Home Blog Page 3353

টীয়কত ছোৱাইন ফিভাৰ প্ৰতিৰোধৰ বাবে এম এ চিৰ উদ্যোগত গাহৰি গড়ালত ছেনিটাইজেচনৰ ব্যৱস্থা

টীয়ক

বিশ্ব আজি ক’ৰোনাৰ গ্ৰাসত কোঙা দেশে দেশত গৃহবন্দী প্ৰজা৷ অসমো তাৰ ব্যতিক্ৰম নহয়৷ ব্যৱসায়-বাণিজ্য, স্কুল-কলেজ সকলো বন্ধ৷ এই মহামাৰীৰ মাজতে ৰাজ্যত অন্য এক বিভীষিকা হৈ আবিৰ্ভাৱ হৈছে গাহৰিৰ দেহত মাৰত্মক আফ্ৰিকান ছোৱাইন ফিভাৰ৷ এই ভাইৰাছে গাহৰি পালকসকলৰ জীৱনলৈ অমানিশা নমাই আনিছে। ইতিমধ্যে পশু পালন বিভাগে কেইবাখনো জিলাত হাজাৰ হাজাৰ গাহৰিৰ মৃত্যু হোৱাত সতৰ্কতামূলক ব্যৱস্থা হিচাপে গাহৰিৰ কিনা-বেচা, গাহৰি মাংস বিক্ৰী বন্ধ কৰি দিছে৷ গাহৰিৰ এই অস্বাভাৱিক মৃত্যু ৰোধ কৰিবৰ বাবে বিভাগৰ উপৰি বিভিন্ন স্থানত বেচৰকাৰী সংস্থাসমূহে গাহৰিৰ গড়ালকে ধৰি গাহৰিৰ বিচৰণ ঠাই সমূহত ছেনিটাইজেচনৰ ব্যৱস্থা কৰিছে। টীয়কৰ জাঁজীমুখ অঞ্চল, যোৰহাটৰ বাঁহফলা অঞ্চলকে ধৰি কেইবাটাও অঞ্চলত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত যোৰহাট জিলাৰ পশুপালন বিভাগৰ সহযোগত ছেনিটাইজেচনৰ ব্যৱস্থা কৰিছে। যুৱ নেতা হৰেন ৰিচঙৰ বিশেষ তৎপৰতাত গ্ৰহণ কৰা এই কাৰ্যসূচীত পশু চিকিৎসক ডাঃ প্ৰবীন কুমাৰ নেওগকে ধৰি পশু পালন আৰু পশু চিকিৎসা বিভাগৰ কেইবাগৰাকী ক্ষেত্ৰ সহায়কে সহযোগিতা আগবঢ়ায়। গাহৰি পালন যিহেতু মিচিং জনগোষ্ঠীৰ পৰম্পৰা, সেয়ে এই সংগঠনটোৱে তেওঁলোকৰ অধীনস্থ প্ৰায়বোৰ অঞ্চলতে গাঁৱৰ তথা মে এ চিৰ সদস্যৰ সহায়ত ঘৰে ঘৰে গৈ গাহৰি গড়ালসমূহ পৰিস্কাৰ কৰাৰ লগতে সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

নাজিৰাত বিকল পানী যোগান প্ৰকল্প মেৰামতিৰ নামত শ্ৰাদ্ধ চৰকাৰী ধন : সংবাদ মাধ্যমৰ বাতৰিত থৰকাছুটি হেৰুৱাইছে বিভাগীয় বিষয়া-ঠিকাদাৰে

