা উপায়ুক্তৰ লগতে স্বাস্থ্য বিভাগক আহ্বান জনাইছে বৃহত্তৰ অঞ্চলৰ  সচেতন লোক সকলে ৷

ক’ৰোনা ভাইৰাছৰ উৎস সন্ধানত অহা সপ্তাহত চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ তদন্তকাৰী দল ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনা ভাইৰাছৰ উৎস সন্ধানত অহা সপ্তাহত চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ তদন্তকাৰী দল। চীনৰ প্ৰতি পক্ষপতিত্বৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত এই ভ্ৰমণ অতি গুৰুত্বপূর্ণ৷ যোৱা জানুৱাৰী মাহত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰছ আধানম ঘেব্ৰিৱাছুছে আন্তৰ্জাতিক মঞ্চৰ উদ্বেগৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি জনায় যে চীনলৈ দ্ৰুত তদন্তকাৰী দল পঠোৱাৰ সন্দৰ্ভত বেইজিঙৰ লগত তেওঁৰ আলোচনা হৈছে৷ সেয়ে দ্ৰুত দল পঠোৱাৰ কথা কৈছে৷ তদন্তত ইমান দিন লাগিল কিয়, তাক লৈ প্ৰশ্ন সন্মুখীন হৈছে ঘেব্ৰিৱাছুছ ৷ সংবাদ প্ৰতিষ্ঠানৰ মতে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান গৱেষক ড° সৌম্যা স্বামীনাথনে জনায় যে ক’ৰোনা ভাইৰাছৰ উৎস বিচাৰিবলৈ সম্পূৰ্ণ তদন্তৰ প্ৰয়োজন৷ তেওঁ কয়, তদন্তৰ খাতিৰত আমি ডিচেম্বৰ মাহত পুনৰ যাব লগা হ’ব৷ আমি চাম কি দৰে আৰু ক’ৰ পৰা জন্তুৰ শৰীৰৰ পৰা মানুহৰ শৰীৰলৈ প্ৰৱেশ কৰিলে ভাইৰাছটো৷ নিপাৰ দৰে আন ভাইৰাছ বাদুলিয়ে বিয়পায়৷ এই ক্ষেত্ৰত কি হৈছে সেয়া চোৱা যাব৷ তাৎপর্যপূর্ণভাৱে ড° সৌম্যা স্বামীনাথনে জনায় যে যোৱা ৩১ ডিচেম্বৰত উহান চহৰত নিউমোনিয়াৰ একাধিক ৰোগী পোহৰলৈ আহে৷ চীনে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যালয়ত বিষয়টো ১ জানুৱাৰীত জনায়৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ পৰা মুক্তি পাবৰ বাবে আদা, জলকীয়া খোৱাই চেষ্টা কৰিছিল বিজ্ঞানীয়ে৷ বিভিন্ন প্ৰান্তত চলিছে গৱেষণা, পৰীক্ষা-নিৰীক্ষা। একাধিক ঔষধৰ পৰীক্ষা আৰম্ভ হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই অধিক আশাৰ খবৰ শুনাব ৷

কৰোণাৰ গ্ৰাসত হেৰাই যাব নেকি যাত্ৰিক নাট্যদল সমূহ ?