নাজিৰা

দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি অৱলম্বন কৰা বৰ্তমানৰ শাসকীয় দলৰ নেতাৰ আশীষধন্য হৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডলৰ একাংশ বিষয়া আৰু ঠিকাদাৰে মিলি বিশুদ্ধ খোৱা পানীৰ নামতো চলাইছে চৰকাৰী ধনৰ অবাধ লুণ্ঠন। এই কাৰ্যালয়ৰ অধীনত নাজিৰা মহকুমাটোৰ বিভিন্ন প্ৰান্তত থকা বিশুদ্ধ খোৱা পানী প্ৰকল্পসমূহৰ ভিতৰত ভালেকেইটা প্ৰকল্প বিকল হৈ থকাত অঞ্চলসমূহৰ জনগণে এটুপি খোৱা পানীৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আহিছে । লাখ লাখ টকা ব্যয় কৰি জনগণৰ সুবিধাৰ বাবে প্ৰকল্প সমূহ স্থাপন কৰা হৈছিল যদিও ইয়াৰে কেইবাটাও প্ৰকল্প বিকল হৈ পৰিছে দীৰ্ঘদিন মেৰামতিৰ অভাৱত। এই বিকল হৈ থকা প্ৰকল্পসমূহ পুনৰ মেৰামতি কৰিবৰ বাবে চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে লাখ লাখ টকা আৱণ্টন জনাই আহিছে যদিও ইয়াৰে কিছুসংখ্যক মেৰামতিৰ কাম কৰি বাকী কাম সম্পূৰ্ণ নোহোৱাকৈয়ে ধন ব্যয় কৰা দেখুৱাই সিংহভাগ ধন গো — গ্ৰাসে গ্ৰাহ কৰি আহিছে৷ উদাহৰণস্বৰূপে নাজিৰা মহকুমাৰ ৰাজগড় চাৰিআলি পানী যোগান প্ৰকল্প আৰু শিমলুগুৰি বৰকলা নগৰ পানী যোগান মেৰামতিৰ বাবে চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ ধন আৱণ্টন দিছিল যদিও মেৰামতি সম্পূৰ্ণ নোহোৱাকৈয়ে সমুদায় ধন মুকলাই নিলে । ঠিক সেই দৰে শ্ৰীপুৰ পানী যোগান প্ৰকল্প আৰু বাণ্টুং লাহন পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ নোহোৱাকৈয়ে কেইবালাখ টকা একাংশ বিষয়া – ঠিকাদাৰে নিজৰ জেপত সোমোৱাই বুলিও অভিযোগ উঠিছে৷ ইফালে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ত সংঘটিত এনে অনিয়ম সন্দৰ্ভত সংবাদ মাধ্যমত ক্ৰমান্বয়ে বাতৰি প্ৰকাশ হোৱাৰ পিছতেই কাৰ্যালয়টোৰ ভিতৰচ’ৰাত ধুমুহাৰ সৃষ্টি হোৱায়েই নহয় একাংশ বিষয়া-ঠিকাদাৰে থৰকাছুটি হেৰুৱাইছে। একাংশ বিষয়া-ঠিকাদাৰে প্ৰকাশিত বাতৰি মিছা বুলি পতিয়ন নিয়াবলৈ বিভিন্ন পন্থাৰ সহায় লোৱা বুলি এক গোপন সূত্ৰে জানিব পৰা গৈছে৷ আনকি বাতৰি প্ৰকাশ নোহোৱা সংবাদ মাধ্যম তথা বাতৰি কাকতৰ কেইজনমান বচা বচা সাংবাদিকক ধৰ টোপোলা আগবঢ়াই মেনেজ কৰিবলৈ অপচেষ্টা কৰা পৰিলক্ষিত হৈছে সেই কথা সৰ্বজনবিদিত হৈ পৰিছে। বিকল পানী যোগান প্ৰকল্প সমূহ কাৰ্যক্ষম কৰি তুলিবৰ বাবে দুই কোটিৰো অধিক টকা চৰকাৰে আৱণ্টন দিয়াৰ পিছতো ৰাজগড় আলি পানী যোগান প্ৰকল্প, বৰকলা পানী যোগান প্ৰকল্প, শ্ৰীপুৰ পানী যোগান প্ৰকল্প আৰু বাণ্টুং লাহন পানী যোগান প্ৰকল্পৰ মেৰামতিৰ কাম বছৰ ধৰি সম্পূৰ্ণ নোহোৱাকৈ কাৰ আশীষধন্য হৈ ঠিকাদাৰে বিল আদায় ল’লে সেয়া ৰহস্যৰ আৰ্ৱত্তত৷ ইফালে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ এনে কেতবোৰ অনিয়মৰ অভিযোগ খণ্ডন কৰাৰ বিপৰীতে সচেতন ৰাইজে নিৰপেক্ষ তদন্তৰ বাবে নাজিৰা মহকুমা প্ৰশাসনক দাবী জনাইছে৷

সংশোধিত শ্ৰমিক আইনক তীব্ৰ বিৰোধিতা : এ চি এম এছৰ ২২ মে’ৰ ধৰ্ণা কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন অসম চাহ জনগোষ্ঠী জলহা যুৱ-ছাত্র পৰিষদৰ

নাজিৰা

ক’ৰোনা ভাইৰাছক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত দেশত অব্যাহত আছে লকডাউন। ইয়াৰ মাজতে অসম চৰকাৰে যোৱা ৮ মে’ত মন্ত্ৰী পৰিষদৰ সভাত সংশোধিত শ্ৰম আইন মতে শ্ৰমিকৰ কাম কৰাৰ সময় ৮ ঘণ্টাৰ পৰা ১২ ঘণ্টালৈ বৃদ্ধি কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে অসম চাহ জনগোষ্ঠী জলহা যুৱ-ছাত্ৰ পৰিষদে। এক প্ৰেছ বিবৃতিত সংগঠনটোৰ সভাপতি ইউনুছ হুছেইন আৰু সাধাৰণ সম্পাদক জিতু আহমেদে কয় যে এই সংশোধিত শ্ৰমিক আইনে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক আইনক উপলুঙা কৰাৰ লগতে হাড়ভগা শ্ৰম কৰা শ্ৰমিকৰ অধিকাৰ খৰ্ব কৰিব আৰু মালিক গোষ্ঠীক শ্ৰমিক অধিক শোষণ কৰাৰ সুবিধাহে দিব । অসম চৰকাৰে ২ (এম ), ৫১, ৫২, ৫৩, ৫৪, ৫৫ আৰু ৫৬ ধাৰা সংশোধন কৰি কৰ্মৰ সময় পূৰ্বৰ ৮ ঘণ্টা সলনি ১২ ঘণ্টালৈ বৃদ্ধি কৰি শ্ৰমিক পৰিপন্থী নীতি অৱলম্বন কৰা কাৰ্যক কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি ক্ষোভ প্ৰকাশ কৰে নেতাদ্বয়ে। আনহাতে লকডাউনৰ মাজতে সামাজিক দূৰত্ব বজাই ৰাখি সংশোধিত শ্ৰমিক আইনৰ লগতে শ্ৰম আইন সন্দৰ্ভত সকলো ধাৰা সংশোধনৰ বাবে চৰকাৰে লোৱা সিদ্ধান্ত তৎকালে বাতিল কৰাৰ দাবীত অসম চাহ মজদুৰ সংঘই অহা ২২ মে’ত ব্ৰহ্মপুত্ৰ উপত্যাকাৰ সকলো চাহ বাগিচাত গ্ৰহণ কৰা ধৰ্ণা কাৰ্যসূচীত পূৰ্ণ সমৰ্থণ আছে বুলি জনাই সংগঠনটোৰ সভাপতি ইউনুছ হুছেইন আৰু সাধাৰণ সম্পাদক জিতু আহমেদে৷

জাতিৰ কল্যাণ বিচাৰি পেন্সনাৰ সন্থাৰ ৪০ হাজাৰ, ডি পি এছৰ ১লক্ষাধিক টকাৰ চেক প্ৰদান মুখ্যমন্ত্ৰীলৈ