✍ ভুপেশ খাটনিয়াৰ

সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা মহামাৰী ক’ৰোনাই এতিয়া চকুৰ টোপনি হৰিছে এচাম থলুৱা শিল্পীৰ। যেন অমানিশা নামি আহিছে তেওঁলোকৰ জীৱনলৈ। বিশেষকৈ লকডাউনৰ বাবে যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে অসমৰ শিল্পী কলাকুশলী, বাদ্যযন্ত্ৰী সকল। নামী দামী শিল্পীসকলক বাদ দি যদি আমি সাধাৰণ শিল্পীসকলৰ কথা চিন্তা কৰি চাও সঁচাকৈ দুখজনক। অসমৰ স্বাভিমান ভ্ৰাম্যমাণ থিয়েটাৰ কথা চৰকাৰে কিছু পৰিমাণে হ’লেও চিন্তা কৰাৰ দৃষ্টিগোচৰ হৈছে যদিও অসমৰ অপেচাদাৰী যাত্ৰিক নাট্যদলসমূহৰ কথা যেন কোনেও চিন্তা কৰা নাই। অৱহেলিত হৈ আছে কিয় এই এমেচাৰ নাট্যদলসমূহ। য’ত নাই লাখটকীয়া শিল্পী, য’ত নাই গ্লেমাৰ, যাৰ পিছত দৌৰি নুফুৰে সাংবাদিকৰ কেমেৰা। তথাপি কিন্তু নাটকৰ মানদণ্ড ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি ভোক নিবাৰণৰ বাবে দিনে-নিশাই কষ্ট কৰিছে এচাম থলুৱা শিল্পীয়ে। কিয় অৱহেলিত হয় সেইসকল শিল্পী, কিয় তেওঁলোকক কোনো আঁচনিয়ে ধুকি নাপায়, লকডাউনৰ এই দীঘলীয়া সময়ছোৱাত যদি সকলো সামাজিক সাংস্কৃতিক অনুষ্ঠান বন্ধ হয় তেনেহ’লে কেনেকৈ চলিব সেই শিল্পীসকলৰ পৰিয়াল সেয়াও জানো চিন্তনীয় বিষয় নহয়, নে তেওঁলোকে বাতৰিৰ শিৰোনাম দখল নকৰে বাবে গুৰুত্বহীন। নামী দামী শিল্পী সকলক উপৰিও অপেচাদাৰী নাট্যদলসমূহৰ মঞ্চ কঁপোৱা তেওঁলোকো শিল্পী তেওঁলোকৰো পৰিয়াল আছে গতিকে মোৰ চৰকাৰলৈ অনুৰোধ অপেচাদাৰী যাত্ৰিক নাট্যদল সমূহৰ কথা এবাৰ চিন্তা কৰক। অসমত থকা শতাধিক ঐতিহ্যমণ্ডিত অপেচাদাৰী নাট্যদল সমূহেও শ শ পৰিয়ালৰ পেটৰ ভাত মুঠি যোগাৰ কৰি দি আহিছে। অতি নিম্নতম পৰিমাণৰ মজুৰি লৈ অসমৰ সংস্কৃতি পথাৰখন চহকী কৰাৰ স্বাৰ্থত এই অপেচাদাৰী নাট্যদল সমূহে নাটক কৰি দৰ্শকৰ মাজত আলোড়ন সৃষ্টি কৰি আহিছে গতিকে চৰকাৰলৈ অনুৰোধ এই থলুৱা শিল্পী কলাকুশলী সকলক জীয়াই ৰাখক আৰু এই দুৰ্যোগৰ সময়ত তেওঁলোকক সহায় কৰি অনাগত দিনত নাটক কৰাৰ বাবে তেওঁলোকক উৎসাহ প্ৰদান কৰক।