নাজিৰা

ৰাজ্যত ক’ভিড-১৯ ৰোগত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰাৰ পৰিস্থিতিত চৰকাৰক সকলো প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাত সহযোগ আগবঢ়াই  দিল্লী পাব্লিক স্কুল নাজিৰাৰ তৰফৰ পৰা ১লাখ ১১ হাজাৰ টকাৰ এখনি চেক প্ৰদান কৰা হয় শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ হাতত। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ  বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকলৰ এদিনৰ দৰমহা অধ্যক্ষ পাৰ্থ সাৰথি সৰকাৰৰ লগতে শিক্ষক কৰ্মচাৰীৰ প্ৰতিনিধিয়ে নাজিৰাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীৰ উপস্থিতিত এক চেকযোগে প্ৰদান কৰে। আনহাতে নাগালেণ্ডত চৰকাৰী চাকৰি কৰি অৱসৰ লোৱা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অবিভক্ত পেন্সনাৰ সন্থাৰ হৈ সভাপতি নকুল চন্দ্ৰ গগৈ, সম্পাদক কালীপ্ৰসাদ বৰুৱা, সদস্য লক্ষেশ্বৰ বৰুৱাই অলপতে নাজিৰাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত গৰাকীৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৪০ হাজাৰ টকাৰ চেক প্ৰদান কৰে। পেন্সনাৰ তথা জ্যেষ্ঠ নাগৰিক কেইজনে কৰ’না সংক্ৰমণ সংকটময় পৰিস্থিতিৰ পৰা যাতে নতুন প্ৰজন্মৰ পৃথিৱীখন সজীৱ কৰি ৰাখিব পাৰি তাৰেই আশা প্ৰকাশ কৰে৷

মই বহুত আবেগিক মানুহ : শিলাদিত্য দেৱ।

লংকা

 মই বহুত আবেগিক মানুহ। আবেগৰ যদি মই আকৌ  বশৰ্ৱতী হও, গম নোপোৱাকৈ যদি অন্যায় হৈ থাকে,  তাত কোনো বিচাৰ নহয়। তেতিয়া কিন্তু নামটো কৈ দিবলৈ বাধ্য হম। এতিয়া যিহেতু দলে সিদ্ধান্ত লৈছে,  আলোচনা কৰি সিন্ধান্ত গ্ৰহণ কৰিব, সেয়ে নামটো এতিয়া কৈ  দিব নোৱাৰো৷ বুধবাৰে লংকাত অনুষ্ঠিত কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ বসবাস কৰা লোকসকলক খাদ্য সামগ্রী বিতৰণ কৰা অনুষ্ঠানৰ শেষত হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে  গুৱাহাটীৰ এজন কান্ধত ৰঙা বেগ ওলোমাই  থকা এজন খাটি বি জে পি নেতাই ছিণ্ডিকেট চলাই থকা নেতাৰ নাম প্ৰকাশ কৰাৰ বিষয়ে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত শিলাদিত্য দেৱে এনেদৰে কয়। শিলাদিত্য দেৱে আৰু কয় যে ছিণ্ডিকেট চলালে তেওঁ এইবাৰৰ পৰা এফ আৰ  আই দিব। আগন্তুক দিনত তেনে ব্যক্তিৰ বিৰুদ্ধে দিয়া হ’ব এজাহাৰ৷ ম‌ইও পাঁচ বছৰৰ অন্ততঃমোৰ ৰিপৰ্ট কাৰ্ড ৰাইজক জমা দিম৷ মোৰ ৰিপৰ্ট কাৰ্ড দলে যিটো বনাব তেওঁলোকে ছাৰ্ভে হিচাপে বনাব৷ অহা ডিচেম্বৰ -জানুৱাৰী মাহতেই ম‌ই মোৰ ৰিপ’ৰ্ট কাৰ্ড হোজাইবাসীক দিম৷ প্ৰমিলা ৰাণী বহ্ম আমাৰ দলৰ মানুহ নহয়৷ তেওঁ নিজৰ দলৰ মানুহকে ৰিপ’ৰ্ট কাৰ্ড দিব, ৰঞ্জিত দাসক নিদিয়া ক্ষেত্ৰত তেওঁ ঠিকেই কৈছে বুলি মন্তব্য বিধায়ক শিলাদিত্যৰ৷ মোৰ কোনো লালসা নাই৷ বিধায়ক যে হ’ব লাগিব তাৰো কোনো  লালসা নাই, যদি দলে আগন্তুক বছৰৰ টিকট দিয়ে বেলেগ কথা, যদি নিদিয়ে ম‌ই যেনেদৰে কাম কৰি গৈছো তেনেদৰেই বিজেপি দলৰ কৰ্মী হৈ কাম কৰি যাম৷ হোজাইৰ লংকাত সংখ্যালঘু মৰ্চাৰ ধৰ্ষণ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হৈ জেল হাজোতলৈ যোৱা সভাপতি কমৰুল হক চোধুৰীৰ থানাত গ্ৰেপ্তাৰ হোৱা সময়ত দলৰ মানুহ খবৰ ল’বলৈ যোৱাটো অনুচিত তেওঁ মন্তব্য কৰে। বিধায়কগৰাকীয়ে লংকাৰ ৮ নং বাৰ্ডত দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰা সভাত উপস্হিত থাকি বিধায়কগৰাকীয়ে সাংবাদিকৰ আছুটীয়া সাক্ষাৎকাৰত এনে মন্তব্য আগবঢ়ায়৷