ভূমিৰ শ্ৰেণী পৰিৱৰ্তন- এক ষড়যন্ত্ৰ

ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

অসম চৰকাৰে শেহতীয়াভাৱে কেবিনেটত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন প্ৰক্ৰিয়া সৰলীকৰণৰ যি সিদ্ধান্ত লৈছে সেইয়া আমাৰ সাধাৰণ ৰাইজৰ ওপৰত এক ষড়যন্ত্ৰ যেন বোধ হয় ৷ জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ কথা কৈ শাসনলৈ অহা চৰকাৰখনে প্ৰথমটো কাৰ্যকাল শেষ নহওঁতেই, ৰাইজে মহামাৰীৰ লগত যুঁজি থকাৰ সময়তে অতি কৌশলেৰে এনে এক সিদ্ধান্ত লৈছে৷ ফলস্বৰূপে নগৰৰ পাৰ্শ্বৱৰ্তী এলেকাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া এলেকাৰ কৃষিভূমিসমূহ হয়তো অচিৰেই বৃহৎ বণিক গোষ্ঠীক গতাই দিয়া হ’ব৷ যি সমূহ কৃষকৰ আজি পৰ্যন্ত ভূমিপট্টা নাই তেওঁলোকৰ জীৱিকাৰ প্ৰতি ভাবুকি আহিব৷ অকল চৰকাৰী ভূমিতেই ইয়াৰ প্ৰভাৱ সীমাবদ্ধ নহ’ব৷ এই সিদ্ধান্তৰ লগে লগে সক্ৰিয় হৈ উঠিব ভূ-মাফিয়া আৰু দালাল চক্ৰ এটা যিয়ে চলে বলে কৌশলে কল কাৰখানা স্থাপনৰ গইনা লৈ কৃষকৰ মাটি বেদখল কৰা অথবা অতি কম মূল্যত হস্তগত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হ’ব ৷ অসমৰ খিলঞ্জীয়া মানুহৰ উত্তৰ পুৰুষৰ ভূমি অধিকাৰ খৰ্ব হ’ব৷ এনেও ঔদ্যোগিক ক্ষেত্ৰ সমূহৰ বহু নিলগলৈ সাধাৰণ মানুহৰ বসবাসৰ সুচল পৰিৱেশ নোহোৱা হৈ যায়৷ গাঁৱৰ মানুহে নিজৰ ভেটি বনিকৰ ওচৰত গটাব হয়তো বাধ্য হৈ যাব৷ ইয়াত ৰাইজৰ মতামতৰ কোনো মূল্যই নাথাকিব৷ চৰকাৰে এনে সিদ্ধান্ত পুনৰ বিবেচনা কৰা উচিত৷ অকল কৰ্ম সংস্থাপনৰ সুযোগ বাঢ়িব বুলি অসমীয়া যুৱক-যুৱতীক আভুৱা ভাৰিলে নহ’ব৷ আচৰিত ধৰণে এইক্ষেত্ৰত অসমৰ জাতীয় দল-সংগঠন প্ৰায়বোৰেই নিমাত হৈ থকা যেন বোধ হয়। ইয়াৰ কাৰণ দুটা হ’ব পাৰে৷ হয়তো এই ভূমি নীতি আমি ভুলকৈ বুজিছোঁ বা নিমাত সংগঠনৰ বিষয়ববীয়া ইতিমধ্যে মেনেজ হ’ল৷ সময়লৈ বাট চাম..