দৰঙত কৃষিমন্ত্ৰী অতুল বৰা, জিলা কৃষি বিষয়া ভাৰত কুমাৰ দেউৰীৰ পুত্তলিকা দাহ

দৰঙত কৃষিমন্ত্ৰী অতুল বৰা, জিলা কৃষি বিষয়া ভাৰত কুমাৰ দেউৰীৰ পুত্তলিকা দাহ

দৰং

 ৰাজ্যত অব্যাহত আছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৰূপায়ণত সংঘটিত বৃহৎ কেলেংকাৰীৰ বাতৰি৷ তাৰ মাজতে দৰঙত দেখিবলৈ পোৱা গ’ল কৃষিমন্ত্ৰী অতুল বৰা আৰু দৰঙৰ জিলা কৃষি বিষয়া ভাৰত কুমাৰ দেউৰীৰ পুত্তলিকা দাহ কৰা ঘটনা৷ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত ব্যাপক খেলিমেলি আৰু পঞ্চায়ত প্ৰতিনিধিসহ ঘৰৰ আন আন পৰিয়ালে এই আঁচনিৰ ধন লাভ কৰাত ক্ষোভৰ বহিঃপ্ৰকাশ কৃষকৰ মাজত৷ প্ৰকৃত কৃষক এই আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগত যদিও মুখ্যমন্ত্ৰীয়ে তদন্তৰ ঘোষণা কৰিছে কিন্তু তদন্তৰ দায়িত্ব দিছে আঁচনিখনত দূৰ্নীতি কৰা বিষয়াকে৷ সেয়ে ৰাজ্যত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৰূপায়ণত বৃহৎ কেলেংকাৰী সংঘটিত কৰা কৃষি বিষয়াসকলকে বিষয়টি তদন্ত কৰিবলৈ দি ভেকোঁভাওনাৰ নাটক কৰাত খৰ্গহস্ত প্ৰকৃত কৃষক৷ দৰঙৰ পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত সোণাৰীশালত একাংশ কৃষকে এই কাৰ্যত প্ৰতিবাদ সাব্যস্ত কৰি বুধবাৰে কৃষিমন্ত্ৰী অতুল বৰা আৰু দৰঙৰ জিলা কৃষি বিষয়া ভাৰত কুমাৰ দেউৰীৰ পুত্তোলিকা দাহ কৰে৷ প্ৰতিবাদকাৰী কৃষকসকলে দাবী জনাইছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত সংঘটিত দূৰ্নীতিৰ  তদন্তৰ দায়িত্ব কৃষি বিভাগৰ বিষয়াৰ বাহিৰে অন্য বিষয়াৰ হাতত অৰ্পনৰ জড়িয়তে প্ৰকৃত কৃষকক চিনাক্ত কৰি আঁচনিখনৰ সফল ৰূপায়ণ কৰিবলৈ৷