ভুল চিকিৎসাৰ বাবে চকু হেৰুৱালে এগৰাকী কিশোৰীয়ে।

কৰিমগঞ্জ : মুন্নাভাই গদাধৰ ডাক্তৰৰ চিকিত্সাত চকু হেৰুৱালে এটি কণমানিয়ে। কণমানিটিৰ জীৱনত নামি আহিল অমিনিশা। আচলতে ভুৱা ফাৰ্মাচীৰে ভৰি উঠিছে সীমান্তবৰ্তী জিলা কৰিমগঞ্জ। আৰু সেই ফাৰ্মাচীত নাই কোনো ফাৰ্মাচীষ্ট, নাই কোনো বৈধ নথিপত্ৰ। এনে অনুজ্ঞা পত্ৰবিহীন ফাৰ্মাচীৰ খবৰ পাই উপস্থিত হৈ গৈ সাংবাদিক। সাংবাদিক যোৱাৰ খবৰ পাই উপস্থিত হয় ড্ৰাগছ পৰিদৰ্শক। তেওঁ উপস্থিত হৈ দোকানৰ গৰাকীৰ পৰা বৈধ নথিপত্ৰ বিচাৰিলে। দোকানৰ গৰাকীয়ে দিব পৰা নাই কোনো ধৰণৰ নথিপত্ৰ। যাৰ ফলতে পৰিদৰ্শক গৰাকীয়ে দোকানখন বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিয়ে। অভিযোগ অনুসৰি, সুতাৰকান্দি কুড়িখালা জিপিৰ জড়ৰৰ বজাৰত ‘জে জে আয়ুৰ্বেদিক মেডিকেল হল’ নামৰ এইখন ঔষধৰ দোকান। সেই দোকানৰ মালিকগৰাকী হল ডিমপুৰৰ আল্তাপ হুসেন । যোৱা কেইবছৰ ধৰি সমগ্র জড়ৰ বজাৰ এলাকাত নিজকে মুন্নাভাই ডাক্তৰ হিচাবে পৰিচয় দি জীবনদায়ী ঔষধ প্রেসক্রিপসন কৰি আহিছে বুলি অভিযোগ। উল্ল্যেখ্য, জড়ৰ বজাৰৰ পাশ্ববর্তী সনোডৰি গাঁৱৰ দিনদৰিদ্র নেওৱা বেগমৰ কন্যা অষ্টম শ্রেণীৰ ছাত্ৰী মমতা বেগমৰ যোৱা কেইবাদিন পূৰ্বে মূৰৰ বিষ হৈছিল। যাৰবাবে জে জে আয়ুৰ্বেদিক মেডিকেল হলৰ আল্তাপ হুসেনেৰ ওচৰত মমতা বেগমক লৈ গৈছিল মা নেওৱা বিবিয়ে। নেওৱা বিবিৰ ভাষ্যমতে মূৰৰ বিষৰ টেবলেট দিয়াৰ লগতে মমতাক ইনজেকশনও দিছিল আল্তাপ হুসেনে। কিছু সময় পিছত মূৰৰ বিষ কমি যায় কিন্তু প্রচণ্ড চকুৰ বিষ অনুভৱ কৰিছিল মমতাই। ক্ৰমাৎ বিষ বঢ়াৰ লগে লগে চকুটো ফুলি উঠে। পিছদিনা পুৱাৰে পৰা চকুৰে একো নেদেখা হয় ছাত্রী গৰাকীয়ে। মমতাৰ চকুৰ অৱস্থা বেয়া হোৱাত মমতাৰ মাতৃয়ে কৰিমগঞ্জ চিভিল হাস্পাতাললৈ লৈ আহে। কিন্তু মমতাক শিলচৰৰ মেডিকেল কলেজ হাস্পাতাললৈ পাঠিয়াই দিয়া হয়। তাত ডাক্তৰে পৰীক্ষা কৰি কয় মমতাৰ বাওঁ চকুটো একেবাৰে নষ্ট হৈ গৈছে। এতিয়া স্বামীহাৰা অসহায় নেওৱা বিবিয়ে কেনেকৈ চিকিত্সা কৰাব চিন্তাৰ বিষয় হৈ পৰিছে। আনহাতে জড়ৰৰ বাজাৰৰ জে জে আয়ুৰ্বেদিক মেডিকেল হলৰ মালিক আল্তাপ হসেনৰ বিৰুদ্ধে ভূল চিকিত্সাৰ অভিযোগ উঠিছে। নেওৱা বিবিয়ে সংবাদ মাধমৰ সম্মুখত স্বীকাৰ কৰে যে সংশ্লিষ্ট সেই ফার্মাচীখনৰ পৰা মূৰৰ বিষৰ দৰব খোৱাৰ পিছৰ পৰাই চক্ষু নষ্ট হৈ যায় মমতা বেগমৰ। বৃহস্পতিবাৰে ড্রাগছ ইন্সপেক্টৰ পূর্ণসিন্ধু মুদই সেই ফার্মাচীখন পৰিদর্শনৰ বাবে উপস্থিত হয় ফাৰ্মাচীৰ মালিক আল্তাপ হুসেনে লাইচেঞ্চ বা আন কোনো কাগজপাতি দেখাব নোৱাৰিলে। ইয়াত আৰু এটা কথা উল্লেখযোগ্য যে, ড্ৰাগছ পৰিদৰ্শকে যেতিয়া ওহিদৰ পৰা ঔষধ ক্ৰয় কৰাৰ কোনো বিল বিচাৰিলে, তেতিয়া দেখিবলৈ পোৱা গ’ল বিলত এলিপ্যাথিক ঔষধৰ বিল কৰা হৈছে। যাৰ ফলতে ড্ৰাগছ পৰিদৰ্শকে এই বিল কেইখন জব্দ কৰি লৈ আহে। এই ফাৰ্মাচীখন যদি আয়ুৰ্বেদিক হয় তেনেহ’লে এলোপ্যাথিক ঔষধ কেনেকৈ বিক্ৰী কৰি আছে? যিয়েই নহওঁক কিয়, এতিয়া চৰ্চাৰ বিষয় হৈছে এই ছোৱালী জনৰ ভবিষ্যতৰ কি হব ? কোনে ল’ব তাৰ দায়িত্ব ? কেনেকৈ হ’ব চিকিত্সা ? এনে নানা প্ৰশ্ন লৈ এলাকা জুৰি সৃষ্টি হৈছে এক তীব্ৰ চাঞ্চ্যল।