সাংবাদিক সৈতে দৰঙৰ উপায়ুক্তৰ মত বিনিময় : ঘৰৰ অতিৰিক্ত বিচনা কোৱাৰাণ্টাইন কেন্দ্ৰত দান কৰিবলৈ আহ্বান দৰঙৰ উপায়ুক্তৰ

সাংবাদিক সৈতে দৰঙৰ উপায়ুক্তৰ মত বিনিময়

মঙলদৈ

 দৰং জিলাৰ নৱনিযুক্ত উপায়ুক্ত দিলীপ কুমাৰ বৰাই ক’ভিড-১৯ সংক্ৰমণৰ এই জটিল সন্ধিক্ষণতো স্বাস্থ্য ক্ষেত্ৰৰ কামকাজৰ সমান্তৰালকৈ গতিশীল কৰিবলৈ চেষ্টা চলাইছে চৰকাৰৰ বিভিন্ন বিভাগৰ কামকাজ। অৰ্থনীতি স্হবিৰ হৈ নপৰিবলৈ তেওঁ এম জি এনৰেগা, বান নিয়ন্ত্ৰণ আদি বিভিন্ন আঁচনিৰ সুচল ৰূপায়নৰ জৰিয়তে শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী আদি লোকসকলৰ হাতলৈ ধন অহাৰ প্ৰক্ৰিয়া কোনো কাৰণতে যাতে স্তব্ধ নহয় সেই ক্ষেত্ৰত এক সুস্থ পৰিৱেশ সৃষ্টিত গুৰুত্ব প্ৰদান কৰিছে। বুধবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত উপায়ুক্তগৰাকীয়ে এই কথা সদৰী কৰে। ৰাজ্যৰ বাণিজ্যিক কেন্দ্ৰ বিন্দু গুৱাহাটীৰ ফাঁচী বজাৰক কোৱাৰাণ্টাইন জ’ন হিচাপে ঘোষণা কৰাৰ ফলত জিলা প্ৰশাসনে বিভিন্ন সা-সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত কিছু পৰিমাণে অভাৱ উপলব্ধি কৰিছে বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে কয় যে কোনো সহৃদয়বানলোক প্ৰশাসনক স্বেচ্ছাই আচবাব- পাতি দান দিলে তেওঁলোকে গ্ৰহণ কৰিবলৈ সাজু আছে। দৈনিক শ শ লোক বহিঃৰাজ্যৰ পৰা গৃহাভিমুখী হোৱাৰ বাবে কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত লাহে লাহে বিশেষকৈ বিচনাপাতিৰ অভাৱ হ’ব বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে জিলাখনৰ লোকসকলক যদিহে কাৰোবাৰ অতিৰিক্ত বিচনা, খাট আছে স্বেচ্ছাই প্ৰশাসনক ব্যৱহাৰ কৰিবলৈ দি জনসাধাৰণৰ উপকাৰ কৰিবলৈ আহ্বান জনায়৷ সাংবাদিকসকলক জিলাখনৰ বিভিন্ন বিভাগৰ চৰকাৰী কামকাজৰ খুটি-নাটি দেখিলে তেওঁক অনতিপলমে অৱগত কৰিবলৈ আহ্বান জনাই তেওঁ লগতে কয় যে ক’ৰোনা যুঁজৰ ৰণুৱা হিচাপে সাংবাদিকসকলে দিন-ৰাতি ২৪ ঘণ্টাই কাম কৰাৰ সময়তো তেওঁলোকে নিজক সুৰক্ষিত কৰি কামত অগ্ৰসৰ হ’ব লাগিব। এই সংবাদমেলতে উপায়ুক্তগৰাকীয়ে সাংবাদিকসকলক “মই গৰ্বিত কৰণা যুঁজাৰুৰূপে” বুলি লিপিবদ্ধ একোটাকৈ বেজ লগাই দিয়াৰ উপৰি মাস্ক আৰু ছেনিটাইজাৰ প্ৰদান কৰি ক’ৰোনা যুঁজত সফলভাৱে অগ্ৰসৰ হ’বলৈ উৎসাহিত কৰে৷

চতুৰ্থ পৰ্য‍ায়ৰ লকডাউন : তৎপৰ কলিয়াবৰ মহকুমা প্ৰশাসন

চতুৰ্থ পৰ্য‍ায়ৰ লকডাউন : তৎপৰ কলিয়াবৰ মহকুমা প্ৰশাসন

কলিয়াবৰ

 দেশত ক’ভিড -১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ দেশত বলৱৎ হোৱা লকডাউনৰ চতুৰ্থ পৰ্য‍ায়ত ভালেমান শিথিলতা ঘোষিত হৈছে‌। জনসাধাৰণক নিৰ্দ্ধাৰণ কৰি দিছে কিছু বিশেষ সাৱধানতা। সেই উদ্দেশ‍্যেৰে জনসাধাৰণক সজাগ হৈ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাজ‍্য চৰকাৰে নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে৷ কলিয়াবৰ মহকুমা প্ৰশাসনে স্থানীয় জনসাধাৰণক সজাগ কৰিবলৈ লকডাউনৰ চতুৰ্থ পৰ্য‍ায়ৰ নীতি-নিৰ্দেশনা কলিয়াবৰৰ বিভিন্ন বাণিজ‍্যিক কেন্দ্ৰসমূহত ঘোষণাৰ ব‍্যৱস্থা কৰিছে। এই নীতি-নিৰ্দেশনা যাতে আন্তৰিকতাৰে প্ৰতিজন ব‍্যক্তিয়ে পালন কৰে তাৰ বাবে আহ্বান জনাইছে মহকুমা প্ৰশাসনে। তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ বিখ‍্যাৎ কলিয়াবৰৰ চুলুং স্থিত মাছৰ নীলাম কেন্দ্ৰ সম্পূৰ্ণ ৰূপে মুকলি কৰিবলৈ মহকুমা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। ইতিমধ‍্যে ৰে’লেৰে বহিঃৰাজ‍্যৰ পৰা ৰাজ‍্যলৈ অহা লোকসকলৰ পৰা যাতে সংক্ৰমণ হ’ব নোৱাৰে তাৰ বাবেও স্বাস্থ‍্য বিভাগ স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত সষ্টম হৈ আছে। ৰাজ‍্যৰ বিভিন্ন স্থানত নতুনকৈ বহিঃৰাজ‍্যৰ পৰা অহা লোকসকলক আছুতীয়াকৈ ৰখাৰ বাবে কোৱিৰেণ্টাইন কেন্দ্ৰ সাজূ কৰি তুলিছে। এই ক্ষেত্ৰত কলিয়াবৰো ব‍্যতিক্ৰম নহয়। মহকুমাটোত সাতটা কোৱাৰেণ্টাইন কেন্দ্ৰত সাজু কৰি তুলিছে ৩৪৮ খন বিচনাসহ অনান‍্য সুবিধাসমূহ। অন্ধ্ৰ প্ৰদেশৰ পৰা কলিয়াবৰত উপস্থিত হোৱা কুঠৰী আৰু কঞ্চনজুৰি অঞ্চলৰ সাতজন লোকক আমনিস্থিত বহুমুখী গৃহত কোৱাৰেণ্টাইনত ৰখা হৈছে। 

গোৱালপাৰা ডাক সংমণ্ডলৰ “আপোনাৰ ডাকঘৰ আপোনাৰ দুৱাৰত” অভিযান

গোৱালপাৰা ডাক সংমণ্ডলৰ ডাক কৰ্মীসকলে গ্ৰাহকৰ ঘৰে ঘৰে গৈ ডাকঘৰৰ সেৱাসমূহ উপলব্ধ কৰিছে।

ধুবুৰী

গোৱালপাৰা ডাক সংমণ্ডলৰ ডাক কৰ্মীসকলে গ্ৰাহকৰ ঘৰে ঘৰে গৈ ডাকঘৰৰ দ্বাৰা উপলব্ধ সেৱাসমূহ বিশেষকৈ ছেভিংছ, ৰেকাৰিং ডিপোজিট, সুকন্যা সমৃদ্ধি একাউণ্ট আৰু ডাক জীৱন বীমাৰ লেনদেনৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰি আই পি পি বি একাউণ্ট আৰু আধাৰযুক্ত যিকোনো বেংক একাউণ্টৰ পৰা টকা উঠোৱাৰ সুবিধা গ্ৰাহকৰ ঘৰতে প্ৰদান কৰা হৈছে। বুধবাৰে এই অভিযানৰ যোগেদি গোৱালপাৰা ডাক সংমণ্ডলৰ অধীনত ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও আৰু গোৱালপাৰা জিলাৰ কমেও ৮৭খন গাঁৱৰ ২১৭১জন গ্ৰাহকক সেৱা প্ৰদান কৰা হয়। উল্লেখনীয় যে গোৱালপাৰা ডাক সংমণ্ডলৰ অধীক্ষক দেবৰাজ শেঠী আৰু সহ অধীক্ষক গিৰিকান্ত ডেকাই ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ কেইবাখনো গাঁৱত উপস্থিত হৈ উক্ত অভিযানৰ তদাৰক কৰাৰ লগতে এনে এক জটিল পৰিস্থিতিৰ মাজতো গ্ৰাহকৰ ঘৰে ঘৰে গৈ আগবঢ়োৱা সেৱাৰ বাবে ডাক কৰ্মীসকলক ভূয়সী প্ৰশংসা কৰে আৰু প্ৰকৃত ক’ৰোনা যোদ্ধা বুলি অভিহিত কৰে।

নাজিৰাত সূলভ মূল্যৰ সামগ্ৰী বিতৰণত অনিয়ম : ২ সূলভ মূল্যৰ এজেণ্টক নিলম্বন

নাজিৰা

 নাজিৰা মহকুমাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অনিয়ম সন্দৰ্ভত সঘনাই অভিযোগ উত্থাপিত হোৱাৰ সময়তে নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীয়ে তৎপৰতাৰে অনুসন্ধান কৰি দুগৰাকী সুলভ মূল্য এজেণ্টক নিলম্বিতকৰণ কৰে। নাজিৰাৰ শেনৰ আলিৰ পবন বৰগোহাঁই আৰু মাদুৰি গোহাঁই গাৱঁৰ মাখন বৰগোহাঁই নামৰ দুয়োজন এজেণ্টৰ ওপৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত বিতৰণত অনিময়ৰ আশ্ৰয় লোৱাৰ অভিযোগ লাভ কৰাৰ পাছতে  মহকুমাধিপতিয়ে তৎকালে অনুসন্ধান কৰোৱাই নিলম্বিতকৰণ নিৰ্দেশ জাৰি কৰে। লগতে মহকুমাধিপতিয়ে সকলো সুলভ মূল্য দোকানৰ এজেণ্টক দুৰ্নীতিৰ আশ্ৰয় নল’বৰ বাবে সকীয়াই দিয়ে বুলি নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা এক বিবৃতি যোগে জানিবলৈ দিয়ে৷